নমস্কাৰ !

আহলান আৰু সাহলান!!!

আপোনালোকৰ   উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত  থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।

 

বন্ধুসকল,

 

মোৰ সন্মুখত এখন মিনি ইণ্ডিয়া দেখা পাওঁ। মই ভাবো ইয়াতো বহু মালয়ালী আছে।

সুখম আনো?

আৰু কেৱল মালয়ালম নহয়, ইয়াতো তামিল, তেলেগু, কানাড়া, আৰু গুজৰাটী ভাষীও বহুতোআছে।

নলমা?

বগুন্নৰা?

চেন্না-গিদ্দিৰা?

আপোনালোকৰ কেনে?

 

বন্ধুসকল,

আজি আমি পৰিয়াল হিচাপে গোট খাইছো। আজি আমি আমাৰ দেশ, আমাৰ টিম ইণ্ডিয়াক উদযাপন কৰিছো।

বন্ধুসকল,

ভাৰতত আমাৰ বৈচিত্ৰ্যই আমাৰ সংস্কৃতিৰ সুদৃঢ় ভেটি। প্ৰতিটো দিনেই আমাৰ বাবে এক নতুন ৰং কঢ়িয়াই আনে। প্ৰতিটো ঋতু হৈ পৰে এক নতুন উদযাপন। প্ৰতিটো পৰম্পৰাই নতুন চিন্তা কঢ়িয়াই আনে।

সেইবাবেই আমি ভাৰতীয়সকলে য’তেই যাওঁ, য’তেই নাথাকো, আমি বৈচিত্ৰ্যক সন্মান কৰো। আমি সংস্কৃতি আৰু ইয়াৰ নীতি-নিয়মৰ সৈতে একত্ৰিত হওঁ। আজি ওমানতো একেই ঘটনা ঘটি থকা দেখিছোঁ৷

এই ভাৰতীয় প্ৰব্ৰজনকাৰীসকল সহাৱস্থান আৰু সহযোগিতাৰ এক জীয়া নিদৰ্শন হৈয়েই আছে।

বন্ধুসকল,

ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যই শেহতীয়াকৈ লাভ কৰিছে আন এক আচৰিত সন্মান। আপুনি হয়তো জানে যে ইউনেস্ক’ই মানৱতাৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যত দীপাৱলীক অন্তৰ্ভুক্ত কৰিছে।

এতিয়া দীপাৱলীৰ চাকিয়ে  কেৱল আমাৰ ঘৰখনেই নহয় সমগ্ৰ বিশ্বকে আলোকিত কৰিব। বিশ্বজুৰি বসবাস কৰা প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ বিষয়। দীপাৱলীৰ এই বিশ্বব্যাপী স্বীকৃতি আমাৰ পোহৰৰ স্বীকৃতি, যিয়ে আশা, সম্প্ৰীতি, আৰু মানৱতাৰ বাৰ্তা বিয়পাই দিয়ে।

বন্ধুসকল,

আজি আমি সকলোৱে ইয়াত ভাৰত-ওমান "বন্ধুত্ব উৎসৱ" উদযাপন কৰিছো।

 

বন্ধুত্বৰ অৰ্থ হ’ল:

সামুদ্ৰিক ঐতিহ্যৰ বাবে এম

আকাংক্ষাৰ বাবে এ

উদ্ভাৱনৰ বাবে আই

বিশ্বাস আৰু প্ৰযুক্তিৰ বাবে টি

আৰ হৈছে ৰেছপেক্টৰ বাবে 

আই হৈছে অন্তৰ্ভুক্ত বাবে

এই "মৈত্ৰী পৰ্ব" আমাৰ বন্ধুত্ব, আমাৰ ভাগ কৰা ইতিহাস  আৰু আমাৰ সমৃদ্ধিশালী ভৱিষ্যতৰ উদযাপন। ভাৰত আৰু ওমানৰ মাজত যুগ যুগ ধৰি এক ঘনিষ্ঠ আৰু সজীৱ সম্পৰ্ক আছে।

ভাৰত মহাসাগৰৰ  বতাহে দুয়োখন দেশৰ মাজত বাণিজ্যৰ গতি বৃদ্ধি কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে লোথাল, মাণ্ডভি, তামৰলিপ্তিৰ দৰে বন্দৰৰ পৰা কাঠৰ নাৱেৰে মাস্কাট, চুৰ, চালালালৈ যাত্ৰা কৰিছিল।

বন্ধুসকল,

মই আনন্দিত হৈছো যে আমাৰ দূতাবাসে মাণ্ডৱী আৰু মাস্কাটৰ এই ঐতিহাসিক সংযোগক এখন কিতাপত সংকলন কৰিছে। মই বিচাৰিম যে ইয়াত বাস কৰা প্ৰতিজন বন্ধুৱে, প্ৰতিজন যুৱকে এয়া  পঢ়ি নিজৰ ওমানী বন্ধুসকলক উপহাৰ দিয়ক।

এতিয়া আপুনি ভাবিব পাৰে যে স্কুলতো শিক্ষকে হোমৱৰ্ক দিয়ে আৰু ইয়াত মোদীয়েও হোমৱৰ্ক দিছে।

বন্ধুসকল,

এই গ্ৰন্থখনে দেখুৱাইছে যে ভাৰত আৰু ওমান কেৱল ভূগোলৰ দ্বাৰাই নহয়, প্ৰজন্মৰ দ্বাৰাও সংযুক্ত। আপোনালোক সকলোৱেই এই শ শ বছৰৰ এই  সম্পৰ্কৰ আটাইতকৈ ডাঙৰ ৰক্ষক।

বন্ধুসকল,

ভাৰতক জনক শীৰ্ষক কুইজত ওমানে অংশগ্ৰহণ কৰাৰ বিষয়েও জানিব পাৰিলোঁ। এই কুইজত ওমানৰ পৰা ১০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। বিশ্বজুৰি চতুৰ্থ স্থানত আছে ওমান।

কিন্তু মই হাত চাপৰি বজাব নোৱাৰিম। ওমান এক নম্বৰ হ’ব লাগিব। মই বিচাৰো যে ওমানৰ অংশগ্ৰহণ আৰু বৃদ্ধি হওক, আৰু যিমান পাৰি সিমান লোকে যোগদান কৰক। ভাৰতীয় শিশুৱে অংশগ্ৰহণ কৰিব লাগিব। আপুনিও আপোনাৰ ওমানী বন্ধুসকলক এই কুইজত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিব লাগে।

 

বন্ধুসকল,

বাণিজ্যৰ পৰা আৰম্ভ হোৱা ভাৰত আৰু ওমানৰ সম্পৰ্ক এতিয়া শিক্ষাৰ দ্বাৰা সুদৃঢ় কৰি তুলিছে। মোক কোৱা হৈছে যে ইয়াত প্ৰায় ৪৬ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় বিদ্যালয়ত অধ্যয়ন কৰি আছে। ইয়াৰ ভিতৰত ওমানত বাস কৰা আন সম্প্ৰদায়ৰ হাজাৰ হাজাৰ শিশুও অন্তৰ্ভুক্ত হৈ আছে ।

ওমানত পঞ্চাশ বছৰীয়া ভাৰতীয় শিক্ষা সম্পূর্ণ হৈ আছে৷ আমাৰ দুয়োখন দেশৰ সম্পৰ্কত এয়া এক ডাঙৰ মাইলৰ খুঁটি।

বন্ধুসকল,

ভাৰতীয় বিদ্যালয়সমূহৰ এই সফলতা মহামহিম প্ৰয়াত চুলতান কাবুছৰ প্ৰচেষ্টা অবিহনে সম্ভৱ নহ’লহেঁতেন। তেওঁ মাস্কাটৰ ভাৰতীয় বিদ্যালয়কে ধৰি কেইবাখনো ভাৰতীয় বিদ্যালয়ৰ বাবে মাটিৰ ব্যৱস্থা কৰিছিল আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছিল।

মহামহিম চুলতান হাইথামে এই পৰম্পৰাক আগুৱাই লৈ গৈছিল।

ইয়াত ভাৰতীয়সকলক যিদৰে সহায় আৰু সুৰক্ষা প্ৰদান তাৰ বাবে তেখেতৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

 

পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ সৈতে আপোনালোক সকলোৱে পৰিচিত। ওমানৰ বহু শিশুৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই আলোচনা আপোনালোকৰ বাবে উপযোগী হ'ব বুলি মই নিশ্চিত। অভিভাৱকেই  হওক বা ছাত্ৰ-ছাত্ৰীয়েই  হওক, আমাৰ কথা-বতৰাবোৰে সকলোকে মানসিক চাপমুক্তভাৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে।

বন্ধুসকল,

ওমানত বসবাস কৰা ভাৰতীয়সকলে সঘনাই ভাৰত ভ্ৰমণ কৰে। ভাৰতৰ প্ৰতিটো উন্নয়নৰ বিষয়ে আপোনালোক অৱগত  হৈ থাকক। আপোনালোকে সকলোৱে দেখিছে যে আজি আমাৰ ভাৰত কেনেদৰে নতুন গতিৰে আগবাঢ়িছে। ভাৰতৰ গতিবেগ আমাৰ উদ্দেশ্য আৰু আমাৰ প্ৰদৰ্শনত প্ৰতিফলিত হয়।

মাত্ৰ কেইদিনমানৰ আগতে অৰ্থনৈতিক বিকাশৰ পৰিসংখ্যা প্ৰকাশ পাইছিল, আৰু আপুনি হয়তো জানে যে ভাৰতৰ বৃদ্ধি ৮ শতাংশৰ ওপৰত হৈছে। অৰ্থাৎ ভাৰত ধাৰাবাহিকভাৱে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হৈয়েই আছে।

সমগ্ৰ বিশ্বকে প্ৰত্যাহ্বানেৰে আগুৰি ধৰিছে। বিশ্বৰ বৃহত্তম অৰ্থনীতিসমূহে কিছু শতাংশ বৃদ্ধিও লাভ কৰিবলৈ সংগ্ৰাম কৰি আছে। কিন্তু ভাৰত ধাৰাবাহিকভাৱে উচ্চ বৃদ্ধিৰ পথত আগবাঢ়িছে। ইয়াৰ দ্বাৰা আজি ভাৰতৰ সম্ভাৱনাৰ কথা স্পষ্ট হৈ পৰিছে।

বন্ধুসকল,

প্ৰতিটো খণ্ডতে আৰু প্ৰতিটো ক্ষেত্ৰতে  অভূতপূৰ্ব গতিৰে আগবাঢ়িছে ভাৰত। আজি মই যোৱা ১১ বছৰৰ পৰিসংখ্যা আপোনালোকৰ লগত  ভাত-বতৰা কৰিম। আপোনালোকে সেইবোৰ শুনি গৌৰৱ অনুভৱ কৰিব।

 

যিহেতু ইয়ালৈ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক আহিছে, গতিকে শিক্ষা আৰু দক্ষতা খণ্ডৰ পৰাই আৰম্ভ কৰিম। ভাৰতত বিগত ১১ বছৰত হাজাৰ হাজাৰ নতুন মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।

আই আই টিৰ সংখ্যা ষোল্লৰ পৰা তেত্ৰিশলৈ বৃদ্ধি পাইছে। এঘাৰ বছৰৰ আগতে ভাৰতত ১৩টা আই আই এম আছিল; আজি ২১ টা। একেদৰে যদি আমি এইমছৰ কথা কওঁ, ২০১৪ চনৰ আগতে মাত্ৰ ৭ খন  এইমছ নিৰ্মাণ কৰা হৈছিল। আজি ভাৰতত ২২ খন  এইমছ আছে।

মেডিকেল কলেজ ৪০০তকৈও কম আছিল যদিও আজি ভাৰতত প্ৰায় ৮০০ মেডিকেল কলেজ আছে।

বন্ধুসকল,

আজি আমি এখন উন্নত ভাৰতৰ বাবে আমাৰ শিক্ষা আৰু দক্ষতাৰ পৰিৱেশ তন্ত্ৰ সাজু কৰি আছো। ইয়াত নতুন শিক্ষা নীতিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে। এই নীতিৰ আৰ্হি হিচাপে ১৪ হাজাৰতকৈ অধিক পি এম শ্ৰী বিদ্যালয়ো মুকলি কৰা হৈছে।

বন্ধুসকল,

বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ হ’লে কেৱল অট্টালিকা নিৰ্মাণ কৰাই নহয়,  দেশৰ ভৱিষ্যতো শক্তিশালী হয়।

বন্ধুসকল,

ভাৰতৰ বিকাশৰ গতি আৰু পৰিসৰ কেৱল শিক্ষাতে নহয়, অন্যান্য খণ্ডতো দেখা যায়। যোৱা ১১ বছৰত আমাৰ সৌৰশক্তি স্থাপন ক্ষমতা ৩০গুণ বৃদ্ধি পাইছে আৰু সৌৰ মডিউল নিৰ্মাণ ১০গুণ বৃদ্ধি পাইছে, অৰ্থাৎ ভাৰত দ্ৰুতগতিত সেউজ বৃদ্ধিৰ দিশত আগবাঢ়িছে।

আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ ফিনটেক ইক’চিষ্টেম আছে। ই বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা উৎপাদনকাৰী দেশ। ই দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা কোম্পানী।

বন্ধুসকল,

আজি ভাৰত ভ্ৰমণলৈ অহা যিকোনো ব্যক্তি আমাৰ আধুনিক আন্তঃগাঁথনি দেখি আচৰিত হয়। এইটো সম্ভৱ কাৰণ আমি যোৱা ১১ বছৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত পাঁচগুণ বেছি বিনিয়োগ কৰিছো।

বিমানবন্দৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। প্ৰতিদিনে আগৰ তুলনাত দুগুণ বেগেৰে ঘাইপথ নিৰ্মাণ কৰা হৈছে, ৰেলপথ অধিক দ্ৰুতগতিত বিস্তাৰ কৰা হৈছে, ৰেলপথত বিদ্যুৎ সংযোগ কৰা হৈছে।

বন্ধুসকল,

এই সংখ্যাবোৰ কেৱল কৃতিত্ব নহয়। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এখোজ। একবিংশ শতিকাৰ ভাৰতে ডাঙৰ সিদ্ধান্ত লয়। ই সোনকালে সিদ্ধান্ত লয়, ডাঙৰ ডাঙৰ লক্ষ্য লৈ আগবাঢ়ি যায় আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ফলাফল লাভ কৰাৰ পিছতহে জিৰণি লয়।

বন্ধুসকল,

আন এটা গৌৰৱৰ কথা কওঁ। আজি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তুলিছে।

 

ভাৰতৰ ইউপিআই বা ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল টাইম ডিজিটেল পেমেণ্ট চিষ্টেম। এই পেমেণ্ট ব্যৱস্থাৰ পৰিসৰৰ বিষয়ে বুজাবলৈ মই আপোনালোকক এটা সৰু উদাহৰণ দিওঁ।

মই ইয়াত থকা প্ৰায় ৩০ মিনিট হ'ল। এই ৩০ মিনিটত ভাৰতত ইউ পি আইৰ জৰিয়তে ১ কোটি ৪০ লাখ ৰিয়েল টাইম ডিজিটেল পেমেণ্ট কৰা হৈছে। এই লেনদেনৰ মুঠ মূল্য ২০ বিলিয়ন টকাতকৈ অধিক। ভাৰতৰ বৃহৎ শ্ব’ৰুমৰ পৰা আৰম্ভ কৰি সৰু বিক্ৰেতালৈকে সকলোৱে এই পেমেণ্ট চিষ্টেমৰ সৈতে সংযুক্ত হৈ আছে।

বন্ধুসকল,

ইয়াত ইমানবোৰ ছাত্ৰ-ছাত্ৰী আছে। আন এটা আমোদজনক উদাহৰণ দিম। ভাৰতে আধুনিক ডিজিলকাৰ ব্যৱস্থা প্ৰস্তুত কৰিছে। ভাৰতত যেতিয়া ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত হয় তেতিয়া মাৰ্কশ্বীট পোনপটীয়াকৈ শিশুৰ ডিজিলকাৰ একাউণ্টত জমা কৰা হয়। জন্মৰ পৰা বৃদ্ধাৱস্থালৈকে চৰকাৰে সৃষ্টি কৰা যিকোনো নথি-পত্ৰ ডিজিলকাৰত সংৰক্ষণ কৰিব পাৰিব। এনে বহু ডিজিটেল ব্যৱস্থাই আজি ভাৰতত সহজ-সৰল জীৱন নিশ্চিত কৰিছে।

বন্ধুসকল,

ভাৰতৰ চন্দ্ৰযানৰ উল্লেখযোগ্য কৃতিত্ব আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা বিশ্বৰ প্ৰথমখন দেশ ভাৰত। তদুপৰি আমি একেলগে ১০৪টা উপগ্ৰহ উৎক্ষেপণৰ অভিলেখ গঢ়িছো।

এতিয়া ভাৰতেও গগনিয়ানৰ সৈতে প্ৰথম মানৱ মহাকাশ অভিযান প্ৰেৰণ কৰিবলৈ ওলাইছে। আৰু মহাকাশত ভাৰতৰ নিজাকৈ মহাকাশ কেন্দ্ৰ হ’ব পৰা সময় বহু দূৰত নহয়।

বন্ধুসকল,

ভাৰতৰ মহাকাশ কাৰ্যসূচী কেৱল নিজৰ মাজতে সীমাবদ্ধ নহয়; আমি ওমানৰ মহাকাশ আকাংক্ষাকো সমৰ্থন কৰিছো। ৬-৭ বছৰ আগতে আমি মহাকাশ সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰিছিলোঁ। মই আপোনালোকক জনাবলৈ পাই সুখী যে ইছৰোৱে ভাৰত–ওমান মহাকাশ পৰ্টেল প্ৰস্তুত কৰিছে। এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ওমানৰ যুৱক-যুৱতীসকলেও যাতে এই মহাকাশ অংশীদাৰিত্বৰ দ্বাৰা উপকৃত হয়।

ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আৰু এটা তথ্য শ্বেয়াৰ কৰিব বিচাৰিছো। ইছৰোৰ  এ "যুভিকা" নামৰ এটা বিশেষ প্ৰগ্ৰেম চলায়। মহাকাশ বিজ্ঞানৰ লগত জড়িত হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী। এতিয়া, আমি ওমানৰ ছাত্ৰ-ছাত্ৰীসকলক এই কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰিছো।

মই বিচাৰিম যে কিছুমান ওমানী ছাত্ৰ-ছাত্ৰীয়ে বেংগালুৰুৰ ইছৰো চেণ্টাৰলৈ গৈ তাত কিছু সময় কটাওক। ওমানী যুৱক-যুৱতীসকলৰ মহাকাশ আকাংক্ষাক উন্নীত কৰাৰ বাবে এইটো এটা ডাঙৰ আৰম্ভণি হ’ব পাৰে।

 

বন্ধুসকল,

আজি ভাৰতে কেৱল নিজৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাই নহয়, এই সমাধানসমূহে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন কেনেকৈ উন্নত কৰিব পাৰে তাৰ ওপৰতো কাম কৰি আছে।

চফট্ ৱেৰ ডেভেলপমেণ্টৰ পৰা পে-ৰোল মেনেজমেণ্টলৈকে, ডাটা এনালাইছিছৰ পৰা কাষ্টমাৰ ছাপৰ্টলৈকে ভাৰতীয় প্ৰতিভাৰ শক্তিৰে বহু গ্ল’বেল ব্ৰেণ্ড বিকশিত হৈছে।

দশক দশক ধৰি ভাৰত আই টি আৰু আই টি সক্ষম সেৱাৰ বিশ্বব্যাপী শক্তিশালী স্থান হিচাপে পৰিগণিত হৈছে। এতিয়া আমি আই টিৰ শক্তিৰ সৈতে মেনুফেকচাৰিঙৰ সংমিশ্ৰণ ঘটাইছো। আৰু ইয়াৰ আঁৰৰ দৰ্শন বসুধৈৱ কুটুম্বকমৰ পৰা অনুপ্ৰাণিত। অৰ্থাৎ মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড।

বন্ধুসকল,

ভেকচিনেই হওক বা জেনেৰিক ঔষধেই হওক, পৃথিৱীয়ে আমাক বিশ্বৰ ফাৰ্মাচী বুলি কয়। অৰ্থাৎ ভাৰতৰ সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সমাধানে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰি আছে।

ক’ভিডৰ সময়ত ভাৰতে প্ৰায় ৩০ কোটি ভেকচিন বিশ্বলৈ প্ৰেৰণ কৰিছিল। মই সন্তুষ্ট যে প্ৰায় এক লাখ মেড ইন ইণ্ডিয়া ক'ভিড ভেকচিনে ওমানবাসীক সহায় কৰিবলৈ সক্ষম হ'ল।

বন্ধুসকল,

মনত ৰাখিব  ভাৰতে এই কামটো কৰিছিল যেতিয়া সকলোৱে নিজৰ কথা ভাবি আছিল। আমি পৃথিৱীখনক লৈ চিন্তিত আছিলো। ভাৰতে অভিলেখ সময়ত নিজৰ ১৪ বিলিয়ন নাগৰিকক টিকাকৰণ কৰাৰ লগতে বিশ্বৰ প্ৰয়োজনীয়তাও পূৰণ কৰে।

এয়াই ভাৰতৰ আৰ্হি, একবিংশ শতিকাৰ বিশ্বক নতুন আশাৰ সঞ্চাৰ কৰা আৰ্হি। গতিকে আজি যেতিয়া ভাৰতে মেড ইন ইণ্ডিয়া চিপছ বিকশিত কৰি এআই, কোৱাণ্টাম কম্পিউটিং, আৰু গ্ৰীণ হাইড্ৰজেনৰ ওপৰত মিছন মোডৰ কাম কৰি আছে, তেতিয়া বিশ্বৰ আন দেশবোৰকো আশাৰ সঞ্চাৰ কৰিছে যে ভাৰতৰ সফলতাই তেওঁলোককো সহায় কৰিব।

বন্ধুসকল,

আপুনি ইয়াত ওমানত পঢ়ি আছে আৰু কাম কৰি আছে। ভবিষ্যতে ওমানৰ উন্নয়ন আৰু ভাৰতৰ উন্নয়নত আপুনি বৃহৎ ভূমিকা পালন কৰিব। আপুনি এনে এটা প্ৰজন্ম যিয়ে বিশ্বক নেতৃত্ব প্ৰদান কৰিব।

 

ওমানত বসবাস কৰা ভাৰতীয়সকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ওমান চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে।

ভাৰত চৰকাৰেও আপোনালোকৰ  বিষয়ে সুবিধাৰ সম্পূৰ্ণ  গুতুত্ব আৰোপ কৰিছে । সমগ্ৰ ওমানত মুকলি কৰা হৈছে ১১টা কনছুলাৰ সেৱা কেন্দ্ৰ।

বন্ধুসকল,

বিগত দশকত সংঘটিত হোৱা প্ৰতিটো বিশ্ব সংকটৰ প্ৰতি আমাৰ চৰকাৰে দ্ৰুত সঁহাৰি জনাইছে। পৃথিৱীৰ য'তেই ভাৰতীয়সকলে  বাস কৰে তাতেই আমাৰ চৰকাৰ তেওঁলোকৰ লগত প্ৰতিটো খোজতে থাকে । ইয়াৰ বাবে ভাৰতীয় সামূহিক কল্যাণ পুঁজি, মদদ পৰ্টেল, প্ৰবাসী ভাৰতীয় বীমা যোজনাৰ দৰে প্ৰচেষ্টা হাতত লোৱা হৈছে।

বন্ধুসকল,

এই সমগ্ৰ অঞ্চলটো  ভাৰতৰ বাবে অতি বিশেষ  আৰু ওমান আমাৰ বাবে আৰু অধিক বিশেষ। মই আনন্দিত হৈছো  যে ভাৰত-ওমানৰ সম্পৰ্ক এতিয়া দক্ষতা বিকাশ, ডিজিটেল শিক্ষণ, ছাত্ৰ বিনিময়, আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত সম্প্ৰসাৰিত হৈছে।

মই নিশ্চিত যে আপোনালোকৰ মাজৰ পৰা যুৱ উদ্ভাৱক ওলাই আহিব , যিয়ে আগন্তুক বছৰবোৰত ভাৰত-ওমানৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব। ইয়াৰ ভাৰতীয় বিদ্যালয়সমূহে মাত্ৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। এতিয়া আমি আগন্তুক ৫০ বছৰৰ লক্ষ্য লৈ আগবাঢ়িব লাগিব। গতিকে প্ৰতিজন যুৱক-যুৱতীক ক'ব বিচাৰিছো:

সপোন ডাঙৰ।

গভীৰভাৱে শিকিব লাগিব ।

সাহসেৰে উদ্ভাৱন কৰিব লাগিব ।

কাৰণ আপোনাৰ ভৱিষ্যত কেৱল আপোনালোকৰ নহয়, এয়া সমগ্ৰ  মানৱতাৰ ভৱিষ্যত।

আকৌ এবাৰ আপোনালোক সকলোলৈ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনালোকক অশেষ ধন্যবাদ!

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”