মহাসংঘৰ সন্মানীয় সদস্যবৃন্দ, নেপালৰ প্রধানমন্ত্রী, শ্রীলংকাৰ প্রধানমন্ত্রী, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্রী প্রহ্লাদ সিং আৰু শ্রী কিৰেন ৰিজিজু, আন্তর্জাতিক বৌদ্ধ কনফেডাৰেশ্যনৰ মহাসচিব সন্মানীয় চিকিৎসক ধৰ্মপিয়াজী, শ্রদ্ধাৰ বিশেষজ্ঞসকল, ধৰ্ম অনুগামীবৃন্দ, বিশ্বৰ বিভিন্ন প্রান্তৰ ভাই-ভনীসকল,

নমো বুদ্ধ,

নমস্কাৰ

আজি ভেশাকৰ এই বিশেষ দিনত আপোনালোকৰ সন্মুখত বক্তব্য ৰখাৰ সুযোগ পাই মই সন্মানীত বোধ কৰিছো৷ ভগৱান বুদ্ধৰ জীৱনত ভেশাক অতি গুৰুত্বপূর্ণ দিন।

আমাৰ পৃথিৱীৰ উন্নতিৰ বাবে তেওঁ যি আত্মত্যাগ আৰু মহান আদর্শ অনুসৰণ কৰিছিল, আজিৰ দিনত সেয়া প্রতিফলিত হৈছে৷

বন্ধুসকল,

যোৱা বছৰো মই ভেশাক দিৱসৰ অনুষ্ঠানত বক্তব্য আগবঢ়াইছিলো৷

সেই অনুষ্ঠানত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত মানৱজাতিক যিসকলে নেতৃত্ব দিছিল, সেইসকল আগশাৰীৰ কর্মীৰ নামত অনুষ্ঠানটো উৎসৰ্গা কৰা হৈছিল।

এবছৰৰ পাছত আমি ধাৰাবাহিকতা আৰু পৰিৱর্তনৰ এক মিশ্রণ উপলব্ধি কৰিছো৷ ক’ভিড-১৯ মহামাৰীয়ে আমাক এৰি যোৱা নাই৷ ভাৰতকে ধৰি বহু দেশ দ্বিতীয় লহৰ সন্মুখীন হৈছে৷

কেইবা দশকৰ পাছত মানৱজাতি এক চৰম সংকটৰ সন্মুখীন হৈছে৷ বিগত ১০০ বছৰত আমি এই ধৰণৰ মহামাৰী দেখা নাই৷ এই মহামাৰীয়ে আমাৰ জীৱনত দুখ আনিছে, বহু মানুহে মহামাৰীৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে। এই মহামাৰীয়ে প্রতিখন দেশত প্রতিকূল প্রভাৱ বিস্তাৰ কৰিছে।ইয়াৰ ফলত আর্থিক সংকটে দেখা দিছে। ক’ভিড-১৯ মহামাৰীৰ পৰৱর্তী সময়ত আমাৰ পৃথিৱী আগৰ দৰে নাথাকে৷ অনাগত দিনত আমি যিকোনো ঘটনাক প্রাক-ক’ভিড বা ক’ভিড-পৰৱর্তী পৰিস্থিতি বুলি বিবেচনা কৰিম৷ বিগত এবছৰ ধৰি বহু ঘটনা স্মৰণীয় হৈ থাকিব৷ একেদৰে বহু পৰিৱর্তনো হৈছে। মহামাৰী সম্পর্কে আমাৰ ধাৰণা আৰু অধিক হৈছে। ইয়াৰ ফলত মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ আৰু অধিক উন্নত কৌশল অৱলম্বন কৰাটো সম্ভৱ হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ এই যে আমি টিকা লাভ কৰিছো৷ মানুহৰ জীৱন ৰক্ষা কৰা আৰু মহামাৰীক পৰাস্ত কৰাৰ বাবে ই অত্যন্ত গুৰুত্বপূর্ণ।

মহামাৰীৰ প্রাদুর্ভাব দিখা দিয়াৰ এবছৰৰ ভিতৰত টিকা আৱিষ্কাৰ মানৱজাতিৰ অদম্য শক্তিৰ প্রতিফলন। ভাৰতে আমাৰ বিজ্ঞানীসকলৰ বাবে গৌৰৱবোধ কৰে, যিসকলে ক’ভিড-১৯ৰ টিকা আৱিষ্কাৰত নিৰৱচ্ছিন্নভাৱে কাম কৰিছে৷ এই অনুষ্ঠানৰ জৰিয়তে মই পুনৰবাৰ আগশাৰীৰ ক’ৰোনা যোদ্ধা, চিকিৎসক, নাৰ্ছ, স্বেচ্ছাসেৱক , যিসকলে নিঃস্বার্থভাৱে নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি প্রতিদিনে আনৰ সেৱা কৰিছে তেওঁলোকক প্রণাম জনাইছো৷ যিসকলে সংকটৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ নিকাত্মীয়ক হেৰুৱাইছে, মই তেওঁলোকৰ প্রতি সমবেদনা জনাইছো৷ তেওঁলোকৰ দুখত মইও দুখী অনুভৱ কৰিছো৷

বন্ধুসকল ,

ভগৱান  বুদ্ধৰ জীৱনক লৈ যেতিয়া আমি চর্চা কৰো আমি দেখো তাত চাৰিটা বিষয় গুৰুত্বপূর্ণ। এই চাৰিটা বিষয়ে ভগৱান বুদ্ধক মানুহৰ দুখ-দুর্দশাৰ সন্মুখীন হোৱাত সহায় কৰিছিল।

আকৌ সেই একে সময়ৰ মাজতে ইয়াৰ মাধ্যমে তেওঁ এই সকলো দুখ-দুর্দশা দূৰ কৰিবলৈ উৎসাহিত হৈছিল আৰু নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

ভগৱান বুদ্ধই আমাক শিকাইছিল, ‘ভবতু সৰ্ব মংগলম’ – সকলোৰে বাবে আশীর্বাদ, আনৰ দুখত দুখী হোৱা আৰু সকলোৰে কল্যাণ সাধন কৰা।

বিগত এবছৰ ধৰি আমি দেখিছো ব্যক্তিগত উদ্যোগত বা প্রতিষ্ঠানিকভাৱে সকলোৱে আনৰ দুখ-দুর্দশা লাঘৱ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷

বৌদ্ধ সংগঠনসমূহ আৰু সমগ্ৰ বিশ্বৰ বৌদ্ধ ধর্মৰ অনুগামীসকলে চিকিৎসা সঁজুলি আৰু সামগ্রী সংগ্রহৰ বাবে প্রচুৰ অনুদান দিছে বুলি মই জানিব পাৰিছো৷

বিস্তীর্ণ এলেকাত বিপুল জনগোষ্ঠীৰ মাজত যিদৰে এই কাম কৰা হৈছে, সেয়া নিঃসন্দেহে ব্যাপক। মানৱজাতিয়ে সমাজৰ আন লোকসকলৰ পৰা যি সহায় পাইছে, তাৰ প্রতি তেওঁলোক কৃতজ্ঞ।

ভগৱান বুদ্ধৰ শিক্ষা অনুসৰণ কৰি এই প্ৰচেষ্টাৱলী হাতত লোৱা হৈছে। ‘অপ্প দীপ ভবঃ’ –নিজৰ পৰা উদ্ভাসিত হও, এই মন্ত্রৰে দীক্ষিত হৈ এই প্ৰচেষ্টাৱলী লোৱা হৈছে।

বন্ধুসকল,

ক’ভিড-১৯-ৰ কাৰণে নিঃসন্দেহে আমি ডাঙৰ সংকটৰ সন্মুখীন হৈছো৷ ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমি সম্ভাব্য সকলো কাম কৰিম৷ একেদৰে মানৱজাতিয়ে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে, আমি সেইবোৰৰ কথাও মনত ৰাখিম৷

ইয়াৰ ভিতৰত অন্যতম হৈছে জলবায়ু পৰিৱর্তন। প্ৰাত্যহিক জীৱনযাত্রাৰ বাবে ভৱিষ্যত প্রজন্ম সংকটৰ সন্মুখীন হৈছে। জলবায়ু দ্রুত পৰিৱতন হৈছে, হিমবাহ গলিবলৈ আৰম্ভ কৰিছে, নদী আৰু অৰণ্য আজি বিপদসংকুল৷

আমি আমাৰ বিশ্বক এইদৰে আহত অৱস্থাত পেলাই ৰাখিব পৰা নাই৷ য’ত মা বসুন্ধৰাক সন্মান জনোৱাটো আটাইতকৈ গুৰুত্বপূর্ণ, ভগৱান বুদ্ধ সেই জীৱনধাৰাৰ ওপৰত গুৰুত্ব দিছিল।

মই অতি আনন্দৰে জনাইছো যে পেৰিছ চুক্তি অনুযায়ী যি লক্ষ্য নির্ধাৰিত হৈছে সেয়া পূৰণত যি বৃহৎ অর্থনীতি সক্ষম হৈছে, ভাৰতো ইয়াৰ অন্যতম।

আমাৰ বাবে সুস্থিৰ জীৱনযাত্রাৰ অর্থ কেৱল কেইটামান শব্দ নহয়, উপযুক্তভাৱে কাম কৰা।

বন্ধুসকল,

ভগৱান বুদ্ধৰ জীৱন আছিল শান্তি, সম্প্রীতি আৰু সহাৱস্থানৰ প্রতীক। আজি কেতবোৰ শক্তিয়ে ঘৃণা, সন্ত্রাস আৰু হিংসাক বিয়পাইছে৷ এই শক্তিবোৰে কেতিয়াও মুক্ত গণতান্ত্রিক নীতিত বিশ্বাসী নহয়।

আজি যিসকলে মানৱতাক বিশ্বাস কৰে, তেওঁলোক একগোট হোৱাৰ সময় আহিছে, যাতে সন্ত্রাসবাদ আৰু মৌলবাদক পৰাজিত কৰিব পৰা যায়।

সেইবাবে ভগৱান বুদ্ধই যি পথ দেখুৱাইছে, সেয়া যথেষ্ট প্রাসংগিক৷ ভগৱান বুদ্ধৰ শিক্ষা আৰু সামাজিক ন্যায়ৰ প্রতি গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে সমগ্ৰ পৃথিৱী একগোট হ’ব পাৰে।

তেওঁ সঠিক অৰ্থতে কৈছিল, “নত্তী সংতি পৰণ সুখং” – শান্তি বিচৰাতকৈ ডাঙৰ আশীর্বাদ একো হ’ব নোৱাৰে৷

বন্ধুসকল,

ভগৱান বুদ্ধ আছিল সমগ্র মানৱজাতিৰ বাবে জ্ঞানৰ আধাৰ। তেওঁ বিভিন্ন সময়ত আমাক পথ দেখুৱাইছে আৰু কৰুণা, সার্বজনীন দায়বদ্ধতা আৰু কল্যাণৰ পথত অগ্রসৰ হোৱাত সহায় কৰিছে৷

মহাত্মা গান্ধীয়ে গৌতম বুদ্ধ সম্পর্কে কৈছিল, “বুদ্ধই বাহ্যিক আৱৰণক উপেক্ষা কৰি সত্য আৰু প্রেমৰ জয়ত বিশ্বাস কৰাৰ শিক্ষা দিছিল।”

আজি বুদ্ধ পূর্ণিমাৰ দিনা আমি পুনৰ ভগৱান বুদ্ধৰ আদর্শ অনুসৰণ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰিছো৷

আপোনালোক সকলোকে লগতে মইও বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীৰ এই সংকটৰ পৰা বাহিৰ হৈ অহাৰ বাবে প্রার্থনা কৰিছো৷

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.