Ram belongs to everyone; Ram is within everyone: PM Modi in Ayodhya
There were efforts to eradicate Bhagwaan Ram’s existence, but He still lives in our hearts, he is the basis of our culture: PM
A grand Ram Temple will become a symbol of our heritage, our unwavering faith: PM Modi

ছিয়াবৰ ৰামচন্দ্র কী জয়!

জয় শ্ৰীৰাম

জয় শ্ৰীৰাম

 

আজিৰ এই জয়জয়কাৰ কেৱল শ্ৰীৰামৰ নগৰীতে শুনিবলৈ পোৱা নাই, ইয়াৰ প্রতিধ্বনি সমগ্ৰ বিশ্বত গুঞ্জৰিত হৈছে।

সমগ্ৰ দেশবাসীৰ লগতে সমগ্ৰ বিশ্বজুৰি থকা কোটি কোটি ভাৰত ভক্ত, ৰাম ভক্তক আজিৰ এই পবিত্র অনুষ্ঠান উপলক্ষে কোটি কোটি শুভেচ্ছা জ্ঞাপন কৰিলো।

মঞ্চত উপৱিষ্ট উত্তৰপ্রদেশৰ ৰাজ্যপাল শ্রীমতী আনন্দিবেন পেটেলজি, উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথজি, পুজনীয় নিত্যগোপাল দাসজি মহাৰাজ আৰু মোৰ সকলোৰে শ্রদ্ধাৰ শ্রী মোহন ভাগৱতজি,

এয়া মোৰ সৌভাগ্য যে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে মোক আমন্ত্রণ জনাইছে। এক ঐতিহাসিক মুহূর্তৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰিলে। মই ইয়াৰ বাবে অন্তৰৰ পৰা শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টকে কৃতজ্ঞতা জনাইছো।

ৰাম কাজু কীন্‌হে বিনু মোহি কহাঁ বিশ্রাম।

ভাৰতে আজি ভগৱান ভাস্কৰৰ সান্নিধ্যত সৰযুৰ পাৰত এক সোনালী অধ্যায় ৰচনা কৰিছে।

কন্যাকুমাৰীৰ পৰা ক্ষিৰভবানীলাকে, কোটেশ্বৰৰ পৰা কামাখ্যালৈকে, জগন্নাথৰ পৰা কেদাৰনাথলৈকে, সোমনাথৰ পৰা কাশী বিশ্বনাথলৈকে, সম্মেদ শিখৰৰ পৰা শ্রাৱণবেলোগোলালৈকে, বুদ্ধ গয়াৰ পৰা সাৰনাথলৈকে, অমৃতসৰৰ পৰা পাটনা চাহিবলৈকে, আন্দামানৰ পৰা আজমেৰলৈকে, লাক্ষাদ্বীপাছত পৰা লেহলৈকে আজি সমগ্ৰ ভাৰত ৰামময় হৈ পৰিছে। সমগ্ৰ ভাৰত ৰোমাঞ্চিত। প্রত্যেকৰে মন আলোকিত। আজি সমগ্ৰ ভাৰত ভাবুক হৈ পৰিছে। কেইবা শতিকাৰ অপেক্ষাৰ আজি অন্ত পৰিল।

কোটি কোটি মানুহে আজিও এইটো বিশ্বাস কৰিব পৰাই নাই যে তেওঁলোকে নিজৰ জীৱনকালত এই পবিত্র দিন দেখিবলৈ পাব।

বন্ধুসকল,

বছৰ বছৰ ধৰি তিৰপালৰ তলত বসবাসকাৰী আমাৰ ৰামলালাৰ বাবে এতিয়া এক অপূৰ্বসুন্দৰ মন্দিৰ গঢ় লৈ উঠিব। উত্থান-পতনৰ মাজেৰে শতিকাৰ পাছত শতিকা ধৰি এই ব্যতিক্রমৰ পৰা ৰাম জন্মভূমি আজি মুক্ত হৈছে। মোৰ সৈতে পুনৰবাৰ কওক, জয় শ্ৰীৰাম! জয় শ্ৰীৰাম!

বন্ধুসকল,

আমাৰ স্বাধীনতা আন্দোলনৰ সময়ত বহু প্রজন্মৰ লোকে নিজৰ সকলো ত্যাগ কৰিছিল। দাসত্বৰ সময়ছোৱাত এনে কোন সময় নাছিল, য’ত স্বাধীনতাৰ বাবে আন্দোলন চলা নাছিল। দেশৰ কোনো ঠাই নাছিল, য’ত স্বাধীনতাৰ বাবে কোনেও বলিদান দিয়া নাছিল।

১৫ আগষ্ট দিনটো, সেই অসীম তপস্যাৰ, লাখ লাখ বলিদানৰ প্রতীক, স্বাধীনতাৰ সেই উদগ্রীৱ ইচ্ছা, সেই ভাৱনাৰ প্রতীক।

 

ঠিক একেদৰে ৰাম মন্দিৰৰ বাবে বহু শতিকা ধৰি, বহু প্রজন্মৰ অখণ্ড, অবিৰত, একনিষ্ঠ প্রচেষ্টা অব্যাহত আছিল। আজিৰ এই দিনটো সেই তপস্যা, ত্যাগ আৰু সংকল্পৰ প্রতীক।

ৰাম মন্দিৰৰ বাবে আন্দোলনত অর্পণো আছিল, তর্পণো আছিল, সংঘর্ষও আছিল সংকল্পও আছিল।

যিসকলৰ ত্যাগ, আত্মবলিদান আৰু সংঘর্ষৰ ফলত আজিৰ এই সপোন বাস্তৱ হৈছে, যিসকলৰ তপস্যা ৰাম মন্দিৰৰ ভিতৰত জড়িত হৈ আছে, মই সেইসকল লোকক আজি প্রণাম জনাইছো। তেওঁলোকৰ বন্দনা কৰিছো।

সম্পূর্ণ সৃষ্টিৰ শক্তি, ৰাম জন্মভূমিৰ পবিত্র আন্দোলনত জড়িত প্রত্যেক ব্যক্তিত্ব যিসকল য’তে আছে, এই আয়োজনক দেখিছে, তেওঁলোকে এতিয়া ভাৱত বিভোৰ হৈ আছে। সকলোকে আশীর্বাদ দিছে।

বন্ধুসকল,

ৰাম আমাৰ মনৰ মাজত স্থাপিত হৈ আছে। আমাৰ ভিতৰত প্রতিটো কোষত মিলি আছে। কোনো কাম কৰিবলৈ হ’লে প্রেৰণাৰ বাবে আমি ভগৱান ৰামকে মাতো। আপোনালোকে ভগৱান ৰামৰ অদ্ভূত শক্তি চাওক। অট্টালিকা ধ্বংস কৰি দিয়া হৈছে, অস্তিত্ব নাইকিয়া কৰি দিয়াৰ বহু চেষ্টা চলিছে, কিন্তু ৰাম আজিও আমাৰ মনত বাস কৰে, এয়াই আমাৰ সংস্কৃতিৰ ভেঁটি।

বন্ধুসকল,

ৰাম আমাৰ মনৰ মাজত স্থাপিত হৈ আছে। আমাৰ ভিতৰত প্রতিটো কোষত মিলি আছে। কোনো কাম কৰিবলৈ হ’লে প্রেৰণাৰ বাবে আমি ভগৱান ৰামকে মাতো। আপোনালোকে ভগৱান ৰামৰ অদ্ভূত শক্তি চাওক। অট্টালিকা ধ্বংস কৰি দিয়া হৈছে, অস্তিত্ব নাইকিয়া কৰি দিয়াৰ বহু চেষ্টা চলিছে, কিন্তু ৰাম আজিও আমাৰ মনত বাস কৰে, এয়াই আমাৰ সংস্কৃতিৰ ভেঁটি।

শ্রীৰাম ভাৰতৰ মর্যাদা, শ্রীৰাম মর্যাদা পুৰুষোত্তম। এই মর্যাদাৰ পোহৰেৰে অযোধ্যাত ৰাম জন্মভূমিত শ্রীৰামৰ এই অপূৰ্বসুন্দৰ মন্দিৰৰ ভূমি পুজাও হ’ল।

ইয়ালৈ অহাৰ পূৰ্বে মই হনুমানগড়ী দর্শন কৰিলো। ৰামৰ সকলো কাম হনুমানেই তো কৰিছিল। ৰামৰ আদর্শসমূহ কলিযুগত ৰক্ষা কৰাৰ দায়িত্বও হনুমানজিৰ ওপাছততে ন্যস্ত আছে। হনুমানজিৰ আশীর্বাদতে শ্রীৰাম মন্দিৰ ভূমি পুজাৰ এই আয়োজন আৰুম্ভ হৈছে।

বন্ধুসকল,

শ্রীৰামৰ মন্দিৰ আমাৰ সংস্কৃতিৰ আধুনিক প্রতীক হৈ উঠিব, আমাৰ শাশ্বত আস্থাৰ প্রতীক হৈ উঠিব, আমাৰ ৰাষ্ট্রীয় ভাৱনাৰ প্রতীক হৈ উঠিব আৰু এই মন্দিৰ কোটি কোটি লোকৰ সামগ্রিক সংকল্প শক্তিৰো প্রতীক হৈ উঠিব। এই মন্দিৰ পাছতৱৰ্তী প্রজন্মৰ আস্থা, শ্রদ্ধা আৰু সংকল্পক প্রেৰণা যোগাই যাব। এই মন্দিৰ নির্মাণ হোৱাৰ পাছত অযোধ্যাৰ কেৱল সৌন্দর্য্যই বৃদ্ধি নাপায়, এই অঞ্চলৰ সমগ্র অর্থনীতি সলনি হ’ব। এই সমগ্ৰ এলেকাত নতুন সুযোগ গঢ়ি উঠিব, সকলো ক্ষেত্র সুযোগ বৃদ্ধি পাব।

ভাৱকছোন, সমগ্র বিশ্বৰ পৰা মানুহ ইয়ালৈ আহিব। সমগ্র বিশ্ব প্রভু ৰাম আৰু মাতা জানকীৰ দর্শন কৰিবলৈ আহিব। কিমানবো সাল-সলনি হ’ব।

বন্ধুসকল,

ৰাম মন্দিৰ নির্মাণৰ এই প্রক্রিয়া ৰাষ্ট্রক ঐক্যবদ্ধ কৰাৰ প্রচেষ্টা। এই মহোৎসৱ হ’ল-বিশ্বাসক বিদ্যমানৰ সৈতে যুক্ত কৰাৰ, নৰকত নাৰায়ণেৰ সৈতে যুক্ত কৰাৰ, জনগণকে আস্থাৰ সৈতে যুক্ত কৰাৰ, বর্তমানক অতীতৰ সৈতে যুক্ত কৰা আৰু নিজক সংস্কাৰৰ সৈতে যুক্ত কৰাৰ। আজিৰ এই ঐতিহাসিক মুহূর্তই যুগ যুগ ধৰি দিক-দিগন্তত ভাৰতৰ গৌৰৱৰ পতাকা উৰুৱাই থাকিব।

আজিৰ এই দিনটো কোটি কোটি ৰাম ভক্তৰ সংকল্পৰ সত্যতাৰ প্রমাণ। আজিৰ এই দিনটো সত্য, অহিংসা, আস্থা আৰু বলিদানক ন্যায়প্রিয় ভাৰতৰ এক অনুপম উপহাৰ।

ক’ৰোনাৰ ফলত যি পৰিস্থিতি সৃষ্টি হৈছে, তাত ভূমি পুজাৰ এই কাৰ্যসূচী বহুত মর্যাদাসহকাৰে কৰা হৈছে। শ্রীৰামৰ কামত মর্যাদাৰ যেনে উদাহৰণ প্রস্তুত কৰা উচিৎ আছিল, দেশবাসীয়ে তেনে উদাহৰণকে প্রস্তুত কৰিছে।

এই মর্যাদাৰ অনুভৱ আমি তেতিয়াও কৰিছিলো, যেতিয়া মাননীয় সর্বোচ্চ আদালতে ইয়াৰ ঐতিহাসিক ৰায় শুনাইছিল। আমি তেতিয়াও দেখিছিলো কিদৰে সমগ্ৰ দেশবাসীয়ে শান্তিৰে সকলো ভাৱনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নিজক সংযত কৰি ৰাখিছিল। আজিও আমি চাৰিওপালে সেই মর্যাদা ৰক্ষা কৰা দেখিবলৈ পাইছো।

বন্ধুসকল,

এই মন্দিৰৰ সৈতে কেৱল নতুন ইতিহাসেই ৰচিত হোৱা নাই বৰঞ্চ ইতিহাস নিজেই পুনৰাবৃত্তি হৈছে। এইদৰে কাঠবিড়ালিৰ পৰা আৰম্ভ কৰি বানৰ আৰু কেওটৰ পৰা আৰম্ভ কৰি বনবাসী বন্ধুসকলৰ ভগৱান ৰামৰ বিজয়ৰ মাধ্যম হোৱাৰ সৌভাগ্য হৈছে। যিদৰে সৰু সৰু গোৱালাই ভগৱান শ্রীকৃষ্ণৰ দ্বাৰা গোৱর্ধন পর্বত উঠোৱাৰ সময়ত বৃহৎ ভূমিকা পালন কৰিছিস, যিদৰে মাওলে, ছত্রপতি বীৰ শিৱাজীৰ স্বৰাজ্য স্থাপনাৰ নিমিত্ত হৈছিল, যিদৰে দুখীয়া পিছপৰা লোকসকলে বিদেশী আক্রমণকাৰীসকলৰ সৈতে যুঁজত মহাৰাজা সুহেলদেৱৰ সম্বল হৈ উঠিছিল, যিদৰে অনগ্রসৰ, পিছপৰা আৰু আদিবাসী সমাজৰ প্রত্যেক ব্যক্তিয়ে স্বাধীনতা সংগ্রামত গান্ধীজীক সহযোগিতা কৰিছে, তেনেদৰেই আজি সমগ্ৰ দেশৰ মানুহৰ সহযোগিতাত ৰাম মন্দিৰ নির্মাণৰ এই পূণ্যকাৰ্য আৰম্ভ হৈছে।

যিদৰে পাথৰৰ ওপৰত শ্রীৰাম লিখি ৰাম সেতু নিৰ্মাণ হৈছিল, তেনেদৰেই ঘৰে ঘৰে, গাঁৱে-ভূঞেঁ শ্রদ্ধাৰে পুজা দিয়া শিল ইয়াত প্রাণশক্তিৰ উৎস হৈ উঠিছে।

সমগ্ৰ দেশৰ ধাম আৰু মন্দিৰসমূহৰ পৰা অনা মাটি আৰু নদীসমূহৰ পানী তাৰ ব্যক্তি, তাৰ সংস্কৃতি আৰু তাৰ ভাৱনা আজি ইয়াত আহি শক্তিত ৰূপান্তৰিত হৈছে।

প্ৰকৃতাৰ্থত, এয়া ন ভুতো ন ভৱিষ্যতি।

ভাৰতৰ আস্থা, ভাৰতৰ জনগণৰ সামগ্রিকতাৰ এই অমোঘ শক্তি, সমগ্ৰ বিশ্বৰ বাবে অধ্যয়নৰ বিষয়, গৱেষণাৰ বিষয়।

বন্ধুসকল,

শ্রীৰামচন্দ্রৰ তেজ সূর্যৰ দৰে, ক্ষমাত তেওঁ পৃথিৱীৰ দৰে, বুদ্ধিত তেওঁ বৃহস্পতিৰ দৰে আৰু খ্যাতিত তেওঁ ইন্দ্রৰ দৰে বুলি ভৱা হয়। শ্রীৰামৰ চৰিত্র আটাইতকৈ বেছি যি কেন্দ্রবিন্দুৰ চাৰিওফালে বিয়পি আছে, সেয়া হ’ল সত্যত অটল থকা। সেইবাবেই শ্রীৰাম সম্পূর্ণ। সেইবাবেই তেওঁ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ বাবে আলোকস্তম্ভ হৈ আছে। শ্রীৰামচন্দ্র সামাজিক সমতাক তেওঁৰ শাসনকালৰ আধাৰশিলা বনাইছিল। তেওঁ গুৰু বশিষ্টৰ পৰা জ্ঞান, কেওটৰ পৰা প্রেম, ছবৰীৰ পৰা মাতৃত্ব, হনুমানজি আৰু বনবাসী বন্ধুসকলৰ পৰা সহযোগিতা আৰু প্রজাগণৰ পৰা বিশ্বাস পাইছিল। আনকি তেওঁ এক কেৰ্কেটুৱাৰ মহত্বকো হাঁহিমুখে স্বীকাৰ কৰিছিল।

 

তেওঁৰ অদ্ভূত ব্যক্তিত্ব, তেওঁৰ বীৰত্ব, তেওঁৰ উদাৰতা, তেওঁৰ সত্যনিষ্ঠা, তেওঁৰ নির্ভীকতা, তেওঁৰ ধৈর্য্য, তেওঁৰ দৃঢ়তা, তেওঁৰ দার্শনিক দৃষ্টি যুগ যুগ ধৰি প্রেৰণা যোগাই যাব৷ ৰামে প্রত্যেক প্রজাক সমানভাৱে ভাল পাইছিল৷ কিন্তু দুখীয়া আৰু দীন-দৰিদ্ৰসকলৰ প্রতি তেওঁৰ বিশেষ কৃপা আছিল৷ সেইবাবেই মাতা সীতাই ৰামজীক কৈছিল–“দীনদয়াল বিৰিদু সম্ভাৰী”, অর্থাৎ যি দীন, যি দুঃখি, তেওঁৰ দুৰৱস্থা দূৰ কৰিব শ্রীৰামে।

বন্ধুসকল,

জীৱনৰ এনে কোনো বিষয় নাই যাক লৈ ৰামে আমাৰ প্রেৰণা যোগোৱা নাই৷ ভাৰতৰ এনে কোনো ভাৱনা নাই য’ত প্রভু ৰামৰ প্রতিফলন নাথাকে৷ ভাৰতৰ বিশ্বাসত ৰাম আছে, ভাৰতৰ আদর্শত ৰাম আছে, ভাৰতৰ দিব্যতাত ৰাম আছে, ভাৰতৰ দর্শনত ৰাম আছে৷ হাজাৰ হাজাৰ বছৰ পূৰ্বে বাল্মীকি ৰামায়ণত যিগৰাকী ৰামে প্রাচীন ভাৰতৰ পথ প্রদর্শন কৰিছে, যিগৰাকী ৰামে মধ্যযুগত তুলসী, কবীৰ আৰু নানকৰ জৰিয়তে ভাৰতক শক্তি যোগাইছে, সেইগৰাকী ৰামে স্বাধীনতা আন্দোলনৰ সময় বাপুজীৰ ভজনত অহিংসা আৰু সত্যাগ্রহৰ শক্তি হৈ উপস্থিত আছিল৷ তুলসীৰ ৰাম সগুণ ৰাম, তেনেকৈ নানক আৰু কবীৰৰ ৰাম নির্গুণ ৰাম! ভগৱান বুদ্ধও ৰামৰ সৈতে জড়িত আছিল আৰু শ শ বছৰ ধৰি এই অযোধ্যা নগৰীত জৈন ধর্মৰো আস্থাৰ কেন্দ্র আছিল।

ৰামৰ এই সর্বত্ৰ ব্যাপকতা ভাৰতৰ বৈচিত্ৰতাৰ মাজত একতাৰ জীৱন চৰিত্রস্বৰূপ। তামিলত ‘কম্ব ৰামায়ণ’, তেলেগুত ‘ৰঘুনাথ আৰু ৰংগনাথ ৰামায়ণ’, ওড়িয়াত ‘ৰুইপাদ-কাতেড়পদী ৰামায়ণ’, আৰু কান্নাড়াত ‘কুমুদেন্দু ৰামায়ণ’ আছে। আপোনালোকে কাশ্মীৰলৈ গ’লে তাত ৰাম অৱতাৰ চৰিত পাব, মালয়ালামত ‘ৰাম চৰিতম’ পাব, বাংলাত ‘কৃত্তিবাস ৰামায়ণ’ আছে আৰু গুৰু গোৱিন্দ সিঙেতো নিজেই ‘গোৱিন্দ ৰামায়ণ’ লিখিছিল৷ বিভিন্ন ৰামায়ণত ভিন্ন স্থানৰ ৰামক ভিন্ন ৰূপত পাওয়া যাব, কিন্তু ৰাম সকলো ঠাইতে আছেন, ৰাম সকলোৰে। সেইবাবে, ৰাম ভাৰতৰ বৈচিত্র্যতাৰ মাজত ঐক্যৰ সূত্র।

বন্ধুসকল,

বিশ্বৰ কিমান দেশে ৰামৰ নাম বন্দনা কৰে। তাৰ নাগৰিকসকলে নিজকে ৰামৰ সৈতে যুক্ত বুলি বিশ্বাস কৰে৷ বিশ্বৰ সর্বাধিক মুছলমান লোক থকা দেশখন হ’ল ইণ্ডোনেছিয়া। তাতো আমাৰ দেশৰ দৰে ‘কাকাবিন ৰামায়ণ’, ‘স্বর্ণদ্বীপ ৰামায়ণ’, ‘যোগেশ্বৰ ৰামায়ণ’ৰ দৰে কেইবাখনো অদ্ভূত ৰামায়ণ আছে। ৰামক এতিয়াও সেই দেশে পুজা কৰে৷ কম্বোডিয়াত ‘ৰমকেৰ ৰামায়ণ’ আছে। লাওছত ‘ফ্রা-লাক ফ্রা-লাম ৰামায়ণ’ আছে। মালয়েছিয়াত ‘হিকায়ত ছেৰী ৰাম’ আৰু থাইলেণ্ডত ‘ৰামাকেন’ আছে। আপোনালোকে ইৰান আৰু চীনতো ৰামৰ প্ৰসংগত বিভিন্ন ৰামকথাৰ বিৱৰণ লাভ কৰিব৷ শ্রীলংকাত ৰামায়ণৰ কথা ‘জানকী হৰণ’ নামেৰে শুনোৱা হয়। নেপালতো ৰামৰ সৈতে আত্মীক সম্পর্ক, মাতা জানকীৰ সৈতে সম্পৰ্কীত৷

এনেকৈ বিশ্বৰ আৰু কিমান দেশত, ক’ত ক’ত কি ৰূপত ৰাম বিৰাজমান হৈ আছে, সেয়া জনা নাযায়৷

আজি ভাৰতৰ বাহিৰে বহুসংখ্যক এনে দেশ আছে, য’ৰ ভাষাত ৰামকথা আজিও প্রচলিত।

মোৰ দৃঢ় বিশ্বাস যে আজি এই দেশসমূহতো কোটি কোটি লোকে ৰাম মন্দিৰ নির্মাণৰ এই কাম আৰম্ভ হোৱা দেখি অতিশয় আনন্দিত হৈছে৷ প্ৰকৃততে ৰাম সকলোৰে, প্ৰত্যেকৰ হৃদয়ত তেওঁ বিৰাজমান৷

বন্ধুসকল,

মোৰ দৃঢ় বিশ্বাস যে শ্রীৰামৰ নামৰ দৰেই অযোধ্যাত নির্মীয়মান এই অপূৰ্বসুন্দৰ ৰাম মন্দিৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতীক হৈ উঠিব।

মোৰ দৃঢ় বিশ্বাস যে ইয়াত নির্মীয়মান ৰাম মন্দিৰ অনন্তকাল ধৰি সমগ্র মানৱতাক প্রেৰণা যোগাব৷

সেইবাবে, আমি এইটো সুনিশ্চিত কৰিব লাগিব যে ভগৱান শ্রীৰামৰ বার্তা, ৰাম মন্দিৰৰ বার্তা, আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰম্পৰাৰ বার্তা কিদৰে সমগ্ৰ বিশ্বত নিৰন্তৰ দি যাম৷

কিদৰে আমাৰ জ্ঞান, আমাৰ জীৱন দৃষ্টিভংগীৰ সৈতে বিশ্ব পৰিচিত হ’ব, এয়া আমাৰ বর্তমান আৰু ভৱিষ্যৎ প্রজন্মৰ দায়িত্ব। এই দায়িত্ব উপলব্ধি কৰি আৰু দেশত ভগৱান ৰামৰ চৰণ য’ত য’ত পৰিছে, তাত ৰাম চার্কিট নিৰ্মাণ কৰা হৈছে। ভগৱান ৰামৰ গৃহ নগৰী! অযোধ্যাৰ মহিমা প্রভু ৰাম নিজেই কৈছে “জন্মভূমি মম পুৰী সুহানী।।

অৰ্থাৎ মোৰ জন্মভূমি অযোধ্যা অলৌকিক শোভাৰ নগৰী। মই অতিশয় আনন্দিত যে আজি প্রভু ৰামৰ জন্মভূতিৰ সৌন্দর্য, দিব্যতা বৃদ্ধিৰ বাবে বহু ঐতিহাসিক কাম হৈছে।

বন্ধুসকল,

আমাৰ শাস্ত্র কৈছে-“ন ৰাম সদৃশ ৰাজা, প্রথিব্যাম্‌ নীতিবান অভূত।।” অর্থাৎ, সমগ্ৰ পৃথিৱীত শ্রীৰামৰ দৰে নীতিপৰায়ণ শাসক কেতিয়াও নাছিল৷ শ্রীৰামৰ শিক্ষা হ’ল – “নহিঁ দৰিদ্র কোও দুঃখি ন দীনা।।” কোনো দুখত নাথাকে, দুখীয়া নাথাকে৷ শ্রীৰামৰ সামাজিক বার্তা হ’ল – “প্রহৃষ্ঠ নৰ নাৰীকঃসমাজ উ শোভিতঃ।।” নৰ-নাৰী সকলোৱেই সমানে সুখী হওক। শ্রীৰামৰ নির্দেশ হ’ল – “কচ্চিত্‌ তে দয়িতঃ সর্বেকৃষি গোৰক্ষ জীৱিনঃ।। ” কৃষক, পশুপালক সকলোৱেই সদায় আনন্দত থাকক। শ্রীৰামৰ আদেশ হ’ল – “কশ্চিত্‌ বৃদ্ধান চ বালান চ বৈদ্যান মুখ্যান ৰাঘব। শ্রীভিঃ এতৈঃ বুভুষসে।।” জ্যেষ্ঠ, শিশু আৰু চিকিৎসকসকলকক সদায় ৰক্ষা কৰা উচিৎ। শ্রীৰামৰ আহ্বান হ’ল – “জৌঁ সভীত আওয়া সৰনাইৰখিহঁত ত্রাহী প্রাণ কী নাই।।” যিসকল চৰণত আহে তেওঁলোকৰ ৰক্ষা কৰাটো সকলোৰে কর্তব্য। শ্রীৰামৰ সূত্র হ’ল – “জননী জন্মভূমিশ্চ স্বর্গাদপী গৰীয়সী।।” নিজৰ মাতৃভূমি স্বর্গতকৈও অধিক প্রিয়৷

ভাই-ভনীসকল,

শ্রীৰাম আন এক নীতি হ’ল-“ভয় বিনু হৰি ন প্রীতি।।” সেইবাবে আমাৰ দেশ যিমানে শক্তিশালী হ’ব, সিমানে সুস্থিৰতা আৰু শান্তি বৰ্তাই ৰাখিব৷ ৰামৰ এই ৰীতি-নীতিয়ে শ-শ বছৰ ধৰি ভাৰতক পথ প্ৰদৰ্শন কৰি আহিছে৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে এই সূত্র আৰু এই মন্ত্রসমূহৰ পোহৰতে ৰাম ৰাজ্যৰ সপোনা দেখিছিল৷

ৰামৰ জীৱন, তেওঁৰ চৰিত্রই গান্ধীজিৰ ৰাম ৰাজ্যৰ পথ।

বন্ধুসকল,

স্বয়ং প্রভু শ্রীৰামে কৈছিল, “দেশকাল অসৰ অনুহাৰী। বলে বচন বিনীত বিচাৰী।।” অর্থাৎ, ৰামে স্থান, কাল আৰু পৰিস্থিত চাই কথা কয়, ভাৱে আৰু কাম কৰে৷ ৰামে আমাৰ সময়ৰ সৈতে আগুৱাই যোৱাৰ শিক্ষা দিছে৷ ৰামে পৰিৱর্তন আৰু আধুনিকতাৰ পক্ষপাতি। তেওঁৰ এইবোৰ প্রেৰণা আৰু আদর্শসমূহ লৈয়ে ভাৰতে আজি আগুৱাই গৈছে!

বন্ধুসকল,

প্রভু শ্রীৰামে আমাৰ কর্তব্য পালনৰ শিক্ষা দিছে, আমি কর্তব্য কিদৰে পালন কৰিম তাৰ শিক্ষা দিছে৷ তেওঁ আমাৰ বিৰোধৰ পৰা আঁতৰি আহি বোধ আৰু গৱেষণাৰ পথ দেখুৱাইছে৷ আমি পাৰস্পৰিক প্রেম আৰু ভ্রাতৃত্ববোধৰ বন্ধনেৰে ৰাম মন্দিৰৰ এই শিলাসমূহ গাঠিব লাগিব৷ আমি মনত ৰাখিব লাগিব, যেতিয়াই মানৱতা ৰামক মানিছে, তেতিয়াই উন্নয়ন হৈছে। যেতিয়াই পথভ্রষ্ট হৈছে, বিনাশৰ পথ মুকলি হৈছে৷

আমি প্রত্যেকৰে ভাৱনাক গুৰুত্ব দিব লাগিব৷ আমি সকলোকে লগত লৈ, বিশ্বাসৰে সকলোৰে উন্নয়ন কৰিব লাগিব৷ আমি আমাৰ পৰিশ্রম, কল্পনা শক্তিৰে এখন আত্মবিশ্বাসী আৰু আত্মনির্ভৰ ভাৰত গঢ়ি তুলিব লাগিব৷

বন্ধুসকল,

তামিল ৰামায়ণত শ্রীৰামে কৈছে, “কালম্‌ তায়োঈণ্ড ইনুম ইৰুত্তি পোলাম্‌।।” অর্থাৎ, এতিয়া আৰু দেৰি কৰিলে নহ’ব৷ এতিয়া আমি আগুৱাই যাব লাগিব৷ আজি ভাৰতৰ বাবেও আমাৰ সকলোৰে বাবেও ভগৱান ৰামৰ এয়াই বার্তা। মোৰ দৃঢ় বিশ্বাস  যে আমি সকলোৱে আগুৱাই যাম, দেশ আগুৱাই যাব৷

ভগৱান ৰামৰ এই মন্দিৰ যুগ যুগ ধৰি মানৱতাক প্রেৰণা যোগাই থাকিব, পথ প্ৰদৰ্শন কৰিব৷ বৰ্তমান ক’ৰোনাৰ ফলত যিধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে, প্রভু ৰামৰ মর্যাদাৰ পথ আজি আৰু অধিক প্রয়োজনীয় হৈ পৰিছে৷ বর্তমানৰ মর্যাদা হ’ল–দুই গজ দূৰত্ব বজাই ৰখা–মাস্ক পৰিধান কৰা৷

মর্যাদা পালন কৰি সকলো দেশবাসীক যেন প্রভু ৰামে সুস্থ কৰি ৰাখে, সুখেৰে ৰাখে এয়াই মোৰ প্রার্থনা।

সকলো দেশবাসীৰ ওপৰত মা সীতা আৰু শ্রীৰামৰ আশীর্বাদ বৰ্তি থকাটো কামনা কৰি সমগ্ৰ দেশবাসীক পুনৰবাৰ শুভচ্ছা জনাইছো।

বলো ছিয়াপতি ৰামচন্দ্র কী … জয়!!!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”