Elaborates on five aspects: universalization of quality education; skill development; inclusion of India’s ancient experience and knowledge of urban planning and designing into education; internationalization and focus on Animation Visual Effects Gaming Comic
“Empowering our youth who are future nation builder, is empowering India’s future”
“It was digital connectivity that kept the country’s education system going during the pandemic”
“Innovation is ensuring inclusion in our country. Now going even further, country is moving towards integration”
“It is critical to prepare the ‘demographic dividend’ of the country as per the demands of the changing job roles”
“Budget is not just an account of statistics, budget, if implemented properly, can bring great transformation even with limited resources”

নমস্কাৰ।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগীসকল, শিক্ষা, দক্ষতা বিকাশ, বিজ্ঞান, প্ৰযুক্তি আৰু গৱেষণাৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।

আমাৰ চৰকাৰে বাজেটৰ আগতে আৰু বাজেটৰ পিছত অংশীদাৰসকলৰ সৈতে আলোচনা কৰিছে আৰু আলোচনাৰ এক বিশেষ পৰম্পৰা গঢি় তুলিছে। আজিৰ এই কাৰ্যসূচীও তাৰেই এক এটা পৰ্যায়। এই প্ৰক্ৰিয়াত আজি, শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে বাজেটত যি ব্যৱস্থা কৰা হৈছে, তাক লৈ আপোনালোকৰ দৰে অংশীদাৰসকলৰ সৈতে বিতংভাৱে আলোচনা কৰা হ’ব।

বন্ধুসকল,

আমাৰ যুৱ প্ৰজন্ম আজি দেশৰ ভৱিষ্যতৰ কৰ্ণধাৰ, তেওঁলোক ভৱিষ্যতৰ ৰাষ্ট্ৰ নিৰ্মাতাও। গতিকে আজিৰ যুৱ প্ৰজন্মক শক্তিশালী কৰাৰ অৰ্থ হৈছে ভাৰতৰ ভৱিষ্যতক শক্তিশালী কৰা। এই ভাবনাৰ সৈতে, ২০২২ চনৰ বাজেটত শিক্ষা খণ্ডৰ সৈতে জড়িত পাঁচটা বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰথমটো হৈছে-

গুণগত শিক্ষাক সাৰ্বজনীন কৰি তোলাঃ আমাৰ শিক্ষা ব্যৱস্থা সম্প্ৰসাৰিত কৰা, তাৰ মানদণ্ড উন্নত কৰা আৰু শিক্ষা খণ্ডৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

দ্বিতীয়টো হৈছে-

দক্ষতা বিকাশঃ দেশত ‘ডিজিটেল স্কিলিং ইকো-ছিষ্টেম’ গঢ়ি উঠক, যিহেতু উদ্যোগ ৪.০ৰ আলোচনা চলিছে সেয়ে উদ্যোগৰ চাহিদা অনুসৰি যাতে দক্ষতা বিকাশ হয়, উদ্যোগৰ সংযোগ যাতে উন্নত হয়, সেইবোৰৰ প্ৰতি লক্ষ্য ৰখা হৈছে।

তৃতীয় গুৰুত্বপূৰ্ণ দিশটো হ’ল-

নগৰ পৰিকল্পনা আৰু ডিজাইনঃ ইযাত ভাৰতৰ প্ৰাচীন অভিজ্ঞতা আৰু জ্ঞান আছে, সেইসমূহ আজি আমাৰ শিক্ষাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

চতুৰ্থ গুৰুত্বপূৰ্ণ দিশটো হ’ল-

বিশ্বজনীন কৰি তোলাঃ ভাৰতলৈ বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয়সমূহ আহক, আমাৰ যিবোৰ ঔদ্যোগিক ক্ষেত্ৰ, যেনে গিফ্ট চিটি, তালৈ ফিন টেকৰ সৈতে জড়িত প্ৰতিষ্ঠানবোৰ যাতে আহে, সেই প্ৰক্ৰিয়াক উৎসাহিত কৰা হৈছে।

পঞ্চম গুৰুত্বপূৰ্ণ দিশটো হ’ল-

এভিজিচি- অৰ্থাৎ এনিমেচন ভিজুৱেল এফেক্টছ গেমিং কমিক, এই সকলোবোৰ ক্ষেত্ৰত অপাৰ নিযুক্তিৰ সম্ভাৱনা আছে। বিশ্বব্যাপী এইসমূহৰ অতি বৃহৎ বজাৰ আছে। সেই বজাৰৰ প্ৰতিযোগী হৈ উঠাৰ বাবে আমাৰ ভাৰতীয় প্ৰতিভাৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে, তাৰ প্ৰতিও একেধৰণৰ মনোযোগ দিয়া হৈছে। এই বাজেট নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অনেক সহায়ক হৈ উঠিব।

বন্ধুসকল,

ক’ৰোনাৰ সংক্ৰমণৰ বহু আগৰে পৰাই দেশত ডিজিটেল ভৱিষ্যতক লৈ আলাপ-আলোচনা চলিছিল। যেতিয়া আমি আমাৰ গাওঁবোৰক অপ্টিকেল ফাইবাৰৰ সৈতে সংযোগ কৰিছিলোঁ, যেতিয়া আমি ডাটাৰ মূল্য নিম্নতম ৰাখিবলৈ চেষ্টা কৰি আছিলোঁ, সংযোগ ব্যৱস্থাৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নত কৰি আছিলোঁ তেতিয়া কিছুমান লোকে প্ৰশ্ন কৰিছিল যে এইবোৰৰ কি প্ৰয়োজন? কিন্তু মহামাৰীৰ সময়ত আমাৰ এই প্ৰচেষ্টাবোৰৰ গুৰুত্ব সকলোৱে দেখিছে। এই ডিজিটেল সংযোগেই এই কঠিন সময়ত, বিশ্বব্যাপী মহামাৰীৰ সময়ত আমাৰ শিক্ষা ব্যৱস্থাক বচাই ৰাখিছে।

আমি দেখিছোঁ ভাৰতত কেনেকৈ দ্ৰুতগতিত ডিজিটেল বিভাজন হ্ৰাস পাইছে। আমাৰ দেশত অন্তৰ্ভুক্তিকৰণক সুনিশ্চিত কৰিছে উদ্ভাৱনে আৰু এতিয়া দেশখন অন্তৰ্ভুক্তিকৰণতকৈয়ো আগুৱাই গৈ সংহতিৰ দিশে আগবাঢ়িছে।

এই দশকত আমি শিক্ষা ব্যৱস্থালৈ আনিব বিচৰা আধুনিকতাৰ আধাৰ শক্তিশালী কৰিবলৈ এই বছৰৰ বাজেটত কেইবাটাও ঘোষণা কৰা হৈছে। ডিজিটেল শিক্ষা হৈছে ডিজিটেল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱা ভাৰতৰ বহল দৃষ্টিভংগীৰ অংশ। সেয়া হলে ই-বিদ্যা, এক শ্ৰেণী এক চেনেল, ডিজিটেল লেব, ডিজিটেল বিশ্ববিদ্যালয়, এনে ধৰণৰ শৈক্ষিক আন্তঃগাঁথনিই যুৱপ্ৰজন্মক যথেষ্ট সহায় কৰিব। ভাৰতৰ আৰ্থ-সামাজিক ব্যৱস্থাত গাঁৱৰ পৰা আৰম্ভ কৰি দেশৰ দৰিদ্ৰ, দলিত, পিছপৰা, জনজাতীয় সকলোৰে  শিক্ষা সুনিশ্চিত কৰিবলৈ উন্নত সমাধানৰ প্ৰচেষ্টা এইবোৰ।

বন্ধুসকল,

ৰাষ্ট্ৰীয় ডিজিটেল বিশ্ববিদ্যালয় ভাৰতৰ শিক্ষা ব্যৱস্থাত এনেধৰণৰ এক অনন্য আৰু অভূতপূৰ্ব পদক্ষেপ। মই ডিজিটেল বিশ্ববিদ্যালয়ৰ সেই শক্তি দেখিছো যে এই বিশ্ববিদ্যালয়খনে আমাৰ দেশৰ আসনৰ সমস্যাৰ সম্পূৰ্ণ সমাধান দিব পাৰে। যেতিয়া প্ৰতিটো বিষয়ৰ বাবে সীমাহীন আসন থাকিব তেতিয়া আপোনাসৱে কল্পনা কৰিব পাৰিব যে শিক্ষা জগতত কিমান ডাঙৰ পৰিৱৰ্তন হব। এই ডিজিটেল বিশ্ববিদ্যালয়সমূহে যুৱসকলক শিকা আৰু পুনৰ শিকাৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰস্তুত কৰিব। শিক্ষা মন্ত্ৰালয়, ইউজিচি, এআইচিটিই আৰু সকলো অংশীদাৰক এই ডিজিটেল বিশ্ববিদ্যালয়সমূহে যাতে দ্ৰুতগতিত কাম কৰা আৰম্ভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ মই অনুৰোধ জনাইছো। আৰম্ভণিৰ পৰাই এই ডিজিটেল বিশ্ববিদ্যালয়সমূহে যাতে আন্তৰ্জাতিক মানদণ্ডৰ সৈতে কাম কৰিব পাৰে সেয়া চোৱাটো আমাৰ সকলোৰে দায়িত্ব।

বন্ধুসকল,

চৰকাৰে দেশখনত বিশ্বমানৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ লক্ষ্যেৰে যি দৃঢ় ইচ্ছা আৰু ইয়াৰ বাবে প্ৰণয়ন কৰা নীতিগত পৰিকাঠামোও আপোনাসৱৰ সন্মুখত আছে। এতিয়া আপোনাসৱে আপোনাসৱৰ প্ৰচেষ্টাৰ জৰিয়তে এই উদ্দেশ্যক বাস্তৱায়িত কৰিব লাগিব। আজি বিশ্ব মাতৃভাষা দিৱস। মাতৃভাষাত শিক্ষা শিশুৰ মানসিক বিকাশৰ সৈতে সম্পৰ্কিত। ইতিমধ্যে বহুতো ৰাজ্যত স্থানীয় ভাষাত চিকিৎসা আৰু কাৰিকৰী শিক্ষা আৰম্ভ হৈছে।

এতিয়া স্থানীয় ভাৰতীয় ভাষাসমূহত সৰ্বশ্ৰেষ্ঠ সমল আৰু ইয়াৰ ডিজিটেল সংস্কৰণ সৃষ্টিত গতি অনাটো সকলো শিক্ষাবিদৰ বিশেষ দায়িত্ব। ভাৰতীয় ভাষাসমূহত ইয়াক সকলোৰে বাবে ই-কণ্টেণ্ট, ইণ্টাৰনেট, ম'বাইল ফোন, টিভি আৰু ৰেডিঅ'ৰ জৰিয়তে উপলব্ধ কৰাব লাগিব।

ভাৰতীয় সাংকেতিক ভাষাসমূহতো, আমি এনে পাঠ্যক্ৰম বিকশিত কৰি আছোঁ যিয়ে বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলক আৰু অধিক শক্তিশালী কৰি তুলিছে। ইয়াতো নিৰন্তৰ উন্নতি কৰি থকাটো অতি গুৰুত্বপূৰ্ণ। ডিজিটেল সঁজুলি, ডিজিটেল সমলক উন্নত উপায়েৰে বিতৰণ কৰাৰ বাবে আমি শিক্ষকসকলক অনলাইন প্ৰশিক্ষণ দিয়াৰ ওপৰতো গুৰুত্ব দিব লাগিব।

বন্ধুসকল,

এক স্বাৱলম্বী ভাৰত আৰু বিশ্বব্যাপী প্ৰতিভাৰ চাহিদাৰ ক্ষেত্ৰতো ডায়নেমিক স্কিল অতি গুৰুত্বপূৰ্ণ। পুৰণি জব ৰুলছ বা কামসমূহৰ ভূমিকা যি গতিত সলনি হৈ আছে সেই অনুসাৰে আমি আমাৰ জনগাঁথনিগত লভ্যাংশ দ্ৰুতগতিত প্ৰস্তুত কৰিব লাগিব। সেইবাবে ‘একাডেমিয়া’ আৰু ‘ইণ্ড্ৰাষ্ট্ৰী’ৱে একেলগে কাম কৰা প্ৰয়োজন। দক্ষতা আৰু জীৱিকাৰ বাবে ডিজিটেল পৰিস্থিতিতন্ত্ৰ (দেশ ষ্টেক ই-পৰ্টেল) আৰু ই-স্কিলিং লেবৰ বাজেটত কৰা ঘোষণাৰ আঁৰত এই চিন্তাধাৰা আছে।

বন্ধুসকল,

আজি, আমি পৰ্যটন উদ্যোগ, ড্ৰোন উদ্যোগ, এনিমেচন আৰু কাৰ্টুন উদ্যোগ, প্ৰতিৰক্ষা উদ্যোগ-এনে উদ্যোগসমূহৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। এই খণ্ডবোৰৰ সৈতে সম্পৰ্কিত বিদ্যমান উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ বাবে আমাক প্ৰশিক্ষিত মানৱ সম্পদৰ প্ৰয়োজন। এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং আৰু কমিক খণ্ডৰ বিকাশৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰিলে এইক্ষেত্ৰত বহু সহায়ক হব। একেদৰে, নগৰ পৰিকল্পনা আৰু ডিজাইনিঙে দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু যুৱসকলৰ বাবেও সুযোগ সৃষ্টি কৰিব। স্বাধীনতাৰ অমৃত কালত ভাৰতে ইয়াৰ নগৰীয় দৃশ্যপট পৰিৱৰ্তনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। সেয়েহে, এআইচিটিইৰ দৰে প্ৰতিষ্ঠানৰ পৰা দেশবাসীৰ এক বিশেষ প্ৰত্যাশা আছে যে ইয়াৰ সৈতে সম্পৰ্কিত অধ্যয়ন আৰু প্ৰশিক্ষণ নিৰন্তৰ উন্নত হওক ।

বন্ধুসকল,

শিক্ষা খণ্ডৰ জৰিয়তে আমি কেনেদৰে স্বাৱলম্বী ভাৰতৰ অভিযান শক্তিশালী কৰিম সেই সন্দৰ্ভত আপোনালোক সকলোৰে ইনপুট দেশৰ বাবে কামত আহিব। মই নিশ্চিত যে আমাৰ সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা আমি বাজেটত নিৰ্ধাৰিত লক্ষ্যসমূহ দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। মই এইটোও ক'ব বিচাৰো যে আমাৰ প্ৰাথমিক শিক্ষা আছে গাওঁ পৰ্যন্ত। এতিয়া নতুন অভিজ্ঞতা গঢ়ি উঠিছে যে স্মাৰ্ট শ্ৰেণীৰ দ্বাৰা, এনিমেছনৰ দ্বাৰা, দূৰ-দূৰণিলৈ লং-ডিচটেন্স শিক্ষাৰ জৰিয়তে বা আমাৰ যি নতুন পৰিকল্পনা আছে তাৰ জৰিয়তে আমি ৱান ক্লাছ, ৱান চেনেলৰ জৰিয়তে গাওঁ পৰ্যন্ত উন্নত মানদণ্ডৰ শিক্ষাৰ ব্যৱস্থা কৰিব পাৰোঁ। বাজেটত ইয়াৰ বাবে এটা ব্যৱস্থা আছে। আমি ইয়াক কেনেদৰে ৰূপায়ণ কৰিম?

আজি যেতিয়া আমি বাজেটৰ বিষয়ে আলোচনা কৰি আছোঁ এই সময়ত বাজেট কেনেকুৱা হব তাক লৈ অপেক্ষা কৰা নাই, কিয়নো এয়াতো হৈয়ে উঠিল। এতিয়া আপোনাসৱৰ পৰা যি আশা কৰা হৈছে সেয়া হ'ল বাজেটত যিবোৰ আছে সেয়া যিমান সম্ভৱ সোনকালে কেনেদৰে নিৰ্বিঘ্নে ৰূপায়ণ কৰিব পাৰি। আপোনাসৱে নিশ্চয় বাজেট অধ্যয়ন কৰিছে। আপোনাসৱে তৃণমূল স্তৰত কাম কৰে। বাজেট আৰু আপোনাসৱৰ কাম শিক্ষা দপ্তৰ আৰু দক্ষতা উন্নয়ন দপ্তৰৰ পৰা অনেক প্ৰত্যাশা আছে। এই তিনিটা একত্ৰিত কৰি যদি আমি এটা ভাল ৰোডমেপ প্ৰস্তুত কৰোঁ তেতিয়াহলে আমি এক সময় নিৰ্ধাৰিত কৰি কামৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিম। আমাৰ ইয়াত আপোনাসৱে হয়তো নিশ্চয় দেখিছে যে বাজেট আমি প্ৰায় এমাহ ‘প্ৰিপোন’ কৰিছোঁ।

আগতে, বাজেট ২৮ ফেব্ৰুৱাৰীত আছিল। এতিয়া ইয়াক ১ ফেব্ৰুৱাৰীলৈ লৈ লৈ যোৱা হল। ইয়াৰ কাৰণ কি? কাৰণ হল যদি বাজেট ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হয়, তাৰ আগতে সকলোৱে বাজেটক লৈ সকলোৱে বিস্তাৰিত ব্যৱস্থা কৰি লওক যাতে ১ এপ্ৰিলৰ পৰা বাজেটক আমি কাৰ্যকৰী কৰা আৰম্ভ কৰিব পাৰোঁ। আমাৰ সময় অপচয় নহওক। আৰু মই বিচাৰো যে আপোনাসৱে এইক্ষেত্ৰত যথাসম্ভৱ উদ্যোগ গ্ৰহণ কৰক। এতিয়া আপোনাসৱে হয়তো দেখিছে... এইটো ঠিক আছে যে কিছুমান বস্তু আছে যিবোৰ শিক্ষা বিভাগৰ সৈতে সংযুক্ত নহয়। এতিয়া দেশে ভাবিছে যে আমি বহু পৰিমাণৰ সামৰিক বিদ্যালয়ৰ সৈতে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিৰ দিশে আগবাঢ়িম। এতিয়া এখন সৈনিক বিদ্যালয় কেনে হ'ব,ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হি কেনে হব, সেয়া নিৰ্ধাৰণৰ পাছতহে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ বাবে বাজেট দিব। তাৰ পিছত সৈনিক বিদ্যালয়ৰ শিক্ষকৰ বিশেষ প্ৰশিক্ষণ কেনেদৰে হ'ব, আজি আমাৰ শিক্ষকৰ যি প্ৰশিক্ষণ প্ৰণালী আছে তাৰে আমি কেনেকৈ সৈনিক বিদ্যালয়ৰ শিক্ষকৰ বিশেষ প্ৰশিক্ষণ কৰিব পাৰিম, কিয়নো ইয়াত শাৰীৰিক অংশ থাকিব।

একেধৰণে খেলা-ধূলাৰ ক্ষেত্ৰত আমি কিদৰে আগুৱাম? আমাৰ দেশত এইবাৰৰ অলিম্পিকৰ পিছত খেলা-ধূলাৰ প্ৰতি এক বিশেষ আকৰ্ষণ সৃষ্টি হৈছে। দক্ষতা উন্নয়নৰ প্ৰক্ৰিয়াত যিসমূহ বিষয় আছিল সেইসমূহতো আছেই, ক্ৰীড়া জগতৰ বাবেও অনেক কিছু বিষয় আছে। কাৰণ কৌশল, প্ৰযুক্তি-এইসকলো ক্ষেত্ৰতো এতিয়া খেলা-ধূলাই এক ডাঙৰ স্থান লাভ কৰিছে। গতিকে যেতিয়া আমি এইবিষয়ে চিন্তা কৰোঁ, তাত আমি যিকোনো ভূমিকা পালন কৰিব পাৰোঁ।

আমি কেতিয়াবা ভাবিছোঁনে যে যিখন দেশত নালন্দা, তক্ষশীলা, বল্লভীৰ দৰে ইমান ডাঙৰ শিক্ষানুষ্ঠানবোৰ আছিল, আজি সেইখন দেশৰ লৰা-ছোৱালীসকল বিদেশত পঢ়িবলৈ বাধ্য হৈছে, এয়া কি আমাৰ বাবে ঠিক হৈছে নেকি? আমি দেখিছোঁ যে আমাৰ দেশৰ বাহিৰলৈ যোৱা লৰা-ছোৱালীসকলৰ তেওঁলোকৰ যথেষ্ট ধন খৰচ হয়, তেওঁলোকৰ পৰিয়ালটোৱে ঋণ লৈ আছে। আমি আমাৰ দেশলৈ বিশ্বমানৰ বিশ্ববিদ্যালয়সমূহক আনি, আমাৰ নিজৰ পৰিৱেশত আৰু কম খৰচত ইয়াত অধ্যয়ন কৰাৰ বাবে আমাৰ সন্তানৰ বিষয়ে চিন্তা কৰিব পাৰোঁনে? অৰ্থাৎ প্ৰাক-প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে, আমাৰ সমগ্ৰ পৰিকাঠামোটো একবিংশ শতিকাৰ অনুকূল কিদৰে হ’ব?

আমাৰ বাজেটত যিসমূহ ব্যৱস্থা ৰখা হৈছে সেইসমূহ ঠিকেই আছে, কিন্তু তত্‍সত্বেও, কোনোবাই ভাবিলে ভাল হ'লহেঁতেন যে এইটো হোৱা নাই। অহা বছৰ তেওঁলোকে ইয়াৰ বিষয়ে ভাবিব... আমি পৰৱৰ্তী বাজেটত চিন্তা কৰিম। এই মুহূৰ্তত, আমি এই বাজেট কিদৰে ভালদৰে কাৰ্যকৰী কৰিম, কেনেদৰে সৰ্বোত্তম ফলাফল লাভ কৰিব পাৰি, উৎপাদন নহয়, সৰ্বোত্তম ফলাফল কেনেদৰে লাভ কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰিম। এতিয়া, অটল টিংকাৰিং লেব, অটল টিংকাৰিং লেবৰ কাম দেখা লোকসকল পৃথক কিন্তু সেইবোৰৰ প্ৰত্যেকেই কোনোবা নহয় কোনোবা শিক্ষা প্ৰণালীৰ সৈতে জডি়ত হৈ আছে। যদিহে আমি উদ্ভাৱনৰ বিষয়ে কথা পাতো, তেত‌িয়াহলে আমি অটল  টিংকাৰিং পৰীক্ষাগাৰৰ আধুনিকীকৰণ কেনেদৰে কৰিম? অৰ্থাৎ, সকলো বিষয় এনেকুৱা যে বাজেটৰ দৃষ্টিকোণৰ পৰা আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ দৃষ্টিকোণৰ পৰা এইখন প্ৰথম বাজেট যাক আমি তৎক্ষণাৎ ৰূপায়ণ কৰি স্বাধীনতাৰ এই অমৃত মহোৎসৱত অমৃতকালৰ ভেটি স্থাপন কৰিব বিচাৰোঁ।

আৰু মই বিচাৰোঁ যে আপোনালোক সকলো অংশীদাৰৰ সৈতে আমি এক বৃহত্‍ পৰিৱৰ্তন আনিব লাগিব। আপোনাসৱে জানেনে, যেতিয়া বাজেট উপস্থাপন কৰা হয় তেতিয়া এটা বিৰতিৰ সময় থাকে আৰু সকলো সাংসদ একত্ৰিত হয়, সৰু সৰু গোটত বাজেটক লৈ ঘনিষ্ঠভাৱে আলোচনা চলে। খুব ভাল আলোচনা হয়। ইয়াৰ পৰা ভাল কথা ওলাই আহে, কিন্তু আমি তাৰ পৰিধি আৰু সম্প্ৰসাৰিত কৰিছোঁ। সাংসদসকলেতো আজিকালি কৰি আছে, কিন্তু এতিয়া আমি বিভাগৰ লোকসকল, অংশীদাৰসকলৰ সৈতে সৈতে পোনপটীয়াকৈ কথা পাতিছোঁ।

অৰ্থাৎ, আমি এক প্ৰকাৰ সবকা প্ৰয়াসক অনুসৰণ কৰাৰ বাবে যি কৰিছোঁ, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস-এই বাজেটতো সকলোৰে প্ৰচেষ্টা অতি প্ৰয়োজনীয়। বাজেট, ই কেৱল পৰিসংখ্যাৰ হিচাপ নহয়। আমি বাজেট যদি সঠিকভাৱে, সঠিক সময়ত, সঠিক ধৰণে বাজেটক কামত লগাঁও তেতিয়াহলে সীমিত সম্পদৰেও আমি এক বৃহৎ পৰিৱৰ্তন আনিব পাৰোঁ। আৰু ই তেতিয়াই সম্ভৱ হয় যেতিয়া বাজেটৰ পৰা কি কৰিব লাগিব সেই স্বচ্ছতা সকলোৰে মনত স্পষ্টভাৱে থাকে।

আজিৰ আলোচনাৰ পৰা শিক্ষা মন্ত্ৰালয়, দক্ষতা উন্নয়ন মন্ত্ৰালয়কো যথেষ্ট লাভান্বিত কৰিব। কিয়নো আপোনাসৱৰ কথাৰ পৰা এইটো নিশ্চিত হ’ব যে এই বাজেট অতি ভাল, এইটো কৰিব লাগিব, এইটো কৰা কঠিন, এইটো কৰিলে ভাল হ’ব-এইধৰণৰ বহুতো ব্যৱহাৰিক বস্তু স্পষ্ট হব। মুকলিকৈ আপোনাসৱে মতামত ব্যক্ত কৰক। মূল কথাটো হল, দৰ্শনৰ আলোচনা নহয়, ব্যৱহাৰিক জীৱনত ইয়াক কেনেদৰে কাৰ্যকৰী কৰিব লাগে, ইয়াক কেনেদৰে ভালধৰণে কাৰ্যকৰী কৰিব লাগে, সহজে কিদৰে কাৰ্যকৰী কৰিব লাগে, চৰকাৰ আৰু সামাজিক ব্যৱস্থাৰ মাজত যাতে কোনো দূৰত্ব নাথাকে, সেয়া কিদৰে সুনিশ্চিত কৰা যাব, কেনেদৰে মিলাপ্ৰীতিৰে কাম কৰিব লাগে- এই সকলো বিষয়ক লৈ আলোচনা হ’ব।

মই আপোনালোক সকলোকে আকৌ এবাৰ এই আলোচনাত অংশগ্ৰহণৰ বাবে ধন্যবাদ জনাইছোঁ।গোটেই দিনটো আপোনাসৱে যি আলাপ-আলোচনা কৰিলে তাৰ পৰা অনেক বহুতো ভাল কথা ওলাই আহিব, যাৰ ফলত বিভাগে দ্ৰুত গতিত সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব আৰু আমি আমাৰ সম্পদবোৰ অনুকূলভাৱে ব্যৱহাৰ কৰি ভাল ফলাফলৰ সৈতে পৰৱৰ্তী বাজেটৰ বাবে প্ৰস্তুতি চলাম। মই আপোনাসৱক শুভকামনা জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Number of Indian women with digital access doubled since 2021: Survey

Media Coverage

Number of Indian women with digital access doubled since 2021: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people of Goa on Goa Statehood Day
May 30, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the people of Goa on the occasion of Goa Statehood Day.

The Prime Minister said that Goa is widely known for its vibrant culture, rich heritage, natural beauty and warm-hearted people.

The Prime Minister noted that the occasion is an opportunity to remember with gratitude all those who worked tirelessly for the progress and identity of Goa.

The Prime Minister expressed hope that Goa will continue to prosper and play an important role in building a Viksit Bharat.

Shri Modi also prayed for the good health and prosperity of every Goan.

The Prime Minister wrote on X;

“Greetings to the people of Goa on the special occasion of Goa Statehood Day. Goa’s vibrant culture, rich heritage, natural beauty and warm-hearted people are widely known. This day is also an opportunity to remember with gratitude all those who worked tirelessly for its progress and identity. May Goa continue to prosper and play an important role in building a Viksit Bharat. Praying for the good health and prosperity of every Goan.”