অপাৰেচন সিন্দূৰৰ সফলতা, সীমান্তৰ গভীৰতাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান ধ্বংসৰ শক্তি আৰু সন্ত্ৰাসবাদীক ৰক্ষা কৰিবলৈ অহা পাকিস্তানক ঘন্টাৰ ভিতৰতে নতশিৰ কৰোঁৱাৰ ক্ষমতা, এইসমূহ সামৰ্থ্যৰ জৰিয়তে সমগ্ৰ বিশ্বই ভাৰতৰ নতুন মুখখন প্ৰত্যক্ষ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুত-বৰ্ধমান প্ৰধান অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী
যোৱা ১১ বছৰত আমাৰ অৰ্থনীতি ১০-ম স্থানৰ পৰা শীৰ্ষ পাঁচলৈ উন্নীত হৈছে। আমি এতিয়া শীৰ্ষ তিনি অৰ্থনীতিৰ অন্যতম হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছোঁঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াৰ সৈতে হাতে-হাত ধৰি এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তিত আত্ম-নিৰ্ভৰ হোৱাটো আমাৰ পৰৱৰ্তী বৃহৎ অগ্ৰাধিকাৰ হ’ব লাগেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ।

बेंगळूरु नगरदा आत्मीया नागरिका बंधु-भगिनियरे, निमगेल्ला नन्ना नमस्कारगळु!

কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।

কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে লগে নিজৰ নিজৰ ভাৱ এটা অনুভৱ হৈছে; ইয়াৰ সংস্কৃতি, ইয়াৰ ৰাইজৰ মৰম আৰু কানাড়া ভাষাৰ মধুৰতাই আমাৰ হৃদয় স্পৰ্শ কৰে। প্ৰথমে বেংগালুৰু চহৰৰ মূল দেৱতা অন্নম্মা থাইৰ চৰণত প্ৰণাম জনাইছোঁ। বহু শতিকাৰ আগতে নদপ্ৰভূ কেম্পেগৌড়া ডাঙৰীয়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰিছিল। তেওঁ পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে।

 

বন্ধুসকল,

আজি বেংগালুৰুৱে এখনি নব্য ভাৰতৰ উত্থানৰ প্ৰতীক হৈ পৰা এখন চহৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ আত্মাই দাৰ্শনিক প্ৰজ্ঞাক মূৰ্ত কৰি তুলিছে আৰু ইয়াৰ কাৰ্য্যই প্ৰযুক্তিগত বিশেষজ্ঞতাক প্ৰতিফলিত কৰিছে। বেংগালুৰু এনে এখনি চহৰ, যিয়ে ভাৰতক গৌৰৱেৰে বিশ্ব আইটি মেপত স্থাপিত কৰিছে, বেংগালুৰুৰ সফলতাৰ কাহিনীৰ কৃতিত্বৰ গৰাকী হৈছে ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভা।

বন্ধুসকল,

একবিংশ শতিকাত নগৰ পৰিকল্পনা আৰু নগৰ আন্তঃগাঁথনি আমাৰ চহৰসমূহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। বেংগালুৰুৰ দৰে চহৰসমূহ ভৱিষ্যতৰ বাবে সাজু হ’ব লাগিব। শেহতীয়া বছৰ কেইটাত ভাৰত চৰকাৰে বেংগালুৰুত হাজাৰ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰিছে আৰু আজি এই অভিযানে নতুন গতি লাভ কৰিছে। আজি বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনেৰে মেট্ৰ’ৰ পৰ্য্যায়-৩ ৰ আধাৰশিলা স্থাপন কৰা হৈছে। লগতে দেশৰ ভিন্ন প্ৰান্ত সংযোগী তিনিখন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰা হয়। বেংগালুৰু আৰু বেলাগাভিৰ মাজত বন্দে ভাৰত সেৱা আৰম্ভ হোৱাৰ লগে-লগে বেলাগাভিৰ বাণিজ্য আৰু পৰ্যটনৰ উত্থান ঘটিব। ইয়াৰ উপৰিও নাগপুৰ আৰু পুনেৰ মাজত তথা শ্ৰী মাতা বৈষ্ণো দেৱী কাট্ৰা আৰু অমৃতসৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ আৰম্ভ কৰা হয়। এই সেৱাসমূহে লাখ-লাখ ভক্তক উপকৃত কৰিব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটাব। এই প্ৰকল্পসমূহ আৰু নতুন বন্দে ভাৰত ৰেল কেইখনৰ বাবে বেংগালুৰু, কৰ্ণাটক আৰু সমগ্ৰ দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আজি অপাৰেচন সিন্দুৰৰ পিছত পোন-প্ৰথমবাৰৰ বাবে বেংগালুৰুলৈ আহিছোঁ। অপাৰেচন সিন্দূৰৰ সফলতা, সীমান্তৰ গভীৰতাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান ধ্বংসৰ শক্তি আৰু সন্ত্ৰাসবাদীক ৰক্ষা কৰিবলৈ অহা পাকিস্তানক ঘন্টাৰ ভিতৰতে নতশিৰ কৰোঁৱাৰ ক্ষমতা, এইসমূহ সামৰ্থ্যৰ জৰিয়তে সমগ্ৰ বিশ্বই ভাৰতৰ নতুন মুখখন প্ৰত্যক্ষ কৰিছে। অপাৰেচন সিন্দূৰৰ সফলতাৰ কাৰণ হৈছে প্ৰযুক্তিৰ শক্তি আৰু প্ৰতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ সামৰ্থ্য। এই সাফল্যত বেংগালুৰু আৰু কৰ্ণাটকৰ যুৱক-যুৱতীসকলৰ উল্লেখযোগ্য বৰঙণিৰ কথা স্বীকাৰ কৰিছোঁ আৰু এই সফলতাত তেওঁলোকৰ এনে ভূমিকাৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

বিশ্বৰ প্ৰধান চহৰসমূহৰ সমান্তৰালভাৱে বেংগালুৰুৱে এতিয়া স্বীকৃতি লাভ কৰিছে। ভাৰতে কেৱল বৈশ্বিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই নহয়, বৰঞ্চ নেতৃত্বও প্ৰদান কৰিব লাগিব। অগ্ৰগতি তেতিয়াহে সাধন হ’ব, যেতিয়া আমাৰ চহৰসমূহ স্মাৰ্ট, দ্ৰুত আৰু কাৰ্য্যক্ষম হ’ব। আধুনিক আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গভীৰভাৱে মনোনিৱেশ কৰিছে। আজি আৰভি ৰোডৰ পৰা বোম্মাচন্দ্ৰালৈ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন আৰম্ভ হৈছে, যিয়ে বেংগালুৰুৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলক সংযুক্ত কৰিব। বাছাৱনাগুডি আৰু ইলেক্ট্ৰনিক চিটিৰ মাজত যাত্ৰাৰ সময় এতিয়া যথেষ্ট হ্ৰাস পাব। ইয়াৰ দ্বাৰা লাখ-লাখ লোকৰ জীৱন-যাপন আৰু কামৰ সহজতা বৃদ্ধি পাব।

 

বন্ধুসকল,

আজি ইয়েল্ল’ লাইন উদ্বোধনৰ সমান্তৰালভাৱে বেংগালুৰু মেট্ৰ’ৰ তৃতীয় পৰ্য্যায়— অৰ্থাৎ অৰেঞ্জ লাইনৰ— আধাৰশিলাও স্থাপন কৰা হৈছে। এয়া কাৰ্য্যক্ষম হৈ উঠিলে ইয়েল্ল’ লাইনৰ সৈতে সংগতি ৰাখি অৰেঞ্জ লাইনে ২৫ লাখ যাত্ৰীৰ দৈনিক যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলশ্ৰুতিত বেংগালুৰুৰ পৰিবহণ ব্যৱস্থা সুদৃঢ় হ’ব আৰু নতুন শিখৰত আৰোহণ কৰিব।

বন্ধুসকল,

বেংগালুৰু মেট্ৰ’ৱে দেশত ৰাজহুৱা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন আৰ্হি প্ৰৱৰ্তন কৰিছে। ইনফ’ছিছ ফাউণ্ডেচন, বাঅ’কন আৰু ডেল্টা ইলেক্ট্ৰনিক্সৰ দৰে কোম্পানীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচনৰ বাবে অংশগত ধন আগবঢ়াইছে। চিএছআৰ-ৰ এই অভিনৱ ব্যৱহাৰ কাৰ্য্য প্ৰেৰণাৰ উৎস আৰু কৰ্পৰেট খণ্ডক এনে অৱদানৰ বাবে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ভাৰত বৰ্তমান বিশ্বৰ দ্ৰুত বৰ্ধমান প্ৰধান অৰ্থনীতি। বিগত এঘাৰ বছৰত ভাৰতৰ অৰ্থনীতি বিশ্বজুৰি ১০ ম স্থানৰ পৰা শীৰ্ষ পাঁচলৈ উন্নীত হৈছে আৰু শীৰ্ষ তিনি অৰ্থনীতিৰ অন্যতম হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এনে ক্ষীপ্ৰতাৰ কাৰণ স্পষ্ট উদ্দেশ্য আৰু সৎ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত “ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্ম” ৰ মনোভাৱ। ২০১৪ ত মেট্ৰ’ সেৱা মাত্ৰ পাঁচখন চহৰতে সীমাবদ্ধ আছিল। আজি মেট্ৰ’ নেটৱৰ্কৰ ২৪ খন চহৰৰ ১,০০০ কিমি ৰো অধিক দূৰত্বত বিস্তৃতিৰে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মেট্ৰ’ নেটৱৰ্কসম্পন্ন দেশ হিচাপে পৰিগণিত হৈছে। ২০১৪ ৰ পূৰ্বে মাত্ৰ প্ৰায় ২০ হাজাৰ কিমি ৰেলপথত বিদ্যুৎ সংযোগ আছিল। কিন্তু কেৱল যোৱা এঘাৰ বছৰতে ৪০ হাজাৰ কিমি ৰো অধিক ৰেলপথত বিদ্যুৎ সংযোগ কৰা হৈছে, যিয়ে বহনক্ষম পৰিবহণ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিক প্ৰতিফলিত কৰিছে।

বন্ধুসকল,

ভাৰতৰ কৃতিত্ব কেৱল ভূমিতে নহয়, বৰঞ্চ আকাশতো দৃশ্যমান হৈছে। ২০১৪ ত ভাৰতত মাত্ৰ ৭৪ টা বিমানবন্দৰ আছিল আৰু আজি এই সংখ্যা ১৬০ ৰো অধিকলৈ বৃদ্ধি পাইছে। জলপথ আন্তঃগাঁথনিৰো উল্লেখযোগ্য অগ্ৰগতি সাধন হৈছে। ২০১৪ ত মাত্ৰ তিনিটা ৰাষ্ট্ৰীয় জলপথহে কাৰ্য্যক্ষম হৈ আছিল; এই সংখ্যা এতিয়া ত্ৰিশলৈ বৃদ্ধি পাইছে।

 

বন্ধুসকল,

স্বাস্থ্য আৰু শিক্ষা খণ্ডত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি হৈছে। ২০১৪ লৈকে দেশত মাত্ৰ ৭ খন এইমছ আৰু ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আছিল, কিন্তু আজি ২২ খন এইমছ আৰু ৭০৪ খন চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণক সেৱা আগবঢ়াই আছে। বিগত ১১ বছৰত সমগ্ৰ দেশতে এক লাখৰো অধিক নতুন চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংযোজন কৰা হৈছে। উক্ত সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত সুযোগৰ ফলশ্ৰুতিত মধ্যবিত্ত-শ্ৰেণীৰ সন্তানসকল বহুখিনি লাভান্বিত হৈছে। যোৱা ১১ বছৰত আইআইটি ৰ সংখ্যা ১৬ ৰ পৰা ২৩ লৈ, আইআইআইটি ৰ সংখ্যা ৯ ৰ পৰা ২৫ লৈ আৰু আইআইএম ৰ সংখ্যা ১৩ ৰ পৰা ২১ লৈ বৃদ্ধি পাইছে। ইয়াৰ ফলশ্ৰুতিত আজি ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত যথেষ্ট বেছি সুযোগ লাভ কৰিছে।

বন্ধুসকল,

আজি ৰাষ্ট্ৰখন দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰো জীৱন যাত্ৰা একে গতিৰে ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪ কোটিৰো অধিক পকী ঘৰৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে এতিয়া আৰু ৩ কোটি গৃহ নিৰ্মাণ কৰিবলৈ সাজু হৈছে। মাত্ৰ ১১ বছৰতে সমগ্ৰ দেশতে ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে কোটি কোটি মাতৃ ভগ্নীক মৰ্যাদা প্ৰদানেৰে পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিত আৰু সুৰক্ষা প্ৰদান কৰিছে।

বন্ধুসকল,

ভাৰতৰ উন্নয়নৰ দ্ৰুত গতিক দেশৰ অৰ্থনৈতিক বিকাশে পৰিচালিত কৰিছে। ২০১৪ ৰ পূৰ্বে ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ আছিল মাত্ৰ ৪৬৮ বিলিয়ন ডলাৰৰ যদিও আজি এই পৰিমাণ ৮২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। পূৰ্বে ভাৰতে ম’বাইল ফোন আমদানি কৰিছিল, কিন্তু এতিয়া, দেশখনে ম’বাইল হেণ্ডছেটৰ শীৰ্ষ পাঁচ ৰপ্তানিকাৰীৰ অন্যতম দেশ হৈ পৰিছে। এই ৰূপান্তৰত বেংগালুৰুৱে এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ২০১৪ ৰ পূৰ্বে ভাৰতৰ ইলেক্ট্ৰনিকছৰ ৰপ্তানিৰ পৰিমাণ প্ৰায় ৬ বিলিয়ন ডলাৰৰ আছিল, যি পৰিমাণ এতিয়া প্ৰায় ৩৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

 

বন্ধুসকল,

এঘাৰ বছৰ পূৰ্বে ভাৰতৰ অট’ম’বাইলৰ ৰপ্তানিৰ পৰিমাণ প্ৰায় ১৬ বিলিয়ন ডলাৰৰ আছিল। আজি এই পৰিমাণ দুগুণৰো অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলশ্ৰুতিত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অট’ম’বাইলৰ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। এই সাফল্যসমূহে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক সুদৃঢ় কৰিছে। আমি একত্ৰিত হৈ ৰাষ্ট্ৰখনক আগুৱাই নিব লাগিব আৰু এখনি উন্নত ভাৰত গঢ়ি তুলিব লাগিব।

বন্ধুসকল,

ডিজিটেল ইণ্ডিয়াৰ সৈতে হাতে হাত ধৰি এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰা কৰা হৈছে। ইণ্ডিয়া এআই মিছনৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰত বিশ্ব এআইত নেতৃত্ব প্ৰদানৰ দিশত আগবাঢ়িছে। ছেমিকণ্ডাক্টৰ মিছনেও গতি লাভ কৰিছে আৰু ভাৰতত অতি সোনকালেই নিজা মেড ইন ইণ্ডিয়া চিপ উপলব্ধ হ’ব। ভাৰত কম খৰচী, উচ্চ-প্ৰযুক্তিৰ মহাকাশ অভিযানৰ বিশ্ব নিদৰ্শন হৈ পৰিছে। ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে আৰু এই অগ্ৰগতি লাভ কাৰ্য্যৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল দৰিদ্ৰসকলৰ সবলীকৰণ। ডিজিটেলাইজেচন এতিয়া দেশৰ প্ৰতিখন গাঁৱত উপনীত হৈছে। ইউপিআই ৰ জৰিয়তে বিশ্বৰ বাস্তৱ সময়ৰ লেনদেনৰ ৫০% ৰো অধিক ভাৰতত সম্পন্ন হৈছে। প্ৰযুক্তিয়ে চৰকাৰ আৰু নাগৰিকৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিছে। আজি ২,২০০ ৰো অধিক চৰকাৰী সেৱা ম’বাইল প্লেটফৰ্মত উপলব্ধ। উমাং এপৰ জৰিয়তে নাগৰিকে ঘৰৰ পৰাই চৰকাৰী কাম কাজ সম্পন্ন কৰিব পাৰে, একেদৰে ডিজিলকাৰৰ জৰিয়তে চৰকাৰী চাৰ্টিফিকেটৰ পৰিচালনাৰ সমস্যা নোহোৱা হৈছে। ভাৰতে এতিয়া এআই সৃষ্ট ভাবুকি ধৰা পেলোৱাৰ দৰে প্ৰযুক্তিবিদ্যাত বিনিয়োগ কৰিছে। ডিজিটেল বিপ্লৱৰ সুফল সমাজৰ সকলো ব্যক্তিয়ে লাভ কৰা কাৰ্য্য নিশ্চিত কৰা হৈছে। বেংগালুৰুৱে এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছে।

বন্ধুসকল,

প্ৰযুক্তিত আত্ম-নিৰ্ভৰ হোৱাটো আমাৰ পৰৱৰ্তী বৃহৎ অগ্ৰাধিকাৰ হ’ব লাগে। ভাৰতীয় টেক কোম্পানীসমূহে সমগ্ৰ বিশ্বৰ বাবে চফ্টৱেৰ আৰু সামগ্ৰী বিকশিতকৰণেৰে বিশ্বজুৰি নিজৰ নাম উজলাইছে। এতিয়া ভাৰতৰ নিজৰ প্ৰয়োজনীয়তাক অধিক ব্যাপকভাৱে অগ্ৰাধিকাৰ প্ৰদানৰ সময় আহি পৰিছে আৰু নতুন সামগ্ৰীৰ বিকাশ সাধন কাৰ্য্যক ত্বৰান্বিত কৰিব লাগিব। কিয়নো বিশেষকৈ এতিয়া প্ৰতিটো ডমেইনতে চফ্টৱেৰ আৰু এপ ব্যৱহাৰ কৰা হৈছে। ভাৰতে এই ক্ষেত্ৰত নতুন শিখৰত উপনীত হোৱাটো অতিশয় প্ৰয়োজনীয়। উদীয়মান ক্ষেত্ৰসমূহত নেতৃত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীভূত প্ৰচেষ্টাৰ প্ৰয়োজন আছে। মেক ইন ইণ্ডিয়া আৰু উৎপাদন খণ্ডত বেংগালুৰু আৰু কৰ্ণাটকৰ প্ৰভাৱ বৃদ্ধিৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ। ভাৰতৰ সামগ্ৰীসমূহে জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট মানদণ্ড অনুসৰণ কৰিব লাগিব, অৰ্থাৎ ইয়াৰ গুণগত মান ত্ৰুটিহীন হ’ব লাগে আৰু পৰিবেশৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পৰিব নালাগে। কৰ্ণাটকৰ প্ৰতিভাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ নেতৃত্ব প্ৰদান কৰিব বুলি মই আশাবাদী।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক, সকলো জনসাধাৰণৰ সেৱাৰ প্ৰতি দায়বদ্ধ। নাগৰিকৰ জীৱন যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজন আছে। এই দিশত এটা মূল দায়িত্ব হৈছে নতুন সংস্কাৰ সাধন কাৰ্য্য। বিগত দশকত কেন্দ্ৰীয় চৰকাৰ ধাৰাবাহিকভাৱে সংস্কাৰ সাধনৰ দিশত আগবাঢ়িছে। আইনক ডিক্ৰিমিনেলাইজেচনৰ বাবে জন বিশ্বাস বিধেয়ক গৃহীত কৰা হৈছে আৰু জন বিশ্বাস ২.০-ৰো প্ৰৱৰ্তন কৰা হৈছে। ৰাজ্য চৰকাৰসমূহেও অপ্ৰয়োজনীয় বিধান থকা আইনসমূহ চিনাক্ত কৰি সেইসমূহ নিৰ্মূলৰ দিশত কাম কৰিব লাগে। চৰকাৰী কৰ্মচাৰীসকলক দক্ষতা-ভিত্তিক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে মিছন কৰ্মযোগী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যসমূহে নিজৰ বিষয়াসকলৰ বাবেও এই শিক্ষণ কাঠামো অভিযোজিত কৰিব পাৰে। এনে যৌথ পদক্ষেপেই কৰ্ণাটকক উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰাব। আমি একেলগে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী পৰিপূৰণ কৰিম। এই মনোভাৱেৰে মই পুনৰবাৰ এই প্ৰকল্পৰাজিৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনালোঁ।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক, সকলো জনসাধাৰণৰ সেৱাৰ প্ৰতি দায়বদ্ধ। নাগৰিকৰ জীৱন যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজন আছে। এই দিশত এটা মূল দায়িত্ব হৈছে নতুন সংস্কাৰ সাধন কাৰ্য্য। বিগত দশকত কেন্দ্ৰীয় চৰকাৰ ধাৰাবাহিকভাৱে সংস্কাৰ সাধনৰ দিশত আগবাঢ়িছে। আইনক ডিক্ৰিমিনেলাইজেচনৰ বাবে জন বিশ্বাস বিধেয়ক গৃহীত কৰা হৈছে আৰু জন বিশ্বাস ২.০-ৰো প্ৰৱৰ্তন কৰা হৈছে। ৰাজ্য চৰকাৰসমূহেও অপ্ৰয়োজনীয় বিধান থকা আইনসমূহ চিনাক্ত কৰি সেইসমূহ নিৰ্মূলৰ দিশত কাম কৰিব লাগে। চৰকাৰী কৰ্মচাৰীসকলক দক্ষতা-ভিত্তিক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে মিছন কৰ্মযোগী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যসমূহে নিজৰ বিষয়াসকলৰ বাবেও এই শিক্ষণ কাঠামো অভিযোজিত কৰিব পাৰে। এনে যৌথ পদক্ষেপেই কৰ্ণাটকক উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰাব। আমি একেলগে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী পৰিপূৰণ কৰিম। এই মনোভাৱেৰে মই পুনৰবাৰ এই প্ৰকল্পৰাজিৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনালোঁ।

অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya

Media Coverage

Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the true resolve of a representative
April 29, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting the true resolve of a representative.

The Prime Minister remarked that as vigilant citizens of the country, it is our duty to ensure record voting to make democracy even stronger.

The Prime Minister wrote on X:

"देश के एक सजग नागरिक के रूप में हमारा कर्तव्य है कि हम लोकतंत्र को और अधिक सशक्त बनाने के लिए रिकॉर्ड मतदान सुनिश्चित करें। इस तरह हम न केवल भारतवर्ष के नवनिर्माण में अपनी सक्रिय भागीदारी निभा सकते हैं, बल्कि एक समर्थ और समृद्ध राष्ट्र की नींव को और मजबूत कर सकते हैं।

राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम्।

दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम्॥"

From the perspective of the welfare of the people, continuously uplifting them, faithfully performing duties as a sacred responsibility, ensuring fair judgment, giving generously, treating everyone with equality, and keeping oneself pure, disciplined and dedicated with a consecrated spirit, this is the true resolve of a representative.