জমাকৰ্তা আৰু বিনিয়োগকাৰী উভয়ৰে বাবে আস্থা আৰু স্বচ্ছতা নিশ্চিত কৰাটো আমাৰ মূল প্ৰাধান্যৰ বিষয়
অস্বচ্ছ ঋণ সংস্কৃতিৰ পৰা দেশক মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
বিত্তীয় অন্তৰ্ভুক্তিৰ পিছত দেশে অৰ্থনৈতিক সৱলীকৰণৰ দিশে দ্ৰুত গতিৰে অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী

বিত্তীয় সেৱা খণ্ডৰে জড়িত বন্ধুসকল, আপোনালোক আটাইলৈকে নমস্কাৰ জনাইছো!! এই বছৰৰ বাজেটত বিত্তীয় সেৱা খণ্ডৰে জড়িত অনেক বৃহত্ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আপোনালোকে ভালকৈয়ে নিশ্চয় জানে। বেংকিঙেই হওক অথবা নন বেংকিঙেই হওক বা ই্ঞ্চিউৰেন্সেই হওক, বিত্তীয় খণ্ডৰে জড়িত সকলো প্ৰভাগকে শক্তিশালী কৰাৰ বাবে এক পথ-মানচিত্ৰ আমি এইখন বাজেটত কৰিছো। ৰাজহুৱা খণ্ডৰে জড়িতসংস্থাসমূহক আমি শক্তিশালী কৰি তুলিম, আৰু এয়া কেনেকৈ কৰিম, ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ প্ৰসাৰ কেনেকৈ সম্ভৱ কৰিম, ইয়াৰো এক নমুনা আপোনালোকে চাগৈ এইখন বাজেটত প্ৰত্যক্ষ কৰিব পাৰিছে। এতিয়া, বাজেটৰ পিচত এই সংবাদ এইকাৰণেই গুৰুত্বপূৰ্ণ হৈ উঠিছে কিয়নো ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডই মিলি এই সকলো কথা আগুৱাই লৈ যাব লাগিব। চৰকাৰৰ প্ৰাথমিকতা, চৰকাৰৰ প্ৰতিবদ্ধতা আপোনালোকে জানিব লাগিব আৰু ইয়াৰ ভিতৰতো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ শংকা-আশংকা, এই সমুদায় কথা চৰকাৰেও জনা উচিত। ২১শতিকাত আমি দেশক যিদৰে আগুৱাই লৈ যাব লাগিব, সেই কামত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ অতিকে গুৰুত্বপূৰ্ণ বুলি মই অনুভৱ কৰো। আৰু সেয়ে আজিৰ এই আলোচনা মোৰ দৃষ্টিত পৃথিৱীৰ আজিৰ পৰিস্থিতিত সুযোগ গ্ৰহণ কৰাৰ বাবে অতিকে মহত্বপূৰ্ণ হ’ব।

বন্ধুসকল,

দেশৰ বিত্তীয় খণ্ডক লৈ চৰকাৰৰ দৃষ্টিভংগী নিতান্তই পৰিষ্কাৰ। ইয়াত কোনো দ্বিধাৰ অৱকাশ নাই। দেশৰ যিকোনো জমা কৰোতাই হওক কিম্বা বিনিয়োগকাৰীয়েই হওক, দুয়োৱেই যাতে আস্থা আৰু স্বচ্ছতা অনুভৱ কৰিব পাৰে সেয়া নিশ্চিত কৰোটোৱেই হৈছে আমাৰ সৰ্বোচ্চ প্ৰথমিকতা। দেশৰ বিত্তীয় ব্যৱস্থা অব্যাহত থকা, আৰু যদি কোনো এটা কথাৰ বাবেই এই ব্যৱস্থা বৰ্তী থাকে, সেয়া হৈছে বিশ্বাস। বিশ্বাস-- নিজৰ উপাৰ্জনৰ সুৰক্ষাৰ, বিশ্বাস—বিনিয়োগৰ শ্ৰীবৃদ্ধি হোৱাৰ আৰু বিশ্বাস—দেশৰ বিকাশৰ। বেংকিং আৰু নন বেংকিং খণ্ডৰ আও পুৰণি কথা-কাণ্ড, পুৰণি ব্যৱস্থাসমূহলৈ স্বাভাৱিকতেই বহুত ডাঙৰ পৰিৱৰ্তন আহিছে। আৰু পৰিৱৰ্তন আমাৰ বাবেও অনিবাৰ্য হৈ উঠিছে। ১০-১২বছৰৰ আগতে ‘এগ্ৰেচিভ লেণ্ডিঙ’ৰ নামত কেনেকৈ দেশৰ বেংক খণ্ডক, বিত্তীয় খণ্ডক লোকচানৰ সন্মুখীন কৰোৱা হ’ল, এই কথা আপোনালোকে ভালকৈয়ে জানৰ লগতে বুজিও পায়। স্বচ্ছতা-শূণ্য ‘ক্ৰেডিট-কালছাৰ’ৰ পৰা দেশক মুক্ত কৰাৰ বাবে এটাৰ পিচত এটা পদক্ষেপ গ্ৰহণ কৰা হ’ল। আজি ‘এনপিএ’-ক কাৰ্পেটৰ তলত ঢাকি ৰখাৰ পৰিৱৰ্তে, ইফালে-সিফালে দেখুৱাই বাচিবলৈ অপচেষ্টা কৰাৰ পৰিৱৰ্তে এদিনৰ ‘এনপিএ’-কো ৰিপ’ৰ্ট কৰাটো প্ৰয়োজনীয় বুলি গণ্য কৰা হৈছে।

বন্ধুসকল,

ব্যৱসায়ত উত্থান-পতন থাকেই বুলি চৰকাৰে ভালকৈ জানে। সকলো ব্যৱসায়েই সফল হ’ব আৰু যেনেকৈ বিচৰা যায় সেয়াই যে হ’ব এয়া কেতিও সম্ভৱ নহয় বুলিও চৰকাৰে মানি লয়। আমিতো প্ৰায়েই কামনা কৰো যে আমাৰ সন্তানসকল এনে হওক, আমাৰ পৰিয়ালৰ সদস্যসকলে এনে সুবিধা লাভ কৰক, পিচে, ভবা মতে কথাবোৰ হয় জানো? বহু সময়ত আমি ভবাৰ দৰে কথাবোৰ নহয়গৈ দেখোন! চৰকাৰে এই কথা ভালকৈয়ে বুজে। আৰু সকলো ব্যৱসায়ৰ নেপথ্যত বেয়া অভিপ্ৰায়, বেয়া মনোবৃত্তি থাকিবই বুলি, স্বাৰ্থ বিজড়িত হৈ থাকিবই বুলি কোনো ধাৰণা আমাৰ চৰকাৰে অন্ততঃ পোষণ কৰি অহা নাই। এই ক্ষেত্ৰত শুদ্ধ চিন্তা, শুভ অভিপ্ৰায়ৰে আগবঢ়া সকলক সহযোগিতা আগবঢ়োৱাটো চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব আমি বহণ কৰি আহিছো, আৰু আগলৈও কৰি থাকিম। আৰু মই বিত্তীয় খণ্ডৰ সকলো লোককে ক’ব বিচাৰিম যে, শুদ্ধ চিত্ত, শুদ্ধ অভিপ্ৰায়ৰে কাম কৰা সকলৰ সৈতে থিয় দিয়াৰ বাবে আমি সদায় সাজু আছো। এই কথা আপোনালোকে লিখি ল’ব পাৰে। ‘ইনছ’লভেন্সী’ আৰু ‘বেংক্ৰাপ্টচী কোড’ৰ দৰে ব্যৱস্থাৰ জৰিয়তে আজি ঋণদাতা আৰু ধাৰে লওতা উভয়েই ভৰষা লাভ কৰিবলৈ সক্ষম হৈছে।

 

বন্ধুসকল,

সাধাৰণ পৰিয়ালসমূহৰ উপাৰ্জনৰ সুৰক্ষা, গৰীৱ-দুখীয়া পৰ্যন্ত চৰকাৰী সহায্যৰ প্ৰভাৱী আৰু সুৰুঙা বিহীন বিতৰণ, দেশৰ বিকাশৰ বাবে ‘ই-আন্তঃগাঁথনি’ৰে জড়িত বিনিয়োগক উত্সাহিত কৰা, এই সকলোবোৰেই আমাৰ প্ৰথমিকতা। যোৱা কেইটামান বছৰত এইটো খণ্ডত সম্পাদন কৰা সংস্কাৰসমূহত এই সকলো লক্ষ্য প্ৰতিফলিত হৈছে। পৃথিৱীৰ সকলোতকৈ বৃহত্ বিত্তীয় অন্তৰ্ভুক্তিয়েই হওক অথবা সকলোতকৈ বৃহত্ ডিজিটেল অন্তৰ্ভুক্তিয়েই হওক, প্ৰত্যক্ষ লাভ হস্তান্তৰণৰ ইমান ডাঙৰ ব্যৱস্থাই হওক, আকৌ ক্ষুদ্ৰ বেংকৰ চামিলকৰণেই হওক, ভাৰতৰ বিত্তীয় খণ্ডক সুদৃঢ় কৰা, উজ্জীৱিত কৰা, ‘প্ৰ’-এক্টিভ’ কৰাই হৈছে আমাৰ প্ৰয়াস। আমাৰ বাজেটতো এই দৃষ্টিভংগীকে আগুৱাই নিয়াৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। আপোনালোকে চাগৈ কথাটো মন কৰিছেই।

বন্ধুসকল,

এই বছৰ আমি নতুন ৰাজহুৱা খণ্ড নীতি ঘোষণা কৰিছো। এই নীতিত বিত্তীয় খণ্ডকো অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ অৰ্থব্যৱস্থাত এতিয়াও বেংকিং আৰু ইঞ্চুৰেন্সৰ বাবে বহুত বেচি সম্ভাৱনা আছে। এইসমূহ সম্ভাৱনাক লক্ষ্য কৰিয়েই এই বাজেটতো আমি অনেক পদক্ষেপ গ্ৰহণ কৰিছো। ২টা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণেই হওক, বীমা খণ্ডত ৭৪শতাংশ পৰ্যন্ত ‘এফডিআই’ৰ দিহা বা ‘এলআইচি’ৰ ‘আইপিঅ’ লোৱাৰ সিদ্ধান্তই হওক, এয়া এনে কেতবোৰ পদক্ষেপৰ উদাহৰণ।

বন্ধুসকল,

য’ত সম্ভৱ হয় ত’ত ব্যক্তিগত উদ্যোগক অধিক উত্সাহ দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস কৰি আছো। অৱশ্যে, ইয়াৰ লগতে বেংকিং আৰু বীমাব্যৱস্থাত ৰাজহুৱা খণ্ডৰো এক প্ৰভাৱী অংশীদাৰিত্ব এতিয়াও দেশৰ বাবে বহুত প্ৰয়োজন হৈয়ে আছে। দুখীয়া আৰু বঞ্চিতসকলক সংৰক্ষণ দিয়াৰ বাবে এয়া বহুত আৱশ্যক। ৰাজহুৱা খণ্ডক শক্তিশালী কৰাৰ বাবে ‘ইকুইটী কেপিটেল ইনফিউজন’-ত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ লগতে এক নতুন ‘এআৰচি ষ্ট্ৰাকচাৰ’-ও গঠন কৰি থকা হৈছে, যিয়ে বেংকসমূহৰ ‘এনপিএ’ৰ প্ৰতি নজৰ ৰাখিব। এই ‘এআৰচি’য়ে এই ঋণক বিশেষ ভাবে লক্ষ্যত ৰাখি ইয়াৰ সমাধানত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ বেংকসমূহ সবল হ’ব আৰু বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা বৃদ্ধি পাব।

বন্ধুসকল,

সেই দৰেই আন্তঃগাঁথনি আৰু কেতবোৰ ঔদ্যোগীক প্ৰকল্পৰ বিকাশৰ বাবে এক নতুন ‘উন্নয়ণী বিত্তীয় প্ৰতিষ্ঠান’ গঠন কৰি থকা হৈছে। আন্তঃগাঁথনি আৰু কেতবোৰ ঔদ্যোগীক প্ৰকল্পৰ দীৰ্ঘকালীন বিত্তীয় প্ৰয়োজনীয়তাসমূহক লক্ষ্য কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে ‘সাৰ্বভৌম সম্পদ নিধি’, ‘পেন্সন নিধি’ আৰু ‘ইঞ্চুৰেন্স’ প্ৰতিষ্ঠানসমূহকো আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পত নিৱেশ কৰাৰ বাবে উত্সাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। ‘দীৰ্ঘ কালীন বণ্ড’ বিতৰণ কৰিব পৰাকৈ নতুন ‘বেকছটপ ফেচিলিটী’ও প্ৰদানৰ দিহা কৰা হৈছে।

 

বন্ধুসকল,

এই চিন্তাক ‘আত্মনিৰ্ভৰ ভাৰত’ৰ নিৰ্মাণৰ বাবে শক্তিশালী ৰূপত আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। ‘আত্মনিৰ্ভৰ ভাৰত’ কেৱল বৃহত্ উদ্যোগ বা বৃহত্ চহৰৰ দ্বাৰা তৈয়াৰ নহ’ব। ‘আত্মনিৰ্ভৰ ভাৰত’ গাঁৱৰ পৰা, সৰু সৰু চহৰ, সৰু সৰু উদ্যোগী, সাধাৰণ ভাৰতীয়ৰ পৰিশ্ৰমৰ অংশীদাৰিত্বৰেহে সম্ভৱ হটব। ‘আত্মনিৰ্ভৰ ভাৰত’ আমাৰ ‘এমএছএমই’ৰ দ্বাৰা নিৰ্মিত হ’ব, আমাৰ ‘ষ্টাৰ্টআপ’ৰ জৰিয়তে সম্ভৱ হ’ব। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক পৰিচিতি হ’ব আমাৰ ‘ষ্টাৰ্টআপ’, আমাৰ ‘এমএছএমই’সমূহ। সেয়ে, ক’ৰোনাৰ মাজতো ‘এমএছএমই’সমূহৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা হৈছিল। ইয়াৰ লাভ গ্ৰহণ কৰি প্ৰায় ৯০লাখ উদ্যোগে ২.৪ ত্ৰিলিয়ন টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। ‘এমএছএমই’ আৰু ‘ষ্টাৰ্টআপ’সমূহক সহায় আগবঢ়োৱা, এইবোৰলৈ ঋণৰ প্ৰবহণ বিস্তাৰিত কৰাটো আপোনালোকেও আৱ্শ্যক বুলি গণ্য কৰে। চৰকাৰে অনেক সংস্কাৰৰ জৰিয়তে ইয়াৰ বাবে কৃষি, কয়লা আৰু মহাকাশৰ দৰে অনেক ক্ষেত্ৰ মুকলি কৰি দিছে। এতিয়া গাঁও আৰু সৰু সৰু চহৰসমূহৰ আশা-আকাংক্ষাসমূহ চিনাক্ত কৰি সেইসমূহক ‘আত্মনিৰ্ভৰ ভাৰত’ৰ শক্তি হিচাপে গঢ়ি তোলা দায়িত্ব হব দেশৰ বিত্তীয় খণ্ডৰ।

বন্ধুসকল,

আমাৰ অৰ্থ-ব্যৱস্থাৰ পৰিসৰ যিমানেই বাঢ়িবলৈ লৈছে, যিমান দ্ৰুততাৰে বাঢ়িবলৈ ধৰিছে, সিমানেই ‘ক্ৰেডিট ফ্ল’ও সিমানেই জৰুৰী হৈ উঠিছে।। নতুন খণ্ড, নতুন উদ্যোগীলৈ ঋণ কেনেকৈ প্ৰেৰণ কৰিব পৰা যায় আপোনালোকে সেয়া দেখুৱাব লাগিব। নতুন ‘ষ্টাৰ্টআপ’ আৰু ‘ফিনটেক’ৰ বাবে আপোনালোকে নতুন আৰু উ্ন্নত ‘ফাইনেন্সিয়েল প্ৰডাক্ট’ তৈয়াৰ কৰাত মনোনিৱেশ কৰক। আমাৰ ‘ফিনটেক ষ্টাৰ্টআপ’সমূহে এতিয়া সুন্দৰ ভাবে কাম কৰি থকা আৰু এইটো খণ্ডৰ সকলো সম্ভাৱনাৰো অনুসন্ধান কৰি থকাৰ কথা আপোনালোকে ভালকৈয়ে জানে। ক’ৰোনা কালতো যিমানবোৰ ‘ষ্টৰ্টআপ’ৰে বুজাবুজি হৈছিল, তাতো আমাৰ ‘ফিনটেক’ৰ অংশীদাৰিত্ব বহু পৰিমানেই অধিক আছিল। তথ্যবিজ্ঞসকলে জনোৱা মতে এইবেলিও এই গতি অব্যাহত থাকিব, সেয়ে আপোনালোকেও ইয়াত নতুন সম্ভাৱনাৰ অনুসন্ধান কৰিব লাগিব। সেইদৰে, আমাৰ সামাজিক সুৰক্ষাৰ পৰিসৰ সাৰ্বজনীন কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ ভূমিকা কেনে হ’ব এই বিষয়েও আলোচনা কৰক। ইয়াৰে জড়িত পৰামৰ্শ আৰু সমাধান সূত্ৰও এই ৱে’বিনাৰৰ পৰা লাভ কৰিব পৰা যাব, কিয়নো আপোনলোকৰ এই ক্ষেত্ৰত প্ৰচুৰ অভিজ্ঞতা আছে। আপোনালোকে মুকলিমূৰীয়াকৈ আজি আলোচনা কৰাটো মই কামনা কৰিছো। আজিৰ মন্থনৰ জৰিয়তে যি অমৃতৰ সন্ধান কৰিব পৰা যাব সেয়া ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবেও কামত আহিব, জন-কল্যাণৰো কামত আহিব আৰু আত্মবিশ্বাস সুদৃঢ় কৰাৰ বাবেওযে কামত আহিব সেই লৈ মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

বন্ধুসকল,

বিগত বছৰ চেৰেকত প্ৰযুক্তিৰ উত্তম ব্যৱহাৰে, নতুন ব্যৱস্থাসমূহে বিত্তীয় অন্তৰ্ভূক্তিত বহুত ডাঙৰ ভূমিকা পালন কৰিছিল। আজি দেশত ১৩০কোটি মানুহৰ হাতত ‘আধাৰ কাৰ্ড’, ৪১কোটিৰো অধিক লোকৰ হাতত ‘জনধন একাউণ্ট’ আছে। ইয়াৰে প্ৰায় ৫৫শতাংশ ‘জনধন একাউণ্ট’ মহিলাৰ আৰু এইসমূহ ‘একাউণ্ট’ত প্ৰায় ডেৰ লাখ কোটি টকা জমা আছে। ক’ৰোনা কালতো এই ‘জনধন একাউণ্ট’ৰ সুবাদত লাখ লাখ বাই-ভনীক দ্ৰুত গতিৰে সাহায্য প্ৰদান কৰিব পৰা গৈছিল। আজিৰ তাৰিখত ‘ইউপিআই’ৰ জৰিয়তে প্ৰতি মাহত গড়ে ৪লাখ কোটিৰো অধিক টকাৰ লেন-দেন সম্পাদিত হৈ আছে আৰু ‘ৰু-পে’ কাৰ্ড’ৰ সংখ্যায়ো ৬০কোটিৰ ঘৰ স্পৰ্শ কৰিছেগৈ। ‘আধাৰ’ৰ সহায়ত ‘তাতক্ষণিক প্ৰত্যয়িতকৰণ’, ‘ভাৰত ডাক’ৰ বিশাল নেটৱৰ্ক, বহু লক্ষ ‘সেৱা কেন্দ্ৰ’ স্থাপন কৰা কথাই বিত্তীয় সেৱাক দেশৰ ভিতৰুৱা এলেকাসমূহলৈকো সম্প্ৰসাৰিত কৰাত সহায় আগবঢ়াইছে। আজি দেশত ২লাখৰো অধিক ‘বেংক মিত্ৰ’ই ‘আধাৰ-সম্ভৱ দেনা পদ্ধতি’(এইপিএছ) উপকৰণ’ৰ সহায়ত গাঁৱৰ ঘৰে ঘৰে বেংকৰ সেৱা উপলব্ধ কৰাইছে। ১.২৫লাখ ডাকঘৰো এই কামত জড়িত হৈ পৰিছে। আপোনালোকে চাগৈ এই কথা জানিবলৈ পাই আচৰিত হৈ উঠিব যে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰৰ সময়ছোৱাত এইসমকল ‘বেংক মিত্ৰ’ই ‘এইপিএছ’ উপকৰণৰে ৫৩ হাজাৰ কোটি টকাৰো অধিক টকাৰ লেন-দেন কৰাৰ ক্ষেত্ৰত গাঁওবাসীক সহযোগিতা আগবঢ়াইছিল। এইখিনি সময়ত ক’ৰোনা অব্যাহত আছিল, সমগ্ৰ দেশ ‘লকডাউন’ৰ কৱলত আছিল।

বন্ধুসকল,

আজি ভাৰতে গৌৰৱ কৰিব পাৰে যে দেশৰ প্ৰায় সকলো বৰ্গৰ লোকেই কিবা নহয় কিবা প্ৰকাৰে দেশৰ বিত্তীয় খণ্ডত অন্তৰ্ভুক্ত হৈছে। দেশ এতিয়া বহু দশকজোৰা বিত্তীয় বহিষ্কৰণৰ পৰা শক্তিশালী হৈ উঠিছে। ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰ আজি বিত্তীয় খণ্ডত স্পষ্ট ৰূপত পৰিস্ফূৰ্ত হোৱা দেখিবলৈ পোৱা গৈছে। আজি দুখীয়াই হওক, কৃষকেই হওক, পশুপালক, মাচুৱৈ, ক্ষুদ্ৰ ব্যৱসায়ীয়েই হওক, সকলোৰে বাবে ‘ক্ৰেডিট একচেছ’ সম্ভৱ হৈছে।

‘মুদ্ৰা যোজনা’ৰ জৰিয়তেই বিগত বছৰচেৰকত প্ৰায় ১৫ লাখ কোটি টকাৰ ঋণ ক্ষুদ্ৰ উদ্যোগী পৰ্যন্ত উপলব্ধ হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশই মহিলা আৰু ৫০শতাংশৰো অধিক দলিত, বঞ্চিত, আদিবাসী আৰু পিচপৰা শ্ৰেণীৰ উদ্যোগী। ‘পিএম কিষাণ স্বনিধি যোজনা’ৰ দ্বাৰা এই পৰ্যন্ত প্ৰায় ১১কোটি কৃষক পৰিয়ালৰ একাউণ্টলৈ ১লাখ ১৫হাজাৰ কোটি টকাৰো অধিক ধনৰ সহযোগিতা আগবঢ়োৱা হৈছে। কেইমাহমানৰ আগতে মাত্ৰ আমাৰ ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলৰ বাবে, ‘বাটৰ পোহাৰী’সকলৰ বাবে ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ শুভাৰম্ভ কৰা হৈছে। এইটো বৰ্গক প্ৰথমবাৰৰ বাবে দেশৰ বিত্তীয় খণ্ডৰে জড়িত কৰা হৈছে। এই দ্বাৰা প্ৰায় ১০হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে। এয়া কেৱল এবাৰৰ বাবে কৰা অন্তৰ্ভুক্তি নহয়, বৰং তেওঁলোকৰ ঋণ-তথ্য ভৱিষ্যতে ঋণৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব। এইদৰে, ব্যৱসায়ী আৰু ‘পিএছবি’সমহূক যেনে ‘ডিজিটেল লেণ্ডিং প্লেটফৰ্মছ’-ৰে ‘এমএছএমই’সমূহক কম সুদত ঋণ প্ৰদান কৰাৰ দিহা কৰা হৈছে। ‘কিষাণ কাৰ্ড’ৰ দৰে সুবিধাৰে দ্ৰুত গতিৰে কৃষকসকলক ‘অনানুষ্ঠানিক ঋণ পৰম্পৰা’ৰ কুচক্ৰৰ পৰা ক্ষুদ্ৰ খেতিয়ক, পশুপালক, মাচুৱৈ আদিক মোকলাই অনাৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

আমাৰ সমাজৰ এইটো শাখাৰ বাবে ‘ইনভেটিভ ফাইনেন্সিয়েল প্ৰডাক্ট’ কেনেকৈ উলিয়াব সেই কথা এতিয়া ব্যক্তিগত খণ্ডয়ো কিবা নহয় কিবা প্ৰকাৰে ভাবিব লাগিব। আমাৰ আত্ম্ সাহয়ক গোটসমূহৰ উত্পাদনৰ পৰা সেৱালৈকে সকলো খণ্ডৰে বহুত ডাঙৰ সামৰ্থ্য আছে। এয়া এনে গোট, যাৰ ‘ক্ৰেডিট ডিচিপ্লিন’ সদায়ে উত্তম শ্ৰেণীৰ বুলি আপোনালোকে অনুভৱ কৰি আহিছে। ব্যক্তিগত খণ্ডই এনেবোৰ গোটৰ সহায়ত গ্ৰাম্য আন্তঃগাঁথনিত বিনিয়োগৰ সম্ভাৱনা বিচাৰিব পাৰে। এয়া কেৱল কল্যাণৰে কথা নহয়, বৰং এক উত্তম বাণিজ্যিক আৰ্হিও সিদ্ধ কৰিব পাৰে।

বন্ধুসকল,

বিত্তীয় অন্তৰ্ভূক্তিকৰণৰ পিচত এতিয়া দেশে বিত্তীয় সবলীকৰণৰ দিশে দ্ৰুত গতিৰে অগ্ৰসৰ হৈছে। ভাৰতৰ ‘ফিনটেক মাৰ্কেট’ আগন্তুক ৫বছৰত ৬ত্ৰিলয়ণতকৈয়ো অধিক হ’ব বুলি অনুমান কৰিব পাৰি। ‘ফিনটেক খণ্ড’ৰ এই সম্ভাৱনা প্ৰত্যক্ষ কৰিয়েই ‘আইএফএছচি গিফ্ট চিটী’ত এক বিশ্ব মানৰ ‘বিত্তীয় কেন্দ্ৰ’ স্থাপন কৰা হৈছে। ভাৰতত আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ কেৱল আমাৰ আকাংক্ষাই নহয়, বৰং এয়া ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আৱশ্যকতাও হয়। সেয়ে, এই খণ্ডত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুত বিশাল লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই লক্ষ্যত উপনীত হোৱাৰ বাবে বিনিয়োগৰ প্ৰয়োজন আছে। এই বিনিয়োগ অনাৰ বাবে সকলো প্ৰকাৰৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। এই লক্ষ্য সম্পূৰ্ণ বিত্তীয় খণ্ডৰ সক্ৰিয় সহযোগিতাৰেহে লাভ কৰিব পৰা যাব।

বন্ধুসকল,

আমাৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে, নিজৰ বেংকিং খণ্ডকো শক্তিৱন্ত কৰি তোলাৰ বাবেও চৰাকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই পৰ্যন্ত বেংকিং ব্যৱস্থাৰ যিবোৰ সংস্কাৰ সাধন কৰা হৈছে, সেয়া আগলৈও অব্যাহত থাকিব। সংস্কাৰৰ লগতে বাজেটত উথ্থাপন কৰা প্ৰস্তাৱসমূহৰ ৰূপায়ণ সন্দৰ্ভত আপোনালোকৰ পৰা উচিত পৰামৰ্শ লাভ কৰিব পৰা যাব বুলি মোৰ বিশ্বাস আছে। দেশ আৰু পৃথিৱীৰ এইট ক্ষেত্ৰ মহাৰথীসকলে আজি সম্পূৰ্ণ এটা দিন এই বিষয়টো সন্দৰ্ভত আমাক মাৰ্গ-দৰ্শন কৰাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনালোকৰ প্ৰতিটো কথা আমাৰ চৰকাৰৰ বাবে মহা মূল্যবান হ’ব বুলি আশা কৰিছো। আমি অনাগত সময়ত কি কি কৰিব লাগিব তাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে আপোনালোকে নিঃসংকোচে মত বিনিময় কৰিব। আপোনালোকৰ অসুবিধাসমূহ আমি কেনেকৈ আঁতৰাব পাৰো, আমি সকলো মিলি-জুলি কেনেকৈ আগবাঢ়িব পাৰো তাৰো আলোচনা কৰিব বুলি আশা কৰিলো। আপোনালোকৰ এইখিনি সময় মূল্যবান বুলি জানো, কিন্তু তাতোকৈয়ো মূল্যবান হৈছে আপোনালোকৰ দিহা-পৰামৰ্শ আৰু আমাৰ সংকল্প। বহুত বহুত ধন্যবাদ!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Cheetah population crosses 50 after new cubs born at Kuno

Media Coverage

India's Cheetah population crosses 50 after new cubs born at Kuno
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation
March 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation:

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”

The Subhashitam conveys that, the Earth, which is filled with water within the oceans, and surrounded by water outside, which thoughtful scholars have understood through their wisdom, and whose heart is covered by the eternal truth in the vast sky – may that earth, sustain our energy and strength in a noble nation.

The Prime Minister wrote on X;

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”