ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে যুঁজখনত আপোনালোক হৈছে জিলাসমূহৰ অতিশয় গুৰুত্বপূৰ্ণ যোদ্ধা। ১০০ বছৰৰ সৰ্ববৃহৎ দুৰ্যোগটোত উপলব্ধ সম্পদৰাজিৰ সৰ্বোত্তম ব্যৱহাৰৰদ্বাৰা আপোনালোকে এনে এটা বৃহৎ ঢৌৰ মুখামুখি হৈছে।

বন্ধুসকল,

আমাৰ বাৰ্তালাপৰ আৰম্ভণিতে, আপোনালোকক মই এই সেৱাত যুক্ত হ’বলৈ সাজু হোৱা দিনটোৰ কথা মনত পেলাই দিব খুজিছো। আপোনালোকে মনত পেলাওঁক, যেতিয়া আপোনালোকে অসামৰিক সেৱা বা আন পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাইছিল, আপোনালোকে তেতিয়া আপোনালোকৰ কঠোৰ শ্ৰম আৰু আপোনালোকৰ অসীম চেষ্টাকে বিশ্বাস কৰিছিল। ক্ষেত্ৰটোৰ আদ্যোপান্তৰে অৱগত হৈ পৰি, আপোনালোকে আপোনালোকৰ ধৰণেৰে এটা নিৰ্দিষ্ট সমস্যা অতিক্ৰমৰ চিন্তা কৰিব পৰা হৈ উঠিছে।

একে প্ৰচেষ্টাই আপোনালোকৰ সফলতাৰ সোপান হৈ পৰে। আজি, পৰিস্থিতিয়ে আপোনালোকৰ সক্ষমতা এটা নতুন উপায়েৰে পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰিছে। আপোনালোকৰ জিলাত অতিশয় সূক্ষ্ম সমস্যাৰাজি অতিক্ৰম কৰিবলৈ আৰু সম্পূৰ্ণ সংবেদনশীলতাৰে জনসাধাৰণৰ সমস্যাৰাজি সমাধান কৰিবলৈ আপোনালোকৰ একেই উদ্দীপনা অতিশয় সুবিধাজনক হিচাপে পৰিগণিত হৈছে।

হয়, ক’ৰোনাভাইৰাছে আপোনালোকৰ কাম অধিক প্ৰত্যাহ্বানপূৰ্ণ আৰু চাহিদাপূৰ্ণ কৰি তুলিছে। মহামাৰীসমূহৰ দৰে দুৰ্যোগসমূহত আমাৰ সংবেদনশীলতা আৰু আমাৰ মনোবল হৈছে সৰ্বোচ্চ গুৰত্বৰ বিষয়। এয়া হৈছে এনে এক উদ্দীপনা যাৰ জৰিয়তে আপোনালোকে জনসাধাৰণৰ সৈতে অধিক বল আৰু ব্যাপকভাৱে সম্পৰ্ক ৰক্ষা কৰি আহিছে।

বন্ধুসকল,

এই নতুন প্ৰত্যাহ্বানসমূহৰ মাজতে, আমাক নতুন কৌশল আৰু সমাধানৰ প্ৰয়োজন। আৰু, সেয়েহে, স্থানীয় অভিজ্ঞতাৰ আদান-প্ৰদান কৰা আৰু এখন দেশ হিচাপে একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ হৈ উঠিছে।

মাথো দুদিন পূৰ্বে, মই আন কেতবোৰ ৰাজ্যৰ বিষয়া-বৰ্গেৰে বাৰ্তালাপৰ সুযোগ লাভ কৰিছিলো। সেই বৈঠকত, ভিন্ন ৰাজ্যৰ সতীৰ্থসকলে বহু পৰামৰ্শ আৰু সমাধান আগবঢ়াইছিল। আজিও একাংশ বিষয়াই আমাক সকলোকে তেওঁলোকৰ জিলাসমূহৰ স্থিতি আৰু তেওঁলোকৰ কৌশল সন্দৰ্ভত অৱগত কৰিছে।

এই ক্ষেত্ৰত জনসাধাৰাণেৰে যেতিয়া প্ৰত্যক্ষভাৱে মত-বিনিময় কৰা যায়, এনে অপ্ৰত্যাশিত পৰিস্থিতিৰে মোকাবিলা কৰাত বহু পৰিমাণে সহায় আগবঢ়ায়। শেহতীয়া সময়ছোৱাত এনে বহু পৰামৰ্শ লাভ কৰা যায়। বহু জিলাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বহু উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত জনা হৈছে। ক’ৰোনা টেষ্টৰ বাবে অধিক লোকক নিবলৈ ম’বাইল ভেন ব্যৱহাৰ কৰা হৈছে। একাংশ লোকে বিদ্যালয় আৰু পঞ্চায়ত ভৱনসমূহক ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰিতকৰণৰ প্ৰচেষ্টা হাতত লৈছে।

যেতিয়া আপোনালোকে গাঁওসমূহ ভ্ৰমণ, ব্যৱস্থাৰ নিৰীক্ষণ কৰিব, গাঁওবাসী বা বিভিন্ন অঞ্চলৰ পাঁচ, ১০ আৰু ১৫ খনৰ গ্ৰুপৰ নেতৃত্বৰে বাৰ্তালাপ কৰিব আৰু তেওঁলোকৰ সন্দেহসমূহ দূৰ কৰিব, তেতিয়া জনসাধাৰণৰ বিশ্বাস বহুগুণে বৃদ্ধি পাব। সকলো উদ্বেগকে এই ধৰণেৰে বিশ্বাসলৈ ৰূপান্তৰিত কৰিব লাগে।

আপোনালোকৰ উপস্থিতি আৰু জনসাধাৰণেৰে আপোনালোকৰ যোগাযোগে তেওঁলোক য’লৈ যাব সেই স্থান সন্দৰ্ভত ভীতি দূৰ কৰিব, কেতিয়াবা নঘটিবলগীয়া ঘটনা ঘটিলে কি হ’ব, সেই সম্পৰ্কীয় ভীতি দূৰ কৰিব। গাঁওবাসীয়ে আপোনালোকক দেখাৰ লগে-লগে তেওঁলোকৰ সমগ্ৰ মানসিকতা সলনি হৈ পৰিব। ই মৰ্যাদা বৃদ্ধি কৰিব তথা একেদৰে জনসাধাৰণৰ মাজত তেওঁলোকৰ গাঁওখন ৰক্ষা কৰিবলৈ সজাগতা বৃদ্ধি কৰি তুলিব। মই আপোনালোকক জনসাধাৰণৰ মাজত তেওঁলোকৰ গাঁওখন ক’ৰোনাৰপৰা মুক্ত কৰি ৰাখিবলৈ দীৰ্ঘ-ম্যাদী সজাগতা প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

এটা কথা সত্য যে দেশখনত সক্ৰিয় ঘটনা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আপোনালোকে আপোনালোকৰ জিলাসমূহত ২০ দিন পূৰ্বে লাভ কৰা চাপৰ তুলনাত অৱশ্যেই কিছু পৰিৱৰ্তন প্ৰত্য়ক্ষ কৰিছে। কিন্তু যোৱা ডেৰ বছৰে, আপোনালোকে মাত্ৰা সামান্য হোৱা সত্বেও সংক্ৰমণ থকালৈকে এই প্ৰত্যাহ্বান প্ৰত্যক্ষ কৰি আহিছে। কেতিয়াবা ঘটনাসমূহ হ্ৰাস পাবলৈ ধৰিলে, জনসাধাৰণে এনেদৰেও ভাবে যে এয়া নোহোৱা হোৱাৰ বাবে এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কিন্তু দৰাচলতে তেনে নহয়। টেষ্টিং আৰু সামাজিক দূৰত্বৰ দৰে ব্যৱস্থাসমূহৰ সম্পৰ্কত জনাসাধাৰণৰ সচেতনতা লোপ নোপোৱাটো নিশ্চিত কৰিবলৈ, আমি চৰকাৰী যন্ত্ৰ, সামাজিক সংগঠন, জন প্ৰতিনিধিৰ মাজত সমন্বিত দায়বদ্ধতাৰ উদ্দীপনা সুদৃঢ় কৰিব লাগে আৰু সেয়েহে, প্ৰশাসনৰ দায়বদ্ধতা অধিক বৃদ্ধি পোৱাটো বাঞ্ছনীয়।

যেতিয়া আপোনালোকৰ সংশ্লিষ্ট জিলাৰ জনসাধাৰণে মাস্ক পৰিধান আৰু হাত মজাৰ দৰে ক’ভিডৰ যথোচিত আচৰণ মানি চলিব তথা ঘটনাৰ সংখ্যা ন্যূনতম হৈ পৰা সত্বেও বজাৰ আৰু গাওঁসমূহে সকলো নীতি-নিৰ্দেশনা মানি চলিব, তেতিয়া ই ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত অধিক সহায় কৰিব। এটা ফলপ্ৰসূ ফলাফল তেতিয়াই লাভ কৰিব পৰা যাব যেতিয়া পৰিস্থিতিটোৰ নিৰলস নিৰীক্ষণ কৰা হ’ব আৰু জিলাখনৰ আৰক্ষী বিভাগৰ দৰে সকলোবোৰ মূল বিভাগৰ মাজত উত্তম সমন্বয় বৰ্তাই ৰখা হ’ব আৰু স্বচ্ছতাকে ধৰি সকলোবোৰ ব্যৱস্থা নিশ্চিত কৰা হ’ব।

মই আপোনালোকৰ বহু জিলাৰপৰা এই কৌশলসমূহৰ ফলাফল সন্দৰ্ভত তথ্য লাভ কৰি আহিছো। আপোনালোকে প্ৰকৃতপক্ষেই এই স্থানসমূহৰ বৃহৎ সংখ্যক লোকৰ জীৱন ৰক্ষা কৰিছে।

বন্ধুসকল,

আপোনালোকৰ ব্যৱহাৰিক ব্যৱস্থা, অভিজ্ঞতা আৰু মতামতে ক্ৰিয়াশীল আৰু ফলপ্ৰসূ নীতি গ্ৰহণত সহায় কৰিছে। ৰাজ্য আৰু সৰ্ব স্তৰৰ ভিন্ন সংস্থাসমূহৰপৰা লাভ কৰা পৰামৰ্শৰ সমন্বয়ৰ ভিত্তিত টিকাদান কৌশলেও অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহলৈ অহা ১৫-দিনৰ ভেকচিন ড’জৰ তথ্য আগবঢ়াইছে। ভেকচিন যোগানৰ সময়সূচীৰ স্পষ্টতাই টিকাদান ব্যৱস্থাপনাটো আপোনালোক সকলোৰে বাবে সহজতৰ কৰিবলৈ আগবাঢ়িছে।

মই বিশ্বাসী যে প্ৰতিখন জিলা আৰু টিকাদান কেন্দ্ৰ স্তৰত যোগান অধিক সুদৃঢ় হৈ পৰিব। ই টিকাদানৰে জড়িত অনিশ্চয়তা দূৰ কৰা আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ গতিশীলতাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আমি যিমান বেছি সম্ভৱ সিমান ভিন্ন মেডিয়া প্লেটফৰ্মত নিয়মীয়াকৈ টিকাদান কেলেণ্ডাৰ শ্বেয়াৰ কৰিলে জনসাধাৰণৰ অসুবিধা নোহোৱা হৈ পৰিব।

বন্ধুসকল,

পূৰ্বে হৈ যোৱা মহামাৰীসমূহেই হওঁক বা বৰ্তমানৰ মহামাৰীটোৱেই হওঁক, প্ৰতিটো মহামাৰীয়েই আমাক এটা কথা শিকাই যায়। মহামাৰীসমূহৰ সৈতে মোকাবিলা কৰাত, আমাৰ পন্থাৰ ধাৰাবাহিক পৰিৱৰ্তন, উদ্ভাৱন আৰু উন্নীতকৰণৰ আৱশ্যক। এই ভাইৰাছ ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন আৰু সলনি কৰাত সিদ্ধহস্ত, সেয়ে আমাৰ পদ্ধতি আৰু কৌশল গতিশীল হোৱা উচিত।

ভাইৰাছটোৰ গতি-বিধি সলনিৰে মোকাবিলা কৰিবলৈ আমাৰ বিজ্ঞানীসকলে দিনে-নিশাই কাম কৰি আছে। ভেকচিন উৎপাদনৰপৰা এছঅ’পিলৈ আৰু নতুন ড্ৰাগৰ বিকাশ সাধনত নিৰলসভাৱে কাম কৰি থকা হৈছে। যেতিয়া আমাৰ প্ৰশাসনিক প্ৰচেষ্টাও উদ্ভাৱনীমূলক আৰু গতিশীল হৈ পৰিব, আমি অসামান্য ফলাফল পাম। যেতিয়া আপোনালোকৰ সংশ্লিষ্ট জিলাসমূহৰ প্ৰত্যাহ্বানসমূহ পৃথক হ’ব, তেতিয়া আপোনাৰ সমাধান সূত্ৰও একেদৰে পৃথক হোৱা উচিত। ভেকচিনৰ অপচয় এটা মূল সমস্যা। ভেকচিনৰ এটা পালি অপচয় হোৱা মানে এজন লোকক সুৰক্ষা প্ৰদান নকৰাটো সূচিত কৰে। সেয়েহে, ভেকচিনৰ অপচয় ৰোধ কৰাটো আৱশ্যকীয়।

মই তদুপৰি আপোনালোকক ক’ব খুজিছো যে যেতিয়া আপোনালোকে আপোনালোকৰ জিলাৰ তথ্য পৰ্যালোচনা কৰে, আপোলোকৰ দৃষ্টি নিয়ন্ত্ৰণৰ অৰ্থে আপোনালোকে নগৰীয়া আৰু গ্ৰামীণ তথ্যৰাজি পৃথকভাৱে চোৱাটো উচিত। আনকি টায়াৰ-২, টায়াৰ-৩ চহৰসমূহৰ ক্ষেত্ৰত তথ্যৰ পৃথক বিশ্লেষণে, সেই অনুসাৰে আপুনি আপোনাৰ কৌশল পৰিকল্পনা কৰাত সহায়ক হৈ উঠিব। ই তদুপৰি গ্ৰামাঞ্চলসমূহত ক’ৰোনাৰে মোকাবিলা কৰাত সহায় কৰিব।

মই দীৰ্ঘ সময়ৰ বাবে আপোনালোকৰ দৰে কৰি এই স্থান পাইছোহি। মোৰ অভিজ্ঞতা সেয়াই যে যদি গাঁওবাসীয়ে সঠিক সময়ত শুদ্ধ কথাটো জানিব পাৰে, তেওঁলোকে ইয়াক অতিশয় নিষ্ঠাৰে পালন কৰে। আমি চহৰসমূহৰ তুলনাত গাঁওসমূহত কিবা এটা ৰূপায়ণ কৰাত অধিক প্ৰচেষ্টা গ্ৰহণ কৰিব নালাগে। হয়, ইয়াত স্পষ্টতা থকা উচিত। আপোনালোকে গাওঁসমূহত এটা গোট গঠন কৰা উচিত আৰু আপুনি দেখিব যে তেওঁলোকে আপোনাক ঈপ্সিত ফলাফল প্ৰদান কৰিব।

বন্ধুসকল,

দ্বিতীয়টো ঢৌৰ মাজতে, ক’ৰোনাভাইৰাছৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যুৱ সমাজ আৰু শিশুৰ ওপৰত প্ৰভাৱক লৈ উদ্বেগৰ সৃষ্টি হৈছে। যদিও আমাৰ প্ৰচলিত কৌশল আৰু আপোনালোকে কৰা কামৰ ধৰণে এই উদ্বেগ গুৰুতৰ হৈ পৰাটো ৰোধত সহায় কৰিছে, তথাপিতো আমি ভৱিষ্যতৰ অৰ্থে সাজু হোৱাটো আৱশ্যকীয়। আপোনালোকে কৰিব পৰা প্ৰথম কথাটো হৈছে জিলা-পৰ্যায়ত যুৱ সমাজ আৰু শিশুৰ মাজত সংক্ৰমণৰ প্ৰকৃতি পৰ্যবেক্ষণ কৰা আৰু তথ্য সংগ্ৰহ কৰা। মই সকলো বিষয়াকে এই তথ্যৰ পৃথক বিশ্লেষণ আৰু মূল্যায়নৰ আহ্বান জনাইছো যিয়ে ভৱিষ্যতৰ বাবে সাজু হোৱাত সহায় কৰিব।

বন্ধুসকল,

মই শেহতীয়া বৈঠকখনত এই কথাও কৈছো যে জীৱন ৰক্ষা কৰাৰ ওপৰিও, আমাৰ অগ্ৰাধিকাৰ হৈছে জনসাধাৰণৰ জীৱন সহজতৰ কৰি তোলা। দৰিদ্ৰ লোকসকললৈ বিনামূলীয়া ৰেচনৰ সুবিধাৰ দৰে পদক্ষেপ আৰু আন অপৰিহাৰ্য্য সা-সামগ্ৰীৰ যোগান তথা ক’লা ব্যৱসায় ৰোধো এই যুঁজ জিকিবলৈ আৱশ্যকীয় আৰু আগুৱাই যাবলৈ প্ৰয়োজনীয়। আপোনালোকৰ তদুপৰি পূৰ্বৰ অভিজ্ঞতা আৰু পূৰ্ববৰ্তী প্ৰচেষ্টাৰাজিৰ সফলতাৰ অৰ্থে অনুপ্ৰেৰণাৰ উপযোগিতা আছে। মই বিশ্বাসী যে আপোনালোকৰ সংশ্লিষ্ট জিলাসমূহক সংক্ৰমণৰপৰা মুক্ত কৰি তোলাত আপোনালোক সফল হ’ব।

আমি দেশখনৰ নাগৰিকৰ জীৱন ৰক্ষাত সফলতা লাভ কৰিম আৰু দেশখনক জয়যুক্ত কৰি তুলিম। আজি মই একাংশ সতীৰ্থৰপৰা শুনাৰ সুযোগ পালো, কিন্তু আপোনালোক আটাইৰে কেতবোৰ সফলতাৰ কাহিনী আছে। আপোনালোক সকলোৱে অতিশয় উত্তম উদ্ভাৱনীমূলক পৰীক্ষা কৰিলে। যদি আপোনালোকে এয়া মোক অৱগত কৰিব পাৰে, মই নিশ্চিতভাৱে এয়া সমগ্ৰ দেশখনলৈ লৈ যাবলৈ সক্ষম হ’ম। ইয়াত কিমান বৌদ্ধিকভাৱে বিতৰ্ক হৈছে, ক্ষেত্ৰ-ভিত্তিক অভিজ্ঞতা আহৰণ কৰা হৈছে আৰু পদ্ধতি আৰোপ কৰা হৈছে, তাৰ ওপৰত নিৰ্ভৰ নকৰে, এক অৰ্থত ই অতিশয় শক্তিশালী। আপোনালোকৰ ভূমিকা অপৰিসীম আৰু সেয়েহে, মই আপোনালোকক আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো।

দ্বিতীয়তে, যোৱা এশটা বছৰত কোনোৱে এনে বৃহৎ সংকটৰ মুখামুখি হোৱা নাছিল। আপোনালোকৰ জিলাত আপোনালোকৰ দায়িত্ব বৃহৎ। আপোনালোকে অৱশ্যেই বহু কথা নিৰীক্ষণ কৰিবলগীয়া হৈছে যথাঃ জনসাধাৰণৰ মনৰ অৱস্থা, ব্যৱস্থাটোৰ সীমাবদ্ধতা আৰু আপোনালোকে সম্পদৰাজিৰ সৰ্বোচ্চ ব্যৱহাৰৰ জৰিয়তে এটা নতুন অভিলেখ গঢ়িছে। যেতিয়াই আপোনালোকে সুযোগ লাভ কৰে, তেতিয়াই নিশ্চিতভাৱে আপোনালোকৰ ডায়েৰীত টুকি ৰাখিব। আপোনালোকৰ অভিজ্ঞতা ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপযোগী হৈ উঠিব কিয়নো এশবছৰ পূৰ্বে হোৱা গুৰুতৰ মহামাৰীৰ বেছি ৰেকৰ্ড পাবলৈ নাই। এইসমূহ কেনে আছিল, সংকট কিমান গুৰুতৰ আছিল, ক’ত কি হৈছিল, এনে সংকট অতিক্ৰম কৰিবলৈ কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, সেই সন্দৰ্ভত অধিক তথ্য পাবলৈ নাই। কিন্তু আজি যদি আমাৰ জিলা বিষয়াসকলে ইয়াক জিলা গেজেট হিচাপে সাজু কৰি তোলে, তেতিয়া আমাৰ কঠোৰ শ্ৰম আৰু আমাৰ অভিজ্ঞতা আহি থকা প্ৰজন্মসমূহৰ কাৰণে উপযোগী হৈ উঠিব।

আৰু মই এই সফলতাৰ অৰ্থে, এই কঠোৰ শ্ৰমৰ বাবে আপোনালোকে প্ৰদান কৰা নেতৃত্বৰ অৰ্থে আপোনালোকক আৰু আপোনালোকৰ টীমক অভিনন্দন জনাইছো। আপোনালোকে অধিক সফলতা অৰ্জন কৰাৰ সমান্তৰালভাৱে জনসাধাৰণৰ মাজত বিশ্বাসৰ সৃষ্টি কৰিব বুলি মই আশাবাদী।

সাধাৰণ লোকৰ বিশ্বাস হৈছে জয়ৰ সৰ্ববৃহৎ আয়ুসৰেখা...ইয়াতকৈ আন একো ডাঙৰ হ’ব নোৱাৰে আৰু আপোনালোকে এয়া সহজেই কৰিব পাৰে। মই আপোনালোকৰ কামৰ সমস্যা বুজিছো। বাৰিষা ঋতুৰ আগমনৰ লগে-লগে, আন ঋতুকালীন সমস্যাৰ উদ্ভৱ হ’ব। কিন্তু, এই সকলোবোৰৰ মাজত, আপোনালোক আৰু আপোনালোকৰ পৰিয়াল সুস্থ হৈ থকা উচিত। আপোনালোকৰ জিলা বলিষ্ঠ আৰু প্ৰতিজন নাগৰিক সুস্থ হৈ থাকক! ভগৱানে আপোনালোকৰ মনোবাঞ্ছা পূৰণ কৰক! আপোনালোকৰ কঠোৰ শ্ৰমে এয়া পৰিপূৰণ কৰিব।

মোৰ ফালৰপৰা অলেখ শুভকামনা জনালো।

বহু বহু ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
States benefit from GST reform

Media Coverage

States benefit from GST reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”