উত্তৰ-পূৰ্বাঞ্চল আমাৰ বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ অতিশয় বৈচিত্ৰ্যপূৰ্ণ অঞ্চলঃ প্ৰধানমন্ত্ৰী
আমাৰ বাবে ইষ্ট (EAST) মানে - এম্পাৱাৰ, এক্ট, সবলীকৰণ (Strengthen) আৰু ট্ৰেন্সফৰ্মঃ প্ৰধানমন্ত্ৰী
এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেৱল ফ্ৰন্টলাইন অঞ্চল বুলি কোৱা হৈছিল.. কিন্তু আজি ই ‘বিকাশৰ ফ্ৰন্ট-ৰানাৰ’ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল হৈছে পৰ্যটনৰ পূৰ্ণ পেকেজঃ প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদ বা মাওবাদৰ অৱসান নঘটালৈকে আমাৰ চৰকাৰে শূন্য-সহনশীল নীতি অনুসৰণ কৰি যাবঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল শক্তি আৰু অৰ্ধ-পৰিবাহীৰ দৰে খণ্ডৰ মূল কেন্দ্ৰত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

আজি যি সময়ত মই ৰাইজিং নৰ্থ-ইষ্টৰ এই ভব্য মঞ্চত আছোঁ, সেই সময়ত মোৰ মনত গৌৰৱ আছে, আত্মীয়তা আছে, অন্তৰংগতা আছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল, ভৱিষ্যতক লৈ অপৰিসীম বিশ্বাস আছে। মাত্ৰ কেইমাহমানৰ আগতে, ইয়াত ভাৰত মণ্ডপমত আমি অষ্টলক্ষ্মী মহোৎসৱ পালন কৰিছিলোঁ, আজি আমি ইয়াত উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগৰ উৎসৱ উদযাপন কৰিছোঁ। ইয়ালৈ ইমান বৃহৎ সংখ্যক উদ্যোগৰ নেতা আহিছে। ইয়াৰ পৰা দেখা যায় যে উত্তৰ-পূৰ্বাঞ্চলক লৈ সকলোৰে মাজত উৎসাহ আছে, উদ্যম আছে আৰু নতুন নতুন সপোন আছে। মই সকলো মন্ত্ৰালয় আৰু সকলো ৰাজ্যৰ চৰকাৰক এই কামৰ বাবে বহুত বহুত অভিনন্দন জনাইছোঁ। আপোনালোকৰ প্ৰচেষ্টাৰে, তাত বিনিয়োগৰ বাবে এক চমকপ্ৰদ পৰিৱেশৰ সৃষ্টি হৈছে। নৰ্থ ইষ্ট ৰাইজিং ছামিট, ইয়াৰ সফলতাৰ বাবে মোৰ তৰফৰ পৰা, ভাৰত চৰকাৰৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

ভাৰতক বিশ্বৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰ বুলি কোৱা হয়, আৰু আমাৰ উত্তৰ-পূৰ্বাঞ্চল, এই বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ অংশ। বাণিজ্যৰ পৰা পৰম্পৰালৈ, বস্ত্ৰশিল্পৰ পৰা পৰ্যটনলৈ, উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্য, এয়া ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি। উত্তৰ-পূব মানে বায়’ ইকনমি আৰু বাঁহ, উত্তৰ-পূব মানে চাহ উৎপাদন আৰু পেট্ৰলিয়াম, উত্তৰ-পূব মানে ক্ৰীড়া আৰু দক্ষতা, উত্তৰ-পূব মানে ইক’-টুৰিজিমৰ উদীয়মান হাব, উত্তৰ-পূব মানে জৈৱিক সামগ্ৰীৰ নতুন পৃথিৱী, উত্তৰ-পূব মানে শক্তিৰ পাৱাৰ হাউছ, সেয়েহে উত্তৰ-পূব আমাৰ বাবে ‘অষ্টলক্ষ্মী’। ‘অষ্টলক্ষ্মী’ৰ এই আশীৰ্বাদেৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই কৈ আছে, আমি বিনিয়োগৰ বাবে সাজু, আমি নেতৃত্বৰ বাবে সাজু।

বন্ধুসকল,

এখন উন্নত ভাৰত গঢ়াৰ বাবে পূব ভাৰতৰ বিকশিত হোৱাটো বহুত জৰুৰী৷ আৰু উত্তৰ পূৰ্বাঞ্চল হৈছে পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমাৰ বাবে, EAST মানে কেৱল এটা দিশ নহয়, আমাৰ বাবে EAST মানে – Empower (শক্তিশালী কৰা), Act (কাম কৰা), Strengthen (শক্তিশালী কৰা), আৰু Transform (ৰূপান্তৰ কৰা)। পূব ভাৰতৰ বাবে এয়াই আমাৰ চৰকাৰৰ নীতি। এই নীতি, এই অগ্ৰাধিকাৰেই আজি পূব ভাৰতক, আমাৰ উত্তৰ-পূৰ্বাঞ্চলক বৃদ্ধিৰ কেন্দ্ৰীয় মঞ্চলৈ লৈ আহিছে।

বন্ধুসকল,

যোৱা ১১ বছৰত যি পৰিৱৰ্তন উত্তৰ-পূৰ্বাঞ্চলত আহিছে সেয়া কেৱল আকাৰৰ কথা নহয়, এয়া ধৰাত অনুভৱ হোৱা পৰিৱৰ্তন। আমি উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে কেৱল আঁচনিৰ জৰিয়তে সম্পৰ্ক গঢ়ি তোলা নাই, আমি অন্তৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছোঁ। এই হিচাপ যি মই কৈ আছোঁ নহয়, শুনি আচৰিত হ’ব, সাতশবাৰ, ৭০০ বাৰতকৈও অধিক, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। আৰু মোৰ নিয়ম গৈ ঘূৰি অহাটো নাছিল, ৰাতি থকাটো বাধ্যতামূলক আছিল। তেওঁলোকে সেই মাটিক অনুভৱ কৰিলে, মানুহৰ চকুত আশা দেখিলে, আৰু সেই ভৰসাক বিকাশৰ নীতিলৈ ৰূপান্তৰিত কৰিলে, আমি আন্তঃগাঁথনিক কেৱল ইটা আৰু চিমেণ্টেৰে চোৱা নাই; আমি ইয়াক আৱেগিক সংযোগৰ মাধ্যম কৰিলোঁ। আমি লুক ইষ্টৰ পৰা আগবাঢ়ি গৈ এক্ট ইষ্টৰ মন্ত্ৰ অনুসৰণ কৰিলোঁ, আৰু ইয়াৰ ফলাফল আমি আজি দেখিবলৈ পাইছোঁ। এটা সময় আছিল, যেতিয়া উত্তৰ-পূবক কেৱল সীমান্ত অঞ্চল বুলি কোৱা হৈছিল। আজি ই বৃদ্ধিৰ আগশাৰীৰ স্থানত পৰিণত হৈছে।

 

বন্ধুসকল,

ভাল আন্তঃগাঁথনিয়ে পৰ্যটনক আকৰ্ষণীয় কৰি তোলে। য’ত আন্তঃগাঁথনি ভাল, তাত বিনিয়োগকাৰীয়েও এক বেলেগ আত্মবিশ্বাস লাভ কৰে। উন্নত পথ, ভাল শক্তি আন্তঃগাঁথনি আৰু লজিষ্টিক নেটৱৰ্ক, যিকোনো উদ্যোগৰ মেৰুদণ্ড। বাণিজ্যও বৃদ্ধি পায়, য’ত নিৰৱচ্ছিন্ন সংযোগ থাকে, অৰ্থাৎ উন্নত আন্তঃগাঁথনি, এয়া উন্নয়নৰ প্ৰথম চৰ্ত, ইয়াৰ ভেটি। সেইবাবে আমি উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি বিপ্লৱ আৰম্ভ কৰিছোঁ। দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চল অভাৱত থাকিল। কিন্তু এতিয়া, উত্তৰ-পূৰ্বাঞ্চল হৈ পৰিছে সুযোগৰ ঠাই। আমি উত্তৰ-পূৰ্বাঞ্চলত সংযোগৰ আন্তঃগাঁথনিৰ ওপৰত লাখ লাখ কোটি টকা খৰচ কৰিছোঁ। আপুনি অৰুণাচললৈ গ’লে, ছেলা সুৰংগৰ দৰে আন্তঃগাঁথনি পাব। অসমলৈ গ’লে, ভূপেন হাজৰিকা সেঁতুৰ দৰে বহুতো মেগা প্ৰজেক্ট দেখা পাব, মাত্ৰ এটা দশকতে উত্তৰ-পূৰ্বাঞ্চলত ১১ হাজাৰ কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণ কৰা হৈছে। শ শ কিলোমিটাৰৰ নতুন ৰে'ল লাইন স্থাপন কৰা হৈছে, উত্তৰ-পূৰ্বাঞ্চলত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত জলপথ নিৰ্মাণ কৰি থকা হৈছে। শ শ মোবাইল টাৱাৰ স্থাপন কৰা হৈছে, আৰু কেৱল এয়াই নহয়, ১৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনৰ নৰ্থ ইষ্ট গেছ গ্ৰীডো নিৰ্মাণ কৰা হৈছে। ই উদ্যোগক প্ৰয়োজনীয় গেছ যোগানৰ নিশ্চয়তা দিয়ে। অৰ্থাৎ ঘাইপথ, ৰে’লৱে, জলপথ, আইৱেজ, সকলো দিশতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ শক্তিশালী হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলত ভূমি প্ৰস্তুত হৈছে, আমাৰ উদ্যোগসমূহে আগবাঢ়ি গৈ এই সুযোগৰ সম্পূৰ্ণ সুবিধা ল’ব লাগে। আপোনালোক ফাৰ্ষ্ট মুভাৰ এডভান্টেজৰ পৰা বঞ্চিত হ’ব নালাগে।

বন্ধুসকল,

অনাগত দশকত উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক সম্ভাৱনা বহুগুণে বৃদ্ধি পাবলৈ গৈ আছে। আজি ভাৰত আৰু আছিয়ানৰ মাজৰ বাণিজ্যৰ পৰিমাণ প্ৰায় ১২৫ বিলিয়ন ডলাৰ। অনাগত বছৰবোৰত ই ২০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব, উত্তৰ পূৰ্বাঞ্চল এই বাণিজ্যৰ বাবে এক শক্তিশালী সেঁতু হৈ পৰিব, আছিয়ানৰ বাবে বাণিজ্যৰ দুৱাৰমুখ হৈ পৰিব। আৰু ইয়াৰ বাবেও আমি প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছোঁ। ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথৰ জৰিয়তে ম্যানমাৰ হৈ থাইলেণ্ডৰ সৈতে পোনপটীয়া সংযোগৰ ব্যৱস্থা হ’ব। ইয়াৰ ফলত ভাৰতৰ সংযোগ থাইলেণ্ড, ভিয়েটনাম, লাওছৰ দৰে দেশৰ সৈতে সহজ হৈ পৰিব। আমাৰ চৰকাৰে কালাডান মাল্টিমডেল ট্ৰেনজিট প্ৰজেক্ট ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ জৰিয়তে কলকাতা বন্দৰক ম্যানমাৰৰ ছিট্টৱে বন্দৰৰ সৈতে সংযোগ কৰা হ’ব, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশ মিজোৰাম হৈ সংযোগ কৰা হ’ব। ইয়াৰ ফলত পশ্চিমবংগ আৰু মিজোৰামৰ মাজৰ দূৰত্ব যথেষ্ট হ্ৰাস পাব। ই উদ্যোগ আৰু বাণিজ্যৰ বাবেও এক বৃহৎ আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব।

বন্ধুসকল,

আজি গুৱাহাটী, ইম্ফল, আগৰতলাৰ দৰে চহৰক মাল্টি মডেল লজিষ্টিক হাব হিচাপে গঢ়ি তোলা হৈছে। মেঘালয় আৰু মিজোৰামত লেণ্ড কাষ্টম ষ্টেচনে এতিয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক নতুন বিস্তাৰ দিছে। এই সকলো প্ৰচেষ্টাৰে উত্তৰ-পূৰ্বাঞ্চল ভাৰত প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ বাণিজ্যৰ নতুন নাম হ’বলৈ গৈ আছে। অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলত আপোনাৰ বাবে সম্ভাৱনাৰ নতুন আকাশ মুকলি হ’বলৈ গৈ আছে।

 

বন্ধুসকল,

আজি আমি ভাৰতক গ্ল’বেল হেল্থ এণ্ড ৱেলনেছ ছলিউচন প্ৰভাইডাৰ হিচাপে প্ৰতিষ্ঠা কৰিছোঁ। হিল ইন ইণ্ডিয়া, হিল ইন ইণ্ডিয়া মন্ত্ৰটোক বিশ্বব্যাপী মন্ত্ৰ হিচাপে গঢ়ি তোলাটো আমাৰ প্ৰচেষ্টা। উত্তৰ-পূব প্ৰকৃতিৰ চহকী আৰু জৈৱিক জীৱনশৈলীৰ বাবে এক নিখুঁত গন্তব্যস্থান। তাত থকা জৈৱ বৈচিত্ৰ্য, তাৰ জলবায়ু, সুস্থতাৰ বাবে ঔষধৰ দৰে। গতিকে, হিল ইন ইণ্ডিয়াৰ মিছনত বিনিয়োগ কৰিবলৈ হ’লে মই ভাবোঁ আপুনি উত্তৰ-পূব অন্বেষণ কৰিব লাগিব।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি নিজেই সংগীত, নৃত্য আৰু উদযাপনেৰে ভৰপূৰ। গতিকে বিশ্ব সন্মিলন হওক, কনচাৰ্ট হওক বা গন্তব্য বিয়া হওক, এইবোৰৰ বাবেও উত্তৰ পূৰ্বাঞ্চল সৰ্বোত্তম ঠাই। এক প্ৰকাৰে উত্তৰ পূৰ্বাঞ্চল পৰ্যটনৰ বাবে এক সম্পূৰ্ণ পেকেজ। এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ চুকে-কোণে উন্নয়নৰ সুফল পোৱা গৈছে আৰু ইয়াৰ ফলত পৰ্যটনতো ইতিবাচক প্ৰভাৱ পৰিছে। তাত পৰ্যটকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। আৰু এইবোৰ কেৱল অংক নহয়, ইয়াৰ বাবেই প্ৰতিখন গাঁৱতে হোমষ্টে নিৰ্মাণ কৰা হৈছে, আৰু যুৱক-যুৱতীসকলে গাইড হিচাপে নতুন নতুন সুযোগ লাভ কৰিছে। পৰ্যটন আৰু ভ্ৰমণৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ বিকাশ ঘটিছে। এতিয়া আমি ইয়াক অধিক উচ্চতালৈ লৈ যাব লাগিব। ইক'-টুৰিজিম, সাংস্কৃতিক-পৰ্যটনত আপোনালোক সকলোৰে বাবে নতুন বিনিয়োগৰ সুযোগ।

বন্ধুসকল,

যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শান্তি আৰু আইন-শৃংখলা। সন্ত্ৰাসবাদ হওক বা মাওবাদীয়ে অশান্তি বিয়পাই দিয়া হওক, আমাৰ চৰকাৰে শূন্য সহনশীলতা নীতি মানি চলে। এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ লগত বোমা, বন্দুক আৰু অৱৰোধৰ সম্পৰ্ক আছিল; আমি উত্তৰ-পূব বুলি কোৱা মুহূৰ্ততে বোমা, বন্দুক আৰু অৱৰোধ আমাৰ মনলৈ আহিছিল। ইয়াৰ বাবেই তাত থকা যুৱক-যুৱতীসকলে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁলোকৰ হাতৰ পৰা অগণন সুযোগ ওলাই গৈছিল। আমাৰ গুৰুত্ব উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ওপৰত। সেইবাবেই আমি ইখনৰ পিছত সিখন শান্তি চুক্তি স্বাক্ষৰ কৰিলোঁ, যুৱক-যুৱতীসকলক উন্নয়নৰ মূলসুঁতিলৈ অহাৰ সুযোগ দিলোঁ৷ যোৱা ১০-১১ বছৰত ১০ হাজাৰতকৈ অধিক যুৱকে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ বাছি লৈছে, ১০ হাজাৰ যুৱকে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে নিজৰ অঞ্চলত কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ নতুন সুযোগ লাভ কৰিছে। মুদ্ৰা যোজনাই উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ যুৱক-যুৱতীক সহস্ৰ কোটি টকাৰে সহায় কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা শিক্ষানুষ্ঠানসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিত সহায় কৰিছে। আজি আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল এতিয়া কেৱল ইণ্টাৰনেট ব্যৱহাৰকাৰী নহয় বৰঞ্চ ডিজিটেল ইনোভেটৰ হৈ পৰিছে। ১৩ হাজাৰ কিলোমিটাৰতকৈও অধিক অপটিকেল ফাইবাৰ, ৪জি, ৫জি কভাৰেজ, প্ৰযুক্তিৰ উদীয়মান সম্ভাৱনা, উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে এতিয়া নিজৰ নিজৰ চহৰতে ডাঙৰ ডাঙৰ ষ্টাৰ্টআপ আৰম্ভ কৰিছে। উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ ডিজিটেল গেটৱেত পৰিণত হৈছে।

 

বন্ধুসকল,

আমি সকলোৱে জানো যে বৃদ্ধিৰ বাবে আৰু উন্নত ভৱিষ্যতৰ বাবে দক্ষতাৰ প্ৰয়োজনীয়তা কিমান বিশাল। উত্তৰ পূৰ্বাঞ্চলেও আপোনাৰ বাবে অনুকূল পৰিবেশৰ ব্যৱস্থা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা আৰু দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰত কেন্দ্ৰীয় চৰকাৰে বিপুল পৰিমাণৰ বিনিয়োগ কৰিছে। বিগত দশকত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকাতকৈও অধিক বিনিয়োগ কৰা হৈছে। প্ৰায় ৮৫০খন নতুন বিদ্যালয় নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো এইমছ নিৰ্মাণ কৰা হৈছে। ৯খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে দুখন নতুন ট্ৰিপল আইটি। মিজোৰামত স্থাপন কৰা হৈছে ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ কেম্পাছ। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰায় ২০০খন নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো চলি আছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত শ শ কোটি টকাৰ কাম চলি আছে। ৮টা খেলো ইণ্ডিয়া চেণ্টাৰ অৱ এক্সেলেন্স, আৰু ২৫০টাতকৈও অধিক খেলো ইণ্ডিয়া চেণ্টাৰ কেৱল উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিটো খণ্ডৰ শ্ৰেষ্ঠ প্ৰতিভা আপোনালোকৰ বাবে উপলব্ধ হ'ব। ইয়াৰ সুবিধা আপুনি ল’ব লাগিব।

বন্ধুসকল,

আজি বিশ্বত জৈৱিক খাদ্যৰ চাহিদাও বাঢ়িছে, সামগ্ৰিক স্বাস্থ্যসেৱাৰ ধাৰা প্ৰস্তুত হৈছে, আৰু মোৰ সপোন আছে যে পৃথিৱীৰ প্ৰতিখন ডাইনিং টেবুলত কিবা নহয় কিবা ভাৰতীয় খাদ্যৰ ব্ৰেণ্ড থাকিব লাগে। এই সপোন পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ পৰিসৰ যোৱা দশকত দুগুণ বৃদ্ধি পাইছে। আমাৰ ইয়াত চাহ, আনাৰস, কমলা, নেমু, হালধি, আদা আৰু এনে বহু বস্তু, ইয়াৰ সোৱাদ আৰু গুণগত মান সঁচাকৈয়ে আচৰিত। পৃথিৱীত ইবিলাকৰ চাহিদা বাঢ়ি গৈয়ে আছে। এই চাহিদাতো আপোনাৰ বাবে সম্ভাৱনা আছে।

 

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলত খাদ্য সংসাধন ইউনিট স্থাপনৰ কাম সহজ কৰি তুলিবলৈ চৰকাৰে চেষ্টা চলাইছে। ইয়াত উন্নত সংযোগে নিশ্চিতভাৱে সহায় কৰিছে, ইয়াৰ উপৰিও আমি মেগা ফুড পাৰ্ক নিৰ্মাণ কৰিছোঁ, শীতল সংৰক্ষণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছোঁ, পৰীক্ষামূলক লেবৰ বাবে সুবিধা সৃষ্টি কৰিছোঁ। ইয়াৰোপৰি চৰকাৰে আৰম্ভ কৰিছে অইল পাম মিছন। উত্তৰ পূৰ্বাঞ্চলৰ মাটি আৰু জলবায়ু পাম অইলৰ বাবে অতি উত্তম। কৃষকৰ বাবে ই উপাৰ্জনৰ এক অতি উত্তম উৎস। ইয়াৰ ফলত ভাৰতৰ খাদ্য তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস পাব। পাম অইলৰ বাবে খেতি কৰাটোও আমাৰ উদ্যোগৰ বাবে এক ডাঙৰ সুযোগ।

বন্ধুসকল,

আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু দুটা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হৈ পৰিছে। এই খণ্ডসমূহ হ’ল – শক্তি আৰু অৰ্ধপৰিবাহী। জলবিদ্যুৎ হওক বা সৌৰশক্তি হওক, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে চৰকাৰে ব্যাপক বিনিয়োগ কৰিছে। হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন কৰা হৈছে। কেৱল উদ্যোগ আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰাৰ সুযোগেই নহয়, উৎপাদনৰ বাবেও এক সোণালী সুযোগ আছে। ছ’লাৰ মডিউল হওক, ছেল্স হওক, ষ্টোৰেজ হওক, গৱেষণা হওক, এইবোৰত সৰ্বাধিক বিনিয়োগৰ প্ৰয়োজন। এয়াই আমাৰ ভৱিষ্যৎ, আজি আমি যিমানেই ভৱিষ্যতৰ ওপৰত বিনিয়োগ কৰিম সিমানেই বিদেশৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা কম হ’ব। আজি দেশৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ ভূমিকাও ডাঙৰ হৈ আহিছে। অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্ধপৰিবাহী প্লাণ্টৰ পৰা দেশে প্ৰথমটো মেড ইন ইণ্ডিয়া চিপ লাভ কৰিবলৈ ওলাইছে। এই প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলত অৰ্ধপৰিবাহী খণ্ডৰ বাবে, অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

 

বন্ধুসকল,

ৰাইজিং নৰ্থ‌‌‌ ইষ্ট, কেৱল বিনিয়োগকাৰীৰ সন্মিলন নহয়, ই এক আন্দোলন। এয়া এটা কাৰ্য্যৰ আহ্বান; ভাৰতৰ ভৱিষ্যৎ, উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ সৈতেই নতুন উচ্চতাত উপনীত হ’ব। মোৰ আপোনালোক সকলো ব্যৱসায়িক নেতাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আহক, একত্ৰিত হৈ ভাৰতৰ অষ্টলক্ষ্মীক এখন উন্নত ভাৰতৰ প্ৰেৰণা হিচাপে গঢ়ি তোলোঁ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে আজিৰ এই সামূহিক প্ৰচেষ্টা আৰু আপোনালোক সকলোৰে ইয়াৰ সৈতে সংযুক্ত হোৱা, আপোনালোকৰ উৎসাহ, আপোনালোকৰ দায়বদ্ধতাই আশাক বিশ্বাসলৈ ৰূপান্তৰিত কৰিছে, আৰু মই নিশ্চিত যে যেতিয়া আমি দ্বিতীয় ৰাইজিং ছামিট কৰিম, তেতিয়ালৈকে আমি চাগৈ বহু আগবাঢ়ি যাম। বহুত বহুত শুভকামনা।

বহুত বহুত ধন্যবাদ !

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
You Maybe New To...’: PM Modi Writes To Kerala MP Sadanandan Master, Praises His RS Speech

Media Coverage

You Maybe New To...’: PM Modi Writes To Kerala MP Sadanandan Master, Praises His RS Speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister holds official talks with Prime Minister of Malaysia
February 08, 2026

Prime Minister Shri Narendra Modi was today received by the Prime Minister of Malaysia, H.E. Dato’ Seri Anwar Ibrahim at Perdana Putra complex and accorded a ceremonial welcome. Thereafter, the Leaders met in restricted and delegation-level formats at Seri Perdana, the official residence of Prime Minister Anwar Ibrahim.

The leaders held wide-ranging discussions and agreed to further strengthen the Comprehensive Strategic Partnership established between the two countries in 2024. They recalled the age-old India-Malaysia ties which underpin the partnership and the close people-to-people bonds. The leaders reviewed the entire spectrum of bilateral relations, including priority sectors such as trade, investment, defence, security, maritime, clean energy, infrastructure, start-ups, agriculture, education, health, Ayurveda, tourism and cultural linkages. They also discussed enhancing cooperation in emerging areas such as semiconductors and artificial intelligence. The leaders appreciated the steady progress in digital cooperation between the two countries through the bilateral Digital Council and welcomed the agreement between UPI and Pay-net to enhance fintech collaboration.

Prime Minister Modi called for strengthening youth linkages through parliamentary and university exchanges. In this context, he welcomed the ongoing cooperation between Nalanda University in India and Universiti Malaya, and IIT Madras and Advanced Semiconductor Academy of Malaysia. He noted that the opening of India India’s first Consulate in Malaysia would strengthen commercial and people-to-people ties.

The two leaders exchanged perspectives on regional and global issues of mutual interest, including global governance reforms, the Indo-pacific and the growing India-ASEAN partnership. Prime Minister called for the AITIGA review to be completed at the earliest.

Prime Minister also took the opportunity to congratulate Prime Minister Anwar Ibrahim for Malaysia’s successful Chairship of ASEAN in 2025. Prime Minister Anwar Ibrahim conveyed his good wishes and support for India’s Presidency of the BRICS in 2026. Prime Minister thanked Prime Minister Anwar Ibrahim for his strong condemnation of the Pahalgam terror attack and the Red Fort blast, and called for continued close cooperation in counter-terrorism.

Following the talks, several important bilateral agreements, including on digital payments, security cooperation, semiconductors, health and medicine, disaster management, combating corruption, audio-visual co-production, technical and vocational education, UN peacekeeping cooperation and social security for Indian workers were exchanged. Malaysia also completed all procedures for its accession to the International Big Cat Alliance (IBCA). Full list of MoUs/ agreements exchanged may be seen here. [Link]

The 10th India-Malaysia CEO Forum was held on 07 February 2026, on the margins of the visit of Prime Minister. The outcome document of the Forum was received by both sides.

Prime Minister Anwar Ibrahim hosted a luncheon banquet in honor of Prime Minister. Prime Minister thanked Prime Minister Anwar Ibrahim for his gracious hospitality and invited him to visit India.