Lays foundation stone of 1406 projects worth more than Rs 80,000 crores
“Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today”
“Today the world is looking at India's potential as well as appreciating its performance”
“We have laid emphasis on policy stability, coordination and ease of doing business in the last 8 years”
“For faster growth of Uttar Pradesh, our double engine government is working together on infrastructure, investment and manufacturing”
“As a MP from the state, I have felt the capability and potential in the administration and government of the state that the country expects from them”
“We are with development by policy, decisions and intention”

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!

আৰম্ভণিতে মই বিনিয়োগকাৰীসকলক উত্তৰ প্ৰদেশৰ কাশীৰ সাংসদ হিচাপে আদৰণি জনাইছো। মই বিনিয়োগকাৰীসকলক উত্তৰ প্ৰদেশৰ যুৱ শক্তিৰ ওপৰত আস্থা ৰখাৰ বাবে ধন্যবাদ জনাইছো। উত্তৰ প্ৰদেশৰ যুৱ শক্তিয়ে আপোনালোকৰ সপোন আৰু সংকল্পক এক নতুন মাত্ৰা প্ৰদানৰ সম্ভাৱনা আছে। মই আপোনালোকক উত্তৰ প্ৰদেশৰ যুৱপ্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, প্ৰচেষ্টা, সামৰ্থ্য, বুজাবুজি আৰু সমৰ্পণে আপোনালোকৰ সকলো সপোন আৰু সংকল্প পৰিপূৰণ কৰিব বুলি দৃঢ়তাৰে ক’ব খুজিছো।

আপোনালোক বহু ব্যস্ত বুলি মই জানো, অথচ কাশীৰ সাংসদ হিচাপে মই আপোনালোকক কিছু সময় লৈ মোৰ কাশীলৈ যাবলৈ আহ্বান জনাইছো, যি বহু সলনি হৈছে। বিশ্বৰ এনে এখন চহৰক ইয়াৰ প্ৰাচীন প্ৰভাৱ অক্ষুন্ন ৰাখি নতুন ৰূপত সজাই তুলিব পৰাটো উত্তৰ প্ৰদেশৰ সম্ভাৱনাৰেই এক জীৱন্ত উদাহৰণ।

বন্ধুসকল,

আজি উত্তৰ প্ৰদেশত ৮০,০০০ কোটি টকাৰো অধিক মূল্যৰ বিনিয়োগ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অভিলেখ পৰিমাণৰ বিনিয়োগে উত্তৰ প্ৰদেশত হাজাৰ-হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ই ভাৰতৰ লগতে উত্তৰ প্ৰদেশৰ বিকাশ যাত্ৰাৰ প্ৰতি বৰ্ধিত বিশ্বাসৰ কথা স্পষ্ট হৈ পৰিছে। এই কাৰ্য্যসূচীৰ বাবে উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকললৈ মোৰ বিশেষ অভিনন্দন জ্ঞাপন কৰিলো, কিয়নো উত্তৰ প্ৰদেশৰ যুৱক-যুৱতী আৰু নৱ প্ৰজন্মই ইয়াৰ সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ অগ্ৰসৰ হৈছে।

বন্ধুসকল,

আমি সম্প্ৰতি আমাৰ স্বাধীনতাৰ ৭৫ বছৰ অৰ্থাৎ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছো। এই সময়ছোৱা হৈছে ‘সবকা প্ৰয়াস’ (everyone’s efforts) মন্ত্ৰৰে নতুন সংকল্প আৰু লক্ষ্যত উপনীত হ’বলৈ অহা ২৫ বছৰৰ বাবে ‘অমৃত কাল’। বৰ্তমানৰ বিশ্ব পৰিস্থিতিয়েও আজি আমাৰ বাবে বৃহৎ সুযোগৰ সঞ্চাৰ কৰিছে। বিশ্বখনে আজি এক বিশ্বাসযোগ্য অংশীদাৰৰ সন্ধান কৰিছে আৰু কেৱল আমাৰ গণতান্ত্ৰিক ভাৰতৰহে ইয়াৰ পালনৰ সম্ভাৱনা আছে। আজি বিশ্বখনেও ভাৰতৰ সম্ভাৱনাক চাই আছে আৰু ভাৰতৰ প্ৰদৰ্শনৰ শলাগ লৈছে।

ক’ৰোনাৰ সময়ছোৱাতো ভাৰত থমকি ৰোৱা নাছিল, বৰঞ্চ ইয়াৰ সংস্কাৰ সাধনৰ মাত্ৰা বৃদ্ধি কৰিছিল৷ ইয়াৰ ফল আমি সকলোৱে আজি দেখিবলৈ পাইছো। জি-২০ অৰ্থনীতিসমূহৰ ভিতৰত আমি দ্ৰুততম বিকাশশীল দেশ। আজি ভাৰত গ্ল’বেল ৰিটেইল ইনডেক্সত দ্বিতীয় স্থানত আছে। ভাৰত বিশ্বখনৰ তৃতীয় বৃহত্তম শক্তি উপভোক্তা দেশ। যোৱা এটা বছৰত ১০০ খনৰো অধিক দেশৰ পৰা অভিলেখ পৰিমাণৰ $৮৪ বিলিয়নৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সঞ্চাৰ ঘটিছিল। ভাৰতে যোৱাটো বিত্তীয় বৰ্ষত $৪১৭ বিলিয়নৰো অধিক মূল্য অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ এক নতুন অভিলেখ গঢ়িছে।

বন্ধুসকল,

এখন ৰাষ্ট্ৰ হিচাপে এতিয়া হৈছে আমাৰ সহভাজিত প্ৰচেষ্টাক বহুগুণে বৃদ্ধি কৰাৰ সময়। এই সময়ত আমি নিজৰ সিদ্ধান্তৰাজিক কেৱল এবছৰ বা পাঁচ বছৰতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো। ভাৰতত এক শক্তিশালী উৎপাদন বাতাবৰণ, এক শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ মূল্য আৰু যোগান শৃংখল গঢ়ি তুলিবলৈ সকলোৰে বৰঙণি আৱশ্যকীয়। চৰকাৰখনে নিজৰ ফালৰপৰা নিৰন্তৰভাৱে নীতি যুগুতৰ লগতে পুৰণি নীতিৰ সংশোধন কৰি আছে।

অলপতে কেন্দ্রৰ এনডিএ চৰকাৰখনে আঠ বছৰ সম্পূৰ্ণ কৰিছে। বহু বছৰ ধৰি আমি, যোগী জীয়ে এতিয়া ব্যাখ্যা আগবঢ়োৱাৰ দৰে সংস্কাৰ-সম্পন্ন-ৰূপান্তৰ (Reform-Perform-Transform) ৰ মন্ত্ৰটোৰে অগ্ৰসৰ হৈছো। আমি নীতিগত সুস্থিৰতা, সমন্বয় আৰু ইজ অৱ ডুয়িং বিজনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। বিগত সময়ছোৱাত আমি হাজাৰ-হাজাৰ অনুপালন আৰু পুৰণি আইনৰ বিলুপ্তি সাধন কৰিছো। আমি আমাৰ সংস্কাৰৰাজিৰে ভাৰতক এখনি ৰাষ্ট্ৰ হিচাপে সুদৃঢ়কৰণৰ অৰ্থে কাম কৰিছো। ওৱান নেচন - ওৱান টেক্স জিএছটিয়েই হওঁক, ওৱান নেচন - ওৱান গ্ৰীডেই হওঁক, ওৱান নেচন - ওৱান মবিলিটি কাৰ্ডেই হওঁক, ওৱান নেচন - ওৱান ৰেচন কাৰ্ডেই হওঁক, এই সকলোবোৰ প্ৰচেষ্টাই আমাৰ বিশিষ্ট আৰু স্পষ্ট নীতিকে প্ৰতিফলিত কৰে।

দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখন গঠনৰেপৰা উত্তৰ প্ৰদেশতো একেদৰে এই দিশত ক্ষীপ্ৰতাৰে কাম অব্যাহত আছে। বিশেষকৈ উত্তৰ প্ৰদেশত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অগ্ৰগতি সাধন হৈছে, ব্যৱসায়ীসকলৰ আত্মবিশ্বাস ঘূৰি আহিছে আৰু ব্যৱসায়ৰ বাবে উপযুক্ত পৰিবেশৰ সৃষ্টি হৈছে। যোৱা কেইবছৰমানত প্ৰশাসনিক ক্ষমতা আৰু শাসন ব্যৱস্থাৰো অগ্ৰগতি সাধন হৈছে। সেইবাবেই আজি উদ্যোগৰ সতীৰ্থসকলে তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত উত্তৰ প্ৰদেশৰ শলাগ লোৱাৰ লেখীয়াকৈ ৰাইজেও যোগী জীৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে।

এজন সাংসদ হিচাপে মোৰ অভিজ্ঞতা ব্যক্ত কৰিব খুজিছো। উত্তৰ প্ৰদেশৰ প্ৰশাসন আমি কেতিয়াও ওচৰৰপৰা দেখা নাছিলো। মুখ্যমন্ত্রীৰ বৈঠকত উপস্থিত থকাসকলৰ কাৰ্য্যপন্থা পূৰ্বে বেলেগ আছিল। সাংসদ হোৱাৰ পিছৰেপৰা উত্তৰ প্ৰদেশৰ আমোলাতন্ত্ৰ আৰু প্ৰশাসনৰ প্ৰতি মোৰ বিশ্বাস বহুগুণে বৃদ্ধি পাইছে কিয়নো তেওঁলোকৰপৰা দেশখনে আশা কৰাৰ সম্ভাৱনাই দেখা দিছে।

উদ্যোগটোৰ লোকে কোৱা কথাৰ আধাৰত, মই নিজেই এজন সাংসদ হিচাপে এই সম্ভাৱনাৰ অভিজ্ঞতা লাভ কৰিছো। সেয়ে চৰকাৰখনৰ সকলো আমোলা আৰু প্ৰতিজন বিষয়াকে তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল, ৩৭ বছৰৰ পাছত এখন চৰকাৰক পুনৰ শাসনলৈ আনি উত্তৰ প্ৰদেশৰ ৰাইজে নিজৰ ‘সেৱক’ কে দায়িত্ব অৰ্পণ কৰিছে।

বন্ধুসকল,

উত্তৰ প্ৰদেশত ভাৰতৰ জনসংখ্যাৰ এক পঞ্চমাংশ বা এক ষষ্ঠাংশই বসবাস কৰে। অৰ্থাৎ উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ উন্নতি মানে ভাৰতৰ প্ৰতি ছজন ব্যক্তিৰ উন্নতি। উত্তৰ প্ৰদেশে একবিংশ শতিকাটোত ভাৰতৰ বিকাশ যাত্ৰাক এক গতি প্ৰদান কৰিব বুলি মই বিশ্বাস কৰো। আপোনালোকে আগন্তুক ১০ বছৰত উত্তৰ প্ৰদেশে ভাৰতৰ এক প্ৰধান চালিকা শক্তি হ’বলৈ অগ্ৰসৰ হোৱাটো প্ৰত্যক্ষ কৰিব।

কঠোৰ পৰিশ্ৰমী লোক থকা, দেশখনৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশৰো অধিক উপভোক্তা ভিত্তি থকা, পাঁচ লাখৰো অধিক জনসংখ্যাৰ এক ডজনৰো অধিক চহৰ থকা উত্তৰ প্ৰদেশক ক্ষীপ্ৰ উন্নয়নৰপৰা কোনে বাধা দিব পাৰে! ইয়াৰ প্ৰতিখন জিলাৰে আছে নিজস্ব বিশেষ সামগ্ৰী, ইয়াত আছে বৃহৎ সংখ্যক এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগ, ইয়াত বিভিন্ন ঋতুত বিভিন্ন কৃষিজাত সামগ্ৰী, শস্যজাতীয় খাদ্য, ফল-মূল, শাক-পাচলিৰ প্ৰচুৰতা আছে আৰু ৰাজ্যখন গংগা, যমুনা আৰু সৰযূ প্ৰভৃতি একাধিক নদীৰে ধন্য হৈছে।

বন্ধুসকল,

আমি এই বৰ্ষৰ বাজেটত গংগাৰ দুয়োকাষে ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৰাসায়নিক সাৰ - বিহীন প্ৰাকৃতিক কৃষিকাৰ্য্য কৰিডৰ গঢ়ি তোলাৰ কথা ঘোষণা কৰিছো। প্ৰতিৰক্ষা কৰিডৰৰ কথা সঘনাই আলোচনা হোৱাৰ বিপৰীতে এই কৰিডৰ সম্পৰ্কে কোনেও নকয়। উত্তৰ প্ৰদেশত গংগাৰ দৈৰ্ঘ্য ১১০০ কিলোমিটাৰৰো অধিক আৰু ই ২৫ ৰপৰা ৩০ খন জিলাৰ মাজেৰে পাৰ হৈ গৈছে। উত্তৰ প্ৰদেশত প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বিশাল সম্ভাৱনাৰ কথা আপুনি কল্পনা কৰকচোন। কেইবছৰমানৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰখনেও খাদ্য সংসাধন নীতি ঘোষণা কৰিছিল। কৰ্পৰেট জগত আৰু উদ্যোগৰ লোকসকলক আহ্বান জনাই কওঁ যে এয়াই হৈছে কৃষিক্ষেত্ৰত বিনিয়োগৰ সোণালী সুযোগ।

বন্ধুসকল,

আমাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে একে সময়তে ক্ষীপ্ৰতৰ বিকাশৰ বাবে আন্তঃগাঁথনি, বিনিয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত কাম কৰি আছে। এই বৰ্ষৰ বাজেটত ৭.৫০ লাখ কোটি টকাৰ অভূতপূৰ্ব মূলধন ব্যয় আবন্টন হৈছে এই দিশত এটি পদক্ষেপ। আমি মেনুফেক্সাৰিঙক প্ৰোৎসাহিত কৰিবলৈ পিএলআই আঁচনি ঘোষণা কৰিছো আৰু আপোনালোকেও একেদৰে উত্তৰ প্ৰদেশত ইয়াৰ সুবিধা লাভ কৰিব।

উত্তৰ প্ৰদেশত নিৰ্মীয়মান প্ৰতিৰক্ষা কৰিডৰটোৱেও আপোনালোকৰ বাবে বিশাল সম্ভাৱনাৰ সঞ্চাৰ কৰিব। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতত প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। আত্মনিৰ্ভৰ ভাৰত অভিযানটোৰ অধীনত আমি আমদানি নকৰো বুলি ৩০০ টা সামগ্ৰী চিনাক্তকৰণেৰে বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰলৈ আহিব বিচৰাসকলৰ বাবে সামৰিক সঁজুলিৰে সম্পৰ্কীয় এই ৩০০ টা সামগ্ৰীৰ বাবে এখন নিশ্চিত বজাৰ উপলব্ধ হৈছে। ইয়াৰ জৰিয়তে আপুনিও বহু সুবিধা লাভ কৰিব।

বন্ধুসকল,

উৎপাদন আৰু পৰিবহণৰ দৰে পৰম্পৰাগত ব্যৱসায়ৰ দাবী পূৰণৰ বাবে আমি ‘ফিজিকেল’ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ কাম অব্যাহত ৰাখিছো। আধুনিক পাৱাৰ গ্ৰীডেই হওঁক, গেছ পাইপলাইনৰ নেটৱৰ্কেই হওঁক বা মাল্টিমডেল যোগাযোগেই হওঁক, একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি সকলো ক্ষেত্ৰতে কাম অব্যাহত আছে। উত্তৰ প্ৰদেশত এক্সপ্ৰেছৱে এতিয়ালৈকে নিৰ্মাণ কাৰ্য্য নিজৰ বাবেই এক অভিলেখ। আধুনিক এক্সপ্ৰেছৱেৰ এক শক্তিশালী নেটৱৰ্কে উত্তৰ প্ৰদেশৰ সকলো অৰ্থনৈতিক মণ্ডলকে সংযোগ কৰিবলৈ অগ্ৰসৰ হৈছে।

উত্তৰ প্ৰদেশে শীঘ্ৰেই আধুনিক ৰে’লৱে আন্তঃগাঁথনিৰ সংগম স্থল হিচাপেও স্বীকৃতি লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। উত্তৰ প্ৰদেশত পূব আৰু পশ্চিমৰ সমৰ্পিত মালবাহী কৰিডৰসমূহৰ আন্তঃসংযোগ হ’বলৈ আগবাঢ়িছে। জেৱাৰকে ধৰি উত্তৰ প্ৰদেশৰ পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থাটোক অধিক সুদৃঢ় কৰিবলৈ আগবাঢ়িছে। গ্ৰেটাৰ নয়দা আৰু বাৰাণসীতো দুটা মাল্টিমডেল লজিষ্টিক পৰিবহণ হাব নিৰ্মাণ কৰা হৈছে। লজিষ্টিক ক্ষেত্ৰত দেশখনৰ আটাইতকৈ আধুনিক ঔদ্যোগিক আন্তঃগাঁথনিসমৃদ্ধ ৰাজ্যসমূহৰে উত্তৰ প্ৰদেশ সংযুক্ত হৈছে। ক্ৰমবৰ্ধমান এই যোগাযোগ ব্যৱস্থা আৰু বিনিয়োগে উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ বাবে বহু নতুন সুযোগৰ সৃষ্টি কৰিব।

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন যুগুত কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰী গতিশক্তি পৰিকল্পনাই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ, বিভিন্ন বিভাগ আৰু সংস্থা, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড আৰু বাণিজ্য সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহক একেখন মঞ্চত সমবেত কৰিছে। যিকোনো প্ৰকল্পৰে জড়িত প্ৰতিজন অংশীদাৰে এই মঞ্চৰ জৰিয়তে সঠিক সময়ত তথ্য লাভ কৰিব। সকলোৱে নিজৰ কামৰ অংশ সম্পূৰ্ণৰ সময়োচিত পৰিকল্পনা কৰিব পাৰিব। যোৱা আঠটা বছৰত দেশখনত গঢ় লৈ উঠা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণৰ সংস্কৃতিক ই নতুন মাত্ৰা প্ৰদান কৰিব।

বন্ধুসকল,

ডিজিটেল বিপ্লৱ হৈছে যোৱা কেইবছৰে ভাৰতে ক্ষীপ্ৰতাৰে কাম কৰি অহাৰ এক উদাহৰণ। ২০১৪ ত আমাৰ দেশত মাত্ৰ ৬.৫ কোটি ব্ৰডবেণ্ড গ্ৰাহক আছিল। আজি এই সংখ্যাই ৭৮ কোটি অতিক্ৰম কৰিছে। ২০১৪ ত এক জিবি ডাটাৰ মূল্য আছিল প্ৰায় ২০০ টকা। আজি ইয়াৰ মূল্য ১১-১২ টকালৈ হ্ৰাস পাইছে। এনে সস্তীয়া ডাটা উপলব্ধ ভাৰত হৈছে বিশ্বৰ অন্যতম দেশ। ২০১৪ ত দেশখনত ১১ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ আছিল। এতিয়া দেশখনত স্থাপন কৰা অপটিকেল ফাইবাৰৰ দৈৰ্ঘ্যই ২৮ লাখ কিলোমিটাৰ অতিক্ৰম কৰিছে।

২০১৪ লৈকে অপটিকেল ফাইবাৰ দেশখনৰ ১০০ খনতকৈয়ো কম গাওঁ পঞ্চায়তত উপনীত হৈছিল। আজি অপটিকেল ফাইবাৰৰে সংযুক্ত গাওঁ পঞ্চায়তৰ সংখ্যায়ো ১.৭৫ লাখ সংখ্যা অতিক্ৰম কৰিছে। ২০১৪ ত দেশখনত মাত্ৰ প্ৰায় ৯০,০০০ কমন চাৰ্ভিচ চেন্টাৰ আছিল। আজি দেশখনত কমন চাৰ্ভিচ চেন্টাৰৰ সংখ্যায়ো ৪ লাখ অতিক্ৰম কৰিছে। আজি বিশ্বৰ প্ৰায় ৪০ শতাংশ ডিজিটেল লেনদেন ভাৰতত হয়। সকলো ভাৰতীয়ই ইয়াকে লৈ গৌৰৱ কৰিব পাৰে। মানুহে নিৰক্ষৰ বুলি কোৱা ভাৰতখনেই আশ্চৰ্য্যজনক কাম কৰি আছে।

যোৱা আঠটা বছৰত আমি ডিজিটেল বিপ্লৱৰ ভেটি সুদৃঢ়কৰণৰ ফলশ্ৰুতিত আজি বিভিন্ন খণ্ডৰ বাবে অগণন সম্ভাৱনাৰ সৃষ্টি হৈছে। ইয়াৰপৰা আমাৰ যুৱক-যুৱতীসকল বহু পৰিমাণে লাভৱান হৈছে। ২০১৪ ৰ পূৰ্বে আমাৰ মাত্ৰ কেইশমান ষ্টাৰ্ট-আপ আছিল। কিন্তু আজি দেশখনত পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপৰ সংখ্যাও প্ৰায় ৭০,০০০ হৈছে। অতি সম্প্ৰতি ভাৰতেও ১০০টা ইউনিকৰ্নৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আমাৰ নতুন অৰ্থনীতিৰ দাবী পূৰণৰ বাবে প্ৰয়োজনীয় ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে আপোনাসৱ বহু পৰিমাণে লাভৱান হ’ব।

বন্ধুসকল,

মই আপোনালোকক উত্তৰ প্ৰদেশ আৰু আত্ম-নিৰ্ভৰ ভাৰতৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো খণ্ডতেই সংস্কাৰ সাধন অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰিছো। নীতি, সিদ্ধান্ত, উদ্দেশ্য আৰু প্ৰকৃতিৰ বিষয়ত আমি উন্নয়নৰ সৈতে আছো।

আমি আপোনালোকৰ প্ৰতিটো প্ৰচেষ্টা আৰু পদক্ষেপকে সমৰ্থন জনাম। পূৰ্ণ উৎসাহেৰে উত্তৰ প্ৰদেশৰ উন্নয়ন যাত্ৰাৰ অংশ হওঁক আৰু উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ সমান্তৰালভাৱে আপোনালোকৰ ভৱিষ্যতো উজ্জ্বল হৈ উঠিব। এয়া এক জয়-জয়কাৰ ক্ষণ। এই বিনিয়োগসমূহ সকলোৰে বাবে শুভ আৰু লাভজনক হৈ উঠক!

এই কামনাৰেই, আপোনালোক আটাইকে শুভেচ্ছা জ্ঞাপন কৰিলো!

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.