ৰাষ্ট্ৰপতিৰ ভাষণে ১৪০ কোটি ভাৰতীয়ৰ আত্মবিশ্বাস আৰু আকাংক্ষাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে যুৱক-যুৱতী, কৃষক আৰু উৎপাদনকাৰীসকলৰ বাবে ব্যাপক সুযোগ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন, ৰূপান্তৰত বিশ্বাস কৰে; ৰিফৰ্ম এক্সপ্ৰেছত ৰাষ্ট্ৰ দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ গণতন্ত্ৰ আৰু জনগাঁথনি বিশ্বৰ বাবে আশাৰ আলোকস্তম্ভঃ প্ৰধানমন্ত্ৰী
এই সময়ছোৱা হৈছে সমাধান, সিদ্ধান্তসমূহ শক্তিশালী কৰা আৰু সংস্কাৰ ত্বৰান্বিত কৰাৰঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ মিত্ৰসকল!

কালি ৰাষ্ট্ৰপতিৰ ভাষণ আছিল ১৪০ কোটি দেশবাসীৰ আস্থাৰ অভিব্যক্তি, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু ১৪০ কোটি দেশবাসী তথা অধিকাংশ যুৱক-যুৱতীৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক অতি নিখুঁত ভাষণ তথা সকলো সাংসদৰ বাবে বহুতো পথ প্ৰদৰ্শক দিশো কালি সদনত ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিছিল। মই নিশ্চিত যে সংসদৰ সকলো সন্মানীয় সদস্যই অধিৱেশনৰ আৰম্ভণিতে আৰু ২০২৬ চনৰ আৰম্ভণিতে সন্মানীয় ৰাষ্ট্ৰপতিয়ে সংসদৰ সদস্যসকলৰ আগত প্ৰকাশ কৰা প্ৰত্যাশা, ৰাষ্ট্ৰপ্ৰধান হিচাপে তেওঁ অতি সৰল শব্দত প্ৰকাশ কৰা ভাৱনাক গুৰুত্ব সহকাৰে লৈছে তথা এই অধিৱেশন নিজেই এক অতি গুৰুত্বপূৰ্ণ অধিৱেশন। এইখন বাজেট অধিৱেশন, একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈছে, এয়া হৈছে দ্বিতীয় অংশৰ আৰম্ভণি আৰু ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ সময়ছোৱা আৰম্ভ হৈছে আৰু এয়া হৈছে দ্বিতীয় অংশৰ প্ৰথম বাজেট, এই শতিকাৰ দ্বিতীয় অংশৰ এইখন প্ৰথম বাজেট সমাগত আৰু বিত্ত মন্ত্ৰী নিৰ্মলা মহাশয়া, দেশৰ প্ৰথম বিত্ত মন্ত্ৰী, প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী, যিগৰাকীয়ে দেশৰ সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছে। এয়া ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে।

 

মিত্ৰসকল,

এই বছৰটো অতি ইতিবাচক ৰূপত আৰম্ভ হৈছে। আত্মবিশ্বাসী ভাৰত আজি বিশ্বৰ বাবে আশাৰ কিৰণ তথা আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে। এই সময়ছোৱাৰ আৰম্ভণিতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ উজ্জ্বল দিশ তথা উজ্জ্বল ভৱিষ্যতৰ এক আভাস দিছে। এয়া হৈছে উচ্চাকাংক্ষী ভাৰতৰ বাবে মুক্ত বাণিজ্য, এয়া হৈছে উচ্চাকাংক্ষী যুৱক-যুৱতীৰ বাবে মুক্ত বাণিজ্য, এয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ বাবে মুক্ত বাণিজ্য আৰু মই নিশ্চিত যে বিশেষকৈ ভাৰতৰ নিৰ্মাতাসকলে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধিৰ বাবে এই সুযোগ গ্ৰহণ কৰিব। আৰু মই সকলো ধৰণৰ উৎপাদকক ক'ম যে যিহেতু ভাৰতে ইউৰোপীয় সংঘত মাডাৰ অৱ অল ডীল বুলি খ্যাত চুক্তিত স্বাক্ষৰ কৰিছে, গতিকে মোৰ দেশৰ উদ্যোগীসকল, মোৰ দেশৰ নিৰ্মাতাসকল, এতিয়া এক বহুত ডাঙৰ বজাৰ মুকলি হৈছে, এতিয়া আমি অতি সস্তাত সামগ্ৰী সৰবৰাহ কৰিব পাৰিম, সেয়েহে তেওঁলোক অলস হৈ বহি থকা উচিত নহয়, এয়া এক সুযোগ আৰু এই সুযোগৰ প্ৰথম মন্ত্ৰটো হ'ল আমি মানৰ ওপৰত গুৰুত্ব দিওঁ, এতিয়া যিহেতু বজাৰ মুকলি হৈছে, আমি সৰ্বোত্তম মানৰ সামগ্ৰীৰ সৈতে বজাৰলৈ যাওঁ আৰু যদি আমি সৰ্বোত্তম মানৰ সামগ্ৰীৰ সৈতে যাওঁ, তেন্তে আমি ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ ক্ৰেতাৰ পৰা ধন উপাৰ্জন কৰাৰ লগতে মানৰ বাবেই তেওঁলোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হম, আৰু ইয়াৰ প্ৰভাৱ দশকজুৰি ৰৈ থাকিব। কোম্পানীসমূহৰ ব্ৰেণ্ডে দেশৰ ব্ৰেণ্ডৰ সৈতে নতুন গৌৰৱ প্ৰতিষ্ঠা কৰে আৰু সেয়েহে ২৭খন দেশৰ সৈতে হোৱা এই চুক্তিয়ে আমাৰ দেশৰ মাছমৰীয়া, আমাৰ দেশৰ কৃষক, আমাৰ দেশৰ যুৱক-যুৱতীসকল তথা সেৱা খণ্ডৰ যিসকলে বিশ্বৰ বিভিন্ন স্থানলৈ যাবলৈ আগ্ৰহী তেনে লোকসকলৰ বাবে বৃহৎ সুযোগ কঢ়িয়াই আনিছে । আৰু মই নিশ্চিত যে আত্মবিশ্বাসী, প্ৰতিযোগিতামূলক আৰু উৎপাদনশীল ভাৰতৰ দিশত এয়া এক বৃহৎ পদক্ষেপ।

 

মিত্ৰসকল,

বাজেট সন্দৰ্ভত দেশৰ মনোযোগ থকাটো অতি স্বাভাৱিক, কিন্তু সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন হৈছে এই চৰকাৰৰ বৈশিষ্ট্য। আৰু এতিয়া আমি ৰিফৰ্ম এক্সপ্ৰেছত আগবাঢ়িছো, অতি দ্ৰুতগতিত আগবাঢ়িছো আৰু মই সংসদৰ সকলো সহকৰ্মীৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো, তেওঁলোকেও এই ৰিফৰ্ম এক্সপ্ৰেছৰ গতি ত্বৰান্বিত কৰাত তেওঁলোকৰ ইতিবাচক শক্তি প্ৰয়োগ কৰিছে তথা ইয়াৰ বাবেই ৰিফৰ্ম এক্সপ্ৰেছেও নিৰন্তৰ গতি লাভ কৰিছে। দেশখনে এতিয়া দীৰ্ঘম্যাদী সমস্যাৰ পৰা ওলাই আহি দীৰ্ঘম্যাদী সমাধানৰ পথত দৃঢ়ভাৱে আগবাঢ়িছে। আৰু যেতিয়া দীৰ্ঘম্যাদী সমাধান থাকে, তেতিয়া অনুমানযোগ্যতা থাকে, যি পৃথিৱীত বিশ্বাসৰ সৃষ্টি কৰে! আমি লোৱা প্ৰতিটো সিদ্ধান্তত ৰাষ্ট্ৰৰ প্ৰগতি আমাৰ লক্ষ্য যদিও, আমাৰ সকলো সিদ্ধান্ত কিন্তু মানৱ-কেন্দ্ৰিক। আমাৰ ভূমিকা, আমাৰ পৰিকল্পনা, মানৱ-কেন্দ্ৰিক। আমি প্ৰযুক্তিৰ সৈতেও প্ৰতিযোগিতা কৰিম, আমি প্ৰযুক্তিক একত্ৰিতও কৰিম, আমি প্ৰযুক্তিৰ শক্তিকো গ্ৰহণ কৰিম, কিন্তু একে সময়তে আমি মানৱ-কেন্দ্ৰিক ব্যৱস্থাটোক একেবাৰে হ্ৰাস নকৰো, আমি সংবেদনশীলতাৰ গুৰুত্বু বুজি প্ৰযুক্তিৰ যুগলবন্দীৰ সৈতে আগবাঢ়ি যোৱাৰ দৃষ্টিৰে সন্মুখলৈ অগ্ৰসৰ হোৱাৰ চিন্তা কৰিম। বন্ধুসকল, আমাৰ প্ৰতিগৰাকীৰে পচন্দ আৰু অপচন্দ কৰাৰ মনোভাৱ আছে আৰু গণতন্ত্ৰত এয়া অতি স্বাভাৱিক, কিন্তু সকলোৱে এটা কথা কয় যে এই চৰকাৰে অন্তিমটো প্ৰান্তীয় অঞ্চল স্পৰ্শ কৰাতো গুৰুত্ব আৰোপ কৰিছে। পৰিকল্পনাবোৰ ফাইলতে সীমাবদ্ধ নাৰাখি, জীৱনলৈ প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। আৰু এয়াই আমাৰ পৰম্পৰা, যাক আমি আগন্তুক দিনত ৰিফৰ্ম এক্সপ্ৰেছত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ সৈতে আগুৱাই নিব বিচাৰিছো। যিহেতু ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ জনগাঁথনি আজি বিশ্বৰ বাবে এক বৃহৎ আশা, গতিকে গণতন্ত্ৰৰ এই মন্দিৰত আমি বিশ্ব সম্প্ৰদায়ক এটা বাৰ্তা দিব লাগে, এয়া আমাৰ শক্তিৰ বাৰ্তা, গণতন্ত্ৰৰ প্ৰতি আমাৰ সমৰ্পণৰ বাৰ্তা, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা লোৱা সিদ্ধান্তক সন্মান জনোৱাৰ এয়া এক সুযোগ, আৰু বিশ্বই নিশ্চিতভাৱে ইয়াক আদৰণি জনায়, ইয়াক গ্ৰহণ কৰে। আজি দেশ যি ধৰণে আগবাঢ়ি আছে, আজি ব্যৱধানৰ সময় নহয়, এয়া সমাধানৰ সময়। সম্প্ৰতি অগ্ৰাধিকাৰ মানে ব্যাঘাত নহয়, সম্প্ৰ্তি অগ্ৰাধিকাৰ মানে হৈছে সমাধান। আজিৰ ভূমিকা ব্যাঘাতৰ বাবে ৰোদন কৰি থকাৰ বাবে নহয়; এয়া হৈছে এক সাহসী সংকল্পৰ সময়। মই সকলো সন্মানীয় সাংসদক আগবাঢ়ি আহিবলৈ, ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় সমাধানৰ চক্ৰ ত্বৰান্বিত কৰিবলৈ, সিদ্ধান্তসমূহক শক্তি প্ৰদান কৰিবলৈ আৰু শেষৰটো প্ৰান্তীয় অঞ্চল স্পৰ্শ কৰাত সফলতাৰে আগবাঢ়ি যাবলৈ অনুৰোধ কৰিম। মিত্ৰসকল, আপোনালোক সকলোকে বহুত বহু ধন্যবাদ, বহুত বহুত শুভকামনা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”