সোমনাথৰ ভূমি গুজৰাটত জন্মগ্ৰহণ কৰি বাবা বিশ্বনাথৰ ভূমি কাশীত সেৱা কৰিবলৈ আৰু আজি শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছো: প্ৰধানমন্ত্ৰী
শ্ৰী শিৱাজী স্পৰ্থী কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছো আৰু ছাত্ৰপতি শিৱাজী মহাৰাজৰ ওচৰত প্ৰণাম জনাইছো: প্ৰধানমন্ত্ৰী
অন্ধ্ৰ প্ৰদেশ ‘স্বাভিমান’ আৰু ‘সংস্কৃত’ৰ ভূমি, ই বিজ্ঞান আৰু উদ্ভাৱনৰো কেন্দ্ৰ:প্ৰধানমন্ত্ৰী
আজি স্বচ্ছ শক্তিৰ পৰা আৰম্ভ কৰি মুঠ শক্তি উৎপাদনলৈকে ভাৰতে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়িছে: প্ৰধানমন্ত্ৰী
সমগ্ৰ দেশতে বহুমুখী আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত হৈছে আৰু আমি সংযোগৰ বিষয়ত শক্তিশালীভাৱে মনোনিৱেশ কৰিছো, গাঁৱৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বন্দৰলৈকে: প্ৰধানমন্ত্ৰী
ভাৰত আৰু অন্ধ্ৰপ্ৰদেশ উভয়ৰে গতি তথা পৰিসৰ আজি বিশ্বই প্ৰত্যক্ষ কৰিছে; অন্ধ্ৰ প্ৰদেশত গুগলে ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তাৰ হাব স্থাপন কৰিবলৈ সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতক একবিংশ শতিকাৰ নতুন উৎপাদন কেন্দ্ৰ হিচাপে প্ৰত্যক্ষ কৰিছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰৰ দৃষ্টিভংগী নাগৰিককেন্দ্ৰিক উন্নয়ন, নিৰন্তৰ সংস্কাৰৰ জৰিয়তে আমি মানুহৰ জীৱন সহজ কৰি তুলিছো: প্ৰধানমন্ত্ৰী

ভাই-ভনীসকল, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো!

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এনমাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত   আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰথমে আহোবিলামৰ ভগৱান নৰসিংহ স্বামী আৰু মহানন্দিৰ ভগৱান মহানন্দিশ্বৰ স্বামীৰ আগত প্ৰণাম কৰো। লগতে আমাৰ সকলোৰে বাবে মন্ত্ৰালয়ৰ গুৰু শ্ৰী ৰাঘবেন্দ্ৰ স্বামীৰ আশীৰ্বাদ বিচাৰিছো।

বন্ধুসকল,

দ্বাদাশ জ্যোতিৰ্লিংগ স্তোত্ৰামৰ আবৃত্তিত কোৱা হৈছে-   सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् অৰ্থাৎ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম ভগৱান সোমনাথ আৰু দ্বিতীয়তে ভগৱান মল্লিকাৰ্জুন। মোৰ সৌভাগ্য যে গুজৰাটৰ সোমনাথৰ ভূমিত জন্ম লৈ বাবা বিশ্বনাথৰ বাসস্থান কাশীৰ পবিত্ৰ ভূমিত সেৱা কৰাৰ সুযোগ পাইছো আৰু আজি শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰিছো।

 

বন্ধুসকল,

শ্ৰীছাইলাম ভ্ৰমণ কৰাৰ পিছত শিৱাজী স্পৰ্থী কেন্দ্ৰ ভ্ৰমণ কৰি তাতো শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলোঁ। মই

এই মঞ্চৰ পৰাই ছত্ৰপতি শিৱাজী মহাৰাজক প্ৰণাম জনাইছো। আল্লামা প্ৰভু আৰু আক্কামাদেৱীৰ দৰে শিৱভক্তক শ্ৰদ্ধাৰে সোঁৱৰিছো। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু হৰি সৰ্বোথামা ৰাওৰ দৰে মহান স্বাধীনতা সংগ্ৰামী সকলকো শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

বন্ধুসকল,

অন্ধ্ৰ প্ৰদেশ গৌৰৱ আৰু সংস্কৃতিৰ ভূমি, একে সময়তে ই বিজ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰও। ই অসীম সম্ভাৱনা আৰু অপৰিসীম যুৱ শক্তিৰ ভূমি। অন্ধ্ৰক যি প্ৰয়োজন আছিল সেয়া আছিল সঠিক দৃষ্টিভংগী আৰু সঠিক নেতৃত্ব। আজি অন্ধ্ৰত চন্দ্ৰবাবু নাইডু গাৰু আৰু পৱন কল্যাণ গাৰু ৰূপত সেই দূৰদৰ্শী নেতৃত্বৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে।

বন্ধুসকল,

যোৱা ১৬ মাহত অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ গতি লক্ষণীয়ভাৱে দ্ৰুতগতিত হৈছে। ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অভূতপূৰ্ব অগ্ৰগতি ঘটিছে। আজি দিল্লী আৰু অমৰাৱতী একেলগে দ্ৰুত বিকাশৰ দিশত আগবাঢ়িছে। আৰু চন্দ্ৰবাবুৱে সঠিকভাৱে কোৱাৰ দৰে এই গতি দেখি মই নিশ্চিতভাৱে কব পাৰো যে ২০৪৭ চনৰ ভিতৰত যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব তেতিয়া বিকশিত ভাৰত” (উন্নত ভাৰতনিশ্চিতভাৱে বাস্তৱত পৰিণত হ। মাত্ৰ এতিয়াই চন্দ্ৰবাবুৱে বৰ আবেগেৰে কথা কলে, আৰু মই সম্পূৰ্ণ দৃঢ়তাৰে কব পাৰো যে একবিংশ শতিকা ভাৰতৰ। এই শতিকাটো ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ।

 

বন্ধুসকল,

আজিও পথ, বিদ্যুৎ, ৰেলপথ, ঘাইপথ, বাণিজ্যৰ লগত জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যখনত সংযোগ শক্তিশালী কৰিব, উদ্যোগক উন্নীত কৰিব, আৰু মানুহৰ জীৱন সহজ কৰি তুলিব। এই পদক্ষেপসমূহৰ দ্বাৰা কুৰ্ণুল অঞ্চল আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহে যথেষ্ট লাভাৱান্বিত  হ। এই প্ৰকল্পসমূহৰ বাবে ৰাজ্যৰ সকলো ৰাইজক অভিনন্দন জনাইছো।    

বন্ধুসকল,

যিকোনো দেশ বা ৰাজ্যৰ উন্নয়নৰ বাবে শক্তি সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। আজি ইয়াত শক্তি খণ্ডত প্ৰায় ৩০০০ কোটি টকাৰ ট্ৰেন্সমিছন প্ৰজেক্ট আৰম্ভ কৰা হৈছে। ইয়াৰ ফলত দেশৰ শক্তি ক্ষমতা আৰু অধিক বৃদ্ধি পাব৷

বন্ধুসকল,

দ্ৰুত বিকাশৰ মাজত আমি অতীতৰ পৰিস্থিতি পাহৰিব নালাগে। প্ৰায় ১১ বছৰ আগতে কংগ্ৰেছ চৰকাৰ যেতিয়া কেন্দ্ৰত আছিল, তেতিয়া দেশত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ গড়ে ১০০০ ইউনিটতকৈও কম আছিল। দেশখনত প্ৰায়ে ব্লেকআউটৰ সন্মুখীন হৈছিল, বহু গাঁৱত বিদ্যুতৰ খুঁটাও নাছিল। আজি ভাৰতে স্বচ্ছ শক্তিৰ পৰা আৰম্ভ কৰি মুঠ শক্তি উৎপাদনলৈকে প্ৰতিটো খণ্ডতে নতুন অভিলেখ গঢ়ি তুলিছে। দেশৰ প্ৰতিখন গাঁৱতে এতিয়া বিদ্যুৎ পৰিগণিত হৈছে। জনমূৰি বিদ্যুতৰ ব্যৱহাৰ ১৪০০ ইউনিটলৈ বৃদ্ধি পাইছে, আৰু উদ্যোগ আৰু পৰিয়াল উভয়ৰে বাবে পৰ্যাপ্ত বিদ্যুৎ আছে।

 

বন্ধুসকল,

এই শক্তি বিপ্লৱৰ অন্যতম মূল কেন্দ্ৰ অন্ধ্ৰ প্ৰদেশ। চন্দ্ৰবাবুৰ নেতৃত্বত আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীকাকুলামৰ পৰা আংগুললৈ প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প। এই পাইপলাইনে প্ৰায় ১৫ লাখ ঘৰলৈ গেছ যোগান ধৰিব। চিত্তুৰত আজি উদ্বোধন কৰা হৈছে এল পি জি বটলিং প্লাণ্ট, যত দৈনিক ২০ হাজাৰ চিলিণ্ডাৰ ভৰোৱাৰ ক্ষমতা আছে। ইয়াৰ দ্বাৰা স্থানীয় পৰিবহণ আৰু মজুতকৰণ খণ্ডত নতুন চাকৰিৰ সৃষ্টি হব আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন  সুযোগৰ সৃষ্টি হ

বন্ধুসকল,

আজি সমগ্ৰ দেশতে বিকশিত  ভাৰতৰ লক্ষ্য ক্ষিপ্ৰতাৰে লাভ কৰিবলৈ বহুমৌলিক আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। আমি গাঁৱৰ পৰা চহৰলৈ, আৰু চহৰৰ পৰা বন্দৰলৈ সংযোগৰ ওপৰত গুৰুত্ব দিছো। সব্বৱৰাম আৰু শীলানগৰৰ মাজৰ নতুন ঘাইপথটোৱে সংযোগ আৰু অধিক শক্তিশালী কৰিব। ৰে'ল খণ্ডতো আৰম্ভ হৈছে এক নতুন যুগ। নতুন ৰে'লপথ আৰম্ভ আৰু ৰে'লৱে ফ্লাইঅভাৰ নিৰ্মাণৰ লগে লগে ভ্ৰমণ সহজ হৈ পৰিব, আৰু এই অঞ্চলৰ উদ্যোগসমূহে নতুন গতি লাভ কৰিব।

বন্ধুসকল,

আজি আমাৰ সংকল্প হৈছে  ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত’ গঢ়ি তোলাৰ।এই জাতীয় অভিযানে স্বৰ্ণ (সোণালীঅন্ধ্ৰৰ দৃষ্টিভংগীৰ পৰা নতুন শক্তি লাভ কৰিছে। আমি সকলোৱে জানো যে প্ৰযুক্তিৰ কথা আহিলে অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ যুৱক-যুৱতীসকল সদায় আগৰণুৱা হৈ আহিছে। আমি ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অন্ধ্ৰৰ অপৰিসীম সম্ভাৱনাক আৰু অধিক সম্প্ৰসাৰিত কৰিছো।

 

বন্ধুসকল,

আজি ভাৰত আৰু অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ গতি আৰু পৰিসৰক সমগ্ৰ বিশ্বই স্বীকৃতি দিছে। মাত্ৰ দুদিন পূৰ্বে গুগলে অন্ধ্ৰপ্ৰদেশত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছিল। গুগলে অন্ধ্ৰ প্ৰদেশত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তাৰ হাব স্থাপন কৰিবলৈ ওলাইছে। কালি যেতিয়া মই গুগলৰ চিইঅৰ সৈতে কথা পাতিছিলো, তেতিয়া তেওঁ মোক কৈছিল, আমেৰিকাৰ বাহিৰৰ বহু দেশত আমাৰ বিনিয়োগ আছে, কিন্তু আমাৰ আগন্তুক আটাইতকৈ ডাঙৰ বিনিয়োগ হব অন্ধ্ৰপ্ৰদেশত” এই নতুন এআই হাবত শক্তিশালী এআই আন্তঃগাঁথনি, ডাটা চেণ্টাৰৰ ক্ষমতা, বৃহৎ পৰিসৰৰ শক্তিৰ উৎস আৰু এটা সম্প্ৰসাৰিত ফাইবাৰ-অপ্টিক নেটৱৰ্ক অন্তৰ্ভুক্ত কৰা হ

বন্ধুসকল,

গুগলৰ এআই হাব বিনিয়োগৰ অংশ হিচাপে নতুন আন্তঃৰাষ্ট্ৰীয় চাবচি গেটৱেও নিৰ্মাণ কৰা হ। ইয়াত একাধিক আন্তঃৰাষ্ট্ৰীয় সাগৰৰ তলৰ কেবল অন্তৰ্ভুক্ত কৰা হ , যিয়ে ভাৰতৰ পূব উপকূলক পোনপটীয়াকৈ বিশাখাপট্টনমৰ সৈতে সংযোগ কৰিব।

বন্ধুসকল,

এই প্ৰকল্পই বিশাখাপট্টনমক এআই আৰু সংযোগৰ বাবে বিশ্বব্যাপী হাব হিচাপে প্ৰতিষ্ঠা কৰিব। ই কেৱল ভাৰতকে নহয় সমগ্ৰ বিশ্বৰ সেৱা কৰিব। এই সাফল্যৰ বাবে অন্ধ্ৰপ্ৰদেশবাসীক আন্তৰিকতাৰে অভিনন্দন জনাইছো আৰু চন্দ্ৰবাবুৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লৈছো।

বন্ধুসকল,

ভাৰতৰ উন্নয়নৰ বাবে অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন অতি প্ৰয়োজনীয়। আৰু মোৰ দৃঢ় বিশ্বাস যে অন্ধ্ৰৰ বৃদ্ধিৰ বাবে ৰায়লাছীমাৰ বিকাশও সমানেই গুৰুত্বপূৰ্ণ। আজি কুৰ্ণুলৰ ভূমিত আৰম্ভ হোৱা প্ৰকল্পসমূহে ৰায়ালাসীমাৰ প্ৰতিখন জিলাতে কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিব। এই প্ৰকল্পসমূহে সমগ্ৰ অঞ্চলটোৰ ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰিব।

 

বন্ধুসকল,

অন্ধ্ৰ প্ৰদেশৰ দ্ৰুত অগ্ৰগতি নিশ্চিত কৰিবলৈ আমি নতুন ঔদ্যোগিক কৰিডৰ আৰু হাব সৃষ্টি কৰিব লাগিব৷ এই সন্দৰ্ভত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ নতুন ঔদ্যোগিক পৰিচয় হিচাপে অৰভাকাল আৰু কোপ্পাৰ্থীক বিকশিত কৰিছে। অৰভাকাল আৰু কপপাৰ্থীত বিনিয়োগ বৃদ্ধি পোৱাৰ লগে লগে যুৱক-যুৱতীসকলৰ বাবে নিৰন্তৰভাৱে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে

বন্ধুসকল,

আজি বিশ্বই ভাৰতক একবিংশ শতিকাৰ নতুন উৎপাদন কেন্দ্ৰ হিচাপে চাইছে। এই সফলতাৰ আটাইতকৈ ডাঙৰ ভেটি হৈছে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী। আমাৰ অন্ধ্ৰপ্ৰদেশ আতমনিৰ্ভৰ ভাৰতৰ অন্যতম মূল কেন্দ্ৰ হৈ পৰিছে

বন্ধুসকল,

কংগ্ৰেছ চৰকাৰসমূহে অন্ধ্ৰপ্ৰদেশৰ প্ৰকৃত সম্ভাৱনাক অৱহেলা কৰি কেৱল ৰাজ্যখনৰেই নহয় সমগ্ৰ  দেশখনৰ ক্ষতিসাধন কৰিছিল। যিখন ৰাষ্ট্ৰই জাতিটোৰ বৃদ্ধিৰ নেতৃত্ব দিব পাৰিলেহেঁতেন, সেইখন ৰাষ্ট্ৰক নিজৰ উন্নয়নৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য কৰা হ। এন ডি এ চৰকাৰৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ ছবিখন সলনি হোৱাত মই সুখী। চন্দ্ৰবাবু জীৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশ আতমনিৰ্ভৰ ভাৰতৰ নতুন শক্তিকেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সমগ্ৰ অন্ধ্ৰত উৎপাদন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। নিম্মালুৰুত এডভান্সড নাইট ভিজন ফেক্টৰী মুকলি কৰাটো প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত আন এক পদক্ষেপ। এই কাৰখানাই ভাৰতৰ নৈশ দৃষ্টিশক্তি সঁজুলি, মিছাইল চেন্সৰ, আৰু ড্ৰন গাৰ্ড চিষ্টেম উৎপাদনৰ ক্ষমতা শক্তিশালী কৰিব। ইয়াত নিৰ্মিত সঁজুলিয়ে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহৎ গতি প্ৰদান কৰিব। আৰু আমি ইতিমধ্যে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতত নিৰ্মিত প্ৰযুক্তিৰ শক্তিৰ সাক্ষী হৈছো।

 

 

বন্ধুসকল,

মই আনন্দিত যে অন্ধ্ৰ চৰকাৰে কুৰ্ণুলক ভাৰতৰ ড্ৰোন হাব হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে। ড্ৰন উদ্যোগৰ জৰিয়তে কুৰ্ণুল আৰু সমগ্ৰ অন্ধ্ৰপ্ৰদেশত কেইবাটাও নতুন ভৱিষ্যতৰ প্ৰযুক্তি খণ্ডৰ উন্মেষ ঘটিব। মই উল্লেখ কৰা মতে অপাৰেচন সিন্দূৰৰ সময়ত ড্ৰনৰ উল্লেখযোগ্য প্ৰদৰ্শনে বিশ্ববাসীক আচৰিত কৰি তুলিছিল। আগন্তুক সময়ত কুৰ্ণুল ভাৰতৰ বাবে ড্ৰোন খণ্ডত এক ডাঙৰ শক্তি হৈ পৰিব।

বন্ধুসকল,

আমাৰ চৰকাৰৰ দৃষ্টিভংগী নাগৰিককেন্দ্ৰিক উন্নয়নইয়াৰ বাবে আমি মানুহৰ জীৱন সহজ কৰি তুলিবলৈ সংস্কাৰ অহৰহ সাধন কৰিছো৷ বছৰি ১২ লাখ টকা পৰ্যন্ত আয় আজি দেশত সম্পূৰ্ণ কৰমুক্ত। সুলভ মূল্যৰ ঔষধ, কম খৰচী স্বাস্থ্যসেৱা, জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান কাৰ্ডৰ দৰে পদক্ষেপে জীৱন-যাপনৰ সহজতাৰ ক্ষেত্ৰত এক নতুন অধ্যায় আৰম্ভ কৰিছে

 

বন্ধুসকল,

নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰাই জি এছ টিৰ হাৰো যথেষ্ট হ্ৰাস পাইছে। মই এইটো দেখি অতি আনন্দিত হৈছো যে, নাৰা লোকেশ গাৰুৰ নেতৃত্বত ইয়াৰ মানুহে জি এছ টি ৰাহি উৎসৱ (ৰাহি উৎসৱউদযাপন কৰিছে। আপোনালোকেও সফলতাৰে চলাই আছে ছুপাৰ জি এছ টি – ছুপাৰ চেভিংছ” অভিযান। মোক জনোৱা হৈছে যে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণে ৮ হাজাৰ কোটি টকাৰো অধিক ৰাহি কৰিব। এই সঞ্চয়ই এই বতৰত উৎসৱমুখৰ উল্লাস বৃদ্ধি কৰিছে। কিন্তু মোৰো এটা অনুৰোধ আছে। আহক আমি ভোকেল ফৰ লোকেলৰ মনোভাৱেৰে এই জিএছটি ৰাহি  উৎসৱ উদযাপন কৰো!

বন্ধুসকল,

বিকশিত  অন্ধ্ৰ’ (উন্নত অন্ধ্ৰ)ৰ জৰিয়তেহে আমি বিকশিত  ভাৰত’ (উন্নত ভাৰত)ৰ সপোন পূৰণ কৰিব পাৰো। আকৌ এবাৰ অন্ধ্ৰ প্ৰদেশৰ সকলো নতুন প্ৰকল্প আৰু পদক্ষেপৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ মই ইয়াৰ সৈতে  যোগ দি কওঁভাৰত মাতা কি জয়সেই শিশু দুটাই কিছু সময় ধৰি নিজৰ ছবিবোৰ ওপৰলৈ তুলি ধৰি  আছে। আমাৰ এছ পি জি দলটোৱে, তেওঁলোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰক। হয়, অনুগ্ৰহ কৰি সেইবোৰ সংগ্ৰহ কৰক। এতিয়া, মোৰ লগত কওকভাৰত মাতা কি জয়ভাৰত মাতা কি জয়ভাৰত মাতা কি জয়!

আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology

Media Coverage

Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"