Dedicates 800 MW Unit of Telangana Super Thermal Power Project
Dedicates various rail infrastructure projects
Lays foundation stone of 20 Critical Care Blocks across Telangana to be built under PM - Ayushman Bharat Health Infrastructure Mission
Flags off Siddipet - Secunderabad - Siddipet train service
“Smooth supply of electricity gives momentum to growth of industries in a state”
“Completing the projects for which I laid the foundation stone is the work culture of our government”
“Hassan–Cherlapalli will become the basis of LPG transformation, transportation and distribution in a cost-effective and eco-friendly manner”
“India Railways is moving with a target of 100 percent electrification of all the railway lines”

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী কিষাণ ৰেড্ডী জী, ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন বা উদ্বোধন কৰা হৈছে, সেইবোৰৰ বাবে তেলেংগানাক বহুত বহুত অভিনন্দন জনাইছো। 

যিকোনো দেশ আৰু ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্যখন বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত যিমান পাৰি স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া ৰাজ্যত বিদ্যুতৰ প্ৰচুৰতা থাকে তেতিয়া ব্যৱসায় কৰাত সহজ আৰু জীৱন-যাপনৰ সৰলতা উন্নত হয়। মসৃণ বিদ্যুৎ যোগানে ৰাজ্যৰ ঔদ্যোগিক বিকাশকো ত্বৰান্বিত কৰে। আজি পেড্ডাপল্লী জিলাত এন টি পি চিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথমটো ইউনিট উদ্বোধন কৰা হৈছে। অতি সোনকালে ইয়াৰ দ্বিতীয় ইউনিটটোও আৰম্ভ হ’ব। এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’লে এই উদ্যোগটোৰ স্থাপন ক্ষমতা ৪০০০ মেগাৱাট হ’ব। মই সুখী যে দেশৰ এন টি পি চিৰ সকলো বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত এইটোৱেই আটাইতকৈ আধুনিক। এই উদ্যোগটোত উৎপাদিত বিদ্যুতৰ বৃহৎ অংশ লাভ কৰিব তেলেংগানাৰ জনসাধাৰণে। আমাৰ চৰকাৰে যি প্ৰকল্প আৰম্ভ কৰে, সেই প্ৰকল্প সম্পূৰ্ণও কৰে। মনত আছে, ২০১৬ চনৰ আগষ্ট মাহত মই এই প্ৰকল্পৰ ভেটি স্থাপন কৰিছিলো। এতিয়া আজি মই ইয়াক উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছো। এয়া আমাৰ চৰকাৰৰ নতুন কৰ্ম সংস্কৃতি।

 

আমাৰ চৰকাৰে তেলেংগানাৰ জনসাধাৰণৰ শক্তি সম্পৰ্কীয় অন্যান্য প্ৰয়োজনীয়তা পূৰণৰ বাবেও কাম কৰি আছে। মাত্ৰ দুদিন পূৰ্বে হাছান-চেৰলাপল্লী এল পি জি পাইপলাইন উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। এই পাইপলাইন এল পি জি ৰূপান্তৰ আৰু ইয়াৰ পৰিবহণ আৰু বিতৰণৰ এক নিৰাপদ, ব্যয়বহুল আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ ব্যৱস্থা গঢ়ি তোলাৰ ভিত্তি হৈ পৰিব।

আজি নিজেই ধৰ্মবাদ-মনোহৰাবাদ আৰু মহাবুবনগৰ-কুৰ্ণুল ৰেল ষ্টেচনৰ বিদ্যুৎকৰণ প্ৰকল্পটো দেশৰ নামত উৎসৰ্গা কৰাৰ সুযোগ পাইছো। ইয়াৰ ফলত তেলেংগানাৰ সংযোগ বৃদ্ধিৰ লগতে দুয়োখন ৰে’লৰ গড় গতিও বৃদ্ধি পাব। অনাগত কেইমাহমানৰ ভিতৰত সকলো ৰেলপথ ১০০ শতাংশ বিদ্যুৎকৰণৰ লক্ষ্য লৈছে ভাৰতীয় ৰেলৱেই। আজিও মুকলি কৰা হৈছে মনোহাৰাবাদ-চিদ্দিপট নতুন ৰেলপথ। ইয়াৰ দ্বাৰা ব্যৱসায়ৰ প্ৰসাৰ ঘটিব। ২০১৬ চনত এই প্ৰকল্পটোৰ ভেটিও স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। আজি এই কামো সম্পূৰ্ণ হৈছে।

 

আমাৰ দেশত দীৰ্ঘদিন ধৰি স্বাস্থ্যসেৱাক কেৱল ধনী মানুহৰ অধিকাৰ বুলি গণ্য কৰা হৈছিল। যোৱা ৯ বছৰত আমি এই প্ৰত্যাহ্বান সমাধানৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছো, যাতে স্বাস্থ্য সুবিধা উপলব্ধ আৰু সুলভ হয়। ভাৰত চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এইমছৰ সংখ্যা বৃদ্ধি কৰিছে। তেলেংগানাৰ জনসাধাৰণেও এইমছৰ বিবিনগৰত অট্টালিকা নিৰ্মাণৰ কামবোৰ নিশ্চয় দেখি আছে। যেতিয়া চিকিৎসালয় বৃদ্ধি হৈছে তেতিয়া ৰোগীৰ যত্ন ল’বলৈ চিকিৎসক আৰু নাৰ্ছৰ সংখ্যাও বৃদ্ধি পাইছে।

আজি ভাৰতত চলি আছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত। ইয়াৰ বাবে কেৱল তেলেংগানাত ৭০ লাখৰো অধিক লোকে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা লাভ কৰিছে। ৮০ শতাংশ ৰেহাইত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক জন ঔষধি কেন্দ্ৰত ঔষধ প্ৰদান কৰা হৈছে। ইয়াৰ বাবে এই পৰিয়ালসমূহে প্ৰতিমাহে হাজাৰ হাজাৰ টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে।

 

প্ৰতিখন জিলাতে যাতে সুস্বাস্থ্যৰ আন্তঃগাঁথনি থাকে তাৰ বাবে আমি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আন্তঃগাঁথনি অভিযান আৰম্ভ কৰিছো। আজি এই অভিযানৰ অধীনত তেলেংগানাত ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই ব্লকসমূহ এনেদৰে নিৰ্মাণ কৰা হ’ব যাতে ইয়াত নিৰ্দিষ্ট আইছ’লেশ্যন ৱাৰ্ড, অক্সিজেন যোগান, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। তেলেংগানাত স্বাস্থ্য সুবিধা বৃদ্ধিৰ বাবে ৫০০০ৰো অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰই  কাম কৰি আছে। কৰ’না মহামাৰীৰ সময়ত তেলেংগানাত প্ৰায় ৫০টা বৃহৎ পি এছ এ অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছিল, যিয়ে মানুহৰ জীৱন ৰক্ষাত বহুখিনি সহায় কৰিছিল।

 

শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ বাবে তেলেংগানাৰ জনসাধাৰণক পুনৰবাৰ অভিনন্দন জনাইছো। আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."