আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ উচ্চাকাংক্ষী সমাজ-যুৱক-যুৱতী, কৃষক, মহিলা-তেওঁলোকৰ সপোন অভূতপূৰ্ব শিখৰত উপনীত হৈছে, এই অসাধাৰণ আকাংক্ষাসমূহ পূৰণ কৰিবলৈ অসাধাৰণ গতি অত্যাৱশ্যকীয়ঃ প্ৰধানমন্ত্ৰী
প্ৰকৃত প্ৰগতিয়ে সৰু সৰু পৰিৱৰ্তন নুবুজায়, বৰং পূৰ্ণ মাত্ৰাৰ প্ৰভাৱ; প্ৰতিটো ঘৰত বিশুদ্ধ পানী, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষা, প্ৰতিজন উদ্যোগীৰ বাবে বিত্তীয় সুবিধা আৰু প্ৰতিখন গাঁৱৰ বাবে ডিজিটেল অৰ্থনীতিৰ লাভালাভ, এয়া হৈছে সামগ্ৰিক উন্নয়নঃ প্ৰধানমন্ত্ৰী
আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ কিমান গভীৰতাৰে উপনীত হয় আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰকৃত প্ৰভাৱৰ ওপৰত প্ৰশাসনৰ মান নিৰ্ধাৰণ কৰা হয়ঃ প্ৰধানমন্ত্ৰী
বিগত ১০বছৰত ভাৰতে বৰ্ধিত পৰিৱৰ্তনৰ পৰা আঁতৰি প্ৰভাৱশালী পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে শাসন, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মাইলৰখুটি স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।
প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি
তেওঁ এই পদক্ষেপৰ সৈতে জড়িত জিলা আৰু ব্যক্তিবিশেষক তেওঁলোকৰ উৎকৃষ্ট কাম আৰু লাভ কৰা পুৰস্কাৰৰ বাবে অভিনন্দন জনায়।

মোৰ কেবিনেট সহযোগী ড° জিতেন্দ্ৰ সিং জী, শ্ৰী শক্তিকান্ত দাস জী, ড° সোমনাথন জী, অন্যান্য জ্যেষ্ঠ বিষয়াসকল, সমগ্ৰ দেশৰ অসামৰিক সেৱাৰ সকলো সহকৰ্মী তথা সুধীবৃন্দ!

বন্ধুসকল,

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

কিছুদিন পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা আজিৰ ভাৰতে আগন্তুক হাজাৰ বছৰৰ বাবে এক সুদৃঢ় আৰু স্থায়ী ভেটি স্থাপন কৰাৰ প্ৰয়োজনীয়তাৰ কথা কৈছিলো। যদি আমি ক্ষন্তেক সময়ৰ বাবেও চিন্তা কৰোঁ, তেন্তে আমি উপলব্ধি কৰিম যে এইটো নতুন শতিকাৰ ২৫ বছৰ, আৰু লগতে নতুন সহস্ৰাব্দৰ ২৫ বছৰ। ইতিমধ্যেই ২৫ বছৰ অতিক্ৰম কৰিছে। আমি এতিয়া দুয়োটাৰে ২৫ বছৰত থিয় দিছো, আমাৰ দেশৰ যাত্ৰাৰ এয়া এক গুৰুত্বপূৰ্ণ সংযোগস্থল। আজি আমি যিবোৰ নীতি প্ৰণয়ন কৰিম, আমি লোৱা সিদ্ধান্তবোৰ অহা হাজাৰ বছৰত প্ৰতিধ্বনিত হ’ব। আমাৰ দায়িত্বৰ পৰিসৰ সেয়াই। আমাৰ প্ৰাচীন শাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে:

"यथा हि एकेन चक्रेण न रथस्य गतिर्भवेत्।

एवं पुरुषकारेण विना दैवं न सिध्यति॥"

ৰথ যেনেকৈ কেৱল এটা চকাৰে আগবাঢ়িব নোৱাৰে, তেনেদৰে ব্যক্তিগত প্ৰচেষ্টা অবিহনে কেৱল নিয়তিৰ দ্বাৰা সফলতা লাভ কৰিব নোৱাৰি। বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰগতিৰ ৰথৰ প্ৰতিটো চকা একেলগে ঘূৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন মাথো সামূহিক ইচ্ছাশক্তি, অদম্য প্ৰচেষ্টা আৰু অটল নিষ্ঠাৰ। আমি প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত, একক মনোযোগেৰে চেষ্টা কৰিব লাগিব। আমি এই লক্ষ্যৰ বাবে জীয়াই থাকিব লাগিব, আৰু ইয়াক লাভ কৰিবৰ বাবে নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিব লাগিব।

 

বন্ধুসকল,

আমি এনে এখন পৃথিৱীত বাস কৰিছো যিখন অভূতপূৰ্ব গতিৰে পৰিবৰ্তন হৈছে। আনকি নিজৰ পৰিয়ালৰ ভিতৰতো আপুনি হয়তো লক্ষ্য কৰিছে যে যেতিয়া আপুনি ১০ বা ১৫ বছৰীয়া ল’ৰা এটাৰ লগত কথা পাতিব তেতিয়া আপুনি হয়তো অনুভৱ কৰিব পাৰে যে আপুনি এটা বেলেগ যুগৰ। পৃথিৱীখন ইমান বেগেৰে আগবাঢ়িছে৷ গেজেট, প্ৰযুক্তি, আৰু প্লেটফৰ্মসমূহ প্ৰতি দুইৰ পৰা তিনি বছৰৰ মূৰে মূৰে ন ন ধৰণে বিকশিত হয়, আনকি প্ৰায়ে আমি শেহতীয়াটোৰ সৈতে সম্পূৰ্ণৰূপে অভ্যস্ত হোৱাৰ আগতেই৷ আমাৰ নৱপ্ৰজন্ম ডাঙৰ হৈছে এই অহৰহ পৰিৱৰ্তনত নিমগ্ন হৈ। আৰু এনে গতিশীল পৰিৱেশত আমাৰ ব্যৱস্থাবোৰ, আমাৰ আমোলাতন্ত্ৰ, আমাৰ কৰ্মশৈলী, আমাৰ নীতি নিৰ্ধাৰণ কোনোপধ্যে আওপুৰণি পদ্ধতিত আবদ্ধ হৈ থাকিব নোৱাৰে। সেইবাবেই ২০১৪ চনৰ পৰা আমি দেশৰ প্ৰশাসনিক আৰু শাসন ব্যৱস্থাৰ এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিছো। আমি পৰিৱৰ্তনৰ গতিৰ সৈতে নিজকে সংযুক্ত কৰিছো, গতিশীলতা, উদ্ভাৱন আৰু আধুনিকীকৰণক আমি আকোৱালি লৈছো। আজি ভাৰতৰ উচ্চাকাঙ্খী সমাজখনে ডাঙৰ সপোন দেখিছে৷ আমাৰ যুৱক-যুৱতীয়েই হওক, আমাৰ কৃষকেই হওক, আমাৰ নাৰীসমাজেই হওক—তেওঁলোকৰ উচ্চাকাংক্ষাৰ পৰিসৰ সঁচাকৈয়ে উল্লেখযোগ্য। আৰু এই অসাধাৰণ আকাংক্ষাসমূহ পূৰণ কৰিবলৈ আমাক অসাধাৰণ গতি, মনোনিৱেশ আৰু কাৰ্যকৰীতাৰ প্ৰয়োজন। অনাগত বছৰবোৰত ভাৰতে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিব— সেয়া শক্তি সুৰক্ষা, স্বচ্ছ শক্তি, ক্ৰীড়া, মহাকাশ অন্বেষণ বা প্ৰযুক্তিৰ ক্ষেত্ৰতেই নহওক কিয়। প্ৰতিটো ক্ষেত্ৰতে আমি আমাৰ জাতীয় পতাকাখন উত্তোলিত কৰি ৰাখিব লাগিব। আৰু যেতিয়া আমি এই দৰ্শনৰ কথা কওঁ, যেতিয়া দেশখনে আশাৰে বাট চাই ৰয় আৰু সকলোৰে দৃষ্টি নিবদ্ধ থাকে আপোনালোকৰ ওপৰত। সেই আস্থা ৰক্ষাৰ দায়িত্ব আপোনালোকৰ হাতত। অসামৰিক সেৱাৰ মোৰ সহকৰ্মীসকল, সেই দায়িত্ব আপোনালোকৰ কান্ধত। ভাৰতক যথাসম্ভৱ সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাটো আপোনাৰ মিছন। আপোনালোকেই নিশ্চিত কৰিব লাগিব যে কোনো ধৰণৰ পলম নহ’ব, কোনো সুযোগ নেহেৰুৱাব। দেশৰ ভৱিষ্যতৰ বাবে আপোনালোকৰ নেতৃত্ব, আপোনালোকৰ নিষ্ঠা, আৰু আপোনালোকৰ সংকল্পৰ প্ৰয়োজন।

বন্ধুসকল,

মই সঁচাকৈয়ে আনন্দিত যে এইবাৰৰ অসামৰিক সেৱা দিৱসৰ বিষয়বস্তু “ভাৰতৰ সামগ্ৰিক উন্নয়ন।” এইটো কেৱল এটা বিষয়বস্তু নহয়— ই আমাৰ সামূহিক সংকল্পৰ প্ৰতিফলন, এই জাতিৰ প্ৰতিজন নাগৰিকৰ প্ৰতি এক গম্ভীৰ প্ৰতিশ্ৰুতি। সামগ্ৰিক উন্নয়নৰ অৰ্থ হ’ল কোনো গাঁও যাতে পিছ পৰি নৰয়, কোনো পৰিয়ালক যাতে উপেক্ষা কৰা নহয়, কোনো নাগৰিক যাতে প্ৰগতিৰ যাত্ৰাৰ পৰা বাদ নপৰে। প্ৰকৃত অগ্ৰগতিৰ অৰ্থ সৰু সৰু পৰিৱৰ্তন নহয়—ইয়াৰ অৰ্থ হৈছে পূৰ্ণ পৰিসৰৰ প্ৰভাৱ। ইয়াৰ অৰ্থ হ’ল প্ৰতিটো ঘৰতে বিশুদ্ধ খোৱাপানী নিশ্চিত কৰা, প্ৰতিটো শিশুৰ বাবে গুণগত শিক্ষা, প্ৰতিজন উচ্চাকাংক্ষী উদ্যোগীৰ বাবে আৰ্থিক সুবিধা, আৰু ডিজিটেল অৰ্থনীতিৰ সুবিধাসমূহ আনকি দূৰৱৰ্তী গাঁওসমূহলৈও উপনীত হোৱা। মোৰ দৃঢ় বিশ্বাস যে শাসন ব্যৱস্থাৰ ‘গুণগত মানৰ মানদণ্ড’, কৰ্তৃপক্ষই আৰম্ভ কৰা আঁচনিৰ সংখ্যাত নহয়, বৰঞ্চ সেই আঁচনিসমূহে জীৱনক কিমান ফলপ্ৰসূভাৱে স্পৰ্শ কৰে আৰু সমুদায়সমূহক ৰূপান্তৰিত কৰে তাতহে। আজি আমি সমগ্ৰ দেশতে সেই দৃষ্টিভংগী বাস্তৱায়িত হোৱা দেখিবলৈ পাওঁ। ৰাজকোট হওক, গোমাটি হওক, তিনিচুকীয়া হওক, অথবা কোৰাপুতেই হওক, সমগ্ৰ ভাৰতৰ জিলাসমূহে দেখুৱাইছে যে দৃঢ়প্ৰতিজ্ঞ, জনকেন্দ্ৰিক শাসন ব্যৱস্থাই কি লাভ কৰিব পাৰে। বিদ্যালয়ৰ উপস্থিতি বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি সৌৰ শক্তিৰ সমাধান আকোৱালি লোৱালৈকে বহুতে জনসেৱাত ব্যতিক্ৰমী প্ৰদৰ্শন আৰু উদ্ভাৱন প্ৰদৰ্শন কৰিছে। উল্লেখযোগ্য যে এই জিলাসমূহৰ কেইবাখনো জিলাক আজি স্বীকৃতি আৰু বঁটা প্ৰদান কৰা হৈছে। এই কৃতিত্বসমূহৰ আঁৰৰ সকলো নিষ্ঠাবান কৰ্মী তথা দললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ কামে কেৱল আপোনাৰ জিলাসমূহ গঢ় দিয়াই নহয়, ই দেশখনৰ ভৱিষ্যত গঢ় দিছে।

 

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে ক্ৰমবৰ্ধমান পৰিৱৰ্তনৰ সীমা অতিক্ৰম কৰি প্ৰভাৱশালী ৰূপান্তৰৰ দিশত এক যাত্ৰাৰ সাক্ষী হৈ পৰিছে। আজি ভাৰতৰ প্ৰশাসন আৰ্হি পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ ওপৰত কেন্দ্ৰিভূত হৈছে। প্ৰযুক্তি, উদ্ভাৱন, আৰু উদ্ভাৱনী পদ্ধতিৰ জৰিয়তে আমি চৰকাৰ আৰু নাগৰিকৰ মাজৰ ব্যৱধান নাইকিয়া কৰি দিছো, যাৰ ফলত কেৱল চহৰ আৰু গাঁৱতে নহয়, দেশৰ অতি দুৰ্গম অঞ্চলতো দৃশ্যমান ফলাফল দেখা গৈছে। আপুনি প্ৰায়ে মোক আকাংক্ষিত জিলাৰ কাৰ্যসূচীৰ বিষয়ে কোৱা শুনিছে। কিন্তু ঠিক তেনেদৰেই উল্লেখযোগ্য হৈছে ২০২৩ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এস্পিৰেচনেল ব্লকছ (উদীয়মান খণ্ড) কাৰ্যসূচী। মাত্ৰ দুবছৰতে ই উল্লেখযোগ্য ফলাফল দিছে। এই ব্লকসমূহে স্বাস্থ্য, পুষ্টি, সামাজিক উন্নয়ন, আৰু মৌলিক আন্তঃগাঁথনিৰ দৰে মূল ক্ষেত্ৰবোৰত ব্যতিক্ৰমী অগ্ৰগতি দেখুৱাইছে,  আনকি প্ৰায়ে ৰাজ্যৰ গড়তকৈও বেছি ভাল ফলাফল প্ৰদৰ্শন কৰিছে। উদাহৰণস্বৰূপে ৰাজস্থানৰ টংক জিলাৰ পিপলু ব্লকটোৰ কথাও ধৰা হওক। দুবছৰ আগতে অংগনবাড়ী কেন্দ্ৰৰ ২০% শিশুৰহে সঠিক হিচাপ ৰখা হৈছিল। আজি সেই সংখ্যা ৯৯% ৰ ওপৰলৈ বৃদ্ধি পাইছে। বিহাৰৰ ভাগলপুৰৰ জগদীশপুৰ ব্লকত গৰ্ভৱতী মহিলাৰ আগতীয়া পঞ্জীয়ন (প্ৰথম ত্ৰিমাসিকত) মাত্ৰ ২৫%ৰ পৰা ৯০%তকৈ অধিকলৈ বৃদ্ধি পাইছে। জম্মু-কাশ্মীৰৰ মাৰৱাহ ব্লকত প্ৰতিষ্ঠানিক ডেলিভাৰী ৩০%ৰ পৰা সম্পূৰ্ণ ১০০%লৈ বৃদ্ধি পাইছে। একেদৰে ঝাৰখণ্ডৰ গুৰড়ি ব্লকতো টেপৰ পানীৰ সংযোগ ১৮%ৰ পৰা ১০০%লৈ বৃদ্ধি পাইছে। এই সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়—এইবোৰে অন্তিম স্থান পৰ্যন্ত সেৱা প্ৰদানৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এইবোৰেই প্ৰমাণ কৰে যে সঠিক দৃষ্টিভংগী, ফলপ্ৰসূ পৰিকল্পনা, আৰু শক্তিশালী কাৰ্যকৰীতাৰ দ্বাৰা ভাৰতৰ সুদূৰ কোণতো পৰিৱৰ্তনশীল ৰূপান্তৰ সম্ভৱপৰ।

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে বহু পৰিৱৰ্তনশীল ৰূপান্তৰ প্ৰদৰ্শন কৰি সাফল্যৰ ন শিখৰত আৰোহণ কৰিছে। আজি ভাৰত কেৱল বিকাশৰ বাবেই নহয়, সুপ্ৰশাসন, স্বচ্ছতা, উদ্ভাৱনৰ ক্ষেত্ৰতো নতুন মাপকাঠী নিৰ্ধাৰণৰ বাবেও পৰিচিত।

আমাৰ জি-২০ ৰ অধ্যক্ষতা ভাৰতৰ সৰ্বাংগীন আৰু আগন্তুক দৃষ্টিভংগীৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে। জি-২০ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৬০খনতকৈও অধিক চহৰত ২০০ৰো অধিক বৈঠক অনুষ্ঠিত হৈছিল, যি এটা অভূতপূৰ্ব পৰিসৰ, যিয়ে সঁচাকৈয়ে সামগ্ৰিক সংযোগৰ মনোভাৱক প্ৰতিফলিত কৰে। ব্যাপক, জনচালিত শাসন ব্যৱস্থা এনেকুৱাই। জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আমাৰ গুৰুত্বই আমাক আন বহু জাতিৰ তুলনাত এক দশক আগুৱাই লৈ গৈছে। যোৱা ১১ বছৰত আমি পলম হোৱাৰ এক পুৰণি সংস্কৃতিক ভাঙি পেলাবলৈ অক্লান্তভাৱে কাম কৰিছো৷ আমি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছো আৰু কাৰ্যসিদ্ধিৰ সময় যথেষ্ট হ্ৰাস কৰিবলৈ প্ৰযুক্তিক আকোৱালি লৈছো৷ ব্যৱসায় কৰাত সুচলতা বৃদ্ধিৰ বাবে আমাৰ অভিযানত, আমি ৪০,০০০ তকৈ অধিক পুৰণি ব্যৱস্থা আঁতৰাইছো আৰু ৩,৪০০ তকৈ অধিক আইনী বিধানক অপৰাধমুক্ত কৰিছো৷ এই প্ৰচেষ্টাৰ সময়ত আমি সন্মুখীন হোৱা প্ৰতিৰোধৰ কথা মনত আছে। যেতিয়া আমি নিয়মীয়া ব্যৱসায়িক কাৰ্য্যকলাপত কম্প্লাইয়েন্সৰ বোজা হ্ৰাস কৰিবলৈ আৰু সৰু সৰু, অনাকাংক্ষিত ভুলক অপৰাধমুক্ত কৰিবলৈ আগবাঢ়িছিলো, তেতিয়া একাংশ লোকে এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে কৈছিল, “এইটো আগতে কেতিয়াও হোৱা নাছিল। ইয়াক সলনি কিয় কৰিব লাগে? পূৰ্বতেও ই যথেষ্ট ভাল কাম কৰিছিল। অতিৰিক্ত বোজা কিয় ল’ব লাগে?” চৌদিশৰ পৰা সমালোচনা আহিল। কিন্তু ৰূপান্তৰৰ অনুভৱৰ যি চাপ, সেয়া অনুকূল হোৱাৰ চাপতকৈ বেছি আছিল। আৰু সেইবাবেই, আমি আমাৰ মিছনৰ প্ৰতি দায়বদ্ধ হৈ থাকিলোঁ। পুৰণি পথবোৰত খোজকাঢ়ি থাকিলে আমি কেতিয়াও নতুন গন্তব্যস্থানত উপনীত নহ’ম৷ প্ৰকৃত ৰূপান্তৰ তেতিয়াহে আহে যেতিয়া আমি পৃথক পথ ল’বলৈ সাহস কৰো। আজি এই সক্ৰিয় আৰু সংস্কাৰমুখী মানসিকতাৰ বাবেই ভাৰতে বিশ্বব্যাপী ইজ অৱ ডুইং বিজনেছ ৰেংকিঙত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বিশ্বই এতিয়া আমালৈ চাই আছে, আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল ভাৰতত বিনিয়োগ কৰিবলৈ এতিয়া বিশ্ব সাজু হৈছে। এতিয়া, আমি এই সুযোগসমূহ যাতে দুহাতেৰে গ্ৰহণ কৰোঁ, সেয়া নিশ্চিত কৰাটো আমাৰ দায়িত্ব৷ ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে আনকি ব্লক পৰ্যায়লৈকে আমি অদম্যভাৱে কাম কৰিব লাগিব যাতে ৰঙাফিটাৰ প্ৰতিটো মেৰপেচ আঁতৰি যায়। তেতিয়াহে আমি আমাৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰিম আৰু প্ৰতিটো স্তৰতে আমাৰ লক্ষ্য পূৰণ কৰিব পাৰিম।

 

বন্ধুসকল,

বিগত ১০–১১ বছৰৰ সাফল্যই বিকশিত ভাৰত গঢ়াৰ বাবে এক সুদৃঢ় আৰু চিৰস্থায়ী ভেটি স্থাপন কৰিছে। আজি আমি এই ভেটিৰ শক্তিত নিৰ্মিত এক পৰিৱৰ্তনশীল ভৱিষ্যত সৃষ্টিৰ দুৱাৰদলিত থিয় হৈছো। কিন্তু বিকশিত ভাৰতৰ দিশে এই যাত্ৰা প্ৰত্যাহ্বানহীন নহয়। বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ব লাগিব মৌলিক সেৱাসমূহৰ পৰিপূৰকতা, আৰু কোনো নাগৰিক, দেশৰ যিকোনো কোণতে যাতে পিছ পৰি নাথাকে এইটো নিশ্চিত কৰা। অন্তিম গৰাকী প্ৰত্যন্ত এলেকাৰ লোকেও যাতে সুবিধাৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰাটো কেৱল নীতিগত লক্ষ্য নহয়—ই কাম কৰাৰ এক পদ্ধতি হ’ব লাগিব। একে সময়তে আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ জনসাধাৰণৰ প্ৰয়োজন আৰু আকাংক্ষা দুয়োটা দ্ৰুতগতিত বিকশিত হৈছে। অসামৰিক সেৱাসমূহ প্ৰাসংগিক হৈ থাকিবলৈ হ’লে সেইবোৰ এই নতুন আৰু উদীয়মান প্ৰত্যাহ্বানসমূহৰ সৈতে অহৰহ খাপ খাব লাগিব। এই নতুন যুগত সঁচা অৰ্থত নেতৃত্ব দিবলৈ আমি নিজকে গতানুগতিক মানদণ্ডৰ বাহিৰলৈ লৈ যাব লাগিব। অতীতৰ কৃতিত্বৰ ওপৰত নিৰ্ভৰ কৰি সফলতা নিহিত হৈ নাথাকে, সফলতা নিহিত থাকে সেইবোৰক আৰু অধিক বিস্তাৰিত কৰিবলৈ উচিত মঞ্চ হিচাপে ব্যৱহাৰ কৰাতহে। বিগত দিনৰ মাইলৰ খুঁটিবোৰক লক্ষ্য হিচাপে গণ্য কৰা উচিত নহয়, অনাগত দিনৰ বাবে মানদণ্ডৰ মাপকাঠি আৰু ওপৰলৈ উন্নীত কৰাৰ প্ৰেৰণা হিচাপেহে কাম কৰিব লাগে। আগতে কৰা কামৰ লগত নিজকে তুলনা কৰিলেই এতিয়া যথেষ্ট নহয়। “মই মোৰ আগৰজনতকৈ বেছি কাম কৰিলোঁ” এই মানসিকতা পুৰণি। আমাৰ মনোযোগ এতিয়া আগন্তুকত নিবদ্ধ থাকিব লাগিব। আচল প্ৰশ্নটো হ’ল- ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি কিমান ওচৰ চাপিছো? আজি আমি য’ত থিয় দিছো তাৰ পৰা কি পদক্ষেপ ল’ব লাগিব? মোৰ পৰিকল্পনা কি হ’ব, মোৰ কামৰ গতি কি আৰু মই মোৰ অগ্ৰগতি কেনেকৈ ত্বৰান্বিত কৰিব পাৰো? এই দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত এখন উন্নত, সৰ্বাংগীন আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ এটা আকাংক্ষাতকৈও অধিক হ’ব লাগিব। ইয়েই আমাৰ মিছন। আমাৰ সপোন। আমাৰ উমৈহতীয়া উদ্দেশ্য।

আমি প্ৰতিটো খণ্ডকে কঠোৰ দৃষ্টিৰে চাব লাগিব আৰু নিজকে প্ৰশ্ন কৰিব লাগিব: আমি নিৰ্ধাৰণ কৰা অভিলাষী লক্ষ্য পূৰণৰ বাবে আমাৰ বৰ্তমানৰ গতি যথেষ্ট নেকি? যদি উত্তৰটো নহয়, তেন্তে আমি গতি সলাব লাগিব। পৃথিৱীখন সলনি হৈছে, আমাৰ বাবে উপলব্ধ সঁজুলিবোৰো সলনি হৈছে। আজি আমি এনে প্ৰযুক্তিৰ সুবিধা লাভ কৰিছো যিবোৰ এদশকৰ আগতে কল্পনাতীত আছিল—আমি ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰি দ্ৰুত, অধিক ফলপ্ৰসূ অগ্ৰগতি লাভ কৰিব লাগিব। যোৱা ১০ বছৰত আমি দৰিদ্ৰ লোকৰ বাবে ৪ কোটি স্থায়ী ঘৰ সাজিলোঁ। এতিয়া, আমি আৰু ৩ কোটি নিৰ্মাণৰ লক্ষ্য ৰাখিছো। মাত্ৰ ৫–৬ বছৰতে আমি ১২ কোটিৰো অধিক গ্ৰাম্য পৰিয়ালক টেপৰ পানীৰ সংযোগ প্ৰদান কৰিলোঁ। এতিয়া আগন্তুক কামটো হ’ল প্ৰতিটো গ্ৰাম্য ঘৰতে অতিশীঘ্ৰে সংযোগ স্থাপন কৰা। বিগত দশকত দৰিদ্ৰ লোকৰ বাবে ১১ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে, যিটো মৰ্যাদা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত এক কীৰ্তিচিহ্নস্বৰূপ পদক্ষেপ। পৰৱৰ্তী পৰ্যায়টো হ’ল আৱৰ্জনা ব্যৱস্থাপনাক সমানে জৰুৰীভাৱে মোকাবিলা কৰা। বহুদিনৰ আগতে লাখ লাখ দৰিদ্ৰ নাগৰিকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ধাৰণাটো যেন এক অলীক সপোন যেন লাগিছিল। আজি ই এক বাস্তৱ। এতিয়া আমি পৰৱৰ্তী ডাঙৰ পদক্ষেপটো ল’ব লাগিব— প্ৰতিজন নাগৰিকৰ বাবে, সমগ্ৰ দেশখনৰ বাবে ব্যাপক পুষ্টি নিশ্চিত কৰা। আমাৰ পথ প্ৰদৰ্শক নীতি সহজ কিন্তু শক্তিশালী হ’ব লাগিব: ১০০% কভাৰেজ, ১০০% প্ৰভাৱ। এই কেন্দ্ৰীভূত, ফলাফল-চালিত পদ্ধতিয়েই ইতিমধ্যে যোৱা ১০ বছৰত ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে। আৰু এই পন্থাই আমাক এনে এটা ভৱিষ্যতৰ দিশে লৈ যাব য’ত দৰিদ্ৰতা আৰু ভাৰতৰ কাহিনীৰ অংশ নহয়।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া আমোলাতন্ত্ৰৰ প্ৰধান ভূমিকা আছিল এজন নিয়ন্ত্ৰকৰ— যিয়ে ঔদ্যোগিক বিকাশৰ গতি নিৰ্ধাৰণ কৰিছিল আৰু উদ্যোগীকৰণৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিছিল। কিন্তু ভাৰতে এতিয়া সেই পুৰণি কাঠামোৰ পৰা বহু ওপৰলৈ আগবাঢ়িছে। আজি আমি এনে এক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছো যিয়ে নাগৰিকসকলক উদ্যোগী হ’বলৈ শক্তিশালী কৰে আৰু তেওঁলোকৰ পথত থকা বাধাসমূহ সক্ৰিয়ভাৱে আঁতৰাই পেলায়। এই নতুন যুগত অসামৰিক সেৱাসমূহ সক্ষমকাৰীলৈ বিকশিত হ’ব লাগিব। এতিয়া কেৱল নিয়ম আৰু পদ্ধতিৰ ৰক্ষক নহয়, তেওঁলোক এতিয়া প্ৰগতিৰ অংশীদাৰ হ’ব লাগিব— উদ্ভাৱন, বৃদ্ধি আৰু উদ্যোগৰ সুবিধা প্ৰদানকাৰী। উদাহৰণস্বৰূপে এম এছ এম ই খণ্ডটো লওক। মিছন মেনুফেকচাৰিং পদক্ষেপ আৰম্ভ হোৱাৰ লগে লগে আমি ভাৰতৰ ঔদ্যোগিক ভৱিষ্যতৰ মূল শিলাস্তম্ভ হিচাপে এম এছ এম ইৰ ওপৰত আমাৰ বিশ্বাস স্থাপন কৰিছো। তেওঁলোকৰ সফলতাই হ’ব এই অভিযানক আগুৱাই নিয়া ইঞ্জিন। আৰু আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব পৰিৱেশত আমাৰ এম এছ এম ই, ষ্টাৰ্ট-আপ, আৰু যুৱ উদ্যোগীসকলৰ হাতত আছে এক সোণালী সুযোগ। কিন্তু এই সুযোগ গ্ৰহণ কৰিবলৈ উচ্চাকাংক্ষাতকৈও অধিক প্ৰয়োজন প্ৰতিযোগিতামূলক ক্ষমতাৰ। আমাৰ এম এছ এম ইসমূহে কেৱল স্থানীয়ভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই; তেওঁলোকে বিশ্বব্যাপী বজাৰত কাম কৰি আছে৷ যদি আন এখন দেশ, আনকি সৰু দেশেও সহজ অনুসৰণ আৰু বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ প্ৰদান কৰে, তেন্তে ইয়াৰ ষ্টাৰ্ট-আপসমূহে আমাৰ দেশতকৈ নিমিষতে তাৰ সুযোগ লাভ কৰে। যদি ভাৰতৰ উদ্যোগসমূহে বিশ্বমানৰ সামগ্ৰী যোগান ধৰাৰ লক্ষ্য ৰাখে, তেন্তে ভাৰতৰ আমোলাতন্ত্ৰই বিশ্বমানৰ সহজ-সৰল ব্যৱসায় আগবঢ়াব লাগিব। কেৱল খোজ মিলাই চলাটোৱেই নহয়— নেতৃত্ব দিব লাগিব৷ আমাৰ প্ৰশাসনিক ব্যৱস্থাসমূহ গতিসম্পন্ন, দক্ষ, আৰু শক্তিশালী হ’ব লাগিব, যাতে প্ৰতিজন উদ্যোগীয়ে লেহেমীয়া নহয়, সমৰ্থিত অনুভৱ কৰে।

 

বন্ধুসকল,

আজিৰ প্ৰযুক্তি-চালিত যুগত চৰকাৰী কৰ্মচাৰীসকলে ফলপ্ৰসূ, সৰ্বাংগীন শাসনৰ বাবে প্ৰযুক্তি বুজিব আৰু প্ৰয়োগ দুয়োটা দিশতে দক্ষতা বিকাশ কৰিব লাগিব। আজিৰ শাসন ব্যৱস্থা কেৱল ব্যৱস্থাৰ তদাৰক কৰা নহয়, সুযোগ সৃষ্টিৰ কথা। টেক-চেভি হৈ আমি প্ৰতিটো নীতি আৰু কাৰ্যসূচীৰ দক্ষতা আৰু প্ৰসাৰতা বৃদ্ধি কৰিব পাৰো। নিৰ্দিষ্ট নীতিৰ ডিজাইন আৰু ৰূপায়ণ নিশ্চিত কৰিবলৈ তথ্য-চালিত সিদ্ধান্ত গ্ৰহণৰ বিশেষজ্ঞতা অতি প্ৰয়োজনীয়। কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ দ্ৰুত উন্নতিয়ে এক আগতীয়া প্ৰযুক্তিগত বিপ্লৱৰ সংকেত দিয়ে, যিয়ে বৰ্তমানৰ ডিজিটেল যুগক অতিক্ৰম কৰিব। নাগৰিকৰ আশা পূৰণ কৰা ব্যতিক্ৰমী সেৱা আগবঢ়াবলৈ আমি এই পৰিৱৰ্তনশীল ভৱিষ্যতৰ বাবে নিজকে আৰু আমাৰ ব্যৱস্থাসমূহক প্ৰস্তুত কৰিব লাগিব। মিছন কৰ্মযোগী আৰু অসামৰিক সেৱা সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ দৰে কাৰ্যসূচীৰ জৰিয়তে আমাৰ সামৰ্থ্য শক্তিশালী কৰাটো কাইলৈৰ বাবে সাজু অসামৰিক সেৱা গঢ়ি তোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

এই গতিশীল বিশ্বব্যাপী পৰিৱেশত আমি উদীয়মান প্ৰত্যাহ্বানসমূহ সজাগভাৱে নিৰীক্ষণ কৰিব লাগিব। খাদ্য, পানী আৰু শক্তিৰ সুৰক্ষা জটিল বিষয় হৈয়েই আছে, বিশেষকৈ গ্ল’বেল চাউথত, য’ত ই ভয়াৱহ সংকটলৈ গতি কৰিছে। চলি থকা সংঘাতে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তোলে, বিশ্বজুৰি জীৱন আৰু জীৱিকাত ব্যাঘাত জন্মায়। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আন্তঃক্ৰিয়াক স্বীকাৰ কৰি আমি সেই অনুসৰি আমাৰ নীতি আৰু কৌশলসমূহ খাপ খুৱাব লাগিব। জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বা চাইবাৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাই হওক, ভাৰতে সক্ৰিয়ভাৱে দূৰদৰ্শিতাৰে নেতৃত্ব দিব লাগিব। স্থানীয় কৌশল ডিজাইন কৰি আৰু স্থিতিস্থাপক উন্নয়নৰ আৰ্হিক লালন-পালন কৰি আমি বিশ্বব্যাপী প্ৰত্যাহ্বানৰ পৰা আগবাঢ়ি থাকিব পাৰো।

 

বন্ধুসকল,

লালকিল্লাৰ পৰাই মই ‘পঞ্চ প্ৰাণ’ৰ ৰূপৰেখা দাঙি ধৰিলোঁ—আমাক পথ প্ৰদৰ্শন কৰিবলৈ পাঁচটা ব্ৰত: ‘বিকশিত ভাৰত’ গঢ়ি তোলা, ঔপনিৱেশিক মানসিকতা নাইকিয়া কৰা, আমাৰ ঐতিহ্যক আকোৱালি লোৱা, ঐক্যৰ পোষকতা কৰা, আৰু সততাৰে আমাৰ কৰ্তব্য পালন কৰা। চৰকাৰী কৰ্মচাৰী হিচাপে আপুনি এই ব্ৰতবোৰৰ ধ্বজাবাহক। প্ৰতিবাৰেই যেতিয়া আপুনি সহজতাৰ সলনি সততা, স্থবিৰতাৰ সলনি উদ্ভাৱন বা প্ৰতিপত্তিৰ সলনি সেৱা বাছি লয়, তেতিয়াই আপুনি দেশখনক আগুৱাই লৈ যায়। আপোনালোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত মোৰ বিশ্বাস আছে। কেৰিয়াৰ আৰম্ভ কৰা যুৱ বিষয়াসকলে মনত ৰাখিব: সমাজৰ সমৰ্থন অবিহনে কোনেও সফলতা লাভ নকৰে। প্ৰগতিৰ বাবে সমাজখনৰ অৱদান অতি প্ৰয়োজনীয়। আপুনি তাৰ প্ৰতিদান ওভতাই দিয়াৰ অনন্য সৌভাগ্য লাভ কৰিছে, দেশখনে নিজৰ জনসাধাৰণৰ সেৱা আৰু উন্নীতকৰণৰ দায়িত্ব আপোনালোকৰ হাতত অৰ্পণ কৰিছে।

বন্ধুসকল,

এইটোৱেই হৈছে অসামৰিক সেৱা সংস্কাৰৰ নতুনকৈ কল্পনা কৰাৰ আৰু নতুনকৈ সংজ্ঞা দিয়াৰ মুহূৰ্ত। আমি পৰিৱৰ্তনৰ গতি ত্বৰান্বিত কৰাই নহয় ইয়াৰ পৰিসৰো বহল কৰিব লাগিব। আন্তঃগাঁথনি উন্নয়নেই হওক, নবীকৰণযোগ্য শক্তিৰ লক্ষ্যই হওক, আভ্যন্তৰীণ নিৰাপত্তাই হওক, দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজেই হওক, সমাজ কল্যাণৰ পদক্ষেপেই হওক, বা ক্ৰীড়া আৰু অলিম্পিকৰ ক্ষেত্ৰত আমাৰ উচ্চাকাংক্ষাই হওক—প্ৰতিটো খণ্ডই সাহসী সংস্কাৰৰ আহ্বান জনাইছে। আমি এতিয়ালৈকে যিখিনি সফলতা লাভ কৰিছো সেয়া উল্লেখযোগ্য, কিন্তু আগন্তুক পথটোৱে আমি বহুগুণে অধিক সফলতা লাভ কৰাৰ দাবী জনাইছে৷ আৰু আমি আগবাঢ়ি যোৱাৰ লগে লগে আমি কৰা প্ৰতিটো কামৰ মূলতে এটা পথ প্ৰদৰ্শক নীতি থাকিব লাগিব: “পৃথিৱীখন যিমানেই প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত নহওক কিয়, মানৱ বিচাৰৰ গুৰুত্ব আমি কেতিয়াও পাহৰিব নালাগে।” প্ৰযুক্তি এটা শক্তিশালী আহিলা, কিন্তু ইয়াৰ ব্যৱহাৰৰ পথ প্ৰদৰ্শক হ’ব লাগিব সহানুভূতি, সংবেদনশীলতা আৰু মমতা। প্ৰকৃত বাস্তৱতাৰ সৈতে সংযুক্ত হৈ থাকক। দুখীয়াৰ কথাবোৰ শুনক, তেওঁলোকৰ সংগ্ৰাম বুজক, তেওঁলোকৰ চিন্তাক আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লওক। আমি যেনেকৈ ‘অতিথি দেৱো ভৱ’ বুলি কওঁ অৰ্থাৎ আলহীয়েই ভগৱান, তেনেদৰে আমি ‘নাগৰিক দেৱো ভৱ’ৰ মনোভাৱ গ্ৰহণ কৰিব লাগিব অৰ্থাৎ নাগৰিকেই ভগৱান। চৰকাৰী কৰ্মচাৰী হিচাপে আপোনাৰ ভূমিকা প্ৰশাসনৰ বহু ওপৰলৈকে গৈছে। আপুনি এখন বিকশিত ভাৰতৰ স্থপতি। কেৱল ব্যৱস্থাটোৰ সেৱা কৰিবলৈ নহয়, দৃষ্টিভংগী, নিষ্ঠা আৰু আপুনি সেৱা আগবঢ়োৱা লোকসকলৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে দেশখনৰ ভৱিষ্যত গঢ়ি তুলিবলৈ নিজকে প্ৰস্তুত কৰক।

এটা সময় আছিল যেতিয়া চৰকাৰী কৰ্মচাৰী হোৱাৰ অৰ্থ আছিল এটা নিৰ্দিষ্ট ভূমিকাত ভৰি দিয়া, সেই স্থানৰ ভিতৰতে বিকশিত হোৱা আৰু এটা সুপ্ৰতিষ্ঠিত পথত আগবাঢ়ি যোৱা। কিন্তু বন্ধুসকল, আজি সময় সলনি হৈছে। ভাৰতৰ প্ৰতি মই যি দৃষ্টিভংগী ৰাখিছো—আৰু ১৪০ কোটি নাগৰিকৰ চকুত জিলিকি থকা আশাই মোক এই কথা ক’বলৈ বাধ্য কৰে যে আপুনি এতিয়া কেৱল চৰকাৰী কৰ্মচাৰী নহয়। নতুন ভাৰতৰ স্থপতি আপোনালোক। এই ভূমিকা সঁচা অৰ্থত পালন কৰিবলৈ আমি কৰ্তব্যৰ পৰিসীমাৰ বাহিৰলৈ যাব লাগিব। আমি নিজকে শক্তিশালী কৰিব লাগিব, আমাৰ প্ৰচেষ্টাক জাতীয় অগ্ৰাধিকাৰৰ সৈতে মিলাব লাগিব, আৰু প্ৰতিজন সাধাৰণ নাগৰিকৰ সপোনক নিজৰ সপোন হিচাপে আকোৱালি ল’ব লাগিব। যেতিয়া আমি এই কামটো কৰিম—যেতিয়া আমি সেই উদ্দেশ্য আৰু নিজৰ বুলি ভবাৰ জ্ঞানেৰে কাম কৰিম—তেতিয়া আমি কেৱল প্ৰগতিত অৰিহণা যোগোৱাই নহয় বৰঞ্চ আমি নিজৰ চকুৰে বিকশিত ভাৰতৰ উত্থানৰ সাক্ষী হ’ম৷ এতিয়া আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ চকু আমাৰ মাজত বহি থকা প্ৰতিশ্ৰুতিৰে ভৰা এজনী সৰু ছোৱালীৰ ওপৰত পৰিছে। হয়তো, ২০৪৭ চনৰ ভিতৰত তাই আপোনালোকৰ ঠাইত বহিব। তাইৰ বাবেই, আৰু প্ৰতিজন ভৱিষ্যত নাগৰিকৰ বাবেই আমি এই দৃষ্টিভংগী গঢ়ি তুলিছো। এইবোৰ সপোন আমি আগুৱাই নিব লাগিব। এয়াই হৈছে বিকশিত ভাৰতৰ আত্মা।

এই যাত্ৰাত আপোনালোকৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

ধন্যবাদ, জয় হিন্দ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Booth strength, people’s trust and grassroots outreach - PM Modi’s interaction with BJP Karyakartas from West Bengal
April 14, 2026
The citizens across West Bengal have described the BJP’s Sankalp Patra (manifesto) as practical, implementable and focused on holistic development and welfare: PM Modi
PM Modi constantly reiterated to the BJP karyakartas of West Bengal that booth-level strength is the foundation of electoral success
The scale of victory in West Bengal will directly translate into relief and better governance for its people: PM Modi to BJP karyakartas

PM Modi interacted with BJP karyakartas from across West Bengal under the ‘Mera Booth, Sabse Mazboot’ initiative, extending his best wishes for the Bengali New Year to all citizens of the state.


During the interaction, the PM reflected on his recent visits across various parts of West Bengal, highlighting the remarkable enthusiasm, energy and growing support for the BJP among the people. He credited this momentum to the tireless efforts and dedication of booth-level karyakartas.

The PM appreciated the positive response to the BJP’s Sankalp Patra (manifesto), stating that citizens across the state have described it as practical, implementable, and focused on holistic development and welfare.

During the interaction, several karyakartas shared their on-the-ground experiences, highlighting key concerns among the people, including safety, employment, corruption, political violence, and governance challenges. Women karyakartas spoke about concerns over security and dignity, while youth-related issues such as migration due to lack of opportunities were also raised.

PM Modi acknowledged these concerns and emphasised the need for continuous engagement with citizens at the grassroots level. He urged karyakartas to strengthen booth-level organisation through regular outreach and small group meetings, actively connect with women, youth, farmers and first-time voters , clearly communicate the benefits and vision outlined by the BJP, ensure transparency, development and safety, use social media and digital tools effectively to amplify facts and counter misinformation.
He also stressed the importance of documenting and communicating local issues, ensuring that the voices of the people are consistently heard and represented.

The PM constantly reiterated that booth-level strength is the foundation of electoral success, stating that “Booth jeeta, toh chunav jeeta.” He expressed confidence that the growing trust of the people in BJP presents a significant opportunity to bring transformation in West Bengal.

Concluding the interaction, PM Modi said that the scale of victory in West Bengal will directly translate into relief and better governance for its people. He encouraged all karyakartas to work with renewed energy, expand outreach, and ensure that every household becomes a partner in this journey of development.