সুদৰ্শন চক্ৰধাৰী মোহন আৰু যঁতৰধাৰী মোহনে দেখুওৱা পথ অনুসৰণ কৰি ভাৰত আজি শক্তিশালী হৈ উঠিছে: প্ৰধানমন্ত্ৰী
আজি সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মাষ্টাৰমাইণ্ডক ৰেহাই দিয়া হোৱা নাই, তেওঁলোকে য'তেই লুকাই নাথাকক কিয়: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে ক্ষুদ্ৰ উদ্যোগী, কৃষক, বা পশুপালকসকলৰ কোনো ক্ষতি হ’বলৈ নিদিয়ে: প্ৰধানমন্ত্ৰী
আজি গুজৰাটৰ মাটিত সকলো ধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছেঃ প্ৰধানমন্ত্ৰী
নব্য মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণী উভয়কে শক্তিশালী কৰাৰ আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে: প্ৰধানমন্ত্ৰী
এই দীপাৱলীত ব্যৱসায়ী সমাজেই হওক বা আন পৰিয়ালেই হওক, সকলোৱে দুগুণ সুখৰ বোনাছ লাভ কৰিব: প্ৰধানমন্ত্ৰী
উৎসৱৰ বতৰত সকলো ক্ৰয় , ঘৰ সজাবলৈ অনা সামগ্ৰী , উপহাৰ আদিৰ মেড ইন ইণ্ডিয়া ক্ৰয় কৰক : প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আজি আপোনালোক সকলোৱে!

গুজৰাটৰ ৰাজ্যপাল, শ্ৰীযুত আচাৰ্য দেৱব্ৰত জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী চি আৰ পেটেল, গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰী, আহমেদাবাদৰ মেয়ৰ প্ৰতিভা জী, অন্যান্য জনপ্ৰতিনিধিগণ আৰু আহমেদাবাদৰ মোৰ ভাই-ভনীসকল!

আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।

বন্ধুসকল,

এই সময়ত সমগ্ৰ দেশতে গণেশোৎসৱৰ এক আশ্চৰ্যকৰ উৎসাহ। গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ উন্নয়নৰ লগত জড়িত বহু প্ৰকল্পৰো শ্ৰীগণেশ হৈছে। এয়া মোৰ সৌভাগ্য যে আজি মই উন্নয়নমূলক বহুতো প্ৰকল্প আপোনালোক সকলো জনতা জনাৰ্দনৰ চৰণত সমৰ্পিত কৰাৰ, আপোনালোকৰ হাতত গতাই দিবলৈ সৌভাগ্য লাভ কৰিছোঁ। মই এই উন্নয়নমূলক কামবোৰৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

বাৰিষাৰ এই বতৰত গুজৰাটৰো বহু অঞ্চলত ধাৰাসাৰ বৰষুণ পৰি আছে। দেশতো যিদৰে ইটোৰ পিছত সিটোকৈ ডাৱৰ বিস্ফোৰণৰ ঘটনা ঘটি আছে আৰু যেতিয়া টিভিত ধ্বংসলীলা দেখোঁ, তেতিয়া নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। মই সকলো ক্ষতিগ্ৰস্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰকৃতিৰ এই প্ৰকোপ, সমগ্ৰ মানৱ জাতিৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে, সমগ্ৰ দেশৰ বাবে প্ৰত্যাহ্বান হৈয়ে আছে। কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ লগতে মিলি সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

 

বন্ধুসকল,

গুজৰাটত যি শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি হৈছে তাৰ সুখদায়ক ফল আমি চাৰিওফালে দেখিবলৈ পাইছোঁ। আজি গুজৰাটৰ ভূমিত প্ৰতিটো ধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছে। সমগ্ৰ গুজৰাটে এয়া দেখি গৰ্ব কৰে যে কেনেকৈ আমাৰ ৰাজ্যখন উৎপাদনৰ কেন্দ্ৰত পৰিণত হৈছে। আপোনালোকে গম পাব, আপোনালোকৰ মাজৰ জ্যেষ্ঠ ভাই-ভনীসকলে, যেতিয়া গুজৰাটক পৃথক কৰাৰ আন্দোলন চলি আছিল, মহা গুজৰাট আন্দোলন, তেতিয়া বহুতে আমাক কৈছিল যে গুজৰাটক পৃথক কৰি আপোনালোকে কি কৰিব বিচাৰিছে, ভোকত মৰি যাব, এনেকৈ কৈছিল, আপোনালোকৰ ওচৰত কি আছে, কোনো খনিজ পদাৰ্থ নাই, বাৰমহীয়া নদী নাই, দহৰ ভিতৰত সাত বছৰ দুৰ্ভিক্ষ হৈ থাকে, খাদান-খনিজ নাই, কোনো উদ্যোগ বা ব্যৱসায় নাই, খেতি নাই, তাতো এফালে মৰুভূমি আৰু আনফালে পাকিস্তান আছে, কি কৰিব আপোনালোকে এনেকৈ কৈছিল, নিমখৰ বাহিৰে আপোনালোকৰ ওচৰত কি আছে এনেকৈ কৈছিল, ঠাট্টা কৰিছিল, কিন্তু গুজৰাটৰ ওপৰত যেতিয়া দায়িত্ব আহিল যে এতিয়া আমি আমাৰ ভৰিৰ ওপৰত থিয় দিব লাগিব, তেতিয়া গুজৰাটৰ জনসাধাৰণ পিছুৱাই যোৱা নাছিল আৰু আজি আপোনালোকৰ ওচৰত কি আছে, এনেকৈ কোৱা লোকক আমাৰ ওচৰত হীৰা নাই ভাই, এটাও হীৰাৰ খনি নাই, কিন্তু পৃথিৱীৰ দহটাৰ ভিতৰত নটা হীৰা আমাৰ গুজৰাটৰ মাটিৰ পৰাই আহে।

বন্ধুসকল,

কেইমাহমান আগতে মই দহোদলৈ আহিছিলোঁ। তাত থকা ৰে'ল কাৰখানাত শক্তিশালী বৈদ্যুতিক লকোমটিভ ইঞ্জিন নিৰ্মাণ হৈ আছে। আজি গুজৰাটত নিৰ্মিত মেট্ৰ’ ডবা আন দেশলৈ ৰপ্তানি হৈ আছে। ইয়াৰ বাহিৰেও, মটৰ চাইকেল হওক, গাড়ী হওক, গুজৰাটত ইয়াৰ বৃহৎ সংখ্যক উৎপাদন আৰু নিৰ্মাণ হৈ আছে। দেশ আৰু বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে ইয়াত কাৰখানা স্থাপন কৰিছে। গুজৰাটত বিমানৰ বিভিন্ন অংশ নিৰ্মাণ আৰু ইয়াৰ ৰপ্তানিৰ কাম ইতিমধ্যে চলি আছিল। এতিয়া বদোদৰাত পৰিবহণ বিমান নিৰ্মাণৰ কামো আৰম্ভ হৈছে। আমাৰ গুজৰাটত বিমান নিৰ্মাণ হৈ আছে, গতিকে আপুনি সুখী অনুভৱ নকৰেনে? এতিয়া গুজৰাট বৈদ্যুতিক বাহন নিৰ্মাণৰ এক বৃহৎ কেন্দ্ৰও হৈ পৰিছে। মই কাইলৈ ২৬ তাৰিখে হান্সালপুৰলৈ যাম। তাত বৈদ্যুতিক বাহন নিৰ্মাণৰ সন্দৰ্ভত এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি নিৰ্মাণ হৈ থকা সকলো আধুনিক ইলেক্ট্ৰনিক যন্ত্ৰ অৰ্ধপৰিবাহী অবিহনে নিৰ্মাণ কৰিব নোৱাৰি। গুজৰাটে এতিয়া অৰ্ধপৰিবাহী খণ্ডতো ডাঙৰ নাম অৰ্জন কৰিবলৈ ওলাইছে। বস্ত্ৰ হওক, ৰত্ন আৰু গহনা হওক, গুজৰাট নিজৰ বাবেই পৰিচিত হৈ পৰিছে। ঔষধ হওক, ভেকচিন হওক, আনকি ফাৰ্মা উৎপাদনৰ ক্ষেত্ৰতো দেশৰ প্ৰায় এক তৃতীয়াংশ ৰপ্তানি গুজৰাটৰ পৰা হয়।

বন্ধুসকল,

আজি ভাৰত সৌৰ, বতাহ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াত গুজৰাটৰ অংশগ্ৰহণ সৰ্বাধিক। মই এইমাত্ৰ এয়াৰপৰ্টৰ পৰা আহি আছিলোঁ, ভব্য ৰোড শ্ব’ কৰিলোঁ, বাহ! বৰ ভাল কাম কৰিলে আপোনালোকে, ৰোড শ্ব’টো ভব্য আছিলেই, কিন্তু মানুহ ছাদত থিয় হৈ আছিল, বেলকনিত থিয় হৈ আছিল, স্বাভাৱিকতে মই তেওঁলোকক সন্মান জনাই প্ৰণাম কৰিছিলোঁ, কিন্তু মোৰ নজৰ চাৰিওফালে ঘূৰি আছিল, আৰু মই দেখিলোঁ যে প্ৰায় বেছিভাগ ঘৰৰ ছাদত ছাদৰ ওপৰৰ সৌৰশক্তি কেন্দ্ৰবোৰ দেখা গৈছিল। গুজৰাটতো সেউজ শক্তি আৰু পেট্ৰ’-কেমিকেলৰ এক বৃহৎ কেন্দ্ৰ হৈ পৰিছে। দেশৰ পেট্ৰ’কেমিকেলৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰতো গুজৰাটে ডাঙৰ ভূমিকা পালন কৰিছে। আমাৰ প্লাষ্টিক উদ্যোগ, কৃত্ৰিম আঁহ, সাৰ, ঔষধ, ৰং উদ্যোগ, প্ৰসাধন সামগ্ৰীৰ আটাইতকৈ ডাঙৰ ভিত্তি হৈছে পেট্ৰ’কেমিকেল খণ্ড। গুজৰাটত পুৰণি উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছে। মোৰ মনত আছে, আমি বহুদিন মূৰত হাত থৈ কান্দিয়েই আছিলোঁ। আজিৰ পৰা ৩০ বছৰৰ আগৰ দিনবোৰ, যাক মানুহে মনত পেলায়, কিহৰ বাবে কান্দিবলগা হৈছিল, মিল বন্ধ হৈ গ’ল, মিল বন্ধ হৈ গ’ল, মিল বন্ধ হৈ গ'ল, প্ৰতিদিনে এয়াই চলিছিল। যেতিয়াই কোনো নেতা আহিছিল, বাতৰি কাকতৰ মানুহে ইয়াকে সুধিছিল, কওক মিল বন্ধ হৈ গৈছে, কি কৰিব? তেতিয়া কংগ্ৰেছৰ আছিল। কিন্তু আজি একমাত্ৰ বিষয়টো হ’ল গুজৰাটত সেই বিগুল (মিলৰ ছাইৰেন) যদিও বন্ধ হৈ গ’ল, তথাপি চুকে-কোণে উন্নয়নৰ পতাকা উত্তোলন কৰা হৈছে। নতুন উদ্যোগৰ ভেটি স্থাপন কৰা হৈছে আৰু এই সকলো প্ৰচেষ্টাই আত্মনিৰ্ভৰশীল ভাৰতক শক্তিশালী কৰি তুলিছে। ইয়াৰ ফলত গুজৰাটৰ যুৱক-যুৱতীসকলৰ বাবে নিৰন্তৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।

 

বন্ধুসকল,

উদ্যোগ হওক, কৃষি হওক বা পৰ্যটন হওক, উৎকৃষ্ট সংযোগ তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। যোৱা ২০-২৫ বছৰত গুজৰাটৰ সংযোগৰ পৰিৱৰ্তন ঘটিছে। আজিও ইয়াতেই পথ আৰু ৰে'ল সম্পৰ্কীয় বহু প্ৰকল্পৰ শিলান্যাস আৰু লোকাৰ্পণ কৰা হৈছে। বৃত্তাকাৰ পথ অৰ্থাৎ চৰ্দাৰ পেটেল ৰিং ৰোড, এতিয়া বহল হৈ আহিছে। এতিয়া ছয় লেন বহল পথলৈ পৰিণত হৈছে। ইয়াৰ ফলত মহানগৰীৰ অতি জনবহুল অঞ্চলত যান-জঁটৰ সমস্যা হ্ৰাস পাব। একেদৰে বিৰামগাম-খুদ্দাৰ-ৰামপুৰা পথ বহল কৰিলে ইয়াৰ কৃষক আৰু উদ্যোগসমূহে সুবিধা লাভ কৰিব। এই নতুন আণ্ডাৰপাছ আৰু ৰে’লৱে অভাৰব্ৰিজে মহানগৰীৰ সংযোগ আৰু অধিক উন্নত কৰিব।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া কেৱল পুৰণি ৰঙা বাছহে চলিছিল। ৰঙা বাছ, ৰঙা বাছত যাব পাৰি, কিন্তু আজি বিআৰটিএছ জনমাৰ্গ আৰু এচি ইলেক্ট্ৰিক বাছে ইয়াত নতুন সুবিধা প্ৰদান কৰিছে। মেট্ৰ’ ৰে’লৰো দ্ৰুত সম্প্ৰসাৰণ ঘটিছে আৰু ইয়াৰ ফলত আহমেদাবাদীসকলৰ যাতায়তৰ সুবিধা সুনিশ্চিত হৈছে।

বন্ধুসকল,

গুজৰাটৰ প্ৰতিখন চহৰৰ চাৰিওফালে এটা ডাঙৰ ঔদ্যোগিক কৰিডৰ। কিন্তু ১০ বছৰ আগলৈকে বন্দৰ আৰু এনে ঔদ্যোগিক ক্লাষ্টাৰৰ মাজত উন্নত ৰে'ল সংযোগৰ অভাৱ আছিল। ২০১৪ চনত যেতিয়া আপোনালোকে মোক দিল্লীলৈ পঠিয়াইছিল, তেতিয়াই মই গুজৰাটৰ এই সমস্যা সমাধানৰ কাম আৰম্ভ কৰিছিলোঁ। ১১ বছৰত গুজৰাটত প্ৰায় তিনি হাজাৰ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে। গুজৰাটৰ সমগ্ৰ ৰে’ল নেটৱৰ্কত ১০০ শতাংশ বিদ্যুৎ সংযোগ কৰা হৈছে। আজিও গুজৰাটে যি ৰে'ল প্ৰকল্প লাভ কৰিছে, সেই প্ৰকল্পসমূহে কৃষক, উদ্যোগ আৰু ভক্তসকলক উপকৃত কৰিব।

বন্ধুসকল,

চহৰত বসবাস কৰা দৰিদ্ৰ লোকসকলক এক মৰ্যাদাৰ জীৱন প্ৰদানৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আমাৰ ৰামপিৰ ন' টেকাৰো, আমাৰ ৰামপিৰ টিলা, বিমানবন্দৰৰ পৰা আহি থাকোঁতে ৰামপিৰ টিলা। পূজ্য বাপুৱে আগতে দুখীয়াৰ মৰ্যাদাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। আজি সবৰমতী আশ্ৰমৰ প্ৰৱেশদ্বাৰত নিৰ্মিত দুখীয়াৰ বাবে নতুনকৈ ঘৰ নিৰ্মাণ কৰা হৈছে তাৰ জীৱন্ত নিদৰ্শন। দৰিদ্ৰ লোকক ১৫০০টা পকী ঘৰ যোগান ধৰাৰ অৰ্থ হ’ল অগণন নতুন সপোনৰ ভেটি স্থাপন কৰা। এইবাৰ নৱৰাত্ৰি, দেৱালীত এই ঘৰবোৰত বসবাস কৰা মানুহৰ মুখত সুখ আৰু বেছি হ’ব। ইয়াৰ সমান্তৰালকৈ পূজ্য বাপুৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি হিচাপে বাপুৰ সবৰমতী আশ্ৰমখনো সংস্কাৰ কৰা হৈছে। আমাৰ দুই মহাপুৰুষ চৰ্দাৰ চাহেবৰ ভৱিষ্যৎ প্ৰতিমূৰ্তিৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ। মই সেই সময়ত সবৰমতী আশ্ৰমৰ কাম কৰিব বিচাৰিছিলোঁ, কিন্তু সেই সময়ত কেন্দ্ৰীয় চৰকাৰ আমাৰ পক্ষত নাছিল, হয়তো গান্ধীজীৰ পক্ষত নাছিল আৰু তাৰ বাবেই সেই কাম মই কেতিয়াও আগুৱাই নিব পৰা নাছিলোঁ। কিন্তু যিহেতু আপোনালোকে মোক তালৈ পঠিয়াইছে ঠিক তেনেকৈ ষ্টেচ্যু অৱ ইউনিটী চৰ্দাৰ বল্লভভাই পেটেলৰ সেই ভব্য স্মাৰক দেশ আৰু বিশ্বৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, যেতিয়া সবৰমতী আশ্ৰমৰ সংস্কাৰৰ কাম সম্পূৰ্ণ হ’ব, মোৰ কথা লিখি ৰাখক বন্ধুসকল, বিশ্বৰ বাবে শান্তিৰ আটাইতকৈ ডাঙৰ প্ৰেৰণাদায়ক ভূমি এই আমাৰ সবৰমতী আশ্ৰম হ’বলৈ গৈ আছে।

 

বন্ধুসকল,

আমাৰ শ্ৰমিক পৰিয়ালসমূহক এক উন্নত জীৱন প্ৰদান কৰাটো আমাৰ মিছন হৈ আহিছে। সেয়েহে বহু বছৰৰ আগতে আমি গুজৰাটৰ বস্তিবাসীৰ বাবে পকী গেটেড ছ’চাইটি নিৰ্মাণৰ উদ্যোগ লৈছিলোঁ। বিগত বছৰবোৰত গুজৰাটত বস্তিৰ ঠাইত ঘৰ নিৰ্মাণৰ এনে বহু প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু এই অভিযান অব্যাহত আছে।

বন্ধুসকল,

যাক কোনেও নোসোধে মোদীয়ে তেওঁক পূজে। এইবাৰ মই লালকিল্লাৰ পৰাই কৈছিলোঁ যে পিছপৰাক অগ্ৰাধিকাৰ দিয়া, চহৰীয়া দৰিদ্ৰৰ জীৱন সহজ কৰি তোলাও আমাৰ ডাঙৰ অগ্ৰাধিকাৰ। ইয়াৰ পূৰ্বে ৰাজপথত কাম কৰা লোকসকলৰ বিষয়ে কোনেও সোধা নাছিল। আমাৰ চৰকাৰে তেওঁলোকৰ বাবে PM Swanidhi Yojana আৰম্ভ কৰিছিল। আজি এই আঁচনিৰ বাবেই প্ৰায় ৭০ লাখ ষ্ট্ৰীট ভেণ্ডৰ আৰু পুছকাৰ্টৰ মালিকে বেংকৰ পৰা ঋণ লাভ কৰিছে, সকলো সম্ভৱ হৈ উঠিছে, গুজৰাটৰ লাখ লাখ বন্ধুও ইয়াৰ দ্বাৰা লাভৱান হৈছে।

বন্ধুসকল,

যোৱা ১১ বছৰত ২৫ কোটি মানুহ দৰিদ্ৰতাক পৰা পৰাস্ত কৰি ওলাই আহিছে, ইমান ডাঙৰ সংখ্যা পৃথিৱীৰ বাবেও আশ্চৰ্য্য, ২৫ কোটি মানুহ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে, আজি বিশ্বৰ সকলো অৰ্থনীতিবিদে আলোচনা কৰি আছে।

বন্ধুসকল,

এই দুখীয়া যেতিয়া দৰিদ্ৰতাৰ পৰা ওলাই আহে, তেতিয়া তেওঁলোকে নব্য মধ্যবিত্ত শ্ৰেণীৰ ৰূপত নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। আজি এই নব্য মধ্যবিত্ত শ্ৰেণী আৰু আমাৰ পুৰণি মধ্যবিত্ত শ্ৰেণী দুয়োটা দেশৰ এক বৃহৎ শক্তি হৈ পৰিছে। আমাৰ অহৰহ প্ৰচেষ্টা হৈছে নব্য মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণী দুয়োটাকে সৱলীকৰণ কৰা। আমাৰ আহমেদাবাদৰ ভাইসকলৰ বাবে এটা ভাল খবৰ, যিদিনা বাজেটত আয়ৰ ১২ লাখ টকাৰ আয়কৰ ৰেহাই দিয়া হৈছিল, সেইদিনা বিৰোধীয়ে বুজি পোৱা নাছিল যে এইটো কেনেকৈ হয়।

বন্ধুসকল,

সাজু হওক, আমাৰ চৰকাৰে জিএছটিও সংস্কাৰ কৰি আছে আৰু এই দীপাৱলীৰ আগতে আপোনালোকৰ বাবে এটা ডাঙৰ উপহাৰ প্ৰস্তুত কৰা হৈছে আৰু জিএছটি সংস্কাৰৰ বাবে আমাৰ ক্ষুদ্ৰ উদ্যোগীসকলে সহায় পাব আৰু বহু বস্তুৰ ওপৰত কৰো হ্ৰাস পাব। এই দীপাৱলীত বিজনেছ ক্লাছেই হওক বা আমাৰ পৰিয়ালৰ বাকী সদস্যসকলেই হওক সকলোৱে আনন্দৰ দুগুণ বোনাছ পাবলৈ গৈ আছে।

 

বন্ধুসকল,

অলপতে মই পিএম সূৰ্য্য ঘৰৰ কথা কৈ আছিলোঁ, এতিয়া পিএম সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ সৈতে আমি বিদ্যুতৰ বিল শূন্য কৰি আছোঁ। এতিয়ালৈকে গুজৰাটত প্ৰায় ছয় লাখ পৰিয়ালে এই আঁচনিত যোগদান কৰিছে। এই পৰিয়ালসমূহক কেৱল গুজৰাটতে চৰকাৰে তিনি হাজাৰ কোটিতকৈ অধিক টকা দিছে। ইয়াৰ বাবেই তেওঁলোকে এতিয়া প্ৰতিমাহে বিদ্যুতৰ বিলত বহু পৰিমাণে ৰাহি কৰি আছে।

বন্ধুসকল,

আজি আহমেদাবাদ সপোন আৰু সংকল্পৰ নগৰত পৰিণত হৈছে। কিন্তু এটা সময় আছিল যেতিয়া মানুহে আহমেদাবাদক গৰ্দাবাদ বুলি ঠাট্টা কৰিছিল। চাৰিওফালে উৰি থকা ধূলি, জাবৰৰ থোপা, এইটোৱেই হৈ পৰিছিল চহৰৰ দুৰ্ভাগ্য। মই সুখী যে আজি আহমেদাবাদে স্বচ্ছতাৰ ক্ষেত্ৰত দেশত নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিজন আহমেদাবাদীৰ সহযোগত এয়া সম্ভৱ হৈছে।

কিন্তু বন্ধুসকল,

এই স্বচ্ছতাৰ অভিযান এদিনীয়া কাম নহয়, ই প্ৰতিদিনে, প্ৰজন্মৰ পিছত প্ৰজন্মই আগবঢ়াই নিবলগীয়া কাম। স্বচ্ছতাক আপোনাৰ স্বভাৱৰ অংশ কৰি লওক, তেতিয়াহে আপুনি আকাংক্ষিত ফলাফল পাব।

বন্ধুসকল,

আমাৰ সবৰমতী নদীৰ অৱস্থা কেনে আছিল? আগতে শুকান নলা আছিল, তাত চাৰ্কাচ হৈছিল, ল’ৰা-ছোৱালীয়ে ক্ৰিকেট খেলিছিল। আহমেদাবাদৰ ৰাইজে এই পৰিস্থিতি সলনি কৰাৰ সংকল্প ল’লে। এতিয়া ইয়াৰ সবৰমতী ৰিভাৰ ফ্ৰণ্টে এই চহৰখনৰ গৌৰৱ বৃদ্ধি কৰিছে।

বন্ধুসকল,

কংকৰীয়া হ্ৰদৰ পানীও আগতে অপতৃণৰ বাবে সেউজীয়া আৰু দুৰ্গন্ধময় আছিল। ইয়াৰ চাৰিওফালে খোজ কাঢ়িবলৈ টান আছিল আৰু আগতে অসামাজিক উপাদানৰ প্ৰিয় ঠাই আছিল, তাৰ পৰা কোনেও ওলাই যাবলৈ সাহস কৰা নাছিল। আজি ই ঘূৰা-ফুৰা কৰিবলৈ সৰ্বোত্তম ঠাই হৈ পৰিছে। পুখুৰীত নাওঁ চলোৱাই হওক বা কিডছ চিটিৰ শিশুৰ বাবে মজা আৰু জ্ঞানৰ সংগম হওক, এই সকলোবোৰেই আহমেদাবাদৰ পৰিৱৰ্তিত ছবি। কংকৰীয়া কাৰ্নিভাল আহমেদাবাদৰ এক ডাঙৰ মণি হৈ পৰিছে, ই আহমেদাবাদক এক নতুন পৰিচয় দিছে।

 

বন্ধুসকল,

আহমেদাবাদ আজি পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আহমেদাবাদ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য নগৰ। পুৰণি দুৱাৰেই হওক, সবৰমতী আশ্ৰমেই হওক বা ইয়াৰ ঐতিহ্যই হওক, আজি আমাৰ চহৰখন বিশ্বৰ মানচিত্ৰত জিলিকি আছে। এতিয়া ইয়াত পৰ্যটনৰ নতুন আৰু আধুনিক পদ্ধতিও দ্ৰুতগতিত বিকশিত হৈছে আৰু আমি যেতিয়া পৰ্যটনৰ কথা কওঁ তেতিয়া গুজৰাটৰ দসাডা দপ্তৰত ইয়াৰ নামেই নাছিল। পৰ্যটনৰ কথা আহিলে গুজৰাটৰ মানুহে কয়, ব’লা অলপ আবুলৈ যাওঁ আৰু দক্ষিণ গুজৰাটৰ মানুহবোৰ ডিউ দমনলৈ গৈছিল, এই দুই মূৰত আমাৰ পৃথিৱীখন আছিল। আৰু ধৰ্মীয় কামত যোৱা মানুহ সোমনাথ বা দ্বাৰকা বা অম্বাজীলৈ যায়। এইবোৰ আছিল মাত্ৰ চাৰি-পাঁচটা ঠাই। আজি গুজৰাট পৰ্যটনৰ বাবে এক গুৰুত্বপূৰ্ণ স্থানত পৰিণত হৈছে। কচ্ছৰ ৰণত, বগা ৰণ চাবলৈ পৃথিৱীখন ব্যাকুল হৈ আছে। মানুহৰ ষ্টেচ্যু অৱ ইউনিটি চাবলৈ মন যায়, বেট দ্বাৰকাৰ দলং চাবলৈ মানুহ আহে, গাড়ীৰ পৰা নামি খোজ কাঢ়ি যায়। এবাৰ সিদ্ধান্ত ল’লে বন্ধুসকল, ফলাফল নিশ্চিত। আজি আহমেদাবাদ কনচাৰ্ট ইকনমিৰ এটা ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। কেইমাহমানৰ আগতে ইয়াত অনুষ্ঠিত হোৱা কল্ডপ্লে কনচাৰ্টৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হৈছে। এক লাখ বহাৰ ক্ষমতা থকা আহমেদাবাদ ষ্টেডিয়ামো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ পৰা দেখা যায় যে আহমেদাবাদে ডাঙৰ ডাঙৰ কনচাৰ্ট আয়োজন কৰিব পাৰে আৰু ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ বাবেও সাজু।

বন্ধুসকল,

আৰম্ভণিতে মই আপোনালোকক উৎসৱৰ কথা কৈছিলোঁ। এয়া উৎসৱৰ বতৰ। এতিয়া নৱৰাত্ৰি, বিজয়দশমী, ধনতেৰাছ, দীপাৱালী, এই সকলোবোৰ উৎসৱ আহি আছে। এইবোৰ কেৱল আমাৰ সংস্কৃতিৰ উৎসৱ নহয়, আত্মনিৰ্ভৰশীলতাৰ উৎসৱো হ’ব লাগে আৰু সেইবাবেই শ্ৰদ্ধাৰ বাপুৰ ভূমিৰ পৰা আজি আপোনালোকৰ ওচৰত মোৰ অনুৰোধ দোহাৰিব বিচাৰিছোঁ, দেশবাসীক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আমি আমাৰ জীৱনত এটা মন্ত্ৰ বনাব লাগিব, আমি যি কিনিম, সেয়া হ’ব Made in India, সেয়া হ’ব স্বদেশী। ঘৰ সজোৱাৰ বাবে যি বস্তু আছে, সেয়া Made in India হ'ব লাগে। যদি আপুনি বন্ধু-বান্ধৱীক উপহাৰ হিচাপে কিবা এটা দিব বিচাৰে তেন্তে উপহাৰটো সেইটোৱেই হ’ব লাগে যিটো ভাৰতত বনোৱা হয়, ভাৰতৰ জনসাধাৰণে বনোৱা হয়। আৰু বিশেষকৈ দোকানীসকলক, ব্যৱসায়ীসকলক ক’ব বিচাৰিছোঁ যে এই দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে এক বৃহৎ অৱদান আগবঢ়াব পাৰে। আপুনি সিদ্ধান্ত লওক যে আপুনি বিদেশী সামগ্ৰী বিক্ৰী নকৰে আৰু গৌৰৱেৰে ব'ৰ্ড এখন লগাই দিয়ক যে মোৰ ইয়াত স্বদেশী সামগ্ৰী বিক্ৰী কৰা হয়। আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰে এই উৎসৱবোৰ ভাৰতৰ সমৃদ্ধিৰ মহোৎসৱ হৈ পৰিব।

বন্ধুসকল,

বহু সময়ত, আৰম্ভণিতে হয়তো মানুহে হতাশা বেছি দেখিছে, সেইবাবেই মোৰ মনত আছে, যেতিয়া মই প্ৰথমবাৰৰ বাবে ৰিভাৰ ফ্ৰণ্টৰ কথা কৈছিলোঁ, তেতিয়া সকলোৱে ইয়াক ধেমালি বুলি গণ্য কৰিছিল। ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰা হ’ল নে নাই? নিৰ্মাণ কৰা হৈছে নে নাই? ষ্টেচ্যু অৱ ইউনিটিৰ বাবে মই এখন সংবাদমেল অনুষ্ঠিত কৰিছিলোঁ। তেতিয়া সকলোৱে মোৰ চুলি ছিঙিছিল। সকলোৱে কৈছিল যে নিৰ্বাচন আহি আছে, সেইবাবেই মোদী চাহাবে এইটো আনিছে। ষ্টেচ্যু অৱ ইউনিটী নিৰ্মাণ হ’ল নে নাই ভাই? পৃথিৱীয়ে দেখি আচৰিত হয় নে নাই? কচ্ছৰ ৰণোৎসৱ, মানুহে কৈছিল যে চাহাব কচ্ছলৈ কোন যাব? কোনোবা ৰণলৈ যায় নেকি? আজি শাৰী পাতে। বুকিং, মানুহে ৬-৬ মাহ আগতেই বুকিং কৰে। হ’ল নে নাই? গুজৰাটত ভিতৰত বিমানৰ কাৰখানা আছে, কোনোবাই কল্পনা কৰিছিল নেকি? মোৰ মনত আছে যেতিয়া মই GIFT Cityৰ কল্পনা কৰিছিলোঁ, তেতিয়া প্ৰায় সকলোৱে ঠাট্টা কৰিছিল। এই সকলোবোৰ ক’ত হ’ব, এনে অট্টালিকাত এই সকলোবোৰ কেনেকৈ হ’ব? ইয়াত এই সকলোবোৰ কেনেকৈ হ’ব? আজি GIFT Cityয়ে দেশৰ আটাইতকৈ ডাঙৰ গৌৰৱ গাঁথা লিখি আছে। আৰু এই সকলোবোৰ কথা মই আপোনালোকক এইবাবেই সোঁৱৰাই দিছোঁ, আপোনালোকে ভালদৰে চাওক, এই দেশৰ সামৰ্থ্যৰ যাক আপুনি পূজা কৰিব, তেন্তে আপোনাৰ সংকল্পক দেশবাসীয়ে কেতিয়াও বিফল হ’বলৈ নিদিয়ে। দেশবাসীয়ে তেজ ঘাম এক কৰি দিব, ইমানবোৰ সন্ত্ৰাসবাদী আক্ৰমণ হ’ল, শত্ৰুৰ একো নহ’ব বুলি ভাবিছিল। ছাৰ্জিকেল ষ্ট্ৰাইক কৰা হ’ল, সিহঁতৰ লঞ্চিং পেড উৰুৱাই দিয়া হ’ল। এয়াৰ ষ্ট্ৰাইক কৰা হ’ল, সিহঁতৰ প্ৰশিক্ষণ কেন্দ্ৰ উৰুৱাই দিয়া হ’ল। অপাৰেচন সিন্দুৰ কৰিলোঁ, সিহঁতৰ নাভিত গৈ আক্ৰমণ কৰিলোঁ, চন্দ্ৰযান, শিৱ শক্তি পইণ্ট, য’লৈ কোনো যোৱা নাই তাত ভাৰতৰ ত্ৰিৰংগ পতাকা উপনীত হ’ল। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ শুভাংশু শুক্লা গৈ আহিল। আৰু এতিয়া গগনযানৰ প্ৰস্তুতি চলি আছে। নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ দিশত কাম চলি আছে। বন্ধুসকল, প্ৰতিটো ঘটনাই আমাক কয় যে আমি যদি সংকল্প লওঁ, সংকল্পত বিশ্বাস থাকে, সমৰ্পণ থাকে, জনতা জনাৰ্দন যি ঈশ্বৰৰ ৰূপ তেওঁলোকৰ আশীৰ্বাদো পাওঁ আৰু সমৰ্থনো পাওঁ। আৰু সেই বিশ্বাসেৰে মই কওঁ, এই দেশ আত্মনিৰ্ভৰশীল হ’বই। এই দেশৰ প্ৰতিজন নাগৰিক হৈ পৰিব Vocal for Localৰ বাহক। এই দেশৰ প্ৰতিজন নাগৰিকে স্বদেশীৰ মন্ত্ৰ যাপন কৰিব আৰু পিছলৈ আমি কেতিয়াও আশ্ৰিত হোৱাৰ অৱসৰ নাহিব।

 

বন্ধুসকল,

যেতিয়া কোভিডৰ পৰিস্থিতি আছিল, আগতে ক’ৰবাত ভেকচিন বনোৱা হৈছিল, তেতিয়া আমাৰ দেশলৈ আহোতে আহোতে চল্লিশ বছৰ পাৰ হৈ গৈছিল, মানুহে কৈছিল, কোভিডত কি হ’ব, এই দেশে সিদ্ধান্ত লৈ নিজাকৈ ভেকচিন বনাই দেশৰ ১৪০ কোটি জনসাধাৰণলৈ ভেকচিন ডেলিভাৰী কৰিলে। এই দেশৰ সামৰ্থ্য আছে, সেই সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি গুজৰাটৰ সহকৰ্মীসকলক কওঁ যে আপোনালোকে মোক যি শিক্ষা দিছে, আপোনালোকে মোক যিদৰে শিক্ষা দিছে, আপোনালোকে মোৰ ভিতৰত যি উৎসাহ আৰু উদ্দীপনা ভৰাই দিছে- ২০৪৭ চনৰ ভিতৰত, যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, তেতিয়া এই দেশখন এখন ‘বিকশিত ভাৰত’ হৈ পৰিব।

 

গতিকে, বন্ধুসকল,

এখন ‘বিকশিত ভাৰত’ নিৰ্মাণ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ ঘাইপথ হ'ল স্বদেশী (থলুৱা আত্মনিৰ্ভৰশীলতা)। আন এটা গুৰুত্বপূৰ্ণ ঘাইপথ হ'ল আত্মনিৰ্ভৰ ভাৰত আৰু যিসকলে বস্তু নিৰ্মাণ কৰে, উৎপাদন কৰে, মই আপোনালোকক অনুৰোধ কৰিছোঁ - আপোনালোকৰ মান নিৰন্তৰ উন্নত কৰক, আপোনালোকে দাম হ্ৰাস কৰি থাকক। আপোনালোকে দেখিব যে ভাৰতৰ জনসাধাৰণে কেতিয়াও বাহিৰৰ পৰা একো নলয়। আমি এই অনুভূতি জাগ্ৰত কৰি বিশ্বৰ সন্মুখত এনে এক আদৰ্শ দাঙি ধৰা উচিত। আৰু পৃথিৱীৰ বহু দেশ আছে বন্ধুসকল, সংকট আহিলে গৌৰৱেৰে থিয় হয়, ফলাফল লাভ কৰে। আমাৰ বাবেও এয়া এটা সুযোগ আহিছে, আমি আমাৰ সংকল্প পূৰণ কৰিবলৈ শক্তি লৈ ওলাই আহিব লাগিব। মোৰ বিশ্বাস যে গুজৰাটে মোক সদায় সমৰ্থন কৰি আহিছে, দেশেও মোক সমৰ্থন কৰিব আৰু দেশখন এখন ‘বিকশিত ভাৰত’ত পৰিণত হ’ব। উন্নয়নৰ এই অমূল্য উপহাৰৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন! গুজৰাট বহুত আগবাঢ়ি যাওক, নতুন উচ্চতাত উপনীত হওক, গুজৰাটৰ শক্তি আছে, কৰিব। আপোনালোক সকলোৰে প্ৰতি মই অতিশয় কৃতজ্ঞ! মোৰ লগত সম্পূৰ্ণ শক্তিৰে কওক:

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”