A landmark day for India's semiconductor journey; the CG SEMI OSAT facility in Sanand will strengthen the chip manufacturing ecosystem, boost technological self-reliance and enhance India's position in the global semiconductor value chain: PM
The Semicon India programme is gathering rapid momentum; Step by step, Brick by brick, Chip by chip: PM
The expansion of the semiconductor industry in India did not happen overnight; it is the next step in the electronics revolution that has taken place in India over the past decade: PM
First products, then components and now semiconductors; India is building the entire electronics value chain, This is the roadmap to Viksit Bharat, This is the next phase of Make in India: PM
Our goal is to build a complete semiconductor ecosystem in India, from chip design to fabrication and packaging: PM
India's youth will power the AI, robotics and next-gen tech revolution with Made in India chips: PM

আপোনালোক সকলোৱে কেনে আছা, ভালেই আছা হয়নে? গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ, শক্তিশালী উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, গুজৰাট চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, চিজি পাৱাৰৰ অধ্যক্ষ ভেল্লায়ন চুব্বাইয়া জী, ৰেনেছাছ ইলেক্ট্ৰনিকছৰ  অধ্যক্ষ মালিনী জী, চিজি ছেমিৰ চেয়াৰমেন গিৰীশ জী, ইয়াত উপস্থিত থকা অন্যান্য উদ্যোগৰ নেতা, ভদ্ৰলোকগণ।

ভাৰতে যি কৰিবলৈ সংকল্প লয়, সেয়া  যে সাধন কৰে তাৰ প্ৰমাণ আজিৰ এই  কাৰ্যসূচী। পাঁচ বছৰ পূৰ্বে ভাৰতে দেশখনক অৰ্ধপৰিবাহী হাব হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। ডিজাইন ইন ইণ্ডিয়া, মেক ইন ইণ্ডিয়া মন্ত্ৰ লৈ আমি আগবাঢ়িলোঁ আৰু আজি দেশৰ তৃতীয়টো অৰ্ধপৰিবাহী উদ্যোগত চিপ পেকেজিঙৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে।

বন্ধুসকল,

২০২৪ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। ২০২৫ চনৰ আগষ্ট মাহলৈকে ইয়াত চিপ পৰীক্ষণৰ কাম আৰম্ভ হৈছিল আৰু আজি এই উদ্যোগটো উদ্বোধন কৰা হৈছে। ভেটি স্থাপনৰ  পৰা আৰম্ভ কৰি উৎপাদনলৈ কৰা  যাত্ৰা নিঃসন্দেহে বহু সহকৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ ফল আৰু চুব্বাইয়া জীৰ দৰে লোকৰ নেতৃত্বৰ ফল। মঞ্চত উঠাৰ   পূৰ্বে  এই প্ৰকল্পৰ সৈতে জড়িত বহুতৰে সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছিলোঁ। এনে লাগিল যেন এই কেম্পাছত এখন  মিনি ইণ্ডিয়াই বাস কৰে - প্ৰতিটো ভাষা, সাজ-পোছাক, আৰু খাদ্যৰ মানুহ আছে ইয়াত । মোৰ ভ্ৰমণৰ সময়ত বহু সৰু ল’ৰা-ছোৱালীৰ সৈতেও কথা পাতিলোঁ। আৰু এটা কথা মই গৌৰৱেৰে উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ আত্মবিশ্বাসৰ স্তৰ অতি উচ্চ । তেওঁলোকে যি দৃঢ়তাৰে কথা কৈছিল, প্ৰযুক্তিৰ প্ৰতি তেওঁলোকৰ বিশ্বাস - মই সঁচাকৈয়ে আপ্লুত হৈছিলো।

বন্ধুসকল,

এই চিজি ছেমি উদ্যোগটো ভাৰত, জাপান, আৰু থাইলেণ্ডৰ আমাৰ উদ্যোগ অংশীদাৰসকলৰ যৌথ প্ৰচেষ্টাৰ প্ৰতীক। ই কেৱল ব্যৱসায়িক উদ্যোগ নহয়, প্ৰযুক্তি, বিশ্বাস, আৰু অংশীদাৰিত্বৰ আৰ্হি , যিয়ে ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাক ত্বৰান্বিত কৰিব। দুবছৰৰ অলপ বেছি সময়ৰ ভিতৰতে আপোনালোকে  এই সুবিধাটো শূন্যৰ পৰা এতিয়াৰ অৱস্থালৈকে গঢ়ি তুলিছে। আজি আমি ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছো। মোক কোৱা হৈছে যে ইয়াত বছৰি ২০ কোটি চিপ উৎপাদন হ’ব। ২০ লাখ নহয়, ২০ কোটি। আৰু মোক কোৱা হৈছে যে আপোনালোক  ইয়াতেই ৰৈ নাথাকিব। আপোনালোকে বছৰি ৫ বিলিয়ন চিপৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে - প্ৰতিদিনে ১৫ মিলিয়নতকৈ অধিক চিপ। মোৰ বিশ্বাস আপোনালোকে অতি সোনকালে এইখিনি লাভ কৰিব। এয়া আৰু এটা প্ৰমাণ যে ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেমে গতি লাভ কৰিছে - ষ্টেপ বাই ষ্টেপ, ইটাৰ পিছত ইটা, আৰু এতিয়া চিপ বাই চিপ। সমগ্ৰ চিজি ছেমি দল, ৰাজ্য চৰকাৰ, আৰু দেশলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

আজি এক বিশেষ আনন্দ অনুভৱ কৰিছো। আপোনালোকে  হয়তো ভাবিব পাৰে কিয়। কাৰণ বিশ বছৰ আগতে - হয়তো ইয়াৰ আগতেও - গুজৰাটত এটা অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ পৰিকল্পনা  কৰিছিলোঁ। গান্ধীনগৰ আৰু প্ৰান্তিজৰ ওচৰত আমি ৩৫০–৪০০ একৰ মাটি আবণ্টন দিছিলোঁ। আনকি কিছুমান কোম্পানীৰ সৈতেও আমি আলোচনা কৰিছিলো। সেই সময়ত ভাৰত চৰকাৰে ডাঙৰ ডাঙৰ বক্তব্য দি আছিল, কিছুমান কোম্পানী আলোচনাৰ বাবে আগবাঢ়ি আহিছিল। কিন্তু কেনেবাকৈ চৰকাৰখনক তেতিয়া বেণ্ডেজেৰে বান্ধি থোৱা যেন লাগিল, বিষয়টো আগবাঢ়ি নাযায়হে নাযায়। আজি সেয়া সফল হোৱা দেখি মোৰ গভীৰ সুখ অনুভৱ হৈছে।

২০–২২ বছৰ আগতে দেখা এটা সপোনৰ পূৰ্ণতা এয়া। তেতিয়া দেশত এই বিষয়বোৰ কোনেও আলোচনা কৰা নাছিল। ইয়াৰ  বিষয়ে কওঁতে সংবাদ মাধ্যমে মোক উপহাস কৰিছিল। তেতিয়া নহ’ল, কিন্তু আজি যিদৰে হৈ আছে, অপৰিসীম সন্তুষ্টি অনুভৱ কৰিছো। মাত্ৰ কেইসপ্তাহমানৰ আগতে এটা খবৰ আহিছিল যিয়ে মোক আচৰিত কৰি তুলিছিল - আৰু মই আচৰিত হৈছিলো যে সংবাদ মাধ্যমে এই বিষয়ত  মনোযোগ নিদিলে। বদোদৰাত নিৰ্মিতচি ২৯৫ বিমানখন ভাৰতত নিৰ্মাণ কৰি উৰণ আৰম্ভ কৰিলো। এটা সময়ত চাইকেল ফেক্টৰীৰ নিৰ্মাণকো  মিঠাইৰে উদযাপন কৰা হৈছিল। আজি ভাৰতে বিমান নিৰ্মাণ কৰি আছে।

বন্ধুসকল,

ইয়াত থকা আপোনালোক সকলোৱে জ্ঞানী আৰু বহু যুৱ সহকৰ্মী উপস্থিত দেখিছোঁ। যদি আমি বিশ্বৰ ঔদ্যোগিক ইতিহাসলৈ চাওঁ তেন্তে এটা কথা স্পষ্ট যে কোনো বিশ্বব্যাপী ঔদ্যোগিক শক্তি এটা এটা কাৰখানাৰ দ্বাৰা নিৰ্মাণ কৰা হোৱা নাছিল। ঔদ্যোগিক শক্তিৰ ভেটি ক্লাষ্টাৰত নিহিত হৈ আছে। আমেৰিকাৰ ছিলিকন ভেলী, টাইৱানৰ ছিনচু বিজ্ঞান উদ্যান, জাপানৰ ছিলিকন দ্বীপ, চুকুবা বিজ্ঞান চহৰ - এই সকলোবোৰেই ক্লাষ্টাৰৰ গুৰুত্ব প্ৰদৰ্শন কৰে। আজি সানন্দেও সেই দিশত আগবাঢ়িছে।

 

বন্ধুসকল,

মাত্ৰ কেইমাহমানৰ ভিতৰতে ইয়াত মাইক্ৰন, কেইনেছ, আৰু চি জি ছেমিৰ উৎপাদন আৰম্ভ হৈছে। ভাৰতত জন্ম হৈছে এটা অৰ্ধপৰিবাহী ক্লাষ্টাৰ। আজি ইয়াত চিপ পেকেজিং হৈ আছে। কাইলৈ ​​বিশেষ কোম্পানী আহিব, ৰাসায়নিক পদাৰ্থ উৎপাদন হ’ব, নতুন টেষ্টিং লেব নিৰ্মাণ হ’ব, উদ্যোগ চাৰ্ভিচিং মেচিনৰ উত্থান হ’ব, ডিজাইন চেণ্টাৰ খোল খাব, ষ্টাৰ্টআপৰ জন্ম হ’ব। এইটোৱেই হৈছে একেলগে কাম কৰাৰ শক্তি। এটা উদ্যোগে জন্ম দিয়ে শ শ উদ্যোগ । শ শ উদ্যোগে লাখ লাখ চাকৰিৰ সৃষ্টি কৰে। আৰু লাখ লাখ চাকৰিয়ে এটা সমগ্ৰ অঞ্চলৰ অৰ্থনীতিক ৰূপান্তৰিত কৰে। আৰু এইটো কেৱল সানন্দতে হোৱা নাই - সমগ্ৰ ভাৰতৰ বহু ৰাজ্যত অৰ্ধপৰিবাহী উদ্যোগসমূহৰ উত্থান ঘটিছে।

 

বন্ধুসকল,

আজি ভাৰতত অৰ্ধপৰিবাহী খণ্ডৰ উত্থানে সকলোকে আনন্দিত  কৰি তুলিছে। সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি ইয়াৰ চৰ্চা চলি আছে। বহুতে ইয়াক পৃথকে পৃথকে চাইছে, কিন্তু সেয়া নহয়। ভাৰতত অৰ্ধপৰিবাহীৰ সম্প্ৰসাৰণ হঠাৎ নহয় - বিগত দশকত ইয়াত উন্মোচিত হোৱা ইলেক্ট্ৰনিকছ বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপ এয়া ।

বন্ধুসকল,

আমি আৰম্ভ কৰিছিলো মোবাইল ফোন নিৰ্মাণৰ পৰা। এটা সময় আছিল যেতিয়া ভাৰতে নিজৰ ঘৰুৱা প্ৰয়োজনতকৈও অধিক স্মাৰ্টফোন আমদানি কৰিছিল। আজি ভাৰতত পূৰ্বৰ তুলনাত মোবাইল ফোনৰ উৎপাদন ৩৩ গুণ বৃদ্ধি পাইছে। ২০১৪ চনৰ আগতে ভাৰতে ফোন আমদানি কৰিছিল। আপুনি মোক গুজৰাটৰ পৰা দিল্লীলৈ পঠোৱাৰ পিছত ভাৰতে সেইবোৰ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিলে। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা আৰু দ্বিতীয় বৃহত্তম মোবাইল ৰপ্তানিকাৰক দেশ হৈ পৰিছে।

বন্ধুসকল,

শেহতীয়া বছৰবোৰত আমি সমগ্ৰ ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিছো। ২০১৪ চনৰ তুলনাত ভাৰতৰ মুঠ ইলেক্ট্ৰনিকছ উৎপাদন প্ৰায় সাতগুণ বৃদ্ধি পাইছে।ইলেক্ট্ৰনিকছৰ ৰপ্তানি প্ৰায় এঘাৰগুণ বৃদ্ধি পাইছে।

 

বন্ধুসকল,

আমাৰ প্ৰচেষ্টা কেৱল চূড়ান্ত সামগ্ৰীৰ আত্মনিৰ্ভৰশীলতাতে সীমাবদ্ধ নহয়। আমি উপাদানসমূহৰ ক্ষেত্ৰতো  আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছো। সেইবাবেই ভাৰতৰ পৰৱৰ্তী পদক্ষেপ স্পষ্ট হৈ পৰিছে। আমি কেৱল মোবাইল নহয়, কেৱল ইলেক্ট্ৰনিকছ নহয়, সমগ্ৰ ইলেক্ট্ৰনিকছ জগতখনক শক্তি প্ৰদান কৰা চিপবোৰো নিৰ্মাণ কৰিম। এইটোৱেই আমাৰ কৌশল - প্ৰথমে উৎপাদন, তাৰ পিছত উপাদান, আৰু এতিয়া অৰ্ধপৰিবাহী। সমগ্ৰ ইলেক্ট্ৰনিকছৰ মূল্য শৃংখল ভাৰতত হ’ব। এয়াই হৈছে এখন উন্নত ভাৰতৰ ৰোডমেপ। এইটোৱেই হৈছে মেক ইন ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্যায়।

বন্ধুসকল,

অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ পৰৱৰ্তী পদক্ষেপ হ’ল গুৰুত্বপূৰ্ণ খনিজ আৰু উচ্চ প্ৰযুক্তিৰ সামগ্ৰীৰ ওপৰত আত্মনিৰ্ভৰশীলতা গঢ়ি তোলা। মাত্ৰ অলপ আগতে  চুব্বাইয়া জীয়ে গুজৰাটী ভাষাত কথা ক’লে আৰু এটা ফকৰা ভাগ কৰিলে: চিন হেৰুৱাই পেলোৱাটো ক্ষমাৰ যোগ্য, কিন্তু নিম্ন লক্ষ্য ৰখাটো ক্ষমাৰ যোগ্য নহয়। মোৰো স্বভাৱ সেয়াই - মই সৰু সৰু লক্ষ্য নিৰ্ধাৰণ নকৰো, কোনোটোকেই সৰু বুলি নাভাবো। মূৰ্তি এটা সাজিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্তিটো বনাওঁ। চুব্বাইয়া জীয়ে কোৱাৰ দৰে কথাতকৈ কামে বেছিকৈ কথা কয়। আজি আমি যি অগ্ৰগতি দেখিবলৈ পাইছো, আমি উদযাপন কৰা কৃতিত্বৰ সৈতে যোগান শৃংখল শক্তিশালী কৰিব লাগিব। সেয়াও আমাৰ লক্ষ্য। আজি ভাৰতে এই দিশত ব্যাপক প্ৰচেষ্টা চলাইছে। আমাৰ লক্ষ্য হৈছে ভাৰতৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰ - চিপ ডিজাইনৰ পৰা আৰম্ভ কৰি ফেব্ৰিকেশনলৈকে পেকেজিঙলৈকে বিকশিত কৰা। ভাৰতে কেৱল চিপ নিৰ্মাণ কৰাই নহয়, ভাৰতৰ যুৱক-যুৱতীসকলে মেড ইন ইণ্ডিয়া চিপৰ দ্বাৰা চালিত পৰৱৰ্তী প্ৰযুক্তিগত বিপ্লৱ - এআই, ৰবটিক্স, আৰু নেক্সট-জেন টেকত - আগুৱাই নিব। ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতি, তেওঁলোকৰ প্ৰতিভা আৰু তেওঁলোকৰ শক্তিৰ ওপৰত মোৰ অদম্য বিশ্বাস আছে। মোৰ সম্পূৰ্ণ আস্থা আছে মোৰ দেশৰ  যুৱক-যুৱতীসকলৰ ক্ষমতাৰ ওপৰত।

বন্ধুসকল,

আমাৰ দেশৰ যুৱক-যুৱতীসকলক পোনপটীয়াকৈ এটা কথা ক’ব বিচাৰিছো। যেতিয়াই পৃথিৱীলৈ নতুন ঔদ্যোগিক বিপ্লৱ আহে তেতিয়াই যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক সুযোগৰ সৃষ্টি হয়। যেতিয়া আই টি বিপ্লৱ আহিছিল, তেতিয়া লাখ লাখ ভাৰতীয় যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাইছিল। তাৰ পিছত আহিল স্মাৰ্টফোন আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণৰ যুগ, যিয়ে লাখ লাখ নতুন সুযোগো সৃষ্টি কৰিলে। এতিয়া অৰ্ধপৰিবাহী বিপ্লৱ আৰু এআই বিপ্লৱৰ এই যুগে অগণন সুযোগ কঢ়িয়াই আনিছে। গৱেষণা আৰু ডিজাইনৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপ উদ্ভাৱন আৰু যোগান শৃংখল ব্যৱস্থাপনালৈকে সকলোতে সুযোগ আছে।

 

বন্ধুসকল,

প্ৰয়োজন হৈছে নতুন দক্ষতা আৰু নতুন ধাৰণাৰ। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনালোকৰ নতুন ধাৰণা আছে নে নাই, শিকিবলৈ আৰু নতুন কিবা এটা কৰাৰ আবেগ আছে নে নাই। আজি ঝাৰখণ্ড, বালাঘাট, মধ্যপ্ৰদেশ, কেৰালা, ছত্তীশগড়ৰ বহু কন্যা সন্তানক লগ পালোঁ - আৰু আমাৰ কথা-বতৰা আৰম্ভ হ’ল। কাৰণ মই সেই অঞ্চলত বাস কৰি আহিছো, মই ভালদৰে জানো। এই ছোৱালীকেইজনীয়ে যি উদ্যমেৰে  শিকিছে, আৰু তাত তেওঁলোকে যিদৰে কামবোৰ চলাই আছিল, সেই কথাই  মোক মোৰ দেশৰ যুৱ শক্তিৰ প্ৰতি মন  গৌৰৱেৰে ভৰাই তোলে।

বন্ধুসকল,

অনাগত সময়ত এআইয়ে আপোনালোকৰ সন্মুখত নতুন দক্ষতা আৰু নতুন বিশেষজ্ঞতাৰ এক সমগ্ৰ পৃথিৱী মুকলি কৰিব। সেইবাবেই ভাৰতৰ যুৱক-যুৱতীসকলে এই সুযোগ হেৰুৱাব নালাগে৷ আৰু মই যুৱক-যুৱতীসকলক কওঁ - ধাৰণা  আপোনালোকৰ, সমৰ্থন মোৰ থাকিব।

বন্ধুসকল,

এই প্ৰকল্পটো ভাৰতৰ যুৱক-যুৱতীসকলে নতুন সম্ভাৱনাৰ সৈতে কেনেদৰে সংযোগ স্থাপন কৰিছে তাৰ এক প্ৰমাণো। ইয়াত কাম কৰা কন্যাসকলে - মই কোৱাৰ দৰে ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশৰ পৰা অদা, সমগ্ৰ জনজাতি বেল্টৰ পৰা অহা- মোক ফেক্টৰীটো তেওঁলোকে দেখুৱাই দিলে। অতি উৎসাহেৰে তেওঁলোকে প্ৰতিটো সবিশেষ বুজাই দিলে। সাধাৰণ পৰিয়াল, সাধাৰণ বিদ্যালয়, আই টি আই শিক্ষাৰে দক্ষ তেওঁলোক। আমাৰ দেশত কোনোবাই আই টি আইত যোগদান কৰিলে অভিভাৱকে প্ৰায়ে আনকো নকয়, লাজ কৰে। কিন্তু সময় সলনি হৈছে - এয়া আই টি আই স্নাতকসকলৰ যুগ। তেওঁলোকৰ শিক্ষা আই টি আইৰ পৰা হ’ব পাৰে, কিন্তু তেওঁলোকৰ সপোন অসাধাৰণ। এই কন্যাসকলৰ  বহুতৰে পৰিয়ালে কেতিয়াও পাছপ’ৰ্ট বনোৱা নাছিল, কেতিয়াও দেখাও নাছিল। কিছুমানে বিদেশতো দূৰৰ কথা, দিল্লী বা মুম্বাইলৈও যোৱা নাছিল। তথাপিও এই একেখিনি কন্যাই প্ৰশিক্ষণৰ বাবে মালয়েছিয়ালৈ গৈছে, বিশ্বৰ আটাইতকৈ উন্নত অৰ্ধপৰিবাহী প্ৰযুক্তি শিকিছে আৰু আজি তেওঁলোক মেড ইন ইণ্ডিয়া চিপ নিৰ্মাণ প্ৰক্ৰিয়াৰ অংশ হৈ পৰিছে। মনত আছে যেতিয়া চুব্বাইয়া জীয়ে মোক এবাৰ দিল্লীত এটা ভিডিঅ’ দেখুৱাইছিল - এই  কন্যাসকলৰ  জীৱনৰ তিনি মিনিটৰ ভিডিঅ’ ।  কেনেকৈ তেওঁলোকে হাবিত বাস কৰিছিল, বিচনাত বহি অধ্যয়ন কৰিছিল আৰু তাৰ পিছত বিমানবন্দৰত চেক-ইনৰ বাবে থিয় হৈছিল, মালয়েছিয়ালৈ উৰা মাৰিবলৈ ইমিগ্ৰেচন ক্লিয়াৰ কৰিছিল। মই লগে লগে তেওঁক ক’লোঁ যে যেতিয়াই গুজৰাটলৈ আহিম তেতিয়াই এই কন্যাসকলক ৰাজ্যপালৰ ঘৰলৈ মাতিম আৰু তেওঁলোকৰ লগত কথা পাতিম৷ তেতিয়া মই সেয়া কৰিব নোৱাৰিলোঁ, কিন্তু আজি সেই সুযোগ পালোঁ। ধন্যবাদ চুব্বাইয়া জী। এই সকলো কন্যা সন্তান আৰু তেওঁলোকৰ পৰিয়াললৈ অভিনন্দন জনাইছো।

 

বন্ধুসকল,

ভাৰতবৰ্ষক বিকশিত কৰিবলৈ আমি কিমান অধৈৰ্য্য হৈ পৰিছো তাৰো আজিৰ অনুষ্ঠানটো এক প্ৰমাণ। এই বছৰৰ আৰম্ভণিতে মই কৈছিলোঁ যে ২০২৬ চনৰ ভিতৰত চাৰিটা অৰ্ধপৰিবাহীৰ সুবিধা আৰম্ভ হ’ব। আৰু আজি মোৰ মন্ত্ৰীয়ে কৈছে - চাৰি নহয়, পাঁচটা হৈছে। আৰু মই সুখী যে মাত্ৰ ছমাহৰ ভিতৰতে ইতিমধ্যে তিনিটা প্ৰজেক্টৰ উৎপাদন আৰম্ভ হৈছে। ইয়াৰ পৰা দেখা যায় যে আজিৰ ভাৰতে কেৱল ডাঙৰ ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰাই নহয়, সময়মতে সেইবোৰো সাধন কৰে। এই আস্থা ভাৰতে সমগ্ৰ বিশ্বক, প্ৰতিজন বিনিয়োগকাৰীক দিয়ে। আমাৰ নীতি সুস্থিৰ, আমাৰ সিদ্ধান্ত স্পষ্ট, আৰু আমাৰ নিষ্পাদন দ্ৰুত। চি জি চেমি আৰু অন্যান্য বিনিয়োগকাৰীৰ পৰিচালনাক আশ্বাস দিছো - ভাৰতে যি সংস্কাৰৰ পথ বাছি লৈছে, আমি চলাই নিয়া ৰিফৰ্ম এক্সপ্ৰেছত সেয়া  আৰু অধিক ত্বৰান্বিত হ’ব। আজিৰ ভাৰত ব্যৱসায় সহজ কৰি তোলাৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰতিশ্ৰুতিৰে ২০৪৭ চনৰ ভিতৰত ১.৪ বিলিয়ন ভাৰতীয়ই ভাৰতক উন্নত কৰি তুলিব।আৰু আজিৰ ১৮–২০ বছৰীয়া ল’ৰা-ছোৱালীয়ে যাতে কঠোৰ পৰিশ্ৰম কৰে,  যাতে আপোনালোকে  ৪০–৪৫ বছৰ বয়সত, যেতিয়া আপোনালোকৰ সন্তান ডাঙৰ হ’ব, তেতিয়া আপোনালোকে  তেওঁলোকক উন্নত ভাৰতত ডাঙৰ-দীঘল কৰিব পাৰে। সেইবাবেই মই মোৰ জীৱনটো উৎসৰ্গা কৰিছো - আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে।

বন্ধুসকল,

আমি উন্নয়নৰ পথত আগবাঢ়িছো। আমি প্ৰগতিৰ নতুন উচ্চতাত উপনীত হৈছো। আৰু এই যাত্ৰাত অৰ্ধপৰিবাহী খণ্ডটো এক বৃহৎ শক্তি হৈ পৰিছে, নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উচ্চ লক্ষ্যৰে আগবাঢ়ি যাওক। আমি আগবাঢ়ি যাব লাগিব। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India enters second half of 2026 with several encouraging economic signals: Report

Media Coverage

India enters second half of 2026 with several encouraging economic signals: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi