ওড়িশাই শ শ বছৰ ধৰি ভাৰতীয় সভ্যতা, আমাৰ সংস্কৃতিক সমৃদ্ধ কৰি আহিছে: প্ৰধানমন্ত্ৰী
আজি যিটো সময়ত উন্নয়ন আৰু ঐতিহ্যৰ মন্ত্ৰ ভাৰতৰ প্ৰগতিৰ আধাৰ হৈ পৰিছে, তেতিয়া ওড়িশাৰ ভূমিকা আৰু বিশাল হৈ পৰিছে: প্ৰধানমন্ত্ৰী
বিগত বছৰবোৰত আমি জনজাতীয় সমাজখনক হিংসাৰ পৰা মুক্ত কৰি উন্নয়নৰ নতুন পথত আগুৱাই নিয়াৰ বাবে কাম কৰিছো: প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ ভাৰতৰ উন্নয়ন পূব ভাৰতৰ পৰাই ত্বৰান্বিত হবঃ প্ৰধানমন্ত্ৰী

জয় জগন্নাথ!

 

জয় জগন্নাথ!

 

জয় বাবা লিংগৰাজ!

 

মোৰ মৰমৰ ওড়িশাৰ বাসিন্দাসকল, নমস্কাৰ!

 

ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া,  ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!

 

আজি ২০ জুন তাৰিখটো অতি বিশেষ দিন। আজি ওড়িশাৰ প্ৰথমখন বিজেপি চৰকাৰে সফলতাৰে এবছৰ সম্পূৰ্ণ কৰিলে। এই বৰ্ষপূৰ্তি কেৱল চৰকাৰৰ নহয়, সুশাসন প্ৰতিষ্ঠাৰ বাৰ্ষিকী। এই এবছৰ জনসেৱা আৰু জনবিশ্বাসৰ বাবে উৎসৰ্গিত। এই বছৰটো ওড়িশাৰ কোটি কোটি ভোটাৰৰ আস্থাৰ সৈতে খাপ খুৱাই চলিবলৈ সৎ প্ৰচেষ্টাৰ এক বৃহৎ বছৰ। ওড়িশাৰ জনসাধাৰণ, আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। লগতে মুখ্যমন্ত্ৰী শ্ৰীমান মোহন মাঝি ডাঙৰীয়া আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো। আপোনালোক সকলোৱে প্ৰশংসনীয় কাম কৰি ওড়িশাৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিছে।

 

বন্ধুসকল,

 

ওড়িশা কেৱল এখন ৰাজ্য নহয়, ই ভাৰতৰ ঐতিহ্যৰ ঐশ্বৰিক নক্ষত্ৰ। শ শ বছৰ ধৰি ভাৰতীয় সভ্যতাক, আমাৰ সংস্কৃতিক সমৃদ্ধ কৰি আহিছে ওড়িশাই। গতিকে আজি যেতিয়া উন্নয়ন আৰু ঐতিহ্যৰ মন্ত্ৰ ভাৰতৰ প্ৰগতিৰ আধাৰ হৈ পৰিছে, তেতিয়া ওড়িশাৰ ভূমিকা আৰু ডাঙৰ হৈ পৰিছে। যোৱা এবছৰত ওড়িশাই উন্নয়ন আৰু ঐতিহ্য দুয়োটাৰে এই মন্ত্ৰটোক আত্মসাৎ কৰি দেখুৱাইছে যে এই মন্ত্ৰটোৰ ওপৰত ই দ্ৰুতগতিত আগবাঢ়িছে।

 

বন্ধুসকল,

 

এটা সুখৰ  কথা যে যেতিয়া ওড়িশাৰ বিজেপি চৰকাৰে এবছৰ সম্পূৰ্ণ কৰিছে  তেতিয়া আপোনালোক সকলোৱে ভগৱান জগন্নাথ জীৰ ৰথ যাত্ৰাৰ প্ৰস্তুতিত ব্যস্ত। মহাপ্ৰভু আমাৰ মূৰ্তিৰ লগতে প্ৰেৰণাও।  মহাপ্ৰভুৰ আশীৰ্বাদত শ্ৰীমন্দিৰ সম্পৰ্কীয় বিষয়বোৰৰো  সমাধান হৈছে। কোটি কোটি ভক্তৰ অনুৰোধক সন্মান জনোৱাৰ বাবে মোহন ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰক অভিনন্দন জনাইছো। ইয়াত চৰকাৰ গঠন হোৱাৰ লগে লগে শ্ৰীমন্দিৰৰ চাৰিওটা দুৱাৰ খোল খালে, শ্ৰীমন্দিৰৰ ৰত্ন ভাণ্ডাৰো খোল খাইছে। আৰু এয়া ৰাজনৈতিক জয় বা পৰাজয়ৰ কথা নহয়। কোটি কোটি ভক্তৰ বিশ্বাসক সন্মান জনোৱাৰ এক কাৰ্য্য।

 

বন্ধুসকল,

মাত্ৰ দুদিন আগতে মই জি৭  শীৰ্ষ সন্মিলনৰ বাবে কানাডাত আছিলো, আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মোক ফোন কৰিছিল, তেওঁ কৈছিল যে যিহেতু আপুনি কানাডালৈ আহিছে, অনুগ্ৰহ কৰি ৱাশ্বিংটন হৈ  আহক , আমি একেলগে খাদ্য গ্ৰহণ কৰিম , কথা পাতিম, তেওঁ মোক অতি জোৰ দি নিমন্ত্ৰণ জনাইছিল, মই আমেৰিকাৰ ৰাষ্ট্ৰপতিক ক’লোঁ যে আমন্ত্ৰণৰ বাবে ধন্যবাদ, মহাপ্ৰভুৰ দেশলৈ যোৱাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সেইবাবেই মই বিনম্ৰতাৰে তেওঁৰ নিমন্ত্ৰণ নাকচ কৰিলোঁ । সেয়ে আপোনালোকৰ  মৰম, মহাপ্ৰভুৰ প্ৰতি থকা  ভক্তিয়ে  মোক এই ভূমিলৈ টানি  আনিছে।

 

ভাই-ভনীসকল,

 

স্বাধীনতাৰ পিছত দশক দশক ধৰি দেশৰ মানুহে কংগ্ৰেছৰ শাসনৰ আৰ্হি দেখিলে । কংগ্ৰেছৰ আৰ্হিত সুশাসন নাছিল, জনজীৱনো সহজ নাছিল। স্থবিৰ হৈ থকা, ওলমি থকা উন্নয়নমূলক প্ৰকল্প, অবাধ দুৰ্নীতি, এয়াই  আছিল কংগ্ৰেছৰ উন্নয়নৰ আৰ্হিৰ পৰিচয়। এতিয়া যোৱা কেইবছৰমানৰ পৰা দেশত ব্যাপকভাৱে দেখা গৈছে বিজেপিৰ উন্নয়নৰ আৰ্হি। যোৱা দশকত দেশৰ বহু ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন হৈছে। কেৱল এই ৰাজ্যসমূহত চৰকাৰৰ পৰিৱৰ্তন হোৱাই নহয়, সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ এক নতুন যুগৰো আৰম্ভনি  হৈছে। পূৰ্বৰ ভাৰতৰ উদাহৰণ দি আপোনালোকক বুজাব বিচাৰিছো। এটা উদাহৰণ দিম, সেয়া হৈছে  অসম। এদশক আগলৈকে অসমৰ পৰিস্থিতি অতি বেয়া আছিল। অস্থিৰতা,  হিংসা, এই সকলোবোৰ অসমত দেখা গৈছিল। কিন্তু আজি অসম উন্নয়নৰ নতুন পথত আগবাঢ়িছে। বহু দশক ধৰি চলি থকা উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ হৈ গৈছে। আজি অসম দেশৰ আন ৰাজ্যতকৈ আগবাঢ়ি আছে। একেদৰে আন এখন ৰাজ্য ত্ৰিপুৰাৰ কথা উল্লেখ কৰিম। ত্ৰিপুৰাতো দশক দশক ধৰি  বাওঁপন্থী শাসনৰ অন্তত ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিক সুযোগ দিছে । উন্নয়নৰ প্ৰতিটো  পদক্ষেপতে পিছ পৰি আছিল ত্ৰিপুৰা। আন্তঃগাঁথনিৰ অৱস্থা বেয়া আছিল, চৰকাৰী ব্যৱস্থাত মানুহৰ শুনা নাছিল। হিংসা আৰু দুৰ্নীতিয়ে সকলোকে অশান্তি দিছিল। আৰু যিহেতু বিজেপিয়ে সেৱা কৰাৰ সুযোগ পালে, আজি ত্ৰিপুৰা শান্তি আৰু প্ৰগতিৰ নিদৰ্শন হৈ পৰিছে।

 

বন্ধুসকল,

আমাৰ ওড়িশাই  দশক দশক ধৰি বহু সমস্যাৰ সৈতে যুঁজি আছিল। দুখীয়া আৰু কৃষকসকলে সম্পূৰ্ণ অধিকাৰ লাভ কৰিবলৈ সক্ষম নহ’ল। দুৰ্নীতি আৰু ৰেড টেপ প্ৰচলিত আছিল। ওড়িশাৰ আন্তঃগাঁথনিৰ অৱস্থা বেয়া আছিল। ওড়িশাৰ বহু অঞ্চল উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল। এনে বহু প্ৰত্যাহ্বান ওড়িশাৰ দুৰ্ভাগ্য  হিচাবে পৰিগণিত হৈছিল। বিগত এবছৰত বিজেপি চৰকাৰে এই প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰিছে।

 

বন্ধুসকল,

ইয়াত চলি অহা উন্নয়নৰ ডাবল ইঞ্জিনটোৱেও সুফল দেখুৱাইছে। আজি  ইয়াত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কাৰ্য্যই ডাবল ইঞ্জিনৰ সফলতাৰ কথাই প্ৰমাণ কৰিছে। ওড়িশাৰ ডাবল ইঞ্জিনৰ ফলত ইয়াৰ জনসাধাৰণৰ সুবিধা দুগুণলৈ বৃদ্ধি হৈছে  । এটা উদাহৰণ দিম। আপুনি এয়াও জানে যে বহুদিনলৈ ওড়িশাৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল আয়ুষ্মান যোজনাৰ বাহিৰত আছিল। আজি ইয়াত আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা আৰু গোপাবন্ধু জন আৰোগ্য যোজনা দুয়োটা ইঞ্জিন চলি আছে। ইয়াৰ ফলত ওড়িশাৰ প্ৰায় ৩ কোটি লোকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। আৰু কেৱল ওড়িশাৰ চিকিৎসালয়তেই নহয়, যদি কোনোবাই দেশৰ আন ৰাজ্যত কাম কৰিবলৈ গৈছে, তেন্তে তাতো প্ৰয়োজন হ’লে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ আৰম্ভ কৰিছে। দেখিছোঁ, মোৰ জন্ম গুজৰাটত, চুৰাটৰ সৈতে মোৰ সম্পৰ্ক মধুৰ। মই ক’ম যে দুখোজ খোজ কাঢ়িলে কোনোবা ওডিয়া মানুহ পাব, গতিকে ওড়িশাৰ বহু মানুহ চুৰাটত থাকে। এতিয়া চুৰাটত বাস কৰা মোৰ ওড়িশাৰ ভাই-ভনীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। এতিয়ালৈকে এই আঁচনিৰ অধীনত চিকিৎসা কৰা ওড়িশাৰ ২ লাখ লোকে দেশৰ এক ডজনৰো অধিক ৰাজ্যত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। এবছৰ আগলৈকে ইমানবোৰ মানুহৰ বিনামূলীয়া চিকিৎসাৰ এনে সুবিধা সম্ভৱ  হোৱা নাছিল। আমাৰ ডাবল ইঞ্জিনে সকলো সম্ভৱ কৰি তুলিছে। ওড়িশাত ৭০ বছৰৰ ওপৰৰ ২৩ লাখতকৈ অধিক বৃদ্ধ লোক আছে। প্ৰধানমন্ত্ৰী বায়া বন্দন যোজনাৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ আশ্বাস দিয়া হৈছে। অৰ্থাৎ সাধাৰণ পৰিয়ালৰ এটা ডাঙৰ চিন্তা হ্ৰাস কৰাৰ কাম আমাৰ চৰকাৰে কৰিছে। একেদৰে আগতে ওড়িশাৰ কৃষকসকলে কিষাণ সন্মান নিধিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এতিয়া ওড়িশাৰ কৃষকসকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োটা আঁচনিৰ দুগুণ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিছে। আমি কৃষকক ধানৰ বিনিময়ত অধিক মূল্য দিবলৈ যি নিশ্চয়তা দিছিলোঁ, সেই পদক্ষেপে  লাখ লাখ ধান খেতিয়কক উপকৃত কৰিছে।

 

বন্ধুসকল,

কেন্দ্ৰৰ  এনে বহু আঁচনি আছে, যাৰ সম্পূৰ্ণ সুবিধা আগতে ওড়িশাৰ  জনতাই লাভ কৰা  নাছিল। আজি ৰাইজে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে আঁচনিৰ সুবিধা লাভ কৰিছে। কেৱল এয়াই নহয়, নিৰ্বাচনৰ সময়ত আমি মাতৃ, ভগ্নী, কৃষক আৰু যুৱক-যুৱতীসকলক যি নিশ্চয়তা দিছিলোঁ, সেইবোৰ  দ্ৰুত গতিত কাৰ্যকৰী হৈছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰৰ এটা ডাঙৰ সাফল্য হৈছে বঞ্চিতসকলৰ সবলীকৰণ। আমাৰ জনজাতীয় সমাজৰ এক অতি বৃহৎ সংখ্যক লোক ওড়িশাত বাস কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আগতে জনজাতীয় সমাজখন অহৰহ অৱহেলিত হৈ আছিল, তেওঁলোকে পিছপৰা, দৰিদ্ৰতা, অভাৱৰ সন্মুখীন হ’বলগীয়া হৈছিল। যি দলে দীৰ্ঘদিন দেশত শাসন কৰিছিল, সেই দলে জনজাতীয লোক সকলক নিজৰ ৰাজনৈতিক স্বাৰ্থৰ  বাবে ব্যৱহাৰ কৰিছিল। এই লোকসকলে জনজাতীয় সমাজখনক উন্নয়নৰ  অংশীদাৰ কৰা নাছিল। এই লোকসকলে দেশৰ এক বৃহৎ অংশক নক্সালবাদ, হিংসা আৰু অত্যাচাৰৰ জুইৰ মাজলৈ  ঠেলি  দিছিল।

 

বন্ধুসকল,

 

পৰিস্থিতি এনে আছিল যে ২০১৪ চনৰ পূৰ্বে দেশৰ ১২৫ খনতকৈও অধিক জনজাতীয় অধীনৰ জিলা নক্সাল হিংসাৰ কবলত পৰিছিল। ৰেড কৰিডৰৰ নামত জনজাতীয় অঞ্চলক বদনাম কৰা হ’ল। এই জিলাসমূহৰ অধিকাংশই পিছপৰা ঘোষণা কৰি দায়িত্ব উটুৱাই লৈ গ’ল।

 

ভাই-ভনীসকল,

 

বিগত বছৰবোৰত আমি জনজাতীয় সমাজখনক হিংসাৰ পৰিবেশৰ পৰা মুক্ত কৰি  উন্নয়নৰ নতুন পথত আগুৱাই নিয়াৰ কাম কৰি আহিছো। এফালে হিংসা বিয়পোৱাসকলৰ বিৰুদ্ধে বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে, আনফালে জনজাতীয় অঞ্চলত উন্নয়নৰ নতুন জোৱাৰ আনিলে। ইয়াৰ ফলত আজি নক্সাল হিংসাৰ পৰিসৰ দেশৰ ২০ খনতকৈও কম জিলালৈ হ্ৰাস পাইছে। আৰু যি বেগেৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, অতি সোনকালে জনজাতীয় সমাজে হিংসাৰ পৰা মুক্তি পাব। দেশত নক্সালবাদৰ অন্ত পৰিব, আৰু এয়া মোদীৰ নিশ্চয়তা।

 

বন্ধুসকল,

 

জনজাতীয় বন্ধুৰ সপোন পূৰণ কৰা, তেওঁলোকক নতুন সুযোগ দিয়া, তেওঁলোকৰ জীৱনৰ পৰা অসুবিধা হ্ৰাস কৰা, আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। সেয়েহে প্ৰথমবাৰৰ বাবে জনজাতীয় উন্নয়নৰ বাবে দেশত দুখন অতি ডাঙৰ জাতীয় আঁচনি  গ্ৰহণ কৰা হৈছে। এই আঁচনি দুখনৰ বাবে এক লাখ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে। প্ৰথম আঁচনি হৈছে ধৰ্তি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান, ইয়াৰ নাম বীৰছা মুণ্ডা জীৰ নামেৰে ৰখা হৈছে, ইয়াৰ অধীনত সমগ্ৰ দেশৰ ৬০ হাজাৰৰো অধিক জনজাতীয় গাঁৱত উন্নয়নমূলক কাম চলি আছে। ইয়াত ওড়িশাতো জনজাতীয় লোকৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছে, পথ নিৰ্মাণ কৰা হৈছে, বিদ্যুৎ আৰু পানীৰ সুবিধা কৰা হৈছে। ইয়াত ওড়িশাৰ ১১খন জিলাত ৪০খন আৱাসিক বিদ্যালয়ো নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰেও শ শ কোটি টকা ব্যয় কৰিছে।

 

বন্ধুসকল,

দ্বিতীয়খন আঁচনিৰ নাম পি এম জনমান যোজনা, এই আঁচনিৰ প্ৰেৰণা আহিছে ওড়িশাৰ ভূমিৰ পৰা। দেশৰ প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতি, ওড়িশাৰ কন্যা, সন্মানীয় দ্ৰৌপদী মুৰ্মু জীয়ে এই আঁচনিৰ বাবে আমাক পথ প্ৰদৰ্শন কৰিছে। এই আঁচনিৰ অধীনত আদিবাসীসকলৰ ভিতৰত অতি পিছপৰা জনজাতীয় জাতিসমূহক সহায়ৰ বাবে কাম কৰা হৈছে। তেওঁলোকৰ বহু সৰু সৰু জনজাতীয় বসতিস্থলত শ শ কোটি টকাৰ কাম চলি আছে।

 

বন্ধুসকল,

 

আমাৰ বৃহৎ সংখ্যক মাছমৰীয়া ওড়িশাত থাকে। তেওঁলোকৰ বাবেও প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ যোজনা, অতি ডাঙৰ আঁচনি, দেশজোৰা আঁচনি তৈয়াৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও লাভ কৰিছে মাছমৰীয়াসকলে। কেন্দ্ৰীয় চৰকাৰে ২৫ হাজাৰ কোটিৰ বিশেষ পুঁজি সৃষ্টি কৰিবলৈ ওলাইছে। ইয়াৰ দ্বাৰা ওড়িশাৰ সাগৰৰ পাৰত বাস কৰা বন্ধুসকল, আমাৰ যুৱক-যুৱতীসকলো   যথেষ্ট উপকৃত হ’ব।

 

বন্ধুসকল,

 

একবিংশ শতিকাৰ ভাৰতৰ বিকাশে গতি লাভ কৰিব কেৱল পূব ভাৰতৰ পৰা। এই সময়ছোৱা পূৰ্বোদয়। এই অনুভূতিৰে আমি ওড়িশাকে ধৰি সমগ্ৰ পূব ভাৰতৰ উন্নয়নত নিয়োজিত হৈ আছো। এবছৰ পূৰ্বে ইয়াত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত এই অভিযানে অধিক গতি লাভ কৰিছে। পাৰাদীপৰ পৰা ওড়িশাৰ ঝাৰছুগুডালৈ সম্প্ৰসাৰিত হৈছে এই ঔদ্যোগিক এলেকা। ইয়াৰ ফলত ওড়িশাৰ খনিজ আৰু বন্দৰ নেতৃত্বাধীন অৰ্থনীতিক শক্তি প্ৰদান কৰা হৈছে। কেন্দ্রীয় চৰকাৰে ওড়িশাৰ পথ, ৰে’ল আৰু বিমান সংযোগৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে৷ পাৰাদীপত মেগা ডুৱেল ফিড ক্ৰেকাৰ আৰু ডাউন-ষ্ট্ৰিম ইউনিট স্থাপন, চণ্ডীখোলত খাৰুৱা তেল সংৰক্ষণ সুবিধা, গোপালপুৰত এল এন জি টাৰ্মিনেল নিৰ্মাণ, এনে বহু পদক্ষেপে ওড়িশাক এখন বৃহৎ উদ্যোগিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব। পেট্ৰলিয়াম, পেট্ৰ’-কেমিকেল, বস্ত্ৰ আৰু প্লাষ্টিকৰ সৈতে জড়িত উদ্যোগসমূহে ইয়াত উত্থান লাভ কৰিব। ইয়াৰ দ্বাৰা ইয়াত ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ এক বিশাল নেটৱৰ্ক সৃষ্টি হ’ব, ই যুৱ প্ৰজন্মৰ বাবে লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ কঢ়িয়াই আনিব। বিগত বছৰবোৰত ওড়িশাৰ পেট্ৰলিয়াম আৰু পেট্ৰ’-কেমিকেল খণ্ডত প্ৰায় ডেৰ লাখ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। ভাৰতৰ পেট্ৰ’-কেমিকেলৰ হাব হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে ওড়িশা। বন্ধুসকল,

ডাঙৰ ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে আমি বহু আগলৈ চাব লাগিব, দৃষ্টিভংগী থাকিব লাগিব। আমাৰ ইয়াত বিজেপি চৰকাৰ কেৱল এবছৰৰ সাফল্য আৰু পাঁচ বছৰৰ পাছত কি হ’ব তাতেই সীমাবদ্ধ নহয়। আগন্তুক দশকসমূহৰ বাবে ওড়িশাৰ উন্নয়নৰ বাবে কি ৰোডমেপ হ’ব সেই বিষয়ে কাম কৰি আছে। ২০৩৬ চনৰ বাবে ওড়িশা চৰকাৰে এক বিশেষ পৰিকল্পনা কৰিছে। ২০৪৭ চনৰ বাবেও ওড়িশাত  বিজেপি চৰকাৰৰ ৰোডমেপ আছে, য’ত দেশখনে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব। মই অডিছা ভিজন-২০৩৬ চাইছো, ইয়াত অতি অভিলাষী সংকল্প গ্ৰহণ  কৰা হৈছে। মই নিশ্চিত যে ওড়িশাৰ প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী যুৱক-যুৱতীসকলৰ শক্তিৰে আপুনি নিশ্চিতভাৱে প্ৰতিটো লক্ষ্যত উপনীত হ’ব। আমি একেলগে ওড়িশাক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাম। এই প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ আপোনালোক সকলোলৈ বহু শুভেচ্ছা জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”