ৰাজকোট, বাথিন্দা, ৰায়বৰেলী, কল্যাণী আৰু মঙ্গলাগিৰিত পাঁচখ এইমছ দেশক উচৰ্গা কৰে
২৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১১,৫০০ কোটি টকাৰো অধিক মূল্যৰ ২০০ ৰো অধিক স্বাস্থ্য সেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
পুনেত 'নিচাৰ্গ গ্ৰাম' শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰাকৃতিক প্ৰতিষ্ঠান উদ্বোধন কৰে
প্ৰায় ২২৮০ কোটি টকা মূল্যৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ ২১ টা প্ৰকল্প উদ্বোধন আৰু উচৰ্গা কৰে
বিভিন্ন নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
৯০০০ কোটি টকাৰো অধিক মূল্যৰ নতুন মুন্দ্ৰা-পানীপথ পাইপলাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে
"আমি চৰকাৰক দিল্লীৰ পৰা বাহিৰলৈ লৈ গৈ আছো আৰু দিল্লীৰ বাহিৰত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰৱণতা এতিয়া বৃদ্ধি পাইছে"
এই প্ৰকল্পসমূহত স্বাস্থ্য, পথ, ৰে'ল, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত হৈ আছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
প্ৰধানমন্ত্ৰীয়ে কৃতক্কজ্ঞতাৰে কয় "মই দেখিছোঁ যে প্ৰজন্ম সলনি হৈছে কিন্তু মোদীৰ প্ৰতি মৰম যিকোনো বয়সৰ সীমাৰ বাহিৰত আছে", ।
বিকশিত ভাৰতৰ বাবে মোৰ লক্ষ্যৰ সৈতে এক ঐশ্বৰিক বিশ্বাস জড়িত হৈ পৰিছে", তেওঁ লগতে কয়।
আজিৰ অনুষ্ঠানটোত চিকিৎসা মহাবিদ্যালয়, যক্ষ্মা চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, পিজিআই উপগ্ৰহ কেন্দ্ৰ, গুৰুত্বপূৰ্ণ যত্ন সম্পৰ্কীয় খণ্ড আৰু ইএছআইচি চিকিৎসালয়ৰ দৰে প্ৰকল্পও মুকলি কৰা হয়৷

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদত মোৰ সহযোগী মনসুখ মাণ্ডৱিয়া, গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সংসদত মোৰ সহকৰ্মী চি আৰ পাটিল, মঞ্চত থকা আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু ৰাজকোটৰ মোৰ ভাই-ভনীসকল, নমস্কাৰ।

দেশৰ বহুতো ৰাজ্যৰ বহু সংখ্যক লোকেও আজি এই কাৰ্যসূচীত যোগদান কৰিছে। বহুতো ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় ৰাজ্যপাল, বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, তেওঁলোক সকলোৱে এই কাৰ্যসূচীত ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হৈছে। মই তেওঁলোক সকলোকে অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ।

এটা সময় আছিল যেতিয়া দেশৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যসূচী দিল্লীত অনুষ্ঠিত হৈছিল। মই ভাৰত চৰকাৰক দিল্লীৰ পৰা বাহিৰলৈ লৈ গৈ দেশৰ প্ৰতিটো কোণত উপস্থিত হৈছোঁ আৰু আজি মই ৰাজকোটত উপস্থিত হৈছোহি। আজিৰ কাৰ্যসূচীয়েও ইয়াৰ সাক্ষ্য বহণ কৰিছে। আজি এই একেটা কাৰ্যসূচীয়ে দেশৰ বহুতো চহৰত উন্নয়নমূলক এলানি প্ৰকল্পৰ উদ্বোধনৰ লগতে বহু সংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এক নতুন পৰম্পৰাৰ সূচনা কৰিছে। মই কিছুদিন আগতে জম্মু আৰু কাশ্মীৰত আছিলো। মই জম্মুৰ পৰা একেসময়তে ‘আইআইটি ভিলাই’, ‘আইআইটি তিৰুপতি’, ‘ট্ৰিপল আইটি ডিএম কুৰ্ণুল’, ‘আইআইএম বোধগয়াঁ’, ‘আইআইএম জম্মু’, ‘আইআইএম বিশাখাপত্তনম’ আৰু ‘আইআইএছ কানপুৰ’ৰ চৌহদ উদ্বোধন কৰিছিলোঁ। আৰু এতিয়া ৰাজকোটত ‘এইমছ ৰাজকোট’, ‘এইমছ ৰায়বৰেলী’, ‘এইমছ মংগলগিৰি’, ‘এইমছ ভাটিণ্ডা’, ‘এইমছ কল্যাণী’ ইয়াৰ পৰাই উদ্বোধন কৰিছোঁ। পাঁচখন ‘এইমছ’, বিকশিত হবলৈ আগবঢ়া ভাৰতে এনেকৈয়ে দ্ৰুত গতিত কাম কৰি আছে, আৰু কামবোৰ সম্পূৰ্ণ কৰি আছে।

 

বন্ধুসকল,

আজি মই ৰাজকোটলৈ আহিছোঁ, গতিকে মোৰ বহুতো পুৰণি কথা মনলৈ আহিছে। কালি মোৰ জীৱনৰ এটা বিশেষ দিন আছিল। মোৰ নিৰ্বাচনী যাত্ৰাৰ আৰম্ভণিতে ৰাজকোটে এটা ডাঙৰ ভূমিকা পালন কৰিছিল। ২২ বছৰৰ আগতে, ২৪ ফেব্ৰুৱাৰীত ৰাজকোটে মোক প্ৰথমবাৰৰ বাবে আশীৰ্বাদ দিছিল, আৰু মোক ইয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। আৰু আজিৰ এই দিনটোত, অৰ্থাত, ২৫ ফেব্ৰুৱাৰীত মই প্ৰথমবাৰৰ বাবে গান্ধীনগৰৰ ৰাজকোটৰ পৰা বিধায়ক হিচাপে শপত গ্ৰহণ কৰিছিলোঁ। তাৰ পিছত আপোনালোকে মোক আপোনালোকৰৰ চেনেহ, আপোনালোকৰ বিশ্বাসৰ ঋণী কৰি তুলিলে। কিন্তু আজি, ২২ বছৰৰ পিছত মই ৰাজকোটৰ প্ৰতিটো পৰিয়ালৰ সদস্যক গৌৰৱেৰে ক'ব পাৰোঁ যে মই আপোনালোকৰ বিশ্বাস ভাজন হ’বলৈ যথাসাধ্যে চেষ্টা কৰিছোঁ।

আজি সমগ্ৰ দেশে ইমান মৰম, আশীৰ্বাদ দিছে, ইয়াৰ শ্ৰেয় ৰাজকোটেও লাভ কৰিব। আজি, যেতিয়া সমগ্ৰ দেশে তৃতীয়বাৰৰ বাবে ‘এন ডি এ চৰকাৰ’ক আশীৰ্বাদ দিছে, আজি যেতিয়া সমগ্ৰ দেশে ‘এইবাৰ- ৪০০ পাৰ’ হোৱাৰ বিশ্বাস প্ৰকট কৰিছে, তেতিয়া মই ৰাজকোটৰ প্ৰতিটো পৰিয়ালৰ সদস্যৰ ওচৰতে মূৰ দোঁৱাই প্ৰণিপাত কৰিছোঁ। মই দেখিবলৈ পাইছোঁ, প্ৰজন্ম সলনি হৈছে, কিন্তু মোদীৰ প্ৰতি স্নেহে প্ৰতিটো বয়সৰ সীমা অতিক্ৰম কৰিছে। মই আপোনালোকৰ এই ঋণ সূতৰ সৈতে বিকশিত কৰি পৰিশোধ কৰিবলৈ প্ৰয়াস কৰি আঁছো।

বন্ধুসকল,

মই আপোনালোক আটাইৰে পৰা ক্ষমা বিচাৰিছোঁ, আৰু বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যসমূহৰ নাগৰিকসকলৰ পৰাও ক্ষমা বিচাৰিছোঁ, কিয়নো আজি আহোতে মোৰ অলপমান পলম হ’ল। আপোনালোকে অপেক্ষা কৰিব লগা হ’ল। পিচে, ইয়াৰ আঁৰৰ কাৰণটো হ’ল আজি মই দ্বাৰকাত ভগৱান দ্বাৰকাধিশকৰ দৰ্শন কৰি, তেওঁক প্ৰণাম কৰিহে ৰাজকোটলৈ আহিছোঁ। মই দ্বাৰকাক ‘বেট দ্বাৰকা’ৰ সৈতে সংযোগ কৰা ‘সুদৰ্শন সেতু’ও উদ্বোধন কৰিছোঁ। দ্বাৰকাৰ এই সেৱাৰ লগতে আজি মই এক আশ্চৰ্যকৰ আধ্যাত্মিক সাধনাৰ ফলো লাভ কৰিছো। প্ৰাচীন দ্বাৰকা, য’ত ভগৱান কৃষ্ণই নিজে বসতি স্থাপন কৰিছিল বুলি কোৱা হয়, আজি মই সৌভাগ্যৱান যে মই সাগৰৰ গভীৰলৈ গৈছিলোঁ আৰু সেই সমুদ্ৰৰ বুকুত ডুবি যোৱা শ্ৰী কৃষ্ণৰ দ্বাৰকাখন চাবলৈ পালো, যিখন দ্বাৰকা সেই সাগৰত ডুব গৈছিল আৰু তাত থকা অৱশেষসমূহ স্পৰ্শ কৰি জীৱনক ধন্য কৰাৰ, পূজা কৰাৰ, তাত প্ৰভু কৃষ্ণক স্মৰণ কৰাৰ মই সৌভাগ্য লাভ কৰিলোঁ। দীৰ্ঘদিন ধৰি মোৰ মনত এই ইচ্ছা আছিল যে ভগৱান কৃষ্ণই প্ৰতিষ্ঠা কৰা সেই দ্বাৰকাখন পানীৰ তলত থাকিলেও, কেতিয়াবা নহয় কেতিয়াবা তালৈ যাম, সাষ্টাংগে প্ৰণাম জনামগৈ, আৰু আজি মই সেই সৌভাগ্য লাভ কৰিলোঁ। প্ৰাচীন গ্ৰন্থসমূহত দ্বাৰকাৰ বিষয়ে পঢ়ি, পুৰাতত্ত্ববিদসকলৰ আৱিষ্কাৰৰ বিষয়ে জানি আমি আচৰিত হৈ উঠোঁ। আজি মই সাগৰৰ বুকুলৈ গৈ নিজ চকুৰে সেইটো দৃশ্যকে দেখিলোঁ, সেই পবিত্ৰ ভূমি স্পৰ্শ কৰিলোঁ। পূজাৰ লগতে, মই তাত ময়ূৰৰ পাখিও অৰ্পণ কৰিলোঁ। সেই অভিজ্ঞতাই মোক কিমান ভাব-বিভোৰ কৰি তুলিছে সেই কথা শব্দৰে বৰ্ণনা কৰাটো মোৰ বাবে কঠিন হৈছে। সাগৰৰ গভীৰ পানীত মই এই কথাই ভাছিলোঁ আমাৰ ভাৰতৰ বৈভৱ, ইয়াৰ স্তৰ কিমানযে উচ্চ আছিল। যেতিয়া মই ভগৱান কৃষ্ণৰ আশীৰ্বাদ লৈ সাগৰৰ বুকুৰ পৰা ওলাই আহিছিলো, মই দ্বাৰকাৰ অনুপ্ৰেৰণাও মোৰ লগত লৈ আহিছিলোঁ। উন্নয়ন আৰু উত্তৰাধিকাৰিত্বৰ মোৰ সংকল্পই আজি এক নতুন শক্তি, নতুন উত্সাহ লাভ কৰিছে, ‘বিকশিত ভাৰত’ৰ মোৰ লক্ষ্য আজি ঐশ্বৰিক বিশ্বাসৰ সৈতে সংপৃক্ত হৈ গ’ল।

 

বন্ধুসকল,

আজিও আপোনালোকে, সমগ্ৰ দেশে ৪৮ হাজাৰ কোটিতকৈয়ো অধিক টকা মূল্যৰ প্ৰকল্প লাভ কৰিছে। আজি ‘নিউ মুন্দ্ৰা-পানীপথ পাইপলাইন প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে গুজৰাটৰ পৰা খাৰুৱা তেল পোনপটীয়াকৈ পাইপযোগে হাৰিয়ানাৰ শোধনাগাৰত উপস্থিত হ'বগৈ। আজি ৰাজকোটকে ধৰি সমগ্ৰ সৌৰাষ্ট্ৰই পথ, ইয়াৰ দলং, দ্বৈতকৰণ হোৱা ৰে'লপথ, বিদ্যুৎ, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বহুতো খণ্ডৰ এলানি সুবিধা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পিছত এতিয়া ‘এইমছ’-ও ৰাজকোটে লাভ কৰিছে, আৰু ইয়াৰ বাবে ৰাজকোটক, সমগ্ৰ সৌৰাষ্ট্ৰ আৰু সমগ্ৰ গুজৰাটলৈ অভিনন্দন জনাইছোঁ! আৰু আজি এই যিবোৰ স্থানলৈ ‘এইমছ’ উৎসৰ্গা কৰা হৈছে সেইসমূহ স্থানৰ সকলো নাগৰিক ভাই-ভনীক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজিৰ দিনটো কেৱল ৰাজকোট আৰু গুজৰাটৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও এক ঐতিহাসিক দিন। পৃথিৱীৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ স্বাস্থ্য খণ্ড কেনে হ'ব লাগে? উন্নত ভাৰতত স্বাস্থ্য সুবিধাৰ মান কেনে হ'ব? আমি আজি ৰাজকোটত ইয়াৰে এক আভাস দেখিছোঁ। স্বাধীনতাৰ ৫০ বছৰ ধৰি দেশত, আৰু দিল্লীতো মাত্ৰ এখনহে ‘এইমছ’ আছিল। স্বাধীনতাৰ ৭টা দশকত মাত্ৰ ৭ খনহে ‘এইমছ’ অনুমোদিত হৈছিল, অথচ সেইবোৰ কেতিয়াও সম্পূৰ্ণ হোৱা নাছিল। আৰু আজি, যোৱা ১০টা দিনত, মাত্ৰ ১০দিনৰ ভিতৰত ৭ খন নতুন ‘এইমছ’ৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰা হৈছে। সেয়েহে মই কওঁ যে আমি দেশখনৰ উন্নয়ন ৬-৭ দশকত যিখিনি নহ'ল তাতকৈ বহুগুণে দ্ৰুতগতিত কৰি আছো, আমি ইয়াক দেশৰ জনসাধাৰণৰ চৰণত উৎসৰ্গা কৰিছোঁ। আজি ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২০০ তকৈয়ো অধিক স্বাস্থ্য সেৱা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰা কৰাৰ উপৰি আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আছে চিকিৎসা মহাবিদ্যালয়, ডাঙৰ চিকিৎসালয়ৰ ‘ছেটেলাইট কেন্দ্ৰ’, গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ডাঙৰ চিকিৎসালয়।

বন্ধুসকল,

আজি দেশখনে কৈছে, মোদীৰ ‘গেৰাণ্টী’ৰ অৰ্থই হৈছে ‘গেৰাণ্টী’ সম্পূৰ্ণ হোৱাৰ ‘গেৰাণ্টী’। মোদীৰ ‘গেৰাণ্টী’ৰ ওপৰত এই অটল বিশ্বাস কিয় হৈছে, উত্তৰটো ‘এইমছ’তো পোৱা যাব। মই ৰাজকোটক গুজৰাটৰ প্ৰথমখন ‘এইমছ’-ৰ ‘গেৰাণ্টী’ দিছিলোঁ। ৩ বছৰ আগতে মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, আৰু আজি ইয়াক উৎসৰ্গিত কৰি – আপোনালোকৰ সেৱকে সেই ‘গেৰাণ্টী’ পূৰণ কৰিলোঁ। মই মোৰ ‘এইমছ’-ৰ ‘গেৰাণ্টী’ পঞ্জাৱলৈও দিছিলোঁ, মই ‘ভাটিণ্ডা এইমছ’-ৰ আধাৰশিলাও স্থাপন কৰিছিলোঁ, আৰু আজি মই ইয়াক উৎসৰ্গা কৰি আপোনালোকৰ সেৱকে দিয়া সেই ‘গেৰাণ্টী’ পূৰণ কৰিলোঁ। মই উত্তৰ প্ৰদেশৰ ৰায়বৰেলীক ‘এইমছ’-ৰ ‘গেৰাণ্টী’ দিছিলো। কংগ্ৰেছৰ ৰাজপৰিয়ালে কেৱল ৰায়বৰেলীত ৰাজনীতিহে কৰিছিল, কাম কৰিছে মোদীয়ে। মই পাঁচ বছৰ আগতে ‘এইমছ ৰায়বৰেলী’-ৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, আৰু আজি ইয়াক উৎসৰ্গা কৰিলোঁ। আপোনালোকৰ এই সেৱকে ‘গেৰাণ্টী’ পূৰণ কৰিলে। মই আগতে পশ্চিম বংগলৈ ‘এইমছ’-ৰ ‘গেৰাণ্টী’ দিছিলো, আজি ‘কল্যাণী এইমছ’-ও উদ্বোধন কৰা হৈছে, আপোনালোকৰ সেৱকে ‘গেৰাণ্টী’ পূৰণ কৰিছে। মই আগতে অন্ধ্ৰ প্ৰদেশলৈ ‘এইমছ’ৰ ‘গেৰাণ্টী’ দিছিলো, আজি ‘মঙ্গলাগিৰি এইমছ’ উদ্বোধন কৰা হৈছে। আপোনালোকৰ সেৱকে সেই ‘গেৰাণ্টী’ও পূৰণ কৰিছে। মই হাৰিয়ানাৰ ৰেৱাৰীক ‘এইমছ’ৰ ‘গেৰাণ্টী’ দিছিলো, মাত্ৰ কেইদিনমান আগতে, ইয়াৰ আধাৰশিলা ১৬ ফেব্ৰুৱাৰীত স্থাপন কৰা হৈছে। অৰ্থাৎ, আপোনালোকৰ সেৱকে এই ‘গেৰাণ্টী’ও পূৰণ কৰিলে। যোৱা ১০টা বছৰত আমাৰ চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত ১০খন নতুন ‘এইমছ’লৈ অনুমোদন জনাইছে। এটা সময়ত ৰাজ্যসমূহৰ মানুহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ‘এইমছ’ দাবী কৰি কৰি ভাগৰি পৰিছিল। আজি ‘এইমছ’ৰ দৰে আধুনিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় এখনৰ পিছত এখনকৈ দেশত মুকলি হৈ আছে। সেয়েহে দেশখনে কয়– য'ত আনৰ পৰা আশা শেষ হয়, মোদীৰ ‘গেৰাণ্টী’ তাৰ পৰা আৰম্ভ হয়।

 

বন্ধুসকল,

ভাৰতে ক’ৰোনাক কেনেদৰে পৰাজিত কৰিছিল সেয়া আজি সমগ্ৰ বিশ্বতে আলোচনা কৰা হয়। আমি এইটো কৰিবলৈ সক্ষম হৈছিলো কাৰণ যোৱা ১০ট বছৰত ভাৰতৰ স্বাস্থ্য সেৱা প্ৰণালী সম্পূৰ্ণৰূপে সলনি হৈছে। যোৱা দশকত এইমছ, চিকিৎসা মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ সেৱা আন্তঃগাঁথনিসমূহৰ ‘নেটৱৰ্ক’ৰ এক অভূতপূৰ্ব সম্প্ৰসাৰণ দেখা গৈছে। আমি সৰু-সুৰা ৰোগৰ বাবে প্ৰতিখন গাঁৱত ১.৫ লাখতকৈয়ো অধিক ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ নিৰ্মাণ কৰিছো, ১.৫ লাখতকৈও অধিক। দহ বছৰ আগতে দেশত প্ৰায় ৩৮০-৩৯০ খন চিকিৎসা মহাবিদ্যালয় আছিল, আজি ৭০৬ খন চিকিৎসা মহাবিদ্যালয় আছে। ১০ বছৰ আগতে ‘এমবিবিএছ পাঠ্যক্ৰম’ৰ আসন আছিল প্ৰায় ৫০ হাজাৰ, আজি ১ লাখতকৈয়ো অধিক আসন আছে। দহ বছৰ আগতে স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমৰ আসন আছিল প্ৰায় ৩০,০০০, আজি ৭০,০০০ৰো অধিক আছে। অহা কেইবছৰমানত ভাৰতত যিমান সংখ্যক যুৱ চিকিৎসক পাঠ্যক্ৰম শেষ কৰি ওলাব, স্বাধীনতাৰ ৭০ বছৰতকৈ অধিক সময়তো সিমান ওলোৱা নাছিল। আজি দেশত ৬৪,০০০ কোটি টকাৰ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান চলি আছে। আজিও যক্ষ্মা ৰোগৰ চিকিৎসা সম্পৰ্কীয় বহুতো চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, পিজিআই-ৰ উপগ্ৰহীয় কেন্দ্ৰ, গুৰুত্বপূৰ্ণ সেৱা খণ্ড, এনে বহুতো প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আজি, বহুকেইখন ‘ইএছআইচি চিকিৎসালয়’ও ৰাজ্যসমূহক প্ৰদান কৰা হৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰৰ প্ৰাথমিকতা হৈছে ৰোগ প্ৰতিৰোধ কৰা আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য বৃদ্ধি কৰা। আমি ৰোগ প্ৰতিৰোধৰ বাবে পুষ্টি, যোগ-আয়ুষ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰিছোঁ। আমি পৰম্পৰাগত ভাৰতীয় ঔষধ প্ৰণালী আৰু আধুনিক ঔষধ দুয়োটাকে উত্সাহিত কৰিছোঁ। আজি মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত যোগ আৰু নেশ্যাৰোপেথী সম্পৰ্কীয় দুখন মুখ্য চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰও উদ্বোধন কৰা হৈছে। পৰম্পৰাগত ঔষধৰ সৈতে সম্পৰ্কিত বিশ্ব স্বাস্থ্য সংস্থাৰ এটা গোলকীয় কেন্দ্ৰও গুজৰাটত নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

দৰিদ্ৰই হওক বা মধ্যবিত্তই হওক, সকলোৱে উন্নত চিকিৎসা লাভ কৰাৰ লগতে তেওঁলোকে ধনো যাতে ৰাহি কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ বাবেও আমাৰ চৰকাৰৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ ফলত দৰিদ্ৰ সকলে এক লাখ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। ‘জন ঔষধী কেন্দ্ৰ’সমূহত ৮০ শতাংশ ৰেহাই দৰত ঔষধ লাভ কৰি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে ব্যয় হোৱাৰ পৰা ৩০ হাজাৰ কোটি টকা ৰাহি কৰিব পাৰিছে। অৰ্থাৎ চৰকাৰে জীৱন ৰক্ষাতো কৰিছেই, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পৰা বোজাও লাঘৱ কৰিছে। ‘উজ্জ্বলা আঁচনি’য়ে দৰিদ্ৰ পৰিয়ালৰ বাবে ৭০ হাজাৰ কোটি টকাৰো অধিক ধন ৰাহি কৰিছে। আমাৰ চৰকাৰে সুলভ কৰা ‘ডাটা’ৰ বাবে প্ৰতিগৰাকী মোবাইল ব্যৱহাৰকাৰীয়ে প্ৰতি মাহে প্ৰায় ৪ হাজাৰ টকা ৰাহি কৰি আছে। কৰ সম্পৰ্কীয় সংস্কাৰৰ বাবে কৰদাতাসকলে প্ৰায় আঢ়ৈ লাখ কোটি টকা ৰাহি কৰিছে।

 

বন্ধুসকল,

এতিয়া আমাৰ চৰকাৰে এনে ধৰণৰ আন এখন আঁচনি লৈ আহিছে, যিখন আঁচনিয়ে অনাগত বছৰবোৰত বহুতো পৰিয়ালৰ সঞ্চয় বৃদ্ধি কৰিব। আমি বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ বাবে ব্যস্ত হৈছো আৰু পৰিয়ালসমূহক বিদ্যুতৰ পৰা উপাৰ্জন কৰাৰ ব্যৱস্থা কৰি দিব বিচাৰিছো। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ– বিনামূলীয়া বিদ্যুৎ আঁচনিৰ জৰিয়তে আমি দেশৰ জনসাধাৰণৰ সঞ্চয় আৰু উপাৰ্জন বৃদ্ধি কৰিম। এই আঁচনিত যোগদান কৰা লোকসকলে ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু চৰকাৰে বাকী বিদ্যুৎ ক্ৰয় কৰিব, আপোনালোকক ধন দিব।

বন্ধুসকল,

এফালে আমি প্ৰতিটো পৰিয়ালক সৌৰ শক্তিৰ উৎপাদক কৰিবলৈ ওলাইছো, আনফালে আমি সৌৰ আৰু বায়ু শক্তিৰ ডাঙৰ প্ৰকল্পও স্থাপন কৰি আছো। আজি কচ্ছত দুটা বৃহৎ সৌৰ প্ৰকল্প আৰু এটা বায়ু শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ই ‘নৱীকৰণযোগ্য শক্তি’ উৎপাদনত গুজৰাটৰ ক্ষমতা আৰু অধিক সম্প্ৰসাৰিত কৰিব।

বন্ধুসকল,

আমাৰ ৰাজকোট হৈছে উদ্যোগী, শ্ৰমিক আৰু কাৰিকৰসকলৰ এখন চহৰ। এই অংশীদাৰসকলে এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে। ইয়াৰে বহুতো সঙ্গী, মোদীয়ে যিসকলৰ খবৰ প্ৰথমবাৰৰ বাবে লৈছে, মোদীয়ে উপাসনা কৰিছে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমাৰ ‘বিশ্বকৰ্মা’ বন্ধুসকলৰ বাবে দেশজুৰি আঁচনি প্ৰস্তুত কৰা হৈছে। ১৩ হাজাৰ কোটি টকাৰ ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ত এই পৰ্যন্ত কেবা লাখ লোকে যোগদান কৰিছে। ইয়াৰ অধীনত, তেওঁলোকে তেওঁলোকৰ দক্ষতা উন্নত কৰিবলৈ আৰু তেওঁলোকৰ ব্যৱসায় আগবঢ়াবলৈ সহায় লাভ কৰিছে। এই আঁচনিৰ সহায়ত গুজৰাটত ২০ হাজাৰৰো অধিক লোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। এই ‘বিশ্বকৰ্মা’ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে ১৫,০০০ টকালৈকে সাহায্যও লাভ কৰিছে।

 

বন্ধুসকল,

তুমি জানো যে আমাৰ ৰাজকোটত সোণাৰৰ কাম ইমান ডাঙৰ কাম। এই ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও এই ‘বিশ্বকৰ্মা আঁচনি’ৰ সুবিধা লাভ কৰিছে। 

বন্ধুসকল,

প্ৰথমবাৰৰ বাবে ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ যুগুতোৱা হৈছে। এতিয়ালৈকে এই আঁচনিৰ অধীনত এই বন্ধুসকলক প্ৰায় ১০ হাজাৰ কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে। ইয়াত গুজৰাটত, পথৰ দাঁতিত বেহা কৰোতাসকলে প্ৰায় ৮০০ কোটি টকাৰ সাহায্য লাভ কৰিছে। আপোনালোকে কল্পনা কৰিব পাৰিবনে যে আগতে ভৰ্ৎসনা কৰা পথৰ দাঁতিত বেহা কৰাসকলক বিজেপিয়ে কেনেদৰে সন্মান জনাইছে। ইয়াত ৰাজকোটত ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ অধীনত ৩০ হাজাৰৰো অধিক ঋণ দিয়া হৈছে।

বন্ধুসকল,

যেতিয়া আমাৰ এই বন্ধুসকল শক্তিশালী হয় তেতিয়া এখন উন্নত ভাৰতৰ লক্ষ্যও শক্তিশালী হয়। যেতিয়া মোদীয়ে ভাৰতক তৃতীয় অৰ্থনৈতিক মহাশক্তি হোৱাৰ ‘গেৰাণ্টী’ দিয়ে, তেতিয়া তেওঁৰ লক্ষ্য হৈছে সকলোৰে বাবে স্বাস্থ্য আৰু সমৃদ্ধি। আজি দেশক প্ৰদান কৰা এই প্ৰকল্পসমূহে আমাৰ সংকল্প পূৰণ কৰিব, এই কামনাৰেই আপোনালোকে যি এক বিশাল আদৰণি জনালে, বিমানবন্দৰৰ পৰা ইয়ালৈকে মই সমগ্ৰ পথছোৱাত, আৰু ইয়াতো আপোনাক চাবলৈ সুযোগ পালো। আজি বহু বছৰৰ পিছত মই বহুতো পুৰণি বন্ধুৰ মুখ দেখিছোঁ, সকলোকে সম্ভাষণ জনাইছোঁ আৰু নমস্কাৰ কৰিছোঁ। মোৰ খুবেই ভাল লাগিছে। মই বিজেপিৰ ৰাজকোটৰ সহকৰ্মীসকলক হৃদয়েৰে অভিনন্দন জনাইছোঁ। এনে এক বিশাল কাৰ্যসূচী আয়োজন কৰিবলৈ আৰু এই সকলো উন্নয়নমূলক কামৰ বাবে আৰু এক উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ, আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ আহক। আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছোঁ। মোৰ সৈতে কওক–  ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.