আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।

এবছৰৰ ভিতৰতে এই ফিটনেছ অভিযান জনসাধাৰণৰ অভিযানত পৰিণত হৈছে, লগতে এক ধনাত্মক অভিযানো হৈছে। দেশত স্বাস্থ্য আৰু ফিটনেছক লৈ নিয়মিতভাৱে  সজাগতা বৃদ্ধি পাইছে। মই অতিকৈ সুখী যে যোগ, আসন, ব্যায়াম, বংকিং, ৰাণিং, ছুইমিং, স্বাস্থ্যসন্মত খাদ্যাভ্যাস, সুস্থ জীৱন শৈলী এইবোৰ এতিয়া আমাৰ স্বাভাৱিক সচেতনতাৰ অংশ হৈ পৰিছে।

বন্ধুসকল,

ফিট ইণ্ডিয়া অভিযানে নিজৰ প্ৰথমটো বৰ্ষ এনে এক সময়ত সম্পূৰ্ণ কৰিলে, যেতিয়া বছৰটোৰ ৬ টা মাহ অন্যান্য বিভিন্ন ধৰণৰ বাধা নিষেধৰ মাজেৰেই পাৰ কৰিবলগীয়া হ’ল। কিন্তু ফিট ইণ্ডিয়া অভিযানে নিজৰ প্ৰভাৱ আৰু প্ৰাসঙ্গিকতাক এই ক’ৰোনাৰ সময়ছোৱাত কাৰ্যকৰী কৰি দেখুৱাইছে। সঁচাকৈ, ফিট হৈ থকাটো সিমান কষ্টকৰ কাম নহয়, যিমান কষ্টকৰ বুলি মানুহৰ মনত ভ্ৰান্ত ধাৰণা আছে। সামান্য কিছু নিয়ম আৰু সামান্য কিছু পৰিশ্ৰমেৰে আপুনি চিৰকাল সুস্থ হৈ থাকিব পাৰে। ‘ফিটনেছ কি ডোজ, আধা ঘণ্টা ৰোজ, – এই মন্ত্ৰটোতেই সকলোৰে সুস্বাস্থ্য, সকলোৰে সুখ অন্তৰ্নিহিত হৈ আছে। সেয়া লাগিলে যোগাসনেই হওঁক, বেডমিণ্টনেই হওঁক, টেনিছেই হওঁক, বা ফুটবলেই হওঁক, কাৰাটেই হওঁক বা কাবাডীয়েই হওঁক, যিটোৱেই আপোনাৰ পচন্দ সেইটোৱেই অতি কমেও ৩০ মিনিট সময় কৰক বা খেলক। এতিয়া আমি দেখিবলৈ পাইছো যে যুৱ পৰিক্ৰমা মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ে একত্ৰিত হৈ বিভিন্ন ফিটনেছ প্ৰ’ট’কলো আৰম্ভ কৰিছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে ফিটনেছক লৈ সজাগতাৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যাৱলী আৰু স্বাস্থ্যৰ ওপৰত বৈশ্বিক কৌশল প্ৰস্তুত কৰিছে। শাৰীৰিক কাৰ্যাৱলীৰ ওপৰত বিশ্বজোৰা দিহা পৰামৰ্শও আগবঢ়োৱা হৈছে। আজি বিশ্বৰ বহু দেশেই ফিটনেছক লৈ ন ন লক্ষ্য স্থিৰ কৰিছে আৰু সেইবোৰৰ ওপৰত বহুতৰপীয়া কাম কৰিবলৈ লৈছে। অষ্ট্ৰেলিয়া, জাৰ্মানী, ব্ৰিটেইন, আমেৰিকা, এনে বহু দেশত এই সময়ত বহৎ মাত্ৰাত ফিটনেছ অভিযান চলি আছে, যাতে দেশসমূহৰ নাগৰিকসকলে যেন দৈনিক শাৰীৰিক অনুশীলন কৰে, শাৰীৰিক অনুশীলনৰ ৰুটিনৰ সৈতে জড়িত হয়।

বন্ধুসকল, আমাৰ আয়ুৰ্বেদ শাস্ত্ৰসমূহত কোৱা হৈছে –

সৰ্ব প্ৰাণী ভৃতাম্ নিত্যম্

আয়ুঃ যুক্তিম অপেক্ষতে

দৈৱে পুৰুষা কাৰে ছ

স্থিতম্ হি অশ্য বলা বলম

 

অৰ্থাৎ, এই সংসাৰত শ্ৰম, সফলতা, ভাগ্য সকলোবোৰেই আৰোগ্য আৰু সুস্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। স্বাস্থ্য থাকিলেহে ভাগ্য থাকিব, আৰু তেতিয়াহে সফলতা আহিব। যেতিয়া আমি নিয়মিত ৰূপত ব্যায়াম কৰো, নিজকে ফিট আৰু মজবুত কৰি ৰাখো, তেতিয়া আমাৰ মনত এক ভাৱনাৰ সৃষ্টি হয় যে আমি নিজেই নিজৰ নিৰ্মাতা। শৰীৰ ভালে থাকিলে নিজৰ মনতো এক আত্মবিশ্বাস গঢ় লৈ উঠে। ব্যক্তিৰ এই আত্মবিশ্বাসেই তেওঁক জীৱনৰ ভিন ভিন ক্ষেত্ৰত সফলতা প্ৰদান কৰে। এই কথাটোৱেই সমাজ আৰু দেশৰ ওপৰত প্ৰযোজ্য হয়। এটা পৰিয়াল, যিয়ে একেলগে খেলে, একেলগে ফিট হৈ থাকে।

এটা পৰিয়াল, যিয়ে একেলগে খেলে, একেলগে ফিট হৈ থাকে।

এই মহামাৰীৰ সময়ছোৱাত বহু পৰিয়ালে এই পৰীক্ষা কৰি চাইছে। একেলগে তেওঁলোকে খেলিছে, একেলগে যোগাসন কৰিছে, প্ৰাণায়াম কৰিছে, অনুশীলন কৰিছে, এলেগগে শৰীৰৰ ঘাম উলিয়াইছে। ইয়াৰ পৰা এটাই অনুভৱ হৈছে যে শাৰীৰিক ফিটনেছৰ বাবে এই উপায়ে কাৰ্যকৰী উপায় হিচাপে বিবেচিত হোৱাৰ লগতে আবেগিক সম্পৰ্ক উন্নীত হৈছে, বুজাবুজি বৃদ্ধি পাইছে, পাৰস্পৰিক সহযোগিতাও বৃদ্ধি পাইছে যিয়ে পৰিয়াল এটা একাত্ম হৈ থাকিবৰ বাবে প্ৰয়োজনীয় আটাইখিনি দিশেই প্ৰদান কৰিছে আৰু পৰিয়ালৰ এক শক্তি হিচাপে বিবেচিত হৈছে। সাধাৰণতে দেখা যায় যে যিকোনো ভাল অভ্যাস আমাক আমাৰ মা-দেউতাই শিকায়। কিন্তু ফিটনেছৰ ক্ষেত্ৰত এই বিষয়টো অলপ ওলোটা হৈছে। এতিয়া যুৱ সমাজে ইয়াৰ উদ্যোগ গ্ৰহণ কৰিছে, আগভাগ লৈছে। আৰু মা- দেউতাকো শাৰীৰিক অনুশীলন কৰিবলৈ উৎসাহিত কৰিছে।

 

বন্ধুসলকল, প্ৰবাদ আছে

মন চংগা তো কঠোতি মে গংগা

 

এই বাৰ্তা আধ্যাত্মিকভাৱে আৰু সামাজিকভাৱেও যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু ইয়াত আৰু এক গভীৰ তত্ব নিহিত হৈ আছে, যিটো আমাৰ দৈনন্দিন জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ এইটোও এক অৰ্থ যে আমাৰ মানসিক স্বাস্থ্যও যথেষ্ট গুৰুত্বপূৰ্ণ। অৰ্থাৎ sound mind is in a sound body. ইয়াৰ ওলোটা অৰ্থটোও ভুল নহয়। যেতিয়া আমাৰ মন ভালে থাকে, মন সুস্থ থাকে, তেতিয়া শৰীৰো সুস্থ হৈ থাকে। আৰু শেহতীয়াকৈ চৰ্চা হৈছে যে মনটোক সুস্থ কৰি ৰাখিবলৈ এটা উপায় আছে, মনটোক প্ৰসাৰিত কৰক, মনটোক বিস্তাৰিত কৰক। ব্যক্তিবিশে, যেতিয়া সংকুচিত ‘মই’টোৰ পৰা আগবাঢ়ি পৰিয়াল, সমাজ আৰু দেশক নিজৰেই প্ৰসাৰিত মনটোৰ অংশ বুলি ধৰি লয় তেতিয়াই তেওঁৰ নিজৰ মাজত এক আত্মবিশ্বাস গঢ় লৈ উঠে, মানসিকভাৱে শক্তিশালী হ’বৰ বাবে এক বৃহৎ ঔষধিৰ কাম কৰে ই। আৰু সেইবাবেই স্বামী বিবেকানন্দই কৈছিল – "শক্তি সামৰ্থ্যই জীৱন, দুৰ্বলতাই মৃত্যু। প্ৰসাৰতাই জীৱন, সংকোচনেই মৃত্যু।”

আজিকালি মানুহৰ সৈতে, সমাজৰ সৈতে, দেশৰ সৈতে জড়িত হ’বলৈ আৰু জড়িত হৈ থকাৰ পদ্ধতি আৰিু মাধ্যমৰ কোনো অভাৱ নাই, এতিয়া সুযোগেই সুযোগ। আৰু প্ৰেৰণাৰ বাবে আমাৰ ওচৰে পাজৰেও যথেষ্ট উদাহৰণ আছে। আজি আমি যি সাতগৰাকী মহান ব্যক্তিত্বক বাচনি কৰিছো, তেওঁলোকতকৈ আৰু ডাঙৰ প্ৰেৰণা কি হ’ব পাৰে, আমাৰ বাবে কৰণীয় কেৱল নিজৰ ৰুচি অভিৰুচি অনুসৰি কিছুমান কাম বাচনি কৰিব ল’ব লাগিব আৰু সেয়া নিয়মিতভাৱে কৰিব লাগিব। মই দেশবাসীক আহ্বান জনাও, প্ৰতিটো প্ৰজন্মৰে মহান ব্যক্তিত্বসকলক আহ্বান জনাও যে আপোনালোকে কিদৰে আনক সহায় কৰিব সেয়া থিৰাং কৰি লওঁক, নিজৰ সময়, নিজৰ জ্ঞান, নিজৰ দক্ষতা, শাৰীৰিক সহায়, যিয়েই নহওঁক, মুঠতে সহায় কৰাটো নিশ্চিত কৰক।

বন্ধুসকল, মোৰ বিশ্বাস যে দেশবাসীয়ে ফিট ইণ্ডিয়া অভিযানৰ সৈতে আৰু ব্যাপক ৰূপত জড়িত হৈ পৰিব আৰু আমি সকলোৱে লগলাগি দেশৰ জনসাধাৰণক ইয়াৰ সৈতে জড়িত কৰি যাম। ফিট ইণ্ডিয়া অভিযান প্ৰকৃততে এক হিট ইণ্ডিয়া অভিযানো হয়। সেইবাবে ভাৰত যিমানেই ফিট হ’ব, সিমানেই হিটো হ’ব। ইয়াত আপোনালোক সকলোৰে প্ৰয়াস সদায়েই সহায় কৰি যাব।

মই আপোনালোক সকলোকে শুভকামনাৰে আৰু সকলোকে আন্তৰিকতাৰে কওঁ যে আপোনালোক সকলোৱেই এই ফিট ইণ্ডিয়া অভিযানক এক নতুন শক্তি প্ৰদান কৰক, নতুন সংকল্পৰ সৈতে আগুৱাই লৈ যাওঁক, ফিট ইণ্ডিয়া ব্যক্তিসমষ্টিৰ এক অনবদ্য যাত্ৰাৰ অংশীদাৰ হওঁক। তাৰেই কামনাৰে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study

Media Coverage

Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to brave participants of the Quit India Movement
August 09, 2026

Prime Minister Shri Narendra Modi has remembered all those who participated in the historic Quit India Movement and paid tribute to their courage and determination in India’s freedom struggle. Shri Modi said that inspired by the leadership of Mahatma Gandhi, the clarion call of the Quit India Movement infused new energy into the freedom struggle and reflected the unwavering resolve of the people of India to break free from colonial rule.

The Prime Minister posted on X:

Remembering all those who participated in the historic Quit India Movement. Their courage will always remain an inspiration for every Indian. Inspired by the leadership of Mahatma Gandhi Ji, the clarion call of Quit India infused new energy into our freedom struggle and reflected the unwavering determination of our people to break free from colonial rule.