"নেতাজীয়ে ভাৰতৰ স্বাধীনতাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা উত্তৰ-পূৰ্বাঞ্চল এখনি নৱ্য ভাৰতৰ সপোন পৰিপূৰণৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"
"আমি উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাৰাজি বাস্তৱায়িত কৰিবলৈ কাম কৰি আছো"
"আজি দেশখনৰ যুৱপ্ৰজন্মই মণিপুৰৰ খেলুৱৈসকলৰপৰা অনুপ্ৰেৰণা লভিছে"
"এখনি ‘অৱৰোধ ৰাজ্য'ৰপৰা মণিপুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰোৎসাহিত কৰা এখন ৰাজ্য হৈ পৰিছে"
"আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব লাগিব। কেৱল দ্বৈত ইঞ্জিনযুক্ত চৰকাৰেহে এই কাম কৰিব পাৰে"

কাৰ্যক্ৰমত উপস্থিত থকা মণিপুৰৰ ৰাজ্যপাল লা গণেশন জী, মুখ্যমন্ত্ৰী শ্ৰী এন বিৰেণ সিং জী, উপ মুখ্যমন্ত্ৰী ওৱাই জয়কুমাৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী ভূপেন্দ্ৰ যাদৱ জী, ৰাজকুমাৰ ৰঞ্জন সিং জী, মণিপুৰ চৰকাৰৰ মন্ত্ৰী বিশ্বজিত্ সিং জী, লোছী দিখো জী, লেত্পাও হাঅকীপ জী, এবাংগবাও ন্যুমাই জী, এছ ৰাজেন সিং জী, বুংগজাগিন ৱাল্তে জী, সত্যব্ৰত্ সিং জী, ও লুখোই সিং জী, সংসদত মোৰ সহযোগীসকল, বিধায়কসকল, অন্য জনপ্ৰতিনিধিসকল, আৰু মণিপুৰৰ মোৰ প্ৰিয় ভাই-ভনীসকল! খুৰুমজৰী!

মই মণিপুৰৰ মহান ভূমিখণ্ডক, ইয়াৰ ৰাইজক, আৰু ইয়াৰ গৌৰৱশালী সংস্কৃতিক শিৰ নত কৰি প্ৰণাম জনাইছো। বছৰৰ আৰম্ভণিতে মণিপুৰলৈ আহি, আপোনালোকৰ সৈতে মিলিত হৈ, আপোনালোকৰ পৰা ইমানকৈ আদৰ পাই, আশীৰ্বাদ লাভ কৰিছো, জীৱনত ইয়াতকৈ আৰু ডাঙৰ আনন্দ কি হ’ব পাৰে বাৰু? আজি মই যেতিয়া বিমানবন্দৰত অৱতৰণ কৰিছিলোহি, তাৰ পৰা এইখিনি পৰ্যন্ত প্ৰায় ৬-১০ কিলোমিটাৰৰ এইছোৱা পথত সম্পূৰ্ণ ৰূপেই মণিপুৰৰ ৰাইজে উত্সাহৰে পৰিপূৰ্ণ কৰি তুলিলে, ৰঙৰে ৰঙাই তুলিললে, একপ্ৰাকাৰে মানৱ-শংখল, ৮-১০কিলোমিটাৰৰ মানৱ-শৃংখল, এয়া চৰকাৰ, এয়া আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদক মই কেতিয়াও পাহৰিব নোৱাৰিম। আপোনালোক আটাইকে মই ২০২২ চনৰ বাবে বহুত বহুত শুভকামনা জনাইছো।

বন্ধুসকল,

আজিৰ পৰা কেইটামান দিনৰ পিচত অৰ্থাত্ ২১ জানুৱাৰীত মণিপুৰে ৰাজ্য হিচাপে পৰিচিতি লাভ কৰাৰ ৫০টা বছৰ পূৰ্ণ হ’ব। দেশে এই সময়ত স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। এইটো সময় স্বত্ঃস্ফূৰ্ত ভাবেই বহুত ডাঙৰ প্ৰেৰণাদায়ক সময়। মণিপুৰ তেনে এখন ৰাজ্য য’ত ৰাজা ভাগ্য চন্দ্ৰ আৰু খেতিন্থাং সিথলোৰ দৰে বীৰে জন্মগ্ৰহণ কৰিছিল। দেশৰ ৰাইজৰ মাজত স্বাধীনতাৰ যি বিশ্বাস, ইয়াত মোইৰাং-ৰ ভূমিয়ে সৃষ্টি কৰিছিল, সেয়াও দৰাচলতেই এক নিদৰ্শন। য’ত নেতাজী সুভাষ চন্দ্ৰৰ সেনাই প্ৰথমবাৰ ধ্বজা উত্তোলন কৰিছিল, যি উত্তৰ-পূৰ্বাঞ্চলক নেতীজীয়ে ‘ভাৰতৰ স্বন্ত্ৰতাৰ প্ৰৱেশ দ্বাৰ’ বুলি অভিহিত কৰিছিল, সেই মণিপুৰে আজি ‘নতুন ভাৰতৰ সপোন সাকাৰ কৰাৰ প্ৰৱেশ দ্বাৰ’ হিচাপে চিহ্নিত হ’বলৈ আগবাঢ়িছে।

মই আগতেও কৈছো যে দেশৰ পূব অংশটো, উত্তৰ-পূৰ্বাঞ্চল, ভাৰতৰ বিকাশৰ মুখ্য স্ৰোত হৈ উঠিব। আজি আমি দেখিছো কেনেকৈ মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ ভৱিষ্যতক ৰঙৰে ৰঙাই তুলিছে।

বন্ধুসকল,

আজি ইয়াত একেলগে ইমানবোৰ পৰিযোজনাৰ শিলান্যাস আৰু উদ্বোধন কৰা হ’ল। বিকাশৰ এয়া এটা এটা মণি, যাৰ মালাই মণিপুৰৰ ৰাইজৰ জীৱন সহজ কৰি তুলিব, সনা লাইবাক মণিপুৰৰ সমৃদ্ধি আৰু বৃদ্ধি কৰিব। ইম্ফলৰ ‘ইণ্টিগ্ৰেটেড কমাণ্ড’ আৰু ‘কণ্ট্ৰোল চেণ্টাৰ’ৰ পৰা চহৰখনৰ সুৰক্ষাও বাঢ়িব আৰু সুবিধাসমূহো বিস্তাৰিত হ’ব। বৰাক নদীৰ দলঙৰ জৰিয়তে মণিপুৰৰ জীৱনৰেখাক এক নতুন ‘অল ৱে’ডাৰ কানেক্টিভিটী’ উপলব্ধ হৈছে। ‘থৌবাল বহুমুখী প্ৰকল্প’’ৰ লগতে টামেংলাংত ‘পানী যোগান আঁচনি’-ৰ দ্বাৰাও এই দুৰ্গম জিলাখনৰ সকলো লোকৰ বাবে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

মনত পেলাওকচোন, কেইটামান বছৰৰ আগলৈকে মণিপুৰত নলৰে পানীৰ যোগানৰ সুবিধা কিমান কম আছিল। কেৱল ৬% লোকৰ ঘৰলৈহে পাইপৰে পানী গৈছিল। কিন্তু আজি ‘জল জীৱন মিছন’-ক মণিপুৰৰ প্ৰতিগৰাকী ব্যক্তিৰ কাষলৈ লৈ যোৱাৰ বাবে বীৰেন সিং জীৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰি দিছে। আজি মণিপুৰৰ ৬০% ঘৰলৈ পাইপৰে পানীৰ যোগান সম্ভৱ কৰা হৈছে। অনতি বিলম্বে মণিপুৰে ১০০% ‘ছেশ্যুৰেশ্যন’-ৰ সৈতে ‘হৰ ঘৰ জল’-ৰ লক্ষ্য সম্ভৱ কৰিব পাৰিব। এয়াই ‘ডাবল ইঞ্জিন’ চৰকাৰৰ লাভ, ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ শক্তি।

বন্ধুসকল,

আজি যিসমূহ যোজনাৰ শিলান্যাস কিম্বা উদ্বোধন কৰা হৈছে, তাৰ সৈতে মই আজি মণিপুৰৰ ৰাইজক পুনৰবাৰ ধন্যবাদো জনাম। আপোনালোকে মণিপুৰত এনে এক সুস্থিৰ চৰকাৰ গঠন কৰি দিলে যি সম্পূৰ্ণ সংখ্যা গৰিস্থতাৰে, সম্পূৰ্ণ বল-শক্তিৰে চলি আছে। এয়া কেনেকৈ সম্ভৱ হ’ল- এয়া আপোনালোকৰ এটি ভোটৰে সম্ভৱ হৈছে। আপোনালোকৰ এটি ভোটৰ শক্তিয়ে, মণিপুৰত সেই কাম কৰি দেখুৱালে; যাৰ কল্পনা আগতে কৰিবও পৰা নাছিল। এয়া আপোনালোকৰ এটা ভোটৰেইহে শক্তি, যাৰ সুবাদত মণিপুৰৰ ৬লাখ খেতিয়কে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’-ৰ মাধ্যমৰে বহু শ কোটি টকা লাভ কৰিব পাৰিলে। আৰু মই অলপ আগতে এনে বহু কেইগৰাকী হিতাধিকাৰীৰে কথা পতাৰ সুযোগ পাইছিলো, তেওঁলোকৰ আত্মবিশ্বাস, তেওঁলোকৰ উত্সাহ সঁচাকৈয়ে চাবলগীয়া আছিল। এই সকলোবোৰ আপোনালোকৰ মাত্ৰ এটা ভোটৰ শক্তিৰেই সম্ভৱ হৈছে, যাৰ সুবাদত মণিপুৰৰ ৬লাখ পৰিয়ালে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’-ৰ, ‘বিনামূলীয়া ৰেচন’ৰ সুবিধা লাভ কৰিব পাৰিছে। ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধাৰত প্ৰায় ৮০ হাজাৰ ঘৰলৈ অনুমোদন জনোৱা, এয়াও আপোনালোকৰ এটা ভোটৰ শক্তিৰে মহত্ব। ইয়াৰ ৪ লাখ ২৫ হাজাৰৰো অধিক লোকে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ আধাৰত হাস্পটালত বিনামূলীয়া চিকিত্সা লাভ কৰা, আপোনালোকৰ এটা ভোটৰ সুবাদতে সম্ভৱ হৈছে। আপোনালোকৰ এটা ভোটে ডেৰ লাখ পৰিয়ালক বিনামূলীয়াকৈ গেছৰ সংযোগ দিয়ালে, আপোনালোকৰ এটা ভোটে ১ লাখ ৩০ হাজাৰ ঘৰক বিনামূলীয়া বিজুলীৰ সংযোগ দিয়ালে।

আপোনালোকৰ এটা ভোটে ‘স্বচ্ছ ভাৰত অভিযান’ৰ আধাৰত ৩০ হাজাৰৰো অধিক ঘৰত শৌচালয় নিৰ্মাণ কৰি দিয়ালে। এয়া আপোনালোকৰ এটা ভোটৰেই শক্তি যে ক’ৰোনাৰে মোকাবিলা কৰাৰ বাবে ইয়াত ৩০ লাখতকৈয়ো অধিক পালি প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ সক্ষম হ’ল। আজি মণিপুৰৰ প্ৰতিখন জিলাত ‘অক্সিজেন প্ৰকল্প’ও নিৰ্মাণ কৰা হৈছে। এই সকলোবোৰ আপোনালোকৰ এটা ভোটেই সম্ভৱ কৰিছে।

মই আপোনালোক সকলো মণিপুৰবাসীকে এনে বহু সাফল্য অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছো। মই মুখ্যমন্ত্ৰী বীৰেন সিং জী আৰু তেওঁৰ চৰকাৰখনকো বহুত বহুত অভিনন্দন জনাইছো, তেওঁলোকে মণিপুৰৰ বিকাশৰ বাবে ইমানকৈ পৰিশ্ৰম কৰি আছে।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া মণিপুৰক আগৰ চৰকাৰসমূহে পৰিস্থিতিৰ ভৰসাত চলিবলৈ এৰি দিছিল। যি চৰকাৰ দিল্লীত আছিল, তেওঁলোকে ভাবিছিল যে কোনে ইমান সমস্যা মূৰ পাতি ল’ব, কোন ইমান দূৰ আহিব। যেতিয়া নিজৰ মানুহৰ প্ৰতিয়েই এনে দৃষ্টিভংগী গ্ৰহণ কৰিব, তেতিয়াতো দূৰত্ব বাঢ়িবই। মই যেতিয়া প্ৰধানমন্ত্ৰী হোৱাই নাছিলো, তাৰ আগতেও অনেক বাৰ মণিপুৰলৈ আহিছিলো। মই জানিছিলো আপোনালোকৰ হৃদয়ত কি কথাই বেদনা দি আহিছে। আৰু সেয়ে ২০১৪ৰ পিচত মই দিল্লীখনকে, সম্পূৰ্ণ দিল্লীখনকে, ভাৰত চৰকাৰখনকে আপোনালোকৰ দুৱাৰমুখলৈ লৈ আহিলো। নেতাই হওক, মন্ত্ৰীয়েই হওক, বিষয়াই হওক, মই সকলোকে কৈছিলো যে এইটো অঞ্চললৈ আহক, দীঘলীয়াকৈ সময় অতিবাহিত কৰক আৰু ইয়াৰ প্ৰয়োজনীয়তাসমূহ হৃদয়ংগম কৰি পৰিকল্পনা যুগুতোৱাৰ ব্যৱস্থা কৰক। আৰু ভাবটো এয়া নাছিল যে আপোনালোকক কিবা দিব লাগে। ভাবটো এয়া আছিল যে আপোনালোকৰ সেৱক হৈ যিমান পাৰি আপোনালোকৰ বাবে, মণিপুৰৰ বাবে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণ সমৰ্পণৰে, সম্পূৰ্ণ সেৱাৰ মনোভৱৰে কাম কৰাৰহে। আৰু আপোনালোকে নিশ্চয় দেখিছেই, আজি কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচগৰাকী অগ্ৰণী ব্যক্তিয়ে দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব চম্ভালি আছে।

বন্ধুসকল,

আজি আমাৰ চৰকাৰৰ সাত বছৰৰ পৰিশ্ৰমৰ ফল উত্তৰ-পূৰ্বাঞ্চলত দেখিবলৈ পোৱা গৈছে, মণিপুৰত দেখিবলৈ পোৱা গৈছে। আজি মণিপুৰ পৰিৱৰ্তনৰ, এক নতুন কৰ্ম-সংস্কৃতিৰ প্ৰতীক হৈ উঠিছে। এই পৰিৱৰ্তন মণিপুৰৰ সংস্কৃতিৰ বাবে, সুৰক্ষাৰ বাবে, ইয়াত যোগাযোগকো প্ৰাথমিকতা দিয়া হৈছে, আৰু সৃষ্টিশীলতাৰো সিমানেই গুৰুত্ব আছে। পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰে জড়িত প্ৰকল্প, উন্নত ‘মোবাইল নেটৱৰ্ক’-য়ে মণিপুৰৰ ‘কানেক্টিভিটী’ক উন্নত কৰি তুলিব। ‘ছী-ত্ৰিপল আইটি’-য়ে ইয়াৰ যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনশীলতাৰ ‘স্পিৰিট’-ক আৰু শক্তিশালী কৰি তুলিব। আধুনিক ‘কেন্সাৰ হাস্পটাল’, গুৰুতৰ অসুখ-বিসুখৰ পৰা সুৰক্ষা আৰু চিকিত্সাৰ বাবে মণিপুৰৰ ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব। ‘মণিপুৰ পৰিৱেশ্য কলা প্ৰতিষ্ঠান’-ৰ স্থাপন আৰু গোবিন্দজী মন্দিৰৰ জীৰ্ণোদ্ধাৰে মণিপুৰী সংস্কৃতিক সংৰক্ষৰণ প্ৰদান কৰিব।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ এইছোৱা ভূমিত ৰাণী গাইডালুয়ে বিদেশীক ভাৰতীয় নাৰীৰ শক্তি দৰ্শন কৰাইছিল, ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ‘ৰাণী গাইডালু যাদুঘৰ’য়ে আমাৰ যুৱ-প্ৰজন্মক অতীতৰে সংযোজিত কৰিব আৰু তেওঁলোকক প্ৰেৰণা দিব। কিছু দিনৰ আগতে আমাৰ চৰকাৰে আন্দামান নিকোবৰৰ ‘মাউণ্ট হেৰিয়ট’ -আন্দামান নিকোবৰৰ এটি দ্বীপ যাক ‘মাউণ্ট হেৰিয়ট’ নামৰে অভিহিত কৰা হৈছিল। স্বাধীনতাৰ ৭৫সংখ্যক বছৰৰ পিচতো মানুহে ইয়াক ‘মাউণ্ট হেৰিয়ট’য়ে বুলি কৈ আহিছিল, কিন্তু আমি সেই ‘মাউণ্ট হেৰিয়ট’ৰ নাম সলনি কৰি ‘মাউণ্ট মণিপুৰ’ বুলি নতুনকৈ নামাংকিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া পৃথিৱীৰ যিকোনো পৰ্যটকেই আন্দামান নিকোবৰলৈ গ’লে ‘মাউণ্ট মণিপুৰ’নো কি হয়, তাৰ ইতিহাসনো কি আছিল, সেইবোৰ কথা জনাৰ প্ৰয়াস কৰিব।

উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত আগৰ চৰকাৰসমূহৰ নিৰ্দ্ধাৰিত নীতি আছিল, আৰু সেই নীতি কি আছিল, সেই নীতি আছিল- ‘ডুণ্ট লুক ইষ্ট’। পূৰ্বোত্তৰৰ ফালে দিল্লীয়ে তেতিয়াহে চাবলৈ লৈছিল যেতিয়া ইয়াত নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু আমি পূৰ্বোত্তৰৰ বাবে ‘এক্ট ইষ্ট’-ৰ নীতি গ্ৰহণ কৰিছিলো। ঈশ্বৰে এইডোখৰ ক্ষেত্ৰক ইমানবোৰ প্ৰাকৃতিক সংসাধনৰে সমৃদ্ধ কৰিছে, ইমানবোৰ সামৰ্থ্য প্ৰদান কৰিছে। ইয়াত বিকাশৰ, পৰ্যটনৰ ইমানযে সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ এই সম্ভাৱনাক লৈ এতিয়া কাম কৰি থকা হৈছে। পূৰ্বোত্তৰ এতিয়া ‘ভাৰতৰ বিকাশৰ প্ৰৱেশদ্বাৰ’ হৈ উঠিছে।

এতিয়া পূৰ্বোত্তৰত বিমানবন্দৰসমূহ নিৰ্মাণ কৰা হৈছে, আৰু ৰে’লৰ সংযোগো স্থাপিত হৈছে। ‘জিৰিবাম-তুপুল-ইম্ফল’ ৰে’লপথৰ জৰিয়তে মণিপুৰো এতিয়া দেশৰ ‘ৰে’ল নেটৱৰ্ক’ৰে সংযোজিত হ’বলৈ ওলাইছে। ‘ইম্ফল-মোৰে ঘাইপথ’ অৰ্থাত্, ‘এছীয়ান হাইৱে-১’-ৰ কামো দ্ৰুত গতিৰে আগবাঢ়ি আছে। এই ঘাইপথে দক্ষিণ-পূব এছীয় দেশসমূহৰে ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ শক্তি বৰ্দ্ধন কৰিব। আগতে যেতিয়া ৰপ্টানীৰ কথা পতা হৈছিল, তেতিয়া দেশৰ কেইখনমান আঙুলি মূৰত গণিব পৰা চহৰ নামহে চকুৰ সন্মুখলৈ আহিছিল। কিন্তু এতিয়া, ‘ইণ্টিগ্ৰেটেড কাৰ্গো টাৰ্মিনেল’-ৰ জৰিয়তে মণিপুৰো বেহা-বেপাৰ আৰু ৰপ্টানীৰ এক বৃহত্ কেন্দ্ৰ হৈ উঠিব, ‘আত্মনিৰ্ভৰ ভাৰত’ক গতি প্ৰদান কৰিব। আৰু কালি দেশবাসীয়ে খবৰ শুনিবলৈ পাইছে, স্বাধীনতাৰ পিচত প্ৰথম বাৰ কালি দেশে ৩০০ বিলিয়ন ডলাৰৰ ৰপ্টানী কৰি এক নতুন অভিলেখ ৰচনা কৰিলে। সৰু-সৰু ৰাজ্যও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে।

বন্ধুসকল,

আগতে মানুহে পূৰ্বোত্তৰলৈ আহিব বিচাৰিছিল, পিচে ইয়ালৈ আহিব কেনেকৈ, এই কথা ভাবিয়েই থমকি ৰৈ যাবলগীয়া হৈছিল। ইয়াৰ ফলত ইয়াৰ পৰ্যটন, ‘টুৰিজম খণ্ড’ৰ বহুত লোকচান হ’বলগীয়া হৈছিল। কিন্তু এতিয়া পূৰ্বোত্তৰৰ চহৰাঞ্চলেই নহয়, বৰঞ্চ, গাঁও পৰ্যন্ত যোৱাটো সহজ হৈ উঠিছে। আজি ইয়াত বিশাল সংখ্যাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কামো আগবাঢ়িলৈ ধৰিছে, আৰু গাঁৱতো ‘প্ৰধামন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ আধাৰত শ শ কিলোমিটাৰ নতুন পথৰ নিৰ্মাণ হৈ আছে। প্ৰাকৃতিক গেছৰ পাইপলাইন-ৰ দৰে যিবোৰ সা-সুবিধা কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰৰহে বিশেষাধিকাৰ বুলি গণ্য কৰি অহা হৈছিল, সেয়াই এতিয়া পূৰ্বোত্তৰ পৰ্যন্ত উপস্থিত হৈছেহি। বৰ্দ্ধিত এইবোৰ সা-সুবিধা, বৰ্দ্ধিত এইবোৰ ‘কানেক্টিভিটী’য়ে ইয়াত পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰিব, এই অঞ্চলৰ নজোৱানসকলৰ বাবে জীৱিকাৰ নতুন নতুন সুযোগ উলিয়াব।

বন্ধুসকল,

মণিপুৰ দেশৰ বাবে এটাৰ পিচত এটা ৰত্ন আগবঢ়োৱা ৰাজ্য হিচাপে পৰিগণিত হৈ আহিছে। ইয়াৰ যুৱক-যুৱতীসকলে, আৰু বিশেষকৈ মণিপুৰৰ জীয়ৰীসকলে সমগ্ৰ পৃথিৱীতে ভাৰতৰ পতাকা উত্তোলিত কৰি আহিছে, গৰ্বৰে দেশৰ শিৰ উন্নত কৰি আহিছে। বিশেষ কৰি আজি দেশৰ নজোৱাসকলে মণিপুৰৰ খেলুৱৈসকলৰ পৰা প্ৰেৰণা গ্ৰহণ কৰি আহিছে। কমনৱে’ল্থ খেলৰ পৰা আৰম্ভ কৰি অলিম্পিক পৰ্যন্ত, ‘ৰেস্লিং’, ‘আৰ্ছাৰী’, ‘বক্সিং’, আৰু ‘ৱেইটলিফ্টিং’-লৈকে মণিপুৰে এছ চি মেৰীকম, মীৰাবাঈ চাণু,, বোম্বেলা দেৱী, লায়শ্ৰম সৰিতা দেৱীৰ দৰে কিমানবোৰ যে ডাঙৰ ডাঙৰ নাম, এই সকল ডাঙৰ ডাঙৰ চেম্পিয়ণক আগবঢ়াই দিছে। আপোনালোকৰ হাতত এনে কিমান যে প্ৰতিভাধৰ আছে, যিসকলে, যদি ভাল প্ৰতিপালন আৰু সংসাধন লাভ কৰে তেন্তে, তেওঁলোকে নিতান্তই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰিব। ইয়াত আমাৰ যুৱক-যুৱতীসকলৰ, আমাৰ জীয়ৰীসকলৰ মাজত এনে প্ৰতিভাধৰ ভৰি আছে। সেয়ে আমি মণিপুৰত আধুনিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছো। এই বিশ্ববিদ্যালয়ে যুৱ-প্ৰজন্মক কেৱল তেওঁলোকৰ সপোনকে পূৰণ কৰাত সহায় নকৰে, বৰঞ্চ খেলৰ পৃথিৱীখনত ভাৰতকো এক নতুন পৰিচিতি প্ৰদান কৰিব। এয়া দেশৰ নতুন ‘স্পিৰিট’, নতুন উদ্যম, যাৰ নেতৃত্ব এতিয়া আমাৰ যুৱক, আমাৰ জীয়ৰীহঁতে কৰিব।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে ‘পাম অয়ল’ সম্পৰ্কত আৰম্ভ কৰা ‘ৰাষ্ট্ৰীয় মিছন’-ৰ জৰিয়তেও উত্তৰ-পূৰ্বাঞ্চল বাৰুকৈয়ে লাভান্বিত হ’ব। আজিৰ তাৰিখত ভাৰতে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিদেশৰ পৰা বৃহত্ পৰিমাণে ‘পাম অয়ল’ আমদানী কৰে। ইয়াৰ বাবে বহু হাজাৰ কোটি টকা খৰছ কৰিবলগীয়া হয়। এইখিনি পইচা ভাৰতৰ খেতিয়কসকলে যাতে পাব পাৰে, খোৱা তেলৰ ক্ষেত্ৰতো ভাৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছো। ১১ হাজাৰ কোটি টকাৰ এই ‘পাম অয়ল মিছন’-ৰ জৰিয়তে খেতিয়কসকলৰ আয় বঢ়োৱাৰ ক্ষেত্ৰত বহুত সহায়ক হ’ব। আৰু ইয়াৰ সৰহ ভাগেই উত্তৰ-পূৰ্বাঞ্চলৰ হ’ব বুলি ভবা গৈছে। মণিপুৰতো এই ক্ষেত্ৰত দ্ৰুত গতিৰে কাম কৰি থকা হৈছে। ‘পাম অয়ল’ লগোৱাৰ বাবে, নতুন কল স্থাপন কৰাৰ বাবে চৰকাৰে আৰ্থিক সহযোগিতাও আগবঢ়াই আহিছে।

বন্ধুসকল,

আজি মণিপুৰে লাভ কৰা সাফল্যক লৈ গৌৰৱ কৰাৰ লগতে আমি এই কথাও মনত ৰখা উচিত হ’ব যে এতিয়াও আমি এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিবলৈ আছে। আৰু আমি এই যাত্ৰা ক’ৰ পৰা আৰম্ভ কৰিছিলো সেই কথাও একে সময়তে মনত ৰাখিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমাৰ মণিপুৰক আগৰ চৰকাৰসমূহে ‘ব্লকেড ষ্টেট’ কৰিয়েই ৰাখিছিল, চৰকাৰসমূহৰ দ্বাৰা পাহাৰ আৰু উপত্যকাৰ মাজত ৰাজনৈতিক লাভালাভৰ বাবে খাল খন্দাৰ কাম কৰা হৈছিল। আমি মনত ৰাখিব লাগিব যে মানুহৰ মাজত ব্যৱধান বৃদ্ধি কৰাৰ বাবে কেনেকুৱা কেনেকুৱা ষড়যন্ত্ৰ কৰা হৈছিল।

বন্ধুসকল,

আজি ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ নিৰন্তৰ প্ৰয়াসৰ সুবাদত এইটো অঞ্চলৰ পৰা উগ্ৰবাদ আৰু অসুৰক্ষাৰ অগনি নুমাবলৈ ধৰিছে, বৰঞ্চ শান্তি আৰু বিকাশৰ কিৰণহে উদ্ভাসিত হ’বলৈ ধৰিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কেইবাশ নজোৱানে, অস্ত্ৰ ত্যাগ কৰি বিকাশৰ মুখ্যধাৰাত বিলীন হৈছেহি। যি বুজাবুজি চুক্তিৰ বাবে দশকৰ পিচত দশক ধৰি অপেক্ষা কৰি অহা হৈছিল, আমাৰ চৰকাৰে সেই ঐতিহাসিক চুক্তিও কৰি দেখুৱালে। মণিপুৰ এতিয়া ‘ব্লকেড ষ্টেট’-ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে পথ মোকলাই দিয়া ৰাজ্য হিচাপে চিহ্নিত হৈ উঠিছে। আমাৰ চৰকাৰে পাহাৰ আৰু উপত্যকাৰ মাজত খন্দা খাল পোতাৰ বাবে ‘গ’ টু হিল’ আৰু ‘গ’ টু ভিলেজ’-ৰ দৰে অভিযান চলাইছে।

এই প্ৰয়াসসমূহৰ মাজত, আপোনালোকে মনত ৰাখিব লাগিব যে কিছু সংখ্যক লোকে ক্ষমতা দখল কৰাৰ বাবে মণিপুৰক আকৌ এবাৰ অস্থিৰ কৰাৰ অপচেষ্টা কৰিব বিচাৰিছে। অশান্তিৰ বীজ সিঁচিবলৈকে এইসকল লোকে সুযোগৰ বাবে আশা পালি আছে। মোৰ ভাল লাগিছে যে মণিপুৰৰ ৰাইজে কিন্তু এইসকল লোকক চিনি পেলাইছে। এতিয়া মণিপুৰৰ ৰাইজে, ইয়াৰ বিকাশৰ গতি ৰুদ্ধ কৰিবলৈ নিদিব, মণিপুৰক পুনৰাই অন্ধকাৰলৈ আগবাঢ়ি যাবলৈ নিদিয়ে।

বন্ধুসকল,

আজি দেশে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’-ৰ মন্ত্ৰ আওৰাই আগবাঢ়ি আছে। আজি দেশে ‘সকলোৰে প্ৰয়াস’ৰ ভাৱনাৰে একত্ৰে কাম কৰি আছে, সকলোৰে বাবে কাম কৰি আছে, সকলোৰে মংগলৰ বাবে কাম কৰি আছে। ২১শতিকাৰ এইটো দশক মণিপুৰৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। আগৰ চৰকাৰসমূহে বহুত সময় অবাবতে নষ্ট কৰিলে। এতিয়া আমি এটা পলো বিনষ্ট হ’বলৈ দিব নোৱাৰো। আমি মণিপুৰত সুস্থিৰতাও অক্ষুন্ন ৰাখিব লাগিব আৰু মণিপুৰক বিকাশৰ নতুন উচ্চতালৈও লৈ যাব লাগিব। আৰু এই কাম, ‘ডাবল ইঞ্জিন’ৰ চৰকাৰেহে কৰিব পাৰিব।

মোৰ সম্পূৰ্ণ বিশ্বাস আছে, মণিপুৰে এই দৰেই ‘ডাবল ইঞ্জিন’-ৰ চৰকাৰক আশীৰ্বাদ প্ৰদান কৰি যাব। আকৌ এবাৰ আজিৰ অনেক উন্নয়ণী পৰিযোজনাৰ বাবে মণিপুৰবাসীক, মণিপুৰৰ প্ৰিয় ভাই-ভনীসকললৈ বহুত বহুত শুভকামনা জনাই সামৰিছো।

থাগতছৰী!!!

ভাৰত মাতা কী- জয়!!

ভাৰত মাতা কী- জয়!!

ভাৰত মাতা কী- জয়!!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”