প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘স্বাধীনতা আন্দোলনৰ অকথিত বীৰসকল’ শীৰ্ষক বিষয়ত নির্বাচিত ৰচনা প্রকাশ
এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপম্‌ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
“ভাৰতৰ জনসংখ্যাৰ অধিকাংশইই যুৱক, ভাৰতৰ মানসিকতা যুৱমনস্ক। ভাৰতৰ যুৱসম্প্রদায়ৰ সম্ভাবনা প্রচুৰ আৰু তেওঁলোকে সপোন দেখে। ভাৱনাচিন্তা আৰু চেতনাৰ দিশত ভাৰত তাৰুণ্যৰে ভৰপুৰ”
“ভাৰতৰ জনসংখ্যাৰ সিংহভাগ তৰুণ হোৱাত উন্নয়নমূলক কামত ইয়াৰ সুফল পাইছে”
“ভাৰতৰ যুৱসম্প্রদায় কঠোৰ পৰিশ্রমী আৰু ভৱিষ্যতৰ বিষয়ত তেওঁলোকৰ ধাৰণা স্পষ্ট। আজি ভাৰত যি কয় সমগ্ৰ বিশ্বই সেয়া ভৱিষ্যত দিনৰ ভাৱনা বুলি বিবেচনা কৰে”
“পুৰণি ধ্যানধাৰণাৰ কাৰণে যুৱসম্প্রদায়ৰ দক্ষতা প্ৰভাৱিত নহয়, বৰঞ্চ যুৱসম্প্রদায়ে নিজেই পৰিস্থিতিৰ পৰিৱর্তন ঘটাই নতুন নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰে”
“আজিৰ যুৱসম্প্রদায়ে ‘কৰিব পাৰি’ ভাৱনাৰে আগুৱাই যায়, যি প্রত্যেক প্রজন্মৰ অনুপ্রেৰণাৰ উৎস”
“ভাৰতীয় যুৱসম্প্রদায়ে বিশ্বক সমৃদ্ধিৰ পথ দেখুৱাব”
“নতুন ভাৰতৰ মন্ত্র হ’ল-প্রতিযোগিতা কৰক আৰু জয়ী হওক৷ জড়
“পুৰণি ধ্যানধাৰণাৰ কাৰণে যুৱসম্প্রদায়ৰ দক্ষতা প্ৰভাৱিত নহয়, বৰঞ্চ যুৱসম্প্রদায়ে নিজেই পৰিস্থিতিৰ পৰিৱর্তন ঘটাই নতুন নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰে”

পুডুচেৰীৰ লেফটেনেন্ট গভৰ্নৰ তামিলিচাই জী, মুখ্যমন্ত্ৰী এন ৰংস্বামী জী, মোৰ কেবিনেট সতীৰ্থ শ্ৰী নাৰায়ণ ৰাণে জী, শ্ৰী অনুৰাগ ঠাকুৰ জী, শ্ৰী নিশীথ প্রামাণিক জী, শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মা জী, পুডুচেৰী চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, সাংসদ, বিধায়ক, দেশখনৰ আন ৰাজ্যৰ মন্ত্ৰীসকল আৰু মোৰ যুৱ বন্ধুসকল! শুভেচ্ছা জনালো! আপোনালোক আটাইকে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ শুভেচ্ছা জনাইছো!

ভাৰত মাতাৰ সুযোগ্য পুত্ৰ স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীত মই প্ৰণিপাত জনাইছো। আজাদী কা অমৃত মহোৎসৱত, তেওঁৰ জন্ম বাৰ্ষিকী অধিক অনুপ্ৰেৰণাদায়ক হৈ পৰিছে। এই বছৰটো দুটা কাৰণৰ বাবে অধিক বিশেষ হৈ পৰিছে। আমি এই বছৰ শ্ৰী অৰবিন্দৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছো আৰু এই বছৰতে মহান কবি সুব্রহ্মণ্য ভাৰতীৰ ১০০ সংখ্যক মৃত্যু বাৰ্ষিকীও পালন কৰিছো। এই দুয়োজন ঋষিৰ পুডুচেৰীৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। দুয়োজনেই পৰস্পৰে-পৰস্পৰৰ সাহিত্যি আৰু আধ্যাত্মিক যাত্ৰাৰ অংশীদাৰ আছিল। সেয়েহে, পুডুচেৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱভাগি ভাৰত মাতৃৰ এই মহান পুত্ৰসকলৰ বাবে উৎসৰ্গা কৰা হৈছে। বন্ধুসকল, আজি পুডুচেৰীত এমএছএমই প্ৰযুক্তি কেন্দ্ৰ উদ্বোধন কৰা হয়। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত এমএছএমই খণ্ডটোৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমাৰ এমএছএমইসমূহে আজি পৃথিৱীখন সলনি কৰি পেলোৱা প্ৰযুক্তি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। সেইকাৰণে আজি দেশখনত প্ৰযুক্তি কেন্দ্ৰ প্ৰণালী কাৰ্য্যক্ৰমৰ এক বৃহৎ অভিযান অব্যাহত আছে। পুডুচেৰীৰ এমএছএমই প্ৰযুক্তি কেন্দ্ৰ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

বন্ধুসকল,

আজি পুডুচেৰীৰ যুৱক-যুৱতীসকলে কামৰাজৰ নামেৰে বহুমাত্ৰিক ব্যৱহাৰৰ বাবে এটি প্ৰেক্ষাগৃহ মণিমান্দপম উপহাৰস্বৰূপে লাভ কৰিছে। এই প্ৰেক্ষাগৃহে আমাক কেৱল কামৰাজ জীৰ অৱদানৰ কথা মনত পেলোৱাই নহয় বৰঞ্চ আমাৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবেও এক মঞ্চ প্ৰদান কৰিব।

বন্ধুসকল,

আজি বিশ্বখনে আশা আৰু বিশ্বাসেৰে ভাৰতৰ ফালে চালে কিয়নো ভাৰতৰ জনসাধাৰণ আৰু চিন্তা-প্ৰক্ৰিয়া দুয়োটাই নব্য। ভাৰত ইয়াৰ সামৰ্থ্যৰ লগতে ইয়াৰ সপোনৰ ক্ষেত্ৰতো নব্য। ভাৰত ইয়াৰ চিন্তাৰ লগতে চেতনাৰ ক্ষেত্ৰতো নব্য। ভাৰত তৰুণ কাৰণ ভাৰতৰ দৃষ্টিভংগীয়ে সদায়েই আধুনিকতাক স্বীকাৰ কৰি আহিছে; ভাৰতৰ দৰ্শনে পৰিৱৰ্তনক প্ৰলুব্ধ কৰিছে। ভাৰত এনে এখনি ৰাষ্ট্ৰ যিয়ে ইয়াৰ প্ৰাচীন সত্তাতো আধুনিকতা ধৰি ৰাখে। আমাৰ হাজাৰ-হাজাৰ বছৰ পুৰণি বেদে কৈছে-

"অপি যথা, যুবোৎসথা, ন বিশ্বং জগৎ, অভিপিত্তে মনীষা,॥

অৰ্থাৎ যুৱসকলেহে শান্তিৰ লগতে নিৰাপত্তা দুয়োটা বিশ্বখনক অৱগত কৰে। যুৱপ্ৰজন্মই নিশ্চিতভাৱে আমাৰ ভাৰতৰ বাবে, আমাৰ ৰাষ্ট্ৰৰ বাবে শান্তি, আনন্দ আৰু নিৰাপত্তাৰ পথ প্ৰশস্ত কৰিব। সেয়েহে, ভাৰতত, সেয়া ব্যক্তিগত পৰ্য্যায়ৰপৰা বিশ্বখনলৈ যোগৰ যাত্ৰাই হওঁক, সেয়া বিপ্লৱেই হওঁক বা বিৱৰ্তনেই হওঁক, সেৱা বা সমৰ্পণৰ পথেই হওঁক, সেয়া ৰূপান্তৰৰ বিষয়েই হওঁক বা বীৰত্বৰ বিষয়েই হওঁক, সহযোগিতা বা সংস্কাৰৰ পথেই হওঁক, সেয়া শিপাৰ সৈতে সংযোগেই হওঁক বা সমগ্ৰ বিশ্বখনতে সম্প্ৰসাৰণেই হওঁক, আমাৰ দেশৰ যুৱপ্ৰজন্মৰদ্বাৰা অপৰিচালিত হৈ থকা এটাও পথ নাই। এনে কোনো ক্ষেত্ৰ নাই য'ত যুৱকজনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাই। যেতিয়া ভাৰতৰ চেতনা বিভাজিত হৈছিল, শংকৰৰ দৰে এজন যুৱক, আদি শংকৰাচাৰ্য্য হিচাপে পৰিগণিত হৈ, দেশখনক একতাৰ দোলেৰে বান্ধিছিল। যেতিয়াই ভাৰতে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন হৈছিল, গুৰু গোবিন্দ সিং জীৰ পুত্ৰসকলৰ ত্যাগে এতিয়াও পথ প্ৰদৰ্শন কৰে। যেতিয়াই ভাৰতক স্বাধীনতা লাভৰ বাবে এক বিপ্লৱৰ প্ৰয়োজন হৈছিল, চৰ্দাৰ ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ আৰু নেতাজী সুভাষৰ দৰে অগণন যুৱকে দেশখনৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল। যেতিয়াই ভাৰতক আধ্যাত্মিকতা আৰু সৃজনশীলতাৰ শক্তিৰ প্ৰয়োজন হৈছিল, শ্ৰী অৰবিন্দ আৰু সুব্রহ্মণ্য ভাৰতীৰ দৰে মহান ব্যক্তিত্বৰ কথা ভবা যায়। আৰু, যেতিয়াই ভাৰতে নিদাৰুণভাৱে নিজৰ হেৰুওৱা আত্মসন্মান ঘূৰাই পাবলৈ, বিশ্বখনত পুনৰ গৌৰৱ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল, স্বামী বিবেকানন্দৰ দৰে এজন যুৱকে ভাৰতত লাভ কৰা জ্ঞানৰ জৰিয়তে আৰু তেওঁৰ চিৰন্তন আহ্বানেৰে বিশ্বখনক জাগ্ৰত কৰিছিল।

বন্ধুসকল,

বিশ্বখনে স্বীকাৰ কৰিছে যে আজি ভাৰতৰ দুটা অসীম শক্তি আছে- এটা হৈছে জনগাঁথনি আৰু আনটো হৈছে গণতন্ত্ৰ। এখন দেশত যিমান বেছি যুৱ জনসংখ্যা থাকে, ইয়াৰ সম্ভাৱনা সিমানেই বেছি হয়; ইয়াৰ সম্ভাৱনাসমূহ বহল বুলি গণ্য কৰা হয়। কিন্তু ভাৰতৰ যুৱসকলৰ 'জনগাঁথনিগত লভ্যাংশ' ৰ উপৰিও গণতান্ত্ৰিক প্ৰমূল্যবোধ আছে। তেওঁলোকৰ 'গণতান্ত্ৰিক লভ্যাংশ' মাথো অতুলনীয়। ভাৰতে ইয়াৰ যুৱসকলক 'জনগাঁথনিগত লভ্যাংশ' তথা একেদৰে 'উন্নয়নৰ চালক' হিচাপে গণ্য কৰে। আজি ভাৰতৰ যুৱপ্ৰজন্মই আমাৰ উন্নয়নৰ লগতে আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক নেতৃত্ব প্ৰদান কৰিছে। আপোনাসৱে দেখিছে, ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰযুক্তিৰ আকৰ্ষণৰ লগতে গণতন্ত্ৰৰ সজাগতা উভয়ে আছে। আজি ভাৰতৰ যুৱপ্ৰজন্মৰ শ্ৰম কৰাৰ লগতে ভৱিষ্যতটোৰ এক স্পষ্ট দৃষ্টি ৰখাৰ ক্ষমতা আছে। সেয়েহে, ভাৰতে আজি যি কয়, বিশ্বখনে ইয়াক কাইলৈৰ আহ্বান বুলি বিবেচনা কৰে। ভাৰতৰ সপোন আৰু সংকল্পই ভাৰতৰ উপৰিও বিশ্বখনৰ ভৱিষ্যতকো প্ৰতিফলিত কৰে। বিশ্বখন আৰু ভাৰতৰ ভৱিষ্যৎ গঢ়াৰ এই দায়িত্ব আৰু সুযোগ আপোনাৰ দৰে দেশখনৰ কোটি-কোটি যুৱক-যুৱতীক অৰ্পণ কৰা হৈছে। ২০২২ বৰ্ষটো আপোনাৰ বাবে, ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজি আমি ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদযাপন কৰিছো। এই বছৰ নেতাজী সুভাষ বাবুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীও। আৰু ২৫ বছৰৰ পিছত দেশখনে স্বাধীনতাৰ ১০০ বছৰো উদযাপন কৰিব। অৰ্থাৎ, ২৫ ৰ এই কাকতালীয় ঘটনাই নিশ্চিতভাৱে ভাৰতৰ এক বিশাল, ঐশ্বৰিক চিত্ৰ অংকন কৰিবলৈ আগবাঢ়িছে। স্বাধীনতাৰ সময়ত তেতিয়াৰ যুৱ প্ৰজন্মই দ্বিতীয়বাৰ চিন্তা নকৰাকৈ দেশখনৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল। কিন্তু আজিৰ যুৱক-যুৱতীসকলে দেশখনৰ বাবে জীয়াই থাকিব লাগিব আৰু আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰিব লাগিব। মহৰ্ষি শ্ৰী অৰবিন্দই কৈছিলঃ "এজন সাহসী, স্পষ্ট, পৰিষ্কাৰ-হৃদয়ৰ, সাহসী আৰু উচ্চাকাংক্ষী যুৱক হৈছে একমাত্ৰ ভেটি যাৰ ওপৰত ভৱিষ্যৎ ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰি"। তেওঁৰ বাণীসমূহ একবিংশ শতিকাৰ ভাৰতৰ যুৱসকলৰ বাবে জীৱনৰ মন্ত্ৰৰ দৰে। আজি, আমি এখন ৰাষ্ট্ৰ হিচাপে, বিশ্বখনৰ সৰ্ববৃহৎ যুৱ জনসংখ্যা থকা দেশ হিচাপে, এক ক্ৰছৰোডত আছো। এয়া হৈছে ভাৰতৰ বাবে নতুন সপোন আৰু নতুন সংকল্পৰ প্ৰৱেশস্থল। এনে পৰিস্থিতিত ভাৰতৰ যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক নতুন শিখৰলৈ লৈ যাব।

বন্ধুসকল,

শ্ৰী অৰবিন্দই কৈছিল– এয়াই যুৱ, যি অৱশ্যেই নৱ্য বিশ্বখনৰ নিৰ্মাতা হ'ব লাগিব। তেওঁৰ দৰ্শন আছিল- বিপ্লৱ আৰু বিৱৰ্তন হৈছে যুৱসকলৰ একেদৰে প্ৰকৃত পৰিচয়। এই দুটা গুণো এখনি বলিষ্ঠ ৰাষ্ট্ৰৰ সৰ্ববৃহৎ শক্তি। যুৱকজনৰ সেই ক্ষমতা আছে যিয়ে তেওঁক পুৰণি উত্তৰাধিকাৰীৰ বোজা বহন নকৰিবলৈ অনুমতি দিয়ে। তেওঁ জানে কেনেকৈ এইসমূহক জোকাৰি যাব লাগে। এই যুৱসকলৰ নতুন প্ৰত্যাহ্বান আৰু নতুন চাহিদা অনুসাৰে নিজকে আৰু সমাজৰ বিকাশ সাধনৰ ক্ষমতা আছে আৰু নতুন বস্তু সৃষ্টি কৰিব পাৰে। আৰু আজি আমি দেশখনত এনে হোৱা দেখিছো। এতিয়া ভাৰতৰ যুৱসকলে বিৱৰ্তনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে। আজি এক ব্যাঘাতো সংঘটিত হৈছে, কিন্তু এই ব্যাঘাত উন্নয়নৰ বাবে। আজি ভাৰতৰ যুৱ প্ৰজন্মই সমস্যাৰাজি সমাধানৰ বাবে উদ্ভাৱন কৰিছে আৰু একত্ৰিত হৈছে। বন্ধুসকল, আজিৰ যুৱক-যুৱতীসকলৰ এক "কৰিব পৰা" মনোভাৱ আছে যি প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ভাৰতীয় যুৱ প্ৰজন্মৰ শক্তিৰ বাবেই আজি ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত ভাৰতে বিশ্বখনত ইমান শিখৰত উপনীত হৈছে। আজি ভাৰতৰ যুৱ প্ৰজন্মই বৈশ্বিক সমৃদ্ধিৰ সংহিতা লিখি আছে। ভাৰতীয় যুৱকসকল হৈছে সমগ্ৰ বিশ্বখনৰ ইউনিকৰ্ণ বাতাবৰণটোত গণনা কৰিবলগীয়া এক শক্তি। ভাৰতত আজি ৫০ হাজাৰৰোধিক ষ্টাৰ্ট-আপৰ এটি শক্তিশালী বাতাবৰণ আছে। ইয়াৰ ভিতৰত, ক’ৰোনাৰ প্ৰত্যাহ্বানৰ মাজত যোৱা ৬-৭ মাহত ১০ হাজাৰৰো অধিক ষ্টাৰ্ট-আপ গঠন কৰা হৈছে। এয়াই হৈছে ভাৰতীয় যুৱসকলৰ শক্তি, যাৰ আধাৰত আমাৰ দেশে ষ্টাৰ্ট-আপৰ সোণালী যুগত প্ৰৱেশ কৰিছে।

বন্ধুসকল,

নৱ্য ভাৰতৰ মন্ত্ৰ হৈছে- 'প্ৰতিযোগিতা আৰু জয়'। অৰ্থাৎ, অংশগ্ৰহণ কৰক আৰু জয়ী হওঁক। জড়িত হওঁক আৰু যুদ্ধত জয় লাভ কৰক। প্ৰথমবাৰৰ বাবে ভাৰতে পেৰাঅলিম্পিকত ইমান বৃহৎ সংখ্যক পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰিছে। আমি অলিম্পিকতো ভাল প্ৰদৰ্শন কৰিছিলো, কিয়নো আমাৰ যুৱ প্ৰজন্মৰ মাজত বিজয়ৰ বাবে দৃঢ় বিশ্বাস জাগ্ৰত হৈছিল। আমাৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ সফলতাত যুৱসকলৰ ভূমিকা সম্পূৰ্ণ সুকীয়া পৰ্য্যায়ত দেখা গৈছে। আমি দেখিছো কেনেকৈ ১৫ আৰু ১৮ বছৰ বয়সৰ মাজৰ যুৱক-যুৱতীসকলে ক্ৰমবৰ্ধমানভাৱে নিজকে টিকাকৰণ কৰাই আছে। ইমান কম সময়ৰ ভিতৰত, ২ কোটিৰোধিক কিশোৰ-কিশোৰীৰ টিকাকৰণ সম্পন্ন হৈছে। মই আজিৰ কিশোৰ-কিশোৰীসকলৰ কৰ্তব্যনিষ্ঠা দেখা মাত্ৰেকে দেশখনৰ উজ্জ্বল ভৱিষ্যতত মোৰ দৃঢ় বিশ্বাস আৰু অধিক শক্তিশালী হয়। এয়া হৈছে আমাৰ ১৫ আৰু ১৮ বছৰ বয়সৰ মাজৰ কিশোৰ-কিশোৰীসকলৰ দায়িত্ববোধ; আৰু ইয়াক সমগ্ৰ ক’ৰোনা কালটোতে ভাৰতৰ যুৱ প্ৰজন্মৰ মাজত দেখা যায়।

বন্ধুসকল,

চৰকাৰখনে যুৱসকলৰ এই শক্তিৰ বাবে, তেওঁলোকে প্ৰয়োজনীয় স্থান আৰু চৰকাৰখনৰপৰা ন্যূনতম হস্তক্ষেপ লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰখনে তেওঁলোকৰ দক্ষতাৰাজি বৃদ্ধিৰ অৰ্থে তেওঁলোকক সঠিক পৰিবেশ আৰু সঠিক সমল প্ৰদান কৰিবলৈ চেষ্টা কৰি আছে। ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়াসমূহ সৰল কৰা আৰু এইসমূহক হাজাৰ-হাজাৰ অনুপালনৰ বোজাৰপৰা মুক্তকৰণে এই অনুভূতিক শক্তিশালী কৰে। যুৱসকলে মুদ্ৰা, ষ্টাৰ্ট আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়াৰ দৰে অভিযানসমূহৰপৰা যথেষ্ট সহায় লাভ কৰিছে। স্কিল ইণ্ডিয়া, অটল ইন’ভেশ্যন মিছন আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি হৈছে যুৱসকলৰ সম্ভাৱনা বৃদ্ধিৰ বাবে আন কেতবোৰ প্ৰচেষ্টা।

বন্ধুসকল,

আমি জানো যে পুত্ৰ আৰু কন্যা সমান। এই মানসিকতাৰে, চৰকাৰখনে জীয়ৰীসকলৰ কল্যাণৰ বাবে ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কন্যাসকলেও তেওঁলোকৰ কেৰিয়াৰ গঢ়িবলৈ পৰ্য্যাপ্ত সময় পোৱাটো নিশ্চিতকৰণৰ অৰ্থে এয়া এটি অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ।

বন্ধুসকল,

'আজাদী কা অমৃত কাল'ৰ এই সময়ছোৱাত, আমাৰ ৰাষ্ট্ৰীয় সংকল্পসমূহৰ সফলতা আজি আমাৰ কাৰ্য্যকলাপৰদ্বাৰা নিৰ্ণয় কৰা হ'ব। এই কাৰ্য্যবোৰ প্ৰতিটো স্তৰতে, প্ৰতিটো খণ্ডৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। আমি ভকেল ফৰ লোকেলক প্ৰোৎসাহনৰ বাবে এটা অভিযানৰ কাম কৰিব পাৰোনে? বজাৰ কৰোতে, আপোনাৰ পচন্দে ভাৰতীয় শ্ৰম আৰু ভাৰতৰ মাটিৰ সুগন্ধি নিৰ্গত কৰাৰ কথাটো নাপাহৰিব। সদায়েই একে স্কেলত বস্তুবোৰ ওজন কৰি আপোনাৰ ক্ৰয়ৰ পচন্দ কৰিবলৈ চেষ্টা কৰক। চাওঁক, ই মোৰ দেশৰ শ্ৰমিকৰ ঘামৰ গোন্ধ উলিয়াইছে নেকি; ই সেই দেশৰ মাটিৰ সুগন্ধি উলিয়াইছে নে যাক শ্ৰী অৰবিন্দ আৰু স্বামী বিবেকানন্দৰ দৰে মহান ব্যক্তিত্বই 'মাতৃ' বুলি গণ্য কৰে। আমাৰ বহুতো সমস্যাৰ সমাধান হৈছে আত্ম-নিৰ্ভৰশীলতা, আমাৰ দেশত প্ৰস্তুত পণ্য ক্ৰয় কৰা- ভকেল ফৰ লোকেল। ইয়াৰপৰা নিয়োগৰ সৃষ্টি হ'বলৈয়ো আগবাঢ়িছে। অৰ্থনীতিও দ্ৰুত গতিত বৃদ্ধি হ'বলৈ গৈ আছে। ইয়াৰ ফলস্বৰূপে, দেশখনৰ আটাইতকৈ দৰিদ্ৰ লোকসকলেও তেওঁলোকৰ ন্যায্য সন্মান লাভ কৰিব। সেয়েহে, আমাৰ দেশৰ যুৱপ্ৰজন্মই তেওঁলোকৰ জীৱনৰ মন্ত্ৰ হিচাপে 'ভকেল ফৰ লোকেল' ক গ্ৰহণ কৰা উচিত। গতিকে আপুনি কল্পনা কৰিব পাৰে স্বাধীনতাৰ ১০০ বছৰ কিমান মহান, ঐশ্বৰিক হ'ব! ই দক্ষতা আৰু সামৰ্থ্যৰে পৰিপূৰ্ণ হ'ব। সংকল্পৰাজিৰ সফলতাৰ মুহূৰ্ত থাকিব।

বন্ধুসকল,

মই সদায়েই এটা বিষয় সম্পৰ্কে প্ৰতিবাৰেই কওঁ। মই ইয়াক আকৌ এবাৰ স্পৰ্শ কৰিব বিচাৰো। মই ইয়াক আপোনাসৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ কাৰণ আপোনাসৱে এই ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰিছে আৰু সেয়া হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা ও অনাময়। পৰিষ্কাৰ-পৰিচ্ছন্নতাক জীৱনশৈলীৰ অংশ কৰি তোলাত আপোনাসৱৰ দৰে সকলো যুৱক-যুৱতীৰ অৱদান অতিশয় গুৰুত্বপূৰ্ণ। স্বাধীনতা সংগ্ৰামখনত আমাৰ এনে বহু যোদ্ধা আছিল, যাৰ অৱদানে তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি পোৱা নাছিল। তেওঁলোকে ত্যাগ কৰিছিল, কঠোৰ তপস্যা কৰিছিল, কিন্তু তথাপিও তেওঁলোকৰ স্বীকৃতি লাভ কৰা নাছিল। আমাৰ যুৱক-যুৱতীসকলে এনে ব্যক্তিসকলৰ বিষয়ে যিমানেই লিখিব, যিমানেই তেওঁলোকে গৱেষণা কৰিব আৰু ইতিহাসৰ সেই পৃষ্ঠাসমূহৰপৰা এনে লোকসকলক বিচাৰি উলিয়াব, দেশখনৰ আগন্তুক প্ৰজন্মসমূহত সজাগতা সিমানেই ভাল হ'ব। আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অধিক শক্তিশালী, অধিক ক্ষমতাশালী আৰু অধিক অনুপ্ৰেৰণাদায়ক হ'ব।

বন্ধুসকল,

পুডুচেৰী হৈছে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ এক সুন্দৰ উদাহৰণ। ভিন্ন অঞ্চলৰপৰা অহা বিভিন্ন ধাৰাই এই ঠাইখনক এক সমন্বিত পৰিচয় প্ৰদান কৰিছে। ইয়াত অনুষ্ঠিত হ'বলগীয়া আলোচনাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনাক অধিক শক্তিশালী কৰিব। আপোনাসৱৰ আলোচনা আৰু আপুনি শিকা নতুন কথাবোৰৰপৰা উদ্ভৱ হোৱা কেতবোৰ নতুন অনুমান, অনাগত বছৰসমূহৰ বাবে ৰাষ্ট্ৰখনৰ সেৱাৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিব। ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু ই আমাৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণৰ পথ প্ৰশস্ত কৰিব।

বন্ধুসকল,

এয়া উৎসৱৰো বতৰ। ভাৰতৰ প্ৰতিটো কোণত অগণন উৎসৱ উদযাপন কৰা হৈ আছে। মকৰ সংক্ৰান্তি, লহৰী, পংগাল, উত্তৰায়ণ আৰু বিহু ভিন্ন ৰাজ্যত উদযাপন কৰা হৈছে। আপোনালোক আটাইকে আগতীয়াকৈ উৎসৱসমূহৰ শুভেচ্ছা জনাইছো। আমি ক’ৰোনাৰ কাৰণে সম্পূৰ্ণ সাৱধানতা আৰু সতৰ্কতাৰে উৎসৱ উদযাপন কৰিব লাগিব। সুখী হৈ থাকক, সুস্থ হৈ থাকক। আন্তৰিক অভিনন্দন! ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Safe, Inclusive AI For All': PM Modi Says India Helping Shape 'Force For Good' Conversation

Media Coverage

'Safe, Inclusive AI For All': PM Modi Says India Helping Shape 'Force For Good' Conversation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister's meeting with the Prime Minister of Bhutan
February 18, 2026

Prime Minister met with Prime Minister of Bhutan His Excellency Tshering Tobgay who is visiting India to attend the India-AI Impact Summit 2026.

During the meeting, both leaders reviewed the progress in diverse areas of cooperation building on the outcomes of the highly successful visit of Prime Minister Modi to Bhutan in November 2025. Prime Minister Tobgay thanked Prime Minister Modi for India’s support to Bhutan’s 13th Five Year Plan as well as the Gelephu Mindfulness City Project. The Prime Ministers reaffirmed their commitment to advance cooperation in priority areas of energy, connectivity and development partnership.

In keeping with the high emphasis placed on harnessing new technologies for growth and prosperity by both India and Bhutan, the Prime Ministers agreed to strengthen cooperation in AI and digital technology space through mutual sharing of experience and expertise as well as joint development of AI solutions.

India and Bhutan enjoy unique ties of friendship and cooperation, based on trust, goodwill and understanding. The visit of Prime Minister of Bhutan is in keeping with the tradition of regular high-level exchanges between India and Bhutan..

In separate posts on X, Shri Modi wrote:

"The meeting with PM Tshering Tobgay was outstanding. We discussed how we can harness the power of AI for global good and in harmony with principles of sustainability.

Our enduring India-Bhutan friendship, rooted in mutual trust, goodwill and close ties between our two peoples, continues to guide our partnership into new and transformative domains.

@tsheringtobgay"

"བློན་ཆེན་ཚེ་རིང་སྟོབས་རྒྱས་དང་གཅིག་ཁར་ཕྱད་མི་འདི་ མཆོག་ཏུ་གྱུར་པ་ཅིག་ཨིན་མས། ང་བཅས་ཀྱིས་ ཡུན་བརྟན་གཞི་རྩ་དང་གཅིག་ཁར་ ཞི་བདེ་དང་ལྡནམ་སྦེ་ རྒྱལ་སྤྱིའི་ཁེ་ཕན་གྱི་དོན་ལུ་ བཅོས་རིག་གི་ནུས་པ་འདི་ ག་དེ་སྦེ་ལག་ལེན་འཐབ་ནི་ཨིན་ན་ གྲོས་བསྡུར་འབད་ཡི།

རྒྱ་གར་དང་འབྲུག་གི་བར་ན་ མཐུན་ལམ་ཡུན་བརྟན་སྦེ་གནས་མི་དང་ ཕན་ཚུན་གྱི་བློ་གཏད་དང་ མཐུན་ལམ་ལེགས་ཤོམ་ དེ་ལས་ མི་སེར་གཉིས་ཀྱི་བར་ན་ མཐུན་ལམ་དམ་ཟབ་སྦེ་ཡོད་མི་གིས་ ང་བཅས་རའི་མཉམ་འབྲེལ་འདི་ གནས་སྟངས་གསརཔ་ཅིག་ལུ་འགྱུར་ཚུགས་པའི་ལམ་སྟོན་འབད་དེ་ར་ཡོད།

@tsheringtobgay"