নমস্কাৰ!

আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।

 

মোৰ ভাই-ভনীসকল,

মই আজি মোৰ পৰিয়ালৰ সদস্যসকলক লগ কৰিবলৈ আহিছোঁ। মই আপোনালোকৰ বাবে সেই দেশৰ মাটিৰ সুবাস আনিছো সমুদ্ৰৰ সিপাৰে য'ত আপোনালোকৰ জন্ম হৈছিল, মই সেই মাটিৰ সুগন্ধ আপোনালোকৰ বাবে লৈ আনিছো। মই ১৪০ কোটি ভাৰতীয় ভাই-ভনীৰ বাৰ্তা লৈ আহিছো। আৰু এই বাৰ্তাটো হৈছে যে ভাৰতে আপোনালোকক লৈ গৌৰৱ কৰে, আপোনালোক দেশৰ গৌৰৱ। 'ভাৰত আপোনালোকক লৈ গৌৰৱান্বিত হৈ আহিছে'।

“ভাৰতম্ নিংগড়ে-ঔৰ্ত অভিমা-নিক্কুন্নু !! উংলাই পাৰ্ট ভাৰতম্ পেৰুমই পাড়গিৰদু !!

ভাৰতা নিম্মা বগ্গে হেম্মে পডু-ত্তদে!! মি পই ভাৰতদেশম গৰ্ৱিস্তোন্দী!!”

‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ এই সুন্দৰ ছবিখন, আপোনালোকৰ এই উৎসাহ, আপোনালোকৰ এই কোলাহল, আজি আবু ধাবিৰ আকাশ ভেদি নিনাদিত হৈছে। মোৰ বাবে ইমান মৰম, ইমান আশীৰ্বাদ, এয়া অভিভূত কৰিব পৰা অনুভৱ। সময় উলিয়াই ইয়ালৈ অহাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

বন্ধুসকল,

আজি ‘সহনশীলতা মন্ত্ৰী’ মহামান্য শ্বেখ নাহিয়ানো আমাৰ সৈতে ইয়াত উপস্থিত আছে। তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ এজন ভাল বন্ধু আৰু শুভাকাংক্ষী। ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ মৰম প্ৰশংসনীয়। আজি মই মোৰ ভাতৃ, মহামান্য শ্বেখ মহম্মদ বিন জায়েদজীকো এই সুন্দৰ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছো। তেওঁলোকৰ সমৰ্থন অবিহনে এই আনন্দ-উল্লাসেৰে ভৰা অনুষ্ঠানটো সম্ভৱ নহ'লহেঁতেন। তেওঁৰ আত্মীয়তা, মোৰ প্ৰতি তেওঁৰ আপোনত্ব, মোৰ বাবে বহুমূল্য মহান সম্পদ। ২০১৫ চনত মই কৰা প্ৰথম ভ্ৰমণটোৰ কথা মোৰ মনত আছে। মই তেতিয়া কেন্দ্ৰীয় চৰকাৰলৈ অহা বেছি দিন হোৱাই নাছিল। তিনি দশকৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ সেয়া প্ৰথম ‘ইউএই’ ভ্ৰমণ আছিল। কূটনীতিৰ পৃথিৱীখনো মোৰ বাবে নতুন আছিল। তেতিয়া তেতিয়াৰ স্থলাভিষিক্ত যুৱৰাজ আৰু আজিৰ ৰাষ্ট্ৰপতি তেওঁৰ পাঁচগৰাকী ভাতৃৰ সৈতে মোক স্বাগতম জনাবলৈ বিমানবন্দৰলৈ আহিছিল। তেওঁলোকৰ হৃদয়ৰ উমাল আবেগ, সেয়া জিলিকি উঠিছিল তেওঁলোক সকলোৰে চকুত, সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰো। সেই প্ৰথম সাক্ষাতত মোৰ এনে লাগিছিল যেন মই মোৰ কোনো আত্মীয়ৰ ঘৰলৈহে আহিছোঁ। তেওঁলোকেও মোক পৰিয়ালৰ এজনৰ দৰেই আদৰণি জনাইছিল। কিন্তু বন্ধুসকল, সেই আতিথ্য মোৰ অকলে নাছিল। সেই আতিথ্য, সেই আদৰণি, ১৪০ কোটি ভাৰতীয়ৰো আছিল। সেই আতিথ্য ‘ইউএই’ত বাস কৰা প্ৰতিগৰাকী ভাৰতীয়ৰো আছিল।

বন্ধুসকল,

এটা দিন সেইদিনা আছিল, আৰু এটা দিন হৈছে আজি। ১০ বছৰত ‘ইউএই’লৈ এয়া হৈছে মোৰ সপ্তম ভ্ৰমণ। ভাতৃ শ্বেখ মহম্মদ বিন জায়েদ আজিও মোক বিমানবন্দৰৰ পৰা অদৰি নিবলৈ আহিছিল। তেওঁৰ অন্তৰৰ আবেগ সেই একেই আছিল, তেওঁৰ আপোনত্ব সেই একেই আছিল আৰু সেইটোৱেই তেওঁক ইমান বিশেষ কৰি তোলে।

বন্ধুসকল,

মই সুখী যে আমি তেওঁক ভাৰতত ৪ বাৰ আদৰণি জনোৱাৰ সুযোগ পাইছো। তেওঁ কেইদিনমান আগতে গুজৰাটলৈ আহিছিল। তেতিয়া লাখ লাখ মানুহ পথৰ দুয়োফালে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সমবেত হৈছিল। আপোনালোকে জানেনে এই কৃতজ্ঞতা কিহৰ বাবে? এই ধন্যবাদ এই বাবেই, কিয়নো ইউএই-য়ে যিদৰে আপোনালোকৰ যত্ন লৈছে, তেওঁলোকে আপোনালোকৰ স্বাৰ্থৰ বিষয়ে যিদৰে চিন্তা কৰি আহিছে, সেয়া খুব কমেইহে দেখা যায়। গতিকে সেই সকলো লোকেও তেওঁলোকক ধন্যবাদ জনাবলৈ ঘৰৰ পৰা ওলাই আহিছিল।

 

বন্ধুসকল,

মই সৌভাগ্যৱান যে ইউএই-য়ে মোক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা- ‘দ্য অৰ্ডাৰ অব জায়েদ’ৰে সন্মানিত কৰিছে। এই সন্মান কেৱল মোৰেই নহয়, কোটি কোটি ভাৰতীয়ৰো সন্মান, ই আপোনালোক সকলোৰে সন্মান। যেতিয়াই মই মোৰ ভাতৃ শ্বেখ মহম্মদ বিন জায়েদক লগ পাওঁ, তেওঁ আপোনালোক সকলো ভাৰতীয়ক প্ৰশংসা কৰে। তেওঁলোকে ‘ইউএই’ৰ বিকাশত আপোনালোকৰ ভূমিকাক প্ৰশংসা কৰে। এই ‘জায়েদ ষ্টেডিয়াম’ত ভাৰতীয়সকলৰ ঘামৰ গোন্ধো আছে। মই সুখী যে আমাৰ ‘এমিৰেটছ’-ৰ বন্ধুসকলে ভাৰতীয়সকলক তেওঁলোকৰ হৃদয়ত স্থান দিছে, তেওঁলোকক তেওঁলোকৰ সুখ-দুখৰ অংশীদাৰ কৰি তুলিছে। সময়ৰ লগে লগে, এই সম্পৰ্ক দিনে দিনে শক্তিশালী হৈ আহিছে। আৰু ইয়াতো, ভাতৃ শ্বেখ মহম্মদ বিন জায়েদৰ এটা ডাঙৰ ভূমিকা আছে। তেওঁলোক আপোনালোকৰ প্ৰতি কিমান সংবেদনশীল সেয়া ক’ভিডৰ সময়ত মই দেখিবলৈ পাইছিলো।  সেই সময়ত মই যেতিয়া তেওঁলোকক কৈছিলো যে আমি ভাৰতীয়সকলক ঘূৰাই নিয়াৰ ব্যৱস্থা কৰি আছো। তেওঁ কিন্তু তেতিয়া মোক আপোনালোকৰ বাবে একেবাৰে চিন্তা নকৰিবলৈ কৈছিল। তেওঁ ইয়াত থকা ভাৰতীয়সকলৰ চিকিৎসাৰ বাবে, টিকাকৰণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছিল। আৰু তেওঁৰ দেশত থকাৰ বাবেই মই আপোনালোকৰ বাবে সঁচাকৈয়ে চিন্তা কৰিব লগা হোৱা নাছিল। মই প্ৰতিমুহূৰ্ততে আপোনালোকৰ প্ৰতি তেওঁৰ অসীম মৰম অনুভৱ কৰি আহিছো। আৰু কেৱল এয়াই নহয়, ২০১৫ চনত যেতিয়া আপোনালোক সকলোৰে হৈ আবু ধাবিত তেওঁক এটা মন্দিৰৰ প্ৰস্তাৱ দিয়া হৈছিল, তেওঁ লগে লগে এক মুহূৰ্তও নষ্ট নকৰাকৈ হ’ব বুলি কৈছিল আৰু তেওঁ আনকি কৈছিল– ‘সেই মাটি মই দিম য'ত আপুনি ৰেখা আঁকিব’। আৰু এতিয়া আবু ধাবিৰ এই ভব্য-দিব্য মন্দিৰৰ উৎসৰ্গাৰ বাবে ঐতিহাসিক ক্ষণ সমাগত হৈছে।

 

বন্ধুসকল,

 

‘ভাৰত-ইউএই-ৰ বন্ধুত্ব’ৰ বুনিয়াদ মাটিত যিমান শক্তিশালী, মহাকাশতো ইয়াৰ পতাকাই সিমানেই লহৰ তুলি আহিছে। ‘আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ’ত ৬মাহ অতিবাহিত কৰা প্ৰথমগৰাকী আমিৰী মহাকাশচাৰী চুলতান আল নেয়াদীক ভাৰতৰ হৈ মই অভিনন্দন জনাইছো। ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ আৰু ‘স্বাধীনতা দিৱস’ত মহাকাশৰ পৰা ভাৰতলৈ শুভেচ্ছা প্ৰেৰণ কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।

 

বন্ধুসকল,

 

আজি, একবিংশ শতিকাৰ এই তৃতীয় দশকত ভাৰত আৰু ‘ইউএই’-ৰ মাজৰ সম্পৰ্ক এক অভূতপূৰ্ব উচ্চতাত উপনীত হৈছে। আমি ইজন সিজনৰ প্ৰগতিৰ অংশীদাৰ। আমাৰ সম্পৰ্ক হৈছে প্ৰতিভাৰ, উদ্ভাৱনৰ, সংস্কৃতিৰ। বিগত সময়ছোৱাত আমি আমাৰ সম্পৰ্কক প্ৰতিটো দিশতে নতুন শক্তি প্ৰদান কৰিছো। আমি দুয়োখন দেশ একেলগে আগবাঢ়িছো, আমি একেলগে আগবাঢ়িছো। আজি, ‘ইউএই’ হৈছে ভাৰতৰ ‘তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ’। আজি, ‘ইউএই’ হৈছে ‘সপ্তম সৰ্ববৃহৎ বিনিয়োগকাৰী’। আমাৰ দুয়োখন দেশে জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতা দুয়োটাক্ষেত্ৰতে যথেষ্ট সহযোগিতা কৰি আছে। আজিও আমাৰ মাজত স্বাক্ষৰিত চুক্তিসমূহে এই প্ৰতিশ্ৰুতিকে আগুৱাই নিছে। আমি আমাৰ বিত্তীয় প্ৰণালীবোৰ একত্ৰিত কৰি আছো। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত আৰু ‘ইউএই’-ৰ মাজত অংশীদাৰিত্বও নিৰন্তৰ শক্তিশালী হৈ আছে।

 

বন্ধুসকল,

 

সম্প্ৰদায় আৰু সাংস্কৃতিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰত আৰু ‘ইউএই’-য়ে যি সাফল্য অৰ্জন কৰিছে সেয়া বিশ্বৰ বাবেই এক আৰ্হিস্বৰূপ। মই ‘এমিৰেটছ’-ত থকা মোৰ সহকৰ্মীসকলকো ক'ব বিচাৰো যে দুয়োখন দেশ ভাষাৰ স্তৰত কিমান ওচৰ চপা। মই আৰবী ভাষাত কেইটামান বাক্য ক'বলৈ চেষ্টা কৰিছোঁ – "অল হিন্দ বল ইমাৰাট, বি-কলম অল জমান, বল কিতাব অদদুনিয়া। নকটুবু, হিচাব লী মুস্তাকবাল আফদল। সদাকা বয়িনা, অল হিন্দ বল ইমাৰাট হিয়া, সৰৱতনা অল মুস্তৰকা। ফিল হকিকা, নহনু, ফী বিদএয়া, ছাইদা লী মুস্তকবল জইইদা!!!

 

মই আৰবী ভাষাত কথা ক’বলৈ চেষ্টা কৰিছো। যদি উচ্চাৰণ কৰোতে কিবা ভুল হৈছে মই নিশ্চিতভাৱেই মোৰ ‘ইউএই’ৰ বন্ধুসকলৰ ওচৰত ক্ষমা বিচাৰিম। আৰু যিসকলে মই কোৱা কথাবোৰ বুজি পোৱা নাই, তেওঁলোকৰ বাবে মই ইয়াৰ অৰ্থও বৰ্ণনা কৰি দিছোঁ। মই আৰবী ভাষাত যি কৈছিলো তাৰ অৰ্থ হৈছে— ‘ভাৰত আৰু ‘ইউএই’-য়ে সময়ৰ কলমেৰে বিশ্বৰ কিতাপখনত এক উন্নত ভাগ্যৰ বিৱৰণ লিখি আছে। ভাৰত আৰু ‘ইউএই’-ৰ মাজৰ বন্ধুত্ব হৈছে আমাৰ উমৈহতীয়া সম্পদ, দৰাচলতে, আমি এক সুন্দৰ ভৱিষ্যতৰ এক মহান আৰম্ভণি কৰিছো’। এতিয়া চিন্তা কৰকচোন শব্দবোৰ ইমান সহজ- কলম, কিতাপ, পৃথিৱী, হিচাপ, ভূমি, এই শব্দবোৰ ভাৰতত কিমান সহজে কোৱা হয়। আৰু এই শব্দবোৰ কেনেকৈ তালৈ গৈছিল? ইয়াৰ উপসাগৰৰ পাৰৰ এই অঞ্চলৰ পৰা। দুয়োখন দেশৰ মাজত আমাৰ সম্পৰ্ক কেবা হাজাৰ বছৰ জুৰি আছে। আৰু ভাৰতে কামনা কৰে যে ই দিনক দিনে শক্তিশালী হৈ থাকিব।

 

বন্ধুসকল,

 

মোক কোৱা হৈছে যে এই মুহূৰ্তত শ শ শিক্ষাৰ্থীও এই ষ্টেডিয়ামলৈ আহিছে। আজি, এনে ১.২৫ লাখতকৈয়ো অধিক শিক্ষাৰ্থীয়ে ‘ইউএই’-ৰ ভাৰতীয় বিদ্যালয়সমূহত অধ্যয়ন কৰি আছে। এই যুৱ বন্ধুসকল ভাৰত-ইউএই-ৰ সমৃদ্ধিৰ সাৰথী হ'বলৈ সাজু হৈছে। ভ্ৰাতৃ, মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সমৰ্থনত যোৱা মাহত ‘আইআইটি দিল্লী’ৰ আবু ধাবি চৌহদত মাষ্টাৰ্ছ পাঠ্যক্ৰম আৰম্ভ হৈছিল। ডুবাইত ‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চিবিএছই’-ৰ নতুন কাৰ্যালয়ো সোনকালেই মুকলি হ'ব। মই নিশ্চিত যে এই প্ৰতিষ্ঠানসমূহে ইয়াত ভাৰতীয় সম্প্ৰদায়ক সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক সহায়ক হ’ব।

 

বন্ধুসকল,

 

আজি প্ৰতিগৰাকী ভাৰতীয়ই ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছে। পৃথিৱীৰ কোনখন দেশ যাৰ অৰ্থনীতি অতি দ্ৰুতগতিত বৃদ্ধি হৈ আছে? সেয়া হৈছে আমাৰ ভাৰত! ‘স্মাৰ্টফোন ডাটা ব্যৱহাৰ’ত বিশ্বৰ কোনখন দেশ এক নম্বৰ? আমাৰ ভাৰত! ‘গ্লোবেল ফিনটেক এডপশ্যন ৰে’ট’ত বিশ্বৰ এক নম্বৰ দেশ কোনখন? আমাৰ ভাৰত! পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাখীৰ উৎপাদক দেশ কোনখন? আমাৰ ভাৰত! ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত বিশ্বৰ কোনখন দেশৰ স্থান দ্বিতীয়? আমাৰ ভাৰতৰ! কোনখন দেশ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা? আমাৰ ভাৰত! পৃথিৱীৰ কোনখন দেশত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ আছে? আমাৰ ভাৰতত! পৃথিৱীৰ কোনখন দেশে প্ৰথম প্ৰচেষ্টাতে মঙ্গল গ্ৰহত উপনীত হৈছিল? আমাৰ ভাৰতে! পৃথিৱীৰ কোনখন দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত ইয়াৰ পতাকা উত্তেলন কৰিছে? আমাৰ ভাৰতে! পৃথিৱীৰ কোনখন দেশে এবাৰত এশটা উপগ্ৰহ প্ৰেৰণ কৰাৰ অভিলেখ গঢ়িছে? আমাৰ ভাৰতে! পৃথিৱীৰ কোনখন দেশে নিজাকৈ ‘৫জি প্ৰযুক্তি’ বিকাশিত কৰি দ্ৰুততম ‘ৰোলআউট’-ৰ ব্যৱস্থা কৰিছে? আমাৰ ভাৰতে!

 

বন্ধুসকল,

 

ভাৰতৰ কৃতিত্ব হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ কৃতিত্ব। মাত্ৰ ১০ বছৰত ভাৰত ‘বিশ্বৰ ১১ সংখ্যক অৰ্থনীতি’ৰ পৰা ‘পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি’ হৈ উঠিছে। আৰু আপোনালোকে জানে যে প্ৰতিগৰাকী ভাৰতীয়ৰ সামৰ্থ্যৰ ওপৰত মোৰ কিমান বিশ্বাস আছে। এই বিশ্বাসৰ আধাৰত মোদীয়েও এক ‘গেৰাণ্টী’ প্ৰদান কৰিছে। আপোনালোকে ‘মোদীৰ গেৰাণ্টী’ৰ বিষয়ে জানেনে? মোদীয়ে তেওঁৰ ‘তৃতীয়টো কাৰ্যকাল’ত, মোদীয়ে তেওঁৰ ‘তৃতীয়টো কাৰ্যকাল’ত ভাৰতক ‘তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি’ হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা প্ৰদান কৰিছে। আৰু ‘মোদীৰ গেৰাণ্টী’ৰ অৰ্থ হৈছে ‘পূৰণৰ গেৰাণ্টী’। আমাৰ চৰকাৰে মানুহৰ জীৱনধাৰণৰ মান উন্নত কৰিবলৈ আৰু তেওঁলোকৰ দুখ-কষ্ট প্ৰশমিত কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। আমি ৪ কোটিতকৈয়ো অধিক পৰিয়ালৰ বাবে পকীঘৰ নিৰ্মাণ কৰিছো। আমি ১০ কোটিতকৈয়ো অধিক পৰিয়ালক নলৰ পানীৰ সংযোগ প্ৰদান কৰিছো। আমি ৫০ কোটিতকৈয়ো অধিক লোকক ‘বেংকিং ব্যৱস্থা’ৰ সৈতে সংযুক্ত কৰিছো। আমি ৫০ কোটিতকৈয়ো অধিক লোকক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছো। আমি ১.৫ লাখতকৈয়ো অধিক ‘আয়ুষ্মান আৰোগ্য মান্দিৰ’ নিৰ্মাণ কৰিছো যাতে গাঁৱৰ মানুহে চিকিৎসাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়।

 

বন্ধুসকল,

 

আপোনালোকৰ মাজৰ যিসকলে যোৱা কেইদিনমানত ভাৰতলৈ গৈছে তেওঁলোকে চাগৈ জানিছেই যে ভাৰতত আজি কিমান দ্ৰুতগতিৰে পৰিৱৰ্তন সাধিত হৈছে। আজি ভাৰতে ইটোতকৈ সিটো চাৰ আধুনিক ‘এক্সপ্ৰেছৱে’’ নিৰ্মাণ কৰি আছে। আজি ভাৰতে ইটোতকৈ সিটো চাৰ নতুন বিমানবন্দৰ নিৰ্মাণ কৰি আছে। আজি ভাৰতে ইটোতকৈ সিটো চাৰ  ‘ৰে'ল ষ্টেশ্যন’ নিৰ্মাণ কৰি আছে। আজি নতুন ধাৰণা আৰু নতুন উদ্ভাৱনৰ বাবে ভাৰতৰ নতুন পৰিচিতি গঢ়ি উঠিছে। আজি ভাৰতে বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ নিৰ্মাণ বাবে পৰিচিতি লাভ কৰিছে। আজি ভাৰতক এক উজ্জীৱিত পৰ্যটনৰ গন্তব্য স্থান হিচাপে চিনাক্ত কৰা হৈছে। আজি ভাৰতক এক মুখ্য ক্ৰীড়াশক্তি হিচাপে স্বীকৃতি দিয়া হৈছে। আৰু আপোনালোকে এয়া জানিবলৈ পাই নিশ্চয় গৌৰৱান্বিত হৈছে, হৈছেনে বাৰু, মই ঠিকেই কৈছোনে?

 

বন্ধুসকল,

 

‘ইউপিআই’ সোনকালেই ‘ইউএই’-ত আৰম্ভ হ'বলৈ সাজু হৈছে। ই ‘ইউএই’ আৰু ভাৰতীয় একাউণ্টৰ মাজত নিৰৱচ্ছিন্ন পৰিশোধ সম্ভৱ কৰি তুলিব। ইয়াৰ জৰিয়তে আপোনালোকে ভাৰতত আপোনালোকৰ পৰিয়ালৰ সদস্যসকললৈ অধিক সহজে ধন প্ৰেৰণ কৰিব পাৰিব।

 

বন্ধুসকল,

 

ভাৰতৰ বৰ্ধিত সম্ভাৱনাই বিশ্বক সুস্থিৰতা আৰু সমৃদ্ধিৰ আশা প্ৰদান কৰিছে। বিশ্বই অনুভৱ কৰিছে যে ভাৰতে এক বিশ্বাসযোগ্য গোলকীয় শৃংখলা স্থাপনত সক্ৰিয় ভূমিকা পালন কৰিব পাৰিব। মই সুখী যে আজি ভাৰত আৰু ‘ইউএই’-য়ে বিশ্বৰ এই বিশ্বাস শক্তিশালী কৰি তুলিছে। আপোনালোক সকলোৱে দেখিছে যে ভাৰতে এক অতি সফল ‘জি-২০ সন্মিলন’ অনুষ্ঠিত কৰিলে। ইয়াতো, আমি ‘ইউএই’-ক অংশীদাৰ হিচাপে আমন্ত্ৰণ জনাইছিলো। এনে প্ৰচেষ্টাৰ জৰিয়তে আমাৰ কৌশলগত অংশীদাৰিত্বও নতুন উচ্চতাৰ দিশে আগবাঢ়িছে। আজি বিশ্বই ভাৰতক ‘বিশ্ব-মিত্ৰ’ৰ ৰূপত গ্ৰহণ কৰিছে। আজি বিশ্বৰ প্ৰতিখন মুখ্য মঞ্চত ভাৰতৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা যায়। য'তেই সংকট হয়, সকলোতকৈ আগতে উপস্থিত হোৱা দেশসমূহৰ ভিতৰত ভাৰতৰো নাম থাকে। আজিৰ শক্তিশালী ভাৰতে প্ৰতিটো পদক্ষেপতে নিজৰ জনসাধাৰণৰ কাষত থিয় দিয়ে। যোৱা ১০টা বছৰত আপোনালোকে দেখিছে যে বিদেশত বসতি কৰা ভাৰতীয়সকলে যতেই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, ভাৰত চৰকাৰে তত্পৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আমি ইউক্ৰেইন, চুদান, য়েমেন আৰু অন্যান্য দেশৰ সংকটত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয়ক ভাৰতলৈ স্থানান্তৰিত কৰিছো। পৃথিৱীৰ ভিন্ন প্ৰান্তত বসতি স্থাপন কৰা বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা ভাৰতীয়সকলক সহায় কৰিবলৈ চৰকাৰে দিন-ৰাতিয়ে কাম কৰি আহিছে।

 

বন্ধুসকল,

 

ভাৰত আৰু ‘ইউএই’-য়ে একেলগে একবিংশ শতিকাৰ এক নতুন ইতিহাস লিখি আছে। আৰু এই ইতিহাসৰ আধাৰ হৈছে আপোনালোক মোৰ সকলো বন্ধু। আপোনালোকে ইয়াত কৰা কঠোৰ পৰিশ্ৰমৰ পৰা ভাৰতেও শক্তি লাভ কৰিছে। আপোনালোকে ভাৰত আৰু ‘ইউএই’-ৰ মাজৰ বিকাশ আৰু বন্ধুত্বক এইদৰেই শক্তিসমৃদ্ধ কৰি থাকক। এই ইচ্ছাৰে, এই বিশাল আদৰণিৰ বাবে আপোনালোক সকলোকে পুনৰ বহুত ধন্যবাদ জনাইছোঁ! মোৰ সৈতে কওক- ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

 

মোৰ আৰু আপোনালোকৰ মাজত যথেষ্ট দূৰত্ব আছে, সেয়েহে আপোনালোকক চাবলৈ মই আপোনালোকৰ মাজলৈ আহিম। কিন্তু মই আপোনালোকক অনুৰোধ জনাইছো যেন আপোনালোক য'ত আছে তাতে বহি থাকে, তেহে মই আপোনালোকক চোৱাৰ সৌভাগ্য ভালকৈ লাভ কৰিব পাৰিম। আপোনালোকে মোক সহায় কৰিব নে? নিশ্চিতভাবেই কৰিবনে?

 

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"