National Education Policy will give a new direction to 21st century India: PM Modi
Energetic youth are the engines of development of a country; Their development should begin from their childhood. NEP-2020 lays a lot of emphasis on this: PM
It is necessary to develop a greater learning spirit, scientific and logical thinking, mathematical thinking and scientific temperament among youngsters: PM

নমস্কাৰ!

মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংক মহোদয়, শ্ৰী সঞ্জয় ধত্ৰে মহোদয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ গাঁথনি প্ৰস্তুত কৰা সমিতিৰ অধ্যক্ষ ডাঃ কস্তুৰী ৰংগন মহোদয়, তেওঁৰ দলৰ সন্মানীয় সদস্যগণ, এই বিশেষ সন্মিলনত অংশগ্ৰহণ কৰা সকলো ৰাজ্যৰ বিদ্বান, উপাচাৰ্য, শিক্ষক, ভদ্ৰ মহিলা তথা ভদ্ৰ পুৰুষসকল, আজি আমি এনে এক ক্ষণৰ অংশীদাৰ হ’বলৈ গৈছো যি আমাৰ দেশৰ ভৱিষ্যতৰ ভেঁটি গঢ়াত সহায়ক হ’ব৷ ই এনে এক ক্ষণ য’ত নতুন যুগৰ নিৰ্মাণৰ বীজ ৰোপণ কৰা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে একবিংশ শতিকাৰ ভাৰতক নতুন দিশ প্ৰদান কৰিব৷

বন্ধুসকল, বিগত তিনিটা দশকত বিশ্বৰ প্ৰতিটো ক্ষেত্ৰ পৰিৱৰ্তিত হৈছে৷ প্ৰতিটো ব্যৱস্থা পৰিৱৰ্তিত হৈছে৷ এই তিনিটা দশত আমাৰ জীৱনৰ বোধহয় এনে কোনো পক্ষ নাই যি পূৰ্বৰ দৰে হৈ আছে৷ কিন্তু সেই পথ, যাৰ দ্বাৰা আগবাঢ়ি সমাজ ভৱিষ্যতৰ দিশলৈ আগবাঢ়িছে, আমাৰ শিক্ষা ব্যৱস্থা, সেয়া এতিয়াও পুৰণি ভংগীমাৰেই আগবাঢ়ি আছিল৷ পুৰণি শিক্ষা ব্যৱস্থাক পৰিৱৰ্তন কৰাটো সিমানেই আৱশ্যক আছিল যিমান এখন পুৰণি ব্লেক ব’ৰ্ডক পৰিৱৰ্তন কৰাটো আৱশ্যক৷ যিদৰে প্ৰতিখন বিদ্যালয়ত পিন-আপ ব’ৰ্ড থাকে৷ তাত আৱশ্যকীয় কাগজ, বিদ্যালয়ৰ জৰুৰী আদেশ, শিশুসকলে প্ৰস্তুত কৰা ছবি আদি লগোৱা হয়৷ এই ব’ৰ্ড কিছু দিনৰ পিছতে ভৰ্তি হৈ পৰে৷ সেই পিন-আপ ব’ৰ্ডত নতুন শ্ৰেণীৰ নতুন শিক্ষাৰ্থীৰ নতুন ছবি লগোৱাৰ বাবে পুৰণিসমূহ পৰিৱৰ্তন কৰাটো আৱশ্যক হৈ পৰে৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত নতুন ভাৰতৰ,  নতুন আশাৰ, নতুন আৱশ্যকতাৰ সমাধান সূত্ৰ আগবঢ়োৱা হৈছে৷ ইয়াৰ অন্তৰালত আছে বিগত চাৰি-পাঁচটা বছৰৰ কঠোৰ পৰিশ্ৰম, প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো ভাষাৰ লোকে ইয়াৰ ওপৰত দিনে-ৰাতিয়ে কাম কৰি আছে৷  কিন্তু এই কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ বৰঞ্চ আচল কাম এতিয়াহে আৰম্ভ হৈছে৷ এতি আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক কাৰ্যকৰী ধৰণে প্ৰণয়ন কৰিব লাগিব৷ আৰু এই কাম আমি সকলোৱে ঐক্যৱদ্ধ হৈ কৰিম৷ মই জানো যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ঘোষণা হোৱাৰ পিছত আপোনালোকৰ বহুতৰে মনত বহু প্ৰশ্নৰ উদয় হৈছে৷ এই শিক্ষা নীতি কি? ই কিদৰে পৃথক৷ ইয়াৰ দ্বাৰা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত কি পৰিৱৰ্তন সাধিত হ’ব? এই শিক্ষা নীতিত শিক্ষকৰ বাবে কি আছে? ছাত্ৰৰ বাবে কি আছে? আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ, ইয়াক সফলতাৰে প্ৰণয়ন কৰাৰ বাবে কি কি কৰিব লাগিব, কিদৰে কৰিব লাগিব? এই প্ৰশ্ন সাৰ্থক আৰু আৱশ্যকো৷ আৰু সেইবাবে আমি এই কাৰ্যসূচীৰ জৰিয়তে ঐক্যৱদ্ধ হৈছো যাতে ইয়াৰ ওপৰত আলোচনা কৰিব পাৰো, সন্মুখৰ পথ প্ৰস্তুত কৰিব পাৰো৷ মোক কোৱা হৈছে যে কালিও দিনটো আপোনালোকে এই বিষয়ত ঘণ্টাজুৰি আলোচনা কৰিছে৷

শিক্ষকসকলে স্বয়ং নিজৰ হিচাপত শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰক, শিশুসকলে নিজৰ পুতলা সংগ্ৰহালয় নিৰ্মাণ কৰক, অভিভাৱকসকলক জড়িত কৰোৱাৰ বাবে কমিউনিটী পুথিভঁৰাল হওক, ছবিৰ সৈতে বহুভাষিক অভিধান হওক, বিদ্যালয়তো কিটচেন গাৰ্ডেন হওক, এনে বহু বিষয়ৰ ওপৰত আলোচনা হৈছে, পৰামৰ্শ প্ৰদান কৰা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰাৰ এই অভিযানত আমাৰ অধ্যক্ষ আৰু শিক্ষকমণ্ডলীয়ে পূৰ্ণ উৎসাহেৰে যোগদান কৰাত মই সুখী অনুভৱ কৰিছো৷

কিছু দিন পূৰ্বে শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰাৰ পিছত সমগ্ৰ দেশৰ শিক্ষকসকলৰ পৰা মাই গভ প’ৰ্টেলত তেওঁলোকৰ পৰামৰ্শ বিচৰা হৈছিল৷ এসপ্তাহত ১৫ লক্ষাধিক পৰামৰ্শ লাভ কৰা হৈছে৷ এই পৰামৰ্শসমূহৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিক অধিক কাৰ্যকৰী ধৰণে প্ৰণয়ন কৰাত সহায়ক হ’ব৷ এই বিষয়সমূহত অধিক সজাগতা প্ৰদান কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে অনেক ধৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে৷

বন্ধুসকল, যিকোনো এখন দেশ বিকাশক গতি প্ৰদান কৰাৰ বাবে সেই দেশৰ যুৱ প্ৰজন্ম আৰু যুৱ শক্তিৰ ভূমিকা অপৰিসীম হয়৷ কিন্তু সেই যুৱ প্ৰজন্মৰ নিৰ্মাণ শৈশৱৰ পৰাই আৰম্ভ হয়৷ শৈশৱ যেনেকুৱা হ’ব, ভৱিষ্যতৰ জীৱনৰ বহু কথা তাৰ ওপৰত নিৰ্ভৰ কৰে৷ শিশুসকলৰ শিক্ষা, তেওঁলোকে লাভ কৰা বাতাৱৰণে বহু দূৰ পৰ্যন্ত এয়া নিশ্চিত কৰে যে ভৱিষ্যতে ব্যক্তিহিচাপে তেওঁ কেনেকুৱা হ’ব, তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ’ব৷ সেইবাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিশুসকলৰ শিক্ষাৰ ওপৰত অধিক জোৰ দিয়া হৈছে৷ প্ৰাক্-বিদ্যালয়ত শিশুসকলে প্ৰথমবাৰ পিতৃ-মাতৃৰ শুশ্ৰূষা আৰু আৰামদায়ক পৰিবেশৰ পৰা বাহিৰলৈ ওলোৱাৰ আৰম্ভণি কৰে৷ এয়া প্ৰথমটো পৰ্যায়, যেতিয়া শিশুসকলে নিজৰ আবেগ, নিজৰ দক্ষতাক অধিক উন্নত ধৰণে বুজি পাবলৈ আৰম্ভ কৰে৷ ইয়াৰ বাবে এনে বিদ্যালয়, এনে শিক্ষকৰ প্ৰয়োজন যি শিশুসকলক ধেমেলীয়া শিক্ষণ, ক্ৰীড়াভিত্তিক শিক্ষণ, কাৰ্যকলাপভিত্তিক শিক্ষণ আৰু আৱিষ্কাৰভিত্তিক শিক্ষণৰ পৰিবেশ প্ৰদান কৰিব পাৰে৷ 

মই জানো যে আপোনালোকে ভাবিছে যে ক’ৰোনা এই সময়ত এইবোৰ কিদৰে হ’ব?  ক’ৰোনাৰ এই অৱস্থা সদায়েই নাথাকে৷ শিশুসকলে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ যাওতে তেওঁলোকৰ মনত শিকাৰ ভাৱনা অধিক হওক, তেওঁলোকৰ মন, তেওঁলোকৰ মস্তিষ্ক বৈজ্ঞানিক আৰু তৰ্কশীল হওক, তেওঁলোকৰ তাত গাণিতিক চিন্তা আৰু বৈজ্ঞানিক প্ৰকৃতি বিকশিত হওক, এয়া অতিশয় আৱশ্যক৷ আৰু গাণিতিক চিন্তাৰ অৰ্থ কেৱল এয়াই নহয় যে শিশুসকলে কেৱল গণিতৰ সমস্যা সমাধান কৰে, বৰঞ্চ এয়া এক চিন্তাৰ প্ৰক্ৰিয়াহে৷ এই প্ৰক্ৰিয়া আমি তেওঁলোকক শিকাব লাগিব৷ প্ৰতিটো বিষয়, জীৱনৰ পদক্ষেপত গাণিতিক আৰু লজিকেলৰ ৰূপত বুজি পোৱাৰ দৃষ্টিকোণ আছে, যাতে মস্তিষ্কই বিভিন্ন বিভিন্ন ধৰণে বিশ্লেষণ কৰিব পাৰে৷ এই দৃষ্টিকোণ, মন আৰু মস্তিষ্কৰ এই বিকাশ অতিশয় জৰুৰী আৰু সেইবাবেই ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াৰ ধৰণ-কৰণসমূহত গুৰুত্ব প্ৰদান কৰা হৈছে৷ আপোনালোকৰ বহুতে, বহু অধ্যক্ষই এয়া চিন্তা কৰিছে যে আমি আমাৰ বিদ্যালয়ত এয়া পূৰ্বতেই কৰিছিলো৷ কিন্তু বহু বিদ্যালয় এনে আছে য’ত এয়া হোৱা নাছিল৷ সমভাৱ সৃষ্টি কৰাটো অতিশয় আৱশ্যক৷ এয়াও এক কাৰণ যাৰ বাবে আজি আপোলোকৰ সৈতে বিস্তাৰিতভাৱে, প্ৰতিটো বিষয়ত আলোচনাত মিলিত হৈছো৷

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিত পুৰণি দ্বাদশ শ্ৰেণীৰ স্থানত ৫ প্লাছ  ৩ প্লাছ ৩ প্লাছ ৪ৰ ব্যৱস্থা অতিশয় চিন্তা-চৰ্চা কৰি কৰা হৈছে৷ ইয়াক প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষাক এক বুনিয়াদী ৰূপত, ভেঁটিৰ ৰূপত অন্তৰ্ভুক্ত কৰা হৈছে৷ আজি আমি দেখা পাও যে প্ৰাক্-বিদ্যালয়ৰ খেলুৱৈসূলভ শিক্ষা চহৰ, ব্যক্তিগত বিদ্যালয়তেই সীমাৱদ্ধ হৈছে৷ এতিয়া এয়া গাঁৱতো উপলব্ধ হ’ব, দুখীয়াৰ ঘৰতো উপলব্ধ হ’ব, ধনী, গাঁও-চহৰ, প্ৰতিটো স্থানৰ প্ৰতিজন শিশুৱে লাভ কৰিব৷  মূলভূতঃ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান এই নীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত Foundational Literacy and Numeracy বিকাশক এক ৰাষ্ট্ৰীয় অভিযানৰ ৰূপত গ্ৰহণ কৰা হ’ব৷ প্ৰাৰম্ভিক ভাষাৰ জ্ঞান , সংখ্যাৰ জ্ঞান, শিশুসকলৰ মাজত সাধাৰণ লেখা-পঢ়াৰ জ্ঞানৰ ক্ষমতাৰ বিকাশ, এয়া অতিশয় আৱশ্যক৷ শিশুসকলে আগলৈ গৈ  Read To Learn কৰক, ইয়াৰ বাবে আৱশ্যক হ’ল Learn To Read শিকা৷ Learn To Readৰ পৰা Read To Learnৰ এই বিকাশৰ যাত্ৰা Foundational Literacy and Numeracyৰ মাধ্যমেৰে পূৰণ কৰা হ’ব৷

বন্ধুসকল, আমি এয়া সুনিশ্চিত কৰিব লাগিব যে যিবোৰ শিশুৱে তৃতীয় শ্ৰেণী উত্তীৰ্ণ হয়, তেওঁলোকে এক মিনিটত ৩০ৰ পৰা ৩৫টা শব্দ যাতে সহজে পঢ়িব পাৰে৷ ইয়াক আপোনালোকে Oral Reading Fluency বুলি ক’ব পাৰে৷ যিবোৰ শিশুক আমি এই পৰ্যায়লৈ আনিব পাৰিম, শিকাবলৈ পাৰিম, ভৱিষ্যতে সেই শিক্ষাৰ্থীসকলে অন্য পাঠ্যক্ৰমৰ বিষয়বোৰ বুজি পোৱাত সহজ পাব৷ মই ইয়াৰ বাবে আপোনালোকক এটা পৰামৰ্শ দিও৷ এই যে সৰু সৰু শিশুবোৰ..তেওঁলোকৰ সৈতে ২০-২৫ জন বন্ধু একেটা শ্ৰেণীকোঠাতে থাকে৷ আপোনালোকে তেওঁক কওক, তুমি কিমানজনৰ নাম জানা..কোৱা৷  পুনৰ কওত, কিমান ক্ষীপ্ৰ গতিত তুমি তেওঁলোকৰ নাম ক’ব পাৰা, পুনৰ কওক যিমান ক্ষীপ্ৰতাৰে কোৱা আৰু সেইজনক তাতে থিয়ও কৰোৱা৷ আপোনালোকে চাওক, এনে ধৰণৰ কিমান প্ৰকাৰৰ প্ৰতিভা বিকশিত হ’ব, প্ৰথমে ফটো দেখুৱাই লিখাব পাৰে৷ নিজৰ বন্ধুসকলক চিনি পোৱাটো শিকোৱা….ইয়াক শিক্ষণৰ এটা প্ৰক্ৰিয়া বুলি কোৱা হয়৷ ইয়াৰ দ্বাৰা পিছৰ শ্ৰেণীসমূহত বোজা লাঘৱ হ’ব, আপোনালোক শিক্ষকৰো বোজা লাঘৱ হ’ব৷ লগতে সাধাৰণ গণিত যেনে যোগ, বিয়োগ, পূৰণ, হৰণ, এই সকলোবোৰ শিশুসকলে সহজে বুজি পাব৷ এয়া তেতিয়াহে হ’ব যেতিয়া পঢ়া-কিতাপ আৰু শ্ৰেণীকোঠাৰ চাৰিওখন দেৱালৰ পৰা বাহিৰলৈ ওলাই বাস্তৱিক  পৃথিৱীৰ সৈতে জড়িত হ’ব, আমাৰ জীৱনৰ সৈতে, আশ-পাশৰ পৰিবেশৰ সৈতে জড়িত হ’ব৷ আশ-পাশৰ সামগ্ৰীৰ সৈতে, বাস্তৱিক বিশ্বৰ সৈতে শিশুসকলে কিদৰে শিকিব পাৰে, ইয়াৰ এটা উদাহৰণ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কাহিনীত আমি দেখিবলৈ পাম৷ কোৱা হয় যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ যেতিয়া আঠ বছৰীয়া আছিল, তেতিয়া ইংৰাজী পঢ়োৱা হোৱা নাছিল৷ এবাৰ তেওঁ নিজৰ পিতৃৰ সৈতে কলকাতালৈ গৈ আছিল, তেতিয়া তেওঁ পথৰ কাষত ইংৰাজীত লিখা মাইলষ্টোন দেখিবলৈ পাইছিল৷ তেওঁ নিজৰ পিতৃক সুধিলে যে ইয়াত কি লিখা আছে? তেতিয়া তেওঁৰ পিতৃয়ে ক’লে যে ইয়াত কলকাতা কিমান দূৰ সেয়া লিখা আছে৷ এই উত্তৰৰ দ্বাৰা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ শিশুমনত জিজ্ঞাসা বৃদ্ধি পালে৷ তেওঁ সুধি থাকিল আৰু তেওঁৰ পিতৃয়ে সেই মাইলৰ পাথৰত কি লিখা আছে কৈ থাকিল৷ কলকাতা পোৱালৈ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ইংৰাজীৰ গণনা শিকা হ’ল৷ ১,২,৩,৪….৭,৮,৯,১০ এয়া হ’ল জিজ্ঞাসাৰ অধ্যয়ন, জিজ্ঞাসাৰ পৰা শিকা আৰু শিকাৰ শক্তি!

বন্ধুসকল, যেতিয়া শিক্ষাক ওচৰ-পাজৰৰ পৰিবেশৰ সৈতে জড়িত কৰোৱা হয়, তাৰে প্ৰভাৱ বিদ্যাৰ্থীৰ সমগ্ৰ জীৱনৰ ওপৰত পৰে, সমগ্ৰ সমাজৰ ওপৰতো পৰে৷ উদাহৰণস্বৰূপে জাপানক চাওক, তাত ছিনৰিন য়ুকোৰ প্ৰচলন আছে৷ শিনৰিনৰ অৰ্থ হ’ল বন বা জংগল, আৰু য়ুকোৰ অৰ্থ হ’ল স্নান৷ অৰ্থাৎ বন-স্নান৷ তাত শিক্ষকসকলক হাবিত, অৰ্থাৎ য’ত বৃক্ষ-তৰু অধিক হয়, এনে জংগল লৈ যোৱা হয়, য’ত শিশুৱে প্ৰকৃতিক স্বাভাৱিক ৰূপত অনুভৱ কৰে৷ বৃক্ষ-পুলিৰ ফুল, ফলক শুনক, স্পৰ্শ কৰক, সোৱাদ লওক, ঘ্ৰাণ লওক৷ শিশুৱে ইয়াৰ পৰা আনন্দিতও হয় আৰু লগতে কিমান বস্তু শিকিবলৈ পায়৷ মোৰ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো….তেতিয়া তাত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল৷ আমি সকলো বিদ্যালয়লৈ এক জাননী জাৰি কৰিছিলো…আমি কৈছিলো যে সকলো বিদ্যালয়ৰ শিশুসকলে নিজৰ গাঁৱৰ ভিতৰত সবাতোকৈ বয়সীয়াল বৃক্ষ কোনডাল আছে সেয়া সন্ধান কৰক৷ তেতিয়া  তেওঁলোকে বিভিন্ন স্থান পৰিভ্ৰমণ কৰিবলগীয়া হ’ল, গাঁৱৰ সকলো গছ-গছনি প্ৰত্যক্ষ কৰিবলগীয়া হ’ল….শিক্ষকক সুধিবলগীয়া হ’ল৷ আৰু সকলোলে সহমত প্ৰকাশ কৰিলে যে এই বৃক্ষডাল সবাতোকৈ পুৰণি আৰু পিছত শিশুসকলে বিদ্যালয়লৈ আহি তাৰ ওপৰত গীত ৰচনা কৰিলে…নিবন্ধ লিখিলে…বক্তব্য প্ৰদান কৰিলে…অৰ্থাৎ সেই বৃক্ষডালৰ মহত্ব কিমান চাওক৷

কিন্তু সেই প্ৰক্ৰিয়াত তেওঁলোকে বহু বৃক্ষ প্ৰত্যক্ষ কৰিবলগীয়া হ’ল, বয়সীয়াল বৃক্ষ সন্ধান কৰিবলগীয়া হ’ল৷ বহুত কথা শিকিবলগীয়া হ’ল আৰু এই প্ৰয়োগ অতিশয় সফল আছিল বুলি মই ক’ব পাৰো৷ এফালে শিশুসকলে পৰিবেশৰ বিষয়ে জানিব পাৰিলে আৰু লগতে নিজৰ গাঁৱৰ বিষয়ে বহু তথ্য লাভ কৰাৰ সুবিধাও পালে৷ আমি এইদৰে নতুন নতুন পদ্ধতি গ্ৰহণ কৰিব লাগিব৷ আমাৰ এই প্ৰয়োগ, নতুন যুগৰ শিক্ষণৰ মূলমন্ত্ৰ হ’ব লাগে- Engage, Explore, Experience, Express আৰু Excel৷ অৰ্থাৎ শিক্ষাৰ্থীসকলে নিজৰ ৰুচি হিচাপত গতিবিধি, ঘটনাসমূহৰ সৈতে, প্ৰকল্পসমূহৰ সৈতে জড়িত হওক৷ ইয়াক নিজৰ হিচাপত বহিঃপ্ৰকাশ ঘটাওক৷  এই গতিবিধি, ঘটনা, প্ৰকল্পক বিভিন্ন দৃষ্টিকোণক নিজৰ অভিজ্ঞতাৰ সৈতে শিকক৷ এই সকলো গোটাই পুনৰ excel কৰাৰ পথ প্ৰস্তুত কৰক৷

এতিয়া চাওক, আপুনি শ্ৰেণীকোঠাত ৰে’লৱেৰ ইঞ্জিনৰ বিষয়ে পঢ়াও…কিন্তু কেতিয়াবা গাঁৱৰ নিকটৱৰ্তী ৰে’লৱে ষ্টেচনলৈ লৈ যাওক..শিশুসকলক ইঞ্জিন কেনেকুৱা দেখাওক, কেতিয়াবা বাছ ষ্টেচনলৈ লৈ যাওক…বাছ কেনেকুৱা দেখাওক৷ মই জানো যে বহু অধ্যক্ষ আৰু শিক্ষকে পুনৰ এয়া চিন্তা কৰিছে যে তেওঁলোকেতো নিজৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত এনেকুৱা পূৰ্বতেই কৰিছে৷ মই জানো যে বহু শিক্ষক উদ্ভাৱনী মানসিকতাৰ হয়৷ কিন্তু সকলো স্থানতে এনে নহয়৷ আৰু ইয়াৰ বাবে বহু শিক্ষাৰ্থী কাৰিকৰী জ্ঞানৰ পৰা বিদূৰ হৈ ৰয়৷ আমি এই ভাল কথাবোৰ যিমানেই সম্প্ৰসাৰিত কৰিম সিমানেই আমাৰ আন শিক্ষক বন্ধুসকলেও শিকিব পাৰিব৷ শিক্ষকসকলৰ মাজত অভিজ্ঞতা যিমানেই বিনিময় হ’ব সিমানেই শিশুসকলো উপকৃত হ’ব৷

বন্ধুসকল, আমাৰ দেশত প্ৰতিটো ক্ষেত্ৰত কিবা নহয় কিবা এটা বিশেষত্ব আছে৷, কোনোবাটো নহয় কোনোবাটো পাৰম্পৰিক কলা, কাৰিকৰী সামগ্ৰী সকলো স্থানতে বিখ্যাত৷ যেনে বিহাৰৰ ভাগলপুৰৰ শাৰী, তাৰে ছিল্ক সমগ্ৰ দেশ বিখ্যাত৷ শিক্ষাৰ্থীসকলে সেইসমূহ পৰিদৰ্শন কৰক, চাওক, কিদৰে কাপোৰ প্ৰস্তুত কৰা হওক৷ তেওঁলোকক কাম কৰা মানুহক প্ৰশ্ন সুধিবলৈ শিকাওক যে তেওঁলোকে কেনেদৰে কাম কৰিছে৷ শ্ৰেণীকোঠাতেই প্ৰশ্ন শিকাই লৈ যাওক৷ এয়াই হ’ল শিক্ষণ প্ৰক্ৰিয়া৷ শিশুৱে যেতিয়া নিজৰ ইচ্ছামতে প্ৰশ্ন সুধিব তেতিয়া তেওঁ বহু কথা শিকিবলৈ পাব৷

বিদ্যালয়লৈও এনে দক্ষ লোকক মাতিব পৰা যায়৷ তাত তেওঁলোকৰ প্ৰদৰ্শনী, কৰ্মশালা স্থাপন কৰিব পৰা যায়৷ ধৰি লওক, গাঁৱত মাটিৰ যি বাচন নিৰ্মাণ কৰা লোক  আছে তেওঁলোকক এদিন মাতি দিলে, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সেয়া দেখিলে, প্ৰশ্ন কৰিলে, চাব তেওঁলোকে কিমান আৰামেৰে শিকি যাব৷ বিদ্যাৰ্থীসকলৰো জিজ্ঞাসা বৃদ্ধি হ’ব আৰু শিকাৰ ৰুচিও বৃদ্ধি হ’ব৷ এনে কিমান বিষয় আছে যাৰ বাবে গভীৰ দক্ষতাৰ প্ৰয়োজন কিন্তু সেইসমূহক গুৰুত্ব প্ৰদান কৰা নহয়, কিন্তু শিশুসকলে এয়া সুন্দৰকৈ শিকি লয়৷ যদি শিক্ষাৰ্থীসকলে ইয়াক দেখা পায় তেতিয়া ইয়াৰ সৈতে এক ভাৱনাত্মক পদ্ধতি জড়িত হ’ব, তেওঁলোকে দক্ষতাৰ বিষয়ে জানিব, তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিব৷

হ’ব পাৰে যে ডাঙৰ হৈ বহু শিশু এনে উদ্যোগৰ সৈতেই জড়িত হ’ব পাৰে, উদ্যোগপতি হ’ব পাৰে৷ শিশুসকলৰ মনত সংবেদনা জগোৱাৰ কথা আহিলে…এতিয়া শিশুসকলে অটো ৰিক্সাত অহা যোৱা কৰে…কেতিয়াবা তেওঁলোকে সেই অটো চালকৰ নাম সুধিব পাৰে….তেওঁৰ ঘৰ ক’ত…তেওঁৰ জন্মদিন কেতিয়া আদি সুধিব পাৰে৷ ইয়াৰ জৰিয়তে শিশুটোৰ তেওঁৰ প্ৰতি সংবেদনাৰ ভাৱ জাগ্ৰত হ’ব৷

সেইদৰে, যদি আন কোনো পেছাও বাচনি কৰা হয়, অভিযন্তাও যদি হয় তেন্তে তেওঁৰ মস্তিষ্কত এইটো কথাই থাকিব যে নতুন কি উদ্ভাৱন কৰিব পাৰি৷ ঠিক সেইদৰে, চিকিৎসালয়, অগ্নি নিৰ্বাপক কেন্দ্ৰ অৰ্থাৎ আন কোনো স্থানৰ পৰিদৰ্শনো শিক্ষণৰ অংশ হ’ব পাৰে৷ শিশুসকলক সেই স্থানলৈ লৈ যাব লাগে…তেওঁলোকেও গম পাব যে চিকিৎসক কিমান প্ৰকাৰৰ আছে৷ ডেণ্টিষ্ট কি….চকু চিকিৎসালয় কেনেকুৱা হয়৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ জিজ্ঞাসা বৃদ্ধি পাব৷

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিক এইদৰে প্ৰস্তুত কৰা হৈছে যাতে ছিলেবাচৰ প্ৰভাৱ কম হয় আৰু মৌলিক বিষয়সমূহৰ ওপৰত ধ্যানকেন্দ্ৰিত কৰা হয়৷ শিক্ষণক সংবদ্ধ তথা আন্তঃনিয়মানুৱৰ্তিতা, ধেমেলীয়া আৰু সম্পূৰ্ণ অভিজ্ঞতামূলক হিচাপে প্ৰস্তুত কৰাৰ বাবে এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামো বিকশিত কৰা হ’ব৷ এয়াও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ২০২২ চনত যেতিয়া আমি স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিম তেতিয়াৰ আমাৰ শিক্ষাৰ্থীসকলে এই নতুন পাঠ্যক্ৰমৰ সৈতে নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িব৷ এয়াও অগ্ৰৱৰ্তী, ভৱিষ্যতৰ বাবে প্ৰস্তুক আৰু বিজ্ঞানসন্মত পাঠ্যক্ৰম হ’ব৷ ইয়াৰ বাবেও পৰামৰ্শ গ্ৰহণ কৰা হ’ব আৰু সকলো ধৰণৰ পৰামৰ্শ আৰু আধুনিক শিক্ষা ব্যৱস্থাক ইয়াৰ সৈতে অন্তৰ্ভুক্ত কৰোৱা হ’ব৷

বন্ধুসকল, ভৱিষ্যতৰ পৃথিৱী আমাৰ আজিৰ পৃথিৱীতকৈ পৃথক হ’ব৷ আমি এই প্ৰয়োজনীয়তাসমূহ এতিয়াৰে পৰাই অনুধাৱন কৰিব পাৰো, অনুভৱ কৰিব পাৰো৷ এনে ক্ষেত্ৰত আমি আমাৰ শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ দক্ষতাৰ সৈতে আগবঢ়াই নিব লাগিব৷ এই একবিংশ শতিকাৰ দক্ষতা কেনে হ’ব? এয়া হ’ব-গুৰুত্বপূৰ্ণ চিন্তা-সৃজনীশীলতা-সংবদ্ধতকা-কৌতুহলতা আৰু যোগাযোগ৷ আমাৰ শিক্ষাৰ্থীসকলে বহনক্ষম ভৱিষ্যত, বহনক্ষম বিজ্ঞানৰ বিষয়ে যাতে জানে, সেই দিশত চিন্তা কৰে, এয়া সময়ৰ আহ্বান আৰু এয়া অতিশয় আৱশ্যকো৷ সেইবাবে শিক্ষাৰ্থীসকলে আৰম্ভণিতেই যাতে কোডিং শিকে, কৃত্ৰিম বুদ্ধিমত্তাক বুজি পায়, ইণ্টাৰনেট অব্ থিংছ, ক্লাউড কম্পিউটিং, ডাটা ছায়েন্স আৰু ৰবটিকছৰ সৈতে জড়িত হওক৷ এয়া আমি চাব লাগিব৷

বন্ধুসকল, আমাৰ পূৰ্বৰ যি শিক্ষা নীতি আছিল, সেইসমূহে আমাৰ শিক্ষাৰ্থীসকলক বান্ধি ৰাখিছিল৷ উদাহৰণস্বৰূপে, যি শিক্ষাৰ্থীয়ে বিজ্ঞান লৈছিল তেওঁলোকে কলা বা বাণিজ্য পঢ়িব নোৱাৰিছিল৷ কিন্তু বাস্তৱিক পৃথিৱীত, আমাৰ জীৱনত এনেকুৱা হ’ব পাৰে নেকি যে কেৱল এটা ক্ষেত্ৰতেই আমি সকলো তথ্যৰে কাম হয়? প্ৰকৃততে এটা বিষয় আনটো বিষয়ৰ সৈতে জড়িত৷ প্ৰতিটো বিষয়ৰ আন্তঃসংযোজিতা আছে৷ শিক্ষাৰ্থীয়ে যেতিয়া এটা বিষয় পঢ়িবলৈ লয়, পিছলৈ তেওঁৰ এনে লাগে যে তেওঁ আন এটা বিষয়ত অধিক ভালকৈ পঢ়িব পাৰে৷ কিন্তু বৰ্তমান ব্যৱস্থাই পৰিৱৰ্তনৰ সৈতে, নতুন সম্ভাৱনাৰ সৈতে জড়িত হোৱাৰ অৱকাশেই প্ৰদান নকৰে৷ সেয়ে অধিক সংখ্যক শিক্ষাৰ্থীয়ে আধাতে পঢ়া এৰাৰ দৰে অৱস্থাৰ সৃষ্টি হয়৷ সেইবাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিক্ষাৰ্থীসকলক যিকোনো বিষয় বাচনি কৰাৰ অৱকাশ প্ৰদান কৰা হৈছে৷ মই ইয়াক বৃহৎ সংস্কাৰৰ ৰূপত প্ৰত্যক্ষ কৰিছো৷ ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকল  এতিয়া বিজ্ঞান অথবা বাণিজ্য আদিৰ দৰে যিকোনো এটা বিষয়তে সীমাৱদ্ধ হৈ নাথাকিব৷ দেশৰ প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা বিকশিত কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব৷

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিত আন এক বৃহৎ সমস্যাৰো সমাধান কৰা হৈছে৷ ইয়াত বহু অভিজ্ঞ লোকো আছে, তেওঁলোকে নিশ্চয় অনুভৱ কৰিছে আমাৰ দেশত শিক্ষণ চালিত শিক্ষাৰ স্থান নম্বৰ আৰু মাৰ্কশ্বিট শিক্ষাৰ হে প্ৰচলন আছে৷ পিতৃ-মাতৃয়েও শিশুসকলক এই বুলি প্ৰশ্ন নকৰে যে আজি কি শিকিলা, তেওঁলোকে সোধে কিমান নম্বৰ পালা? পৰীক্ষাত কিমান নম্বৰ পালা? এটা পৰীক্ষা, এখন মাৰ্কশ্বীট এজন শিক্ষাৰ্থীৰ মানসিক বিকাশৰ পেৰামিটাৰ কিদৰে হ’ব পাৰে? এয়া সত্য যে আজি মাৰ্কশ্বীট মানসিক প্ৰেছাৰশ্বীটলৈ পৰিৱৰ্তিত হৈছে আৰু পৰিয়ালৰ সন্মানৰ প্ৰতীক হৈ পৰিছে৷ অধ্যয়নৰ পৰা এই চাপক, মানসিক চাপৰ পৰা নিজৰ শিশুক মুকলি কৰাই হ’ল ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এক মুখ্য উদ্দেশ্য৷

পৰীক্ষা এনে হ’ব লাগে যে ছাত্ৰসকলৰ ওপৰত ইয়াৰ চাপ যাতে নপৰে৷ আৰু কেৱল এটা পৰীক্ষাৰ দ্বাৰাই যেন শিক্ষাৰ্থীসকলৰ মূল্যাংকন কৰা নহয়, বৰঞ্চ স্ব-পৰীক্ষণ, Peer-To-Peer assessment জৰিয়তে শিক্ষাৰ্থীসকলৰ বিভিন্ন পদক্ষেপৰ যাতে মূল্যাংকন হওক৷ সেইবাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাৰ্কশ্বীটৰ স্থানত সামগ্ৰিক প্ৰতিবেদন কাৰ্ডত গুৰুত্ব প্ৰদান কৰা হৈছে৷ মূল্যাংকন প্ৰণালীৰ সম্পূৰ্ণ সংস্কাৰৰ বাবে এক নতুন ৰাষ্ট্ৰীয় মূল্যাংকন কেন্দ্ৰ ‘পৰখো’ স্থাপন কৰা হ’ব৷

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন অহাৰ পিছত সবাতোকৈ আলোচনাৰ বিষয়বস্তু হ’ল যে শিশুসকলক কি ভাষাত পঢ়োৱা হ’ব? ইয়াত কি কি পৰিৱৰ্তন সাধন কৰা হৈছে? ইয়াত আমি এটা বিজ্ঞানসন্মত কথা বুজি পোৱাটো আৱশ্যক যে ভাষা শিক্ষাৰ এক মাধ্যম হে, ভাষাই শিক্ষা নহয়৷ কিতাপৰ অধ্যয়নৰ সৈতে জড়িক কিছুমান লোকে এই পাৰ্থক্য পাহৰি যায়৷ সেইবাবে যিটো ভাষাতেই বিদ্যাৰ্থীয়ে শিকে সেইটো ভাষাতেই অধ্যয়ন হ’ব লাগে৷ সেয়ে প্ৰাৰম্ভিক শিক্ষা মাতৃভাষাত প্ৰদান কৰা হৈছে৷

আপোনালোকৰ মাজৰ বহুতেই এই কথা জানে যে ২০১৮ চনত Programme for International Student Assessment- PISAৰ  শীৰ্ষৰ যিকেইখন দেশ আছিল, যেনে এষ্ট’নিয়া, আয়াৰলেণ্ড, ফিনলেণ্ড, জাপান, দক্ষিণ কোৰিয়া, পোলেণ্ড, এই সকলোবোৰ দেশত প্ৰাথমিক শিক্ষা মাতৃভাষাত প্ৰদান কৰা হয়৷ আমাৰ দেশত, বিশেষকৈ গ্ৰামাঞ্চলত অধ্যয়ন মাতৃভাষাত নোহোৱাৰ ফলত অধিকাংশ অভিভাৱক শিশুৰ পঢ়াৰ সৈতে জড়িত হ’ব নোৱাৰে৷ এনে ক্ষেত্ৰত শিশুৰ বাবে অধ্যয়ন এক সহজ প্ৰক্ৰিয়া হৈ নাথাকে, বৰঞ্চ অধ্যয়ন বিদ্যালয়ৰ এক কৰ্তব্যৰ দৰে হৈ পৰে৷ অভিভাৱক আৰু বিদ্যালয়ৰ মাজত এক অন্তৰালৰ সৃষ্টি হয়৷

সেইবাবে যিমান দূৰ সম্ভৱ, নিম্ন শ্ৰেণীলৈ, অন্ততঃ পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম মাতৃভাষা অথবা স্থানীয় ভাষাত ৰখাটো ৰাষ্ট্ৰীয় শিক্ষা নীতিত কোৱা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাৰ বাহিৰে আন ভাষাত শিকাৰ, শিকোৱাত কোনো প্ৰতিৱন্ধকতাৰ সৃষ্টি কৰা হোৱা নাই৷ ইংৰাজী ভাষাৰ সৈতে আন বিদেশী ভাষা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশুৰ বাবে সহায়ক হ’ব৷ আৰু লগতে সকলো ভাৰতীয় ভাষাৰো উত্তৰণ কৰা হ’ব যাতে আমাৰ তৰুণ প্ৰজন্মই দেশৰ অন্যান্য ৰাজ্যসমূহৰ ভাষা, সংস্কৃতিৰ সৈতে পৰিচিত হ’ব পাৰে, প্ৰতিটো ক্ষেত্ৰৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিব পাৰে৷

বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এই যাত্ৰাৰ পথ প্ৰদৰ্শক হ’ল আপোনালোক, দেশৰ শিক্ষকসকল৷ নতুন ধৰণৰ শিক্ষণৰেই হওক, অথবা ‘পৰখ’ৰ জৰিয়তে নতুন পৰীক্ষাই হওক, শিক্ষাৰ্থীসকলক এই নতুন যাত্ৰাত শিক্ষকসকলেই লৈ যাব লাগিব৷ কাৰণ বিমান যিমানেই অত্যাধুনিক নহওক কিয়, সেয়া বৈমানিকেই উৰাব লাগিব৷  সেইবাবে শিক্ষকসকলেও বহু নতুন কথা শিকিব লাগিব, পুৰণি কথা বাদ দিব লাগিব৷ ২০২২ চনত যেতিয়া স্বাধীনতাৰ ৭৫তম বৰ্ষ পূৰ্ণ হ’ব তেতিয়া ভাৰতৰ প্ৰতিজন শিক্ষাৰ্থী ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা দিশ-নিৰ্দেশনা অনুসৰি পঢ়ক, এয়াই হ’ব আমাৰ সামূহিক দায়িত্ব৷ মই সকলো শিক্ষক, প্ৰশাসক, স্বয়ং সেৱী সংস্থা আৰু অভিভাৱকক আহ্বান জনাইছো যে তেওঁলোকে এই ৰাষ্ট্ৰীয় অভিযানৰ সৈতে জড়িত হওক আৰু মই অভিভাৱকসকলো আহ্বান জনাইছো যে তেওঁলোকেও যাতে এই ৰাষ্ট্ৰীয় অভিযানত সহযোগ কৰে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলো শিক্ষকৰ সহযোগিতাত দেশে সফলতাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰিব পাৰিব৷

মই নিজৰ বক্তব্য সামৰণি মৰাৰ পূৰ্বে শিক্ষকসকলক জনাব বিচাৰিছো যে ক’ৰোনাৰ সময়ত আপোনালোকেও দুই গজৰ দূৰত্ব পালন কৰক, মাস্ক অথবা মুখৰ আৱৰণ ব্যৱহাৰ কৰক, নিজৰ পৰিয়ালৰ বয়স্কসকলৰ সম্পূৰ্ণ শুশ্ৰূষা কৰক, স্বচ্ছতাৰ কথায়েই হওক, এই সকলো যুদ্ধৰ নেতৃত্ব আমি পালন কৰিব লাগিব৷  আৰু শিক্ষকসকলে এই দায়িত্ব নিয়াৰিকৈ পালন কৰিব পাৰে৷ কিয়নো শিক্ষকৰ কথা শিক্ষাৰ্থীসকলে অতিশয় বিশ্বাসেৰে মানি লয়৷ শিক্ষাৰ্থীসকলৰ সন্মুখত যদি কোৱা হয় যে প্ৰধানমন্ত্ৰীয়ে এই কথা ক’লে…তেন্তে তাৰে ওপৰত চাৰিটা প্ৰশ্ন হ’ব…কিন্তু শিক্ষকে ক’লে এটাও প্ৰশ্ন নকৰিব৷ এই শ্ৰদ্ধা শিক্ষাৰ্থীসকলৰ মনত আছে৷ এয়াই আপোনালোকৰ মূলধন, বিশাল শক্তি৷

মোৰ বিশ্বাস, মোৰ দেশৰ শিক্ষকবৃন্দই ভাৰতৰ উজ্বল ভৱিষ্যতৰ বাবে ইয়াক এক অভিযানৰ ৰূপত আগুৱাই লৈ যাব৷ দেশৰ প্ৰতিজন শিশুয়ে আপোনালোকৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত, আপোনালোকৰ আদেশ পালন কৰাৰ বাবে প্ৰস্তুত, আপোনালোকৰ মনোবাঞ্ছা পূৰণ কৰাৰ বাবে প্ৰস্তুত৷ মই ভাবো যে পিতৃ-মাতৃ, শিক্ষক, চৰকাৰী ব্যৱস্থা আমি সকলোৱে ঐক্যৱদ্ধভাৱে এই কাম কৰিব লাগিব৷ মোৰ বিশ্বাস, এই যি জ্ঞান যজ্ঞ চলিবলৈ ধৰিছে, এই যি শিক্ষা পৰ্ব চলিবলৈ ধৰিছে, ৫ ছেপ্টেম্বৰৰ পৰা নিৰন্তৰে যি প্ৰয়াস চলিবলৈ ধৰিছে, এই প্ৰয়াসে সুন্দৰ ফলাফল দেখুৱাব….সময়তকৈ পূৰ্বে পৰিণাম দেখুৱাব৷ আৰু সামূহিক কৰ্তব্যৰ ফলত সমাপন হ’ব৷

এই বিশ্বাসৰ সৈতে মই পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ আপোনালোকলৈ শুভকামনা যাচিছোঁ আৰু সৰ্বদা শিক্ষকক নমস্কাৰ জনাইছো৷ আজি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে মই আপোনালোকক নমস্কাৰ জনাই মোৰ ভাষণ সামৰিছো৷

অশেষ ধন্যবাদ!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague

Media Coverage

Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Afsluitdijk Dam
May 17, 2026

Prime Minister Shri Narendra Modi accompanied by the Prime Minister of the Netherlands, H.E. Rob Jetten visited the iconic Dutch water management structure, the Afsluitdijk.
The visit underscored the shared commitment of both nations to innovative water management solutions, climate resilience, and sustainable infrastructure. The Afsluitdijk, a 32-kilometer-long dam and causeway, is a global benchmark in flood control and land reclamation, protecting large parts of the Netherlands from the North Sea while enabling freshwater storage.

The visit to the Dam put a spotlight on the parallels between the Afsluitdijk and India’s ambitious Kalpasar project in the state of Gujarat. The Kalpasar project aims to create a freshwater reservoir across the Gulf of Khambhat, integrating tidal power generation, irrigation, and transportation infrastructure. In this regard, the two sides welcomed the signing of the Letter of Intent between Ministry of Jal Shakti of India and Ministry of Infrastructure and Water Management of the Netherlands for technical cooperation on the Kalpasar project.

The two leaders noted that Dutch expertise in hydraulic engineering and India’s scale of implementation present opportunities for mutually beneficial partnerships. The visit reaffirms the India-Netherlands Strategic Partnership on Water, highlighting shared commitment to innovation and sustainability.