"Demise of General Bipin Rawat is a great loss for every Indian, for every patriot"
"The nation is with the the families of the heroes we have lost"
"The completion of the Saryu Canal National Project is proof that when the thinking is honest, the work is also solid"
"We have done more work in in less than 5 yearsthe Saryu canal project than what was done in 5 decades. This is a double engine government. This is the speed of work of the double engine government"
 
 
 

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

 

মই এই পৱিত্ৰ ধৰিত্ৰীক বাৰম্বাৰ প্ৰণাম কৰিছো। আজি মই আদিশক্তি মা পাটেশ্বৰীৰ পৱিত্ৰ ধৰিত্ৰী, আৰু ক্ষুদ্ৰ কাশী নামেৰে বিখ্যাত বলৰামপুৰৰ ভূমিলৈ পুনৰ অহাৰ সুযোগ পালো। আপোনালোকৰ পৰা মই বহুত আশীৰ্বাদ লাভ কৰিছো।

 

ইউপিৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন, ইউপিৰ শক্তিশালী, কৰ্মঠ, জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰীমান কেশৱ প্ৰসাদ মৌৰ্যা জী, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিংহ শেখাৱত জী, কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মহেন্দ্ৰ সিংহ জী, ৰমাপতি শাস্ত্ৰী জী, মুকুট বিহাৰী বৰ্মা জী, ব্ৰজেশ পাঠক জী, আশুতোষ টেণ্ডন জী, বলদেৱ ওলাখ জী, শ্ৰী পলটু ৰাম জী, মঞ্চত উপস্থিত সকলো সংসদৰ মোৰ বন্ধুসকল, সকলো আদৰণীয় বিধায়কগণ, জিলা পঞ্চায়তসমূহৰ সদস্য, আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, ক্ৰান্তিকাৰীসকলৰ এই ভূমিয়ে দেশৰ স্বাধীনতা সংগ্ৰামত নিজৰ অমূল্য যোগদান দিলে। ৰাজা দেৱী বখ্শ সিংহ, ৰাজা কৃষ্ণ দত্ত ৰাম, আৰু পৃথ্ৱী পাল সিংহৰ দৰে পৰাক্ৰমীসকলে ইংৰাজী শাসনৰ প্ৰতিশোধ ল'বলৈ কোনো চেষ্টা বাকী ৰখা নাছিল। অযোধ্যাত নিৰ্মাণ হৈ থকা প্ৰভু শ্ৰীৰামৰ ভব্য মন্দিৰৰ যেতিয়াই কথা উল্লেখ হ'ব বলৰামপুৰ ঐতিহ্যৰ মহাৰাজা পাটেশ্বৰী প্ৰসাদ সিংহৰ যোগদানৰ উল্লেখ জৰুৰ হ'ব। বলৰামপুৰৰ মানুহ তো ইমানেই অসাধাৰণ যে তেওঁলোকে নানাজী দেশমুখ আৰু অটল বিহাৰী বাজপেয়ীৰ ৰূপত দুজনকৈ ভাৰত ৰত্নক গঢ় দিলে।

 

বন্ধুসকল,

 

ৰাষ্ট্ৰ নিৰ্মাতাসকল আৰু ৰাষ্ট্ৰ ৰক্ষকসকলৰ এই ভূমিৰ পৰা মই আজি দেশৰ সেই সকলো বীৰ যোদ্ধাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যাৰ ৮ ডিচেম্বৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হ'ল। ভাৰতৰ প্ৰথম চিফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱট জীৰ পৰিচিত প্ৰতিজন ভাৰতপ্ৰেমীৰ বাবে, প্ৰতিজন ৰাষ্ট্ৰভক্তৰ বাবে বহুত ডাঙৰ ক্ষতি। জেনেৰেল বিপিন ৰাৱট জী যিমান সাহসী আছিল, দেশৰ সেনাক আত্মনিৰ্ভৰ কৰি তোলাত যিমান কষ্ট কৰিছিল, সমগ্ৰ দেশ তাৰ সাক্ষী হৈ আছে। এজন সৈনিক, কেৱল সেই সময়লৈকে সৈনিক হৈ নাথাকে যিমান দিনলৈ তেওঁ সেনাত থাকে। তেওঁৰ সমগ্ৰ জীৱন এজন যোদ্ধাৰ দৰে হয়, অনুশাসন, দেশৰ সমৃদ্ধি-গৌৰৱৰ বাবে তেওঁ প্ৰতি মুহূৰ্ততে সমৰ্পিত হয়। গীতাত কোৱা হৈছে- নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ। শাস্ত্ৰই তেওঁক ছিন্ন-ভিন্ন কৰিব নোৱাৰে, অগ্নিয়েও তেওঁক জ্বলাব নোৱাৰে। জেনেৰেল বিপিন ৰাৱট, অনাগত দিনত, নিজৰ ভাৰতক নতুন সংকল্পৰে তেওঁ য'তেই থাকিব তাৰ পৰাই ভাৰতক অগ্ৰসৰ হৈ থকা দেখিব। দেশৰ সীমান্তৰ নিৰাপত্তা বঢ়োৱাৰ কাম, ব'ৰ্ডাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শক্তিশালী কৰাৰ কাম, দেশৰ সীমাক আত্মনিৰ্ভৰ কৰি তোলাৰ অভিযান, এনেকুৱা অনেক কাম দ্ৰুতগতিত আগবাঢ়ি থাকিব। ভাৰত দুখত আছে কিন্তু বেদনা সহ্য কৰিও আমি নিজৰ গতি স্তব্ধ নকৰো আৰু আমাৰ প্ৰগতিও স্তব্ধ নকৰো। ভাৰত ৰৈ নাযায়, ভাৰত স্তব্ধ নহয়। আমি ভাৰতীয়সকল লগ হৈ আৰু যত্ন কৰিম, দেশৰ ভিতৰত আৰু দেশৰ বাহিৰত থকা প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিম, ভাৰতক আৰু শক্তিশালী আৰু সমৃদ্ধ কৰি তুলিম।

 

বন্ধুসকল,

 

ইউপিৰ সুপুত্ৰ, দেৱৰীয়াৰ বাসিন্দা গ্ৰুপ কেপ্টেইন বৰুণ সিংহ জীৰ জীৱন বচাবলৈ ডাক্তৰসকলে দেহেকেহে চেষ্টা চলাই আছে। মই মা পাটেশ্বৰীক তেওঁৰ জীৱন ৰক্ষাৰ প্ৰাৰ্থনা কৰিছো। দেশ আজি বৰুণ সিংহ জীৰ পৰিয়ালৰ লগত আছে, যিসকল বীৰক আমি হেৰুৱালো, তেওঁলোকৰ পৰিয়ালৰ লগত আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

ৰাষ্ট্ৰ প্ৰথমৰ ভাবনাক সকলোৰে ওপৰত ৰাখি, দেশে আজি প্ৰতিটো তেনে কাম কৰি আছে, যি ২১শ শতিকাত আমাক নতুন উচ্চতালৈ লৈ যাব। দেশৰ বিকাশৰ বাবে এই কথাও বহুত জৰুৰী যে পানীৰ নাটনি কেতিয়াও বাধা হৈ নপৰক। তাৰবাবে দেশৰ নদীসমূহৰ পানীৰ সৎ ব্যৱহাৰ হওক, কৃষকৰ খেতিলৈকে পৰ্যাপ্ত পানী যাওক, এয়া চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতাৰ অন্যতম। সৰযু নহৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সম্পূৰ্ণ হোৱাটো এই কথাৰ প্ৰমাণ যে যেতিয়া চিন্তা সৎ হয়, তেতিয়া কামো শক্তিশালী হয়। দশক দশক ধৰি আপোনালোকে ই সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰি আছিল। ঘাঘৰা, সৰযু, ৰাপ্তী, বাণগংগা আৰু ৰোহিনীৰ জলশক্তিয়ে এতিয়া এই ক্ষেত্ৰলৈ সমৃদ্ধিৰ নতুন লহৰ লৈ আনিব। বলৰামপুৰৰ লগতে বহৰাইচ, গোণ্ডা, শ্ৰাৱস্তী, সিদ্ধাৰ্থনগৰ, বস্তি, গোৰখপুৰ, মহাৰাজগঞ্জ আৰু কুশীনগৰৰ সকলো বন্ধুক, লাখ লাখ মোৰ কৃষক ভাতৃ আৰু ভগ্নীক আজি হৃদয়ৰ পৰা বহুত বহুত অভিনন্দন জনাইছো। বৰষুণৰ বতৰত এই ক্ষেত্ৰলৈ যি কষ্ট আহে, তাৰ সমাধান উলিওৱাত ইয়াৰ জৰিয়তে সহায় হ'ব। আৰু মই জানো, মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, আমাৰ ইয়াত তো ইতিহাস সাক্ষী আছে যে যদি কোনোবাই এজন তৃষ্ণাতুৰক এপিয়লা পানী খুৱাইছে, তেন্তে সেইজন মানুহে জীৱনত সেই ঋণ নাপাহৰে, সেইজন মানুহক নাপাহৰে। আজি লাখ লাখ কৃষকৰ তৃষ্ণাতুৰ খেতিয়ে যেতিয়া পানী পাব, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকৰ আশীৰ্বাদে আমাক জীৱনজুৰি কাম কৰিবলৈ শক্তি দিব। আপোনালোকৰ আশীৰ্বাদে আমাক নতুন শক্তি দিব।

ভাতৃ-ভগ্নীসকল,

 

আজি মই এই কথাও ক'ব বিচাৰিম যে বিশেষকৈ সেইসকল কৃষক, যাৰ ওচৰত ২ হেক্টৰৰো কম মাটি আছে, তেওঁলোকৰ বাবে জলসিঞ্চনৰ এই ব্যৱস্থা জীৱন সলনি কৰা হয়। যেনেকৈ কোনো ব্যক্তি মৃত্যু শয্যাত পৰি আছে। তেওঁক যেতিয়া ব্লাডৰ প্ৰয়োজন হয়, ৰক্তৰ দৰকাৰ হয় আৰু যেতিয়াই ডাক্তৰে ৰক্ত আনি তেওঁক দিয়ে আৰু তেওঁৰ জীৱন বাচি যায়। এই সমগ্ৰ ক্ষেত্ৰৰ খেতিক এনেকুৱাই নতুন জীৱন লাভ কৰিব।

 

বন্ধুসকল,

 

বলৰামপুৰৰ মছুৰ দাইলৰ সোৱাদ তো বিগত বছৰবিলাকত দেশজুৰি বিয়পিছে। এতিয়া পৰম্পৰাগত ফচলৰ লগতে এই ক্ষেত্ৰসমূহৰ কৃষকে অধিক দাম দিয়া, অধিক আয় দিয়া অন্য ফচলৰ খেতিও ব্যাপক হাৰত কৰিব পাৰিব।

 

বন্ধুসকল,

 

সাৰ্বজনীন জীৱনত মোৰ এক দীঘলীয়া সময়ৰ পৰা কাম কৰাৰ সৌভাগ্য হৈছে। মই, আগৰ কিমান যে চৰকাৰ দেখিছো, তেওঁলোকৰ কাম-কাজো দেখিছো। এই দীঘলীয়া কালখণ্ডত যি মোৰ সবাতোকৈ অধিক কষ্ট হৈছে, সবাতোকৈ অধিক দুখ হৈছে। সেয়া হৈছে দেশৰ ধন, দেশৰ সময় আৰু দেশৰ সম্পদৰ অপব্যৱহাৰ, তাৰ অপমান। চৰকাৰী পইচা যদি মোৰ কি, মোৰ কি হ'ব, এয়া তো চৰকাৰী। এই ধাৰণাই দেশৰ সন্তুলিত আৰু সম্পূৰ্ণ বিকাশত সবাতোকৈ ডাঙৰ বাধা হৈ পৰিল। এই চিন্তাই সৰযু কেনেল পৰিকল্পনাক ওলমাই ৰাখিলে, ৰুদ্ধ কৰিলে। আজিৰ পৰা প্ৰায় ৫০ বছৰৰ আগতে ইয়াৰ ওপৰত কাম আৰম্ভ হৈছিল। আপোনালোকে চিন্তা কৰক, ৫০ বছৰৰ পিছত আজি ইয়াৰ কাম সম্পূৰ্ণ হৈছে। যেতিয়া এই পৰিকল্পনাৰ কাম আৰম্ভ হ'ল, এয়া কেৱল ইয়াৰ নাগৰিকে নহয়, দেশৰ নাগৰিকেও এই কথা বুজি পালে, হিন্দুস্তানৰ প্ৰতিজন নাগৰিকে বুজি পালে, হিন্দুস্তানৰ মোৰ নজোৱানে বুজি পালে, যি নিজৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে সেই মোৰ দেশৰ প্ৰতিজন নজোৱানে বুজি পালে।

 

বন্ধুসকল,

 

যেতিয়া এই পৰিকল্পনাৰ ওপৰত কাম আৰম্ভ হৈছিল, তেতিয়া ইয়াৰ ব্যয় ১০০ কোটি টকাতকৈও কম আছিল। অলপ আপোনালোকে ক'ব, কিমান ব্যয় আছিল সেই সময়ত যেতিয়া আৰম্ভ হ'ব লাগিছিল তেতিয়া- ১০০ কোটি, কিমান আছিল- ১০০ কোটি। আৰু আজি ক'ত পালেগৈ জানেনে? আজি ই প্ৰায় ১০ হাজাৰ কোটি টকা খৰছ কৰাৰ পিছত সম্পূৰ্ণ হ'ল। ১০ হাজাৰ কোটি, কিমান- ১০ হাজাৰ কোটি, কিমান-১০ হাজাৰ কোটি। আগতে হ'বলগীয়া আছিল ১০০ কোটিত, আজি হ'ল ১০ হাজাৰ কোটিত। এই পইচা কাৰ আছিল ভাতৃসকল, এই ধন কাৰ আছিল, আপোনালোকৰ আছিল নে নাছিল? ইয়াৰ গৰাকী আপোনালোকৰ নাছিল? আপোনালোকৰ পৰিশ্ৰমৰ এটা এটা টকা সঠিক সময়ত সঠিক কামত ব্যৱহাৰ হোৱা উচিত আছিল নে নাছিল? যিসকলে এই কাম নকৰিলে তেওঁলোক আপোনালোকৰ দোষী হয় নে নহয়? আপোনালোকৰ দোষী হয় নে নহয়? এনেকুৱা লোকক আপোনালোকে শাস্তি দিব নে নিদিয়ে? খাটাং দিব?

 

মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

 

আগৰ চৰকাৰৰ অকৰ্মণ্যতাৰ ১০০গুণ অধিক মূল্য এই দেশে ভৰিবলগীয়া হ'ল। আমাৰ এই ক্ষেত্ৰৰ লাখ লাখ কৃষকে যদি জলসিঞ্চনৰ এই পানী, যদি- বিশ বছৰৰ-ত্ৰিশ বছৰৰ আগতে পালে হেঁতেন, আপোনালোকে কল্পনা কৰিব পাৰে। যদি মোৰ কৃষকৰ ওচৰত পানী থাকিল হেঁতেন, যোৱা ২৫-৩০ বছৰত পানী তেওঁলোকৰ ওচৰ পোৱাগৈ হেঁতেন, তেন্তে তেওঁলোকে সোণ সৃষ্টি কৰিলে হেঁতেন নে নাই? দেশৰ ভঁৰাল ভৰাই দিলে হেঁতেন নে নাই? নিজৰ সন্তানহঁতৰ শিক্ষা-দীক্ষা ভাল কৰিব পাৰিলে হেঁতেন নে নাই?

 

ভাতৃ-ভগ্নীসকল,

 

কেইবাদশকৰ এই বিলম্বৰ বাবে, মোৰ ইয়াৰ কৃষক ভাতৃ-ভগ্নীসকলৰো কোটি কোটি টকাৰ লোকচান হ'ল।

 

তথাপি বন্ধুসকল,

 

যেতিয়া মই আজি দিল্লীৰ পৰা ওলাওঁ, তেতিয়া পুৱাৰে পৰা মই অপেক্ষা কৰি আছিলো যে কেতিয়া কোনোবা আহিব আৰু ক'ব যে মোদী জী এই যোজনাৰ ফিটা আমি কাটিছিলো, এই যোজনা তো আমি আৰম্ভ কৰিছিলো। কিছুমান মানুহ আছে যাৰ অভ্যাস আছে এনেকৈ কোৱাৰ। হ'ব পাৰে, বাল্যকালত এই যোজনাৰ ফিটাও তেওঁলোকেই কাটিছিল।

 

বন্ধুসকল,

 

কিছুমান মানুহৰ প্ৰাথমিকতা হৈছে ফিটা কটা, আমাৰ প্ৰাথমিকতা হৈছে যোজনাসমূহ সময়ত সম্পূৰ্ণ কৰা। ২০১৪ত যেতিয়া মই চৰদাৰলৈ আহিছিলো, তেতিয়া এয়া দেখি আচৰিত হৈছিলো যে দেশত জলসিঞ্চনৰ ৯৯টা বৃহৎ পৰিকল্পনা আছে যি দেশৰ বেলেগ বেলেগ কোণত কেইবাদশক ধৰি আধৰুৱা হৈ পৰি আছে। মই দেখিলো যে সৰযু কেনেল পৰিকল্পনাত কিমান যে ঠাইলৈ কেনেল পৰস্পৰৰ সৈতে সংযুক্তই হোৱা নাছিল, পানী শেষ মূৰলৈকে পোৱাৰ ব্যৱস্থাই নাছিল। সৰযু কেনেল পৰিকল্পনাত যিমান কাম ৫ দশকত হৈছিল, তাতকৈ বেছি কাম আমি ৫ বছৰতকৈ আগতে কৰি দেখুৱালো। বন্ধুসকল, এয়াইতো ডবল ইঞ্জিনৰ চৰকাৰ, এয়াইতো ডবল ইঞ্জিনৰ চৰকাৰৰ কামৰ গতি। আৰু আপোনালোকে মনত ৰাখিব, যোগী জী অহাৰ পাছত আমি বাণসাগৰ পৰিকল্পনাৰ লোকাৰ্পণ কৰিলো। কেইদিনমানৰ আগতেই অৰ্জুন সহায়ক কেনেল পৰিকল্পনাৰ লোকাৰ্পণ কৰিলো। এই সপ্তাহতে গোৰখপুৰত যি ফাৰ্টিলাইজাৰ কাৰখানা আৰু এইমছৰ লোকাৰ্পণ কৰা হৈছে, তাৰো বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা হৈছিল। কুশীনগৰ ইণ্টাৰনেচনেল এয়াৰপৰ্টৰো ফাইল বছৰ বছৰ ধৰি চলি আছিল। কিন্তু এই এয়াৰপৰ্টকো আৰম্ভ কৰাৰ নাম ডবল ইঞ্জিনৰ চৰকাৰেই কৰিলে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে কেনেকৈ বছৰ বছৰৰ পুৰণি  সপোন সাকাৰ কৰি আছে ইয়াৰ এটা আন উদাহৰণ কেন-বেতবা লিংক পৰিকল্পনাও। বছৰ বছৰ ধৰি এই পৰিকল্পনাৰ দাবী উত্থাপন হৈ আছিল। এতিয়া দুই-তিনিদিন আগতেই কেবিনেটে এই পৰিকল্পনাক স্বীকৃতি দিছে আৰু ইয়াৰ ওপৰত ৪৫ হাজাৰ কোটি টকা খৰচ কৰা হ'ব। এয়া উত্তৰ প্ৰদেশে ইমান ডাঙৰ সুযোগ লাভ কৰি আছে, ৪৫ হাজাৰ কোটি খৰচ কৰা হ'ব। এই পৰিকল্পনাই বুন্দেলখণ্ডক জল সংকটৰ পৰা মুক্তি দিয়াত ডাঙৰ ভূমিকা পালন কৰিব।

 

ভাতৃ আৰু ভগ্নীসকল,

 

আজি দেশত স্বাধীনতাৰ পিছত প্ৰথম এনেকুৱা চৰকাৰ আছে, যি ক্ষুদ্ৰ কৃষকৰ উপকাৰ সাধন কৰি আছে। প্ৰথমবাৰ ২ হেক্টৰতকৈ কম মাটি থকা ক্ষুদ্ৰ কৃষকক চৰকাৰী লাভৰ সৈতে, চৰকাৰী সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে। বীজৰ পৰা বজাৰলৈকে, খেতিৰ পৰা জীৱিকালৈকে, তেওঁলোকক সকলোধৰণৰ সহায় কৰি থকা হৈছে। এই ক্ষুদ্ৰ কৃষকৰ বেংক খাতাত পিএম কিষান সন্মান নিধিৰ কেইবাহাজাৰ কোটি টকা পোনপটীয়াকৈ পঠিওৱা হৈছে। তেওঁলোকৰ আয় বঢ়াবলৈ তেওঁলোকক খেতিৰে জড়িত অন্য বিকল্পৰ দিশতো অনুপ্ৰাণিত কৰি থকা হৈছে। এনেকুৱা বিকল্প য'ত বহুত ডাঙৰ মাটিৰ সিমান দৰকাৰ নহয়, তেওঁলোকক ইয়াৰ পথ দেখুওৱা হৈছে। এই ভাবনাৰেই, পশুপালন হওক, মৌমাখি পালন হওক বা মৎস্য পালন হওক, ইয়াৰ বাবে ৰাষ্ট্ৰীয় স্তৰত নতুন যোজনা আৰম্ভ কৰা হৈছে। আজি ভাৰত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীত অগ্ৰণী হয়েই, কিন্তু আপোনালোকে জানি আনন্দিত হ'ব যে আজি আমি মৌ যোগনীয়াৰৰ ৰূপতো বিশ্বত নিজৰ স্থান সৃষ্টি কৰি আছো। আমাৰ চৰকাৰৰ প্ৰয়াসৰ বাবেই যোৱা সাত বছৰত মৌৰ ৰপ্তানি বাঢ়ি, প্ৰায় দুগুণ হৈছে আৰু ইয়াৰ ফলত কৃষকৰ ৭০০ কোটিৰো অধিক উপাৰ্জন হৈছে।

ভাতৃ আৰু ভগ্নীসকল,

 

কৃষকৰ আয় বঢ়োৱাৰ আন এটা বিকল্প বায়'ফুৱেলো আছে। আমি খাদৰ তেলেৰে চলাইছিলো আৰু এতিয়া আমি উদ্ভিদৰ তেলো লৈ আহিছো। বায়'ফুৱেলৰ অনেক কাৰখানা ইউপিত বনাই থকা হৈছে। বদায়ুঁ আৰু গোৰখপুৰত বায়'ফুৱেলৰ বৃহৎ কমপ্লেক্স নিৰ্মাণ কৰি থকা হৈছে। ইয়াত ওচৰতে, গোণ্ডাতো ইথানলৰ এটা ডাঙৰ প্লাণ্ট নিৰ্মাণ হৈ আছে। ইয়াৰ লাভ এই অঞ্চলৰ বহুত কৃষকৰ হ'ব। কুঁহিয়াৰৰ পৰা ইথানল প্ৰস্তুত কৰাৰ অভিযানতো ইউপিয়ে অগ্ৰণী ভূমিকাৰ দিশত অগ্ৰসৰ হৈ আছে। যোৱা চাৰে ৪ বছৰত প্ৰায় ১২ হাজাৰ কোটি টকাৰ ইথানল ইউপিৰ পৰা ক্ৰয় কৰা হৈছে। যোগী জীৰ চৰকাৰ যেতিয়াৰ পৰা আহিল, তেতিয়াৰ পৰা কুঁহিয়াৰৰ পৰিশোধতো যথেষ্ট দ্ৰুততা আহিছে। এটা সময়ত ২০১৭ৰ আগতেও আছিল যেতিয়া কুঁহিয়াৰ খেতিয়কে বছৰ বছৰ ধৰি বকেয়া পাবৰ বাবে অপেক্ষা কৰিছিল। বিগত চৰকাৰসমূহৰ সময়ত যেতিয়া ২০টাতকৈ অধিক চেনী মিলত তলা লাগিছিল, তেতিয়াই যোগী জীৰ চৰকাৰে এইবিলাক চেনী মিলৰে বিস্তাৰ আৰু আধুনিকীকৰণ কৰে। মই আজি বলৰামপুৰৰ পৰা, সমগ্ৰ দেশৰ কৃষকক এক বিশেষ নিমন্ত্ৰণো দিব বিচাৰো। আৰু মই বিচাৰিম কেৱল উত্তৰ প্ৰদেশৰে নহয়, সমগ্ৰ দেশৰ কৃষকে মোৰ এই নিমন্ত্ৰণক স্বীকাৰ কৰক আৰু মোৰ সৈতে সংযুক্ত হওক। মোৰ নিমন্ত্ৰণ কি কথাৰ বাবে? এই মাহতে ৫ দিনৰ পিছত ১৬ তাৰিখে, ১৬ ডিচেম্বৰত চৰকাৰে প্ৰাকৃতিক খেতিৰ ওপৰত 'নেচাৰেল ফাৰ্মিং'ৰ ওপৰত এটা বহুত ডাঙৰ আয়োজন কৰিবলৈ গৈ আছে। আমাৰ পদ্ম পুৰস্কাৰ বিজেতা সুভাষ জীয়ে কৰিছে মহাৰাষ্ট্ৰৰ, তেওঁ জিৰ' বাজেট খেতিৰ এটা ধাৰণা বিকশিত কৰিছে। এয়া সেই প্ৰাকৃতিক খেতিৰ বিষয়, ইয়াৰ জৰিয়তে আমাৰ ধৰিত্ৰী মাও বাচে, আমাৰ পানীও ৰাহি হয় আৰু ফচলো ভাল আৰু আগতকৈ বেছি হয়। মোৰ আপোনালোক সকলো কৃষক বন্ধুক, সমগ্ৰ দেশৰ কৃষক বন্ধুক আহ্বান যে আপোনালোকে ১৬ ডিচেম্বৰত টিভিৰ মাধ্যমত বা কৃষি বিজ্ঞান কেন্দ্ৰৰ মাধ্যমত জৰুৰ এই কাৰ্যক্ৰমত সংযুক্ত হওক, আপোনালোকে সকলো কথা বুজি পাব, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে সেয়া নিজৰ খেতিত প্ৰয়োগ কৰিব। ই আপোনালোকৰ বাবে বহুত লাভজনক হ'ব।

 

বন্ধুসকল,  

 

আপোনালোকৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি, আপোনালোকৰ জীৱন সহজ কৰি তুলিবলৈ আমি দিনেনিশাই যত্ন কৰি আছো। ইয়াৰ ছাপ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে নিৰ্মাণ হৈ থকা দুখীয়াৰ পকা ঘৰতো দেখা পাব। পিএম আৱাসৰ জৰিয়তে পাই থকা ঘৰত, ইজ্জত ঘৰ অৰ্থাৎ শৌচালয় আছে, উজ্জ্বলাৰ গেছ আছে, সৌভাগ্য যোজনাৰ বিদ্যুৎ সংযোগ আছে, উজালাৰ এলইডি বাল্ব আছে, ঘৰে ঘৰে পানী যোজনাৰ জৰিয়তে পাই থকা পানীৰ কানেকচন আছে। আৰু মোৰ তো আনন্দ তেতিয়া হয় কিয়নো মই এই ক্ষেত্ৰখনত ভ্ৰমণ কৰিছো, মই জানো। যেতিয়া ইয়াত মোৰ থাৰু জনজাতিৰ ভাতৃ-ভগ্নীসকলেও এই যোজনাৰ লাভ পাই আছে, তেতিয়া আমাৰ আনন্দও বেছি হয় আৰু আমি আশীর্বাদো বেছি পাওঁ।

 

বন্ধুসকল,

 

আমাৰ ইয়াত শতিকা জুৰি এক পদ্ধতি চলি আহিছে যে ঘৰ হ'ব, মোৰ মাতৃসকল-ভগ্নীসকলে মোৰ কথা জৰুৰ বুজি পাওক আৰু মোৰ পুৰুষ ভাতৃসকলেও ঘৰত কওক। আমাৰ ইয়াত এটা মান্যতা চলিল, পৰম্পৰা চলিল। সেয়া কি, ঘৰ হ'ব যদি পুৰুষৰ নামত, দোকান হ'ব যদি, তেন্তে পুৰুষৰ নামত, গাড়ী হ'ব, তেন্তে পুৰুষৰ নামত, খেতি হ'ব যদি, পুৰুষৰ নামত। মহিলাসকলৰ নামত একো নাই, কিবা হয় জানো মহিলাসকলৰ নামত? নহয় নে? এয়া মই আপোনালোকৰ দুখ বুজি পাওঁ, মাতৃ-ভগ্নীসকল, আৰু সেয়ে মই কি কৰিলো? মই আনন্দিত যে আমি কি কৰিলো পিএম আৱাস যোজনাৰ জৰিয়তে যি ঘৰ নিৰ্মাণ হৈ আছে নহয় বেছিভাগ ঘৰৰে মালিকানা অধিকাৰ আমি আমাৰ মাতৃসকল-ভগ্নীসকল, কন্যাসকলক দিছো। এই কাৰণেই দেশত এনেকুৱা ভগ্নীৰ সংখ্যা বহুত অধিক বৃদ্ধি হৈছে, যাৰ নিজৰ নামত কমেও এটা সম্পত্তি তো আছে। ডবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়াসত ইউপিৰ ৩০ লাখতকৈ অধিক দুখীয়া পৰিয়ালে পকা ঘৰ পাইছে। অনাগত দিনত আৰু বেছি নতুন ঘৰ বনাবলৈ এতিয়া আমাৰ চৰকাৰে ২ লাখ কোটি টকাতকৈ অধিকৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ যি এতিয়ালৈকে পকা ঘৰ পোৱা নাই তেওঁলোকে অহা সময়ত খাটাং পাব।

 

বন্ধুসকল,

 

যেতিয়া চৰকাৰ সংবেদনশীল হয়, দুখীয়াৰ কথা শুনে, তেওঁলোকৰ দুখ বুজে, তেতিয়া পাৰ্থক্য হয় নে নহয়- হয়, পাৰ্থক্য হয় নে নহয়- হয়। এতিয়া দেশে, এশ বছৰত অহা সবাতোকৈ ডাঙৰ মহামাৰীৰে যুঁজি আছে। কৰোণা অহাৰ পাছত, সকলোৱে এইবুলি ভাবি আছিল চাগৈ যে এতিয়া কি হ'ব? প্ৰত্যেকেই কম-বেছি মাত্ৰাত কৰোণাৰ বাবে কষ্ট সহিলে।

 

কিন্তু বন্ধুসকল, এই কৰোণা কালত আমি সম্পূৰ্ণ সততাৰে প্ৰয়াস কৰিলো যাতে কোনো দুখীয়াই ভোকত নোশোৱে। এতিয়া সেয়ে পিএম গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে পাই থকা বিনামূলীয়া ৰেছনৰ অভিযান হোলীৰ আগলৈকে বঢ়াই দিয়া হৈছে। গৰীবৰ বিনামূলীয়া ৰেছনৰ ওপৰত চৰকাৰে ২ লাখ ৬০ হাজাৰ কোটি টকাতকৈও অধিক খৰচ কৰি আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

 

আগতে যি চৰকাৰত আছিল- আপোনালোকে জানে নহয়, ভালদৰে জানে নহয়, আগতে যি চৰকাৰত আছিল, তেওঁলোকে মাফিয়াক সংৰক্ষণ দিছিল। আজি যোগী জীৰ চৰকাৰে মাফিয়া নোহোৱা কৰাত লাগি আছে। সেইবাবেই ইউপিৰ মানুহে কয় - পাৰ্থক্য পৰিস্কাৰ। আগতে যি চৰকাৰত আছিল, তেওঁলোকে বাহুবলী বঢ়াইছিল। আজি যোগী জীৰ চৰকাৰে গৰীব, দলিত, পিছপৰা আৰু আদিবাসী, সকলোকে শক্তিশালী কৰাত লাগি আছে। সেয়ে ইউপিৰ মানুহে কয়- পাৰ্থক্য পৰিস্কাৰ। আগতে যি চৰকাৰত আছিল, তেওঁলোকে ইয়াত মাটিৰ ওপৰত অবৈধ কব্জা কৰাইছিল। আজি এনেকুৱা মাফিয়াৰ ওপৰত জৰিমনা লাগি আছে, বুলডজাৰ চলি আছে। সেয়ে ইউপিৰ মানুহে কয়- পাৰ্থক্য পৰিস্কাৰ। আগতে ইউপিৰ কন্যাসকলে ঘৰৰ পৰা ওলোৱাৰ আগত ১০০বাৰ ভাবিবলৈ নিৰুপায় আছিল। আজি অপৰাধীয়ে বেয়া কাম কৰাৰ আগতে ১০০বাৰ ভাবে। সেয়ে ইউপিৰ মানুহে কয়- পাৰ্থক্য পৰিস্কাৰ। আগতে কন্যাসকল ঘৰতে সোমাই থাকিবলৈ নিৰুপায় আছিল, এতিয়া ইউপিৰ অপৰাধীয়ে জেলত সোমাই থাকে। সেয়ে ইউপিৰ মানুহে কয়- পাৰ্থক্য পৰিস্কাৰ।

 

বন্ধুসকল,

 

আজি মই আন এটা যোজনাৰ বিষয়ে জৰুৰ ক'ব বিচাৰিম যি ইউপিৰ মানুহৰ বহুত সহায় কৰিব। আৰু এই যোজনা হৈছে- স্বামিত্ব যোজনা। স্বামিত্ব যোজনাৰ জৰিয়তে আজি গাঁওসমূহত প্ৰপাৰ্টিৰ মেপিং কৰাই ঘৰৰ, খেতিৰ, খেতিৰ মালিকানা অধিকাৰৰ কাগজ মানুহক দি থকা হৈছে। এই অভিযান কিছু সময়ৰ ভিতৰতে ইউপিৰ প্ৰত্যেক ঘৰলৈ পাব। ইয়াৰ ফলত আপোনালোকে অবৈধ কব্জাৰ ভয়ৰ পৰা মুক্তি পাব আৰু বেংকৰ পৰা সহায় লোৱাটোও সহজ হৈ যাব। এতিয়া গাঁৱৰ যুৱক-যুৱতীসকলে বেংকৰ পৰা নিজৰ কামৰ বাবে পইচা যোগাৰ কৰাত অসুবিধাও নাহিব।

 

বন্ধুসকল,

 

আমি সকলোৱে মিলি উত্তৰ প্ৰদেশক নতুন উচ্চতালৈ লৈ যাব লাগিব, উত্তৰ প্ৰদেশক নতুন পৰিচয় দিব লাগিব। উত্তৰ প্ৰদেশক কেইবাদশকৰ পিছলৈ ঠেলি দিয়া লোকসকলৰ পৰা আপোনালোক নিৰন্তৰ সতৰ্ক হৈ থাকিব লাগিব। ভাতৃ-ভগ্নীসকল, এবাৰ আকৌ আপোনালোক সকলোকে সৰযু কেনেল পৰিকল্পনাৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। মোৰ সৈতে দুয়ো হাত তুলি সম্পূৰ্ণ শক্তিৰে কওক, ভাৰত মাতা কী- জয়। ভাৰত মাতা কী- জয়। ভাৰত মাতা কী- জয়।

 

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.