“জম্মু-কাশ্মীৰৰ জনসাধাৰণে যোগৰ প্রতি দেখুওৱা আজিৰ উৎসাহ আৰু দায়বদ্ধতাৰ দৃশ্য স্মৰণীয় হৈ ৰ’ব”
“যোগ স্বাভাৱিকভাৱে আহি জীৱনৰ এক স্বতঃস্ফূৰ্ত অংশ হোৱা উচিত”
“ধ্যান আত্ম-উত্তৰণৰ এক মহান আহিলা”
“যোগ নিজৰ বাবে যিমান গুৰুত্বপূৰ্ণ, প্ৰযোজ্য আৰু শক্তিশালী সিমান সমাজৰ বাবেও”

বন্ধুসকল,

আজি ইয়াত যি দৃশ্য প্ৰত্যক্ষ কৰিছোঁ, সেয়া সমগ্ৰ বিশ্ববাসীৰ বাবেই স্মৰণীয়। আজি বৰষুণ নিদিয়া হ’লে হয়তো বৰষুণৰ পিছৰ এই দৃশ্যই সকলোৰে ইমান দৃষ্টি আকৰ্ষণ নকৰিলেহেঁতেন আৰু শ্ৰীনগৰত বৰষুণ হ’লে ঠাণ্ডাও বাঢ়ি যায়। চুৱেটাৰ এটাও পিন্ধিবলগীয়া হৈছে। ইয়াৰে লোক হোৱাৰ বাবে এনে ঠাণ্ডাৰে আপোনালোক অভ্যস্ত, এনে পৰিস্থিতিত আপোনাসৱে কোনো সমস্যা অনুভৱ নকৰে। আজি বৰষুণৰ বাবে কাৰ্য্যসূচী অলপ পলম হ’ল, আমি দুই-তিনি ভাগত ভাগ কৰিব লগীয়া হ’ল। তাৰ পিছতো বিশ্ব সমাজ জ্ঞাত হৈছে যে নিজৰ আৰু সমাজৰ বাবে যোগৰ গুৰুত্ব কিমান, যোগ কেনেকৈ জীৱনৰ স্বাভাৱিক প্ৰৱণতাত পৰিণত হ’ব পাৰে। দাঁত মজাটো যেনেকৈ এটি নিয়মীয়া কাম, চুলি ফণিওৱাটো যেনেকৈ এক নৈমিত্তিক কাৰ্য্য, তেনেদৰেই যোগাসন আৰম্ভ কৰা মাত্ৰেকে ই এক স্বাভাৱিক কামত পৰিণত হয় আৰু ই প্ৰতি মুহূৰ্ততে আমাৰ উপকাৰ সাধে।

কেতিয়াবা যোগৰে এটা অংশ ধ্যান-ধাৰণাৰ কথা আহিলে বেছিভাগ লোকেই ভাবে যে এয়া এক গভীৰ আধ্যাত্মিক যাত্ৰা। এয়া আল্লাহ লাভৰ বাবে বা ঈশ্বৰ লাভৰ বাবে বা গড লাভৰ বাবে এক কাৰ্য্যসূচী বুলি ভবা হয়। আৰু যেতিয়া ইয়াৰ অভ্যাস কৰা কোনো-কোনোৱে কয়, এইটো আসন কৰিবলৈ মোৰ ক্ষমতা নাই, ই মোৰ সামৰ্থ্যৰ বাহিৰত, তেতিয়া তেওঁলোক ৰৈ যাবলগীয়া হয়। কিন্তু, যদি আমি সৰলভাৱে বুজিব বিচাৰোঁ, তেন্তে আমি অনুভৱ কৰিব লাগিব যে বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় এটি ধ্যান-ধাৰণাৰেই অধ্যয়ন কৰি আছে। আমিও স্কুলত পঢ়িছিলো, আমাৰ শিক্ষাগুৰুসকলে দিনটোত দহবাৰকৈ কৈছিল – পঢ়াত মনোযোগ দিয়া। এই ধ্যান আমাৰ একাগ্ৰতাৰে জড়িত বিষয়, আমি কিমান বিষয়ত মনোনিৱেশ কৰোঁ, আমাৰ মন কিমান কেন্দ্ৰীভূত।

 

আপোনাসৱে নিশ্চয় দেখিছে যে বহুতে স্মৃতিশক্তি বৃদ্ধিৰ কৌশল শিকায়। আৰু, নিয়মিতভাৱে অনুসৰণ কৰাসকলৰ স্মৃতিশক্তি ক্ৰমান্বয়ে বাঢ়ি যায়। একেদৰে, যিকোনো কামত মনোনিৱেশৰ অভ্যাসে সৰ্বোত্তম ফলাফল দিয়ে, নিজকে সৰ্বোত্তমলৈ বিকশিত কৰে আৰু ন্যূনতম ক্লান্তিয়ে সৰ্বাধিক সকাহ দিয়ে।

যিজনৰ মনটো এটা কাম কৰি থাকোঁতে দহ ঠাইলৈ উৰা মাৰে, তেওঁ ভাগৰুৱা হৈ পৰে। সেয়ে আমি যোগ বুলি প্ৰচলিত আধ্যাত্মিক যাত্ৰাৰ মনোভাৱ পৰিহাৰেৰে সময় পালেই যোগাভ্যাস কৰিব লাগে। আমি নিজ-নিজ ব্যক্তিগত জীৱনত মনোনিৱেশ কৰিবলৈকে ইয়াৰ অভ্যাস কৰিব লাগে। মোৰ দৃঢ় বিশ্বাস, এই অভ্যাসে আপোনাসৱক বহুখিনি উপকৃত কৰিব, ই আপোনালোকৰ অগ্ৰগতিৰ এক অতিশয় শক্তিশালী কাৰক হৈ উঠিব।

 

আৰু, সেইবাবেই যোগ আত্মাৰ বাবে যিমানেই গুৰুত্বপূৰ্ণ, যিমানেই উপযোগী একেদৰে ই সিমানেই শক্তি প্ৰদান কৰে, ইয়াৰ সম্প্ৰসাৰণে সমাজখনকো উপকৃত কৰে। আৰু যেতিয়া সমাজখন লাভান্বিত হয়, তেতিয়া সমগ্ৰ মানৱ জাতি উপকৃত হয়, বিশ্বৰ প্ৰতিটো প্ৰান্ত উপকৃত হয়।

মাত্ৰ দুদিন আগতে এটা ভিডিঅ’ দেখিছিলোঁ, ইজিপ্তত এখনি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ইয়াত পৰ্যটনৰে সম্পৰ্কীয় বিশিষ্টি স্থানসমূহত যোগাসনৰ শ্ৰেষ্ঠ ফটো বা ভিডিঅ’ লোৱাজনক বঁটা প্ৰদান কৰে। আৰু যিসমূহ ছবি মই দেখিলোঁ, ইজিপ্তৰ পুত্ৰ-কন্যাই পিৰামিডৰ ওচৰত নিজৰ যোগাসন কৰি আছিল। ইমান আকৰ্ষণীয় আছিল সেয়া। আৰু, কাশ্মীৰৰ বাবে ই জনসাধাৰণৰ কৰ্মসংস্থাপনৰ এক পৰম উৎস হ’ব পাৰে। পৰ্যটনৰ এক বিশাল কেন্দ্ৰ হ’ব পাৰে।

 

আজি মোৰ বৰ ভাল লাগিল, ঠাণ্ডা বাঢ়িল, বতৰেও কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে, তথাপিও আপোনাসৱে আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে। মই দেখিছোঁ, আমাৰ বহু কন্যাই বৰষুণৰপৰা নিজকে ৰক্ষা পাবলৈ যোগাসনৰ মেটখন ব্যৱহাৰ কৰিছে, তথাপিও তেওঁলোক আঁতৰি যোৱা নাই, তেওঁলোকে আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে।

আপোনালোক আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভকামনা জনাইছোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥