گیتا ہمیں سوچنے پر آمادہ کرتی ہے، ہمیں سوال پوچھنے کی ترغیب دیتی ہے، بحث کے لئے حوصلہ افزائی کرتی ہے اور ہمارے ذہن کو کھلا رکھتی ہے: وزیراعظم
نئی دلی، 11؍مارچ، وزیراعظم جناب نریندر مودی نے آج ویڈیو کانفرنس کے ذریعے سوامی چد بھوا نند جی کی بھگود گیتا کے کنڈل ورژن کا آغاز کیا۔

বিশিষ্ট অতিথিসকল,

বন্ধুসকল!

ভানাক্কাম!

এয়া এক অনন্য কাৰ্যসূচী। স্বামী চিদভবানন্দ জীৰ ব্যাখ্যাসহ গীতাৰ এখনি ই-বুক উন্মোচন কৰা হ’ল। মই ইয়াৰ অৰ্থে কাম কৰা সকলোৰে শলাগ ল’ব খুজিছো। ঐতিহ্য আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটোৱা এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ। বিশেষতঃ যুৱ সমাজৰ মাজত ই-গ্ৰন্থসমূহ অতি জনপ্ৰিয় হৈ পৰিছে। সেয়েহে, এই প্ৰচেষ্টাই অধিক যুৱক-যুৱতীক গীতাখনিৰ মহৎ চিন্তাসমূহৰ সৈতে সংযোজিত কৰিব।

বন্ধুসকল,

এই ই-গ্ৰন্থখনিয়ে তদুপৰি চিৰন্তন গীতা আৰু গৌৰৱময় তামিল সংস্কৃতিৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তুলিব। বিশ্বৰ ভিন্ন প্ৰান্তত থকা প্ৰাণোচ্ছল তামিল প্ৰবাসীসকলে অনায়াসে এইখনি পঢ়িবলৈ সক্ষম হ’ব। তামিল প্ৰবাসীসকলে বহু খণ্ডত সফলতাৰ নতুন শিখৰত আৰোহণ কৰিছে। তথাপিতো, তেওঁলোকৰ সাংস্কৃতিক মূলক লৈ তেওঁলোক গৌৰৱান্বিত। তেওঁলোকে য’লৈকে নাযাওঁক কিয়, তামিল সংস্কৃতিৰ প্ৰসিদ্ধি কঢ়িয়াই লৈ ফুৰে।

বন্ধুসকল,

মই স্বামী চিদভবানন্দ জীক প্ৰণাম জনাইছো। তেওঁৰ মন, দেহ, অন্তৰ আৰু আত্মা ভাৰতৰ উজ্জীৱনৰ অৰ্থে উৎসৰ্গা কৰিছিল। তেওঁ বিদেশত অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু তেওঁৰ বাবে নিয়তিৰ পৰিকল্পনা আছিল বেলেগ। পদপথৰ কাষত কিতাপ বিক্ৰেতাৰ ওচৰত পোৱা স্বামী বিবেকানন্দৰ মাদ্ৰাজ বক্তৃতা শীৰ্ষক গ্ৰন্থখনিয়ে তেওঁৰ জীৱনৰ গতি সলনি কৰি পেলায়। ই তেওঁক ৰাষ্ট্ৰখনক সকলোৰে ওপৰত ৰাখিবলৈ আৰু জনসাধাৰণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। গীতাত, শ্ৰী কৃষ্ণই কয়ঃ

যদ্য যদ্য আচৰতি শ্রেষ্ঠঃ তত্ত তত্ত এব ইতৰে জনঃ।

সযৎ প্রমাণম কুৰুতে লোকঃ তদ অনু বর্ততে।।

ইয়াৰ অৰ্থ হৈছে, মহান লোকসকলে কৰা কামে, তেওঁলোকক অনুসৰণ কৰিবলৈয়ো বহু লোকক উদ্বুদ্ধ কৰি তোলে। এফালেদি, স্বামী চিদভবানন্দ জী স্বামী বিবেকানন্দৰদ্বাৰা অনুপ্ৰাণিত হৈ উঠে। আনফালেদি, তেওঁৰ মহৎ কামেৰে বিশ্বখনক অনুপ্ৰাণিত কৰিবলৈ আগবাঢ়ে। শ্ৰী ৰামকৃষ্ণ তপোবন আশ্ৰমে স্বামী চিদভবানন্দ জীৰ মহৎ কামক আগবঢ়াই আনি আছে। সামূহিক সেৱা, হেল্থকেয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে লক্ষ্যণীয় কাম কৰি আছে। মই শ্ৰী ৰামকৃষ্ণ তপোবন আশ্ৰমৰ শলাগ লৈছো আৰু তেওঁলোকৰ ভৱিষ্যৎ উত্তৰোত্তৰ কামনা কৰিলো।

বন্ধুসকল,

গীতাৰ সৌন্দৰ্য্য হৈছে ইয়াৰ গভীৰতা, বৈচিত্ৰ্য আৰু নমনীয়তা। আচাৰ্য্য বিনোৱা ভাৱেয়ে গীতাক মাতৃ জ্ঞান কৰি এইবুলি কৈছে যে যেতিয়াই তেওঁ পদস্খলিত হৈছে, তেতিয়াই গীতাই তেওঁক কোলাত তুলি লৈছে। মহাত্মা গান্ধী, লোকমান্য তিলক, মহাকবি সুব্রহ্মণ্য ভাৰতীৰ দৰে মহৎ লোকসকল গীতাৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। গীতাই আমাক ভাবিবলৈ শিকায়। ই আমাক প্ৰশ্ন কৰিবলৈ অনুপ্ৰাণিত কৰে। ই আমাক তৰ্ক কৰিবলৈ উৎসাহিত কৰে। গীতাই আমাৰ মন মুকলি কৰি ৰাখে। যিয়ে গীতাৰদ্বাৰা অনুপ্ৰাণিত হৈছে তেওঁ সদায়ে প্ৰকৃতিৰ প্ৰতি সহানুভূতিশীল আৰু স্বভাৱত গণতান্ত্ৰিক।

বন্ধুসকল,

কোনোৱে ভাবিব পাৰে – গীতা শান্তিপূৰ্ণ আৰু প্ৰাকৃতিক পৰিবেশৰে ভৰা। কিন্তু, সকলোৱে এই কথা জানে যে ই সংঘাতৰ মাজত অৱস্থান কৰিছিল আৰু বিশ্বখনে ভাগৱত গীতাৰ মাধ্যমেৰে জীৱনৰ উত্তম পাঠ লাভ কৰে।

গীতাখনি হৈছে আমি আশা কৰিবপৰা সকলোখিনি সন্দৰ্ভত জ্ঞানৰ বিৰল উৎস। কিন্তু কেতিয়াবা এই কথা ভাবি চোৱা হৈছে নে এই জ্ঞানৰ বাবে শ্ৰী কৃষ্ণই কি কৈছিল? ই হৈছে বিষাদ বা দুখ। ভাগৱত গীতাখনি হৈছে ভাৱনাৰ ভাণ্ডাৰ যিয়ে বিষাদৰপৰা বিজয়লৈ যাত্ৰাটোক প্ৰতিফলিত কৰে। যেতিয়া ভাগৱত গীতাৰ জন্ম হৈছিল, তেতিয়া সংঘাত আছিল, তাত বিষাদ আছিল। বহুতেই এই কথা অনুভৱ কৰে যে আজিৰ মানৱ জাতিয়েও একে সংঘাত আৰু প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি গৈছে। বিশ্বখনে বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে কঠিন যুঁজত অৱতীৰ্ণ হৈ আছে। অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱসমূহো সুদূৰ-প্ৰসাৰী। এনে এক সময়ত, শ্ৰীমদ ভাগৱত গীতাই দেখুৱাই থৈ যোৱা পথ অধিক প্ৰাসংগিক হৈ পৰিছে। ই মানৱ জাতিয়ে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিবলৈ শক্তি আৰু পথ নিৰ্দেশনা আগবঢ়াব পাৰে। ভাৰতত আমি ইয়াৰ বহু উদাহৰণ দেখিছো। ক’ভিড-১৯ ৰ বিৰুদ্ধে আমাৰ মানৱ-চালিত যুঁজ, আমাৰ জনসাধাৰণৰ অসাধাৰণ উদ্দীপনা, আমাৰ নাগৰিকসকলৰ সাহসিকতাই গীতাত উল্লেখিত আভাসৰে উমান পোৱা যায়। তদুপৰি ইয়াত আছে নিঃস্বাৰ্থতাৰ এটি উদ্দীপনা। আমি এই সময়ত দেখিছো আৰু পৰেস্পৰে-পৰস্পৰক সহায় কৰিবলৈ আমাৰ জনসাধাৰণ ওলাই অহা।

বন্ধুসকল,

যোৱা বৰ্ষত, ইউৰোপীয়ান হাৰ্ট জাৰ্নেলত এটা আকৰ্ষণীয় প্ৰবন্ধ প্ৰকাশ পাইছিল। এইখনি হৈছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা কাৰ্ডিঅ’লজীৰ এখনি পিৰ ৰিভিউড জাৰ্নেল। অন্যান্য প্ৰসংগসমূহৰ ওপৰিও, এই প্ৰবন্ধটিত ক’ভিড সময়ছোৱাত গীতাখনি কিদৰে অতিশয় প্ৰাসংগিক হৈ পৰিছে সেই সন্দৰ্ভত আলোচনা কৰা হয়। ভাগৱত গীতাক এটা পৰিপূৰ্ণ জীৱন যাপনৰ বাবে সঠিক পথ নিৰ্দেশক হিচাপে আখ্যায়িত কৰা হৈছে। এই প্ৰৱন্ধটিত ভাইৰাছটোৰ বিৰুদ্ধে যুঁজখনত অৰ্জুনক হেল্থকেয়াৰ কৰ্মীসকলৰ সৈতে তুলনা কৰা হৈছে আৰু চিকিৎসালয়সমূহক তুলনা কৰা হয় যুদ্ধক্ষেত্ৰৰ সৈতে। ই সকলোধৰণৰ ভীতি আৰু প্ৰত্যাহ্বান নেওচি দায়িত্ব পালন কৰা হেল্থকেয়াৰ কৰ্মীসকলক প্ৰশংসা কৰে।

বন্ধুসকল,

ভাগৱত গীতাৰ মূল বাৰ্তাটো হৈছে কাৰ্য। ভগৱান শ্ৰী কৃষ্ণই কৈছেঃ

নিয়তং কুৰু কর্ম ত্বং

কর্ম জ্যায়ো হ্যকর্মণঃ।

শৰীৰ যাত্রাপি চ তে

না প্রসিদ্ধে দকর্মণঃ।।

তেওঁ আমাক কৰ্মত প্ৰবৃত্ত হ’বলৈ কৈছে কিয়নো ই আলস্যতকৈ বহুগুণে শ্ৰেষ্ঠ। দৰাচলতে, তেওঁ কৈছে, আমি কৰ্ম অবিহনে আমাৰ দেহাটোৰ যতন ল’ব নোৱাৰো। আজি, ভাৰতৰ ১.৩ বিলিয়ন লোকে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ভাৰতক আত্মনিৰ্ভৰ কৰিবলৈ আগবাঢ়িছে। দীৰ্ঘ্য ম্যাদীভাৱে, মাত্ৰ আত্ম-নিৰ্ভৰ ভাৰত হৈছে প্ৰতিজনৰ আগ্ৰহ। আত্মনিৰ্ভৰ ভাৰতৰ মূলতে আছে কেৱল আমাৰ বাবেই নহয় বৰঞ্চ বৃহত্তৰ মানৱ জাতিৰ বাবেই ঐশ্বৰ্য্য আৰু মূল্য সৃষ্টি কৰা। আমি বিশ্বাস কৰো যে এখনি আত্মনিৰ্ভৰ ভাৰত বিশ্বখনৰ বাবেই ভাল। শেহতীয়াভাৱে, যেতিয়া বিশ্বখনক ঔষধৰ প্ৰয়োজন হৈছিল, ভাৰতে যিখিনি দিব পাৰে সেইখনি প্ৰদান কৰে। আমাৰ বিজ্ঞানীসকলে ভেকচিন যুগুত কৰিবলৈ ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছিল। আৰু এতিয়া, ভাৰত ভাগ্যৱান যে মেড ইন ইণ্ডিয়া ভেকচিন সমগ্ৰ বিশ্বখনলৈ প্ৰেৰণ কৰা হৈছে। আমি মানৱ জাতিক সহায় কৰাৰ সমান্তৰালভাৱে নিৰাময় কৰিব খুজিছো। ই দৰাচলতে হৈছে গীতাই আমাক শিকোৱা পাঠ।

বন্ধুসকল,

মই বিশেষভাৱে মোৰ যুৱ বন্ধুসকলক এই ভাগৱত গীতাখনি পঢ়িবলৈ আহ্বান জনাইছো। এই পাঠ অতিশয় ব্যৱহাৰিক আৰু সম্পৰ্কীয়। জীৱনৰ দ্ৰুত গতিৰ মাজভাগত, গীতাই আগবঢ়াব প্ৰশান্তিৰ আশ্ৰয়স্থল। জীৱনৰ ভিন্ন মাত্ৰাৰ অৰ্থে ই হৈছে ব্যৱহাৰিক পথ নিৰ্দেশক। কেতিয়াও এই প্ৰসিদ্ধ শ্লোকটো পাহৰিব নালাগে – কৰ্মণ্য-বাধিকাৰস্তে মা ফলেষু কদাচন।

ই আমাৰ মনটোক পৰাজয়ৰ ভীতিৰপৰা মুক্ত কৰি তুলিব আৰু আমাৰ কাৰ্যত মনোনিৱেশ কৰাব। জ্ঞান যোগ অধ্যায়টোৱে সঠিক জ্ঞানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰিছে। ভক্তি যোগে ভক্তিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰিছে। এটা অধ্যায়ত ইয়াৰ উল্লেখ কৰা হৈছে। প্ৰতিটো অধ্যায়েই মনৰ ইতিবাচক ৰূপ সন্দৰ্ভত আলোকপাত কৰিছে। মুঠৰ ওপৰত, গীতাই এই আবেগ পুনৰাই প্ৰয়োগ কৰিছে যে আমাৰ প্ৰত্যেকেই হৈছে সৰ্বোচ্চতাৰ স্ফুলিংগ, সৰ্বশক্তিমান দিব্য।

স্বামী বিবেকানন্দয়ো ইয়াৰ উল্লেখ কৰিছে। মোৰ যুৱ বন্ধুসকলেও একেদৰে বহু জটিল সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। এনে সময়ত, নিজকে এইবুলি প্ৰশ্ন কৰিব লাগে যে যদি মই অৰ্জুনৰ স্থানত থাকিলোহেঁতেন, এই দ্বিধাৰ মুখামুখি হওঁতে, শ্ৰী কৃষ্ণই মোক কি কৰিবলৈ ক’লেহেঁতেন? ই বুদ্ধিদীপ্ততাৰ কাম কৰে, কিয়নো পৰিস্থিতিৰপৰা আপোনাৰ নিজা ভালপোৱা আৰু বেয়াপোৱাৰ পৰা হঠাতে বিচ্ছিন্ন হ’বলৈ আৰম্ভ কৰা যায়। তুমি ইয়াক গীতাৰ চিৰন্তন নীতিৰপৰা চাবলৈ আৰম্ভ কৰা।

আৰু ই সদায়েই সঠিক স্থানলৈ লৈ যাব আৰু সদায়েই কঠিন সিদ্ধান্ত গ্ৰহণত সহায় কৰিব। পুনৰ এবাৰ, স্বামী চিদভবানন্দ জীৰদ্বাৰা প্ৰণীত ব্যাখ্যাসহ ই-বুকখনি উন্মোচনৰ বাবে অভিনন্দন জনাইছো।

ধন্যবাদ।

ভানাক্কাম।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in building collapse at Satya Niketan in Delhi
September 06, 2026

Prime Minister Shri Narendra Modi today expressed deep distress over the collapse of a building at Satya Niketan in Delhi.

The Prime Minister extended his condolences to the families of those who lost their loved ones and prayed for the speedy recovery of the injured. He further noted that authorities are actively working at the site and providing assistance to all those affected by the incident.

In a post on X, the Prime Minister's Office shared:

"The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi"