PM’s remarks at review meeting with districts having low vaccination coverage

Published By : Admin | November 3, 2021 | 13:49 IST
Quoteকম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Quoteবছৰটোৰ শেহ পৰ্যন্ত টীকাকৰণৰ পৰিসৰ বিস্তৃত কৰি তোলাটো নিশ্চিত কৰাৰ বাবে সকলো স্তৰৰ বিষয়াবৰ্গক তত্পৰ কৰি তোলাত গুৰুত্ব, আস্থা আৰু নতুন বিশ্বাসৰে নতুন বছৰত প্ৰৱেশৰ আহ্বান
Quote“প্ৰতিটো পৰিয়াললৈ টীকাকৰণ অভিযানক সম্প্ৰসাৰিত কৰাৰ বাবে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। ‘হৰ ঘৰ দস্তক’- ‘প্ৰতিখন দুৱাৰত টোকৰ’-ৰ মন্ত্ৰ আওৰাই দুপালি প্ৰতিষেধক নোলোৱাকৈ থকা সকলক সুৰক্ষা বেষ্টনীৰ আওতালৈ আনাৰ বাবে পদক্ষেপ লওক”
Quote“স্থানীয় পৰ্যায়ত থকা ব্যৱধান আঁতৰাই সম্পূৰ্ণ টীকাকৰণ সম্ভৱ কৰিবলৈ ক্ষুদ্ৰ পৰিসৰৰ ৰণকৌশল যুগুতাই আগবাঢ়ক”
Quote“আপোনালোকৰ জিলাৰ টীকাকৰণৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ কাষ চপোৱাৰ বাবে সৰ্বস্ব উজাৰি কামত ব্ৰতী হ’ব লাগিব”
Quote“স্থানীয় ধৰ্মীয় নেতৃবৃন্দৰ অধিক সহযোগিতা গ্ৰহণ কৰিব পাৰে আপোনালোকে। সকলো ধৰ্মৰ নেতৃবৃন্দই সদায়ে টীকাকৰণৰ সপক্ষে সজোৰে মাত মাতি অহা পৰিলক্ষিত হৈছে”
Quote“নিৰ্দ্ধাৰিত সময়ক অগ্ৰধিকাৰ ভিত্তিত গ্ৰহণ কৰি দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ

আপোনালোক বন্ধুসকলে যিখিনি কথা ক’লে, যি অনুভৱ প্ৰকাশ কৰিলে সেয়া দৰাচলতেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ ৰাজ্য, আপোনালোকৰ জিলা, আপোনালোকৰ অঞ্চলসমূহ যিমান সোনকালে সম্ভৱ হয় এই সংকতৰ পৰা মুক্ত হোৱাৰ কামনাই যে আপোনালোকেও কৰিছে সেই কথা মই প্ৰত্যক্ষ কৰিব পাৰিছো। দেৱলীৰ উত্সৱৰ সময়ত মই মুখ্যমন্ত্ৰীসকলৰ ব্যস্ততা কিমান নিশ্চয় বুজিব পাৰিছো। তথাপি তেওঁলোকে যে সময় উলিয়াই এই সভাত সমবেত হৈছেহি তাৰ বাবে মই আদৰণীয় মুখ্যমন্ত্ৰীসকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই জিলাসমূহৰ প্ৰধিকাৰীসকলৰে কথা পাতিব খোজা কথা পাতিব খুজিছিলো; মই মুখ্যমন্ত্ৰীসকলক অসুবিধাত পেলাব খোজা নাছিলো। কিন্তু এয়া নিতান্তই দায়বদ্ধতাৰে নিদৰ্শন, মুখ্যমন্ত্ৰীসকলেও নিজৰ নিজৰ ৰাজ্যসমূহত ১০০% টীকাকৰণৰ লক্ষ্য পূৰণ কৰাটো বিচাৰিছে, সেয়ে মুখ্যমন্ত্ৰীসকলো আজি আমাৰ সৈতে সংযোজিত হৈছে। তেওঁলোকৰ উপস্থিতিয়ে আমাৰ জিলাসমূহৰ প্ৰধিকাৰীসকলক এক নতুন বিশ্বাস, এক নতুন শক্তি প্ৰদান কৰিব। এয়া মোৰ বাবে দৰাচলতেই আনন্দদায়ক কথা, সেয়ে মই মুখ্যমন্ত্ৰীসকলক বিশেষ ভাবে ধন্যবাদ ব্যক্ত কৰিব খুজিছো...তেওঁলোকে বিষয়টোত ইমানেই গুৰুত্ব প্ৰদান কৰিছে আৰু সময় উলিয়াই আজি উত্সৱৰ দিনটোতো ইয়াত সমবেত হৈছেহি।

মই মুখ্যমন্ত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি যিবোৰ কথা পতা হ’ল, সেয়া মুখ্যমন্ত্ৰীসকলৰ আশীৰ্বাদৰ পিচত কামবোৰ দ্ৰুতগতিৰে সম্পন্ন হ’ব আৰু আমি সুফল লাভ কৰিবলৈ সক্ষম হ’ম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে। আজি পৰ্যন্ত আমি যিখিনি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছো সেয়া আপোনালোকৰ পৰিশ্ৰমৰ ফলতে যে সম্ভৱ হৈছে সেয়া মই ন-দি ক’ব পাৰো। জিলাসমূহৰ, গাঁওসমূহৰ, সৰু-ডাঙৰ সকলো বিষয়ববীয়া, আমাৰ আশাকৰ্মীসকলে কিমান যে পৰিশ্ৰম কৰিছে। কিমানযে দূৰ-দূৰণিলৈ খোজকাঢ়ি গৈয়ো এইসকল লোকে প্ৰতিষেধক উপলব্ধ কৰাইছেগৈ। পিছে, ১০০কোটিৰ পিচত আমি যদি সামা্ন্য ভাবেও ঢিলাই দিও তেন্তে নতুন সংকটে মূৰ দাঙি উঠিব পাৰে। আমাৰ দেশত কোৱা হয় যে বেমাৰ আৰু শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। এইবোৰৰ বিৰুদ্ধে শেষ পৰ্যন্ত যুঁজা উচিত। ইয়াৰ বিৰুদ্ধে অন্ত পৰ্যন্ত যুঁজিবই লাগিব। সেয়ে আমাৰ অভিযানৰ ক্ষেত্ৰতো সামান্য পৰিমাণেও যাতে আমি শিথিলতা প্ৰদৰ্শন নকৰো সেয়া নিশ্চিত কৰিব লাগিব।

বন্ধুসকল,

১০০বছৰৰ বৃহত্তম মহামাৰীটোত দেশে অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ক’ৰোনাৰ বিৰুদ্ধে দেশে চলোৱা যুঁজত এটা বিশেষ কথা উদ্ভষিত হৈ উঠা আমি দেখিবলৈ পাইছো, সেয়া হৈছে ক’ৰোনাক পৰাভূত কৰাৰ বাবে আমি নতুন নতুন সংসাধন বিচাৰিছো, উদ্ভাৱনৰ পদ্ধতি ব্যৱহাৰ কৰিছো। প্ৰতিটো অঞ্চলৰ মানুহে নিজৰ বিচাৰ-বুদ্ধিৰে নতুন নতুন ধৰণে কাম কৰিছে। আপোনালোকেও নিজৰ নিজৰ জিলাত টীকাকৰণৰ পৰিসৰ বঢ়োৱাৰ বাবে নতুন নতুন উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰাত অধিক মনোযোগ দিব লাগিব। নতুন পদ্ধতি, নতুন উত্সাহ, নতুন কাৰিকৰীয়ে এই ক্ষেত্ৰত শক্তি প্ৰদান কৰি থাকিব। দেশৰ যিবোৰ ৰাজ্যই ১০০% হাৰত প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে, সেইবোৰ ৰাজ্যয়ো বিভিন্ন অঞ্চলত বহুবোৰ প্ৰত্যাহ্বানৰ সন্মুখীনযে হ’বলগীয়া হৈছিল সেই কথাও কিন্তু আপোনালোকে মনত ৰাখিব লাগিব। ক’ৰবাত যদি ভৌগলিক পৰিস্থিতিয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, ক’ৰবাত আকৌ সাধন-সংসাধনৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিছিল। কিন্তু এইসমূহ জিলাই প্ৰত্যাহ্বান অতিক্ৰমী আগবাঢ়ি গ’ল। প্ৰতিষেধকৰে জড়িত কেইবাটাও মাহৰ অভিজ্ঞতা আমাৰ সকলোৰে হৈছে। আমি বহুত শিকিলো আৰু এটা অজানা শত্ৰুৰ সৈতে কেনেকৈ যুঁজিব লাগে সেই কথাও আনকি আমাৰ সৰু সৰু আশাকৰ্মীসকলেও শিকি পেলাইছে। এতিয়া আপোনালোকে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিসৰত ৰণকৌশল যুগুতাই আগুৱাই যোৱাহে কথা। এতিয়া আমি ৰাজ্যৰ হিচাপ, জিলাৰ হিচাপ এইবোৰ পাহৰি আমি গাঁৱৰ হিচাপত, আনকি ঘৰ-প্ৰতি ঘৰ হিচাপত কাৰ্যপন্থা যুগুতোৱাৰ প্ৰয়োজন আছে। এনে দৰে আগবাঢ়িলেহে আমি সুফল আদায় কৰিবগৈ পাৰিম। আৰু য’তেই যি কৰণীয় থাকিব সেয়া তত্পৰতাৰে সম্পন্ন কৰিব লাগিব। ধৰক আপোনালোকৰে হোৱা কথা-বতৰাৰ মাজতে বিশেষ শিবিৰ আয়োজনৰ প্ৰসংগ উথ্থাপিত হৈছে। এয়া নিতান্তই উচিত কথা হ’ব। আপোনালোকে জিলাসমূহত একো একোখন গাঁও, একোটা চুবুৰীৰ বাবে বেলেগ বেলেগ ৰণকৌশল যুগুতাব লাগে যদি সেয়াও কৰক। আপোনালোকে ক্ষেত্ৰৰ হিচাপত ২০-২৫গৰাকী লোকৰ একোটা দল গঠন কৰিও এনে কাম কৰিব পাৰে। আপোনালোকে গঠন কৰা দলবোৰৰ মাজত একোটা গঠনমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হওক, এনে ধৰণৰ প্ৰয়াসো আমি কৰিব পাৰো। আমাৰ ‘এনএনএছ’ আৰু ‘এনচিচি’-ৰ যুৱ-সতীৰ্থসকলৰো আপোনালোকে যিমান পাৰি সিমান সহযোগিতা গ্ৰহণ কৰিব পাৰে। আপোনালোকে নিজ নিজ জিলাৰ হিচাপত নিজাকৈ ‘টাইম-টেবল’-ও ঠিক কৰি ল’ব পাৰে, স্থানীয় হিচাপত লক্ষ্য নিৰ্দ্ধাৰণ কৰিব পাৰে। মই তৃণমূল পৰ্যায়ৰ স্থানীয় প্ৰশাসনৰ সতীৰ্থসকলৰ সৈতে কথা-বতৰা পাতি থাকোতে প্ৰায়েই দেখিছো টীকাকৰণ অভিযানৰে জড়িত হোৱা আমাৰ মহিলা বিষয়াসকলে কামটোত জান-প্ৰাণ দি লাগিছে, তেওঁলোকে ভাল ফল আদায় কৰিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰী বিভাগৰ, আনকি আৰক্ষী বাহিনীৰ মহিলাসকলক ৫-৭দিনৰ বাবে এই কামত জড়িত কৰি ল’ব পাৰে। দেখিব কামবোৰ অধিক দ্ৰুততাৰে সম্পন্ন হৈছে। আপোনালোকৰ জিলাকেইখনেও অনতি বিলম্বে ৰাষ্ট্ৰীয় হাৰৰ কাষ চপাটো সকলোৱে কামনা কৰিছো। মইতো তাতোকৈয়ো এখোজ আগুৱাই যোৱাটোকে কামনা কৰিছো, ইয়াৰ বাবে আপোনালোকে সম্পূৰ্ণ শকতিৰে আগবাঢ়িব লাগিব। আপোনালোকৰ সন্মুখত অপপ্ৰচাৰ আৰু ৰাইজৰ মাজত অব্যাহত থকা বিভ্ৰান্তিয়েও প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে বুলি মই জানো। আৰু যিমানেই আগবাঢ়ি যাম এই সমস্যাও ‘কনচেণ্ট্ৰেটেড এৰীয়া’-ত আমাৰ সন্মুখলৈ আহিব। আজিৰ বাৰ্তালাপৰ সময়তো আপোনালোকৰ বহুতেই এই কথাৰ উল্লেখ কৰিছে। এই সমস্যা আঁতৰাবলৈ হ’লে মানুহৰ মাজত যিমান পাৰি সিমান সজাগতাৰ সৃষ্টি কৰিব লাগিব। আপোনালোকে এই কামৰ বাবে স্থানীয় ধৰ্মগুৰুসকলকো জড়িত কৰক, তেখেতসকলৰ সহযোগিতা গ্ৰহণ কৰক, তেওঁলোকৰ সৰু সৰু ভিডিঅ’ তৈয়াৰ কৰক, ২-২, ৩-৩মিনিটৰ ভিডিঅ’ তৈয়াৰ কৰি জনপ্ৰিয় কৰি তোলক। প্ৰতি ঘৰে ঘৰে তেওঁলোকৰ ভিডিঅ’ বিলাক বিতৰণ কৰাৰ দিহা কৰক। ধৰ্মগুৰুসকলে ৰাইজক বুজাব পৰাকৈ আপোলোকে ব্যৱস্থা কৰি দিয়ক। মইতো প্ৰায়েই বিভিন্ন পন্থৰ ধৰ্মগুৰুসকলৰে কথা-বতৰা পাতি থাকো। আমাৰ কথোপকথনত মই তেওলোকক এই কামত সহযোগিতা আগবঢ়োৱাৰ বাবে গোঁহাৰি জনাই আহিছো। তেওঁলোক সকলোৱেই প্ৰতিষেধকৰ প্ৰতি সঁহাৰিয়েই জনাই আহিছে, কেতিয়াও বিৰোধিতা কৰা নাই। দুদিন আগতে মাত্ৰ মই ভেটিকানত পোপ ফ্ৰঞ্চিছ জীক সাক্ষাত্ কৰিছিলো। প্ৰতিষেধক সন্দৰ্ভত ধৰ্মগুৰুসকলৰ বাৰ্তাসমূহকো আমি জনতাৰ মাজত প্ৰচাৰিত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব।

 

|

বন্ধুসকল,

আপোনালোকৰ জিলাৰ লোকসকলক সহায় কৰাৰ বাবে, তেওঁলোকক অনুপ্ৰাণিত কৰাৰ বাবে টীকাকৰণ অভিযানক এতিয়া প্ৰতিখন ঘৰ পৰ্যন্ত লৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ‘হৰ ঘৰ দস্তক’- ‘প্ৰতিখন দুৱাৰত টোকৰ’- এই মন্ত্ৰ আওঁৰাই এতিয়াও যিবোৰ ঘৰত দুপালি প্ৰতিষেধকৰ ৰক্ষা কৱচে সামৰিব পৰা নাই তেনে প্ৰতিখন ঘৰৰ দুৱাৰতে টোকৰ মাৰিব লাগিব। এই পৰ্যন্ত আপোনালোকে প্ৰতিষেধকসমূহ টীকাকৰণ কেন্দ্ৰ পৰ্যন্ত নিয়াৰ আৰু তাত সুৰক্ষিত ভাবে টীকাকৰণ সম্ভৱ কৰাৰ দিহা কৰি আহিছিল। এতিয়া ‘হৰ ঘৰ টীকা, ঘৰ ঘৰ টীকা’, এই উদ্যোগৰে আমি প্ৰতিখন ঘৰলৈ যাব লাগিব।

বন্ধুসকল,

এই অভিযানৰ সাফল্যৰ বাবে আমি যোগোযোগৰ বাবে প্ৰযুক্তিৰ পৰা নিজৰ বিশেষ আন্তঃগাঁথনিৰ সদ্ব্যৱহাৰ কৰিব লাগিব। আমাৰ হাতত দেশৰ অনেক ৰাজ্যৰ, অনেক জিলাৰ, অনেক জিলা এনে ধৰণ আৰ্হি হৈ উঠিছে, যাক দূৰ-দূৰণিৰ গাঁৱৰ পৰা চহৰ পৰ্যন্ত এশ শতাংশ টীকাকৰণৰ বাবে আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে। সামাজিক অথবা ভৌগলিক পৰিস্থিতিৰ হিচাপত যি ‘মডেলে’ই আপোনালোকৰ বাবে, অথবা কোনো ক্ষেত্ৰ বিশেষৰ বাবে অনুকূল বুলি ভাবে সেই ‘মডেল’কে নিশ্চিত ভাবে গ্ৰহণ কৰা উচিত। আৰু এটা কাম আপোনালোকে কৰিব পাৰে। আপোনালোকৰে সহযোগী, আপোনালোকৰে সতীৰ্থই অন্য জিলাত দ্ৰুতগতিৰে টীকাকৰণ সম্পন্ন কৰিছে। সম্ভৱতঃ আপোনালোকে যি সমস্যাৰ মুখামুখী হৈ আহিছে, ঠিক তেনে সমস্যাৰ মাজেৰেই তেওঁলোকেও বাট বুলিবলগীয়া হৈছে। তেনে সতীৰ্থৰ পৰাও আপোনালোকে সেইসমূহ সমস্যাৰ সমাধানৰ কিটিপ শিকিব পাৰে। তেনে একোগৰাকী সতীৰ্থলৈ কৰা এটা মাথোঁ ফোন কলেও আপোনালোকৰ জিলালৈ পৰিৱৰ্তন আনিব পাৰে। যদি তেওঁলোকে তেওঁলোকৰ জিলাসমূহত কিবা উদ্ভাৱনশীল পদক্ষেপ গ্ৰহণ কৰিছে, কিবা ভাল অনুশীলনৰ ব্যৱস্থা কৰিছে, তেন্তে সেই কাম আপোনালোকেও নিজৰ জিলাত কৰিব পাৰে। আমাৰ আদিবাসী, বনবাসী বন্ধুসকলক প্ৰতিষেধক দিয়াৰ বাবেও আমি আমাৰ প্ৰয়াসৰ পৰিসৰ বঢ়াব লাগিব। এই পৰ্যন্ত লাভ কৰা আমাৰ অভিজ্ঞতাই কয়যে স্থানীয় নেতৃত্ব, সমাজৰ অন্যন্য সন্মানীয় বন্ধুসকলৰ সহায়-সহযোগিতা এক বহুত ডাঙৰ ‘ফেক্টৰ’ হয়। আমি কেতবোৰ দিনো স্থিৰ কৰিব লাগিব, যেনে বিৰছা মুণ্ডাজীৰ অলপতে জয়ন্তী আহিব। বিৰছা মুণ্ডাজীৰ জয়ন্তীৰ আগতে সমগ্ৰ আদিবাসী অঞ্চলত পৰিৱেশ সৃষ্টি কৰি বিৰছা মুণ্ডাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ ৰূপতে এইবাৰ প্ৰতিষেধক গ্ৰহণৰ ব্যৱস্থা কৰিব পৰা যায়। এনে কেতবোৰ আৱেগিক কথাৰেও আমি আমাৰ অভিযান ত্বৰান্বিত কৰিব পাৰো। টীকাকৰণৰে জড়িত যোগযোগ ব্যৱস্থাক আমি যিমানেই সহজ আৰু সৰল কৰি তুলিব পাৰো, স্থানীয় ভাষা-দোৱানৰে কৰিব পাৰো, সেয়া কৰা উচিত। কোনো কোনোৱে গীতৰ মাধ্যমৰে, গ্ৰামীন ভাষাত গীত গাই গাই প্ৰতিষেধকৰ কথা ৰাইজক অৱগত কৰাৰো ব্যৱস্থা কৰিছে। ইয়াৰ দ্বাৰা খুউব ভাল ফল পোৱা দেখিবলৈ পাইছো।

|

বন্ধুসকল,

প্ৰতিখন ঘৰলৈ যোৱাৰ সময়ত প্ৰথম পালিৰ লগতে আপোনালোক সকলোৱে দ্বিতীয় পালিৰ ক্ষেত্ৰতো সিমানেই গুৰুত্ব দিব লাগিব। কিয়নো, যেতিয়াই সংক্ৰমণৰ হাৰ কমিবলৈ ধৰে তেতিয়াই তত্পৰাতাও কমিবলৈ ধৰা দেখবলৈ পোৱা যায়। মানুহে ভাবিবলৈ লয় ইমাননো থৰ-কাচুটি হেৰুওৱাৰ কি প্ৰয়োজন আছে, সময় পালে ল’ম আৰু কেতিয়াবা। আমি যেতিয়া ১ বিলিয়নৰ ঘৰ পাৰ কৰিছিলো তেতিয়া মই হাস্পটাললৈ যাওতে তাত এগৰাকী ব্যক্তি লগ পাইছিলো। তেওঁৰ সৈতে কথা-বতৰা হওতে সুধিছিলো ইমানদিননো তেওঁ প্ৰতিষেধক লোৱা নাছিল কিয়। তেওঁ ক’লে- নাই নাই মইতো পালোৱান হও, সেয়ে মই ভাবিছিলো মইনো আকৌ টীকা লোৱাৰ কি প্ৰয়োজন, কিন্তু এতিয়া যেতিয়া ১ বিলিয়ন হৈ গ’ল মই ভাবিলো মোক এতিয়া সকলোৱে অস্পৃশ্য বুলি ভাবিবলৈ ল’ব, মানুহে মোক সুধিবলৈ ধৰিলেতো মই মূৰ তল কৰি থাকিব লাগিব। সেয়ে মই টীকা লোৱাৰ সিদ্ধান্ত ল’লো আৰু আহি গ’লো। সেয়ে মই ভাবো আমি কোনো পৰিস্থিতিতে আমাৰ গতিবেগ কমিবলৈ দিব নালাগিব। এনে শিথিলতাৰ বাবেই পৃথিৱীৰ বহু দেশত আনকি বহু সমৃদ্ধ দেশতো ক’ৰোনাৰ পুনৰ সংক্ৰমণৰ কথাই সকলোকে চিন্তিত কৰি তুলিছে। আমাৰ নিচিনা দেশেতো এয়া কেতিয়াও, আমি ইয়াক কেতিয়াও এয়া স্বীকাৰ কৰি ল’ব নোৱাৰো, আমি এই কথা সহন কৰিব নোৱাৰো। সেয়ে প্ৰতিষেধকৰ দুয়োটা পালি নিৰ্দ্ধাৰিত সময়ত লোৱাটো নিতান্ত জৰুৰী। আপোনালোকৰ অঞ্চলৰ যিসকল লোকে এতিয়াও, সময় হৈ যোৱাৰ পিচতো দ্বিতীয়টো পালি লোৱা নাই, তেওঁলোকৰ সৈতেও আপোনালোকে প্ৰাথমিকতাৰ আধাৰত সম্পৰ্ক স্থাপন কৰিব লাগিব, তেওঁলোকক দ্বিতীয়টো পালি দিবই লাগিব।

বন্ধুসকল,

‘সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক’ অভিযানৰ আধাৰত আমি এদিনত প্ৰায় আঢ়ৈ কোটি পালি প্ৰতিষেধক প্ৰদান কৰিব পাৰিছো, আমি আমাৰ সামৰ্থ্যৰ উমান ল’ব পাৰিছো। এই কথাই আমাৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে। প্ৰতিষেধকক ঘৰে ঘৰে লৈ যোৱাৰ বাবে প্ৰয়োজনীয় যোগান-শৃংখল ইতিমধ্যে গঢ়ি তোলা হৈছে। এইটো মাহত কিমান পালি প্ৰতিষেধক উপলব্ধ হ’ব তাৰো বিস্তৃত তথ্য প্ৰতিখন ৰাজ্যক আগতীয়াকৈ জনোৱাৰ ব্যৱ্স্থা কৰা হৈছে। সেয়ে আপোনালোকে নিজৰ নিজৰ সুবিধা অনুযায়ী এই মাহৰ বাবে আগতীয়াকৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰি ল’ব পাৰে। মই আকৌ এবাৰ কও, এইবাৰ ১ বিলিয়ন পালিৰ পিচত দিৱালী উদযাপনৰ উচাহৰে উচাহিত হৈছো। আমি নতুন লক্ষ্য অতিক্ৰম কৰি বৰদিনকো উচাহৰে উদযাপন কৰাৰ বাবে মানসিক ভাবে সাজু হৈ আগবঢ়া উচিত হ’ব।

শেহত মই আপোনালোক আটাইকে এটা কথা মনত পেলাই দিব খুজিছো। আপোনালোকে সেইবোৰ দিনলৈ মনত পেলাওকচোন, যিদিনা আপোনালোকৰ চৰকাৰী সেৱাত প্ৰথমটো দিন আছিল। মই প্ৰতিখন জিলাৰ অধিকাৰীসকল, তেওঁলোকৰ সৈতে থকা দলবোৰকো মই আন্তৰিকতাৰে আহ্বান জনাব বিচাৰিছো আপোনালোকে যিদিনা চৰকাৰী সেৱালৈ প্ৰথমবাৰৰ বাবে আহিছিল, যিদিনা আপোনালোকে মচৌৰীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি উভতি যাওতে কেনেধৰণৰ ভাৱনাৰে আপোনালোকৰ মনবোৰ ভৰি উঠিছিল, কেনে সপোন দেখিছিল। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকে কিবা এটা ভাল কাম কৰাৰে, সমাজৰ বাবে কিবা একোটা নতুনকৈ কৰাৰে সপোন লৈ উভতিছিল। সমাজৰ বাবে জান-প্ৰাণ দি কাম কৰাৰে সপোন দেখিছিল। আপোনালোকে আজি সেইবোৰ দিনৰ কথা মনলৈ আনকচোন, আপোনালোকে সেইসময়ত গ্ৰহণ কৰা সংকল্পৰ কথা মনত পেলাওকচোন। আৰু সমাজত যিসকল পিচ পৰি ৰৈছে, যিসকল বঞ্চিত হৈ আছে, তেওঁলোকৰ বাবে কিবা এটা কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ বাবে ইয়াতকৈ ডাঙৰ সুযোগ আৰু একো হ’ব নোৱাৰে। সেই ভাৱনাক মনত পেলাই কামত লাগি যাওকচোন, প্ৰতিখন দুৱাৰত টোকৰ দিয়ক, ঘৰে ঘৰে গৈ টীকাকৰণ অভিযানক সফল কৰি তোলক। আজি দেশৰ যিসকল লোকে মোৰ কথা শুনি আছে, মই আপোনালোকক ক’ব খুজিছো আপোনালোকো আগুৱাই আহক, প্ৰতিষেধক গ্ৰহণ কৰকহি। যদি আপোনালোকে ইতিমধ্যেই প্ৰতিষেধক গ্ৰহণ কৰিলে তেন্তে আপোনালোকে আনসকলক প্ৰতিষেধক লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাত সহায়-সহযোগিতা আগবঢ়াওক। প্ৰতিদিনে ৫জন, ১০জন নহলে ২জনকে এই কামৰে জড়িত কৰকচোন। এয়া মানৱতাৰ কাম, আই ভাৰতীৰ সেৱাৰ কাম, ১৩০কোটি দেশবাসীৰ কল্যাণ সাধনৰ কাম। ইয়াৰ বাবে আমি সকলো কৰাৰে সংকল্প গ্ৰহণ কৰিব লাগিব। এইবাৰ দিৱালী এই সংকল্পৰে দিৱালী হওক। স্বাধীনতাৰ ৭৫বছৰ আমি উদযাপন কৰাৰ বাবে আগবাঢ়িছো। স্বাধীনতাৰ ৭৫টা বছৰ আনন্দৰে ভৰা, আত্মবিশ্বাসৰে ভৰা হওক, এক উত্সাহৰে ভৰপূৰ হওক, ইয়াৰ বাবে খুবেই কম সময়ত অধিক পৰিশ্ৰম কৰিব লাগিব। মই আপোনালোকৰ ওপৰত ভৰসা কৰিছো, আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু সেয়ে মই জানি বুজিয়েই বিদেশৰ পৰা আহিয়েই মোৰ দেশৰ এইসকল বন্ধুৰ সৈতে আলোচনাত মিলিত হৈছো। মুখ্যমন্ত্ৰীসকলো উপস্থিত আছে, ইয়াৰ গুৰুত্ব কিমান সেই কথা আজি মুখ্যমন্ত্ৰীসকলেও দেখুৱাই দিলে। মই সকলো আদৰণীয় মুখ্যমন্ত্ৰীকে কৃতজ্ঞতা প্ৰকাশ কৰিছো। আকৌ এবাৰ আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ!

 

 

  • Jitendra Kumar June 01, 2025

    🙏🙏🙏
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Babla sengupta December 28, 2023

    Babla sengupta
  • rashikbhai jadav December 27, 2023

    Jay ho modi ji
  • kiran devi November 12, 2023

    diwali ki hardik shubhkamnaayein 🙏
  • చెచర్ల ఉమాపతి November 10, 2022

    🙏🚩🌹🌹🌹👍👍👍🌹🌹🌹🚩🙏
  • చెచర్ల ఉమాపతి November 09, 2022

    🙏🚩🚩🚩🌹🌹🕉🌹🌹🚩🚩🚩🙏
  • Dr Chanda patel February 04, 2022

    Jay Hind Jay Bharat🇮🇳
  • SHRI NIVAS MISHRA January 22, 2022

    यही सच्चाई है, भले कुछलोग इससे आंखे मुद ले। यदि आंखे खुली नही रखेंगे तो सही में हवाई जहाज का पहिया पकड़ कर भागना पड़ेगा।
  • शिवकुमार गुप्ता January 19, 2022

    नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमोनमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो नमो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive

Media Coverage

What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a road accident in Pithoragarh, Uttarakhand
July 15, 2025

Prime Minister Shri Narendra Modi today condoled the loss of lives due to a road accident in Pithoragarh, Uttarakhand. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Saddened by the loss of lives due to a road accident in Pithoragarh, Uttarakhand. Condolences to those who have lost their loved ones in the mishap. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”