PM releases 21st PM-KISAN Instalment of ₹18,000 Crore for 9 Crore Farmers
India is on the path to becoming the global hub of natural farming: PM
The youth of India are increasingly recognising agriculture as a modern and scalable opportunity; this will greatly empower the rural economy: PM
Natural farming is India’s own indigenous idea; it is rooted in our traditions and suited to our environment: PM
‘One Acre, One Season’- practice natural farming on one acre of land for one season: PM
Our goal must be to make natural farming a fully science-backed movement: PM

নমস্কাৰ!

মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।

মই পাণ্ডিয়ান জীৰ ভাষণ শুনি অনুভৱ কৰিছোঁ যে মোক শৈশৱত কোনোৱে তামিল শিকোৱা হ’লে ভাল হ’লহেঁতেন, তেতিয়া আজি এই ভাষণ উপভোগ কৰিব পাৰিলোঁ হেঁতেন, কিন্তু সেই সৌভাগ্য মোৰ নহ’ল। তথাপিও কিন্তু মই যি বুজিব পাৰিলোঁ, তেওঁ জালিকাট্টুৰ কথা কৈছে, তেওঁ ক’ভিডৰ সময়ত সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰিছিল। মই ৰবি জীক পাণ্ডিয়ান জীৰ ভাষণখিনি হিন্দী আৰু ইংৰাজী ভাষাত মোলৈ পঠাবলৈ কৈছোঁ। সেয়া মই পঢ়িম। তথাপিও কিন্তু মই তেওঁৰ কথাখিনি সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু মোৰ বাবে এয়া এক স্মৰণীয় মুহূৰ্ত।

মোৰ কৃষক ভাই-ভনীসকল,

মই প্ৰথমে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাইছোঁ। কইম্বাটুৰ সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ। ই দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰও। ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।

 

বন্ধুসকল,

প্ৰাকৃতিক কৃষিকাৰ্য্য মোৰ অন্যতম আগ্ৰহৰ বিষয়। মই তামিলনাডুৰ সকলো কৃষক ভাই-ভনীলৈ দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলনৰ আয়োজন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এই অনুষ্ঠানত সমবেত কৃষক, কৃষি বিজ্ঞানী, উদ্যোগৰ অংশীদাৰ, ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলকে প্ৰমুখ্য কৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

অনাগত বৰ্ষসমূহত ভাৰতীয় কৃষিৰ বৃহৎ ৰূপান্তৰ সাধনৰ পৰিকল্পনা কৰা হৈছে। ভাৰত প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বিশ্ব কেন্দ্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে। দেশৰ জৈৱ-বৈচিত্ৰ্যৰ বিকাশ ঘটিছে। ভাৰতৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে কৃষিক আধুনিক আৰু ব্যাপক সুযোগ হিচাপে স্বীকৃতি প্ৰদান কৰিছে; ইয়াৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতি বহু পৰিমাণে সুদৃঢ় হ’ব।

মোৰ কৃষক ভাই-ভনীসকল,

যোৱা এঘাৰ বছৰত সমগ্ৰ কৃষি খণ্ডৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন ঘটিছে। ভাৰতৰ কৃষি ৰপ্তানি প্ৰায় দুগুণ বৃদ্ধি পাইছে আৰু চৰকাৰে কৃষিক আধুনিকীকৰণৰ ক্ষেত্ৰত কৃষকসকলক সহায় কৰিবলৈ সকলো সম্ভৱপৰ পথ মুকলি কৰিছে। কেৱল কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনিৰ জৰিয়তে এই বছৰ কৃষকসকলে ১০ লাখ কোটিৰো অধিক টকাৰ সাহায্য লাভ কৰিছে। সাত বছৰ পূৰ্বে কেচিচিৰ সুবিধাসমূহ পশুধন আৰু মীন খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ পিছৰে পৰা এই খণ্ডসমূহত নিয়োজিতসকলেও ইয়াৰ সুবিধাসমূহ ব্যাপকভাৱে লাভ কৰি আহিছে। জৈৱিক সাৰৰ জিএছটি হ্ৰাস পোৱাৰ ফলত কৃষকসকল অধিক উপকৃত হৈছে।

বন্ধুসকল,

মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে একেখন মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰা হৈছে। ইয়াৰ অধীনত সমগ্ৰ দেশৰ কৃষকসকললৈ ১৮,০০০ কোটি টকা হস্তান্তৰ কৰা হৈছে। তামিলনাডুৰ কেইবা লাখ কৃষকেও তেওঁলোকৰ একাউন্টত ধন লাভ কৰিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে ৪ লাখ কোটি টকা পোনপটীয়াকৈ ক্ষুদ্ৰ কৃষকসকলৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত কৃষক ৰাইজে ভিন্ন কৃষি প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা কোটি-কোটি কৃষকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

প্ৰাকৃতিক কৃষিকাৰ্য্যৰ সম্প্ৰসাৰণ হৈছে একবিংশ শতিকাৰ কৃষিৰ আহ্বান। শেহতীয়া বছৰকেইটাত সমগ্ৰ কৃষি আৰু ভিন্ন কৃষি সম্পৰ্কীয় খণ্ডত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যধিক ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰিছে, মাটিৰ আৰ্দ্ৰতাত প্ৰভাৱ পেলাইছে আৰু বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্যৰ ব্যয় বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যধিক ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰিছে, মাটিৰ আৰ্দ্ৰতাত প্ৰভাৱ পেলাইছে আৰু বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্যৰ ব্যয় বৃদ্ধি কৰিছে। ইয়াৰ সমাধান শস্যৰ বৈচিত্ৰ্য সাধন আৰু প্ৰাকৃতিক কৃষিকাৰ্য্যত নিহিত হৈ আছে।

বন্ধুসকল,

মাটিৰ উৰ্বৰতা পুনৰুজ্জীৱিতকৰণ আৰু শস্যৰ পুষ্টি মূল্য বৃদ্ধি কৰিবলৈ দেশখন প্ৰাকৃতিক কৃষিকাৰ্য্যৰ পথত আগবাঢ়িব লাগিব। এয়া এক দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তা উভয়ে। তেতিয়াহে আমি আমাৰ জৈৱ বৈচিত্ৰ্যক ভৱিষ্যৎ প্ৰজন্মসমূহৰ বাবে সংৰক্ষণ কৰিব পাৰিম। প্ৰাকৃতিক কৃষিয়ে জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ প্ৰতিকূলতাৰ সন্মুখীন হোৱাত সহায় কৰে, আমাৰ মাটিক সুস্থ কৰি ৰাখে আৰু ৰাইজক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা ৰক্ষা কৰে। আজিৰ অনুষ্ঠানে এই গুৰুত্বপূৰ্ণ অভিযানক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সাজু হৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰে কৃষকসকলক প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিবলৈ সক্ৰিয়ভাৱে উৎসাহিত কৰি আহিছে। এবছৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযানৰ শুভাৰম্ভ কৰিছিল, যি অভিযানে ইতিমধ্যে লাখ-লাখ কৃষকক সংযুক্ত কৰিছে। এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ বিশেষকৈ সমগ্ৰ দক্ষিণ ভাৰতত দেখা গৈছে, কেৱল তামিলনাডুৰে প্ৰায় ৩৫,০০০ হেক্টৰ ভূমিত এতিয়া জৈৱিক আৰু প্ৰাকৃতিক কৃষি কৰা হৈছে।

বন্ধুসকল,

প্ৰাকৃতিক কৃষিকাৰ্য্য হৈছে ভাৰতৰ নিজস্ব থলুৱা ধাৰণা; ই আমাৰ পৰম্পৰাৰে বদ্ধমূল আৰু আমাৰ পৰিবেশৰ লগত খাপ খাই পৰিছে। মই সন্তোষ পাইছোঁ যে দক্ষিণ ভাৰতৰ কৃষকসকলে ধাৰাবাহিকভাৱে পৰম্পৰাগত প্ৰাকৃতিক কৃষি পদ্ধতি যেনেঃ পঞ্চগব্য, জীৱামৃত, বীজামৃত আৰু মালচিঙৰ অভিযোজনা কৰি আছে। এই পদ্ধতিসমূহে মাটিৰ গুণাগুণ বৃদ্ধি কৰে, শস্যক ৰাসায়নিক সাৰ মুক্ত কৰি ৰাখে আৰু ইনপুট ব্যয় হ্ৰাস কৰে।

 

 

বন্ধুসকল,

শ্ৰী অন্ন বাজৰাৰ খেতিক প্ৰাকৃতিক কৃষিৰ সৈতে একত্ৰিত কৰা কাৰ্য্যই ধৰিত্ৰী মাতৃক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তামিলনাডুত ভগৱান মুৰুগানক মৌ আৰু শ্ৰী অন্নৰ পৰা প্ৰস্তুত নৈবেদ্য থেনুম থিনাই মাভুম আগবঢ়োৱা হয়। তামিল অঞ্চলৰ কম্বু আৰু ছামাই, কেৰালা আৰু কৰ্ণাটকৰ ৰাগী তথা তেলেগু-ভাষী ৰাজ্যৰ সাজ্জা আৰু জোন্নাৰ দৰে বাজৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগত খাদ্যাভাসৰ অংশ হৈ আহিছে। তামিল অঞ্চলৰ কম্বু আৰু ছামাই, কেৰালা আৰু কৰ্ণাটকৰ ৰাগী তথা তেলেগু-ভাষী ৰাজ্যৰ সাজ্জা আৰু জোন্নাৰ দৰে বাজৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগত খাদ্যাভাসৰ অংশ হৈ আহিছে। এই ছুপাৰফুডক বিশ্বৰ বজাৰলৈ নিবলৈ চৰকাৰ দায়বদ্ধ। প্ৰাকৃতিক আৰু ৰাসায়নিক সাৰ মুক্ত কৃষিয়ে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰ সম্প্ৰসাৰণত এটি মুখ্য ভূমিকা গ্ৰহণ কৰিব। মই এই সন্মিলনত এনে প্ৰচেষ্টা সন্দৰ্ভত আলোচনা হ’ব বুলি আশাবাদী।

বন্ধুসকল,

মই একক কৃষিৰ বিপৰীতে বহু-শস্য কৃষিক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে আহ্বান জনাই আহিছোঁ। দক্ষিণ ভাৰতৰ বহু অঞ্চল এই ক্ষেত্ৰত প্ৰেৰণাৰ উৎস হৈ আহিছে। কেৰালা আৰু কৰ্ণাটকৰ পাহাৰীয়া অঞ্চলত বহু-স্তৰীয় কৃষিৰ উদাহৰণ স্পষ্টকৈ দেখা যায়। একেখন পথাৰতে নাৰিকল, চুপাৰি বাদাম আৰু ফলমূলৰ খেতি কৰা হয়, তাৰ তলত মছলা আৰু ক’লা জালুকৰ খেতি কৰা হয়। একেখন পথাৰতে নাৰিকল, চুপাৰি বাদাম আৰু ফলমূলৰ খেতি কৰা হয়, তাৰ তলত মছলা আৰু ক’লা জালুকৰ খেতি কৰা হয়। সৰু-সৰু প্লটত এনে সংহত কৃষিকাৰ্য্যই প্ৰাকৃতিক কৃষিৰ মূল দৰ্শনকে প্ৰতিফলিত কৰে। কৃষিৰ এই আৰ্হিক সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰচাৰ কৰিব লাগিব। মই ৰাজ্য চৰকাৰসমূহক এই প্ৰথাসমূহ দেশৰ ভিন্ন অঞ্চলত কেনেদৰে কাৰ্য্যকৰী কৰিব পাৰি, সেই সম্পৰ্কে বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

দক্ষিণ ভাৰত কৃষিকাৰ্য্যৰ এক জীৱন্ত বিশ্ববিদ্যালয় হৈ আহিছে। এই অঞ্চলত বিশ্বৰ কিছুমান পুৰণি কাৰ্য্যক্ষম বান্ধ আছে আৰু ইয়াত ত্ৰয়োদশ শতিকাত কলিংগৰায়ণ খাল খন্দা হৈছিল। এই অঞ্চলৰ মন্দিৰৰ পুখুৰীসমূহ বিকেন্দ্ৰীকৃত জল সংৰক্ষণ ব্যৱস্থাৰ আৰ্হিত পৰিণত হ’ল। এই ভূমি হাজাৰ-হাজাৰ বছৰৰ আগতে কৃষিৰ বাবে নদীৰ পানী নিয়ন্ত্ৰণ কৰি বৈজ্ঞানিক জল অভিযান্ত্ৰিকীকৰণৰ পথ-প্ৰদৰ্শক হৈ পৰিছিল। দেশ আৰু বিশ্বৰ বাবেও প্ৰাকৃতিক কৃষিৰ নেতৃত্বও এই অঞ্চলৰ পৰাই উদ্ভৱ হ’ব বুলি মই আশাবাদী।

 

 

বন্ধুসকল,

এখনি উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ কৃষি বাতাবৰণ গঢ়ি তুলিবলৈ এক সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন আছে। মই আপোনালোকক “এক একৰ, এটা বতৰ” প্ৰাকৃতিক কৃষি আৰম্ভ কৰিবলৈ আৰু আপোনাসৱে পৰ্য্যবেক্ষণ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যাবলৈ আহ্বান জনাইছোঁ। মই বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক কৃষি পথাৰক জীৱন্ত পৰীক্ষাগাৰ হিচাপে গণ্য কৰিবলৈ তথা প্ৰাকৃতিক কৃষিক কৃষি পাঠ্যক্ৰমৰ মূল অংশ কৰি তুলিবলৈ আহ্বান জনাইছোঁ। প্ৰাকৃতিক কৃষিকাৰ্য্যক সম্পূৰ্ণ বিজ্ঞান-সমৰ্থিত অভিযান হিচাপে গঢ়ি তোলাটো আমাৰ লক্ষ্য হ’ব লাগিব। এই অভিযানত ৰাজ্য চৰকাৰ আৰু কৃষক উৎপাদক সংস্থাসমূহে (FPO) এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিগত কেইবছৰমানৰ পৰা দেশত ১০ হাজাৰ এফপিঅ’ গঠন কৰা হৈছে। ইয়াৰ সহায়ত ক্ষুদ্ৰ কৃষক গোট গঢ়ি তুলিব পাৰি, চাফাই, পেকেজিং আৰু সংসাধনৰ সুবিধাৰে সজ্জিত কৰিব পাৰি আৰু ই-নামৰ (e-NAM) দৰে অনলাইন বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰিব পাৰি। পৰম্পৰাগত জ্ঞান, বৈজ্ঞানিক শক্তি আৰু চৰকাৰী সমৰ্থন একত্ৰিত হোৱা মাত্ৰেকে কৃষকসকল সমৃদ্ধিশালী হ’ব আৰু ধৰিত্ৰী মাতৃ সুস্থ হৈ থাকিব।

 

বন্ধুসকল,

মোৰ দৃঢ় বিশ্বাস এই সন্মিলনে আৰু বিশেষকৈ আমাৰ কৃষক ভাই-ভনীসকলে আগবঢ়োৱা নেতৃত্বই দেশৰ প্ৰাকৃতিক কৃষিকাৰ্য্যক এক নতুন দিশ প্ৰদান কৰিব। ইয়াৰ পৰাই নতুন-নতুন ধাৰণা আৰু নতুন সমাধানৰ উন্মেষ ঘটিব। এই আশাৰে পুনৰবাৰ আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ! আমি সমস্বৰে কওঁচোন আহকঃ

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"