পাইপলাইনে কেৰালা আৰু কৰ্ণাটকৰ জনসাধাৰণৰ অৰ্থে ইজ অৱ লিভিঙৰ অগ্ৰগতি সাধন কৰিবঃ প্ৰধানমন্ত্ৰী
সুনীল অৰ্থনীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ উৎস হ’বলৈ আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান জী, কৰ্ণাটকৰ ৰাজ্যপাল ৱজুভাই ৱালা জী, কেৰালাৰ মুখ্য মন্ত্ৰী শ্ৰী পিনাৰাই বিজয়ন জী, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী শ্ৰী বি এছ য়েদ্যুৰাপ্পা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, প্ৰহ্লাদ যোশী জী, বি মুৰলীধৰণ জী, সাংসদসকল, বিধায়কসকলৰ লগতে প্ৰিয় ভাই-ভনীসকল.

৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰ নামত উচৰ্গা কৰিবলৈ পোৱাটো নিতান্তই এক সন্মানৰ কথা। ভাৰতৰ বাবে আজিৰ দিনটো বাস্তৱিকতেই এটি গুৰুত্বপূৰ্ণ দিন, বিশেষকৈ কৰ্ণাটক আৰু কেৰালাবাসীৰ বাবে আজিৰ দিনটোৱে মহত্ব বহণ কৰি থাকিব। আজিৰে পৰা এই দুয়োখন ৰাজ্য এটা গেছ পাইপলাইনৰে সংযুক্ত হৈ থাকিব। মই দুয়োখন ৰাজ্যৰ নিবাসীসকলক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এই প্ৰকল্পৰে জড়িত সকলো পক্ষকো মই অভিনন্দিত কৰিছো। তেওঁলোকৰ আহোপুৰুষাৰ্থৰ বলতে নিকা-ইন্ধনৰ এই আন্তঃগাঁথনিৰ নিৰ্মাণ আজি সফলতাৰে সম্ভৱ হৈ উঠিল। দুয়োখন ৰাজ্যৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত এই পাইপলাইনে নিতান্তই ইতিবাচক প্ৰভাৱ বিস্তাৰিত কৰিব।

বন্ধুসকল,

‘কোচী-মাংগালুৰু গেছ পাইপলাইন’ এই কথাৰো বহুত ডাঙৰ উদাহৰণ যে উন্নয়নক প্ৰথমিকতা প্ৰদান কৰি, সকলোৱে যদি সন্মিলিত হৈ কাম কৰে, তেন্তে কোনো লক্ষ্যই অসম্ভৱ হৈ নাথাকে। এই প্ৰকল্পৰে জড়িত হৈ থকা সকলো পক্ষই জানে যে অভিযান্ত্ৰিক দৃষ্টিকোণৰ পৰা এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলাটো কিমান কঠিন আছিল। প্ৰকল্পটোৰ ক্ষেত্ৰত অন্য অসুবিধাৰো সন্মুখীন হ’বলগীয়া হৈছিল। পিচে, আমাৰ শ্ৰমিক, আমাৰ অভিযন্তাসকল, আমাৰ কৃষক আৰু ৰাজ্য চৰকাৰৰ সহযোগত এই পাইপলাইন সম্পূৰ্ণ হৈ উঠিল। ক’বলৈ গ’লে, এয়া কেৱল এক পাইপলাইন হ’লেও দুয়োখন ৰাজ্যৰ উন্নয়নক গতি প্ৰদান কৰাত এই পাইপলাইনযে বহুত ডাঙৰ ভূমিকা প্ৰদায়ক হৈ উঠিব সেয়া ধুৰূপ। সাম্প্ৰতিক সময়ত দেশতনো কিয় গেছ ভিত্তিক অৰ্থনীতিৰ ওপৰত ইমানকৈ গুৰুত্ব প্ৰদান কৰা হৈছে? কিয়নো ‘এক ৰাষ্ট্ৰ এক গেছ গ্ৰীড’-ৰ ওপৰত ইমান তড়িত গতিত কাম আগবঢ়াই থকা হৈছে? কিয় আত্মনিৰ্ভৰ ভাৰতৰ বাবে গেছ ভিত্তিক অৰ্থনীতিৰ দ্ৰুত বিস্তাৰনো কিয় জৰুৰী? এই সকলোবোৰ কেৱল এই এটা পাইপলাইনে প্ৰদান কৰিবলগীয়া লাভৰ দ্বাৰাই হৃদয়ংগম কৰিব পৰা যাব। প্ৰথম, এই পাইপলাইনে দুয়োখন ৰাজ্যৰ লক্ষ লক্ষ লোকক স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দান কৰিব। দ্বিতীয়, এই পাইপলাইনে দুয়োখন ৰাজ্যৰ গৰীব-দুখীয়া, মধ্যবিত্তীয় আৰু উদ্যোগীসকলৰ খৰছৰ পৰিমান বহুখিনি হ্ৰাস কৰিব। তৃতীয়, এই পাইপলাইনে অনেক চহৰত ‘চিটী গেছ ডিষ্ট্ৰিবিউশ্যন’-ৰ এক বহুত ডাঙৰ মাধ্যম হৈ উঠিব। চতুৰ্থ, এই পাইপলাইন আকৌ অনেক চহৰত ‘চিএনজি’ আধাৰিত পৰিবহণ ব্যৱস্থা বিকশিত কৰাৰ ক্ষেত্ৰত ভেটী নিৰ্মাণ কৰিব। পঞ্চম, এই পাইপলাইন ‘মাংগালুৰু ৰসায়ণ আৰু সাৰ প্ৰকল্প’ক ইন্ধন প্ৰদান কৰিব, কম খৰছত সাৰ প্ৰস্তুত কৰাত সহায় আগবঢ়াব, কৃষকসমাজক সহায় আগবঢ়াব। ষষ্ঠ, এই পাইপলাইনে ‘মাংগালোৰ শোধাণাগাৰ আৰু পেট্ৰোকেমিকেলছ’ক ইন্ধনৰ যোগান ধৰিব, নিকা ইন্ধনৰ যোগান ধৰিব। সপ্তম, এই পাইপলাইনে দুয়োখন ৰাজ্যত প্ৰদূষণৰ পৰিমান হ্ৰাস কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰিব। অষ্টম, প্ৰদূষণৰ হাৰ হ্ৰাস পোৱা কথাই পৰ্যাৱৰণক ইতিবাচক ভাবে প্ৰভাৱিত কৰিব, ইয়াৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমণ যিমান কমিব, সেয়া লাখ লাখজোপা গছ ৰোপণ কৰাৰ পিচতহে সম্ভৱ হ’লহেতেন।

 

বন্বুসকল,

নৱন লাভটো হ’ল যে পৰ্যাৱৰণ উন্নত হ’লে নাগৰিকসকলৰ স্বাস্থ্য সুস্থ হৈ থাকিব, ৰোগ-ব্যাধিত হ’বলগীয়া খৰছ-পাতি কম হ’ব। দশম, যেতিয়া প্ৰদূষণ কমিব, তেতিয়া বতাহ পৰিষ্কাৰ হ’ব, চহৰত গেছ ভিত্তিক ব্যৱস্থা হ’ব আৰু অধিক পৰিমানে পৰ্যটকৰ আগমণ হ’ব, পৰ্যটকসকলৰো ইয়াৰ পৰা লাভ হ’ব আৰু বন্ধুসকল, এই পাইপলাইনৰ আৰু দুটা লাভ আছে, যাৰ আলোচনা কৰাতো নিতান্তই জৰুৰী বুলি অনুভৱ কৰিছো। এই পাইপলাইন নিৰ্মাণৰ কালত ১২ লাখ ‘মানৱ-দিন’ৰ কৰ্ম-সংস্থাপনৰ সৃষ্টি হৈছিল।

পাইপলাইনৰ শুভাৰম্ভ হোৱাৰ পিচতো নিয়োগ আৰু স্ব-নিয়োজনৰ এক নতুন বাতাৱৰণ কেৰালা আৰু কৰ্ণাটকত বহুত দ্ৰুত গতিত বিকশিত হ’ব।

সাৰ কাৰখানাই হওক কিম্বা ‘পেট্ৰো কেমিকেলছে’ই হওক অথবা বিদ্যুত্ প্ৰকল্পই হওক, সকলো উদ্যোগেই এই পাইপলাইনৰ পৰা উপকৃত হ’ব আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব।

বন্ধুসকল,

এই পাইপলাইনৰ পৰা সমগ্ৰ দেশৰে এটা বহুত ডাঙৰ লাভ হ’ব। যেতিয়া পাইপলাইনটোৱে ইয়াৰ পূৰ্ণ সামৰ্থ্যৰে কাম কৰিবলৈ আৰম্ভ কৰিব তেতিয়া দেশত ইমান দিনে হৈ অহা হাজাৰ-কোটিৰ বিদেশী মুদ্ৰাৰ খৰছৰো অন্ত পৰিব। ভাৰতে যিমান গুৰুত্বৰে ‘চিঅ’পি-২১’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আহিছে, এই প্ৰয়াসে আমাক সেই ক্ষেত্ৰতো সহায় কৰিব।

বন্ধুসকল,

পৃথিৱীৰ ৰপ্টানীকাৰীসকলৰ অভিমত হ’ল যিবোৰ দেশে সংযুক্তকৰণ আৰু নিকা ইন্ধনৰ ক্ষেত্ৰত আটাইতকৈ অধিক গুৰুত্ব প্ৰদান কৰিব, তড়িত গতিৰে কাম কৰিব, সেইবোৰ দেশেই সেই তড়িত গতিৰে উন্নতিৰ শিখৰ স্পৰ্শ কৰিব পাৰিব। আজি আপোনালোকে যি দিশৰ পৰাই লক্ষ্য কৰে, ঘাইপথৰ সংযোগ, ৰে’লপথৰ সংযোগ, মেট্ৰো সংযোগ, বায়ুপথৰ সংযোগ, জলপথৰ সংযোগ, ডিজিটেল সংযোগ অথবা গেছ সংযোগ, ভাৰতত আজি যিমানখিনি কাম চলি আছে, একেলগে ইমান বিশাল পৰিসৰত ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল। এগৰাকী ভাৰতীয় হিচাপে এয়া আমাৰ সকলোৰে সৌভাগ্য যে আমি এয়া সম্ভৱ হোৱাটো আমাৰ নিজৰ চকুৰে দেখিবলৈ পাইছো, আমি সকলো বিকাশৰ এই নতুন আন্দোলনৰ অংশ হ’ব পাৰিছো।

 

ভাই-ভনীসকল,

বিগত শতাব্দীত ভাৰতে যেনে গতিবেগেৰে প্ৰগতি কৰিছিল তাৰ নিজা গুৰুত্ব আছে। মই সেই বিষয়ে বিস্তৃত আলোচনা কৰিবলৈ যাব খোজা নাই। পিচে, এটা কথা ঠিক যে, আজিৰ যুৱ ভাৰতে, পৃথিৱীক সন্মোহিত কৰাৰ বাবে অধীৰ ভাৰতে এতিয়া ধীৰ গতিৰে আগবাঢ়িব নোৱাৰে। এনে প্ৰেক্ষাপটতে বিগত বছৰচেৰেকত দেশে গতিবেগ বঢ়াইছে, মাত্ৰা বৃদ্ধি কৰিছে আৰু পৰিসৰো বৃদ্ধি কৰিছে।

বন্ধুসকল,

ভাৰতৰ নতুন প্ৰজন্মৰ এটা ভাল গুণ হ’ল তেওঁলোকে তথ্যৰ আধাৰত কথাবোৰৰ সমীক্ষা কৰে। আৰু কথাবোৰৰ সফলতা-বিফলতাবোৰৰ তুলনাত্মক ৰূপত বিশ্লেষণো কৰে। আৰু প্ৰতিটো কথাকে তৰ্ক-বিতৰ্ক আৰু তথ্যৰ আধাৰত স্বীকাৰ কৰি লয়। ভাৰতত গেছ ভিত্তিক অৰ্থনীতিক লৈ এতিয়া যি পৰিসৰত কাম চলি আছে, সেই প্ৰসংগতো তৰ্ক আৰু তথ্য বহুত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বন্ধুসকল,

আমাৰ দেশত সংস্থাপিত প্ৰথমটো আন্তঃৰাজ্যিক প্ৰাকৃতিক গেছ পাইপলাইনৰ শুভাৰম্ভ কৰা হৈছিল ১৯৮৭ চনত। ইয়াৰ পিচত ২০২১৪ চন পৰ্যন্ত, অৰ্থাত্ ২৭ বছৰত ভাৰতত ১৫ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইন স্থাপন কৰা হৈছিল। ইয়াৰ বিপৰীতে, আজিৰ তাৰিখত দেশত পূব-পশ্চিম-উত্তৰ-দক্ষিণজুৰি ১৬ হাজাৰৰো অধিক কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইনৰ কাম চলি আছে। এই প্ৰকল্পৰ কাম আগন্তুক ৪-৬ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে কল্পনা কৰকচোন, যিমান কাম বিগত ২৭ বছৰত সম্পন্ন কৰা হৈছিল, আমি তাতকৈ অধিক কাম তাৰো আধা সময়ত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ কৰ্মত ব্ৰতী হৈ আহিছো।

বন্ধুসকল,

এইদৰে আৰু এটা উদাহৰণ হ’ল ‘চিএনজি ষ্টেশ্যন’ৰ। আমাৰ দেশত ১৯৯২ চনৰ ওচৰে-পাজৰে প্ৰথমটো ‘চিএনজি ষ্টেশ্যন’ আৰম্ভ কৰা হৈছিল। ২০১৪ পৰ্যন্ত ২২টা বছৰত দেশত ‘চিএনজি ষ্টেশ্যন’ৰ সংখ্যা ৯০০তকৈ অধিক হোৱা নাছিল। পিচে, বিগত ৬টা বছৰত প্ৰায় ১৫০০টা ‘চিএনজি ষ্টেশ্যন’ আৰম্ভ কৰা হৈছে। এতিয়া চৰকাৰে সমগ্ৰ দেশতে ‘চিএনজি ষ্টেশ্যন’ৰ সংখ্যা ১০,০০০ পৰ্যন্ত বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰি কাম কৰি আছে। এতিয়া এই পাইপলাইনৰ কাম আৰম্ভ হোৱাৰ পিচত কেৰালা আৰু কৰ্ণাটকৰ অনেক চহৰত ৭০০ ‘চিএনজি ষ্টেশ্যন’ মুকলি কৰাৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াব পাৰিব।

বন্ধুসকল,

সেইদৰে, ‘পিএনজি’ সংযোগৰো আৰু এক উল্লেখনীয় পৰিসংখ্যা চৰ্চা কৰিব লাগিব। ২০১৪ চন পৰ্যন্ত আমাৰ দেশত মাত্ৰ ২৫লাখ ‘পিএনজি’-সংযোগ আছিল। আজি দেশত ৭২লাখৰো অধিক ৰান্ধনীশালত পাইপেৰে গেছ-সংযোগ দিয়া হৈছে। কোচী-মাংগালুৰু পাইপলাইনে আৰু ২১লাখ নতুন ব্যক্তিক ‘পিএনজি’ৰ সুবিধা প্ৰদান কৰিব।

ভাই-ভনীসকল,

দীঘলীয়া সময় ধৰি ভাৰতত ‘এলপিজি’ সংযোগৰ স্থিতি কেনে আছিল, সেই কথা আমি সকলোৱেই নিশ্চয় জানো। ২০১৪ চন পৰ্যন্ত দেশত ১৪ কোটি ‘এলপিজি’ সংযোগ দিয়া হৈছিল, ইয়াৰ বিপৰীতে বিগত ৬টা বছৰত সিমান সংখ্যক সংযোগেই দিয়া হ’ল। ‘উজ্জ্বলা যোজনা’ৰ দৰে আঁচনিৰ জৰিয়তে দেশৰ ৮কোটিৰো অধিক দুখীয়া পৰিয়ালৰ ঘৰলৈ ৰন্ধন গেছৰ সংযোগ প্ৰদানতো কৰা হৈছেই লগতে ‘এলপিজি’ৰে জড়িত আন্তঃগাঁথনিও শক্তিশালী হৈ উঠিছে।

 

বন্ধুসকল,

ইয়াৰ সুবাদতে ক’ৰোনা কালতো ৰন্ধন গেছৰ সমস্যা কেতিয়াও হোৱা নাছিল। দুখীয়াৰো দুখীয়াসকলক আমি সেই সংকটৰ সময়তো প্ৰায় ১২ কোটি চিলিণ্ডাৰ উপলব্ধ কৰাইছিলো।

বন্ধুসকল,

চৰকাৰৰ এই প্ৰয়াসৰ, ইমান দ্ৰুত গতিৰে কৰা কামৰ এক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ বিষয়ে ইমান আলোচনা কিন্তু হোৱা নাই। মনত পেলাওকচোন আমাৰ দেশত কেৰাচিনৰ বাবে কিমান দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল। কেৰাচিনৰ পৰিমান বঢ়োৱাৰ আৰ্জি লৈ ৰাজ্য চৰকাৰসমূহে ভাৰত চৰকাৰলৈ চিঠি লিখিবলগীয়া হৈছিল। কেৰাচিনৰ যোগানক লৈ কেন্দ্ৰ-ৰাজ্যৰ মাজত সদায়ে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আজিৰ তাৰিখত সহজতে ৰন্ধন গেছৰ যোগান সম্ভৱ হৈ উঠাত কেৰাচিনক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিও নোহোৱা হৈ পৰিছে। আজিৰ তাৰিখত বহু ৰাজ্যই নিজেই কেৰাচিন মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ লোৱা দেখিবলৈ পোৱা গৈছে।

বন্ধুসকল,

শক্তি পৰিকল্পনাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে এক সংহত দৃষ্টিভংগী গ্ৰহণত বিশ্বাস কৰি আহিছে। আমাৰ শক্তি-কাৰ্যক্ৰম সৰ্ব-সমাৱেশীমূলক। ২০১৪ চনৰ পৰা আমি তেল আৰু গেছ খণ্ডত বিভিন্ন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছো। এই সংস্কাৰমূলক পদক্ষেপৰ ভিতৰত তেলৰ অনুসন্ধান আৰু উত্পাদন, প্ৰকৃতিক গেছ, বিপণন আৰু বিতৰণক সামৰি লোৱা হৈছে। আমি ‘এক ৰাষ্ট্ৰ এক গেছ গ্ৰীড’ গঢ়ি তোলাৰ পৰিকল্পনা কৰি আছো। এক গেছ ভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰ বাবেও আমি প্ৰয়াস অব্যাহত ৰাখিছো। প্ৰকৃতিক গেছৰ ব্যৱহাৰৰ বহুবোৰ পাৰিপাৰ্শ্বিক উপকাৰিতা আছে। এনে প্ৰেক্ষাপটতে চৰকাৰে ভাৰতৰ শক্তিক্ষেত্ৰত প্ৰকৃতিক গেছৰ অংশীদাৰিত্ব ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি কৰাৰ বাবে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত দশকটোত তেল আৰু গেছ খণ্ডত কোটি কোটি টকা বিনিয়োগ কৰা হ’ব। ‘গেইল’ৰ এই ‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ৰ উতসৰ্গাও ‘এক ৰাষ্ট্ৰ এক গেছ গ্ৰীড’ৰ দিশে আমি আৰম্ভ কৰা যাত্ৰাৰে এক অংশ। এক উন্নত ভৱিষ্যতৰ বাবে ‘স্বচ্ছ শক্তি’ নিতান্তই গুৰুত্বপূৰ্ণ।

ভাই-ভনীসকল,

সমুদ্ৰৰ পাৰত বসবাস কৰাসকলৰ এক গৰিষ্ঠ সংখ্যক হ’ল আমাৰ কৃষকসমাজৰ, আমাৰ মাছুৱৈ বন্ধুসকলৰ। এইসকল বন্ধুয়ে সমুদ্ৰৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰাই নহয়, বৰঞ্চ এই সম্পদৰ বহুত ডাঙৰ সংৰক্ষকো হয়। সেয়ে, উপকূলীয় বাতাৱৰণৰ সুৰক্ষা আৰু সমৃদ্ধি কৰাতো নিতান্তই জৰুৰী। বিগত বছৰচেৰেকত ইয়াৰ বাবে বহুত সাৰ্থক পদক্ষেপ গ্ৰহণ কৰা হৈছিল। মাছুৱৈসকলে যাতে গভীৰ সাগৰত গৈ মত্স্য চিকাৰ কৰিব পৰাকৈ প্ৰয়োজনীয় সহায় আগবঢ়াব পৰাকৈ মতস্য পালন সংক্ৰান্তীয় পৃথক বিভাগ গঠন কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমি সকলোৱে একত্ৰিত হৈ, সংকল্পিত মনোভাৱৰে কাম কৰিলেহে আমাৰ ৰাষ্ট্ৰীয় লক্ষ্য দ্ৰুত গতিৰে আহৰণ কৰিবগৈ পাৰিম। আকৌ এবাৰ ‘কোচী-মাংগালুৰু গেছ পাইপলাইন’ৰ বাবে কেৰালা-কৰ্ণাটকৰ সকলো নাগৰিক, ভাই-ভনীসকলক, এই প্ৰকল্পৰে জড়িত সকলো মহানুভৱকে বহুত বহুত অভিনন্দন!

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Celebrate ‘Har Ghar Tiranga’drive, PM Modi calls on every household

Media Coverage

Celebrate ‘Har Ghar Tiranga’drive, PM Modi calls on every household
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights India’s strong conservation efforts on World Elephant Day
August 12, 2026

Prime Minister Shri Narendra Modi today stated that on World Elephant Day, we celebrate the majestic elephant, which has remained an integral part of India’s ecological heritage. He expressed gladness that India is home to over 60% of the world’s wild Asian elephants.

The Prime Minister noted that our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. Shri Modi also expressed pride in all forest personnel, scientists, veterinarians, mahouts, and the local communities who are integral to all such efforts.

In a post on X, the Prime Minister shared:

"On World Elephant Day, we celebrate the majestic elephant which has remained an integral part of India’s ecological heritage. It is gladdening that India is home to over 60% of the world’s wild Asian elephants. Our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. We are also proud of all forest personnel, scientists, veterinarians, mahouts and the local communities who are integral to all such efforts."