“Ganga - Pushkaralu Utsav at the ghats of Kashi is like the confluence of Ganges and Godavari”
“Telugu states have given Kashi so many great saints, so many Acharyas and sages”
“Telugu people have kept Kashi attached to their souls exactly like Kashi adopted and understood them”
“A dip in Ganga ji will make your soul happy”
“Our forefathers established the consciousness of India in different centers which together make for the complete form of Mother India”
“India’s completeness and full potential can be realized only when we see the diversity of the country in its totality”

নমষ্কাৰ!

আপোনালোক সকলোকে গংগা-পুষ্কৰালু উৎসৱৰ আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷ আপোনালোক কাশীলৈ আহিছে, সেইবাবে আপোনালোক ব্যক্তিগতভাৱে মোৰ অতিথিও আৰু আমাৰ ইয়াৰ কোৱা হয় যে অতিথি দেৱতাৰ সমান৷ মই কৰ্তব্যৰ খাতিৰত আপোনালোকক আদৰণি জনাবলৈ কাশীলৈ যাব পৰা নাই যদিও মোৰ মনটো আপোনালোকৰ মাজতে থকাৰ দৰে অনুভৱ হৈছে৷ মই এই অনুষ্ঠান আয়োজনৰ বাবে কাশী-তেলেগু সমিতি আৰু সংসদৰ মোৰ সতীৰ্থ বি এল নৰসিংহ ৰাও জীক অভিনন্দন জনাইছো৷ কাশীৰ ঘাটত এই গংগা-পুষ্কৰালু উৎসৱ, গংগা আৰু গোদাবৰীৰ সংগমৰ দৰে৷ এয়া ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ৷ আপোনালোকৰ নিশ্চয় মনত আছে, কেইমাহমান পূৰ্বে এই কাশী ভূমিত কাশী-তামিল সংগমম অনুষ্ঠিত কৰা হৈছিল৷ কেইদিনমান পূৰ্বে মই সৌৰাষ্ট-তামিল সংগমমত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ তেতিয়া মই কৈছিলো, আজাদীৰ এই অমৃতকাল দেশৰ বৈচিত্ৰতা, বিভিন্ন ধাৰাৰ সংগমকাল৷ বৈচিত্ৰতাৰ এই সংগমৰ জৰিয়তে ৰাষ্ট্ৰীয়তা অমৃত ওলাইছে, যি ভাৰতক অনন্ত ভৱিষ্যতলৈকে শক্তিশালী কৰি ৰাখিব৷

বন্ধুসকল,

কাশীৰ লগত জড়িত সকলোৱে জানে যে কাশী আৰু ইয়াৰ মানুহৰ তেলেগু জনগোষ্ঠীৰ লগত গভীৰ সম্পৰ্ক আছে। এজন তেলেগু ব্যক্তি কাশীত উপস্থিত হোৱাৰ লগে লগে বহু কাশীবাসীয়ে অনুভৱ কৰে যে নিজৰ পৰিয়ালৰ কোনো সদস্য আহিছে। কাশীবাসীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আপোনালোক সকলোকে আদৰণি জনাই আহিছে। এই সম্পৰ্ক কাশীৰ দৰেই প্ৰাচীন। কাশী যিমান পবিত্ৰ, কাশীত তেলেগু মানুহৰ বিশ্বাস সিমানেই পবিত্ৰ। আজিও কাশীলৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যাৰ ভিতৰত অধিকাংশই অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ লোক৷ তেলেগু ৰাজ্যই কাশীক ইমানবোৰ মহান সাধু, ইমানবোৰ আচাৰ্য আৰু ঋষি দিছে। কাশীবাসী আৰু তীৰ্থযাত্ৰীসকলে যেতিয়া বাবা বিশ্বনাথৰ দৰ্শন কৰিবলৈ যায়, তেতিয়া তেওঁলোকেও তৈলংগ স্বামীৰ আশ্ৰমলৈ গৈ তেওঁৰ আশীৰ্বাদ বিচাৰে। স্বামী ৰামকৃষ্ণ পৰমহংসই তৈলংগ স্বামীক কাশীৰ জীৱন্ত শিৱ বুলি কৈছিল। আপুনিও জানে যে তৈলংগ স্বামীৰ জন্ম হৈছিল বিজিয়ানগৰত। জিদ্দু কৃষ্ণমূৰ্তিৰ দৰে এনে কিমান সংখ্যক মহান আত্মাক আজিও কাশীত স্মৰণ কৰা হয়৷

 

ভাই-ভনীসকল,

কাশীয়ে যেনেকৈ তেলেগু জনগোষ্ঠীক আপোন কৰিছে, ঠিক তেনেদৰে তেলেগু জনগোষ্ঠীয়েও কাশীক নিজৰ আত্মাৰ লগত জড়িত কৰি ৰাখিছে। আনকি পবিত্ৰ তীৰ্থ ভেমুলাৱাড়াকো দক্ষিণ কাশী বুলিও কোৱা হয়। অন্ধ্ৰ আৰু তেলেংগানাৰ মন্দিৰত হাতত বন্ধা ক’লা সূতাক আজিও কাশী দাৰম বুলি কোৱা হয়। একেদৰে শ্ৰীনাথ মহাকবিৰ কাশী খণ্ডমু গ্ৰন্থই হওক, এনুগুল বীৰস্বামীৰ কাশী যাত্ৰা চৰিত্ৰই হওক বা জনপ্ৰিয় কাশী মজিলী কথালুয়েই হওক, কাশী আৰু কাশীৰ মহিমা তেলেগু ভাষা আৰু তেলেগু সাহিত্যত সমানেই গভীৰভাৱে নিহিত হৈ আছে। বাহিৰৰ কোনোবাই যদি এইবোৰ দেখা পায়, তেন্তে তেওঁৰ বাবে বিশ্বাস কৰাটো কঠিন হ’ব যে ইমান দূৰৰ চহৰ এখন হৃদয়ৰ ইমান ওচৰত কেনেকৈ হ’ব পাৰে! কিন্তু, এইটোৱেই ভাৰতৰ ঐতিহ্য, যি যুগ যুগ ধৰি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ বিশ্বাসক জীয়াই ৰাখিছে।

বন্ধুসকল,

কাশী মুক্তি আৰু মোক্ষপ্ৰাপ্তিৰ নগৰী বুলিও জনাজাত। এসময়ত তেলেগু লোকে হাজাৰ হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি কাশীলৈ আহিছিল। আগতে তেওঁলোকৰ যাত্ৰাত বহু সমস্যাৰ সন্মুখীন হৈছিল। আধুনিক যুগত সেই পৰিস্থিতি দ্ৰুতগতিত সলনি হৈ আছে। আজি এফালে বিশ্বনাথ ধামৰ ঐশ্বৰিক মহিমা, আনফালে গংগাৰ ঘাটবোৰৰ ভব্যতাও বিৰাজমান। আজি এফালে কাশীৰ ৰাজপথ, আনফালে নতুন নতুন ৰাস্তা আৰু ঘাইপথৰ নেটৱৰ্কো নিৰ্মাণ হৈছে। আগতে কাশীলৈ অহা অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ লোকসকলে নিশ্চয় কাশীত হোৱা থকা পৰিৱৰ্তন অনুভৱ কৰিছে। এসময়ত বিমানবন্দৰৰ পৰা দশাশ্বমেধ ঘাট পাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিছিল। আজি নতুন ঘাইপথ নিৰ্মাণৰ ফলত ৰাইজৰ বাবে বহু সময় ৰাহি হৈছে। কাশীৰ ৰাজপথবোৰ বিদ্যুতৰ তাঁৰেৰে ভৰি পৰিছিল। এতিয়া কাশীৰ প্ৰায়বোৰ ঠাইতে বিদ্যুতৰ তাঁৰবোৰো মাটিৰ তললৈ গৈছে। আজি কাশীৰ অসংখ্য কুণ্ডই হওক, মন্দিৰলৈ যোৱাৰ পথেই হওক, কাশীৰ সাংস্কৃতিক স্থানেই হওক, সকলো জীৱন্ত হৈ উঠিছে। এতিয়া গংগা জীত চিএনজিৰ নাও চলাচল কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেই দিনটোলৈ বেছি দূৰ নহয় যেতিয়া বাৰাণসীলৈ অহা-যোৱা কৰা মানুহেও ৰজ্জুপথৰ সুবিধা পাব৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানেই হওক, কাশীৰ ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই হওক, বাৰাণসীবাসীয়ে, তাত থকা যুৱক-যুৱতীসকলে ইয়াক জন আন্দোলনত পৰিণত কৰি তুলিছে। কাশীবাসীয়ে নিজৰ কঠোৰ পৰিশ্ৰমেৰে এই কাম কৰিছে, বহু কষ্টেৰে এই কাম কৰিছে। ইয়াৰ বাবে এই কাৰ্যসূচীৰ জৰিয়তেও কাশীবাসীক যিমানেই প্ৰশংসা আৰু গৌৰৱ নকৰো কিয় সিমানেই কম হ’ব।

আৰু বন্ধুসকল,

 

এই কথাও মই সম্পূৰ্ণ বিশ্বাসেৰে কও যে কাশীবাসীয়ে আপোনালোকৰ সেৱা আৰু আদৰণি জনোৱাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখে। কাৰণ মোৰ কাশীবাসীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বাবাৰ আশীৰ্বাদ, কালভৈৰৱ আৰু মা অন্নপূৰ্ণাৰ দৰ্শন সচাকৈয়ে অদ্ভুত। গংগা জীত ডুব মাৰি আপোনাৰ আত্মাক সুখী কৰি তুলিব। এইবোৰৰ লগতে এই গ্ৰীষ্মকালত আপোনালোকৰ বাবে কাশী কি লাচী আৰু থাণ্ডাও আছে। বেনাৰস কি চাত, লিট্টি-চোখা আৰু বেনাৰসী পান, এইবোৰৰ সোৱাদে আপোনাৰ ভ্ৰমণক আৰু অধিক স্মৰণীয় কৰি তুলিব। মই আপোনালোকৰ ওচৰত আৰু এটা অনুৰোধ কৰিম। যেনেকৈ আটিকোপ্পাকাৰ কাঠৰ পুতলা বিখ্যাত, একেদৰে কাঠৰ পুতলাৰ বাবে বাৰাণসীও বিখ্যাত। অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ পৰা অহা আমাৰ দেশবাসীয়ে কাঠৰ বানাৰসী পুতলা, বেনাৰসী শাৰী, বেনাৰসী মিঠাই, এনে বহু বস্তু লগত লৈ যাব পাৰে। চাওক, এইবোৰে আপোনাৰ আনন্দ বহুগুণ বৃদ্ধি কৰিব।

 

সতীৰ্থসকল,

আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ চেতনাক বিভিন্ন কেন্দ্ৰত প্ৰতিষ্ঠা কৰিছিল, যাৰ সৈতে একেলগে ভাৰত মাতৃৰ স্বৰূপ সম্পূৰ্ণ হয়। কাশীত যদি বাবা বিশ্বনাথ আছে, তেন্তে অন্ধ্ৰত মল্লিকাৰ্জুন আৰু তেলেংগানাত ভগৱান ৰাজ-ৰাজেশ্বৰ আছে। কাশীৰ যদি বিশালাক্ষী শক্তিপীঠ আছে, অন্ধ্ৰত মা ভ্ৰমৰাম্বা, তেলেংগানাত ৰাজ-ৰাজেশ্বৰী। এনে সকলো পবিত্ৰ স্থান ভাৰত আৰু ভাৰতৰ সাংস্কৃতিক পৰিচয়ৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ। দেশৰ এই বৈচিত্ৰ্যক আমি এই সৰ্বমুঠতাৰে চাব লাগিব। তেতিয়াহে আমি আমাৰ নিখুঁততা জানিব পাৰিম, তেতিয়াহে আমি আমাৰ সম্পূৰ্ণ সম্ভাৱনাক জাগ্ৰত কৰিব পাৰিম। মই নিশ্চিত যে গংগা-পুষ্কৰালুৰ দৰে উৎসৱে ৰাষ্ট্ৰীয় সেৱাৰ এই সংকল্প আগুৱাই লৈ যাব। এই কামনাৰে, পুনৰবাৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোকৰ এই যাত্ৰা ফলপ্ৰসূ, আৰামদায়ক হওক আৰু কাশীৰ নতুন স্মৃতি লৈ আপোনালোকৰ মনক ঐশ্বৰিকতাৰে ভৰাই তোলক। বাবাৰ চৰণত এয়ে প্ৰাৰ্থনা৷ আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi to disburse ₹2,400 crore to 1.5 million first-time employees under PMVBRY on Friday

Media Coverage

PM Modi to disburse ₹2,400 crore to 1.5 million first-time employees under PMVBRY on Friday
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights growing global engagement and investment in India
June 19, 2026

The Prime Minister, Shri Narendra Modi today highlighted India’s readiness to contribute towards a better planet and noted that the world is engaging with and investing in India with hope and enthusiasm.

The Prime Minister stated that thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. He added that this is also why the world is engaging with India and investing in India.

The Prime Minister highlighted these observations under #12YearsOfIndiaFirst.

The Prime Minister wrote on X;

“India is always ready to do whatever is possible to contribute towards a better planet. At the same time, thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. That is also why the world is engaging with India and investing in India.

#12YearsOfIndiaFirst”