মহামহিম,

চেন্সেলৰ মাৰ্জ, দুয়োখন দেশৰ ব্যৱসায়িক নেতৃবৃন্দ, নমস্কাৰ।

মই ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি পৰম সন্তোষ পাইছো। এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে। কিয়নো আমি ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ মহাৰজত জয়ন্তী আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপালী জয়ন্তী উদযাপন কৰিছো। অৰ্থাৎ আমাৰ সম্পৰ্কত প্লেটিনামৰ স্থায়িত্ব আৰু ৰূপৰ জিলিকনি বিৰাজমান।

বন্ধুসকল,

ভাৰত আৰু জাৰ্মানীৰ মাজৰ অংশীদাৰিত্ব নিৰৱচ্ছিন্ন, এয়া উমৈহতীয়া প্ৰমূল্যবোধ আৰু পাৰস্পৰিক বিশ্বাস আধাৰিত। প্ৰতিটো খণ্ডতে পাৰস্পৰিকভাৱে লাভজনক সুযোগ বিদ্যমান। আমাৰ এমএছএমই আৰু জাৰ্মানীৰ মিটেলষ্টেণ্ডৰ মাজত অব্যাহত উৎপাদন সহযোগিতা, আইটি আৰু সেৱাত দ্ৰুতগতিত বৃদ্ধি পোৱা সহযোগিতা, অট’ম’টিভ, শক্তি, যন্ত্ৰপাতি আৰু ৰসায়ন খণ্ডত যৌথ উদ্যোগ আৰু গৱেষণামূলক সহযোগিতাই নতুন প্ৰযুক্তিৰ উন্মেষ ঘটাইছে। আৰু এনে গভীৰ সংযোগসমূহে আমাৰ বাণিজ্যক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিছে, যিয়ে এতিয়া প্ৰায় ৫০ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে।

বন্ধুসকল,

বিশ্বখন দ্ৰুতগতিত সলনি হৈ আছে। স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীৰ শুভক্ষণত আমি তেওঁৰ চিন্তা আৰু বাৰ্তাৰ পৰা প্ৰেৰণা গ্ৰহণ কৰিব লাগিব। তেওঁৰ বাৰ্তা স্পষ্ট আছিলঃ শক্তিশালী ৰাষ্ট্ৰ হৈছে সেইখন ৰাষ্ট্ৰ যিয়ে আত্মবিশ্বাস, আত্ম-নিৰ্ভৰতা আৰু দায়িত্বৰে বিশ্বৰ সৈতে সংযোগ স্থাপন কৰে। আজিৰ বিশ্বব্যাপী প্ৰেক্ষাপটত এই বাৰ্তা অধিক প্ৰাসংগিক। এই চিন্তাধাৰাৰ সৈতে সংগতি ৰাখি আমাৰ উমৈহতীয়া দায়িত্ব হৈছে বিশ্বৰ বাবে বিশ্বাসযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলক সুদৃঢ়কৰণ তথা এই প্ৰচেষ্টাত ভাৰত আৰু জাৰ্মানীৰ দৰে নিৰ্ভৰযোগ্য অংশীদাৰৰ অংশীদাৰিত্বই নিৰ্ণায়ক ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

প্ৰথম এছিয়া ভ্ৰমণত চেন্সেলৰ মাৰ্জে ভাৰতক গন্তব্যস্থান হিচাপে বাছি লৈছে। ইয়াৰ জৰিয়তে জাৰ্মানীৰ বৈচিত্ৰ্য কৌশলত ভাৰতৰ কেন্দ্ৰীয় ভূমিকা প্ৰতিফলিত হৈছে আৰু এয়া ভাৰতৰ ওপৰত জাৰ্মানীৰ আস্থাৰ স্পষ্ট সংকেত। এই আস্থাৰ লগত সংগতি ৰাখি আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। প্ৰথমে আমি এই নিৰৱচ্ছিন্ন অৰ্থনৈতিক অংশীদাৰিত্বক সীমাহীন কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ পৰম্পৰাগত অৰ্থনৈতিক খণ্ডৰ লগতে কৌশলগত খণ্ডতো গভীৰ সহযোগিতা স্থাপন কৰা হ’ব। প্ৰতিৰক্ষাৰ বাবে আজি আমি যৌথ উদ্দেশ্য ঘোষণাৰ বিনিময় কৰিছো। ইয়াৰ জৰিয়তে আমাৰ কোম্পানীসমূহক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহ-উদ্ভাৱন আৰু সহ-উৎপাদনৰ বাবে স্পষ্ট নীতিগত সমৰ্থন আগবঢ়োৱা হ’ব। মহাকাশ খণ্ডতো সহযোগিতাৰ নতুন সুযোগ মুকলি হ’ব। দ্বিতীয়তে, আমি এই কথাত ঐক্যমতত উপনীত হও যে আমাৰ বিশ্বাসযোগ্য অংশীদাৰিত্বই এতিয়া প্ৰযুক্তিগত অংশীদাৰিত্বৰ ৰূপ ধাৰণ কৰিব লাগে। বিশ্বৰ দুই প্ৰধান গণতান্ত্ৰিক অৰ্থনীতিয়ে জটিল আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব। আমি অৰ্ধপৰিবাহীৰ পাৰস্পৰিক অংশীদাৰ। ইয়াৰ লগতে পাৱাৰ ইলেক্ট্ৰনিক্স, বাঅ’টেক, ফিনটেক, ফাৰ্মা, কোৱান্টাম আৰু চাইবাৰৰ ক্ষেত্ৰতো অসীম সম্ভাৱনা আছে। তৃতীয়তে, আমাৰ সকলোৰে সম্পূৰ্ণ আস্থা আছে যে ভাৰত-জাৰ্মানীৰ অংশীদাৰিত্ব কেৱল পাৰস্পৰিকভাৱে লাভজনকেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও উন্নত। ভাৰতে সেউজ হাইড্ৰজেন, সৌৰ, বতাহ আৰু জৈৱ ইন্ধনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হ’বলৈ আগবাঢ়িছে। জাৰ্মান কোম্পানীসমূহৰ বাবে সৌৰকোষ, ইলেক্ট্ৰ’লাইজাৰ, বেটাৰী, বতাহৰ টাৰ্বাইন নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আছে। আমি একেলগে ই-ম’বিলিটিৰ পৰা আৰম্ভ কৰি খাদ্য আৰু স্বাস্থ্য সুৰক্ষালৈকে বিশ্বৰ বাবে সমাধান বিকশিত কৰিব পাৰো। ভাৰতৰ এআই-ৰ বাবে এক সৰ্বাংগীন দৃষ্টিভংগী আছে আৰু জাৰ্মানীৰ এআই বাতাবৰণে ইয়াৰ সৈতে সংযোগ স্থাপন কৰা মাত্ৰেকে আমি এটি মানৱ-কেন্দ্ৰিক ডিজিটেল ভৱিষ্যৎ নিশ্চিত কৰিব পাৰিম।

বন্ধুসকল,

ভাৰতৰ প্ৰতিভাৰ পুল জাৰ্মান উদ্যোগত উদ্ভাৱন আৰু উৎপাদনশীলতাক আগুৱাই নিবলৈ সক্ষম। শেহতীয়া বছৰ কেইটাত বিশেষকৈ উচ্চ প্ৰযুক্তি খণ্ডত দক্ষতা গতিশীলতা দ্ৰুতগতিত বৃদ্ধি পাইছে। আমি জাৰ্মান কোম্পানীসমূহক ভাৰতৰ প্ৰতিভাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আৰু দক্ষতা, উদ্ভাৱন তথা ঔদ্যোগিক সংযোগক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

আজিৰ প্ৰত্যাহ্বানমূলক বিশ্ব পৰিবেশত ভাৰত ৮%-ৰো অধিক বিকাশেৰে অগ্ৰসৰ হৈছে। ইয়াৰ আঁৰত কেৱল এটা কাৰকেই নহয়, বৰঞ্চ নিৰন্তৰ আৰু ব্যাপক সংস্কাৰ সাধনে ক্ৰিয়া কৰিছে। প্ৰতিৰক্ষা, মহাকাশ, খনন বা পাৰমাণৱিক শক্তি আদি প্ৰতিটো ক্ষেত্ৰতে ব্যক্তিগত খণ্ডক আগবঢ়াই দিয়া হৈছে। অনুপালনৰ প্ৰয়োজনীয়তা অহৰহ হ্ৰাস পাইছে, ইজ অৱ ডুয়িঙৰ অগ্ৰগতি হৈছে। এই প্ৰচেষ্টাসমূহে আজি ভাৰতক বিশ্বৰ বাবে বিকাশ আৰু আশাবাদৰ প্ৰতীক কৰি তুলিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিও অতি সোনকালে বাস্তৱায়িত হ’ব। ইয়াৰ ফলশ্ৰুতিত আমাৰ বাণিজ্য, বিনিয়োগ আৰু অংশীদাৰিত্বৰ বাবে এক নতুন অধ্যায় আৰম্ভ হ’ব। অৰ্থাৎ আপোনাসৱৰ বাবে পথটো স্পষ্ট। ভাৰতৰ পৰিসৰ আৰু গতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ মই জাৰ্মানীক আমন্ত্ৰণ জনাইছো। আপোনালোকে ভাৰতত উৎপাদন কৰিব পাৰে, ঘৰুৱা চাহিদাৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব পাৰে আৰু কোনো বাধা নোহোৱাকৈ ৰপ্তানি কৰিব পাৰে।

বন্ধুসকল,

চৰকাৰৰ হৈ মই আপোনালোকক আশ্বাস প্ৰদান কৰিব খুজিছো যে ভাৰতে সুস্থিৰ নীতি, পাৰস্পৰিক বিশ্বাস আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে জাৰ্মানীৰ সৈতে সহযোগিতাক আগুৱাই নিব। চমুকৈ মোৰ বাৰ্তা এয়ে যে ভাৰত সাজুইচ্ছুক আৰু সক্ষম। আহকচোন আমি একেলগে উদ্ভাৱন, বিনিয়োগৰ বৰ্ধন ঘটাও। আহকচোন আমি কেৱল ভাৰত আৰু জাৰ্মানীৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ ভৱিষ্যতৰ বাবেও বহনক্ষম সমাধান গঢ়ি তোলো।

আপোনালোকক অশেষ ধন্যবাদ জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."