উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে পূব ভাৰতৰ উন্নয়ন অগ্ৰাধিকাৰৰ বিষয় হৈয়েই আছে,এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে: প্ৰধানমন্ত্ৰী
কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল উদ্বোধন কৰা হয়; ৰাজ্যখনে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লো লাভ কৰিছে, আজি তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ চলাচল আৰম্ভ হৈছে: প্ৰধানমন্ত্ৰী
বালাগড়ত নিৰ্মাণ হৈ থকা বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব: প্ৰধানমন্ত্ৰী
আজি ভাৰতে বহুমুখী সংযোগ আৰু সেউজ গতিশীলতাৰ বিষয়ত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে; নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰিবলৈ বন্দৰ, নদী জলপথ, ঘাইপথ আৰু বিমানবন্দৰৰ মাজত আন্তঃসংযোগ ঘটোৱা হৈছে: প্ৰধানমন্ত্ৰী

পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী চি ভি আনন্দ বসু জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱাল জী, সুকান্ত মজুমদাৰ জী, শান্তনু ঠাকুৰ জী, সংসদত মোৰ সহযোগী সৌমিক ভট্টাচাৰ্য জী, সৌমিত্ৰ খান জী, পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, অন্যান্য প্ৰতিনিধিসকল, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

কালি মই মালদাত আছিলো আৰু আজি ইয়াত হুগলীত আপোনালোক সকলোৰে মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অপৰিহাৰ্য—কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্যৰে অবিৰতভাৱে কাম কৰি আছে। কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। এই সময়ছোৱাত মই শ শ কোটি টকাৰে ৰূপায়ণ কৰা  পশ্চিম বংগৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰাৰ সুযোগ পাইছো। কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ কৰা হয়। বংগই  লাভ কৰিছে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল। আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী বাৰানসীৰ সৈতে  বংগৰ  সংযোগক আৰু অধিক শক্তিশালী কৰিব৷ ইয়াৰ উপৰি দিল্লী আৰু তামিলনাডুলৈও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। অৰ্থাৎ পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত  যোৱা ২৪ ঘন্টা অভূতপূৰ্ব হৈ পৰিছে। হয়তো যোৱা ১০০ বছৰৰ ভিতৰত  ২৪ ঘন্টাত ইমান কাম হোৱা নাছিল।

 

বন্ধুসকল,

বংগত জলপথৰ বহু সম্ভাৱনা আছে; কেন্দ্ৰীয় চৰকাৰেও অই বিষয়ত কাম কৰি আছে। ইয়াত বন্দৰ নেতৃত্বাধীন উন্নয়নৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও সহায় আগবঢ়োৱা হৈছে। কিছু সময়ৰ আগতে বন্দৰ আৰু নদী জলপথৰ সৈতে জড়িত প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কৰা  হৈছে। এইবোৰ পশ্চিমবংগৰ উন্নয়নৰ বাবে, ভাৰতৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰেই সেই স্তম্ভ যাৰ ওপৰত পশ্চিমবংগক উৎপাদন, বাণিজ্য আৰু লজিষ্টিকছৰ এক ডাঙৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল,

আমি বন্দৰ আৰু ইয়াৰ সৈতে জড়িত পৰিৱেশতন্ত্ৰৰ বিষয়ত যিমানেই গুৰুত্ব দিম সিমানেই তাত  কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব। যোৱা ১১ বছৰত শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ সামৰ্থ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অতি বৃহৎ  মাত্ৰাত বিনিয়োগ কৰিছে। এই বন্দৰৰ সংযোগ উন্নত কৰাৰ বাবে সাগৰমালা আঁচনিৰ অধীনত পথসমূহো নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফল আজি আমি সকলোৱে দেখিবলৈ পাইছো। বিগত এটা বছৰত কলকাতা বন্দৰে কাৰ্গো হেণ্ডলিঙৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

বালাগড়ত নিৰ্মাণ হ’বলগীয়া বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব। ইয়াৰ ফলত কলকাতা চহৰত যাতায়াত আৰু লজিষ্টিকছৰ চাপ হ্ৰাস পাব। গংগাত   নিৰ্মাণ কৰা জলপথৰ জৰিয়তে আৰু অধিক বৃদ্ধি পাব  সামগ্ৰীৰ পৰিবহন। এই সমগ্ৰ আন্তঃগাঁথনিয়ে হুগলীক গুদাম আৰু ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ দ্বাৰা ইয়াত শ শ কোটি টকাৰ নতুন বিনিয়োগ হ'ব , হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব, ক্ষুদ্ৰ ব্যৱসায়ী আৰু পৰিবহণৰ সৈতে জড়িত লোকসকল লাভাৱান্বিত হ’ব, কৃষক আৰু উৎপাদকসকলেও নতুন বজাৰ লাভ কৰিব।

 

বন্ধুসকল,

আজি ভাৰতত আমি বহুমুখী  সংযোগ আৰু সেউজ গতিশীলতাৰ বিষয়ত বিশেষ  গুৰুত্ব দিছো। যাতে নিৰৱচ্ছিন্ন পৰিবহণ সম্ভৱ হৈ উঠে, বন্দৰ, নদীৰ জলপথ, ঘাইপথ, বিমানবন্দৰ—আদি সকলোবোৰক ইটোৰ সৈতে সিটোক সংযোগ কৰা হৈছে। ইয়াৰ বাবে লজিষ্টিক খৰচ আৰু পৰিবহণত হোৱা  সময় উভয়ে  হ্ৰাস পাইছে।

বন্ধুসকল,

আমাৰ এই প্ৰচেষ্টা এনে  হ’ব লাগে যাতে  আমাৰ যাতায়তৰ মাধ্যম প্ৰকৃতিৰ অনুকূল  হয়। হাইব্ৰিড ইলেক্ট্ৰিক নাওৰ পৰা নদী পৰিবহণ আৰু সেউজ গতিশীলতা দুয়োটাই লাভ কৰিব পাৰি । ইয়াৰ ফলত হুগলী নদীত চলাচল সহজ হ’ব, প্ৰদূষণৰ সমস্যা হ্ৰাস পাব  আৰু নদীভিত্তিক পৰ্যটনো  লাভাৱান্বিত হ’ব।

 

বন্ধুসকল,

মীন আৰু সাগৰীয় খাদ্যৰ উৎপাদন তথা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত আজি অতি দ্ৰুতগতিত আগবাঢ়িছে। এই ক্ষেত্ৰত পশ্চিমবংগই দেশক আগুৱাই নিয়াটো মোৰ এক  সপোন। নদী জলপথ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিজৰ দৃষ্টিভংগীৰে বংগক বিশেষভাৱে সমৰ্থন কৰিছে। ইয়াৰ সুফল ৰাজ্য খনৰ  কৃষকৰ লগতে আমাৰ মাছমৰীয়া বন্ধুসকলৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰিছে।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই সকলোবোৰ প্ৰকল্পই পশ্চিমবংগৰ উন্নয়ন যাত্ৰাক গতি প্ৰদান কৰিব। আকৌ এবাৰ আপোনালোক সকলোকে এই প্ৰকল্পসমূহৰ বাবে বহু শুভেচ্ছা জনাইছো। চুবুৰীয়া ঠাইত হাজাৰ হাজাৰ মানুহে বহুদিনৰ পৰা অপেক্ষা কৰি আছে, তাতো মোৰ বহুত ক’বলগীয়া আছে আৰু হয়তো মানুহে সেই কথা শুনিবলৈ অধিক আগ্ৰহী; তাত অলপ বেছি মুকলিকৈ কথা পাতিম আৰু সেয়েহে ইয়াত মোৰ ভাষণৰ সামৰণি  মাৰিলো।  পৰৱৰ্তী সভাৰ বাবে আপোনালোকৰ পৰা অনুমতি লৈ যাবলৈ ওলাইছো।  আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister thanks President Emmanuel Macron for Holi greetings
March 04, 2026

The Prime Minister, Shri Narendra Modi, today thanked the President of the French Republic, H.E. Emmanuel Macron, for his Holi greetings.

Responding to the X post of French President about Holi Greetings, Shri Modi posted on X;

“बहुत-बहुत धन्यवाद, मेरे मित्र!

होली के पावन अवसर पर आपको और फ्रांस के लोगों को ढेर सारी खुशियां और समृद्धि की हार्दिक शुभकामनाएं।”