‘যেতিয়া চিপসমূহে কাম নকৰে তেতিয়া আপোনালোকৰ কোড’-য়ে সকলোবোৰ সচ্চল কৰি ৰাখে, তথ্য প্ৰযুক্তি উদ্যোগক ক’লে প্ৰধানমন্ত্ৰীয়ে
অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা প্ৰযুক্তি-উদ্যোগক মুক্ত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে : প্ৰধানমন্ত্ৰী
নতুন সম্ভাৱনাসমূহৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত নৱ উদ্যোগীসকলে স্বধীনতা পোৱা উচিত : প্ৰধানমন্ত্ৰী

নমস্কাৰ!

এইবাৰ নেছকমৰ প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চ মোৰ দৃষ্টিত অতুলনীয় হৈ দেখা দিছে৷ এয়া এনে এক সময় য’ত সমগ্ৰ বিশ্বই যথেষ্ট আশা আৰু বিশ্বাসৰ সৈতে ভাৰতলৈ প্ৰত্যক্ষ কৰিছে৷

আমাৰ ইয়াত কোৱা হয়- না দেন্যম, না পলায়নম্৷ অৰ্থাৎ প্ৰত্যাহ্বান যিমানেই কঠিন নহওক কিয়, আমি নিজকে দুৰ্বল বুলি ভাবিব নালাগে আৰু প্ৰত্যাহ্বানৰ পৰা পলায়নো কৰিব নালাগে৷ ক’ৰোনাৰ সময়ছোৱাত ভাৰতৰ জ্ঞান-বিজ্ঞান, আমাৰ প্ৰযুক্তিয়ে কেৱল নিজকেই প্ৰস্তুত কৰা নাই বৰঞ্চ নিজৰ প্ৰসাৰণো কৰিছে৷ এটা সময় আছিল যেতিয়া আমি সৰু আইৰ টীকাৰ বাবেও আন দেশৰ ওপৰত নিৰ্ভৰ আছিলো৷ এতিয়া এনে সময় আহিছে য’ত আমি বিশ্বৰ অনেক দেশক মেড ইন ইণ্ডিয়া ক’ৰোনা প্ৰতিষেধক যোগান ধৰিছো৷ ক’ৰোনাৰ সময়ছোৱাত ভাৰতে যি সমাধান আগবঢ়াইছে সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ আৰু যিদৰে আপোনালোক সকলো সতীৰ্থৰ কথা মই আজি শুনিলো আৰু কিছুমানে চিইঅ’-ই এইদৰে ক’লে, ইয়াতো প্ৰযুক্তিখণ্ডই অসাধাৰণ কাম কৰিছে৷ When the chips were down, your code kept things running৷ যেতিয়া সমগ্ৰ দেশবাসী ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ আছিল তেতিয়া আপোনালোকে ঘৰৰ পৰাই উদ্যোগ চলাই আছিলে৷ বিগত বৰ্ষৰ ফলাফলে বিশ্বক আশ্চৰ্যচকিত কৰিলেও আপোনালোকৰ ক্ষমতালৈ প্ৰত্যক্ষ কৰিছে ভাৰতৰ জনসাধাৰণৰ বাবে এয়া স্বাভাৱিক যেন বোধ হয়৷

বন্ধুসকল,

এনে স্থিতিত যেতিয়া প্ৰতিটো খণ্ড ক’ৰোনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল তেতিয়াও আপোনালোকে প্ৰায় ২ শতাংশৰ বিকাশৰ অগ্ৰগতি লাভ কৰিছিল৷ যেতিয়া অৱনমিত বিকাশ আশংকা ফুটি উঠিছিল তেতিয়াও ভাৰতৰ তথ্য প্ৰযুক্তিখণ্ডই নিজৰ ৰাজহত প্ৰশংসনীয়ভাৱে ৪ বিলিয়ন ডলাৰ সংযোজিত কৰিবলৈ সক্ষম হৈছিল৷ আপোনালোকৰ আটাইসমূহ দল অভিনন্দনৰ অধিকাৰী৷ এই সময়ছোৱাত লক্ষাধিক নতুন তথ্য প্ৰযুক্তি উদ্যোগে এয়া প্ৰতীয়মান কৰিছে যে ভাৰতৰ বিকাশৰ স্তম্ভ কিয় শক্তিশালী? আজি সমগ্ৰ ডাটা, প্ৰতিটো সূচাংকই এয়া প্ৰদৰ্শিত কৰিছে যে তথ্য প্ৰযুক্তিৰ এই বিকাশৰ ধাৰাই অতি শীঘ্ৰেই আকাশ স্পৰ্শ কৰিব৷

বন্ধুসকল,

নতুন ভাৰত, প্ৰতিজন ভাৰতবাসী প্ৰগতিৰ বাবে অধীৰ অপেক্ষাকৃত৷ আমাৰ চৰকাৰে নতুন ভাৰতৰ, ভাৰতৰ যুৱ সমাজৰ এই ভাৱনাক বুজি পায়৷ ১৩০ কোটিতকৈও অধিক ভাৰতীয়ৰ আকাক্ষাংই আমাক দ্ৰুত গতিত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে৷ নতুন ভাৰতৰ সৈতে জড়িত যিমানবোৰ প্ৰত্যাশা চৰকাৰৰ পৰা কৰা হৈছে সিমানেই আপোনালোকৰ পৰাও কৰা হৈছে, দেশৰ ব্যক্তিগত খণ্ডৰ পৰাও কৰা হৈছে৷

বন্ধুসকল,

ভাৰতৰ তথ্য প্ৰযুক্তিখণ্ডই নিজৰ স্থিতি বৰ্ষ পূৰ্বই সবল কৰিছে৷ সমগ্ৰ বিশ্বক আমাৰ ভাৰতীয় প্ৰতিভাৱান সেৱা আৰু সমাধানে নেতৃত্ব প্ৰদান কৰি আছিল৷ কিন্তু কিছুমান কাৰণত ভাৰতৰ যি বিশাল ঘৰুৱা বজাৰ, তাৰে লাভ তথ্য প্ৰযুক্তিখণ্ডই লাভ কৰা নাছিল৷ তাৰ ফলত ভাৰতৰ ডিজিটেল ব্যৱধান বৃদ্ধি হৈছিল৷ এক প্ৰকাৰে আমি এয়া ক’ব পাৰো যে- চাকিৰ তলৰ আন্ধাৰ৷ বিগত বৰ্ষসমূহত আমাৰ চৰকাৰে এই ছবি পৰিৱৰ্তিত কৰিছে সেয়া আমাৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্তই সাক্ষী প্ৰদান কৰিছে৷

বন্ধুসকল,

আমাৰ চৰকাৰেও এয়া ভালদৰেই জানে যে বান্ধোনত ভৱিষ্যতৰ নেতৃত্ব বিকশিত নহয়৷ সেইবাবে চৰকাৰৰ দ্বাৰা তথ্য প্ৰযুক্তিখণ্ডক অনাৱশ্যক নিয়মৰ দ্বাৰা, বান্ধোনৰ পৰা বাহিৰলৈ ওলোৱাৰ প্ৰয়াস কৰা হৈছে৷ এইক্ষেত্ৰত নেছনেল ডিজিটেল কমিউনিকেচন পলিচী এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ভাৰতক বিশ্বজনীন ছফটৱেৰ সামগ্ৰীৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰা হৈছে৷ সংস্কাৰৰ এই শৃংখল ক’ৰোনাৰ সময়ছোৱাতো অব্যাহত আছিল৷ ক’ৰোনাৰ সময়ছোৱাতেই “Other Service Provider” (OSP) guidelines প্ৰস্তুত কৰা হৈছিল৷ অলপতে ইয়াৰ চৰ্চা কৰা হৈছে৷ ইয়াৰ দ্বাৰা নতুন পৰিস্থিতিত আপোনালোকৰ বাবে কাম কৰাটো সহজ হৈ পৰিল, আপোনালোকৰ কামত যতি হ্ৰাস হ’ল৷ আজিও যিদৰে আপোনালোকৰ কিছুসংখ্যক সতীৰ্থই কৈছে যে ৯০ শতাংশতকৈও অধিক লোকে নিজৰ ঘৰৰ পৰাই কাম কৰি আছে৷ এয়াই নহয় কিছুমান লোকে নিজৰ গাঁৱৰ পৰাও কাম কৰি আছে৷ চাওক, ই নিজকে নিজে কিদৰে সৱলীকৃত কৰিছে৷ ১২টা চেম্পিয়ন ছাৰ্ভিচ খণ্ডত তথ্য প্ৰযুক্তিক অন্তৰ্ভুক্তিকৰণৰ লাভ এতিয়া আপোনালোকে পাব ধৰিছে৷

বন্ধুসকল,

দুদিন পূৰ্বেই এক গুৰুত্বপূৰ্ণ নীতিৰ সংস্কাৰ সাধন কৰা হৈছে যাক আপোনালোক সকলোৱে স্বাগতম জনাইছে৷ মেপ আৰু ভূ-তাত্বিক তথ্যক নিয়ন্ত্ৰণমুক্ত কৰি ইয়াক উদ্যোগসমূহৰ বাবে মুকলি কৰাটো এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ই এনে এক পদক্ষেপ যিয়ে এই মঞ্চৰ থীম- - 'Shaping the future towards a better normal'ক তুলি ধৰিছে৷ মই ভাবো যে এক প্ৰকাৰে আপোনালোকৰ সন্মিলনৰ যি কাম, সেয়া চৰকাৰে কৰি দিছে আৰু এয়া এনে এক পদক্ষেপ যিয়ে আমাৰ প্ৰযুক্তি ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰক সৱলীকৃত কৰিব৷ এয়া এনেকুৱা এক পদক্ষেপ যিয়ে তথ্য প্ৰযুক্তিখণ্ডকেই নহয় বৰঞ্চ আত্মনিৰ্ভৰ ভাৰতৰ ব্যাপক অভিযানকো সৱলীকৃত কৰিব৷ মোৰ মনত আছে, আপোনালোকৰ অনেক উদ্যমী, মেপ আৰু ভূ-তাত্বিক তথ্যৰ সৈতে জড়িত বাধা তথা ৰঙা-ফিটাৰ মেৰ-পাকৰ বিষয়ে অনেক মঞ্চত উত্থাপন কৰিছে৷

এতিয়া এটা কথা ক’ব বিচাৰিছো যে এই আটাইবোৰ বিষয়ত সবাতোকৈ ডাঙৰ যি ‘ৰঙা লাইট’ প্ৰদৰ্শিত কৰা হৈছিল সেয়া সুৰক্ষাৰ সৈতে জড়িত আছিল৷ এই আটাইবোৰ মুকলি কৰি দিলে সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ থল আছিল৷ কিন্তু সুৰক্ষাৰ সমস্যাসমূহো ব্যৱস্থাপনা কৰাৰ বাবে আত্মবিশ্বাসে এক বৃহৎ শক্তি হিচাপে দেখা দিয়ে৷ আৰু আজি ভাৰত আত্মবিশ্বাসেৰে ভৰা, সীমান্তত আমি পূৰ্বেও দেখিছো আৰু এতিয়াও দেখিছো৷ এনে ধৰণৰ কিছুমান সিদ্ধান্ত সম্ভৱ হৈ উঠিছে, এই সিদ্ধান্তসমূহ প্ৰযুক্তিৰ সীমাৰ ভিতৰত নহয়, এই সিদ্ধান্ত কেৱল প্ৰশাসনিক সংস্কাৰহে৷ এনেকুৱা নহয় যে এই সিদ্ধান্ত কেৱল চৰকাৰৰ এক নীতি-নিয়মৰ পৰা আঁতৰি গৈছে, এনেকুৱা নহয়, এই সিদ্ধান্ত ভাৰতৰ সামৰ্থৰ পৰিচায়ক হে হৈছে৷ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো আমি দেশক সুৰক্ষিত কৰি ৰাখিব পাৰিম বুলি ভাৰত বিশ্বাসী৷ মই যেতিয়াই আপোনালোকৰ দৰে সতীৰ্থসকলৰ সৈতে আলোচনাত বহিছিলো তেতিয়া এই সমস্যাৰ বিষয়ে অনুধাৱন কৰিব পাৰিছিলো৷ আমাৰ যুৱ উদ্যমীসকল, আমাৰ ষ্টাৰ্ট-আপসমূহ, বিশ্বত সৃষ্টি হোৱা নতুন অৱকাশৰ সুবিধা গ্ৰহণৰ বাবে পূৰ্ণ স্বতন্ত্ৰ হ’ব লাগে৷ এই বিশ্বাসৰ সৈতে self-certification ধাৰণাক উৎসাহিত কৰা হৈছে৷

বন্ধুসকল,

বিগত ছবছৰত তথ্য প্ৰযুক্তি উদ্যোগে যি সামগ্ৰী, যি সমাধান প্ৰস্তুত কৰিছে তাক আমি শাসনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তুলিছো৷ বিশেষকৈ ডিজিটেল ভাৰতে, ডিজিটেল প্ৰযুক্তিয়ে সাধাৰণতম ভাৰতীয়ক সশক্ত কৰি তুলিছে৷ আজি তথ্যসমূহৰো গণতান্ত্ৰিকীকৰণ কৰা হৈছে আৰু সমাজৰ অন্তিম প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে৷ আজি শতাধিক চৰকাৰী সেৱা অনলাইনৰ জৰিয়তে সম্পন্ন হৈছে৷ শাসন প্ৰক্ৰিয়াত প্ৰযুক্তিৰ প্ৰভাৱী ব্যৱহাৰৰ দ্বাৰা দুখীয়া আৰু মধ্যবিত্তলোকসকলে সুবিধাৰ সৈতে দুৰ্নীতিৰ পৰাও সকাহ পাইছে৷ আমাৰ ফিনটেক সামগ্ৰী আৰু ইউপিআইৰ দৰে ডিজিটেল প্লেটফ’ৰ্মৰ চৰ্চা সমগ্ৰ বিশ্বতে হ’বলৈ ধৰিছে৷ বিশ্ব বেংক সহিতে ইয়াৰ সামৰ্থৰ চৰ্চা আমি কৰি আছো৷ কিদৰে ৩-৪ বছৰৰ ভিতৰত এক Heavily Cash Dependent Societyৰ পৰা Less Cash Society লৈ আগবাঢ়িছো৷ যিমানে ডিজিটেল লেনদেন অধিক হৈছে সিমানেই ক’লা ধনৰ স্ৰোত কম হৈছে৷ জেএএম ট্ৰিনিটী আৰু ডিবিটিৰ ফলত আজি দৰিদ্ৰসকলে সম্পূৰ্ণ অধিকাৰ লাভ কৰিছে৷

বন্ধুসকল,

নিকা ব্যৱস্থা অৰ্থাৎ পাৰদৰ্শিতা সুশাসনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত৷ অৰ্থাৎ পৰিৱৰ্তন এতিয়া দেশৰ শাসন ব্যৱস্থাত হ’বলৈ ধৰিছে৷ এই কাৰণতেই প্ৰতিটো সৰ্বেক্ষণত ভাৰত চৰকাৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাস গভীৰ হ’বলৈ ধৰিছে৷ এতিয়া চৰকাৰী কামকাজক চৰকাৰী ৰেজিষ্ট্ৰীৰ পৰা বাহিৰলৈ উলিয়াই ডেশ্বব’ৰ্ডলৈ অনা হৈছে৷ এয়াই প্ৰয়াস কৰা হৈছে যে চৰকাৰ আৰু চৰকাৰী বিভাগৰ প্ৰতিটো গতিবিধি দেশৰ সাধাৰণ নাগৰিকে যাতে প্ৰত্যক্ষ কৰিব পাৰে৷ যি কাম হ’ব সেয়া দেশবাসীৰ সন্মুখত হ’ব৷

বন্ধুসকল,

চৰকাৰী আহৰণক লৈ প্ৰথমে কেনে ধৰণৰ প্ৰশ্নৰ উত্থাপন কৰা হৈছিল সেয়া আমি সকলোৱে জানো৷ এতিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰি, সম্পূৰ্ণ পাৰদৰ্শিতাৰ সৈতে, চৰকাৰী ই-মাৰ্কেটপ্লেচ অৰ্থাৎ জিইএম-ৰ জৰিয়তে ক্ৰয় কৰা হৈছে৷ আজি অধিকাংশ চৰকাৰী নিবিদা অনলাইনত কৰা হৈছে৷ আমাৰ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰকল্পই হওক অথবা দুখীয়াৰ ঘৰ, প্ৰতিটো প্ৰকল্পৰ জিঅ’-টেগিং কৰা হৈছে যাতে সেয়া সময়মতে সম্পন্ন হয়৷ আনকি আজি গাঁওসমূহৰ ঘৰবোৰৰ মেপিঙো ড্ৰোণৰ সহায়ত কৰা হৈছে, কৰ সংক্ৰান্তীয় কামসমূহত মানৱ হস্তক্ষেপ হ্ৰাস কৰা হৈছে, ফেচলেছ ব্যৱস্থা বিকশিত কৰা হৈছে৷

বন্ধুসকল,

আজি বিশ্বত যি ভাৰতীয় প্ৰযুক্তিৰ ছবি, যি পৰিচয় সেয়া প্ৰত্যক্ষ কৰি দেশবাসীয়ে আপোনালোকৰ পৰা বহু আশা কৰিছে৷ আপোনালোকে এয়া সুনিশ্চিত কৰিছে যে আমাৰ প্ৰযুক্তি যাতে ভাৰতত নিৰ্মিত হয়৷ মই আপোনালোকলৈ আহ্বান জনাইছো যে আপোনালোকৰ সমাধানতো এতিয়া ‘মেক ফৰ ইণ্ডিয়া’ৰ চাপ থাকিব লাগে৷ যদি আমি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি নেতৃত্বক আগুৱাই নিব পাৰো, এই গতি আগুৱাই নিব পাৰো তেতিয়া আমাৰ প্ৰতিযোগিতামূলক মনোভাৱৰ নতুন মানদণ্ডও গঢ়িব লাগিব৷ বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ বাবে উদ্ভাৱন আৰু উদ্যমৰ সৈতে ভাৰতীয় তথ্য প্ৰযুক্তিখণ্ডই Culture of Excellence আৰু Institution Buildingৰ ওপৰতো ধ্যান দিব লাগিব৷ এনে ক্ষেত্ৰত মই আমাৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাতাসকললৈ এক বিশেষ বাৰ্তা প্ৰদান কৰিবলৈ বিচাৰিছো৷ নিজকে কেৱল valuations আৰু exit strategiesত সীমাৱদ্ধ কৰি নাৰাখিব৷

বন্ধুসকল,

এই বৰ্ষটোত আমি স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিম৷ এয়া অতিশয় উপযুক্ত সময় নতুনকৈ লক্ষ্য নিৰ্ধাৰণৰ৷ এতিয়াৰে পৰা ২৫-২৬ বছৰৰ পিছত যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০তম বৰ্ষ উদযাপন কৰিব, তেতিয়া বিশ্বৰ বাবে আমি সামগ্ৰী প্ৰস্তুত কৰিম, কিমান বিশ্ব নেতা গঢ়ি তুলিম, সেই চিন্তা কৰি এতিয়াৰে পৰা কাম কৰিব লাগিব৷ আপোনালোকে লক্ষ্য নিৰ্ধাৰণ কৰক, দেশ আপোনালোকৰ সৈতে আছে৷ ভাৰতৰ ইমান বৃহৎ আবাদীয়েই আপোনালোকৰ শক্তি৷ বিগত মাহসমূহত আমি দেখিলো যে কিদৰে ভাৰতৰ জনসাধাৰণ প্ৰযুক্তি সমাধানৰ দিশত আগ্ৰহী হৈছে৷ নতুন প্ৰযুক্তি সমাধানৰ অপেক্ষা কৰিছে৷ দেশবাসী মন কৰিছে, আপোনালোকেও মন কৰক৷

বন্ধুসকল,

মোৰ বিশ্বাস যে আগন্তুক ৩টা দিনত আপোনালোকে বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এনেকুৱা সমাধানৰ ওপৰত গভীৰ চৰ্চা কৰিব৷ চৰকাৰে সদায়ৰ দৰে আপোনালোকৰ প্ৰস্তাৱসমূহৰ ওপৰত বিচাৰ কৰিব৷ মই কথা নিশ্চয়কৈ ক’বলৈ বিচাৰিম, যোৱাবাৰ ১৫ আগষ্টত যেতিয়া মই লালকিল্লাৰ পৰা ভাষণ দিছিলো, আপোনালোকে শুনিছিল, মই দেশৰ সন্মুখত এক লক্ষ্য নিৰ্ধাৰণ কৰিছিলো যে এক হাজাৰ দিনৰ ভিতৰত ভাৰতৰ ছয় লাখ গাঁৱত অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ কাম সম্পন্ন কৰিব লাগিব৷ অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ এটা জঁকাৰ সৃষ্টি হ’ব আৰু মই ইয়াৰ পৰ্যৱেক্ষণ কৰি আছো৷ কিন্তু ইয়াৰ পিছত যি কাম হ’ব সেয়া আপোনালোকৰ মগজুৰ সৈতে জড়িত৷ অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ আন্তঃগাঁথনি ভাৰতৰ দৰিদ্ৰতম ব্যক্তিজনেও কেনেদৰে ব্যৱহাৰ কৰে, ব্যৱহাৰ অনুকূল নতুন নতুন সামগ্ৰীৰ কিদৰে সৃষ্টি হয়, গাঁৱৰ ব্যক্তিসকলেও চৰকাৰৰ সৈতে, বজাৰৰ সৈতে, শিক্ষাৰ সৈতে, আৰোগ্যৰ সৈতে কিদৰে জড়িত হ’ব সেয়া লক্ষ্যণীয় হ’ব৷

আপোনালোকে লক্ষ্য কৰক, কিমান ডাঙৰ অৱকাশ৷ আৰু সেইবাবে মই আপোনালোকক নিমন্ত্ৰণ জনাইছো, চৰকাৰে এই কাম কৰি আছে, পদক্ষেপ গ্ৰহণ কৰক, আমি নেতৃত্ব দীঘলীয়া সময়ৰ বাবে কৰিব লাগিব, প্ৰতিটো ক্ষেত্ৰৰ বাবে কৰিব লাগিব, সম্পূৰ্ণ সামৰ্থৰ সৈতে কৰিব লাগিব, আৰু এই নেতৃত্বৰ মন্থনৰ পৰা যি অমৃত ওলাব, তাৰ দ্বাৰা সমগ্ৰ দেশ উপকৃত হ’ব৷

এই অপেক্ষাৰ সৈতে পুনৰবাৰ আপোনালোকলৈ শুভকামনা থাকিল৷

অশেষ অশেষ ধন্যবাদ!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
RBI sees resilient economy despite West Asia conflict, monsoon concerns

Media Coverage

RBI sees resilient economy despite West Asia conflict, monsoon concerns
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.