অনুষ্ঠানটোত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ আমাৰ সহকৰ্মী স্মৃতি ইৰাণীজী, ড০ মহেন্দ্ৰ ভাই, সকলো বিষয়া, সকলো অভিভাৱক আৰু শিক্ষক আৰু ভাৰতৰ ভৱিষ্যত, মোৰ সকলো যুৱ বন্ধু!

আপোনালোকৰ সৈতে কথা পাতি বহুত ভাল লাগিল। মই আপোনালোকৰ অভিজ্ঞতাৰ বিষয়েও জানিলো। আপোনালোকে কলা-সংস্কৃতিৰ পৰা বীৰত্বলৈকে, শিক্ষাৰ পৰা উদ্ভাৱন, সমাজ সেৱা আৰু ক্ৰীড়ালৈকে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ ব্যতিক্ৰমী সাফল্যৰ বাবে পুৰস্কাৰ লাভ কৰিছে। আৰু এই বঁটাবোৰ এটা ডাঙৰ ঘটনাৰ পিছত আপোনালোকৰ ওচৰলৈ আহিছে। শিশুসকল দেশৰ প্ৰতিটো কোণৰ পৰা আগবাঢ়ি আহিছে। তাৰে ভিতৰত আপোনালোকে এই বঁট লাভ কৰিছে। অৰ্থাৎ, বঁটা প্ৰাপ্ত ব্যক্তিৰ সংখ্যা কম, কিন্তু এনেদৰে প্ৰতিশ্ৰুতিশীল শিশুৰ সংখ্যা আমাৰ দেশত অতুলনীয়। এই বঁটাসমূহৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসো। মই দেশৰ সকলো কন্যাক অভিনন্দন জনাইছো আৰু শুভকামনা জনাইছো।

বন্ধুসকল,

আপোনালোকৰ সৈতে, মই আপোনালোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলক বিশেষভাৱে অভিনন্দন জনাইছো। আজি আপোনালোক এই বিন্দুত উপনীত হৈছে, ইয়াৰ আঁৰত তেওঁলোকৰ এক বৃহৎ অৱদান আছে। সেয়েহে, আপোনালোকৰ প্ৰতিটো সফলতা হৈছে আপোনাৰ প্ৰিয়জনৰ সফলতা। ইয়াত আপোনালোকৰ প্ৰিয়জনৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ অনুভূতি অন্তৰ্ভুক্ত থাকে।

মোৰ যুৱ বন্ধুসকল,

আজি আপোনালোকে লাভ কৰা বঁটাটো আন এটা কাৰণৰ বাবে অতি বিশেষ উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে। এই বঁটাবোৰ এটা সুযোগ! দেশখনে বৰ্তমান ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে। আপোনালোকে এই গুৰুত্বপূৰ্ণ সময়ত এই বঁটা লাভ কৰিছে। আপোনালোকে গোটেই জীৱন গৌৰৱেৰে ক'ব যে যেতিয়া মোৰ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছিল, মই এই বঁটা লাভ কৰিছিলো। এই পুৰস্কাৰৰ সৈতে, আপোনালোকে এক ডাঙৰ দায়িত্ব লাভ কৰিছে। এতিয়া বন্ধুবৰ্গ, পৰিয়াল, সমাজ, সকলোৰে প্ৰত্যাশাও আপোনালোকৰ পৰা বৃদ্ধি পাইছে। আপোনালোকে এই প্ৰত্যাশাবোৰৰ চাপ ল'ব নালাগে, আপোনালোকে সেইবোৰৰ পৰা অনুপ্ৰেৰণা ল'ব লাগিব।

যুৱ বন্ধুসকল, আমাৰ দেশৰ সৰু ল'ৰা-ছোৱালী, পুত্ৰ আৰু কন্যাসকলে প্ৰতিটো যুগতে ইতিহাস লিখিছে। আমাৰ স্বাধীনতা সংগ্ৰামত বীৰবালা কনকলতা বৰুৱা, খুদিৰাম বসু, ৰাণী গাইডিলুৰৰ দৰে নায়কসকলৰ এক ইতিহাস আছে যিয়ে আমাক গৌৰৱেৰে ভৰাই তোলে। এই যোদ্ধাসকলে দেশৰ স্বাধীনতাক অতি কম বয়সতে তেওঁলোকৰ জীৱনৰ লক্ষ্য কৰি তুলিছিল, ইয়াৰ বাবে নিজকে সমৰ্পিত কৰিছিল।

আপোনালোকে নিশ্চয় টিভিত দেখিছে, মই যোৱা বছৰ দেৱালীত জম্মু আৰু কাশ্মীৰৰ নওচেৰা চেক্টৰলৈ গৈছিলো। তাত মই শ্ৰী বলদেৱ সিং আৰু শ্ৰীমান বসন্ত সিং নামৰ এনে নায়কসকলক লগ পাইছিলো, যিসকলে কাশ্মীৰৰ মাটিত স্বাধীনতাৰ ঠিক পিছতে যুদ্ধ কৰিছিল, এতিয়া তেওঁলোক বহুত বৃদ্ধ, তেতিয়া তেওঁলোক বহুত সৰু আছিল আৰু সেই যুদ্ধত শিশু সৈনিকৰ ভূমিকা পালন কৰিছিল। আৰু তেওঁলোকক প্ৰথমে আমাৰ সেনাবাহিনীত এজন শিশু-সৈনিক হিচাপে চিনাক্ত কৰা হৈছিল। তেওঁলোকে ইমান কম বয়সতে  সৈন্যবাহিনীক সহায় কৰিছিল ৷

একেদৰে, আমাৰ ভাৰতৰ আন এটা উদাহৰণ হৈছে গুৰু গোবিন্দ সিং জীৰ পুত্ৰসকলৰ বীৰত্ব আৰু ত্যাগ! যেতিয়া চাহিবজাদসকলে অপৰিসীম বীৰত্ব, ধৈৰ্য্য, সাহসেৰে সম্পূৰ্ণ সমৰ্পণেৰে ত্যাগ কৰিছিল, তেতিয়া তেওঁলোক বহুত সৰু আছিল। ভাৰতৰ সভ্যতা, সংস্কৃতি, বিশ্বাস আৰু ধৰ্মৰ বাবে তেওঁৰ ত্যাগ অতুলনীয়। চাহিবজাদসকলৰ ত্যাগৰ স্মৃতিত দেশখনে ২৬ ডিচেম্বৰত 'বীৰ বল দিৱস' আৰম্ভ কৰিছে। মই আপোনালোকে  এওঁলোক সকলোৰে বিষয়ে অধ্যয়ন কৰাটো বিচাৰো।

আপোনালোকে নিশ্চয় দেখিছে যে, কালি দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা ডিজিটেল প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। নেতাজীৰ পৰা আমি পোৱা আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে কৰ্তব্য, ৰাষ্ট্ৰ প্ৰথম! নেতাজীৰ পৰা অনুপ্ৰেৰণা লৈ আমি সকলোৱে আৰু যুৱ প্ৰজন্মই, বিশেষকৈ দেশৰ বাবে, আমাৰ কৰ্তব্যৰ পথত আগবাঢ়িব লাগিব।

বন্ধুসকল,

আমাৰ স্বাধীনতাৰ ৭৫ বছৰ গুৰুত্বপূৰ্ণ কিয়নো আজি আমাৰ সন্মুখত আমাৰ অতীতৰ পৰা শক্তি লোৱাৰ, আমাৰ অতীতক লৈ গৌৰৱান্বিত হোৱাৰ সময়। বৰ্তমানৰ সংকল্পবোৰ পূৰণ কৰাৰ সময় আহি পৰিছে। এইটো ভৱিষ্যতৰ বাবে নতুন সপোন দেখা, নতুন লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেইবোৰৰ ওপৰত বিকাশ কৰাৰ সময়। এই লক্ষ্যবোৰ পৰৱৰ্তী ২৫ বছৰৰ বাবে, যেতিয়া দেশখনে ইয়াৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব।

এতিয়া আপোনালোকে কল্পনা কৰক, আজি আপোনালোকৰ বেছিভাগৰ বয়স ১০ ৰ পৰা ২০ বছৰৰ ভিতৰত। যেতিয়া স্বাধীনতাৰ ১০০ বছৰ হ’ব, আপুনি জীৱনৰ সেই পৰ্যায়ত থাকিব, তেতিয়া কিমান বিশাল, ঐশ্বৰিক, প্ৰগতিশীল, এই দেশ উচ্চতাত উপনীত হৈছে, আপোনাৰ জীৱন কিমান সুখ আৰু শান্তিৰে পৰিপূৰ্ণ হ'ব। অৰ্থাৎ, এই লক্ষ্যবোৰ আমাৰ যুৱ প্ৰজন্মৰ বাবে, আপোনাৰ প্ৰজন্মৰ বাবে আৰু আপোনাৰ বাবে। অহা ২৫ বছৰত, যি উচ্চতাত দেশ উপনীত হ'ব, দেশৰ শক্তি বৃদ্ধি পাব, আমাৰ যুৱ প্ৰজন্মই ইয়াত যথেষ্ট বৃহৎ ভূমিকা পালন কৰিব লাগিব।

বন্ধুসকল,

আমাৰ পূৰ্বপুৰুষসকলে যি ৰোপণ কৰিছিল তাৰ ফল, তেওঁলোকে কৰা তপস্যা, তেওঁলোকে কৰা ত্যাগ, আমি সকলোৱে আশীৰ্ব্বাদ লাভ কৰিছোঁ। কিন্তু আপোনালোৰ হ’ল সেই লোকসকল, আপোনালোক এনে এটা সময়ত উপনীত হৈছে, দেশ আজি সেই ঠাইত উপনীত হৈছে যে আপুনি যি ৰোপণ কৰে তাৰ ফল আপুনি খাব পাৰিব, ইমান সোনকালে পৰিৱৰ্তন হ'ব।

বন্ধুসকল,

আজি আপোনালোকে লাভ কৰা এই বঁটাসমূহে আমাৰ যুৱ প্ৰজন্মৰ সাহস আৰু সাহসিকতাক প্ৰতিনিধিত্ব কৰে। এই সাহস আৰু সাহসিকতা আজি নতুন ভাৰতৰ বিশেষত্ব। আমি ক’ৰোনা, আমাৰ বিজ্ঞানী, আমাৰ ভেকছিন নিৰ্মাতাসকলৰ হ’কে দেশৰ যুঁজ দেখিছোঁ আৰু দেশক ভেকছিন প্ৰদান কৰা হৈছে। আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলে ভয় নকৰাকৈ দেশবাসীলৈ সেৱা আগবঢ়াইছে, আনকি আটাইতকৈ কঠিন সময়তো, আমাৰ নাৰ্চসকলে গাওঁ, কঠিন স্থানলৈ গৈ আছে আৰু মানুহক টীকাকৰণ কৰিছে, এয়া এখন দেশ হিচাপে সাহস আৰু ত্যাগৰ এক উৎকৃষ্ট উদাহৰণ।

একেদৰে, সীমাত থিয় হৈ থকা আমাৰ সৈনিকসকলৰ বীৰত্ব চাওক। দেশক সুৰক্ষা দিবলৈ তেওঁলোকৰ সাহস আমাৰ পৰিচয় হৈ পৰিছে। আমাৰ খেলুৱৈসকলেও সেইটো প্ৰাপ্ত কৰি আছে যিটো আজি ভাৰতৰ বাবে কেতিয়াও সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাছিল। একেদৰে, যিবোৰ অঞ্চলত ছোৱালীক আগতে অনুমতি দিয়া হোৱা নাছিল, সেইবোৰত আজি কন্যাসকলে আশ্চৰ্যকৰ কাম কৰি আছে। এয়া হৈছে নতুন ভাৰত সেইটো আজি ভাৰতৰ পৰিচয়।

বন্ধুসকল,

বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে ভাৰতে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্থানীয় ভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ই আপোনালোকৰ বাবে পঢ়িবলৈ, শিকিবলৈ সহজ কৰি তুলিব। আপোনালোকক নিজৰ পচন্দৰ বিষয়বোৰ পঢ়িবলৈ সক্ষম কৰিবলৈ শিক্ষা নীতিত বিশেষ ব্যৱস্থাও কৰা হৈছে। সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিদ্যালয়ত নিৰ্মাণ কৰা অটল টিংকাৰিং লেবে অধ্যয়নৰ প্ৰাৰম্ভিক দিনৰ পৰাই শিশুসকলৰ মাজত উদ্ভাৱনৰ ক্ষমতা বৃদ্ধি কৰি আহিছে।

বন্ধুসকল,

স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ বাবে মই ভাৰতৰ সন্তানসকলকো যথেষ্ট কৃতিত্ব দিছো। আপোনালোকে আপোনালোকৰ পৰিয়ালক ঘৰে ঘৰে শিশু সৈনিক হৈ, স্বচ্ছাগ্ৰহী হৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰচাৰ চলাবলৈ অনুপ্ৰাণিত কৰিছিল। ঘৰৰ মানুহে, পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাখে, ঘৰৰ ভিতৰত আৰু বাহিৰত কোনো লেতেৰা থাকিব নালাগে, শিশুসকলে নিজেই ইয়াৰ নেতৃত্ব লৈছিল। আজি মই দেশৰ শিশুসকলৰ পৰা আৰু এটা বিষয়ৰ বাবে সহযোগিতা বিচাৰিছো। আৰু যদি শিশুৱে মোক সমৰ্থন কৰে, তেন্তে প্ৰতিটো পৰিয়ালত পৰিৱৰ্তন হ'ব। আৰু মই নিশ্চিত যে এইসকল মোৰ সৰু বন্ধু, মোৰ সৈন্যবাহিনীয়ে মোক এই কামত যথেষ্ট সহায় কৰিব।

ঠিক যেনেদৰে আপোনালোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে আগবাঢ়ি আহিছিল, ঠিক তেনেদৰে আপোনালোকে ভ’কেল ফৰ লকেলৰ বাবে আগবাঢ়ি আহক। আপোনালোতে ঘৰত বহি, সকলো ভাই-ভনীৰ সৈতেএখন তালিকা তৈয়াৰ কৰক, গণনা কৰক, কাগজখন লৈ চাওঁক, আপোনালোকে ৰাতিপুৱাৰ পৰা নিশালৈকে ব্যৱহাৰ কৰা বস্তুবোৰ, ঘৰৰ সামগ্ৰী, ভাৰতত তৈয়াৰ নকৰা কিমান সামগ্ৰী আছে, কিমানবোৰ সামগ্ৰী বিদেশী। ইয়াৰ পিছত, ঘৰৰ লোকসকলক অনুৰোধ কৰক যে ভৱিষ্যতে যেতিয়া এনে ধৰণৰ সামগ্ৰী ক্ৰয় কৰা হয়, যিবোৰ ভাৰতত তৈয়াৰ কৰা হয়। ইয়াত ভাৰতৰ মাটিৰ সুবাস থাকিব লাগে, য'ত ভাৰতৰ যুৱ প্ৰজন্মৰ ঘামৰ সুবাস আছে। যেতিয়া আপোনালোকে ভাৰতত তৈয়াৰ কৰা বস্তু ক্ৰয় কৰে তেতিয়া কি হ'ব? আমাৰ উৎপাদন বৃদ্ধি হ'ব। সকলোতে উৎপাদন বৃদ্ধি হ'ব। আৰু যেতিয়া উৎপাদন বৃদ্ধি হ’ব, নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰা হ'ব। যেতিয়া নিযুক্তি বৃদ্ধি হয়, আপোনালোকৰ জীৱনো স্বাৱলম্বিত হ'ব। সেয়েহে স্বাৱলম্বী ভাৰত, আমাৰ যুৱ প্ৰজন্মৰ বাবে অভিযানো আপোনালোক সকলোৰে সৈতে সংযুক্ত হৈ আছে।

বন্ধুসকল,

আজিৰ পৰা দুদিনৰ পিছত, দেশখনে ইয়াৰ গণতন্ত্ৰ দিৱসো উদযাপন কৰিব। আমি গণতন্ত্ৰ দিৱসত আমাৰ দেশৰ বাবে কিছু নতুন সংকল্প ল'ব লাগিব। আমাৰ এই সংকল্পসমূহ সমাজৰ বাবে, দেশৰ বাবে আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যতৰ বাবে হ'ব পাৰে। যেন পৰিৱেশৰ উদাহৰণ আমাৰ সন্মুখত আছে। ভাৰতে আজি পৰিৱেশৰ দিশত ইমান কাম কৰি আছে, আৰু ই সমগ্ৰ বিশ্বক উপকৃত কৰিব।

মই বিচাৰোঁ যে আপোনালোকে ভাৰতৰ পৰিচয়ৰ সৈতে সম্পৰ্কিত প্ৰস্তাৱসমূহৰ বিষয়ে চিন্তা কৰক, যি ভাৰতক আধুনিক আৰু বিকাশত সহায় কৰিব। মই নিশ্চিত যে আপোনালোকৰ সপোনবোৰ দেশৰ সংকল্পৰ সৈতে সংযুক্ত হ'ব, আৰু আপোনালোকে অনাগত সময়ত দেশৰ বাবে অগণন অভিলেখ স্থাপন কৰিব।

এই বিশ্বাসৰ সৈতে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো ৷

মোৰ সকলো শিশু বন্ধুক অশেষ অভিনন্দন জনাইছো , আপোনালোকক অশেষ ধন্যবাদ জনাইছো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”