সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ

Published By : Admin | February 5, 2020 | 11:34 IST
Important decisions have been taken with regard to Ram Janmabhoomi which is in line with the verdict of the Supreme Court: PM Modi
The Shri Ram Janmabhoomi Teertha Kshetra will be formed, says PM Modi in Parliament
Guided by ‘Sabka Saath, Sabka Vikas, Sabka Vishwas’ we are working for the welfare of every Indian: PM Modi

মাননীয় অধ্যক্ষ মহোদয়,

আজি মই আপোনালোকৰ সন্মুখত এক বিশেষ গুৰুত্বপূৰ্ণ ঐতিহাসিক বিষয় সন্দৰ্ভত তথ্য অৱগত কৰিবলৈ উপস্থিত হৈছো৷ এই বিষয়টো আমাৰ কোটি কোটি ভাই-ভনীসকলৰ লগতে মোৰো হৃদয়ৰ অতি নিকটতম বিষয়৷ আৰু এই বিষয়ে অৱতাৰণা কৰিবলৈ পাই মই গৌৰৱবোধ কৰিছো৷ এই বিষয়টো শ্ৰীৰাম জনমভূমি আৰু অযোধ্যাত তেওঁৰ জনমভূমিত এক আকৰ্ষণীয় মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত৷

মাননীয় অধ্যক্ষ মহোদয়,

৯ নৱেম্বৰ ২০১৯ তাৰিখে মই গুৰু নানক দেৱজীৰ ৫৫০তম প্ৰকাশ পৰ্ব উপলক্ষে পাঞ্জাৱত কৰতাৰপুৰ চাহিব কৰিডৰ উৎসৰ্গা অনুষ্ঠানত উপস্থিত আছিলো৷ তেনে এক স্বৰ্গীয় পৰিবেশত মই ৰাম জনমভূমি সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় সন্দৰ্ভত অৱগত হৈছিলো৷ সেই ৰায়ত মাননীয় উচ্চতম ন্যায়ালয়ে বিবাদিত ৰাম জনমভূমিৰ অন্তঃ আৰু বহিঃ ভূমি ভগৱান শ্ৰীৰাম লল্লা বিৰাজমানৰ অন্তৰ্গত বুলি সিদ্ধান্ত প্ৰদান কৰিছিল৷

মাননীয় উচ্চতম ন্যায়ালয়ে ইয়াকো কৈছিল যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৰস্পৰে পৰস্পৰৰ সৈতে আলোচনা কৰি চুন্নী চেণ্ট্ৰেল ৱাকফ ব’ৰ্ডক পাঁচ একৰ ভূমি প্ৰদান কৰিব৷

মাননীয় অধ্যক্ষ মহোদয়,

আজি এই সন্মানীয় সদনগৃহ আৰু সমগ্ৰ দেশৰ সৈতে এই তথ্য বিনিময় কৰিবলৈ পাই সুখী অনুভৱ কৰিছো যে কেন্দ্ৰীয় কেবিনেটে পুৱাৰ ভাগত অনুষ্ঠিত কৰা বৈঠকত এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মোৰ চৰকাৰে শ্ৰীৰামৰ জনমভূমিত তেওঁৰ এক আকৰ্ষণীয় মন্দিৰ নিৰ্মাণৰ বিশদ প্ৰস্তুতি চলাইছে৷ তাৰোপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ‘‘শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ’’ শীৰ্ষক এক স্বায়ত্বশাসিত ন্যাস গঠনৰ প্ৰস্তাৱো গৃহীত কৰা হৈছে৷ শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ স্বতন্ত্ৰ সিদ্ধান্ত ল’ব পৰা ক্ষমতা এই ন্যাসৰ হাতত থাকিব৷

মাননীয় অধ্যক্ষ মহোদয়,

মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি তথা বিশদ আলোচনা আৰু পৰ্যৱেক্ষণৰ অন্তত উত্তৰ প্ৰদেশ চৰকাৰক চুন্নী চেণ্ট্ৰেল ৱাক ব’ৰ্ডক পাঁচ একৰ ভূমি প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ ৰাজ্য চৰকাৰেও এই সন্দৰ্ভত সন্মতি প্ৰদান কৰিছে৷

মাননীয় অধ্যক্ষ মহোদয়,

আমি ভগৱান শ্ৰীৰাম, অযোধ্যাৰ ঐতিহাসিক গুৰুত্ব আৰু অযোধ্যাধামৰ পবিত্ৰতা সম্পৰ্কে পৰিচিত৷ এই সকলোবোৰ ভাৰতৰ আত্মা, আদৰ্শ আৰু নৈতিকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ অযোধ্যাত ভগৱান শ্ৰীৰামৰ আটকধুনীয়া মন্দিৰ নিৰ্মাণ, ৰাম লল্লাৰ দৰ্শনলৈ অহা তীৰ্থযাত্ৰীসকল আৰু সকলোৰে আবেগৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মোৰ চৰকাৰে অযোধ্যাৰ প্ৰায় ৬৭.৭০৩ একৰ ভূমি, ইয়াৰ অন্তঃভাগ তথা বহিঃভাগ সকলো ভূমিকে অন্তৰ্ভুক্ত কৰি নৱগঠিত ‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ’ ন্যাসক অযোধ্যা আইনৰ অধীনত সমৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

মাননীয় অধ্যক্ষ মহোদয়,

৯ নৱেম্বৰ ২০১৯ তাৰিখে ৰাম জনমভূমি সন্দৰ্ভত প্ৰদান কৰা ঐতিহাসিক ৰায়ত আস্থা প্ৰকাশ কৰি ভাৰতৰ জনসাধাৰণে পৰিপক্কতা প্ৰদৰ্শন কৰিছে৷ আজি এই গৃহৰ পৰা মই আমাৰ পৰিপক্ক নাগৰিকক অভিবাদন জনাইছো৷ আমাৰ সংস্কৃতিৰ ‘বসুধৈৱ কুটুম্বকম’ আৰু ‘সৰ্বে ভৱন্তু সুখীনঃ’ দৰ্শনে এই সত্বাক আগুৱাই নিবলৈ অনুপ্ৰেৰণা যোগায়৷ হিন্দু, মুছলিম, শিখ, খ্ৰিষ্টিয়ান, বৌদ্ধ, পাৰ্ছী, জৈন আদি বিভিন্ন মতবাদত বিশ্বাসী ভাৰতৰ সকলো লোক এই বৃহৎ পৰিয়ালৰ অংশ৷ মোৰ চৰকাৰে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰে দীক্ষিত হৈ আগবাঢ়িছে যাতে এই পৰিয়ালৰ সকলো সদস্য বিকশিত হ’ব পাৰে, সুখী হ’ব পাৰে আৰু স্বাস্থ্যৱান হৈ দেশৰ উন্নতিৰ অংশীদাৰ হ’ব পাৰে৷ আজি এই মুহূৰ্তৰ সন্ধিক্ষণত মই এই গৃহৰ সকলো সদস্যকে অযোধ্যাত শ্ৰীৰাম ধামৰ পুনৰ্নিমাণ আৰু আটকধুনীয়া ৰাম মন্দিৰ নিৰ্মাণত সহযোগী হ’বলৈ আহ্বান জনাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”