নাগপুৰ– বিজয়াৱাড়া অৰ্থনৈতিক কৰিডৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন
হায়দৰাবাদৰ সৈতে জড়িত পথ প্ৰকল্প–ভাৰতমালা পৰিযোজনাৰ অধীনত বিকশিত বিশাখাপট্টনম কৰিডৰ দেশবাসীৰ নামত উচৰ্গা
প্ৰধান তেল আৰু গেছ পাইপলাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা
হায়দৰাবাদ (কাচিগুড়া)– ৰাইচুৰ–হায়দৰাবাদ (কাচিগুড়া) ৰে’ল সেৱাৰ শুভাৰম্ভ
তেলেংগানাৰ হালধি খেতি কৰা খেতিয়কসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড গঠনৰ কথা ঘোষণা
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে উৎসৱৰ বতৰৰ আগমনৰ ওপৰত আলোকপাত কৰি কয় যে সংসদত নাৰী শক্তি বন্দন অধিনিয়মৰ গৃহীতকৰণে নৱৰাত্ৰি আৰম্ভ হোৱাৰ পূৰ্বে শক্তি পূজাৰ মনোভাৱ প্ৰতিষ্ঠা কৰিলে।
প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানাৰ লগতে সমগ্ৰ দেশৰ সকলো হালধি খেতি কৰা কৃষকক ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড গঠনৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন জী, মোৰ সতীৰ্থ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী জি. কিষাণ ৰেড্ডী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী সঞ্জয় কুমাৰ বাণ্ডী জী, ইয়াত উপস্থিত আন-আন বিশিষ্ট ব্যক্তিসকল!

নমস্কাৰ!

দেশত উৎসৱৰ বতৰ আৰম্ভ হৈছে। সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীতৰে আমি নৱৰাত্ৰিৰ ঠিক পূৰ্বে শক্তি পূজাৰ মনোভাৱৰ সূচনা কৰিছোঁ। আজি তেলেংগানাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কাৰ্য্যসূচীয়ে ইয়াৰ উৎসৱমুখৰ অনুভূতিৰ বৰ্ধন ঘটাইছে। ১৩,৫০০ কোটি টকা মূল্যৰ আঁচনি আৰু ভিন্ন প্ৰকল্পৰ বাবে তেলেংগানাৰ ৰাইজক অভিনন্দন জনাইছোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

মই আনন্দিত যে আজি মই ভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু পথ সংযোগ প্ৰকল্প উদ্বোধন কৰিছো, যিয়ে ইয়াৰ জনসাধাৰণৰ জীৱন যাত্ৰাত বৃহৎ পৰিৱৰ্তন সাধন কৰিব। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত নাগপুৰ-বিজয়াৱাড়া কৰিড’ৰেৰে আহ-যাহ অতি সহজ হৈ উঠিব। ইয়াৰ বাবেই এই তিনিখন ৰাজ্যত বাণিজ্য, পৰ্যটন আৰু উদ্যোগেও ব্যাপক উত্থান লাভ কৰিব। এই কৰিড’ৰত কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰ চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত ৮টা বিশেষ অৰ্থনৈতিক মণ্ডল, পাঁচটা মেগা ফুড পাৰ্ক, চাৰিটা সাগৰীয় খাদ্য ক্লাষ্টাৰ, তিনিটা ফাৰ্মা আৰু মেডিকেল ক্লাষ্টাৰ আৰু এটা বস্ত্ৰ ক্লাষ্টাৰ থাকিব। ইয়াৰ ফলস্বৰূপে হানমকোণ্ডা, ৱাৰংগল, মহাবুবাবাদ আৰু খাম্মাম জিলাৰ যুৱক-যুৱতীসকলৰ বাবে বহু কৰ্মসংস্থাপনৰ সুযোগ মুকলি হ’ব। খাদ্য সংসাধনৰ বাবে এই জিলাসমূহৰ কৃষকৰ শস্যত মূল্য সংযোজন হ’ব।

মোৰ পৰিয়ালৰ সদস্যসকল,

তেলেংগানাৰ দৰে স্থলপথত আবদ্ধ ৰাজ্য এখনৰ বাবে এনে পথ আৰু ৰেল সংযোগৰ অতি প্ৰয়োজন, যিয়ে ইয়াত প্ৰস্তুত সামগ্ৰীসমূহ সাগৰৰ পাৰলৈ পৰিবহণত সহায় কৰিব পাৰে আৰু ইয়াৰ ৰপ্তানিৰ প্ৰসাৰত সহায় কৰিব পাৰে। মোৰ তেলেংগানাৰ জনসাধাৰণে বিশ্বৰ বজাৰ দখল কৰা উচিত। এই কাৰণে দেশৰ বহু ডাঙৰ অৰ্থনৈতিক কৰিড’ৰ তেলেংগানাৰ মাজেৰে পাৰ হৈ গৈছে। এইবোৰে সকলো ৰাজ্যকে পূব আৰু পশ্চিম উপকূলৰ সৈতে সংযোগ কৰিব। হায়দৰাবাদ-বিশাখাপট্টনম কৰিড’ৰৰ সূৰ্যপেট-খাম্মাম অংশয়ো যথেষ্ট সহায় কৰিব। ফলস্বৰূপে পূব উপকূলত উপনীত হোৱাত সহায় কৰিব। লগতে উদ্যোগ আৰু ব্যৱসায়ৰ লজিষ্টিক ব্যয়ো ব্যাপক হ্ৰাস পাব। জলকাইৰ আৰু কৃষ্ণ অংশৰ মাজত নিৰ্মাণ হৈ থকা ৰেলপথটোও ইয়াৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

ভাৰত হালধিৰ প্ৰধান উৎপাদক, গ্ৰাহক আৰু ৰপ্তানিকাৰী। তেলেংগানাৰ কৃষকসকলেও বৃহৎ পৰিমাণে হালধি উৎপাদন কৰে। ক’ৰোনাৰ পিছত সমগ্ৰ বিশ্বতে হালধিৰ উপকাৰিতাৰ বিষয়ে সজাগতা বাঢ়িছে আৰু ইয়াৰ চাহিদাও বৃদ্ধি পাইছে। আজি উৎপাদনৰপৰা আৰম্ভ কৰি ৰপ্তানি আৰু গৱেষণালৈকে হালধিৰ সমগ্ৰ মূল্য শৃংখলটোত অধিক পেছাদাৰী মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়; আৰু এই ক্ষেত্ৰত উদ্যোগ লোৱাৰ প্ৰয়োজন আছে। আজি মই তেলেংগানাৰ ভূমিৰপৰা ইয়াৰ সৈতে জড়িত এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছোঁ। হালধি কৃষকৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ সম্ভাৱনা বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সুবিধাৰ বাবে ‘ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড’ গঠনৰ সিদ্ধান্ত লৈছে। ‘ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে’ যোগান শৃংখলত মূল্য সংযোজনৰপৰা আৰম্ভ কৰি আন্তঃগাঁথনি সম্পৰ্কীয় কামলৈকে বিভিন্ন ক্ষেত্ৰত কৃষকসকলক সহায় কৰিব। 'ৰাষ্ট্ৰীয় হালধি ব'ৰ্ড' গঠনৰ বাবে তেলেংগানা আৰু দেশৰ সকলো হালধি খেতি কৰা কৃষকক অভিনন্দন জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি সমগ্ৰ বিশ্বতে শক্তি আৰু শক্তি সুৰক্ষাৰ ওপৰত বহু চৰ্চা চলিছে। ভাৰতে কেৱল নিজৰ উদ্যোগসমূহৰ বাবেই নহয়, ঘৰুৱা ব্যৱহাৰৰ বাবেও শক্তি নিশ্চিত কৰিছে। ২০১৪ত প্ৰায় ১৪ কোটি দেশত এলপিজি সংযোগৰ সংখ্যা ২০২৩ত ৩২ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ আমি গেছ চিলিণ্ডাৰৰ মূল্যও হ্ৰাস কৰিছোঁ। ভাৰত চৰকাৰে এলপিজিৰ সুবিধা বৃদ্ধিৰ উপৰিও এতিয়া ইয়াৰ বিতৰণ নেটৱৰ্কো সম্প্ৰসাৰণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰিছে। হাছান-চেৰলাপল্লী এলপিজি পাইপলাইনে এতিয়া এই অঞ্চলৰ জনসাধাৰণক শক্তি সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। কৃষ্ণপট্টনম আৰু হায়দৰাবাদৰ মাজত মাল্টি প্ৰডাক্ট পাইপলাইনৰ আধাৰশিলাও ইয়াত স্থাপন কৰা হৈছে। ফলত তেলেংগানাৰ বিভিন্ন জিলাতো হাজাৰ-হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি হ’ব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিন্ন ভৱন উদ্বোধন কৰিছোঁ। বিজেপি চৰকাৰে হায়দৰাবাদ বিশ্ববিদ্যালয়ক ইনষ্টিটিউচন অৱ ইমিনেন্সৰ মৰ্য্যাদাৰে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছে। আজি আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ ওলাইছোঁ। ভাৰত চৰকাৰে মুলুগু জিলাত কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ওলাইছে। আৰু এই বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হ’ব পূজনীয় জনজাতীয় দেৱী ছাম্মাক্কা-ছাৰাক্কাৰ নামেৰে। ছাম্মাক্কা-ছাৰাক্কা কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ বাবে ব্যয় কৰা হ’ব ৯০০ কোটি টকা। এই কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ বাবে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। আকৌ এবাৰ তেলেংগানাৰ জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আদৰৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। বৰ্তমান মই চৰকাৰী অনুষ্ঠানত আছোঁ, গতিকে সীমিতভাৱে কথা কৈছোঁ। ১০ মিনিটৰ পাছত এখন মুকলি পথাৰলৈ গৈ মুক্তভাৱে কথা ক’ম আৰু মই যি ক’ম, সেই কথাই তেলেংগানাৰ আৱেগক প্ৰতিফলিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.