"India is eager to host the Olympics in the country. India will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians"
“India is also eager to host the Youth Olympics taking place in the year 2029”
“Indians are not just sports lovers, but we also live it”
“The sporting legacy of India belongs to the entire world”
“In sports, there are no losers, there are only winners and learners”
“We are focussing on inclusivity and diversity in sports in India”
“IOC Executive Board has recommended including Cricket in the Olympics and we hope to hear positive news soon”

‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!

১৪০ কোটি ভাৰতীয়ৰ হৈ মই এই বিশেষ অনুষ্ঠানত আপোনালোক সকলোকে আদৰণি জনোৱাৰ লগতে অভিনন্দন জনাইছোঁ। ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা’-ৰ এই ‘১৪১ সংখ্যক অধিৱেশন’খন ভাৰতত অনুষ্ঠিত হোৱা কথাই বিশেষ তাত্পৰ্য বহণ কৰিছে। ‘আইঅ'চি’-ৰ এই অধিৱেশন ৪০ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা।

 

বন্ধুসকল,

মাত্ৰ কেইমিনিটমান আগতে ভাৰতে আহমেদাবাদত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত এক অতি দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে। এই ঐতিহাসিক বিজয়ৰ বাবে মই ‘টীম ইণ্ডিয়া’ক, সকলো ভাৰতীয়ক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ভাৰতত ক্ৰীড়া হৈছে আমাৰ সংস্কৃতি, আমাৰ জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে। যদি আপোনালোক ভাৰতৰ গাঁওসমূহলৈ যায়, আপোনালোকে দেখিব যে আমাৰ প্ৰতিটো উৎসৱেই ক্ৰীড়া অবিহনে অসম্পূৰ্ণ। আমি ভাৰতীয়সকল কেৱল ক্ৰীড়াপ্ৰেমীয়েই নহয়, বৰঞ্চ আমিবোৰ ক্ৰীড়াক লৈ জীৱনপাত কৰোতা লোকো। আৰু এই কথা আমাৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসত প্ৰতিফলিত হৈছে। সিন্ধু সভ্যতাই হওক, হাজাৰ হাজাৰ বছৰ আগৰ বৈদিক সময়েই হওক, বা তাৰ পিছৰ সময়ছোৱা, ক্ৰীড়াৰ প্ৰতি ভাৰতৰ উত্তৰাধিকাৰিত্ব প্ৰতিটো যুগতে যথেষ্ট সমৃদ্ধ হৈ আহিছে। হাজাৰ হাজাৰ বছৰ আগতে লিখা গ্ৰন্থসমূহত কোৱা হৈছে যে আমি ‘৬৪ বিধ কলা’ত দক্ষ। ইয়াৰে বহুতো শাখা ক্ৰীড়াৰ সৈতে সম্পৰ্কিত আছিল, যেনে ঘোঁৰা চালনা, ধনুৰ্বিদ্যা, সাঁতোৰ, মল্লযুদ্ধ, এনে বহুতো দক্ষতাৰ অৰ্জনত গুৰুত্ব দিয়া হৈছিল। ধনুৰ্বিদ্যা শিকিবলৈ সম্পূৰ্ণ এখন ‘ধনুৰ্বেদ সংহিতা’ই লিখা হৈছিল। এই সংহিতাতৰ এঠাইত কোৱা হৈছিল-

“ধনুশ চকৰঞ্চ কুতঞ্চ খডগঞ্চ ক্ষুৰিকা গদা।

সপ্তমম্ বাহু যুদ্ধম্, স্যা-দেৱম্, যুদ্ধানী সপ্তধা।”

অৰ্থাৎ, ধনুৰ্বিদ্যাৰ সৈতে সম্পৰ্কিত ৭ প্ৰকাৰৰ দক্ষতা থাকিব লাগে। যাৰ ভিতৰত আছে ধনু-কাড়, চক্ৰ, বৰ্শা অৰ্থাৎ আজিৰ ‘জেভলিন থ্ৰ’’, ‘তৰোৱাল যুঁজ’, ‘ড্ৰেজাৰ’, গদা আৰু ‘মল্লযুদ্ধ’।

 

বন্ধুসকল,

ক্ৰীড়াৰ এই হাজাৰ হাজাৰ বছৰ পুৰণি উত্তৰাধিকাৰীত্বৰ বহুতো বৈজ্ঞানিক প্ৰমাণ আছে। আমি বৰ্তমান মুম্বাইত থকা ঠাইৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দূৰত, কচ্ছত আছে ‘ইউনেস্কো’ৰ ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ – ‘ঢোলাভিৰা’। ঢোলাভিৰা ৫ হাজাৰ বছৰতকৈয়ো অধিক বছৰৰ আগতে এখন অতি ডাঙৰ আৰু সমৃদ্ধ ‘বন্দৰ চহৰ’ আছিল। নগৰ পৰিকল্পনাৰ লগতে, এই প্ৰাচীন চহৰখনত ক্ৰীড়া আন্তঃগাঁথনিৰ এক মহান আৰ্হিও পোৱা গৈছে। খননৰ সময়ত, ইয়াত ২ খন ‘ষ্টেডিয়াম’ৰ অৱস্থিতি আৱিষ্কৃত হৈছিল। ইয়াৰ ভিতৰত এখনতো হৈছে সেই সময়ত পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু ‘পৃথিৱীৰ সৰ্ববৃহৎ ষ্টেডিয়াম’। ভাৰতৰ এই ৫,০০০ বছৰ পুৰণি ‘ষ্টেডিয়াম’ত একেলগে ১০,০০০ লোকৰ আসন ক্ষমতা আছিল। ভাৰতৰ আন এক প্ৰাচীন স্থান ‘ৰাখীগঢ়ী’কো ক্ৰীড়া সম্পৰ্কীয় গাঁথনি হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতৰ এই ঐতিহ্য হৈছে সমগ্ৰ বিশ্বৰে ঐতিহ্য।

বন্ধুসকল,

ক্ৰীড়াত কোনো পৰাজিত নহয়, ক্ৰীড়াত কেৱল বিজয়ী আৰু শিক্ষাৰ্থীহে হয়। ক্ৰীড়াৰ ভাষা সাৰ্বজনীন, আবেগ সাৰ্বজনীন। ক্ৰীড়া কেৱল প্ৰতিযোগিতা নহয়। ক্ৰীড়াই মানৱতাক সম্প্ৰসাৰিত হোৱাৰ সুযোগ দিয়ে। অভিলেখ ভংগ কৰোতা যিয়েই নহওক কিয়, সমগ্ৰ বিশ্বই তেওঁক স্বাগত জনায়। ক্ৰীড়াই আমাৰ ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ ধাৰণাক শক্তিসমৃদ্ধ কৰে। সেয়েহে, আমাৰ চৰকাৰে প্ৰতিটো স্তৰত ক্ৰীড়াৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। ‘খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গে’মছ’, ‘খেলো ইণ্ডিয়া য়ুথ গে’মছ’, ‘খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’, ‘সাংসদ সদস্য ক্ৰীড়া প্ৰতিযোগিতা’, আৰু আগন্তুক ‘খেলো ইণ্ডিয়া পেৰা গে’মছ’ হৈছে ইয়াৰ উদাহৰণ। আমি ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ ওপৰতো নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আছো।

বন্ধুসকল,

ক্ৰীড়াৰ প্ৰসংগত ভাৰতে দিয়া এই গুৰুত্বৰ বাবে আজি ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিছে। যোৱা ‘অলিম্পিক’ত বহুতো ভাৰতীয় খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছিল। ভাৰতে শেহতীয়াকৈ সমাপ্ত হোৱা ‘এছিয়ান গে’মছ’ত এক ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰ আগতে অনুষ্ঠিত হোৱা ‘বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া’তো আমাৰ যুৱ খেলুৱৈসকলে নতুন অভিলেখ গঢ়িছে। এইটো ভাৰতত পৰিৱৰ্তনশীল আৰু দ্ৰুতগতিত বিকশিত ক্ৰীড়া পৰিদৃশ্যৰে ইংগিত।

 

বন্ধুসকল,

বিগত বছৰসমূহত ভাৰতে সকলো ধৰণৰ গোলকীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে। আমি অলপতে ‘দবা অলিম্পিয়াড’ৰ আয়োজন কৰিছিলো, য'ত বিশ্বৰ ১৮৬ খন দেশে অংশগ্ৰহণ কৰিছিল। আমি ‘অনুৰ্ধ-১৭ ফুটবল’, ‘মহিলা বিশ্বকাপ’, ‘পুৰুষ হকী বিশ্বকাপ’, ‘মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ’ আৰু ‘শ্বুটিং বিশ্বকাপ’ৰো আয়োজন কৰিছিলো। ভাৰতে প্ৰতি বছৰে পৃথিৱীৰ অন্যতম বৃহৎ ‘ক্ৰিকেট লীগ’ৰো আয়োজন কৰে। এই সময়ত ভাৰতত ‘ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা’ও চলি আছে। এই উত্তেজনাময় পৰিৱেশত, ‘আইঅ'চি’ৰ ‘কাৰ্যবাহী পৰিষদ’-য়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে বুলি শুনি সকলোৱে আনন্দিত হৈছে। আমি সোনকালেই এই বিষয়ে কিছু ইতিবাচক বাতৰি শুনিবলৈ আশা কৰিছোঁ।

বন্ধুসকল,

গোলকীয় অনুষ্ঠান আয়োজন কৰাটো আমাৰ বাবে সমগ্ৰ বিশ্বৰ দেশসমূহক স্বাগত জনোৱাৰ এক সুযোগ। দ্ৰুত গতিত বিকশিত অৰ্থনীতি আৰু ইয়াৰ সু-বিকশিত আন্তঃগাঁথনিৰ সৈতে ভাৰত বৃহৎ গোলকীয় অনুষ্ঠানৰ বাবে সাজু হৈ আছে। ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত ‘জি-২০’ৰ সময়তো বিশ্বই এই কথাটো প্ৰত্যক্ষ কৰিছে। আমি সমগ্ৰ দেশৰ ৬০ খনতকৈয়ো অধিক চহৰত অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই কথাই ‘ল’জিষ্টিক’ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰিব পৰা আমাৰ সামৰ্থ্যকে প্ৰতিপন্ন কৰে। সেয়েহে, আজি মই ১৪০ কোটি ভাৰতীয়ৰ অনুভূতি আপোনালোক সকলোৰে সন্মুখত ৰাখিব বিচাৰো। ভাৰতে নিজৰ মাটিত ‘অলিম্পিক’ আয়োজন কৰিবলৈ অতি উৎসাহিত হৈ আছে।

 

২০৩৬ চনত ভাৰতত ‘অলিম্পিক’ সফলতাৰে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰাৰ প্ৰচেষ্টাত ভাৰতে কোনো ধৰণৰ ত্ৰুটি নাৰাখে। এয়া হৈছে ১৪০ কোটি ভাৰতীয়ৰ বহু পুৰণি সপোন। আমি এতিয়া আপোনালোক সকলোৰে সহযোগিতাৰে এই সপোনটো পূৰণ কৰিব বিচাৰো। আৰু আনকি ২০৩৬ চনৰ ‘অলিম্পিক’ৰ আগতে ভাৰতে ২০২৯ চনত ‘যুৱ অলিম্পিক’ আয়োজন কৰিবলৈও আগ্ৰহী। মই নিশ্চিত যে ভাৰতে ‘আইঅ'চি’-ৰ সমৰ্থন লাভ কৰি যাব।

 

বন্ধুসকল,

 

ক্ৰীড়া কেৱল পদক জিকাৰে মাধ্যম নহয়, বৰঞ্চ হৃদয় জয় কৰাৰো মাধ্যম। ক্ৰীড়া সকলোৰে, ই সকলোৰে বাবে। ক্ৰীড়াই কেৱল চেম্পিয়নকে গঢ়ি নোতোলে, বৰঞ্চ শান্তি, প্ৰগতি আৰু সুস্থতাকো উত্সাহিত কৰে। সেয়েহে, ক্ৰীড়া হৈছে বিশ্বক সংযোগ কৰাৰ আন এক শক্তিশালী মাধ্যম। মই আপোনালোকৰ সন্মুখত অলিম্পিকৰ মূলমন্ত্ৰ দোহাৰিব খুজিছোঁ – “দ্ৰুততৰ, উচ্চতৰ, শক্তিধৰ, সহচৰ”। ‘আইঅ'চি’-ৰ ‘১৪১ সংখ্যক অধিৱেশন’লৈ অহা সকলো অতিথি, অধ্যক্ষ থমাছ বাক আৰু সকলো প্ৰতিনিধিক মই মোৰ অন্তৰৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। মই এতিয়া এই অধিৱেশনখন আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল বুলি ঘোষণা কৰিলো!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday
June 20, 2026

The Prime Minister, Shri Narendra Modi, said that he was honoured to be in Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday.

The Prime Minister noted that Pahadpur is the President’s village and said that the work done by her is truly inspiring.

Shri Modi prayed for the President’s long and healthy life.

The Prime Minister wrote on X;

“Honoured to be in Pahadpur village, Odisha with Rashtrapati Ji and that too on her birthday. This is her village and the work that she has done is truly inspiring.

Praying for her long and healthy life.

@rashtrapatibhvn”