PM launches the UN International Year of Cooperatives 2025
PM launches a commemorative postal stamp, symbolising India’s commitment to the cooperative movement
For India, Co-operatives are the basis of culture, a way of life: PM Modi
Co-operatives in India have travelled from idea to movement, from movement to revolution and from revolution to empowerment: PM Modi
We are following the mantra of prosperity through cooperation: PM Modi
India sees a huge role of co-operatives in its future growth: PM Modi
The role of Women in the co-operative sector is huge: PM Modi
India believes that co-operatives can give new energy to global cooperation: PM Modi

ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।

আজি মই অকলে আপোনালোক সকলোকে আদৰণি জনাব নোৱাৰোঁ। মই ভাৰতৰ লক্ষ-লক্ষ কৃষক, লক্ষ-লক্ষ পশুপালক, ভাৰতৰ মাছমৰীয়াসকল, ৮ লাখৰো অধিক সমবায় প্ৰতিষ্ঠান, আত্মসহায়ক গোটৰ সৈতে জড়িত ১০ কোটি মহিলা আৰু সমবায়সমূহক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰা ভাৰতৰ যুৱক-যুৱতীসকলৰ হৈ ভাৰতলৈ আপোনাসৱক স্বাগতম জনাইছোঁ।

পোন প্ৰথমবাৰৰ বাবে ভাৰতত আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ বিশ্ব সন্মিলন অনুষ্ঠিত হৈছে। বৰ্তমান ভাৰতৰ সমবায় আন্দোলনক আমি এক নতুন মাত্ৰা প্ৰদান কৰিছোঁ। মোৰ বিশ্বাস যে এই সন্মিলনৰ জৰিয়তে আমি ভাৰতৰ আগন্তুক সমবায় যাত্ৰাৰ বাবে অত্যাৱশ্যকীয় অন্তৰ্দৃষ্টি লাভ কৰিম আৰু একে সময়তে ভাৰতৰ অভিজ্ঞতাই বিশ্ব সমবায় আন্দোলনক একবিংশ শতিকাৰ বাবে নতুন আহিলা আৰু নতুন মনোভাৱ প্ৰদান কৰিব। ২০২৫ক আন্তৰ্জাতিক সমবায় বৰ্ষ হিচাপে ঘোষণাৰ বাবে ৰাষ্ট্ৰসংঘলৈয়ো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

সমবায় বিশ্বৰ বাবে আদৰ্শ, কিন্তু ভাৰতৰ বাবে এয়া আমাৰ সংস্কৃতিৰ ভেটি আৰু জীৱন-ধাৰণৰ পদ্ধতি। আমাৰ বেদত কৈছে, सं गच्छध्वं सं वदध्वं — অৰ্থাৎ আমি একেলগে খোজ দিওঁ, মিলাপ্ৰীতিৰে কথা কওঁ। আমাৰ উপনিষদত উল্লেখ আছে, सर्वे संतु सुखिन: — সকলোৱে সুখী হওঁক। আনকি আমাৰ প্ৰাৰ্থনাতো সহাৱস্থান এক মূল বিষয়বস্তু হৈ আহিছে। ‘সংঘ’ (Unity) আৰু ‘সহ’ (Cooperation) হৈছে ভাৰতীয় জীৱনৰ মৌলিক উপাদান। আমাৰ পৰিয়াল ব্যৱস্থাৰ আধাৰো এয়াই। আৰু এই প্ৰমূল্য় সমবায়সমূহৰ মাজতো নিহিত হৈ আছে। এই সহযোগিতাৰ মনোভাৱেৰে ভাৰতীয় সভ্যতাৰ উত্থান ঘটিছে।

বন্ধুসকল,

আমাৰ স্বাধীনতা আন্দোলনেও সমবায়ৰপৰা অনুপ্ৰেৰণা লাভ কৰিছিল। সমবায়সমূহে কেৱল অৰ্থনৈতিক সবলীকৰণত অৰিহণা যোগোৱাই নহয়, বৰঞ্চ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে এক সামূহিক মঞ্চও প্ৰশস্ত কৰিছিল। মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজ (village self-rule)ৰ ধাৰণাই সমাজৰ অংশগ্ৰহণত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। তেওঁ সমবায়ৰ জৰিয়তে খাদী আৰু গ্ৰামোদ্যোগৰ দৰে ক্ষেত্ৰত এক নতুন আন্দোলনৰ সূচনা কৰিছিল। আজি আমাৰ সমবায়ৰ সহযোগত খাদী আৰু গ্ৰামোদ্যোগসমূহে আনকি একাংশ বৃহৎ ব্ৰেণ্ডকো অতিক্ৰম কৰিছে। একে সময়ছোৱাত চৰ্দাৰ পেটেলে কৃষকসকলক একত্ৰিতকৰণেৰে দুগ্ধ সমবায়ৰ জৰিয়তে স্বাধীনতা আন্দোলনক এক নতুন দিশ প্ৰদান কৰিছিল। স্বাধীনতা বিপ্লৱৰপৰা জন্মগ্ৰহণ কৰা আমূল আজি বিশ্বৰ অন্যতম শীৰ্ষস্থানীয় খাদ্য ব্ৰেণ্ড। আমি ক’ব পাৰোঁ যে ভাৰতত সমবায়সমূহে ধাৰণাৰপৰা আন্দোলনলৈ, আন্দোলনৰপৰা বিপ্লৱলৈ, বিপ্লৱৰপৰা সবলীকৰণলৈ যাত্ৰা কৰিছে।

 

বন্ধুসকল,

আজি আমি চৰকাৰ আৰু সমবায়ৰ শক্তিক একত্ৰিতকৰণেৰে ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব খুজিছোঁ। আমি ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) মন্ত্ৰ অনুসৰণ কৰিছোঁ। ভাৰতত আজি ৮ লাখৰো অধিক সমবায় সমিতি আছে, অৰ্থাৎ বিশ্বৰ প্ৰতি চাৰিখন সমবায়ৰ ভিতৰত এখন সমবায় সমিতি ভাৰতত আছে। কেৱল পৰিসংখ্যাই নহয়, পৰিসৰৰ ফালৰপৰাও এই সমবায়সমূহ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ। ভাৰতৰ গ্ৰামাঞ্চলৰ প্ৰায় ৯৮%ক সমবায়ৰ জৰিয়তে সামৰি লোৱা হৈছে। প্ৰায় ৩০০ নিযুত লোক—বিশ্বৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন আৰু প্ৰতি পাঁচজন ভাৰতীয়ৰ ভিতৰত এজন—সমবায় খণ্ডৰ সৈতে জড়িত। চেনি, সাৰ, মীনপালন, দুগ্ধ উৎপাদন আদি খণ্ডত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

দশক-দশক ধৰি ভাৰতৰ নগৰীয়া সমবায় বেংকিং আৰু হাউছিং সমবায়ৰ ক্ষেত্ৰতো যথেষ্ট বৰ্ধন ঘটিছে। আজি ভাৰতত প্ৰায় ২০০,০০০ হাউছিং সমবায় সমিতি আছে। যোৱা কেইবছৰত আমি সংস্কাৰ সাধনৰ জৰিয়তে সমবায় বেংকিং খণ্ডক সুদৃঢ় কৰি তুলিছোঁ। আজি সমগ্ৰ দেশৰ সমবায় বেংকসমূহে ১২ লাখ কোটি টকা (১২ ট্ৰিলিয়ন টকা) মূল্যৰ ধন জমা ৰাখিছে। এই বেংকসমূহৰ ওপৰত অধিক আস্থা গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে কেইবাটাও সংস্কাৰ সাধন কৰিছে। পূৰ্বে এই বেংকসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) পৰিসৰৰ বাহিৰত আছিল যদিও এতিয়া আৰবিআইৰ অধীনলৈ অনা হৈছে। লগতে আমি এই বেংকসমূহত জমা ধনৰ বীমা কভাৰেজ প্ৰতি জমাকাৰীৰ বাবে ৫ লাখ টকালৈ বৃদ্ধি কৰিছোঁ। সমবায় বেংকত ডিজিটেল বেংকিঙৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। এই প্ৰচেষ্টাসমূহে ভাৰতৰ সমবায় বেংকসমূহক পূৰ্বতকৈ অধিক প্ৰতিযোগিতামূলক আৰু স্বচ্ছ কৰি তুলিছে।

বন্ধুসকল,

ভাৰতে ইয়াৰ আগন্তুক বিকাশৰ ক্ষেত্ৰত সমবায়সমূহৰ এক উল্লেখযোগ্য ভূমিকাৰ কামনা কৰিছে। সেয়েহে শেহতীয়া বছৰকেইটাত আমি সমগ্ৰ সমবায় বাতাবৰণক ৰূপান্তৰিতকৰণৰ কাম কৰিছোঁ। এই খণ্ডত ভাৰতে অসংখ্য সংস্কাৰ সাধন কৰিছে। আমাৰ লক্ষ্য হৈছে সমবায় সমিতিসমূহক বহুমুখী কৰি তোলা। ইয়াৰ বাবে ভাৰত চৰকাৰে সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছে। এই সমিতিসমূহক বহুমুখী কৰি তুলিবলৈ নতুন আৰ্হি উপ-বিধি (bylaws) প্ৰৱৰ্তন কৰা হৈছে। আমি সমবায় সমিতিসমূহক তথ্য-প্ৰযুক্তি চালিত ব্যৱস্থাৰ সৈতে একত্ৰিত কৰিছোঁ আৰু জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ সমবায় বেংকিং প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ কৰিছোঁ। আজি এই সমিতিসমূহে ভাৰতত কৃষকৰ বাবে স্থানীয় সমাধান কেন্দ্ৰ পৰিচালনা কৰি আছে। এই সমবায় সমিতিসমূহে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিপণী চলাই আছে, বহু গাঁৱত জল ব্যৱস্থা পৰিচালনা কৰি আছে, সৌৰ পেনেল স্থাপন কৰিছে। ৱাষ্ট টু এনাৰ্জী পদক্ষেপৰ অধীনত এই সমবায় সমিতিসমূহে গোবৰধন আঁচনিতো অৰিহণা যোগাইছে। তদুপৰি সমবায় সমিতিসমূহে এতিয়া গাঁৱে-ভূঞে কমন চাৰ্ভিচ চেন্টাৰ হিচাপে ডিজিটেল সেৱা আগবঢ়াইছে। আমি এই সমবায় সমিতিসমূহক সুদৃঢ়কৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ, যাতে ইয়াৰ সদস্যসকলে তেওঁলোকৰ আয় বৃদ্ধি কৰিব পাৰে।

 

বন্ধুসকল,

বৰ্তমান এনে সংগঠনৰ অভাৱ থকা ২০০,০০০ গাঁৱত আমি এতিয়া বহুমুখী সমবায় সমিতি গঠন কৰিছোঁ। আমি উৎপাদন আৰু সেৱা উভয় খণ্ডতে সমবায়ৰ সম্প্ৰসাৰণ কৰিছোঁ। সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য মজুত আঁচনিৰ কাম ভাৰতে অব্যাহত ৰাখিছে। এই সমবায়সমূহে সমগ্ৰ দেশতে গুদাম নিৰ্মাণৰ পৰিকল্পনা কাৰ্য্যকৰী কৰিছে, য’ত কৃষকে নিজৰ শস্য মজুত কৰিব পাৰিব। এই পদক্ষেপে বিশেষভাৱে ক্ষুদ্ৰ কৃষকসকলক উপকৃত কৰিব।

বন্ধুসকল,

আমি আমাৰ ক্ষুদ্ৰ কৃষকসকলক কৃষক উৎপাদক সংস্থা (FPO) হিচাপে সংগঠিত কৰিছোঁ। ক্ষুদ্ৰ কৃষকৰ এই এফপিঅ’সমূহলৈ চৰকাৰে প্ৰয়োজনীয় আৰ্থিক সহায় আগবঢ়াইছে আৰু ইয়াৰে প্ৰায় ৯,০০০ এফপিঅ’ই ইতিমধ্যে কাম আৰম্ভ কৰিছে। আমাৰ লক্ষ্য হৈছে আমাৰ কৃষি সমবায়সমূহৰ বাবে এক শক্তিশালী যোগান আৰু মূল্য শৃংখল স্থাপন কৰা, পামসমূহক পাকঘৰ আৰু বজাৰৰ সৈতে সংযোগ কৰা। ইয়াক বাস্তৱায়িত কৰিবলৈ আমি আধুনিক প্ৰযুক্তিৰ সহায় লৈছোঁ। ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক (ONDC)ৰ দৰে প্লেটফৰ্মৰ জৰিয়তে আমি সমবায়সমূহক তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে এক নতুন মাধ্যম আগবঢ়াইছোঁ। এই মঞ্চই সমবায়সমূহক ন্যূনতম খৰচত পোনপটীয়াকৈ উপভোক্তাক সামগ্ৰী যোগান ধৰিবলৈ সক্ষম কৰি তুলিছে। চৰকাৰে সৃষ্টি কৰা ডিজিটেল চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM) মঞ্চ সমবায় সমিতিসমূহৰ বাবেও অতিশয় উপযোগী বুলি প্ৰমাণিত হৈছে।

বন্ধুসকল,

এই শতিকাত মহিলাৰ অংশগ্ৰহণ বিশ্বৰ বিকাশৰ এক প্ৰধান কাৰক হ’ব। যি সমাজে মহিলাৰ বাবে অধিক সুযোগ প্ৰদান কৰে, সেই সমাজ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান ভাৰত মহিলা নেতৃত্বাধীন উন্নয়নৰ যুগত উপনীত হৈছে আৰু আমি ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। সমবায় খণ্ডত মহিলাসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছে, খণ্ডটোৰ ৬০%ৰো অধিক অংশ অধিকাৰ কৰিছে। মহিলা নেতৃত্বাধীন অসংখ্য সমবায় এই খণ্ডত শক্তিৰ উৎস হৈ পৰিছে।

 

বন্ধুসকল,

আমি সমবায় ব্যৱস্থাপনাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে আমি বহু ৰাজ্যিক সমবায় সমিতি আইন সংশোধন কৰিছোঁ। এতিয়া বহু-ৰাজ্যিক সমবায় সমিতিৰ ব’ৰ্ডত মহিলা পৰিচালক থকাটো বাধ্যতামূলক। তদুপৰি সমিতিসমূহক অধিক সৰ্বাংগীন কৰি তুলিবলৈ প্ৰান্তীয় শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

ভাৰতত আত্মসহায়ক গোট (SHG)ৰ বৃহৎ আন্দোলনৰ কথাও হয়তো আপোনাসৱে শুনিছে। মহিলাৰ অংশগ্ৰহণৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। আজি ভাৰতৰ ১০ কোটি বা ১০০ নিযুত মহিলা হৈছে আত্ম-সহায়ক গোটসমূহৰ সদস্য। বিগত দশকত এই গোটসমূহে চৰকাৰৰপৰা নিম্ন সুতৰ হাৰত ৯ লাখ কোটি টকা (৯ ট্ৰিলিয়ন টকা) মূল্যৰ ঋণ লাভ কৰিছে। এই আত্ম-সহায়ক গোটসমূহে গাঁৱে-ভূঞে যথেষ্ট ধন-সম্পত্তিৰ সৃষ্টি কৰিছে। ইয়াৰদ্বাৰা নাৰী সবলীকৰণৰ ক্ষেত্ৰত এনে এক আৰ্হিৰ সৃষ্টি হ’ব পাৰে, যাক বহু দেশে অনুকৰণ কৰিব পাৰে।

বন্ধুসকল,

একবিংশ শতিকাটো সামূহিকভাৱে বিশ্ব সমবায় আন্দোলনৰ দিশ নিৰ্ণয় কৰাৰ সময়। আমি এনে এক সহযোগিতামূলক বিত্তীয় আৰ্হিৰ বিষয়ে চিন্তা কৰিব লাগিব, যিয়ে সমবায় বিত্তীয় সাহায্যক অধিক সহজ আৰু স্বচ্ছ কৰি তোলে। সৰু আৰু অৰ্থনৈতিকভাৱে দুৰ্বল সমবায়সমূহক সহায় কৰিবলৈ আৰ্থিক সম্পদ একত্ৰিত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। সহভাজিত বিত্তীয় প্লেটফৰ্মে বৃহৎ প্ৰকল্পৰ বাবে ধন আগবঢ়াব পাৰিব আৰু সমবায়সমূহক ঋণ প্ৰদান কৰিব পাৰিব। আমাৰ সমবায়সমূহেও ক্ৰয়, উৎপাদন আৰু বিতৰণত অংশগ্ৰহণৰ জৰিয়তে যোগান শৃংখলৰ অগ্ৰগতি সাধনত অৰিহণা যোগাব পাৰে।

 

বন্ধুসকল,

আন এটা বিষয় আছে যাৰ ওপৰত বিবেচনাৰ প্ৰয়োজনঃ আমি বিশ্বজুৰি সমবায়ৰ বিত্তীয় সাহায্যৰ বাবে বৃহৎ বৈশ্বিক বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিব পাৰো নে? আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটে (ICA) নিজৰ ভূমিকা ফলপ্ৰসূভাৱে পালন কৰি থকাৰ সময়তে আগন্তুক সময়ে দাবী কৰিছে যে আমি ইয়াৰো আগলৈ যাব লাগে। বৰ্তমান বিশ্ব পৰিস্থিতিয়ে সমবায় আন্দোলনৰ বাবে এক উল্লেখযোগ্য সুযোগৰ সৃষ্টি কৰিছে। আমি সমবায়সমূহক বিশ্বজুৰি সততা আৰু পাৰস্পৰিক সন্মানৰ ধ্বজাবাহী কৰি তুলিব লাগিব। ইয়াক বাস্তৱায়িত কৰিবলৈ আমি আমাৰ নীতিসমূহৰ উদ্ভাৱন আৰু কৌশল ৰচনা কৰিব লাগিব। সমবায়সমূহেও জলবায়ুৰ প্ৰতি স্থিতিস্থাপক হ’বলৈ বৃত্তাকাৰ অৰ্থনীতিৰ নীতি অভিযোজনা কৰিব লাগে। ইয়াৰ উপৰিও আমি সমবায়ৰ ভিতৰত ষ্টাৰ্ট-আপক উৎসাহিত কৰাৰ উপায় বিচাৰি উলিয়াব লাগিব। এই বিষয়েও বিবেচনাৰ প্ৰয়োজন।

বন্ধুসকল,

ভাৰতৰ মতে সমবায়সমূহে বিশ্ব সহযোগিতাত নতুন শক্তিৰ সঞ্চাৰ কৰিব পাৰে। বিশেষকৈ গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে, য’ত নিৰ্দিষ্ট বিকাশ আৰ্হিৰ প্ৰয়োজন, সমবায়সমূহে ইয়াত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব পাৰে। গতিকে আমি নতুনত্ব আনিব লাগিব আৰু সমবায়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে নতুন পথ সৃষ্টি কৰিব লাগিব। সেই দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত এই সন্মিলনে উল্লেখযোগ্য ভূমিকা পালন কৰা দেখিছোঁ।

বন্ধুসকল,

ভাৰত আজিৰ দিনত দ্ৰুত-বৰ্ধমান অৰ্থনীতিসমূহৰ অন্যতম। আমাৰ লক্ষ্য কেৱল উচ্চ জিডিপি বৃদ্ধিয়েই নহয়, বৰঞ্চ ইয়াৰ সুবিধা যাতে দৰিদ্ৰ লোকসকলেও লাভ কৰে, সেয়াহে। মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰে বিকাশৰ দৃষ্টিকোণ বিশ্বৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। ভাৰতে সদায় দেশৰ ভিতৰত বা বিশ্বজুৰি মানৱতাক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ক’ভিড-১৯ৰ সংকটৰ সময়ত আমি ঔষধ আৰু ভেকচিনৰ ভাগ-বতৰা কৰি সম্পদ বঞ্চিত দেশসমূহক সহায় কৰিছিলোঁ, যাৰ মাজত একাধিক গ্ল’বেল চাউথৰ দেশ আছিল।

 

বন্ধুসকল,

সমবায়ৰ গুৰুত্ব কেৱল ইয়াৰ গাঁথনি বা আইনী কাঠামোতেই নিহিত হৈ থকা নাই। এই উপাদানসমূহে সংগঠন গঢ়ি তুলিব পাৰে আৰু বৃদ্ধি তথা সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰিব পাৰে, কিন্তু সমবায়ৰ প্ৰকৃত সাৰমৰ্ম হ’ল ইয়াৰ মনোভাৱ। সহযোগিতাৰ সংস্কৃতিত শিপাই থকা এই সমবায় মনোভাৱ আন্দোলনৰ প্ৰাণকেন্দ্ৰ। মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে সমবায়ৰ সফলতা পৰিসংখ্যাত নহয়, সদস্যসকলৰ নৈতিক বিকাশত নিহিত হৈ আছে। নৈতিকতাৰে গ্ৰহণ কৰা সিদ্ধান্তৰাজি সদায় মানৱতাৰ স্বাৰ্থৰে মিলি যায়। আন্তৰ্জাতিক সমবায় বৰ্ষত আমি এই মনোভাৱক সুদৃঢ় কৰিব পাৰিম বুলি মোৰ বিশ্বাস। আকৌ এবাৰ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা পাঁচ দিনত এই সন্মিলনত অসংখ্য বিষয়ত আলোচনা কৰা হ’ব আৰু মই নিশ্চিত যে ইয়াৰ ফলাফলে সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিখন ৰাষ্ট্ৰকে সুদৃঢ় আৰু সমৃদ্ধ কৰিব, সহযোগিতামূলক মনোভাৱেৰে আগুৱাই নিব। এই বিশ্বাসেৰে আপোনালোকক শুভেচ্ছা জনালোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets President of the United Arab Emirates on the sidelines of the G7 Summit
June 17, 2026

Prime Minister Shri Narendra Modi today met with the President of the United Arab Emirates, His Highness Sheikh Mohamed bin Zayed Al Nahyan on the sidelines of the G7 Summit in Evian, France. This was the third meeting between the two leaders in 2026, reflecting the strong and vibrant India-UAE Comprehensive Strategic Partnership.

The two leaders reviewed the progress and positive developments in bilateral cooperation, including in the areas of technology, trade, investment, energy, and defence flowing from the visits of President His Highness Sheikh Mohamed Bin Zayed Al Nahyan to India in January 2026 and that of Prime Minister Shri Narendra Modi to the UAE in May 2026. The two leaders also exchanged views on regional and global developments of mutual interest.

Prime Minister underscored the importance of dialogue, diplomacy, and respect for international law, sovereignty, and territorial integrity in advancing enduring peace, security, and stability in the West Asia region. The two sides called for continued free, safe, and unimpeded navigation, trade and commerce through the Strait of Hormuz.

Prime Minister conveyed his invitation to President Sheikh Mohamed bin Zayed Al Nahyan to attend the BRICS Summit to be hosted by India later this year.