“Today, when India is becoming a major center of global trade, we are focusing on increasing the country's maritime strength”
“Many reforms have been carried out in the last 10 years to enhance 'Ease of Doing Business' in the sectors of ports, shipping and inland waterways”
“The world is recognizing India’s potential and position in global trade”
“Maritime Amrit Kaal Vision presents a roadmap to reinforce India’s maritime prowess for Viksit Bharat”
“New dry dock at Kochi is the national pride of India”
“Kochi Shipyard is playing an important role in modern and green water connectivity in the cities of the country”

কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানজী, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

মই শ্ৰীমান সৰ্বানন্দ সোণোৱালজী, শ্ৰীমান শ্ৰীপদ য়েচো নায়ক জী আৰু আমাৰ সহকৰ্মী শ্ৰীমান ভি মুৰলীধৰণ জী, শ্ৰীমান শান্তনু ঠাকুৰজীৰ দলটোক ধন্যবাদ জনাইছোঁ!

‘এলা কেৰালিয়াৰকুম এণ্ডে নাল্লা নমাস্কাৰ।’

আজিৰ দিনটো মোৰ বাবে এটা অতি সৌভাগ্যৰ দিন। পুৱা মই গুৰুৱায়ুৰ মন্দিৰত ভগৱান গুৰুৱায়ুৰাপ্পানৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আৰু এতিয়া মই কেৰালাৰ ৰাইজৰ দৰ্শন লাভ কৰিছোঁ। মই ইয়াত কেৰালাৰ উন্নয়ন উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছোঁ।

বন্ধুসকল,

কিছুদিন আগতে মাত্ৰ অযোধ্যাৰ ‘মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ উদ্বোধন কৰাৰ সময়ত মই কেৰালাৰ ৰামায়ণৰ সৈতে সম্পৰ্কিত চাৰিটা পৱিত্ৰ মন্দিৰ ‘নালাম্বালাম’ৰ প্ৰসংগ উল্লেখ কৰিছিলো। কেৰালাৰ বাহিৰৰ বহুতেই নাজানে যে এই মন্দিৰকেইটা ৰজা দশৰথৰ চাৰিজন পুত্ৰৰ সৈতে জড়িত। এয়া সৌভাগ্যৰ বিষয় যে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাত্ৰ কেইদিনমান আগতে মই ত্ৰিপ্ৰয়াৰৰ ‘শ্ৰী ৰামস্বামী মন্দিৰ’ দৰ্শন কৰাৰ সুযোগ পাইছোঁ। মহাকবি এলুতচনে ৰচনা কৰা ‘মালায়ালম ৰামায়ণ’ৰ কেইটামান শ্লোক শুনাটো আক্ষৰিক অৰ্থতে আনন্দৰ কথা। কেৰালাৰ বহু সংখ্যক বিশিষ্ট শিল্পীয়েও তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনেৰে মন মুহি পেলাইছে। কেৰালা বাসীয়ে তাত এনে কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰিছিল যেন সমগ্ৰ কেৰালাখনেই অৱধপুৰীলৈ ৰূপান্তৰিত হৈছে।

 

 

বন্ধুসকল,

স্বাধীনতাৰ 'অমৃতকাল'ত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত দেশৰ প্ৰতিখন ৰাজ্যৰ নিজা ভূমিকা আছে। যেতিয়া ভাৰত সমৃদ্ধিশালী আছিল, যেতিয়া গোলকীয় ‘জিডিপি’ত আমাৰ অংশীদাৰিত্ব যথেষ্ট ডাঙৰ আছিল, তেতিয়া আমাৰ শক্তি আছিল আমাৰ বন্দৰসমূহ, আমাৰ বন্দৰ চহৰসমূহ। আজি যেতিয়া ভাৰত পুনৰ বিশ্ব বাণিজ্যৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিছে, আমি পুনৰ আমাৰ সাগৰীয় শক্তি বৃদ্ধিত নিয়োজিত হৈছোঁ। ইয়াৰ বাবে, কেন্দ্ৰীয় চৰকাৰে সাগৰৰ পাৰত অৱস্থিত কোচিৰ দৰে চহৰসমূহৰ সামৰ্থ্য আৰু বৃদ্ধি কৰাৰ বাবে মনোনিৱেশ কৰিছে। আমি ইয়াত বন্দৰৰ সামৰ্থ্য বৃদ্ধি কৰা, বন্দৰৰ আন্তঃগাঁথনি নিৰ্মাণত বিনিয়োগ কৰাত মনোনিৱেশ  কৰি আছো। ‘সাগৰমালা প্ৰকল্প’ৰ অধীনত বন্দৰৰ সংযোগ বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে।

বন্ধুসকল,

আজি দেশে ইয়াত সৰ্ববৃহৎ ‘ড্ৰাই ডক’খন লাভ কৰিছে। ইয়াৰ উপৰিও, জাহাজ নিৰ্মাণ, জাহাজ মেৰামতি আৰু ‘এলপিজি আমদানি টাৰ্মিনেল’ৰ আন্তঃগাঁথনিও আজি উৎসৰ্গা কৰা হৈছে। এই সুবিধাসমূহে কেৰালা আৰু ভাৰতৰ এই দক্ষিণ অঞ্চলৰ উন্নয়নত গতি প্ৰদান কৰিব। ‘মে’ড ইন ইণ্ডিয়া’ বিমান বাহক- ‘আইএনএছ বিক্ৰান্ত’ নিৰ্মাণৰ ঐতিহাসিক গৌৰৱ বহণ কৰিছে এই   ‘কোচি শ্বিপইয়াৰ্ড’-য়ে। এইসমূহ নতুন সুবিধাৰে ‘শ্বিপইয়াৰ্ড’ৰ সামৰ্থ্য বহুগুণে বাঢ়ি যাব। এই সুবিধাসমূহৰ বাবে মই কেৰালাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

বন্দৰ, জাহাজ পৰিবহণ আৰু আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত ‘কাম কৰাৰ স্বাচ্ছন্দ্য’ বৃদ্ধিৰ বাবে যোৱা ১০টা বছৰত কেন্দ্ৰীয় চৰকাৰে বহুতো সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ  সুবাদত বন্দৰসমূহলৈ অধিক পৰিমাণৰ বিনিয়োগ আহিছে আৰু নিযুক্তিৰ অধিক সম্ভাৱনাও সৃষ্টি হৈছে। ভাৰতীয় নাবিকসকলৰ সৈতে সম্পৰ্কিত নিয়মত কৰা সংস্কাৰৰ ফলত যোৱা ১০টা বছৰত ভাৰতীয় নাবিকৰ সংখ্যা ১৪০ শতাংশ হাৰত বৃদ্ধি পাইছে। দেশৰ ভিতৰত জলপথৰ ব্যৱহাৰে এতিয়া যাত্ৰী আৰু কাৰ্গো পৰিবহনৰ এক নতুন জোৱাৰ তুলিছে।

বন্ধুসকল,

যেতিয়া সকলোৱে প্ৰয়াস কৰে, তেতিয়া সাফল্যও সুন্দৰ হয়। যোৱা ১০টা বছৰত আমাৰ বন্দৰসমূহে দুটা অংকৰ বাৰ্ষিক বিকাশ অৰ্জন কৰিছে। ১০ বছৰ আগলৈকে জাহাজসমূহে আমাৰ বন্দৰসমূহত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল, সেইবোৰৰ মাল-বস্তু উঠোৱা-নমোৱাৰ কৰিবলৈ যথেষ্ট সময় লাগিছিল। এতিয়া পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে। আজিৰ তাৰিখত ভাৰতৰ জাহাজৰ ‘খেপ মাৰি ওভতাৰ বাবে লগা সময়ে’ বিশ্বৰ বহুতো উন্নত দেশক চেৰ পেলাবলৈ লৈছে।

 

বন্ধুসকল,

আজি বিশ্বয়ো গোলকীয় বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কিমান বুজি উঠিছে। ‘জি-২০’ সন্মিলনৰ সময়ত, ভাৰতে উথ্থাপন কৰা ‘মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ’ৰ প্ৰস্তাৱে লাভ কৰা সমৰ্থনে এই মনোভাৱকে প্ৰতীয়মান কৰে। এই কৰিডৰে এখন উন্নত ভাৰত নিৰ্মাণত যথেষ্ট শক্তি প্ৰদান কৰিব। ই আমাৰ উপকূলীয় অৰ্থনীতিক যথেষ্ট শক্তি প্ৰদান কৰিব। শেহতীয়াকৈ ‘সামুদ্ৰিক অমৃত কাল ভিজন’-ও মুকলি কৰা হৈছে। উন্নত ভাৰতৰ বাবে আমি আমাৰ সামুদ্ৰিক শক্তি কেনেদৰে শক্তিশালী কৰিম তাত এই লক্ষ্যৰ বাবে এক পথ-পৰিকল্পনাও আছে। ভাৰতক বিশ্বৰ এক বৃহৎ সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তুলিবলৈ আমি বৃহৎ বন্দৰ, জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি ‘ক্লাষ্টাৰ’ৰ দৰে আন্তঃগাঁথনি সৃষ্টিত গুৰুত্ব আৰোপ কৰিছো।

বন্ধুসকল,

আজি কেৰালাত উদ্বোধন কৰা ৩টা প্ৰকল্পই সামুদ্ৰিক খণ্ডত এই ক্ষেত্ৰৰ অংশ আৰু বৃদ্ধি কৰিব। নতুন ‘ড্ৰাই ডক’টো ভাৰতৰ ৰাষ্ট্ৰীয় গৌৰৱ। ইয়াৰ নিৰ্মাণৰ ফলত ডাঙৰ জাহাজ আৰু ডাঙৰ ভেছেলসমূহ ইয়ালৈ আহিবতো পাৰিবই, লগতে ইয়াত জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ কামো সম্ভৱ হ'ব। ই বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু আমি বিদেশলৈ প্ৰেৰণ কৰা ধন দেশখনতে বিনিয়োগ কৰিব পৰা যাব। তদুপৰি, জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি খণ্ডত নতুন দক্ষতাৰ সৃষ্টি হ'ব।

 

বন্ধুসকল,

আজি ‘আন্তৰ্জাতিক জাহাজ মেৰামতিৰ সুবিধা’ও উদ্বোধন কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে  কোচি ভাৰতৰ এটা ডাঙৰ জাহাজ মেৰামতি কেন্দ্ৰ হোৱাৰ পথত আগবঢ়াৰ লগতে ভাৰত এছিয়াৰ এক ডাঙৰ জাহাজ মেৰামতি কেন্দ্ৰ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ‘আইএনএছ বিক্ৰান্ত’ নিৰ্মাণৰ সময়ত কেনেদৰে অনেক ‘এমএছএমই’য়ে সমৰ্থন লাভ কৰিছিল সেয়া আমি দেখিলো। এতিয়া যেতিয়া ইয়াত জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ ইমান ডাঙৰ সুবিধা গঢ়ি উঠিছে, ই ‘এমএছএমই’সমূহৰ এক নতুন পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব। নতুন ‘এলপিজি আমদানি টাৰ্মিনেল’-য়ে কোচি, কইম্বাটুৰ, ইৰোড, চালেম, কালিকট, মাদুৰাই আৰু ত্ৰিচীৰ ‘এলপিজি’ প্ৰয়োজনীয়তা পূৰণ কৰিব। ই এই ক্ষেত্ৰসমূহত উদ্যোগ আৰু অন্যান্য অৰ্থনৈতিক বিকাশত সহায় কৰিব আৰু নতুন নিযুক্তিৰ সম্ভাৱনাও সৃষ্টি কৰিব।

বন্ধুসকল,

আধুনিক আৰু ‘সেউজ প্ৰযুক্তি’ৰে সজ্জিত ‘মে’ড ইন ইণ্ডিয়া’ জাহাজ নিৰ্মাণতো ‘কোচি শ্বিপইয়ৰ্ড’ আজি এক অগ্ৰণী কেন্দ্ৰ হৈ উঠিছে। ‘কোচি ৱাটাৰ মেট্ৰ'ৰ বাবে নিৰ্মাণ কৰা বৈদ্যুতিক জাহাজসমূহ নিতান্তই প্ৰশংসনীয়। অযোধ্যা, বাৰাণসী, মথুৰা আৰু গুৱাহাটীৰ বাবে ‘বৈদ্যুতিক হাইব্ৰিড যাত্ৰীবাহী ফেৰী’ও ইয়াত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ দেশৰ চহৰসমূহত আধুনিক আৰু ‘গ্ৰীণ ৱাটাৰ কানেক্টিভিটী’ৰ ক্ষেত্ৰত ‘কোচি শ্বিপইয়াৰ্ড’ৰ ভূমিকা গুৰুত্বপূৰ্ণ। মোক কোৱা হৈছে যে শেহতীয়াকৈ আপোনালোকে বোলে নৰৱেৰ বাবেও ‘কাৰ্বনৰ নিৰ্গমন শূণ্য’ বৈদ্যুতিক কাৰ্গো ফেৰী প্ৰেৰণ কৰিছে। হাইড্ৰজেন ইন্ধনৰে চলিব লগা ‘পৃথিৱীৰ প্ৰথম’ ‘ফিডাৰ কণ্টেইনাৰ জাহাজ’ নিৰ্মাণৰ কামো ইয়াত চলি আছে। ই ‘মে’ক ইন ইণ্ডিয়া – মেক ফৰ দা ৱৰ্ল্ড’ৰ আমাৰ দৃষ্টিভংগীক শক্তিশালী কৰিছে। ‘কোচি শ্বিপইয়াৰ্ড’-য়ে ভাৰতক হাইড্ৰজেন ইন্ধন আধাৰিত পৰিবহনৰ দিশে লৈ যোৱাৰ বাবে চলোৱা আমাৰ অভিযানক শক্তিসমৃদ্ধ কৰি তুলিছে। মই নিশ্চিত যে অতি সোনকালেই দেশে থলুৱা ‘হাইড্ৰজেন ফুৱেল চেল ফেৰী’ও লাভ কৰিব।

 

 

বন্ধুসকল,

মই নীল অৰ্থনীতি, বন্দৰভিত্তিক উন্নয়ন আৰু ইয়াৰ বাবে আমাৰ মাছমৰীয়া ভাই-ভনীসকলৰ এক ডাঙৰ ভূমিকা দেখিবলৈ পাইছোঁ। আজি ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা’ৰ অধীনত মাছ ধৰাৰ বাবে আধুনিক আন্তঃগাঁথনিও সৃষ্টি কৰা হৈছে। কেন্দ্ৰই মাছমৰীয়াসকলক ‘গভীৰ সাগৰত মাছ ধৰা’ৰ বাবে আধুনিক নাও যোগান ধৰাৰ বাবে ৰাজসাহায্য প্ৰদান কৰিছে। কৃষকসকলৰ দৰে মাছমৰীয়াসকলকো ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ সুবিধা প্ৰদান কৰা হৈছে। এনে প্ৰচেষ্টাৰ ফলত, যোৱা ১০টা বছৰত মাছৰ উৎপাদন আৰু ৰপ্তানি দুয়োটাই বহুগুণে বৃদ্ধি পাইছে। আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰে ‘সাগৰীয় খাদ্য সংসাধন’ত ভাৰতৰ অংশ আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। ই ভৱিষ্যতে আমাৰ মাছমৰীয়া বন্ধুসকলৰ উপাৰ্জনো যথেষ্ট বৃদ্ধি কৰিব আৰু তেওঁলোকৰ জীৱন সহজ হৈ উঠিব। কেৰালাৰ দ্ৰুত বিকাশ অব্যাহত থাকক, এই কামনাৰেই নতুন প্ৰকল্পসমূহৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আপোনালোক সকলোলৈকে বহুত বহুত শুভেচ্ছা জনাইছোঁ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the Chancellor of Germany
September 10, 2026
The two leaders express satisfaction with the substantial progress made in key areas of bilateral cooperation 
They also discuss regional and global issues of mutual interest.

Prime Minister Shri Narendra Modi received a telephone call today from the Chancellor of the Federal Republic of Germany, H.E. Friedrich Merz.

As India and Germany celebrate 75 years of diplomatic relations this year, Prime Minister and Chancellor Merz reviewed the progress of the India-Germany Strategic Partnership. They noted the sustained momentum in high-level exchanges and reaffirmed their commitment to further strengthening cooperation across key domains, including trade and investment, advanced technologies, clean energy, defense, education and talent mobility.

The leaders also exchanged views on regional and global developments of mutual interest and agreed to continue working closely to promote global peace, stability and prosperity.