Says India is becoming a leading attractions for Foreign Investment
India received over 20 Billion Dollars of Foreign Investment this year: PM
India offers affordability of geography, reliability and political stability: PM
India offers transparent and predictable tax regime; encourages & supports honest tax payers: PM
India being made one of the lowest tax destinations in the World with further incentive for new manufacturing units: PM
There have been far reaching reforms in recent times which have made the business easier and red-tapism lesser: PM
India is full of opportunities both public & private sector: PM

ভাৰত আৰু আমেৰিকাৰ বিশিষ্ট অতিথিগণ,

নমস্কাৰ,

‘ইউএছ-ভাৰত কৌশলগত সহযোগিতা মঞ্চ (আইএছপিএফ)’ৰ দ্বাৰা আমেৰিকা ভাৰত শিখৰ সন্মিলন ২০২০ৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক একেখন মঞ্চলৈ অনাটো নিশ্চিতভাৱে অভূতপূৰ্ব কাৰ্য হিচাপে বিবেচিত হৈছে৷ ভাৰত তথা আমেৰিকাক পৰস্পৰৰ অধিক কাষলৈ লৈ অনাত ‘ইউএছ-আইএছপিএফ’ৰ দ্বাৰা প্ৰণয়ন কৰা অৰ্থক প্ৰয়াস অত্যন্ত প্ৰশংসনীয় হৈছে৷

মই বিগত বহু বৰ্ষৰ পৰা জন চেম্বাৰ্ছৰ সৈতে পৰিচিত৷ ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক অতিশয় গভীৰ৷ কিছু বছৰ পূৰ্বে তেওঁক ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত কৰা হৈছিল৷

বন্ধুসকল,

এই বছৰৰ বিষয়বস্তু নিশ্চিতৰূপত অত্যন্ত প্ৰাসংগিক হৈছে- নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা৷ ২০২০ বৰ্ষৰ আৰম্ভণিতে কোনোবাই কল্পনা কৰিছিল নে এই বৰ্ষটো কেনেদৰে পাৰ হ’ব? এক বিশ্বজনীন মহামাৰীয়ে সকলোকে বেয়া ধৰণে প্ৰভাৱিত কৰিছে৷ ই আমাৰ সুদৃঢ়তা, আমাৰ সাৰ্বজনিক স্বাস্থ্য প্ৰণালী, আমাৰ আৰ্থিক প্ৰণালী এই সকলোবোৰৰে কঠোৰ পৰীক্ষা লৈ আছে৷

বৰ্তমানৰ পৰিস্থিতিত নতুন দৃষ্টিভংগীৰ অতিশয় আৱশ্যক৷ এনে এক দৃষ্টিভংগী য’ত বিকাশৰ প্ৰতি দৃষ্টিকোণ মানৱকেন্দ্ৰিক হওক, য’ত সকলোৰে মাজত সহযোগিতাৰ ভাৱনা প্ৰৱল হওক৷

বন্ধুসকল,

ভৱিষ্যতৰ যোজনা প্ৰস্তুত কৰাৰ সময়ত আমি আমাৰ ক্ষমতা বৃদ্ধি কৰাত, দুখীয়াক সুৰক্ষিত কৰাত আৰু ভৱিষ্যতে আমাৰ নাগৰিকসকলক ৰোগৰ পৰা ৰক্ষা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিব লাগে৷ ভাৰত এই পথত অগ্ৰসৰ হৈছে৷ লকডাউনৰ ব্যৱস্থা গ্ৰহণ কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ নামো অন্তৰ্ভুক্ত হৈছে৷ ভাৰতো সেইসমূহ দেশৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে য’ত প্ৰথম সাৰ্বজনিক স্বাস্থ্য উপায় হিচাপে মাস্ক আৰু মুখৰ আৱৰণ ব্যৱহাৰ কৰাৰ বিষয়ে কোৱা হৈছিল৷ এয়াই নহয়, ভাৰতৰ দৰে কিছু সংখ্যক দেশেই সবাতোকৈ প্ৰথমে ‘সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ’ বিষয়েও জন সজাগতা প্ৰচাৰ কৰিছিল৷ ভাৰতত অভিলেখ সময়ত চিকিৎসা সম্বন্ধীয় বুনিয়াদী আন্তঃগাঁথনি দ্ৰুত গতিত বৃদ্ধি কৰা হৈছে- সেয়া লাগিলে ক’ভিড চিকিৎসালয়েই হওক, আইচিইউৰ ব্যাপক ক্ষমতাই হওক, ইত্যাদি৷ জানুৱাৰীত মাত্ৰ এটা গৱেষণাগাৰ আছিল, এতিয়া আমাৰ দেশত প্ৰায় ষোল্লশটা গৱেষণাগাৰ আছে৷

এই আটাইবোৰ গুৰুত্বপূৰ্ণ প্ৰয়াসৰ উল্লেখযোগ্য পৰিণাম এয়াই যে ১.৩ কোটি লোক আৰু সীমিত সংসাধনৰ দেশ ভাৰতসহিতে কিছুমান দেশত প্ৰতি মিলিয়নত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতেই সৰ্বনিম্ন হৈছে৷ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা নিৰন্তৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ মই এই কথা সুখী অনুভৱ কৰিছো যে আমাৰ ব্যৱসায়িক সম্প্ৰদায়, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল এই দিশত অত্যন্ত সক্ৰিয় হৈ পৰিছে৷ প্ৰায় ন্যূনতম সংসাধনৰ সৈতে আৰম্ভ কৰা আমাৰ ব্যৱসায়ীসকলে ভাৰতক বিশ্বৰ ভিতৰতে পিপিই কিট নিৰ্মাণৰ বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে৷

এয়া দৰাচলতে অত্যন্ত শক্তিশালীভাৱে উদ্ভাসিত হোৱাৰ বাবে ‘প্ৰত্যাহ্বানকো প্ৰত্যাহ্বান দিয়া’ৰ ভাৰতৰ অন্তৰ্নিহিত ভাৱনাক প্ৰতিফলিত কৰি তুলিছে৷ বিগত কিছু মাহত দেশে ক’ভিডৰ সৈতে বানপানী, দুবাৰ ঘূৰ্ণী বতাহ, ফৰিঙৰ আক্ৰমণৰ দৰে অন্য সংকটৰো সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু এই সংকটসমূহে জনসাধাৰণৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে৷

বন্ধুসকল,

ক’ভিড-১৯ আৰু লকডাউনৰ সমগ্ৰ সময়ছোৱা ভাৰত চৰকাৰে এটা কথাতেই দৃঢ়ভাৱে লাগি ধৰিছিল আৰু সেয়া হ’ল যিকোনো অৱস্থাতেই দুখীয়াক ৰক্ষা কৰিব লাগিব৷ ভাৰতত দুখীয়াসকলৰ বাবে প্ৰণয়ন কৰা ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ সমগ্ৰ বিশ্বতেই যিকোনো স্থানত আৰম্ভ কৰা সাহায্যমূলক বৃহৎ আঁচনিসমূহৰ ভিতৰত অন্যতম৷ ৮০০ মিলিয়ন লোকক বিনামূলীয়াকৈ খাদ্য-শস্যৰ যোগান ধৰা হৈছে৷ এই যোজনা ৮ মাহ জুৰি নিৰন্তৰে চলাই অহা হৈছে৷ ৮০০ মিলিয়ন লোকৰ অৰ্থ হ’ল সংযুক্ত ৰাজ্য আমেৰিকাৰ মুঠ জনসংখ্যাৰ দুগুণতকৈও অধিক৷ প্ৰায় ৮০ মিলিয়ন পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰা হৈছে৷ প্ৰায় ৩৪৫ মিলিয়ন কৃষক আৰু অভাৱগ্ৰস্ত লোকক নগদ সাহায্য প্ৰদান কৰা হৈছে৷ এই যোজনাই প্ৰায় ২০০ মিলিয়ন কৰ্ম দিনৰ সৃষ্টি কৰি প্ৰব্ৰজক শ্ৰমিকসকলক প্ৰয়োজনীয় কৰ্ম সংস্থাপন প্ৰদান কৰিছে৷

বন্ধুসকল,

মহামাৰীবিধে বিভিন্ন ক্ষেত্ৰক প্ৰভাৱিত কৰিছে৷ কিন্তু ইয়াৰ দ্বাৰা ১.৩ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু মহত্বকাংক্ষাত কোনো প্ৰভাৱ পৰা নাই৷ শেহতীয়া মাহকেইটাইত দূৰগামী সংস্কাৰ সাধন হৈছে৷ এই সমূহৰ ভিতৰত ব্যৱসায়সমূহৰ সৰলীকৰণ কৰা আৰু ৰঙা ফিটাৰ মেৰপেচ হ্ৰাস কৰাও আদিও অন্তৰ্ভুক্ত আছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ আৱাসিক কাৰ্যসূচীৰ ওপৰত সক্ৰিয়তাৰে কাম হ’বলৈ ধৰিছে৷ অক্ষয় শক্তিৰ প্ৰসাৰণৰ ওপৰত কাম চলি আছে৷ ৰে’ল, পথ আৰু বায়ু যোগাযোগ পথৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ আমাৰ দেশে এক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্থাপনৰ বাবে এক বিশেষ ডিজিটেল মডেল প্ৰস্তুত কৰি আছে৷ আমি কোটি কোটি লোকক বেংকিং, ঋণ, ডিজিটেল লেনদেন আৰু বীমাৰ সেৱা উপলব্ধ কৰোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ ফিনটেক (বিত্তীয় প্ৰযুক্তি)ৰ ব্যৱহাৰ কৰি আছো৷  এই আটাইবোৰ পদক্ষেপ বিশ্বজনীন পৰ্যায়ৰ প্ৰযুক্তি আৰু সৰ্বশ্ৰেষ্ঠ বিশ্বজনীন প্ৰণালীসমূহ ব্যৱহাৰ কৰি সম্পন্ন কৰা হৈছে৷

বন্ধুসকল,

এই মহামাৰীয়ে বিশ্বজনীন চাহিদা শৃংখলৰ বিকাশৰ সৈতে জড়িত সিদ্ধান্ত কেৱল ব্যয়ৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে বুলি বিশ্ববাসীক শিকনি দিছে৷ কেতিয়াবা বিশ্বাসৰ আধাৰৰ ওপৰতো আগবাঢ়িব লাগে৷ ভৌগোলিক ক্ষেত্ৰৰ সামৰ্থৰ সৈতে উদ্যোগসমূহে বিশ্বাসযোগ্যতা আৰু নীতিগত স্থায়ীত্বৰ ওপৰতো চিন্তা-চৰ্চা কৰিছে৷ ভাৰতেই এনে এক স্থান য’ত এই আটাইবোৰ বিশেষত্ব বিদ্যমান আছে৷

ফলস্বৰূপে, ভাৰত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে অগ্ৰণী স্থানসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে৷ সেয়া লাগিলে আমেৰিকাই হওক অথবা গাল্ফ দেশেই হওক, ইউৰোপেই হওক অথবা অষ্ট্ৰেলিয়াই হওক- বিশ্বই আমাৰ ওপৰত বিশ্বাস কৰিছে৷ এই বৰ্ষত আমি ২০ বিলিয়ন ডলাৰৰ বিদেশী বিনিয়োগৰ প্ৰবহন লাভ কৰিছো৷ গুগল, এমাজন আৰু মুবাডালা ইনভেষ্টমেণ্টে ভাৰতৰ বাবে দীৰ্ঘকালীন যোজনাৰ ঘোষণা কৰিছে৷

বন্ধুসকল,

ভাৰতে এক পাৰদৰ্শী আৰু পূৰ্ব অনুমানিত কৰ ব্যৱস্থা প্ৰণয়ন কৰিছে৷ আমাৰ ব্যৱস্থাই নিষ্ঠাৱান কৰদাতাসকলক উৎসাহিত কৰে আৰু সমৰ্থন প্ৰদান কৰে৷ আমাৰ জিএছটি হ’ল এক একীকৃত, পূৰ্ণ ৰূপত প্ৰযুক্তি সমৰ্থিত অপ্ৰত্যক্ষ কৰ ব্যৱস্থা৷ দেওলীয়া আৰু শোধন অক্ষমতা সংহিতাৰ দ্বাৰা সমগ্ৰ বিত্তীয় ব্যৱস্থাৰ বাবে ক্ষতিশংকা হ্ৰাস হৈছে৷ আমাৰ ব্যাপক শ্ৰম সংস্কাৰৰ দ্বাৰা নিয়োগকৰ্তাৰ বাবে অনুপালনৰ বোজা কম হৈছে৷ ইয়াৰ দ্বাৰা ব্যৱসায়ীসকলে সামাজিক সুৰক্ষাও লাভ কৰিছে৷

বন্ধুসকল,

বিকাশক গতি প্ৰদান কৰাত বিনিয়োগকাৰীৰ গুৰুত্ব কম বুলি উলাই কৰিব নোৱাৰি৷ আমি চাহিদা আৰু ব্যয় দুয়োটা পক্ষতে দৃষ্টি নিৱদ্ধ কৰিছো৷ ভাৰতক বিশ্বৰ ভিতৰতে সবাতোকৈ কম কৰযুক্ত দেশ হিচাপে গঢ়ি তুলিবলৈ তথা নিৰ্মাণ পৰিকাঠামোক উৎসাহ প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ নাগৰিকসকলৰ বাবে অনিবাৰ্য ই-প্লেটফ’ৰ্মভিত্তিক ‘ফে’চলেচ এছেছমেণ্ট’ এক দূৰদৰ্শী পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ কৰদাতা চাৰ্টাৰো এই দিশতেই গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম৷ বণ্ড বজাৰত জাৰি কৰা নিয়ামক সংক্ৰান্তীয় সংস্কাৰত বিনিয়োগকাৰীৰ বাবে সুবিধা প্ৰদান কৰা হৈছে৷ বুনিয়াদী গাঁথনি ক্ষেত্ৰত বিনিয়োগৰ বাবে ‘Sovereign Wealth Funds’ আৰু ‘Pension Funds’ত কৰ হ্ৰাস কৰা হৈছে৷ ২০১৯ চনত ভাৰতত এফডিআইত ২০ শতাংশ বৃ্দ্ধি হৈছে৷ এই বৃদ্ধি এই কাৰণেই গুৰুত্বপূৰ্ণ কিয়নো বিশ্বজনীন এফডিআই প্ৰবহনত ১ শতাংশ হ্ৰাস হৈছে৷ ইয়াৰ জৰিয়তে আমাৰ এফডিআই ব্যৱস্থাৰ সফলতাৰ বিষয়ে গম পোৱা যায়৷ উপৰোক্ত সকলো প্ৰয়াসৰ দ্বাৰা এক উজ্বল আৰু অধিক সমৃদ্ধ ভৱিষ্যত সুনিশ্চিত হ’ব৷ ই শক্তিশালী বিশ্বজনীন অৰ্থ ব্যৱস্থাতো নিজৰ অৱদান আগবঢ়াব৷

বন্ধুসকল,

১.৩ কোটি ভাৰতীয়ক ‘আত্মনিৰ্ভৰ ভাৰত’ হিচাপে গঢ়ি তুলিবলৈ এক অভিযানত জড়িত কৰোৱা হৈছে৷ ‘আত্মনিৰ্ভৰ ভাৰতে’ স্থানীয় সামগ্ৰীক বিশ্বৰ সৈতে সংযুক্ত কৰে৷ ইয়াৰ দ্বাৰা গ্ল’বেল ফ’ৰ্চ মাল্টিপ্লায়াৰৰ হিচাপত ভাৰতৰ শক্তি সুনিশ্চিত হ’ব৷ সময়ৰ সৈতে বিশ্বজনীন হিতেই আমাৰ লক্ষ্য বুলি ভাৰতে প্ৰদৰ্শিত কৰিছে৷ আমাৰ ব্যাপক স্থানীয় আৱশ্যকতাসমূহৰ উপৰিও আমি আমাৰ বিশ্বজনীন দায়িত্ব পালন কৰাত সংকোচ কৰা নাই৷ আমি বিশ্বত জেনেৰিক ঔষধৰ সবাতোকৈ বৃহৎ উৎপাদক হিচাপে নিজৰ দায়িত্ব পালন কৰিছো৷ আমি বিশ্বত নিৰন্তৰে ইয়াৰ চাহিদা সুনিশ্চিত কৰিছো৷ আমি ক’ভিড-১৯ৰ বাবে প্ৰতিষেধক সন্ধানৰ দিশতো অগ্ৰণী ভূমিকা পালন কৰিছো৷ এক আত্মনিৰ্ভৰ আৰু শান্তিপূৰ্ণ ভাৰতে এক উন্নত বিশ্বৰ সুনিশ্চিত কৰে৷

‘আত্মনিৰ্ভৰ ভাৰত’ৰ অৰ্থ ভাৰতক নিষ্ক্ৰিয় বজাৰৰ পৰা বিশ্বজনীন মূল্য শৃংখলৰ মাজত সক্ৰিয় নিৰ্মাণ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰা৷

বন্ধুসকল,

সন্মুখৰ পথ সুযোগেৰে ভৰা৷ এই সুযোগ সাৰ্বজনিক আৰু ব্যক্তিগতখণ্ডতো বিদ্যমান৷ ইয়াৰে ভিতৰত মুখ্য আৰ্থিক ক্ষেত্ৰৰ সৈতে সামাজিক ক্ষেত্ৰও আহে৷ অলপতে কয়লা, খনি, ৰে’লৱে, প্ৰতিৰক্ষা, মহাকাশ আৰু পৰমাণু শক্তিসহিতে বহু ক্ষেত্ৰ মুকলি কৰি দিয়া হৈছে৷

ম’বাইল তথা ইলেক্ট্ৰনিকছ, চিকিৎসা সামগ্ৰী, ফাৰ্মা ক্ষেত্ৰৰ বাবে উৎপাদন সম্বন্ধীয় উৎসাহ যোজনা আৰম্ভ কৰা হৈছে, ইয়াৰ প্ৰতি যথেষ্ট উৎসাহ দেখা গৈছে৷ অন্য চেম্পিয়ন ক্ষেত্ৰসমূহৰ বাবেও এনেকুৱা যোজনা প্ৰস্তুত কৰা হৈছে৷ কৃষি বিপণনৰ সংস্কাৰ কৰা হৈছে আৰু ১৪ বিলিয়ন ডলাৰৰ কৃষি বিত্তপোষণ সুবিধাৰ দ্বাৰা বৃহৎ সংখ্যাত অৱকাশসমূহ সন্মুখলৈ আহিছে৷

বন্ধুসকল,

ভাৰতত বিদ্যমান প্ৰত্যাহ্বানৰ বাবে আপোনালোকৰ ওচৰত এনে এক চৰকাৰ আছে যি ফলাফল প্ৰদান কৰাত বিশ্বাসী৷  এই চৰকাৰৰ বাবে ইজ অব্ লিভিং সিমানেই গুৰুত্বপূৰ্ণ যিমান ইজ অব্ ডুয়িং বিজনেছ গুৰুত্বপূৰ্ণ৷ আপোনালোকে এনে এক যুৱ দেশ প্ৰত্যক্ষ কৰিছে য’ত ৬৫ শতাংশ জনসংখ্যাৰ বয়স ৩৫ বছৰতকৈও কম৷ আপোনালোকে এক আকাংক্ষী দেশক প্ৰত্যক্ষ কৰিছে যিয়ে নিজকে নতুন উচ্চতালৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এয়া সেইটোৱেই সময় য’ত আমি স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছো৷ আপোনালোকে এনে এক দেশক প্ৰত্যক্ষ কৰিছে য’ত ৰাজনৈতিক স্থায়ীত্ব আৰু নীতিগত নিৰন্তৰতা আছে৷ আপোনালোকে এনে এক দেশক প্ৰত্যক্ষ কৰিছে যি গণতন্ত্ৰ আৰু বৈচিত্ৰতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

আহক, আমাৰ সৈতে এই যাত্ৰাৰ অংশীদাৰ হওক৷

আপোনালোকক ধন্যবাদ৷

অশেষ ধন্যবাদ৷

 
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."