সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফতেহপুৰ, দেৱৰিয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰে নতুন মেডিকেল কলেজ পালে
"উত্তৰ প্ৰদেশৰ ডবল ইঞ্জিনৰ চৰকাৰ বহু কৰ্মযোগীৰ কেইবাদশকৰ তপস্যাৰ ফল"
"মাধৱ প্ৰসাদ ত্ৰিপাঠীৰ নামে ইয়াৰ মেডিকেল কলেজৰ পৰা পঢ়ি ওলোৱা যুৱ ডাক্তৰসকলক জনসেৱাৰ নিৰন্তৰ প্ৰেৰণাও দি থাকিব"
"যি পূৰ্বাঞ্চলক মূৰৰ জ্বৰৰ বাবে হোৱা বেদনাদায়ক মৃত্যুৰ বাবে বদনাম কৰা হৈছিল, সেই পূৰ্বাঞ্চলেই পূৰ্ব ভাৰতক স্বাস্থ্যৰ নতুন পোহৰ দিয়াৰ পথত"
"চৰকাৰ যেতিয়া সংবেদনশীল হয়, দুখীয়াৰ দুখ বুজিবলৈ মনত কৰুণাৰ ভাব থাকে, তেতিয়া এনেকৈয়ে কাম হয়"
"ইমান বেছি মেডিকেল কলেজৰ লোকাৰ্পণ ৰাজ্যত অভূতপূৰ্ব; এনেকুৱা আগতে নহৈছিল আৰু এতিয়া এনেকুৱা কিয় হৈ আছে, ইয়াৰ এটাই কাৰণ- ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজনৈতিক প্ৰাথমিকতা"
"উত্তৰ প্ৰদেশত ২০১৭লৈকে চৰকাৰী মেডিকেল কলেজত মেডিকেলৰ মাত্ৰ ১৯০০ ছিট আছিল। ডবল ইঞ্জিন চৰকাৰে যোৱা চাৰি বছৰতে ১৯০০ ছিটৰ পৰা অধিক মেডিকেল ছিটৰ বৃদ্ধি কৰিছে"

Bharat Mata Ki Jai,

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, মহাত্মা বুদ্ধৰ পবিত্ৰ ভূমি সিদ্ধাৰ্থনগৰত মই আপোনালোক সকলোলৈকে প্ৰণাম জনাইছো। মহাত্মা বুদ্ধই য’ত জীৱনৰ আৰম্ভণী কালছোৱা অতিবাহিত কৰিছিল সেইডোখৰ ভূমিতে আজি প্ৰদেশখনৰ ৯খন মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। সুস্থ আৰু নিৰোগী ভাৰতৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত ই এক বৃহত্ পদক্ষেপ। আপোনালোক আটাইকে অভিনন্দন জনাইছো।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ যশস্বী আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়া জী, মঞ্চত উপস্থিত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, যিসমূহ স্থানত নতুন চিকিত্সা মহাবিদ্যালয় স্থাপিত হৈছে, সেইসমূহত উপস্থিত থকা উত্তৰ প্ৰদেশৰ চৰকাৰৰ মন্ত্ৰীসকল, কাৰ্যক্ৰমত উপস্থিত থকা সাংসদ, বিধায়ক, অন্য জনপ্ৰতিনিধি আৰু মোৰ চেনেহৰ ভাই-ভনীসকল,

আজিৰ দিনটোৱে সমগ্ৰ পূৰ্বাঞ্চলৰ বাবেই, সম্পূৰ্ণ উত্তৰ প্ৰদেশৰ বাবেই আৰোগ্যৰ ‘ডবল ডোজ’ লৈ আহিছে, আপোনালোকৰ বাবে এটি উপহাৰ লৈ আহিছে। ইয়াত, অৰ্থাত্ সিদ্ধাৰ্থনগৰত উত্তৰ প্ৰদেশৰ ৯খন চিকিত্সা মহাবিদ্যালয়ৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ পিচত পূৰ্বাঞ্চলৰ পৰাই সমগ্ৰ দেশৰ বাবে অতিকে জৰুৰী এনে চিকিত্সা আন্তঃগাঁথনি সম্পৰ্কীয় এক বহুত ডাঙৰ যোজনাৰো শুভাৰম্ভ কৰা হ’ব। আৰু সেই ডাঙৰ কামটোৰ বাবে মই ইয়াৰ পৰা আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিচত, এইখন পবিত্ৰ ভূমিৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিচত, আপোনালোকৰ সৈতে কথা-বতৰা হোৱাৰ পিচত কাশীলৈ যাম আৰু তাতে সেই কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিমগৈ।

বন্ধুসকল,

আজি কেন্দ্ৰত থকা চৰকাৰখনেই হওক, অথবা ইয়াত থকা চৰকাৰখনেই হওক, সেয়া অনেক কৰ্মযোগীৰ বহু দশকজোৰা তপস্যাৰ ফল। সিদ্ধাৰ্থনগৰেও স্বৰ্গীয় মাধৱ প্ৰসাদ ত্ৰিপাঠীৰ ৰূপত এনে এগৰাকী সমৰ্পিত জন প্ৰতিনিধি দেশক প্ৰদান কৰিছিল, যিগৰাকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আজি ৰাষ্ট্ৰৰ কামত আহিছে। মাধাৱবাবুয়ে ৰাজনীতিত কৰ্মযোগ প্ৰতিস্থা কৰাৰ বাবে সম্পূৰ্ণ জীৱনটোকে পাত কৰিছিল। উত্তৰ প্ৰদেশ ‘ভাজপা’ৰ প্ৰথমগৰাকী অধ্যক্ষৰ ৰূপত, কেন্দ্ৰত মন্ত্ৰীৰ ৰূপত, তেখেতে বিশেষকৈ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে চিন্তা কৰিছিল। সেয়ে সিদ্ধাৰ্থনগৰৰ নতুন চিকিত্সা মহাবিদ্যালয়খনৰ নাম মাধৱবাবুৰ নামতে ৰখাটো তেখেতৰ সেৱা ভাৱৰ প্ৰতি আন্তৰিক কাৰ্যাঞ্জলি বুলিয়ে ক’ব পাৰি। আৰু ইয়াৰ বাবে যোগী জী আৰু তেওঁ মন্ত্ৰীমণ্ডলক ধন্যবাদ জনাইছো। মাধৱবাবুৰ নামে ইয়াত পঢ়ি-শুনি ওলাই যাব লগা যুৱ-চিকিত্সকসকলক সদায়ে প্ৰেৰণা দি থাকিব।

ভাই-ভনীসকল,

উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলত আস্থা, আধ্যাত্ম আৰু সামাজিক জীৱনৰে বিজড়িত বহু বিস্তৃত ঐতিহ্য আছে। এই ঐতিহ্যক স্বাস্থ্য, সক্ষম, আৰু সমৃদ্ধ উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ সৈতেও সংযোজিত কৰা হৈছে। আজি যি ৯খন জিলাত চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰা হৈছে, সেইসমূহত এই কথা প্ৰতীয়মানো হৈছে। সিদ্ধাৰ্থনগৰত ‘মাধৱ প্ৰসাদ ত্ৰিপাথী চিকিত্সা মহাবিদ্যালয়’, দেৱৰীয়াত ‘মহৰ্ষি দেৱৰহা বাবা চিকিত্সা মহাবিদ্যালয়’, গাজীপুৰত ‘মহৰ্ষি বিশ্বামিত্ৰ চিকিত্সা মহাবিদ্যালয়’, মিৰ্জাপুৰত ‘মা বিন্ধবাসিনী চিকিত্সা মহাবিদ্যালয়’, প্ৰতাপগড়ত ‘ডাক্তৰ সোণেলাল পেটেল চিকিত্সা মহাবিদ্যালয়’, য়ে’টাত ‘বীৰাংগণা অৱন্তী বাই লোধী চিকিত্সা মহাবিদ্যালয়’, ফটেহপুৰত ‘মহান যোদ্ধা অমৰ শ্বহীদ যোদ্ধা সিং আৰু ঠাকুৰ দৰিয়াৱ সিং’-ৰ নামত চিকিত্সা মহাবিদ্যালয়, জৌনপুৰত ‘উমানাথ সিং চিকিত্সা মহাবিদ্যালয়’ আৰু ‘হৰদোইৰ চিকিত্সা মহাবিদ্যালয়’। এই কেউখন চিকিত্সা মহাবিদ্যালয়ে এতিয়া পূৰ্বাঞ্চলৰ কোটি কোটিজনক সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিছে। এই ৯খন নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ জৰিয়তে প্ৰায় আঢ়ৈ হাজাৰ নতুন বিচনা সাজু হৈ উঠিছে, ৫হাজাৰৰো অধিক চিকিত্সক আৰু পেৰা মেডিকেল কৰ্মীয়ে কৰ্ম-সংস্থানৰ নতুন সুযোগ লাভ কৰিছে। ইয়াৰ লগতে প্ৰতিটো বছৰত কেবা হাজাৰো যুৱক-যুৱতীৰ বাবে চিকিত্সাবিজ্ঞান পঢ়াৰ নতুন পথো মুকলি হ’ল।

বন্ধুসকল,

যিখন পূৰ্বাঞ্চলক আগৰ চৰকাৰসমূহে বেমাৰৰে যুঁজিবলৈকে যেন এৰি দিছিল, সেইখন ঠায়েই এতিয়া পূব ভাৰতৰ ‘মেডিকেল হাব’ হৈ উঠিব, এতিয়া দেশক বেমাৰৰ পৰা বচোৱা অনেক চিকিত্সকে এইখন ঠাইৰ পৰাই অনেকক চিকিত্সক হিচাপে গঢ়ি তুলিব। যিখন পূৰ্বাঞ্চলৰ ছবি আগৰ চৰকাৰসমূহে বেয়া কৰিছিল, যিখন পূৰ্বাঞ্চলক মানসিক ৰোগত হোৱা দুখজনক মৃত্যুৰ কাৰণ বুলি বদনামী কৰিছিল, সেইখন পূৰ্বাঞ্চলেই, সেইখন উত্তৰ প্ৰদেশেই পূব ভাৰতৰ সক্ষমতাৰ নতুন জ্যোতি বিলাব।

বন্ধুসকল,

উত্তৰ প্ৰদেশৰ ভাই-ভনীসকলে কেতিয়াও পাহৰিব নোৱাৰে, কেনেকৈ যোগী জীয়ে সংসদৰ মজিয়াত উত্তৰ প্ৰদেশৰ চিকিত্সা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ গাঁথা শুনাইছিল। যোগী জী তেতিয়া মুখ্যমন্ত্ৰী নাছিল, তেওঁ এগৰাকী সাংসদ আছিল আৰু  অতি কম বয়সতে তেওঁ সাংসদ হৈছিল। আৰু আজি উত্তৰ প্ৰদেশৰ ৰাইজে এই কথাও প্ৰত্যক্ষ কৰিছে, যেতিয়া যোগী জীক জনতা-জনাৰ্দ্দনে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল তেতিয়া তেওঁ কেনেকৈ মানসিক ৰোগক বাঢ়িবলৈ নিদি, কেনেকৈ এইটো ক্ষেত্ৰৰ শিশুসকলৰ জীৱন ৰক্ষা কৰিছিল। চৰকাৰ যেতিয়া সংবেদনশীল হয়, দুখীয়া-দৰিদ্ৰৰ ব্যথা বুজা হয়, তেতিয়াই এই ধৰণৰ কামবোৰ সম্পন্ন হয়।

ভাই-ভনীসকল,

আমাৰ দেশত স্বাধীনতাৰ আগতে আৰু তাৰ পিচতো মূলভূত চিকিত্সা আৰু স্বাস্থ্য সুবিধাসমূহক কেতিয়াও প্ৰাথমিকতা দিয়া হোৱা নাছিল। ভাল চিকিত্সা বিচাৰিলে ডাঙৰ চহৰলৈ যাব লাগিব, ভাল চিকিত্সকৰে চিকিত্সা কৰাব বিচাৰিলে ডাঙৰ চহৰলৈ যাব লাগিব, ৰাতি-বিয়লি কাৰোবাৰ অসুখ হ’লে গাড়ীৰ ব্যৱস্থা কৰা আৰু উঠাই লৈ ঢাপলি মেলিবলগীয়া হয় চহৰৰ অভিমুখে। আমাৰ গাওঁ অঞ্চলত এয়াই যেন বাস্তৱ আছিল। গাঁৱত, জনপদত, জিলাৰ সদৰ পৰ্যন্ত উন্নত স্বাস্থ্য সুবিধা বহুত কষ্টৰ মূৰতহে সম্ভৱ হৈছিল। এনে কষ্টৰ সন্মুখীন ময়ো হৈছিলো, ইয়াৰ অভিজ্ঞতা মোৰো আছে। দেশৰ দুখীয়া-দলিত-শোষিত-বঞ্চিতসকল, দেশৰ কৃষকসকল, গাঁৱৰ সৰ্ব-সাধাৰণ ৰাইজ, সৰু সৰু শিশুক বুকুত সাৱটি ঢাপলি মেলা মাতৃসকল, আমাৰ বয়োজ্যেষ্ঠসকলে যেতিয়া স্বাস্থ্যৰ বুনিয়াদী  সুবিধাসমূহৰ বাবে চৰকাৰৰ ফালে চাইছিল, তেতিয়া তেওঁলোক নিৰাশেই হ’বলগীয়া হৈছিল। এই নিৰাশাকে মোৰ দুখীয়া ভাই-ভনীসকলে ভাগ্য বুলি গ্ৰহণ কৰি আহিবলগীয়া হৈছিল। ২০১৪চনত আপোনালোকে যেতিয়া মোক দেশ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল, তেতিয়া আগৰ পৰিস্থিতি সলোৱাৰ বাবে আমাৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰিবলৈ ধৰিলে। জনতাৰ কষ্ট অনুভৱ কৰি, সৰ্বসাধাৰণ মানুহৰ বেদনা অনুভৱ কৰি, তেওঁলোকৰ দুখ-দুৰ্দশা লাঘৱ কৰাৰ বাবে আমি সহযোগী হোৱাৰ পণ ল’লো। আমি দেশৰ স্বাস্থ্য সুবিধাসমূহৰ সংস্কাৰ সাধনৰ বাবে, আধুনিকতা অনাৰ বাবে এক মহাযজ্ঞ আৰম্ভ কৰিলো, অনেক যোজনা আৰম্ভ কৰিলো। পিচে মোৰ এটা কথাত সদায়ে আফচোচ থাকি যাব যে ইয়াত আগতে যি চৰকাৰ আছিল, তেওঁলোকে আমাৰ সৈতে সহযোগিতা কৰা নাছিল। উন্নয়ণৰ কামত তেওঁলোকে ৰাজনীতি কৰিব খুজিলে, কেন্দ্ৰৰ যোজনাসমূহক ইয়াত উত্তৰ প্ৰদেশত আগবাঢ়িবলৈ দিয়া নাছিল।

বন্ধুসকল,

ইয়াত বেলেগ বেলেগ বয়সৰ ভাই-ভনীসকল বহি আছে। আপোনালোকৰ বাৰু কেতিয়াবা মনত পৰেনে, যদি মনত পৰে মোক ক’বচোন, পৰেনে মনত বাৰু? উত্তৰ প্ৰদেশৰ ইতিহাসত কেতিয়াবা বাৰু একেলগতে ইমানকেইখন চিকিত্সা মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছিলনে? হৈছিল নে বাৰু কেতিয়াবা? নাই হোৱা নহয় জানো! আগতে এনেকুৱা ঘটনা কিয় ঘটা নাছিল, ইয়াৰ এটা কাৰণ হ’ল- ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজনৈতিক প্ৰাথমিকতা। যিসকল আগতে আছিল তেওঁলোকৰ প্ৰাথমিকতা আছিল নিজৰ বাবে টকা ঘটা আৰু নিজৰ পৰিয়ালৰ বাকচ ভৰোৱাটো আছিল। আমাৰ প্ৰথমিকতা- দুখীয়াৰ পইচা বচোৱা, দুখীয়া পৰিয়ালবোৰক মূলভূত সুবিধা প্ৰদান কৰাটো।

বন্ধুসকল,

ৰোগে ধনী-দুখীয়াৰ বাচ-বিচাৰ নকৰে। বেমাৰৰ বাবেতো সকলোৱেই একে। আৰু সেয়ে, এই সা-সুবিধাসমূহৰ পৰা যিমান লাভ দুখীয়া মানুহৰ হ’ব, সিমানেই মধ্যম বৰ্গৰ পৰিয়ালসমূহৰো হ’ব।

বন্ধুসকল,

৭ বছৰৰ আগতে দিল্লীত যি চৰকাৰ আছিল আৰু ৪ বছৰৰ আগতে ইয়াত উত্তৰ প্ৰদেশত যি চৰকাৰ আছিল তেওঁলোকে পূৰ্বাঞ্চলত কি কৰিছিল? যি আগৰ চৰকাৰত আছিল, তেওঁলোকে ভোটৰ বাবে ক’ৰবাত ‘ডিছপেন্সৰী’, ক’ৰবাত সৰু সৰু হাস্পটালৰ ঘোষণা কৰিয়েই কাম সামৰিছিল। মানুহেও আশা পালি থাকিছিল। পিচে বছৰৰ পিচত বছৰ ধৰি হয়তো ভৱনৰ নিৰ্মাণেই সম্পূৰ্ণ নহৈছিল, ভৱন নিৰ্মাণ কৰা হৈছিল যদিও যন্ত্ৰপাতি নাথাকিছিল, দুয়োটাই থকা সময়ত আকৌ চিকিত্সক অথবা অন্য কৰ্মচাৰীসকলৰ উপস্থিতি নাছিল। তাৰ ওপৰত আকৌ দুখীয়া ৰাইজৰ হাজাৰ কোটি টকা লুট কৰাৰ দৰে ভ্ৰষ্টাচাৰৰ চক্ৰ চৌবিশ ঘণ্টাই অব্যাহত আছিল। ঔষধত ভ্ৰষ্টাচাৰ, নিযুক্তিত ভ্ৰষ্টাচাৰ, ‘টেন্সফাৰ-পোষ্টিঙ’ত ভ্ৰষ্টাচাৰ! এই সমগ্ৰ খেলত উত্তৰ প্ৰদেশৰ কিছু সংখ্যক পৰিয়ালবাদীৰতো খুউবেই লাভ হ’ল, ভ্ৰষ্টাচাৰৰ চক্ৰও খুবেই চলিল, কিন্তু ইয়াৰ ফলত পূৰ্বাঞ্চল আৰু উত্তৰ প্ৰদেশৰ সাধাৰণ পৰিয়ালসমূহ পিচ পৰি ৰ’বলগীয়া হ’ল।

সঁচায়ে কোৱা হয়-

‘যাকে পাঁৱ ন ফটে বিৱাই, ৱো ক্যা জানে পীৰ পৰাই’

বন্ধুসকল,

বিগত বছৰকেইটাত ‘ডাবল ইঞ্জিন’ চৰকাৰে প্ৰতিগৰাকী দুখীয়াক উন্নত চিকিত্সা সেৱা আগবঢ়োৱাৰ বাবে বহুত আন্তৰিকতাৰে প্ৰয়াস কৰিছে, নিৰন্তৰ কাম কৰি আছে। আমি দেশত নতুন স্বাস্থ্য নীতি বলবত্ কৰিছো যাতে দুখীয়া লোকসকলে সুলভ চিকিতসা আদায় কৰিব পাৰে আৰু তেওঁলোকক ৰোগৰ পৰা বচাব পৰা যায়। উত্তৰ প্ৰদেশতো ৯০লাখ ৰোগীয়ে ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে বিনামূলীয়া চিকিত্সা লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল দৰিদ্ৰই ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে প্ৰায় একহাজাৰ কোটি টকাৰ চিকিত্সা ব্যয় ৰাহি কৰিব পাৰিছে। আজিৰ তাৰিখত কেবা হাজাৰ ‘জনৌষধী কেন্দ্ৰ’ৰ জৰিয়তে বহুত কম দামত ঔষধ কিনিব পৰা গৈছে। কেন্সাৰৰ চিকিত্সা, ডায়েলিছিছ আৰু হৃদৰোগৰ অস্ত্ৰোপচাৰো এতিয়া বহু পৰিমাণে সুলভ কৰি তোলা হৈছে। শৌচালয়ৰ দৰে সা-সুবিধাৰ বাবেও অনেক ৰোগৰ প্ৰকোপ কমা দেখা গৈছে। এয়াই নহয়, দেশত উন্নত চিকিত্সালয় কেনেকৈ স্থাপন কৰিব পৰা যায় আৰু সেইবোৰ হাস্পটালত কেনেকৈ ভাল ভাল চিকিত্সক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰিব পৰা যায়, ইয়াৰ বাবেও বহুত ডাঙৰ আৰু দীঘলীয়া পৰিকল্পনাৰে কাম কৰি থকা হৈছে। এতিয়া হাস্পপটাল আৰু চিকিত্সা মহাবিদ্যালয়ৰ ভূমি পূজন হোৱাৰ সময়তে নিৰ্দ্ধাৰণ কৰা সময়ৰ ভিতৰতে উদ্বোধন কৰিব পৰাকৈ কাম সম্পূৰ্ণ কৰাৰ পৰম্পৰা আৰম্ভ হৈছে। যোগী জীৰ চৰকাৰৰ আগতে থকা চৰকাৰে নিজৰ কাৰ্যকালত উত্তৰ প্ৰদেশত মাত্ৰ ৬খন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰিছিল। যোগী জীৰ কাৰ্যকালত ১৬খন চিকিত্সা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰা হৈছে আৰু ৩০খন নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম দ্ৰুতগতিৰে অব্যাহত ৰখা হৈছে। ৰায়বেৰলী আৰু গোৰক্ষপুৰত নিৰ্মাণ চলি থকা ‘এইমছ’কেইখনতো উত্তৰ প্ৰদেশৰ বাবে ‘বোনাছ’ সদৃশ।

ভাই-ভনীসকল,

চিকিত্সা মহাবিদ্যালয়ে কেৱল উন্নত চিকিত্সাই প্ৰদান নকৰে বৰং, নতুন চিকিত্সক, নতুন পেৰা-মেডিক্সকো গঢ়ি তোলে। যেতিয়া চিকিত্সা মহাবিদ্যালয় স্থাপিত হয়, তাত বিশেষ ধৰণৰ পৰীক্ষাগাৰ সম্পৰ্কীয় প্ৰশিক্ষণ কেন্দ্ৰ, নাৰ্ছিং গোট, চিকিত্সা গোট আৰু কৰ্ম-সংস্থানৰ অনেক সাধনৰ সৃষ্টি হয়। দুৰ্ভাগ্য যে আগৰ দশকসমূহত দেশত চিকিত্সকৰ নাটনিৰ জোৰা মাৰিবলৈ ৰাষ্ট্ৰব্যাপী ৰণনীতিত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। অনেক দশকৰ আগতে চিকিত্সা মহাবিদ্যালয় আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ চোৱা-চিতাৰ বাবে যি নিয়ম-ব্যৱস্থা তৈয়াৰ কৰা হৈছিল, যিবোৰ সংস্থা গঠন কৰা হৈছিল, সেইবোৰ পুৰণি ধৰণে, পুৰণি চিন্তাৰে চলি আহিছিল। এইখিনি নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ ক্ষেত্ৰত বাধা হৈয়ো উঠিছিল।

চিকিত্সা বিজ্ঞান শিক্ষাৰ পথত অন্তৰাই হৈ দেখা দিয়া বহু পুৰণি ব্যৱস্থা বিগত ৭টা বছৰত এটাৰ পিচত এটাকৈ সলোৱা হৈছে। ইয়াৰ পৰিণাম চিকিত্সা বিজ্ঞান শিক্ষাৰ আসন ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে।। ২০১৪ চনৰ আগতে আমাৰ দেশত চিকিত্সা বিজ্ঞানৰ আসনৰ সংখ্যা ৯০হাজাৰৰো কম আছিল। বিগত সাতটা বছৰত দেশত ৬০ হাজাৰ নতুন আসন সংযোজিত হৈছে। উত্তৰ প্ৰদেশতো ২০১৭চন পৰ্যন্ত চৰকাৰী চিকিত্সা মহাবিদ্যালয়ত আসনৰ সংখ্যা আছিল মাত্ৰ ১৯০০টা। কিন্তু ‘ডাবল ইঞ্জিন’ চৰকাৰৰ দিনত বিগত চাৰি বছৰতে ১৯০০ৰো অধিক আসন বৃদ্ধি কৰা হৈছে।

বন্ধুসকল,

চিকিত্সা মহাবি্দ্যালয়ৰ সংখ্যা বঢ়োৱা, চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ বাবে আসনৰ সংখ্যা বঢ়োৱাৰ এক গুৰত্বপূৰ্ণ আৰু এটা কাৰণ হ’ল এই অঞ্চলৰ পৰা যিমান পাৰি অধিক সংখ্যক যুৱক-যুৱতী চিকিত্সক হিচাপে গঢ়ি তোলা। দুখীয়া পিতৃ-মাতৃৰ লৰা-ছোৱালী এতিয়া চিকিত্সক হ’বলৈ সহজ হ’ব। চৰকাৰৰ নেৰানেপেৰা প্ৰয়াসৰ পৰিণামতে আজি স্বাধীনতাৰ পিচৰ ৭০টা বছৰত যিমানবোৰ  চিকিত্সক পঢ়ি-শুনি ওলাল, তাতকৈ অধিক চিকিত্সক আমি আগন্তুক ১০-১২বছৰত গঢ়ি তুলিব পাৰিম।

বন্ধুসকল,

যুৱক-যুৱতীসকলক বেলেগ বেলেগ প্ৰৱেশিকা পৰীক্ষাৰ চিন্তাৰ পৰা মুক্তি দিয়াৰ বাবে ‘ওৱান নেশ্যন, ওৱান এগজাম’ পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ফলত খৰছো বহু পৰিমাণে কমি গৈছে। চিকিত্সা বিজ্ঞানৰ শিক্ষা দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ সাধ্যৰ ভিতৰত কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহৰ মাচুল নিয়ন্ত্ৰণ কৰাৰ বাবে আইনী ব্যৱস্থা গঢ়ি তোলা হৈছে। স্থানীয় ভাষাসমূহত চিকিত্সা বিজ্ঞানৰ শিক্ষা দানৰ দিহা নোহোৱাটোও ডাঙৰ সমস্যা হিচাপেই দেখা দি আহিছিল। এতিয়া হিন্দীকে ধৰি বহুকেইটা ভাৰতীয় ভাষাতো চিকিত্সা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ উন্নত বিকল্প ব্যৱস্থা আগবঢ়োৱা হৈছে। নিজৰ মাতৃভাষাত যেতিয়া যুৱক-যুৱতীসকলে শিক্ষা লাভ কৰিব পাৰিব তেতিয়া সেইবোৰ কামত তেওঁলোকৰ পাৰদৰ্শীতাও অধিক হ’ব।

বন্ধুসকল,

উত্তৰ প্ৰদেশে নিজৰ স্বাস্থ্য সা-সুবিধাসমূহৰ সংস্কাৰযে দ্ৰুতগতিৰে সম্পন্ন কৰিব পাৰে সেয়া উত্তৰ প্ৰদেশৰ মানুহে এই ক’ৰোনা কালতে প্ৰতীয়মান কৰি দেখুৱালে। চাৰিটা দিনৰ আগতে মাত্ৰ দেশে ১০০কোটি পালি প্ৰতিষেধক প্ৰদানৰ অভিলাসী সপোন সাৰ্থক কৰি দেখুৱাইছিল। এই সমগ্ৰ অভিযানটোত উত্তৰ প্ৰদেশৰ অৱদানো উল্লেখনীয় আছিল। মই উত্তৰ প্ৰদেশৰ সকলো জনতা, ক’ৰোনা-যোদ্ধা, চৰকাৰ, প্ৰশাসন আৰু এই অভিযানৰে জড়িত সকলো ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি দেশত ১০০কোটি প্ৰতিষেধকৰ সুৰক্ষা কৱচ আছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশে ক’ৰোনাৰ পৰা হাত সৰাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাত ক’ৰোনাৰে মোকাবিলা কৰিব পৰাকৈ ‘শিশু সেৱা গোট’ হয় স্থাপিত কৰিছে অথবা দ্ৰুত গতিৰে নিৰ্মাণ কৰি থকা হৈছে। ক’ভিডৰ পৰীক্ষাৰ বাবে আজিৰ তাৰিখত উত্তৰ প্ৰদেশত ৬০টাৰো অধিক পৰীক্ষাগাৰ সাজু কৰি ৰখা হৈছে। ৫০০ৰো অধিক নতুন অক্সিজেন প্ৰকল্পৰো কাম দ্ৰুত গতিৰে চলি আছে।

বন্ধুসকল,

এয়াইতো ‘সকলোৰ সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’, এয়াইতো তাৰ পথ! যেতিয়া সকলো সুস্থ হ’ব, যেতিয়া  সকলোৱে সুযোগ পাব, তেতিয়াহে সকলোৰে প্ৰয়াস দেশৰ কামত আহিব। ‘দীপাৱলী’ আৰু ‘ছথ’ৰ পৰ্ব এইবেলি পূৰ্বাঞ্চলত আৰোগ্যৰ  নতুন বিশ্বাস লৈ সমাগত হৈছেহি। এই বিশ্বাসেই দ্ৰুত বিকাশৰ বুনিয়াদ হওক, এই কামনাকে কৰি নতুন চিকিত্সা মহাবিদ্যালয়ৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশক আকৌ এবাৰ অভিনন্দন জনাই, আপোনালোকে হিলদল ভাঙি আহি আমাক আশীৰ্বাদ দিয়াহি বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই সামৰিলো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros

Media Coverage

Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Joint Statement between Ministry of Petroleum and Natural Gas of the Republic of India and the Ministry of Economy, Trade, and Industry of Japan on Energy Resilience
July 02, 2026

On July 2, 2026, H.E. Narendra MODI, Prime Minister of the Republic of India, and H.E. TAKAICHI Sanae, Prime Minister of Japan, met in New Delhi, India, and expressed their shared intention to work together as responsible powers and major energy-consuming countries in Asia to jointly strengthen energy resilience in light of the current geopolitical situation.

Both sides highlighted the importance of regional initiatives to strengthen energy resilience, such as India’s support for energy security in South Asia and Japan’s Partnership On Wide Energy and Resources Resilience (POWERR Asia). Based on the leaders’ discussions, the Ministry of Petroleum and Natural Gas of the Republic of India and the Ministry of Economy, Trade and Industry of Japan will cooperate on the following concrete initiatives:

1. COOPERATION IN THE STRATEGIC STOCKPILING ECOSYSTEM

The two sides reaffirmed the importance of sharing their respective knowledge and experience, and, where appropriate, promoting concrete cooperation related to stockpiling systems and reserve mechanisms for crude oil and petroleum products. Cooperation will focus on the following themes, among others:

• Mechanisms related to national stockpiling systems and reserves, including industry stockpiles

• Coordination regarding arrangements with producing countries

• Emergency response and market stabilization

2. STRENGTHENING VOICE OF ENERGY-CONSUMING COUNTRIES

The two sides reaffirmed the importance of cooperation to address shared challenges of energy availability and affordability, through supply assurance, enhancing resilience and creating mechanisms to mitigate volatility, thereby strengthening the voice of oil and gas-consuming countries. Cooperation will focus on the following themes, including:

• Cooperation on information-sharing on market trends and joint efforts for market stabilization

• Exploring engagements for energy supplies from third countries

• Exploring commercial engagements for investments in the upstream sector in third countries.

3. COOPERATION IN ENERGY TRANSPORT

The two sides reaffirmed the importance of resilient, self-reliant, and efficient maritime transport of oil and gas as a critical pillar of energy security for both countries. Also, the two sides concurred in exploring collaborative opportunities, including joint investments, across the maritime energy transport value chain.

4. INSTITUTIONAL COOPERATION

The two sides confirmed their intention to promote institutional collaboration among relevant stakeholders, including those listed below, in order to deepen comprehensive cooperation in the energy sector, including technical and financial cooperation:

• Indian institutions: Indian National Oil Companies, Indian Strategic Petroleum Reserves Limited (ISPRL); and other relevant stakeholders

• Japanese institutions: Japan Organization for Metals and Energy Security (JOGMEC); Japan Bank for International Cooperation (JBIC); and other relevant stakeholders

5. PLATFORM FOR DIALOGUE

With the aim of advancing cooperation in the priority areas identified in this statement, the two sides decided to have discussions under the India-Japan Joint Working Group on Petroleum and Natural Gas under the aegis of the India-Japan Energy Dialogue. Through this platform, the two sides will share up-to-date knowledge and experience and explore mutually beneficial opportunities for cooperation.