মাননীয় মহোদয়,

গ্লোবেল ছাউথৰ নেতাসকলক মোৰ নমস্কাৰ! এই সন্মিলনত আপোনাসৱক স্বাগতম জনাবলৈ পোৱাটো মোৰ বাবে আনন্দৰ কথা। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগদান কৰাৰ বাবে মই আপোনাসৱক ধন্যবাদ জনাইছোঁ। আমি এনে এক সময়ত মিলিত হৈছোঁ যত নতুন বছৰৰ আৰম্ভণি হৈছে, আৰু লগত লৈ আহিছে নতুন আশা আৰু নতুন প্ৰাণশক্তি। ১.৩ বিলিয়ন ভাৰতীয়ৰ হৈ মই আপোনালোক সকলোকে আৰু আপোনাসৱৰ দেশসমূহলৈ ২০২৩ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আমি আন এটা কঠিন বছৰৰ পৃষ্ঠা মেলিছোঁ, য'ত দেখা গৈছে যুদ্ধ, সংঘৰ্ষ, সন্ত্ৰাসবাদ আৰু ভূ-ৰাজনৈতিক উত্তেজনা; খাদ্য, সাৰ আৰু ইন্ধনৰ মূল্য বৃদ্ধি; জলবায়ু-পৰিৱৰ্তনৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগ, আৰু কোভিড মহামাৰীৰ দীৰ্ঘস্থায়ী অৰ্থনৈতিক প্ৰভাৱ। এইটো স্পষ্ট যে পৃথিৱীখন সংকটৰ মাজত আছে। অস্থিৰতাৰ এই অৱস্থা আৰু কিমান দিনলৈ চলিব সেয়া অনুমান কৰা কঠিন।

মাননীয় মহোদয়,

আমাৰ এই দক্ষিণ গোলাৰ্ধ ভৱিষ্যতৰ বৃহৎ অংশীদাৰ। সমগ্ৰ বিশ্বৰ তিনি-চতুৰ্থাংশ লোক আমাৰ দেশসমূহত বাস কৰে। আমাৰ সমান বক্তব্য থকা উচিত। সেয়েহে, আঠ দশক পুৰণি আন্তৰ্জাতিক প্ৰশাসনৰ আৰ্হি লাহে লাহে সলনি হোৱাৰ লগে লগে, আমি আগন্তুক দিনবোৰক ৰূপ দিবলৈ চেষ্টা কৰা উচিত।

মাননীয় মহোদয়,

বেছিভাগ গোলকীয় প্ৰত্যাহ্বান গ্লোবেল ছাউথৰ দ্বাৰা সৃষ্টি কৰা হোৱা নাই। কিন্তু সেইবোৰে আমাক অধিক প্ৰভাৱিত কৰে। আমি কোভিড মহামাৰী, জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদ আৰু আনকি ইউক্ৰেইন সংঘৰ্ষৰ প্ৰভাৱৰ জৰিয়তে এইয়া দেখিছোঁ। ইয়াৰ সমাধানৰ সন্ধানতো আমাৰ ভূমিকা বা আমাৰ বক্তব্যক গুৰুত্ব দিয়া হোৱা নাই।

মাননীয় মহোদয়,  

ভাৰতে সদায়েই ইয়াৰ উন্নয়নমূলক অভিজ্ঞতা দক্ষিণ গোলাৰ্ধৰ আমাৰ ভাতৃসকলৰ সৈতে ভাগ বতৰা কৰি আহিছে। আমাৰ উন্নয়নমূলক অংশীদাৰিত্বই সকলো ভৌগোলিক আৰু বিভিন্ন খণ্ডক সামৰি লয়। মহামাৰীৰ সময়ত আমি ১০০ খনতকৈও অধিক দেশলৈ ঔষধ আৰু ভেকছিন যোগান ধৰিছিলোঁ। আমাৰ উমৈহতীয়া ভৱিষ্যত নিৰ্ধাৰণত উন্নয়নশীল দেশসমূহৰ বৃহত্তৰ ভূমিকাত ভাৰতে সদায় থিয় দি আহিছে।

মাননীয় মহোদয়,

এই বছৰ ভাৰতে ইয়াৰ জি-২০ৰ সভাপতিত্ব আৰম্ভ কৰাৰ লগে লগে, আমাৰ লক্ষ্য হৈছে দক্ষিণ গোলাৰ্ধৰ কণ্ঠস্বৰ বৃদ্ধি কৰা। আমাৰ জি-২০ সভাপতিত্বৰ বাবে, আমি "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত" বিষয়বস্তু বাছনি কৰিছোঁ। এইটো আমাৰ সভ্যতাৰ লোকাচাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে 'একতা' উপলব্ধি কৰাৰ পথ হৈছে মানৱ-কেন্দ্ৰিক বিকাশ। বিকাশৰ বাবে দক্ষিণ গোলাৰ্ধৰ লোকসকল আৰু বেছিদিন বঞ্চিত হৈ থাকিব নালাগিব। আমি একেলগে আন্তৰ্জাতিক, ৰাজনৈতিক আৰু বিত্তীয় প্ৰশাসনক পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব লাগিব। ই অসামঞ্জস্যতা আঁতৰাব, সুযোগ বৃদ্ধি কৰিব, বিকাশত সহায় কৰিব আৰু প্ৰগতি আৰু সমৃদ্ধি বিয়পাব।

মাননীয় মহোদয়,

বিশ্বক পুনৰ উজ্জীৱিত কৰিবলৈ, আমি একেলগে 'সঁহাৰি, স্বীকৃতি, সন্মান আৰু সংস্কাৰ'ৰ এক গোলকীয় কাৰ্যসূচীৰ বাবে আহ্বান জনোৱা উচিত: এক সামগ্ৰিক আৰু সন্তুলিত আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰস্তুত কৰি দক্ষিণ গোলাৰ্ধৰ অগ্ৰাধিকাৰৰ প্ৰতি সঁহাৰি জনোৱা উচিত। সকলো গোলকীয় প্ৰত্যাহ্বানৰ ক্ষেত্ৰত প্ৰযোজ্য 'উমৈহতীয়া কিন্তু পৃথকীকৃত দায়বদ্ধতা'ৰ নীতি চিহ্নিত কৰক। সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, আইনৰ শাসন আৰু পাৰ্থক্য আৰু মতভেদৰ শান্তিপূৰ্ণ সমাধানক সন্মান জনোৱা; আৰু ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ কৰি সেইবোৰ অধিক প্ৰাসংগিক কৰি তোলা।

মাননীয় মহোদয়,

উন্নয়নশীল বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সত্বেও, মই আশাবাদী হৈ আছোঁ যে আমাৰ সময় আহি আছে। এতিয়া সময়ৰ দাবী হৈছে সৰল, উচ্চমানৰ আৰু বহনক্ষম সমাধান চিনাক্ত কৰা যি আমাৰ সমাজ আৰু অৰ্থনীতিক পৰিৱৰ্তন কৰিব পাৰে। এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা, আমি কঠিন প্ৰত্যাহ্বানবোৰ- সেয়া দৰিদ্ৰতা, সাৰ্বজনীন স্বাস্থ্যসেৱাই হওঁক বা মানৱ ক্ষমতা গঢ়ি তোলাই হওঁক অতিক্ৰম কৰিব পাৰিম। যোৱা শতিকাত, আমি বিদেশী শাসনৰ বিৰুদ্ধে আমাৰ যুঁজত ইজনে সিজনক সমৰ্থন কৰিছিলোঁ। এই শতিকাত এক নতুন বিশ্ব শৃংখলা গঢ়ি তুলিবলৈ যিয়ে আমাৰ নাগৰিকসকলৰ কল্যাণ নিশ্চিত কৰিব, তাৰ বাবে আমি পুনৰ এইটো কৰিব পাৰোঁ। ভাৰতৰ ক্ষেত্ৰত, আপোনাৰ কণ্ঠস্বৰ হৈছে ভাৰতৰ কণ্ঠস্বৰ। আপোনাৰ অগ্ৰাধিকাৰ হৈছে ভাৰতৰ অগ্ৰাধিকাৰ। অহা দুদিনৰ ভিতৰত এই ভইচ অৱ গ্লোবেল চাউথ ছাউথ সন্মিলনত ৮টা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত আলোচনা হ'ব। মই নিশ্চিত যে দক্ষিণ গোলাৰ্ধই একেলগে নতুন আৰু সৃজনশীল ধাৰণা প্ৰস্তুত কৰিব পাৰে। এই ধাৰণাবোৰে জি-২০ আৰু অন্যান্য মঞ্চত আমাৰ কণ্ঠস্বৰৰ আধাৰ গঠন কৰিব পাৰে। ভাৰতত আমাৰ প্ৰাৰ্থনাত গোৱা হয়-आ नो भद्राः क्रतवो यन्तु विश्वतः। ইয়াৰ অৰ্থ হৈছে, বিশ্বব্ৰহ্মাণ্ডৰ সকলো দিশৰ পৰা মহৎ চিন্তা আমাৰ ওচৰলৈ আহক। এই ভইচ অৱ গ্লোবেল চাউথ ছামিট হৈছে আমাৰ সামূহিক ভৱিষ্যতৰ বাবে মহৎ ধাৰণা লাভ কৰাৰ এক সামূহিক প্ৰয়াস।

মাননীয় মহোদয়,

মই আপোনাসৱৰ ধাৰণা আৰু চিন্তা শুনিবলৈ বাট চাই আছোঁ। আপোনাসৱৰ অংশগ্ৰহণৰ বাবে মই আপোনাসৱক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। 

ধন্যবাদ।

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period

Media Coverage

India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুন 2026
June 22, 2026

A New Era of Growth, Good Governance and Global Leadership for India with the Modi Government