“আজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ দক্ষতা সমাৱৰ্তনে ইতিহাস ৰচনা কৰিলে”
“প্ৰকৃত অৰ্থত কঠোৰ পৰিশ্ৰমী প্ৰতিজন ব্যক্তিৰ সন্মানাৰ্থে বিশ্বকৰ্মা জয়ন্তী, এয়া শ্ৰমৰ দিন”
“ভাৰতত আমি সদায়েই শ্ৰমিকৰ দক্ষতাত ঈশ্বৰৰ চিত্ৰণ দেখি আহিছো, তেওঁলোকক বিশ্বকৰ্মাৰ ৰূপত চোৱা হয়”
“বৰ্তমানক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ যুৱক-যুৱতীসকল শিক্ষাৰ লগতে দক্ষতাতো সমানে আগবঢ়াটো অতিশয় প্ৰয়োজনীয়”
“আইটিআইৰপৰা কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতীসকলক সেনাত নিয়োগৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে”
“ইয়াত আইটিআইসমূহৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ, আমাৰ যুৱক-যুৱতীসকলে এই সম্ভাৱনাসমূহৰ সৰ্বোত্তম সুযোগ গ্ৰহণ কৰা উচিত”
“ভাৰতত দক্ষতাৰ মানদণ্ড আছে আৰু লগতে বৈচিত্ৰ্যও আছে”
“এগৰাকী যুৱক-যুৱতীৰ শিক্ষাৰ শক্তিৰ লগতে দক্ষতাৰ শক্তি থকা মাত্ৰেকে তেওঁৰ আত্মবিশ্বাস বাঢ়ি যায়”
“পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰতৰ প্ৰতি বিশ্বখনৰ আস্থাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে”
“দক্ষতাৰ কথা আহিলে আমাৰ মন্ত্ৰ ‘স্কিলিং’, ‘ৰিস্কিলিং’ আৰু ‘আপস্কিলিং’ হ’ব লাগে!”

নমস্কাৰ!

মই সৌভাগ্যৱান যে আজি দেশৰ লাখ লাখ আই টি আইৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছো। দক্ষতা বিকাশৰ লগত জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষা জগতৰ অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল!

আজি একবিংশ শতিকাত আগবাঢ়ি গৈ আমাৰ দেশত এক নতুন ইতিহাসৰ সৃষ্টি হৈছে। প্ৰথমবাৰৰ বাবে আইটিআইৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কৌশল দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তেও ৪০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে সংযোগ স্থাপন কৰিছে। আপোনালোক সকলোকে কৌশল দীক্ষান্ত সমাৰোহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিও এক অতি শুভ অনুষ্ঠান। আজি ভগৱান বিশ্বকৰ্মাৰ ওপজা দিনো। কি এক আচৰিত কাকতলীয়া কাকতলীয়া কথা যে বিশ্বকৰ্মা জয়ন্তীৰ শুভ উপলক্ষে সংঘটিত হৈছে দক্ষতাৰে নতুনত্বৰ পথত আপোনালোকৰ প্রথম খোজ দিয়া কৌশল দীক্ষান্ত সমাৰোহ! মই নিশ্চিতভাৱে ক’ব পাৰো যে আপোনাৰ আৰম্ভণি যিমানেই সুখদায়ক নহওক কিয়, আপোনাৰ ভৱিষ্যতৰ যাত্ৰাও অধিক সৃষ্টিশীল হ’ব। আপোনালোকৰ লগতে সমূহ দেশবাসীলৈ ভগৱান বিশ্বকৰ্মা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

বন্ধুসকল,

বিশ্বকৰ্মা জয়ন্তী হৈছে দক্ষতাৰ অভিষেকৰ উৎসৱ। ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিৰ্মিত মূৰ্তি এটাক যেতিয়ালৈকে তাত জীৱন সোমাই নাযায় তেতিয়ালৈকে ঈশ্বৰৰ ৰূপ বুলি কোৱা নহয়। আজি আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে আজি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আপোনালোকৰ দক্ষতাক সন্মান আৰু স্বীকৃতি প্ৰদান কৰা হৈছে। বিশ্বকৰ্মা জয়ন্তী প্ৰকৃত অৰ্থত কঠোৰ পৰিশ্ৰম কৰা ব্যক্তিৰ সন্মান; শ্ৰমিকৰ দিন। আমাৰ দেশত কৰ্মীৰ দক্ষতাক ঈশ্বৰৰ অংশ হিচাপে দেখা যায়; তেওঁক বিশ্বকৰ্মাৰ ৰূপত দেখা যায়। অৰ্থাৎ আপোনাৰ যি দক্ষতা আছে তাত ক’ৰবাত ঈশ্বৰৰ এটা অংশ আছে। মই বিশ্বাস কৰোঁ যে এই অনুষ্ঠানটো ভগৱান বিশ্বকৰ্মালৈ এক আৱেগিক শ্ৰদ্ধাঞ্জলিৰ দৰে। ‘কৌশলঞ্জলি’ বা ‘কৰ্মঞ্জলি’ বুলি কওক, বিশ্বকৰ্মাৰ জন্ম জয়ন্তীতকৈ আৰু কি সুন্দৰ দিন হ’ব পাৰে।

বন্ধুসকল,

বিগত আঠ বছৰত দেশত ভগৱান বিশ্বকৰ্মাৰ অনুপ্ৰেৰণাত বহু নতুন আঁচনি আৰম্ভ হৈছে। আমাৰ ‘শ্ৰেমৱ জয়তে’ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছে। আজি দেশে পুনৰবাৰ দক্ষতা বিকাশত সমানে গুৰুত্ব দি দক্ষতাক সন্মান জনাইছে। এই শতিকাক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ হ’লে ভাৰতৰ যুৱক-যুৱতীসকলো শিক্ষাৰ লগতে দক্ষতাতো সমানে পাকৈত হোৱাটো অতি প্ৰয়োজনীয়। এই কথা মনত ৰাখি আমাৰ চৰকাৰে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু নতুন শিক্ষানুষ্ঠান সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ১৯৫০ চনত আমাৰ দেশত প্ৰথম আই টি আই প্ৰতিষ্ঠা হৈছিল।তাৰ পিছৰ সাতটা দশকত প্ৰায় ১০ হাজাৰ আই টি আই গঠন হৈছিল। আমাৰ চৰকাৰৰ আঠ বছৰত দেশত প্ৰায় ৫ হাজাৰ নতুন আই টি আই স্থাপন হৈছে। যোৱা ৮ বছৰত আই টি আই সমূহতো চাৰি লাখতকৈ অধিক নতুন আসন সংযোজন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান আৰু হাজাৰ হাজাৰ দক্ষতা বিকাশ কেন্দ্ৰও মুকলি কৰা হৈছে। বিদ্যালয় পৰ্যায়ত দক্ষতা বিকাশৰ বাবে চৰকাৰে ৫ হাজাৰৰো অধিক দক্ষতা কেন্দ্ৰ মুকলি কৰিবলৈও ওলাইছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অভিজ্ঞ ভিত্তিক শিক্ষণকো প্ৰসাৰিত কৰা হৈছে আৰু দেশৰ বিদ্যালয়সমূহত দক্ষতা পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হৈছে।

চৰকাৰে আই টি আইৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আন এক সিদ্ধান্ত লৈছে, যিটোৱে আপোনালোক সকলোৰে লাভৱান হৈছে। দশম মান উত্তীৰ্ণ হৈ আই টি আইত যোগদান কৰা ছাত্ৰ-ছাত্ৰীসকলেও ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ জৰিয়তে সহজে দ্বাদশ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। ইয়াৰ ফলত আপোনাক অধিক অধ্যয়নত সহায়ক হ’ব। আপোনাৰ বাবে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইমাহমান আগতে লোৱা হৈছে। আই টি আইৰ পৰা কাৰিকৰী প্ৰশিক্ষণ লোৱা যুৱক-যুৱতীক সেনাবাহিনীত নিযুক্তিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা আছে। অৰ্থাৎ এতিয়া আই টি আইৰ পৰা স্নাতক হোৱা যুৱক-যুৱতীসকলেও সেনাবাহিনীত সুযোগ পাব।

বন্ধুসকল,

চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ এই যুগত ভাৰতৰ সফলতাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)ৰো ডাঙৰ ভূমিকা আছে, অৰ্থাৎ ‘উদ্যোগ ৪.০’। সময়ৰ লগে লগে চাকৰিৰ স্বৰূপো সলনি হৈ আহিছে, আৰু সেয়েহে চৰকাৰে বিশেষ যত্ন লৈছে যাতে আমাৰ আই টি আই সমূহত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিটো আধুনিক পাঠ্যক্ৰমৰ সহজলভ্য লাভ কৰিব পাৰে। আজি আই টি আই সমূহত ক’ডিং, কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স, থ্ৰীডি প্ৰিন্টিং, ড্ৰ’ন প্ৰযুক্তি, টেলি-মেডিচিন আদিৰ সৈতে জড়িত বহুতো পাঠ্যক্ৰম আৰম্ভ হৈছে। নবীকৰণযোগ্য শক্তি, সৌৰশক্তি আৰু বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত ভাৰতে কেনেদৰে আগভাগ লৈছে সেয়াও আপুনি চাব পাৰিব। আমাৰ বহুতো আই টি আইত এনে পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ লগে লগে আপোনালোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাত সহজ হৈ পৰিব।

বন্ধুসকল,

আজি দেশত প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ লগে লগে চাকৰিৰ সুবিধাও বাঢ়িছে। উদাহৰণস্বৰূপে, যেতিয়া দেশত প্ৰতিখন গাঁৱলৈ অপটিকেল ফাইবাৰ যোগান ধৰি লাখ লাখ কমন চাৰ্ভিচ চেণ্টাৰ খুলিছে, তেতিয়া আই টি আইৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে গাঁৱত অধিক সুযোগৰ সৃষ্টি হৈছে। গাঁৱে-ভূঞে মোবাইল ফোন মেৰামতি কৰাই হওক, কৃষিৰ সৈতে জড়িত নতুন প্ৰযুক্তিয়েই হওক, ড্ৰ’নেৰে সাৰ বা কীটনাশক স্প্ৰে কৰাই হওক, গ্ৰাম্য অৰ্থনীতিত বহু নতুন ধৰণৰ চাকৰিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আই টি আই সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যাতে আমাৰ যুৱক-যুৱতীসকলে এই সম্ভাৱনাসমূহৰ পূৰ্ণ লাভ লাভ কৰে। এই কথা মনত ৰাখি চৰকাৰে আই টি আই উন্নীতকৰণৰ বাবেও অহৰহ কাম কৰি আছে আৰু সময়মতে পৰিৱৰ্তন সাধন কৰি আছে।

বন্ধুসকল,

দক্ষতা বিকাশৰ লগতে যুৱক-যুৱতীসকলৰ মাজত কোমল দক্ষতা থকাটোও সমানেই গুৰুত্বপূৰ্ণ। আই টি আই সমূহতো ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পাঠ্যক্ৰমসমূহত ব্যৱসায়িক পৰিকল্পনা কেনেকৈ বনাব লাগে, বেংকৰ পৰা ঋণ ল’ব পৰা আঁচনিসমূহ, প্ৰয়োজনীয় প্ৰ-পত্ৰ কেনেকৈ পূৰণ কৰিব লাগে, নতুন কোম্পানী কেনেকৈ পঞ্জীয়ন কৰিব লাগে আদিও বিশদভাৱে উল্লেখ কৰা হৈছে।চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতত গুণগত মানো আছে দক্ষতাৰ বৈচিত্ৰ্য হিচাপে। বিগত কেইবছৰমানৰ পৰা আমাৰ আই টি আই পাছ আউটসকলে বিশ্ব দক্ষতা প্ৰতিযোগিতাত বহুতো গুৰুত্বপূৰ্ণ পুৰস্কাৰ লাভ কৰিছে।

বন্ধুসকল,

দক্ষতা বিকাশৰ লগত জড়িত আন এটা দিশ আছে, যিটো আলোচনা কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। যেতিয়া এজন যুৱকৰ হাতত শিক্ষাৰ শক্তিৰ লগতে দক্ষতাও থাকে, তেতিয়া তেওঁৰ আত্মবিশ্বাস স্বয়ংক্ৰিয়ভাৱে বাঢ়ি যায়। যেতিয়া যুৱকজনক দক্ষতাৰে শক্তিশালী কৰা হয় তেতিয়া তেওঁৰ মনলৈ আহে কেনেকৈ নিজৰ উদ্যোগটো আৰম্ভ কৰিব লাগে। আত্মসংস্থাপনৰ এই মনোভাৱক সমৰ্থন কৰিবলৈ আজি আপোনালোকৰ ওচৰত মুদ্ৰা যোজনা, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ষ্টেণ্ডাপ ইণ্ডিয়াৰ দৰে আঁচনিও আছে, যিয়ে নিশ্চয়তাবিহীন ঋণ প্ৰদান কৰে। লক্ষ্য সন্মুখত আৰু সেই দিশত আগবাঢ়িব লাগিব। আজি দেশে আপোনাৰ হাতত ধৰিছে আৰু কাইলৈ দেশক আগুৱাই নিব লাগিব। যেনেকৈ আপোনাৰ জীৱনৰ পৰৱৰ্তী ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ, একেদৰে ‘অমৃত কাল’ৰ ২৫ বছৰো দেশৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। আপোনালোক সকলোৱে মেক ইন ইণ্ডিয়া আৰু ভ’কেল ফৰ লোকেল অভিযানৰ নেতা। আপুনি ভাৰতৰ উদ্যোগৰ মেৰুদণ্ডৰ দৰে আৰু সেয়ে এখন উন্নত ভাৰত, স্বাৱলম্বী ভাৰতৰ সংকল্প পূৰণৰ ক্ষেত্ৰত আপোনাৰ এক বৃহৎ ভূমিকা আছে।

বন্ধুসকল,

আৰু এটা কথা মনত ৰাখিব লাগিব। আজি বিশ্বৰ বহু ডাঙৰ দেশত নিজৰ সপোন পূৰণৰ বাবে আৰু নিজৰ গতি বজাই ৰাখিবলৈ দক্ষ কৰ্মশক্তিৰ প্ৰয়োজন। দেশৰ লগতে বিদেশতো আপোনালোকৰ বাবে অপেক্ষা কৰি আছে বহু সুযোগ। পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰতৰ প্ৰতি বিশ্বৰ আস্থাও ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে। ভাৰতে আনকি ক’ৰোনাৰ সময়ছোৱাতো প্ৰমাণ কৰি দেখুৱাইছে যে ইয়াৰ দক্ষ কৰ্মশক্তি আৰু ইয়াৰ যুৱক-যুৱতীসকল ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানৰ সমাধান দিবলৈ সক্ষম। আজি ভাৰতৰ যুৱক-যুৱতীসকলে স্বাস্থ্য সেৱাই হওক, হোটেল-হস্পিতাল ব্যৱস্থাপনাই হওক, ডিজিটেল সমাধানেই হওক, বা দুৰ্যোগ ব্যৱস্থাপনাই হওক, নিজৰ দক্ষতা আৰু প্ৰতিভাৰ বাবেই প্ৰতিখন দেশতে নিজৰ চিন এৰি থৈ গৈছে। মোৰ বিদেশ ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ নেতাসকলে কৈছিল যে এটা বিশেষ অট্টালিকা ভাৰতৰ জনসাধাৰণে নিৰ্মাণ কৰিছিল বা ভাৰতৰ জনসাধাৰণে এটা বিশেষ প্ৰকল্প সম্পূৰ্ণ কৰিছিল। আপুনিও এই বিশ্বাসৰ সম্পূৰ্ণ সুবিধা ল’ব লাগিব।

বন্ধুসকল,

আজি আপোনালোকলৈ আৰু এটা অনুৰোধ জনালোঁ। আজি আপুনি যিখিনি শিকিছে সেয়া নিশ্চিতভাৱে আপোনাৰ ভৱিষ্যতৰ ভিত্তি হৈ পৰিব, কিন্তু ভৱিষ্যত অনুযায়ী আপোনাৰ দক্ষতাও উন্নীত কৰিব লাগিব। গতিকে দক্ষতাৰ কথা আহিলে আপোনাৰ মন্ত্ৰ হ’ব লাগে ‘স্কিলিং, ‘ৰি-স্কিলিং’ আৰু ‘উপ-স্কিলিং’। আপুনি যিকোনো ক্ষেত্ৰতে কি নতুনকৈ ঘটি আছে তাত সদায় চকু ৰাখিব।উদাহৰণস্বৰূপে যদি কোনোবাই অটোম’বাইলৰ সাধাৰণ পাঠ্যক্ৰম কৰিছে, তেন্তে তেওঁ এতিয়া ইলেক্ট্ৰিক বাহনৰ চাহিদা অনুসৰি নিজকে পুনৰ দক্ষতা দিব লাগিব। একেদৰে প্ৰতিটো ক্ষেত্ৰতে দ্রুত গতিত পৰিৱর্তন হৈছে৷ সেয়ে পৰিৱৰ্তিত সময় অনুযায়ী নিজৰ দক্ষতা উন্নীত কৰি থাকক আৰু উদ্ভাৱন কৰক। আপোনাৰ ক্ষেত্ৰখনৰ কোনটো নতুন দক্ষতাই আপোনাৰ বৃদ্ধিৰ বহুবিধত যোগ দিব সেয়াও জনাটো অতি প্ৰয়োজনীয়। গতিকে নতুন নতুন দক্ষতা শিকিব লাগিব আৰু নিজৰ জ্ঞানো ভাগ কৰিব লাগিব। মই নিশ্চিত যে আপুনি এই গতিৰে আগবাঢ়ি যাব, আৰু আপোনাৰ দক্ষতাৰে নিউ ইণ্ডিয়াৰ উন্নত ভৱিষ্যতক দিশ নিৰ্দেশনা দিব।

আৰু বন্ধুসকল, মই আৰু এটা কথা যোগ কৰিব বিচাৰিছো যিটো আপুনি কেতিয়াও নিজকে তুচ্ছজ্ঞান কৰা উচিত নহয়। আপোনাৰ দক্ষতা, সামৰ্থ্য, সংকল্প আৰু নিষ্ঠা ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ। মোৰ বাবে গৌৰৱৰ বিষয় যে আজি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আপোনালোকৰ দৰে প্ৰতিভা, দক্ষতা আৰু ডাঙৰ সপোন থকা যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছো। এই মনোভাৱেৰে যে ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকক, আপোনালোকৰ দক্ষতাৰ বিকাশ আৰু বিস্তাৰ অব্যাহত থাকক, আপোনালোক সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”