PM handed over keys of Pradhan Mantri Awas Yojana - Urban (PMAY-U) houses to 75,000 beneficiaries in 75 districts of Uttar Pradesh
Inaugurated/ laid foundation stone of 75 Urban Development Projects of Uttar Pradesh under Smart Cities Mission and AMRUT
Flagged off 75 buses under FAME-II for Lucknow, Kanpur, Varanasi, Prayagraj, Gorakhpur, Jhansi and Ghaziabad
Announced the setting up of Shri Atal Bihari Vajpayee Chair in Babasaheb Bhimrao Ambedkar University (BBAU), Lucknow.
Conducted informal, spontaneous interaction with three beneficiaries from Agra, Kanpur and Lalitpur
“Under PMAY more than 1.13 crore housing units have been constructed in the cities and, out of this, more than 50 lakh houses have been already built and handed over to the poor”
“Under PMAY about 3 crore houses have been built in the country, you can guess the cost of them. These people have become ‘lakhpati’” “Today, we will have to say ‘Pahle Aap’ - Technology First”
“Urban bodies are also saving about Rs 1000 crore every year by installing LED street lights”

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

লক্ষ্ণৌলৈ যিহেতু আহিছো, সেয়ে অৱধৰ এই ক্ষেত্ৰৰ ইতিহাস, ‘মলিহাবাদী দশহাৰী’ৰ দৰে মিঠা ভাষা, ভোজনশৈলী, সুন্দৰ কাৰুশিল্প, কলা আৰু স্থাপত্য সকলো আহি চকুৰ আগত উজলি উঠছেহি। অহা তিনিটা দিন ধৰি লক্ষ্ণৌত ‘নিউ আৰ্বান ইণ্ডিয়া’ অৰ্থাত্ ভাৰতৰ চহৰসমূহৰ নতুন স্বৰূপ সন্দৰ্ভত দেশৰ সকলো প্ৰান্তৰ পৰা আহা বিশেষজ্ঞসকলে ইয়াত সমবেত হৈ বিশদ-আলোচনা কৰিব বুলি জানি মোৰ ভাল লাগিছে। ইয়াত যিখন প্ৰদৰ্শনীৰ দিহা কৰা হৈছে তাত ভাৰতৰ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ ৭৫বছৰত লাভ কৰা উপলব্ধি আৰু দেশে গ্ৰহণ কৰা সংকল্পসমূহক সুন্দৰভাবে প্ৰদৰ্শিত কৰাৰ দিহা কৰা হৈছে। মই অনুভৱ কৰিছো কিছুদিন পূৰ্বে প্ৰতিৰক্ষা সম্পৰ্কীয় কাৰ্যক্ৰমৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈ যোৱা প্ৰদৰ্শনীখনৰ দৰেই এইবেলিৰ প্ৰদৰ্শনীখনো লক্ষ্ণৌবাসীৰ লগতে সমগ্ৰ উত্তৰ প্ৰদেশৰ ৰাইজেও চাবহি। মই এইখন প্ৰদৰ্শনী চোৱাৰ বাবে সকলোকে আহিবলৈ আহ্বান জনাইছো। আমি সকলোৱে মিলি দেশক ক’ৰ পৰা ক’লৈ লৈ যাব পাৰো, তেনে বিশ্বাসক উজ্জীৱিত কৰিব পৰা এইখন দৰাচলতেই এখন সুন্দৰ প্ৰদৰ্শনী, আপোনালোক আটায়ে আহি নিশ্চয় চোৱাহি উচিত।

আজি উত্তৰ প্ৰদেশৰ চহৰসমূহৰ বিকাশৰে বিজড়িত ৭৫টা প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হৈছে। আজিয়েই উত্তৰ প্ৰদেশৰ ৭৫হাজাৰ হিতাধিকাৰীক তেওঁলোকৰ বাবে নিৰ্মিত পকীঘৰৰ চাবিসমূহো অৰ্পণ কৰা হৈছে। এইসকল বন্ধু-বান্ধৱীয়ে এইবেলিৰ দশেৰা, দীপাৱলি, সথ, গুৰু পুৰৱ,, ঈদ-এ-মিলাদকে ধৰি আহিবলগীয়া অনেক উত্সৱ তেওঁলোকৰ নিজা ঘৰত উদযাপন কৰিব। অলপ আগতে তেওঁলোকৰ একাংশৰ সৈতে কথা পাতি মোৰ খুবেই ভাল লাগিল। আৰু ভোজনৰ নিমন্ত্ৰণো পালো। মোৰ এই কাৰণেও ভাল লাগিছে যে ‘পিএম আবাস যোজনা’ৰ ৮০%ৰো অধিক ঘৰৰ মালিকী স্বত্ব মহিলাৰ হাতত অথবা যুটীয়া ভাবে মহিলাসকলক অৰ্পণ কৰা হৈছে। আৰু মহিলাসকলক ঘৰৰ সৈতে জড়িত কৰাৰ প্ৰসংগত উত্তৰ প্ৰদেশ চৰকাৰেও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মোক জানিবলৈ দিছে। ১০লাখ টকা পৰ্যন্ত বিনিয়োগকৃত ঘৰসমূহৰ পঞ্জীয়ন কৰাৰ বাবে প্ৰয়োজন হোৱা ‘ষ্টেম্প ডিউটী’ মহিলাৰ ক্ষেত্ৰত ২% ৰেহাই দিছে চৰকাৰখনে। এয়া খুবেই প্ৰশংসনীয় সিদ্ধান্ত। কিন্তু মহিলাসকলৰ নামত পঞ্জীয়ণ হোৱা বাবেই সম্ভৱতঃ যিমান পঞ্জীয়ণ হ’ব লাগিছিল সিমান হোৱা নাই যেন অনুভৱ হৈছে। পিচে, এই সিদ্ধান্ত কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে জনোৱাৰ বাবে মই আপোনালোকৰ আগত এটা উদাহৰণ দাঙি ধৰিব খুজিছো।

এয়া ভাল নে বেয়া সেই কথা ক’বলৈ মই বিচৰা নাই। মই কেৱল স্থিতিনো কি সেই কথাহে ক’ব বিচাৰিছো। ধৰক ঘৰটো যদি স্বামীৰ নামত থাকে, খেতিপথাৰ, গাড়ী-ঘোঁৰাও যদি তেখেতৰ নামতে থাকে। আনকি দোকান-পোহাৰো তেওঁৰ নামতে থাকে, তেওঁৰ অবৰ্তমানত সেই সম্পত্তি ল’ৰাহঁতৰ নামত পঞ্জীকৃত হয়, তেন্তে মাতৃৰ নামত একোৱেই দেখোন নাথাকিব। সেইগৰাকী মাতৃৰ নামত তেন্তে একোৱেই থাকিব নালাগিব? এখন সুস্থ সমাজক সন্তুলিত কৰি ৰাখিবলৈ হ’লে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু সেয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে চৰকাৰে যিবোৰ ঘৰৰ আৱণ্টন দিব সেইবোৰৰ মালিকী স্বত্ব মহিলাক দিয়া হ’ব।

বন্ধুসকল,

আজি লক্ষ্ণৌয়ে আৰু এটা অভিনন্দনৰ সুযোগ লাভ  কৰিছে। লক্ষ্ণৌয়ে অটল জীৰ ৰূপত এগৰাকী ‘ভিজনাৰী’, আই ভাৰতীৰ বাবে সমৰ্পিত এগৰাকী ৰাষ্ট্ৰনায়ক দেশক দিছিল। তেখতৰ স্মৃতিত, ‘বাবা চাহেব আম্বেডকাৰ বিশ্ববিদ্যালয়’ত ‘আটল বিহাৰী বাজপেয়ী আসন’ স্থাপন কৰা হৈছে। মই ভাবো এই অসনে অটল জীৰ ‘ভিজন’, তেখেতৰ ‘এক্সন’, ৰাষ্ট্ৰ-নিৰ্মাণত তেখেতৰ যোগদান সম্পৰ্কীয় কথা-বতৰাবোৰক বিশ্ব মানসত প্ৰতিভাত কৰাত সহায়ক হ’ব। যেনেকৈ ৭৫টা বছৰত ভাৰতৰ বিদেশ নীতিৰ ক্ষেত্ৰত অনেক মোৰ আহিছিল, কিন্তু অটল জীয়ে সেইক্ষেত্ৰত এক নতুন দিশৰ সন্ধান দিলে। দেশৰ ‘কানেক্টিভিটী’, মানুহৰ সৈতে মানুহৰ ‘কানেক্টিভিটী’ৰ বাবে তেখেতৰ প্ৰয়াস, বৰ্তমানৰ ভাৰতৰ শক্তিশালী বুনিয়াদ হিচাপে পৰিগণিত হৈছে। আপোনালোকে ভাবি চাওকচোন, এফালে ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ আৰু আনফালে ‘স্বৰ্ণিম চতুৰ্ভূজ’, ‘নৰ্থ-ইষ্ট, ইষ্ট-ৱেষ্ট’ আৰু ‘নৰ্থ-ছাউথ-ইষ্ট-ৱেষ্ট ক’ৰিডৰ’ অৰ্থাত্, দুয়োফালেই একে সময়তে দৃষ্টি আৰু দুয়োফালে বিকাশৰ প্ৰয়াস!

বন্ধুসকল,

বহু বছৰ আগতে অটল জীয়ে ‘নেশ্যনেল হাইৱে’ৰ মাধ্যমৰে দেশৰ মহানগৰীসমূহ সংযোজিত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰোতে কিছুমান মানুহৰ বিশ্বাসেই হোৱা নাছিল, তেওঁলোকে ভাবিছিল এয়াও সম্ভৱ নে? ৬-৭বছৰ আগতে মই যেতিয়া দুখীয়া-দৰিদ্ৰৰ বাবে কোটি কোটি পকীঘৰ, কোটি কোটি শৌচালয়, দুৰন্ত গতিত চলা ৰে’লগাড়ী, চহৰসমূহত পাইপৰে গেছৰ যোগান, ‘অপ্টিকেল ফাইবাৰ’ৰ দৰে বৃহত্ আন্তঃগাঁথনিৰ কথা কৈছিলো, তেতিয়াও অভ্যাসবশতঃ কিছুমান মানুহে এনেকৈয়ে ভাবিছিল, ইমানবোৰ কাম কেনেকৈ সম্ভৱ হ’ব? কিন্তু আজি, এই অভিযানসমূহৰ ক্ষেত্ৰত ভাৰতৰ সাফল্য সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাইছে। ভাৰতে আজি ‘পিএম আবাস যোজনা’ৰ অধীনত যিমানবোৰ পকীঘৰ নিৰ্মাণ কৰিছে, সেয়া পৃথিৱীৰ বহু দেশৰ মুঠ জনসংখ্যাতকৈয়ো অধিক।
এটা সময় আছিল যেতিয়া ঘৰৰ অনুমোদনৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হোৱালৈ বহুবছৰৰেই প্ৰয়োজন হৈছিল। যিবোৰ ঘৰ নিৰ্মাণতো কৰা হৈছিল, কিন্তু সেয়া বাসোপযোগী হয় নে নহয় এই লৈ প্ৰশ্নও উথ্থাপিত হৈছিল বহু সময়ত। ঘৰসমূহৰ আকাৰ সৰু, নিৰ্মাণ সামগ্ৰীৰ মান নিম্ন, আৱণ্টন দিয়াৰ ক্ষেত্ৰত নানাটা অজুহাত, এইবোৰ কাণ্ড-কাৰখানাই যেন মোৰ দুখীয়া ভাই-ভনীসকলৰ ভৱিতব্য আছিল; তেনে এক পৰিৱেশৰে সৃষ্টি কৰা হৈছিল। ২০১৪চনত দেশে আমাক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল আৰু মই উত্তৰ প্ৰদেশৰ ওচৰত বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰো, কিয়নো আপোনালোকে মোক দেশৰ সংসদলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। আৰু আপোনালোকে যেতিয়া আমাক সুযোগ প্ৰদান কৰিলে আমি নিজৰ দায়িত্ব পালন কৰাত আন্তৰিকতাৰে প্ৰয়াস কৰিলো।

বন্ধুসকল,

২০১৪চনৰ আগতে যি চৰকাৰ আছিল, তেওঁলোকে দেশৰ ‘চহৰাঞ্চলৰ আবাস যোজনা’ৰ অধীনত মাত্ৰ ১৩লাখ ঘৰৰহে অনুমোদন জনাইছিল। এই সংখ্য মনত থাকিবনে? পুৰণি  চৰকাৰে ১৩লাখ আবাস, ইয়াৰো আকৌ ৮লাখটা ঘৰহে নিৰ্মাণ কৰা হৈছিল। ২০১৪ৰ পিচত আমাৰ চৰকাৰে ‘পিএম আবাস যোজনা’ৰ অধীনত চহৰাঞ্চলত ১কোটি ১৩লাখৰো অধিক ঘৰ নিৰ্মাণৰ অনুমোদন জনায়। ক’ত ১৩লাখ আৰু ক’ত ১কোটি ১৩লাখ! ইয়াৰে ৫০লাখৰো অধিক ঘৰ নিৰ্মাণ কৰি সেইবোৰ ঘৰ দুখীয়া ৰাইজৰ হাতত ইতিমধ্যে অৰ্পণো কৰা হৈছে।

বন্ধুসকল,

ইটা-শিল-বালিৰে অট্টালিকাতো নিৰ্মাণ কৰিব পাৰি, কিন্তু সেইবোৰক ঘৰ বুলি অভিহিত কৰিব নোৱাৰি। সেয়া ঘৰ তেতিয়াহে হয়, যেতিয়া পৰিয়ালৰ সকলো সদস্যৰ সপোন ইয়াৰ সৈতে বিজড়িত হ’ব, সকলোৰে মাজত আপোনত্বই বিৰাজ কৰিব, পৰিয়ালৰ সকলো সদস্যই এটা লক্ষ্যৰ দিশে আন্তৰিকতাৰে ধাৱমান হ’ব তেতিয়াহে অট্টালিকা ঘৰলৈ ৰূপান্তৰিত হয়।

বন্ধুসকল,

আমি ঘৰৰ নক্সাৰ পৰা ঘৰৰ নিৰ্মাণ পৰ্যন্ত সম্পূৰ্ণ স্বাধীনতা হিতাধিকাৰীসকলৰ হাতত অৰ্পণ কৰিছিলো। তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী ঘৰ নিৰ্মাণ কৰক। দিল্লীত ‘এয়াৰ কণ্ডিশ্যনড’ কোঠাত বহি কোনোবাই এয়াতো নিশ্চিত কৰিব নোৱাৰে যে খিৰিকীখন এইফালে থাকিবনে সেইফালে থাকিব। ২০১৪চনৰ আগৰ চৰকাৰৰ যোজনাত ঘৰৰ আকাৰ কিমান হ’ব তাৰ কোনো স্পষ্ট নীতিয়েই উল্লেখ কৰা হোৱা নাছিল। ক’ৰবাত ১৫বৰ্গমিটাৰ আকাৰৰ ঘৰ নিৰ্মাণ কৰা হৈছিল, ক’ৰবাত আকৌ ১৭বৰ্গমিটাৰৰ ঘৰ। ইমান কম পৰিসৰৰ মাটিত যি নিৰ্মাণ কৰা হৈছিল, তাত বাস কৰাটো নিতান্তই অসুবিধাজনক আছিল।

২০১৪ৰ পিচত আমাৰ চৰকাৰে ঘৰৰ আকাৰ সন্দৰ্ভতো স্পষ্ট নীতি নিৰ্দ্ধাৰণ কৰিছিল। আমি ২২বৰ্গমিটাৰতকৈ সৰু কোনো ঘৰ নিৰ্মাণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছিলো। আমি ঘৰৰ আকাৰ বৃদ্ধি কৰাৰ লগতে ঘৰ নিৰ্মাণৰ ধন পোণপতীয়াকৈ হিতাধিকাৰীৰ ‘বেংক একাউণ্ট’লৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰিছিলো। ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলৰ ‘বেংক একাউণ্ট’লৈ প্ৰেৰণ কৰা ধনৰ পৰিমাণ কিমান এই সন্দৰ্ভত চৰ্চা বহুত কমকৈ কৰা হৈছে। আপোনালোকে জানি আচৰিত হ’ব যে, ‘পিএম আবাস যোজনা-চহৰাঞ্চল’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰায় একলাখ কোটি টকা দুখীয়া ৰাইজৰ ‘বেংক একাউণ্ট’লৈ হস্তান্তৰিত কৰিছে।

বন্ধুসকল,

আমাৰ দেশত কিছুসংখ্যক মহানুভৱে কৈ থাকে যে মোদীক আমি প্ৰধানমন্ত্ৰীতো বনাই দিলো, কিন্তু মোদীয়ে কৰিছে কি? আজি প্ৰথমবাৰৰ বাবে মই এই কথা ক’ব খুজিছো, যাৰ পিচত ডাঙৰ ডাঙৰ বিৰোধী, যিসকলে দিন-ৰাতি একাকাৰ কৰি আমাৰ বিৰোধিতা কৰাতে শক্তি ব্যয় কৰি থাকে তেওঁলোকে মোৰ এই ভাষণ শুনাৰ পিচত যে নিতান্তই ভাগি পৰিব, সেই কথা মই জানো। তথাপি, মই এই কথা কোৱা উচিত বুলি অনুভৱ কৰিছো।

মোৰ লগ-বন্ধু, মোৰ আত্মীয়সকলে ভগা-জুপুৰীত জীৱন অতিবাহিত কৰি আহিছিল। যাৰ মূৰৰ ওপৰত পকী ছাদ নাছিল। এনে তিনি কোটি পৰিয়ালে এই কাৰ্যকালতে, এখন যোজনাৰ আধাৰতে লাখপতি হোৱাৰ সুযোগ লাভ কৰিছে। এইখন দেশত থুল-মূল ভাবে ক’বলৈ গ’লে ২৫-৩০কোটি পৰিয়াল, ইয়াৰে, ইমান কম কাৰ্যকালতে ৩কোটি পৰিয়ালে লাখপতি হোৱাৰ সুযোগ লাভ কৰাটো কম কথা নিশ্চয় নহয়! এতিয়া আপোনালোকে চাগৈ ক’ব মোদীয়ে ইমান ডাঙৰ দাবী কৰে কেনেকৈ? ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধাৰত দেশত প্ৰায় ৩কোটি ঘৰ নিৰ্মাণ কৰা হৈছে, আপোনালোকে ইমানখিনি ঘৰৰ নিৰ্মাণ ব্যয় কিমান হ’ব সেয়া আন্দাজ কৰি ল’ব। এই সকল ব্যক্তি এতিয়া প্ৰতিগৰাকীয়েই লাখপতি। ৩কোটি পকীঘৰ নিৰ্মাণ কৰি আমি দুখীয়া পৰিয়ালসমূহৰ সকলোতকৈ ডাঙৰ সপোনটোক পূৰ্ণতা প্ৰদান কৰিছো।

বন্ধুসকল,

মোৰ সেইবোৰ দিনৰ কথাও মনত পৰে, যেতিয়া বহুত প্ৰয়াসৰ পিচতো ঘৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে আগবাঢ়িব পৰা নাছিল। কিন্তু আজি, লক্ষ্ণৌত আছো, সেয়ে এই কথা অলপ বিস্তাৰিত ভাবে কোৱা উচিত হটব বুলি ভাবিছো! কোৱা উচিত নহয়নে? আপোনালোকে শুনিবলৈ সাজু আছে নে? আমাৰ ‘আৰ্বান প্লেনিং’ কেনেকৈ ৰাজনীতিৰ চিকাৰ হৈ পৰে, এই কথা বুজিবলৈও উত্তৰ প্ৰদেশৰ ৰাইজে এই কথা জনাটো আৱশ্যক!

বন্ধুসকল,

দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পইচা দি থকাৰ পিচতো কিন্তু ২০১৭চনৰ আগতে; যোগী জী অহাৰ আগৰ কথা কৈছো; ২০১৭চনৰ আগতে উত্তৰ প্ৰদেশত যি চৰকাৰ আছিল, সেইখন চৰকাৰে দুখীয়াৰ বাবে ঘৰ সজাৰ কথাই ভবা নাছিল। দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ আমি আগৰ চৰকাৰখনক মিনতি কৰিবলগীয়া হৈছিল। ২০১৭চনৰ আগতে ‘পিএম আবাস যোজনা’ৰ অধীনত উত্তৰ প্ৰদেশৰ বাবে ১৮হাজাৰ ঘৰৰ অনুমোদন দিয়া হৈছিল। কিন্তু ইয়াত যিখন চৰকাৰ আছিল, তেওঁলোকে ‘পিএম আবাস যোজনা’ৰ ১৮টা ঘৰো নিৰ্মাণ কৰি নিদিলে।  

আপোনালোকে কল্পনা কৰিব পাৰিবনে? ১৮হাজাৰ ঘৰৰ অনুমোদন আৰু ১৮টা ঘৰো নসজা, মোৰ দেশৰ ভাই-ভনীসকল, আপোনালোকে এইবোৰ কথা চিন্তা কৰিব লাগিব। আপোনালোকে ভাবকচোন ১৮হাজাৰটা ঘৰৰ অনুমোদন থকাৰ পিচতো তেওঁলোকে দুখীয়া-দৰিদ্ৰৰ বাবে কিন্তু ১৮টা ঘৰো নিৰ্মাণ কৰি নিদিলে। পইচা আছিল, ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন আছিল, কিন্তু তেতিয়া যিসকলে উত্তৰ প্ৰদেশৰ শাসনভাৰ চলাইছিল, তেওঁলোকে এইক্ষেত্ৰত কেৱল বাধাৰ সৃষ্টি কৰি থাকিছিল। তেওঁলোকৰ এই কৃৰ্তি উত্তৰ প্ৰদেশৰ ৰাইজে, উত্তৰ প্ৰদেশৰ দুখীয়া-দৰিদ্ৰই কেতিয়া পাহৰিব নোৱাৰে।

বন্ধুসকল,

যোগী জীৰ চৰকাৰ অহাৰ পিচত উত্তৰ প্ৰদেশৰ চহৰাঞ্চলৰ দুখীয়াসকলৰ বাবে ৯লাখ ঘৰ নিৰ্মাণ কৰি বিতৰণ কৰা হৈছে। চহৰাঞ্চত বসবাস কৰা আমাৰ দুখীয়া ভাই-ভনীসকলৰ বাবে এতিয়া উত্তৰ প্ৰদেশত ১৪লাখ ঘৰ নিৰ্মাণৰ কাম বেলেগ বেলেগ পৰ্যায়ত চলি আছে। এতিয়াৰ ঘৰবোৰত বিদ্যুত্, পানী, গেছ, শৌচালয়ৰ দৰে সা-সুবিধাবোৰ প্ৰদানৰো দিহা কৰা হৈছে। সেয়ে এনে আবাসত হোৱা গৃহ-প্ৰৱেশো সম্পূৰ্ণ আনন্দৰে, উলহ-মালহৰে সম্পন্ন কৰিব পৰা হৈছে।

কিন্তু মই যেতিয়া উত্তৰ প্ৰদেশলৈ আহিছো সেয়ে কিছু ‘হোমৱৰ্ক’ দিবৰ মন কৰিছো। দিওনে? কিন্তু আপোনালোকে কৰিবলৈ দিয়াখিনি কৰিব লাগিব! কৰিবনে? সঁচাকৈ কৰিবনে? চাওক মই বাতৰি কাকতত  পঢ়িবলৈ পাইছো আৰু সম্ভৱতঃ যোগীজীকো চাগৈ এই বিষয়ে সুধিছিলো। এইবাৰ দীপাৱলীত অয্যোধাত বোলে চাৰে সাতলাখ বন্তিৰে কাৰ্যক্ৰম অনুষ্ঠিত কৰা হ’ব। মই উত্তৰ প্ৰদেশক কওঁ যে বন্তি প্ৰজ্বলন কৰাৰ বাবে সকলোৱে দলে-বলে ওলাই আহক। চাওচোন এইবাৰ আৰু অধিক বন্তি জ্বলাইনে নাই, এই যে ৯লাখটা ঘৰ আৱণ্টিত কৰা হৈছে, সেই ৯ লাখটা পৰিয়ালে ১৮লাখ বন্তি জ্বলাই দেখুৱাওকচোন। এয়া হ’ব পাৰেনে? যিসকল পৰিয়ালক, এই ৯লাখ পৰিয়াল, যিসকলে ঘৰ পাইছে তেওঁলোকে যোৱা সাতটা বছৰত, তেওঁলোকে দুটা দুটা বন্তি নিজৰ নিজৰ ঘৰৰ সন্মুখত জ্বলাওক। অয্যোধাত সাতলাখ বন্তি জ্বলিব আৰু মোৰ দুখীয়া পৰিয়ালসমূহৰ ঘৰত ১৮লাখ বন্তি জ্বলিব। ভগৱান ৰাম জীয়েও আনন্দ পাব।

ভাই-ভনীসকল,

যোৱা দশকসমূহত আমাৰ চহৰসমূহত বিশাল বিশাল অট্টালিকা নিশ্চিত ভাবেই নিৰ্মিত হৈছে! কিন্তু যিসকলে পৰিশ্ৰম কৰি এইবোৰ অট্টালিকা নিৰ্মাণ কৰে, তেওঁলোকৰ ভাগ্যত কি জুপুৰীয়েই লিখা থাকিব নেকি? জুপুৰীও এনেকুৱা য’ত পানী আৰু শৌচালয়ৰ দৰে বুনিয়াদী সুবিধাকণো উপলব্ধ নহয়! জুপুৰীত বাস কৰা আমাৰ ভাই-ভনীসকলে এতিয়া পকীঘৰ সজাৰ ক্ষেত্ৰত বহুত সুবিধা লাভ কৰিছে। গাঁৱৰ পৰা চহৰলৈ কাম বিচাৰি অহা শ্ৰমিকসকলেও উচিত ভাড়াত থকা ঘৰৰ ভাল সুবিধা লাভ কৰিব পৰা হৈছে। ইয়াৰ বাবেও চৰকাৰে যোজনা আৰম্ভ কৰিছে।

বন্ধুসকল,

চহৰাঞ্চলত বসবাস কৰা মধ্যবিত্ত পৰিয়ালসমূহৰ সমস্যা তথা তেওঁলোকে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহ আঁতৰ কাৰৰ বাবেও আমাৰ চৰকাৰে গম্ভীৰ ভাবেই প্ৰয়াস কৰিছে। ‘ৰিয়েল এষ্টেট ৰেগুলেটৰী অথৰিটী’ অৰ্থাত্ ‘ৰেৰা’ আইন এনেকুৱাই এক বৃহত্ পদক্ষেপ। এই আইনে সমগ্ৰ গৃহ-নিৰ্মাণ খণ্ডটোকে অবিশ্বাস আৰু ঠগবাজিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে। এইখন আইন যুগুতোৱাৰ ফলত ঘৰ কিনোতাসকলে সময়ত ন্যায়ো পাবলৈ সক্ষম হৈছে।  আমি চহৰসমূহত অৰ্দ্ধ নিৰ্মিত হৈ পৰি থকা ঘৰসমূহ সম্পূৰ্ণ কৰাৰ বাবেও বহু হাজাৰ কোটি টকাৰ বিশেষ পুঁজি গঠন কৰিছো।

মধ্যবিত্তসকলে এটা ঘৰৰ সপোন যাতে দিঠকত পৰিণত হোৱাটো দেখিবলৈ পায় ইয়াৰ বাবে প্ৰথমবাৰৰ বাবে ঘৰ কিনিব খোজাসকললৈ লাখ টকীয়া সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। তেওঁলোকে কম হাৰৰ সুদৰো সুবিধা লাভ কৰিছে, আৰু মোৰ ভাল লাগিছে যে উত্তৰ প্ৰদেশ চৰকাৰে তত্কালীন ভাবেই এই ব্যৱস্থা বলবতো কৰিছে। এই আইনৰ ফলত ঘৰৰ মালিক আৰু ভাড়াতীয়া, দুয়োৰে যুগজোৰা অসুবিধাও আঁতৰি গৈছে। ইয়াৰ সুবাদত ভাড়ালৈ ঘৰ পোৱাতো সহজ হোৱাৰ লগতে ‘ৰেণ্টেল প্ৰপাৰ্টী’ৰ বজাৰসমূহেও শক্তি পাব, অধিক বিনিয়োগ আৰু কৰ্মসংস্থানৰ সম্ভাৱনা সৃষ্টি হ’ব।

ভাই-ভনীসকল,

ক’ৰোনা-কালত ‘ৱৰ্ক ফৰ্ম হোম’ সন্দৰ্ভত যি বিধি-নিয়ম যুগুতোৱা হৈছে তাৰ দ্বাৰা চহৰাঞ্চলৰ মধ্যবিত্তসকলৰ জীৱন আৰু অধিক সহজ হৈ উঠিছে। ‘ৰিমট ৱৰ্কিং’ সহজ হৈ উঠাৰ ফলত ক’ৰোনা-কালত মধ্যবিত্ত শ্ৰেণীৰ বন্ধুসকলে বহুখিনি সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।

ভাই-ভনীসকল,

আপোনালোকে যদি মনত পেলায়, ২০১৪চনৰ আগতে আমাৰ চহৰসমূহৰ চাফ-চিকুণতাক লৈ আমি সদায়ে নেতিবাচক আলোচনা হোৱাই শুনিবলৈ পাইছিলো। অপৰিচ্ছন্নতাই যেন চহৰসমূহৰ অন্য এক পৰিচিতি হৈ উঠিছিল। এই পৰিস্থিতি সলনি কৰাৰ বাবে দেশত ‘স্বচ্ছ ভাৰত মিছন’ আৰু ‘অমৃত মিছন’ৰ অধীনত বিশাল পৰিসৰৰ অভিযান অব্যাহত আছে।

বিগত বছৰকেইটাত চহৰসমূহত ৬০লাখৰো অধিক ব্যক্তিগত খণ্ড পৰিচালিত আৰু ৬লাখৰো অধিক ৰাজহুৱা শৌচালয় স্থাপিত হৈছে। ৭বছৰ আগতে দেশত মাত্ৰ ১৮% আৱৰ্জনাৰহে সংসাধান হৈছিল, সেয়া আজি বাঢ়ি গৈ ৭০% হৈছেহি। উত্তৰ প্ৰদেশতো বিগত বছৰদিয়েকত ‘ৱেষ্ট প্ৰচেছিঙ’ৰ বৃহত প্ৰকল্প বিকশিত হৈছে। আৰু আজি প্ৰদৰ্শনীত দেখিবলৈ পাইছো এনে বহু প্ৰযুক্তি দেখি মনতো ভৰি উঠিছে। এতিয়া ‘স্বচ্ছ ভাৰত অভিযান ২.০’ৰ অধীনত চহৰাঞ্চলৰ আৱৰ্জনাৰ পাহাৰ আঁতৰোৱাৰ বাবেও অভিযান আৰম্ভ কৰা হৈছে।

বন্ধুসকল,

চহৰসমূহৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ‘এলইডি লাইট’সমূহে। চৰকাৰে অভিযান চলাই দেশত ৯০লাখৰো অধিক পুৰণি ‘ষ্ট্ৰীটলাইট’ সলাই তাৰ ঠাইত ‘এলইডি লাইট’ লগোৱাৰ ফলত নিগম-নিকায়সমূহৰ প্ৰতি বছৰে প্ৰায় ১হাজাৰ কোটি টকা ৰাহি হ’বলৈ লৈছে। এতিয়া ৰাহি হোৱা ধনৰাশি সংশ্লিষ্ট নিগম-নিকায়সমূহে আন কামত লগাব পাৰিব। ‘এলইডি’য়ে চহৰত বসবাস কৰা ৰাইজৰ বিজুলী মাচুলো বহুখিনি হ্ৰাস কৰিছে। আগতে ‘এলইডি বাল্ব’ একোটাৰ দাম ৩০০টকাতকৈয়ো অধিক আছিল। তাকো চৰকাৰে ‘উজ্জ্বলা যোজনা’ৰ অধীনত ৫০-৬০টকাতে দিয়াৰ দিহা কৰিছে। এই আঁচনিৰ মাধ্যমৰে ৩৭কোটি ‘এলইডি বাল্ব’ বিতৰণ কৰিছো। ইয়াৰ ফলত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহৰ প্ৰায় ২৪হাজাৰ কোটি টকাৰ বিজুলী মাচুল ৰাহি হৈছে।

বন্ধুসকল,

একৈশ শতিকাৰ ভাৰতত, চহৰসমূহৰ কায়াকল্পৰ সকলোতকৈ উল্লেখনীয় দিশটো হৈছে প্ৰযুক্তিৰ যথা সম্ভৱ অধিক ব্যৱহাৰ। চহৰাঞ্চলৰ বিকাশৰে জড়িত মহানগৰ পৰিকল্পনা সংস্থাৰ দৰে সংস্থাসমূহে সকলোতকৈ অধিক গুৰুত্ব প্ৰযুক্তিৰ সদ্ব্যৱহাৰত দিব লাগিব।

 

বন্ধুসকল,

আমি য়েতিয়া গুজৰাটৰ এটা সৰু এলেকাত আছিলো আৰু যেতিয়াই লক্ষ্ণৌৰ কথা ওলাইছিল, তেতিয়া মানুহে কৈছিল লক্ষ্ণৌত যেনিয়ে যোৱা যায় তাৰ মানুহে কথাই প্ৰতি ‘প্ৰথমতে আপুনি’, ‘প্ৰথমতে আপুনি’ বুলি কয়। আজি ধেমালিকৈয়ে হ’লেও আমি প্ৰযুক্তিকো ক’ব লাগিব- ‘প্ৰথমতে আপুনি’! ভাৰতত বিগত ৬-৭টা বছৰত চহৰাঞ্চত প্ৰযুক্তিৰ ক্ষেত্ৰত বহু ডাঙৰ পৰিৱৰ্তন অহা দেখিবলৈ পোৱা গৈছে। দেশৰ ৭০খনৰো অধিক চহৰত আজিকালি যি ‘কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ’ চলি আছে, তাৰো আধাৰ এই প্ৰযুক্তিয়েই। আজি দেশৰ চহৰসমূহত চলি থকা ‘চিচিটিভি কেমেৰাৰ নেটৱৰ্কো’ এই প্ৰযুক্তিৰেই শক্তিৱন্ত হৈছে। দেশৰ ৭৫খন চহৰত থকা ৩০হাজাৰৰো অধিক ‘চিচিটিভি কেমেৰা’ৰ সুবাদত অপৰাধীয়ে কু-কৰ্ম সংঘটিত কৰিবলৈ গৈ দহবাৰ ভাবিবলগীয়া হৈছে। এইসমূহ ‘চিচিটিভি কেমেৰা’ই অপৰাধীহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰি আহিছে।

 

বন্ধুসকল,

আজি ভাৰতৰ চহৰসমূহত প্ৰতি দিনে ওলোৱা হাজাৰ হাজাৰ টন আৱৰ্জনাৰ নিষ্কাষণ, ইয়াৰ সংসাধন, বাট-পথৰ নিৰ্মাণ এই সকলোবোৰতে ন-ন প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা হৈছে। ‘ৱেষ্টৰ পৰা ৱেল্থ’-ৰ বহু প্ৰকল্প মই আজি প্ৰদৰ্শনীত দেখি আহিছো। সকলোকে প্ৰেৰিত কৰিব পৰা এইবোৰ প্ৰযুক্তিৰ কৰ্ম নৈপুণ্য সঁচাকৈ চোৱা উচিত।  

বন্ধুসকল,

আজি দেশত চলি থকা পয়-প্ৰণালী প্ৰকল্পসমূহৰ সামৰ্থ্য আধুনিক প্ৰযুক্তিয়ে বৃদ্ধি কৰিছে। ‘নেশ্যনেল কমন ম’বিলিটী কাৰ্ড’-ও জানো এই প্ৰযুক্তিৰে অৱদান নহয়! আজি ইয়াত অনুষ্ঠিত কাৰ্যক্ৰমত ৭৫খন ইলেক্ট্ৰিক বাছৰ যাত্ৰা সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰা হ’ল। এয়াতো আধুনিক প্ৰযুক্তিৰে নিদৰ্শন।

 

 

 

 

 

 

 

বন্ধুসকল,

মই অলপ আগতে ‘লাইটহাউছ প্ৰকল্প’ৰ অধীনত লক্ষ্ণৌত নিৰ্মিত ঘৰসমূহ চাইছিলো। এই সমূহ ঘৰত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, তাৰ ফলত এইবোৰ ঘৰত ‘প্লাষ্টাৰ’ আৰু ‘পেইণ্ট’ৰ প্ৰয়োজনেই নাথাকিব। ইয়াত আগতেই সাজু কৰি ৰখা সম্পূৰ্ণ একোখন বেৰৰ ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত ঘৰসমূহ আৰু অধিক বেগেৰে নিৰ্মাণ কৰিব পৰা যাব। মই ভাবো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ্ণৌলৈ অহা বন্ধুসকলে এই প্ৰকল্প পৰা বহুত কথা শিকি যাব আৰু নিজৰ নিজৰ চহৰসমূহত ইয়াৰ ৰূপায়ণৰ প্ৰয়াস কৰিব।

বন্ধুসকল,

প্ৰযুক্তিয়ে কেনেকৈ দুখীয়া-দৰিদ্ৰৰ জীৱন সলাই দিব পাৰে ‘পিএম স্বনিধি যোজনা’ও ইয়াৰ এক সুন্দৰ নিদৰ্শন। লক্ষ্ণৌৰ দৰেই বহুবোৰ চহৰতো অনেক প্ৰকাৰৰ বজাৰৰ পৰম্পৰা অব্যাহত আছে। ক’ৰবাত যদি বুধবাৰে বজাৰ বঢ়ে, ক’ৰবাত আকৌ বৃহস্পতিবাৰে বঢ়ে, ক’ৰবাত শনিবাৰে বজাৰ বঢ়ে, আৰু এইবোৰ বজাৰৰ সৌন্দৰ্য বৃদ্ধি কৰে হৰেক-মালৰ পোহাৰ মেলা আমাৰ ভাই-ভনীসকলে। আমাৰ এই ভাই-ভনীহঁতৰ বাবেও প্ৰযুক্তি এক বন্ধুৰ ৰূপত আগবাঢ়ি আহিছে। ‘পিএম স্বনিধি যোজনা’ৰ অধীনত এইসকল পথৰ কাষৰ বেপাৰী-পোহাৰীক বেংকৰ সৈতে জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই যোজনাৰ মাধ্যমৰে ২৫লাখৰো অধিক বন্ধুক ২৫০০কোটিৰো অধিক টকাৰ সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াতো উত্তৰ প্ৰদেশৰ ৭লাখৰো অধিক বন্ধুয়ে ‘স্বনিধি যোজনা’ৰ লাভ আদায় কৰিবলৈ সক্ষম হৈছে। এতিয়া এওঁলোকৰ ‘বেংকিং হিস্ত্ৰী’ তৈয়াৰ কৰি থকা হৈছে আৰু তেওঁলোকেও যিমান পাৰে সিমান ‘ডিজিটেল’ লেন-দেন কৰাত ব্যস্ত হৈছে।

 

 

মোৰ এই কথাৰ বাবেও ভাল লাগিছে যে ‘স্বনিধি যোজনা’ৰ সবাটোকৈ অধিক লাভ কৰা দেশৰ শীৰ্ষত থকা তিনিখন চহৰৰ ভিতৰত ২খন আমাৰ উত্তৰ প্ৰদেশৰে। সমগ্ৰ দেশৰ ভিতৰত শীৰ্ষত আছে লক্ষ্ণৌ, আৰু দুই নম্বৰত থকা চহৰখন হৈছে কানপুৰ। ক’ৰোনাৰ এই সংকটৰ সময়ত এয়া সঁচাকৈ এক ডাঙৰ সহায়। মই যোগী জীৰ চৰকাৰক এই কাৰ্যৰ বাবে নিশ্চয় শলাগ ল’ম।

বন্ধুসকল,

আজি যি সময়ত আমাৰ হৰেক মাল বিক্ৰী কৰা পথৰ দাঁতিৰ বেপাৰী-পোহাৰীসকলৰ কথা পাতি আছো, এই সময়ত মোৰ এই কথাও মনলৈ আহি আছে যে এটা সময়ত এইটো কথাকে লৈ কিমান যে তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লৈছিল। বহুতে আনকি প্ৰশ্নও উথ্থাপন কৰিছিল- এইবোৰ কম লিখা-পঢ়া কৰা লোকে ডিজিটেল লেন-দেন কৰিব পাৰিবনে? কিন্তু স্বনিধি যোজনাৰে জড়িত হৰেক-মালৰ পোহাৰীসকলে, এই পৰ্যন্ত ৭কোটিৰো অধিক টকা ‘ডিজিটেল’ মাধ্যমেৰে লেন-দেন কৰিছে। এতিয়া এওঁলোকে পাইকাৰী বেপাৰীৰ পৰা সা-সামগ্ৰী কিনিবলৈ যাওতেও ‘ডিজিটেল পে’মেণ্ট’হে কৰা হৈছে। আজিকালি এইসকল বন্ধুৰ কাৰণেই ভাৰতে ‘ডিজিটেল পে’মেণ্ট’ৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। জুলাই, আগষ্ট, ছেপ্টেম্বৰ অৰ্থাত্ যোৱা তিনিটা মাহত, প্ৰতি মাহে ৬লাখ কোটিৰো অধিক টকাৰ লেনদেন ‘ডিজিটেল’ মাধ্যমৰে হৈছে। অৰ্থাত্ বেংকলৈ ৰাইজৰ অহা-যোৱাৰ পৰিমাণ সিমানেই কমি গৈছে। এই কথাই পৰিৱৰ্তিত ভাৰত আৰু প্ৰযুক্তি আদৰি লোৱা ভাৰতৰ শক্তিকে প্ৰতীয়মান কৰিছে।

বন্ধুসকল,

বিগত বছৰসমূহত ভাৰতত যান-বাহনৰ বৰ্দ্ধিত হাৰৰ সমস্যা আৰু প্ৰদূষণে সৃষ্টি কৰা প্ৰত্যাহ্বান দুয়োটাৰ ক্ষেত্ৰতে ‘হ’লিষ্টিক এপ্ৰোছ’ৰে পদক্ষেপ লোৱা হৈছে। ‘মেট্ৰো’ও ইয়াৰ এক উত্কৃষ্ট উদাহৰণ। আজিকালি ভাৰতত ‘মেট্ৰো সেৱা’ দেশৰ ডাঙৰ ডাঙৰ চহৰসমূহত দ্ৰুতগতিৰে বিস্তাৰিত হৈছে। ২০১৪চনত ২৫০কিলোমিটাৰতকৈয়ো কম পথ-চক্ৰতহে ‘মেট্ৰ’-ৰ চলাচল হৈছিল, সেই পৰিমাণ এতিয়া প্ৰায় ৭শ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হৈছে। আৰু আজি মোক বিষয়াসকলে জানিবলৈ দিছে যে এই মুহূৰ্তত আৰু এক হাজাৰ পঞ্চাশ কিলোমিটাৰত কাম চলি আছে। উত্তৰ প্ৰদেশৰো ৬খন চহৰত আজিৰ তাৰিখত ‘মেট্ৰ-নেটৱৰ্ক’ বিস্তাৰিত হৈ আছে। ১০০খনৰো অধিক চহৰত ‘ইলেক্ট্ৰিক বাছ’ৰ চলাচল কৰোৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ লগতে ‘উড়ান যোজনা’য়ো চহৰাঞ্চলৰ বিকাশ যাত্ৰাত গতি প্ৰদান কৰি আহিছে। একবিংশ শতিকাৰ ভাৰতে এতিয়া ‘মাল্টী মডেল কানেক্টিভিটী’ৰ সুবাদত আগবাঢ়ি যাব আৰু ইয়াৰ প্ৰস্তুতি এতিয়া বহুত দ্ৰুতগতিত আগবাঢ়ি আছে।

আৰু বন্ধুসকল,

চহৰাঞ্চলৰ এইসমূহ প্ৰকল্পৰ সকলোতকৈ বৃহত্ ইতিবাচক প্ৰভাৱ কৰ্ম-সংস্থানৰ ক্ষেত্ৰত পৰা দেখিবলৈ পোৱা গৈছে। চহৰসমূহত হোৱা ‘মেট্ৰো ৰে’ল’ৰ কামেই হওক, ঘৰ নিৰ্মাণেই হওক, বিজুলী-পানীৰ কামেই হওক, সকলোতে বিপুল সংখ্যক কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’বলৈ ধৰিছে। সেইদৰে ৰপ্টানীক ‘ফৰ্চ মাল্টিপ্লায়া’ৰ বুলি গণ্য কৰা হয়। সেয়ে আমি এইসমূহ পৰিযোজনাৰ গতি অব্যাহত ৰখাত গুৰুত্ব প্ৰদান কৰিছো।

 



 

 

 

 

ভাই-ভনীসকল,

উত্তৰ প্ৰদেশততো সমগ্ৰ ভাৰতৰ সংস্কৃতিৰ প্ৰাণবায়ু সমাহিত হৈ আছে। এইখন প্ৰভু ৰামৰ ভূমি, শ্ৰীকৃষ্ণৰ ভূমি, ভগৱান বুদ্ধৰ ভূমি। উত্তৰ প্ৰদেশৰ সমৃদ্ধ ঐতিহ্যক অক্ষুন্ন ৰাখি, চহৰসমূহক আধুনিক ৰূপত সজাই তোলাটো আমাৰ দায়িত্ব। ২০১৭চনৰ আগৰ উত্তৰ প্ৰদেশ আৰু ইয়াৰ পাচৰ উত্তৰ প্ৰদেশৰ মাজত সৃষ্টি হোৱা পাৰ্থক্য উত্তৰ প্ৰদেশৰ ৰাইজেও খুবেই ভালকৈ জানে। আগতে উত্তৰ প্ৰদেশত বিজুলী কমকৈ আহিছিল, গৈছিল বেছি। আৰু আহিছিলো য’ত নেতাই অহাটো বিচাৰিছিল। বিজুলী যেন সুবিধা নহয় শাসনৰ এক সঁজুলীহে আছিল। পথ কেৱল তেতিয়াহে নিৰ্মিত হৈছিল যেতিয়া কোনোবাই ‘চিফাৰিছ’ কৰিছিল, পানীৰ কি দশা আছিল সেয়াতো আপোনালোকে ভালকৈয়ে জানেই।

এতিয়া বিজুলী সকলোৱে, সকলো ঠাইতে, একে সমানকৈ লাভ কৰিছে। এতিয়া দুখীয়া-দৰিদ্ৰৰ ঘৰলৈয়ো বিজুলী আহে। গাঁৱৰ পথ কাৰো ‘চিফাৰিছ’ নোহোৱাকৈয়ে নিৰ্মিত হৈছে। অৰ্থাত্ চহৰসমূহৰ বিকাশৰ বাবে যেনে ইচ্ছাশক্তিৰ প্ৰয়োজন, সেয়া আজি উত্তৰ প্ৰদেশত মজুত আছে।

মই ভাবো আজি উত্তৰ প্ৰদেশৰ যিসমূহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেয়া যোগী জীৰ নেতৃত্বত দ্ৰুতগতিত সম্পূৰ্ণ কৰা হ’ব।

আকৌ এবাৰ আপোনালোকক বিকাশৰ এইসমূহ প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period

Media Coverage

India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is not only a fast-growing economy, but also a credible one: PM Modi
June 22, 2026
India is not only a fast-growing economy, but also a credible one: PM
Along with being a rising power, India is also a reliable power: PM
For India, Nation First is the highest guiding principle: PM
Maoist terror is breathing its last in India: PM
The shift in mindset from "this can never be done" to "this will be done" is India's greatest achievement: PM
The government is empowering the poor and middle-class: PM
The collective efforts of 140 crore Indians will realise the dream of a Viksit Bharat: PM

Swar Sadhana, Manokamana, Aradhana - after such an auspicious beginning, it would have been wonderful if your program had continued. Greetings to all of you.

I extend my regards to all viewers of Republic TV Network, which now broadcasts in many languages. I also welcome all companions who have come to participate in this summit. In 24-hour news channels, breaking news holds great importance. And nowadays, if you look anywhere in the world, the entire world seems to be in breaking news mode. Amidst such hustle and bustle, you are hosting and participating in this summit, and therefore you deserve special congratulations. This time, your theme of discussion is equally significant: Great Power India: Nation First.

Friends,

Our scriptures say: Yato Dharmastato Jayah! - meaning, the root of victory and strength is Dharma. And Dharma means duty, Dharma means justice, Dharma means equality, Dharma means dialogue, Dharma means compassion. This very essence is embedded in the spirit of Nation First. India views its power through this lens, weighing it on this scale.

Friends,

India has another unique quality, which the world has now acknowledged. We are not a nation that reacts hastily to momentary events. We are a nation that has witnessed both development and destruction, endured them as well. We are a nation with the memory chip of ages embedded in our consciousness - a nation with the memory chip of millennia. That is why what India is doing today - and I say this with full responsibility - what India is doing today will write the future of the next thousand years. This is India’s greatest guarantee to the world. India is not only a fast-growing economy, it is also a credible economy. Alongside being a rising power - and you even stretched the dictionary to call it a superpower - I would certainly say that India is a reliable power. Just a few days ago, I returned from the G7 Summit, and every leader, every country understands very well that for today’s India, Nation First is the greatest mantra, the highest principle.

Friends,

Just a few days ago, our government completed 12 years. Arnab even compelled you to clap for that. If you weigh the achievements of the past twelve years, you will find that at the core of every decision, every step, every effort lies the spirit of Nation First. From the Swachh Bharat Abhiyan to Make in India, from emphasizing khadi to encouraging local products - all these initiatives succeeded because the people of the country placed the nation above all and fulfilled their duty. I salute the citizens of this country.

Friends,

Here with us is our companion, Shri Sridhar Vembu ji. When our entrepreneurs walk with the spirit of Nation First, when they set their goals by understanding the needs of the nation, institutions are built and the country prospers. I don’t know how much has been discussed here about Shri Vembu ji’s work, but recently I went to VivaTech in France. There were nearly 1.5 to 2 lakh young people there. As I and the President of France walked through different stalls to see the innovations of the youth, we came to the Zoho stall. I was astonished and filled with pride to see the crowd of European youth gathered there, eager to understand what this new creation was. Perhaps in India it is not discussed as much, but what I saw in France was remarkable. Congratulations to you.

Friends,

The impact of Nation First in government policy and decisions can be seen in our tribal regions. I am not here to deliver philosophy, but let me share a few light examples so you can understand how work happens. I speak of tribal areas - a population of more than 100 million, the tribal society. We all know that for decades, Maoist terror had entrenched itself there. Even in the 21st century, these terrorists did not allow a single facility to reach those areas. No government vehicle could pass through; they would be riddled with bullets. Many governments came and went, generations passed, and it seemed this misfortune of violence would remain forever. You can imagine - between 2004 and 2014, in those ten years, due to Maoist terror, more than 17,000 violent incidents occurred, and nearly 7,000 lives were lost.

Friends,

For you, today’s headline or half-hour TV debate might be that Maoist terrorism has ended. But things don’t happen like that. It requires immense effort, and that is why I want to explain. Nowadays, some people keep waving the Constitution, but when they were in government, in Naxal-affected areas, even uttering the word “Constitution” could get you shot. At that time, they sat silently, their hands trembling, unable to hold up the Constitution. The Congress was hardly affected by that painful situation.

Friends,

After 2014, we moved forward with the spirit of Nation First to change the situation. We did not just talk, we did not just announce, we acted. We resolved to uproot Naxalism-Maoism completely, and today the whole country can see the result. Maoist terrorism in India is now counting its final breaths.

And friends,

Often the final outcome is so vast and significant that the hard work behind it goes unnoticed. I want to especially tell Republic TV viewers about this.

Friends,

In those Naxal-affected areas where even going out in daylight would terrify ordinary people - fearing abduction, extortion, or looting - where even speaking of development was impossible, we advanced with a pledge of progress. In the past 12 years, our government has built more than 12,000 kilometers of roads in such regions. Many times, our construction equipment was burned, contractors were chased away. If 25 people worked on a road, 200 police personnel had to guard them so the work could continue. We did all this because we had resolved to do it.

Friends,

We built more than 9,500 mobile towers. Earlier, even one tower could not be installed, and if installed, it would be destroyed. Because they always wanted to fuel anger. We brought mobile connectivity to nearly 45,000 villages. In Naxal-affected districts, more than 1,800 bank branches were opened. Around 75,000 banking correspondents and more than 6,000 new post offices were established. We did not rely only on bombs, guns, and bullets, friends - we invested every ounce of strength given by God to win hearts.

Friends,

With firm resolve, we went into Naxal-affected areas to fulfill the hopes and aspirations of ordinary people. You will be astonished - a notorious Naxalite, with a bounty of crores on his head, his mother received a ration card from us for the first time. Her son never allowed her to get one, because he wanted to run his terror regime. There are countless such incidents. I was shocked. And the government of that time sat silently, blind to the Constitution. But the result of all these efforts was a new wave of trust among the people. Today, look at Bastar - instead of bombs and guns, Bastar Olympics are celebrated with great enthusiasm. Two editions have already been held. In the first, more than 1.5 lakh youth participated, and in the second, nearly 4 lakh youth joined. Where once there was terror, now talent is finding opportunity, and sports are flourishing.

Friends,

One of the greatest achievements of these 12 years of service has been building an India filled with hope and aspiration, rising out of despair.

Friends,

Naxalism may have been concentrated in certain areas, but its pain was felt across every corner of India. And when news began to spread that Naxalism was ending, the sense of trust was not limited to those affected regions - it spread across the entire nation. In the ten years before 2014, under the Congress government, the discontent was not only about governance. The despair was far deeper. The nation had lost hope. People felt nothing could change, nothing could improve.

Friends,

In the past 12 years, India has transformed despair into hope, and this gives me the greatest satisfaction. Today, everyone feels that with a little more effort, things can be achieved. Gone are the days when the only refrain was “It cannot happen, it cannot happen.” That era has passed. Today, the spirit is “It will happen.” This new confidence is India’s true achievement, and this is real power. Challenges remain, and they always will. Challenges are shape-shifters, appearing in new forms. But whatever form they take, we will fight and we will win. When the nation moves forward with the belief that “it can be done and we will do it,” dreams are fulfilled.

Friends,

I want to speak here about more than 100 districts and over 500 blocks in India. These were left behind on every parameter of development, and earlier governments had stamped them as “backward districts” and “backward areas.” We lifted these vast regions out of the despair of backwardness and ignited aspirations for development. First, we changed their identity. We said these are “aspirational districts,” these are “aspirational blocks.” We created programs for aspirational districts and aspirational blocks, and the government began working meticulously on every parameter of development. In each district, we identified three aspects to overcome, in others six aspects, and focused efforts began. Today, these aspirational districts and blocks are driving the overall growth of states. Earlier, they dragged growth backward. These districts had large populations living in poverty and deprivation. In recent years, 250 million poor people have defeated poverty, and aspirational districts have played a major role in this.

Friends,

We see that when one person is cured of illness, it is not just that individual who recovers - the whole family feels relief. Similarly, when a son or daughter achieves something, it is not just their achievement, but the entire family is filled with pride and confidence. In the same way, when someone rises out of poverty, the entire society benefits, the nation benefits. When 250 million people have come out of poverty and entered the neo-middle class, the benefit is not limited to those families. The middle class also gains, because these are new consumers who drive the economy, ultimately creating opportunities for the middle class. Thus, poverty reduction is not merely a matter of welfare - it is a story of expanding opportunities, a source of new aspirations.

Friends,

The vast middle class that has emerged in the country over the past 12 years has been a major priority for the government. For the ease of living of the middle class, the government has worked at every level. Take the dream of owning a home. Every middle-class family desires to have their own house. In 2014, if a family wanted to buy a home, home loans came with double-digit interest rates. Today, loans are available from banks at 7–8 percent interest. Earlier, getting a loan was like winning a war, requiring immense effort. Today, it is possible from the comfort of one’s home. Here in Delhi-NCR, people know how thousands of urban middle-class homes were stuck incomplete. Families had paid their life savings to builders, who showed glossy pamphlets and dreams, but the houses were never delivered. Families had to pay rent while waiting endlessly for their homes. It was a terrible situation. To complete these stalled projects, we created a special fund of ₹25,000 crore. You will be glad to know that nearly 60,000 long-delayed homes have now been delivered across the country.

Friends,

Another aspect that affects daily life is connectivity and transport. Today, if you look at social media, tourists from around the world are amazed by our metro system.

Friends,

In 2014, about 2.8 million people traveled daily by metro. Today, nearly 12.8 million people travel by metro every day. Now, high-speed trains like Vande Bharat, Namo Bharat, and Amrit Bharat are connecting the nation. With better roads and highways, not only is time saved, but vehicle maintenance costs have also reduced. In recent years, the number of airports has doubled. This has given the middle class in many smaller cities the opportunity to fly for the first time.

Friends,

In the past 12 years, India has not only increased the earnings of the middle class but also their savings. In 2013–14, income up to about ₹2 lakh was taxable, and the middle class bore that burden. Today, income up to ₹12 lakh is tax-free. In other words, tax-free income has multiplied several times.

Friends,

GST reforms have also brought great convenience to the middle class. Filing taxes has become easier, saving both time and money. Income tax returns can now be filed from home, and even settlement issues are handled in a faceless manner.

Friends,

A major expense for middle-class families is treatment for diabetes and other lifestyle-related conditions. At Jan Aushadhi Kendras, such medicines are available at an 80 percent discount. If earlier you spent ₹1,000, today you spend only ₹200, saving ₹800. Over the years, this has resulted in savings of nearly ₹40,000 crore for countless families. Another significant portion of the middle-class budget goes toward healthcare for the elderly. Today, every citizen above 70 years of age is entitled to free treatment up to ₹5 lakh.

Friends,

It is human nature to forget past difficulties when conveniences become routine. Earlier, you paid tax on ₹2 lakh income; now, up to ₹12 lakh is tax-free. Yet applause comes only when reminded. On the other hand, if a bus or train is delayed, complaints pour in. This is the most vocal class.

Friends,

As I said, people forget old troubles. You may not even remember the difficulties once faced in getting a driving license or passport. Earlier, it was a struggle. Today, obtaining a driving license is easier, and passports are usually issued within three days.

Friends,

I know the way our government works has raised people’s aspirations. Once a demand is met, people immediately seek something better, something upgraded. If earlier the demand was for a new road, once built, the next question is: when will the metro arrive? Earlier, expectations were that trains should arrive on time and provide clean seating. Today, the demand is: why isn’t Vande Bharat running on our route?

Friends,

Some see this as dissatisfaction, but it is aspiration. In fact, even the Congress party constantly says, “Modi ji, this should happen, that should happen.” They trust that if anyone can deliver, it is this government.

Friends,

Aspirations arise only where people believe dreams can be fulfilled. This is the aspiration of India’s youth, poor, and middle class. Today, it is the driving energy of BJP-NDA governments.

Friends,

On one side, a large section of the nation is aspirational. On the other side, there is a political group whose life mantra has become “Always Against.” This group is filled with chronic dissatisfaction. Let me share some symptoms so Republic TV viewers can recognize them. They will say, “Why doesn’t this place have 24-hour electricity?” But the next day, they protest against dams, solar parks, thermal plants, or nuclear projects. One day they ask why there is no electricity, the next day they oppose power generation. These are the same people who once opposed mineral mining, but today ask where India’s rare earth mineral reserves and supply chains are, and why India doesn’t have an EV ecosystem like other countries. They once debated “data versus flour,” but now demand to know what India has done in AI. In one breath, they say AI should have advanced further, and in the next, they oppose data centers and semiconductor plants, listing endless drawbacks on social media, TV debates, and newspapers.

Friends,

These people bring up corruption indices from around the world to put India in the dock. Their ecosystem’s media amplifies it 24/7. But when action is taken against corruption, they are the first to cry foul, claiming raids and investigations are harassment. They question why action is taken now, why not then, why against A and not B. This is their game.

Friends,

It is vital for the nation to understand their character. Especially our youth, and Gen Z in particular, must recognize them quickly. Otherwise, as I say, “Suryavanshi has arrived,” and he explains swiftly.

Friends,

These people claim the armed forces lack freedom and weapons. But when the government makes a defense deal or buys modern arms, they are the first to question why. They challenge India’s diplomacy worldwide, but when India builds infrastructure projects for diplomacy and security, they protest loudly.

Friends,

At this crucial juncture, India must identify such people, understand their flawed arguments, and remain alert. Unfortunately, today the main opposition party, Congress, has been taken over by such elements. To imagine Congress speaking of Nation First, as it did in Gandhi ji’s time, is now a false dream.

Friends,

The world today is challenging old paradigms, and the scale of disruption is immense. But these challenges also bring new opportunities. Every youth, entrepreneur, innovator, and startup in India must focus on these opportunities. The government, with the spirit of Nation First, stands fully with the people. India is now riding the Reform Express. This momentum will only accelerate. From this Republic TV platform, I say again: our dreams are vast, and our efforts will be equally immense. The collective endeavor of 1.4 billion Indians will build a developed India. And I assure you, you will see this developed India with your own eyes. It will not be left for future generations to wait. With this confidence, I once again extend my best wishes to Republic TV, its viewers, and all of you. Thank you very much!