শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱজাতিৰ বাবে এক বৃহৎ সম্পদঃ প্ৰধানমন্ত্ৰী
ভাৰত বিশিষ্ট সাধু, ঋষি আৰু সমাজ সংস্কাৰকৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত, যিসকলে সমাজত ইতিবাচক পৰিৱৰ্তন সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী
শ্ৰী নাৰায়ণ গুৰুৱে সকলো ধৰণৰ বৈষম্যমুক্ত এখন সমাজৰ কল্পনা কৰিছিল আৰু আজি দেশে সংপৃক্ত দৃষ্টিভংগী গ্ৰহণ কৰি বৈষম্যৰ প্ৰতিটো সম্ভাৱনা আঁতৰ কৰিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
স্কিল ইণ্ডিয়াৰ দৰে অভিযানে যুৱক-যুৱতীসকলক শক্তিশালী কৰি তোলাৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতক শক্তিশালী কৰিবলৈ আমি অৰ্থনৈতিক, সামাজিক তথা সামৰিক সকলো ক্ষেত্ৰতে নেতৃত্ব দিব লাগিব। আজি দেশ এই পথেৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী

ব্ৰহ্মৰ্ষি স্বামী সচ্চিদানন্দ জী, শ্ৰীমথ স্বামী শুভাংগ-নন্দ জী, স্বামী শাৰদানন্দ জী, সকলো পূজ্য সন্তগণ, চৰকাৰত মোৰ সহকৰ্মী শ্ৰী জৰ্জ কুৰিয়ন জী, সংসদত মোৰ সহকৰ্মী শ্ৰী অডূৰ প্ৰকাশ জী, আন সকলো জ্যেষ্ঠ মহানুভৱ, দেৱী আৰু সজ্জনসকল।

পিন্নে এণ্ডে এল্লা, প্ৰিয়পেট্ট মালয়ালী সহোদিৰি সহোদৰন মাৰ্কু, এণ্ডে বিনীতমায় নমস্কৰাম্।

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

 

ভাতৃ-ভগ্নীসকল,

শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱতাৰ বাবে এক বৃহৎ সম্পদ। যিসকলে দেশ আৰু সমাজ সেৱাৰ সংকল্পত কাম কৰে, শ্ৰী নাৰায়ণ গুৰু তেওঁলোকৰ বাবে প্ৰকাশ স্তম্ভৰ দৰে। আপোনালোকে সকলোৱে জানে যে সমাজৰ শোষিত-নিপীড়িত-বঞ্চিত শ্ৰেণীটোৰ লগত মোৰ কেনেধৰণৰ সম্পৰ্ক। আৰু সেইবাবেই আজিও মই যেতিয়া সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ বাবে ডাঙৰ সিদ্ধান্ত লওঁ, তেতিয়া মই গুৰুদেৱক নিশ্চিতভাৱে স্মৰণ কৰোঁ। ১০০ বছৰৰ আগৰ সেই সামাজিক অৱস্থা, যুগ যুগ ধৰি চলি থকা দাসত্বৰ বাবে অহা বিকৃতি, সেই যুগত মানুহে সেই বেয়াবোৰৰ বিৰুদ্ধে কথা ক’বলৈ ভয় কৰিছিল। কিন্তু, শ্ৰী নাৰায়ণ গুৰুৱে বিৰোধক ভয় কৰা নাছিল, তেওঁ জটিলতাৰ প্ৰতি ভয় কৰা নাছিল, কাৰণ তেওঁৰ বিশ্বাস সমন্বয় আৰু সমতাত আছিল। তেওঁৰ বিশ্বাস সত্য, সেৱা আৰু সমন্বয়ত আছিল। এই প্ৰেৰণাই আমাক ‘সবকা সাথ, সবকা বিকাশ’ৰ পথ দেখুৱাইছে। এই বিশ্বাসেই আমাক এনে এখন ভাৰত গঢ়িবলৈ শক্তি প্ৰদান কৰে, য’ত শেষ পৰ্যায়ত থিয় দিয়া ব্যক্তিজনেই আমাৰ প্ৰথম প্ৰাধান্য।

বন্ধুসকল,

শিৱগিৰি মঠৰ লগত জড়িত মানুহ আৰু সন্তসকলেও জানে যে শ্ৰী নাৰায়ণ গুৰু আৰু শিৱগিৰি মঠৰ প্ৰতি মোৰ কিমান অগাধ বিশ্বাস আছে। মই ভাষা তো বুজিব পৰা নাছিলোঁ, কিন্তু পূজ্য সচ্চিদানন্দ জীয়ে যিবোৰ কথা কৈ আছিল, তেওঁ পুৰণি সকলো কথা মনত পেলাই আছিল। আৰু মইও দেখি আছিলোঁ যে সেই সকলোবোৰ কথাতে আপোনালোকে অতি ভাব বিভোৰ হৈ তেওঁৰ সৈতে সংযুক্ত হৈ পৰিছিল। আৰু মোৰ সৌভাগ্য যে মঠৰ পূজ্য সন্তসকলে সদায় মোক নিজৰ স্নেহ দিছে। মোৰ মনত আছে, ২০১৩ চনত, তেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রী হৈ আছিলোঁ, যেতিয়া কেদাৰনাথত প্রাকৃতিক দুর্যোগ ঘটিছিল, তেতিয়া শিৱগিৰি মঠৰ বহু পূজ্য সন্ত তাত আবদ্ধ হৈ আছিল, একাংশ ভক্তও আবদ্ধ হৈ আছিল৷ শিৱগিৰি মঠে তাত আবদ্ধ হৈ থকা মানুহবোৰক নিৰাপদে উলিয়াবলৈ ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰা নাছিল, প্ৰকাশ জী বেয়া নাপাব, শিৱগিৰি মঠে, মই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলোঁ, মোক আদেশ দিয়ে আৰু এই সেৱকৰ ওপৰত ভৰসা কৰিছিল, যে ভাই এই কামটো তুমি কৰা। আৰু ঈশ্বৰৰ কৃপাত সকলো সন্ত সকলো ভক্তক নিৰাপদে আনিবলৈ সক্ষম হৈছিলোঁ।

বন্ধুসকল,

এনেয়েও কঠিন সময়ত আমাৰ সৰ্বপ্ৰথম মনোযোগ সেইসকলৰ ফালে যায় যাক আমি নিজৰ বুলি গণ্য কৰোঁ, যাৰ ওপৰত আমি আমাৰ অধিকাৰ আছে বুলি ভাবোঁ। আৰু মই সুখী যে আপোনালোক নিজৰ অধিকাৰ মোৰ ওপৰত আছে বুলি গণ্য কৰে। শিৱগিৰি মঠৰ সন্তসকলৰ এই ঘনিষ্ঠতাতকৈ বেছি আত্মিক সুখৰ কথা মোৰ বাবে আৰু কি হ’ব পাৰে?

 

বন্ধুসকল,

মোৰ আপোনালোক সকলোৰে লগত এটা সম্পৰ্ক কাশীৰো আছে। ৱৰ্কলাক যুগ যুগ ধৰি দক্ষিণৰ কাশী বুলিও কোৱা হয়। আৰু কাশী লাগে উত্তৰৰ হওক বা দক্ষিণৰে হওক, মোৰ বাবে প্ৰত্যেক কাশী মোৰেই কাশী।

বন্ধুসকল,

মোৰ ভাৰতৰ আধ্যাত্মিক পৰম্পৰা, ঋষি-মুনিৰ ঐতিহ্য, সেয়া ওচৰৰ পৰা জনা আৰু জীয়াৰ সৌভাগ্য হৈছে। ভাৰতৰ এয়া বিশেষত্ব যে আমাৰ দেশ যেতিয়াই বিপদৰ ঘূৰ্ণীবতাহত আবদ্ধ হৈ পৰে, তেতিয়াই কোনোবা নহয় কোনোবা মহান বিভূতিয়ে দেশৰ কোনোবা এটা কোণত জন্ম লৈ সমাজক নতুন দিশ দেখুৱায়। কোনোৱে সমাজৰ আধ্যাত্মিক উত্থানৰ বাবে কাম কৰে। কোনোৱে সামাজিক ক্ষেত্ৰত সমাজ সংস্কাৰক ত্বৰান্বিত কৰে। শ্ৰী নাৰায়ণ গুৰু তেনে এজন মহান সন্ত আছিল। তেখেতৰ ‘নিবৃত্তি পঞ্চকম্’ আৰু ‘আত্মোপদেশ শতকম্’ আদি ৰচনাসমূহ, অদ্বৈত আৰু আধ্যাত্মিকতাৰ যিকোনো ছাত্ৰৰ বাবে পথ প্ৰদৰ্শকৰ দৰে।

বন্ধুসকল,

যোগ আৰু বেদান্ত, সাধনা আৰু মুক্তি শ্ৰী নাৰায়ণ গুৰুৰ মূল বিষয় আছিল। কিন্তু, তেওঁ জানিছিল যে কু-ৰীতিত আবদ্ধ হৈ থকা সমাজ এখনৰ আধ্যাত্মিক উত্থান ইয়াৰ সামাজিক উত্থানৰ জৰিয়তেহে সম্ভৱ হ’ব। সেয়েহে তেওঁ আধ্যাত্মিকতাক সমাজ-সংস্কাৰ আৰু সমাজ-কল্যাণৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল। আৰু শ্ৰী নাৰায়ণ গুৰুৰ এনে প্ৰচেষ্টাৰ পৰা গান্ধী জীয়েও প্ৰেৰণা লাভ কৰে, তেওঁৰ পৰা মাৰ্গদৰ্শন লৈছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে বিদ্বানেও শ্ৰী নাৰায়ণ গুৰুৰ লগত আলোচনা কৰি সুফল পাইছিল।

বন্ধুসকল,

এবাৰ কোনোবাই শ্ৰী নাৰায়ণ গুৰুৰ আত্মোপদেশ শতকম্ ৰমন মহৰ্ষী জীক শুনাইছিল। সেয়া শুনি ৰমন মহৰ্ষি জীয়ে কৈছিল- "অৱৰ এল্লাম তেৰিঞ্জৱৰ"। অৰ্থাৎ- তেওঁ সকলো জানে! আৰু সেই যুগত, যেতিয়া বিদেশী ধাৰণাৰ প্ৰভাৱত ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু দৰ্শনক অৱনমিত কৰাৰ ষড়যন্ত্ৰ হৈ আছিল, তেতিয়া শ্ৰী নাৰায়ণ গুৰুৱে আমাক উপলব্ধি কৰাইছিল যে দোষ আমাৰ মূল পৰম্পৰাত নাই। আমি আমাৰ আধ্যাত্মিকতাক প্ৰকৃত অৰ্থত গ্ৰহণ কৰিব লাগিব। আমি নৰত শ্ৰী নাৰায়ণক, জীৱত শিৱক দেখা পোৱা মানুহ। আমি দ্বৈতত অদ্বৈতক দেখিবলৈ পাওঁ। আমি ভেদতো অভেদ দেখিবলৈ পাওঁ। আমি বৈচিত্ৰ্যতো ঐক্য দেখিবলৈ পাওঁ।

 

বন্ধুসকল,

আপোনালোকে সকলোৱে জানে, শ্ৰী নাৰায়ণ গুৰুৰ মন্ত্ৰ আছিল - "অৰু জাতি, অৰু মতম্, অৰু দৈৱম্, মনুষ্যনু।" অৰ্থাৎ, সমগ্ৰ মানৱতাৰ ঐক্য, সকলো জীৱৰ ঐক্য! এই ধাৰণাটোৱেই হৈছে ভাৰতৰ জীৱন সংস্কৃতিৰ মূল, ইয়াৰ ভেটি। আজি ভাৰতে সেই ধাৰণাটো বিশ্ব কল্যাণৰ মনোভাৱেৰে সম্প্ৰসাৰণ কৰি আছে। আপোনালোকে চাওক, অলপতে আমি বিশ্ব যোগ দিৱস পালন কৰিলোঁ। এইবাৰ যোগ দিৱসৰ বিষয়বস্তু আছিল - Yoga for One Earth, One Health। অৰ্থাৎ এক পৃথিৱী, এক স্বাস্থ্য! ইয়াৰ পূৰ্বেও ভাৰতে বিশ্ব কল্যাণৰ বাবে ৱান ৱৰ্ল্ড, ৱান হেল্থৰ দৰে পদক্ষেপ আৰম্ভ কৰিছে। আজি ভাৰতে বহনক্ষম উন্নয়নৰ দিশত এক সূৰ্য্য, এক পৃথিৱী, এক গ্ৰীডৰ দৰে বিশ্বব্যাপী আন্দোলনকো আগুৱাই লৈ গৈছে। আপোনালোকৰ মনত থাকিব, ২০২৩ চনত যেতিয়া ভাৰতে জি-২০ শীৰ্ষ সন্মিলন আয়োজন কৰিছিল, তেতিয়া আমি ইয়াৰো বিষয়বস্তু ৰাখিছিলোঁ- "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ"। আমাৰ এই প্ৰচেষ্টাৰ লগত ‘বসুধৈৱ কুটুম্বকম’ৰ ভাবনা জড়িত হৈ আছে। শ্ৰী নাৰায়ণ গুৰুৰ দৰে সন্তসকলৰ প্ৰেৰণা জড়িত হৈ আছে।

বন্ধুসকল,

শ্ৰী নাৰায়ণ গুৰুৱে এনে এখন সমাজৰ কল্পনা কৰিছিল- যি ভেদভাবৰ পৰা মুক্ত! মই সন্তুষ্ট যে আজি দেশখনে চেচুৰেচন পদ্ধতি অনুসৰণ কৰি ভেদভাবৰ প্ৰতিটো সম্ভাৱনা নাইকিয়া কৰি আছে। কিন্তু আপোনালোকে ১০-১১ বছৰৰ আগৰ পৰিস্থিতিটো মনত পেলাওক, স্বাধীনতাৰ ইমান দশকৰ পাছতো কোটি কোটি দেশবাসীয়ে কেনেকুৱা জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল? কোটি কোটি পৰিয়ালৰ মূৰৰ ওপৰত চালিও নাছিল! লাখ লাখ গাঁৱত বিশুদ্ধ খোৱাপানী নাছিল, সৰু সৰু বেমাৰতো চিকিৎসা লোৱাৰ বিকল্প নাছিল, কোনো গুৰুতৰ ৰোগ হ’লে, জীৱন ৰক্ষাৰ কোনো উপায় নাছিল, কোটি কোটি দুখীয়া, দলিত, জনজাতীয়, নাৰী মৌলিক মানৱ মৰ্যাদাৰ পৰা বঞ্চিত হৈছিল! আৰু, এই কোটি কোটি মানুহ ইমানেই প্ৰজন্ম ধৰি এই অসুবিধাবোৰত কটাবলগীয়া হৈছিল, যে তেওঁলোকৰ মনত উন্নত জীৱনৰ আশাও মৰি গৈছিল। দেশৰ ইমান বৃহৎ জনসংখ্যা যেতিয়া ইমান যন্ত্ৰণা আৰু হতাশাত ভুগিছিল, তেতিয়া দেশ কেনেকৈ আগবাঢ়িব পাৰে? আৰু সেইবাবেই, আমি প্ৰথমে চৰকাৰৰ চিন্তাধাৰাত সংবেদনশীলতাক গঢ় দিলোঁ! আমি সেৱাক এটা সংকল্প কৰিলোঁ! ইয়াৰ ফলস্বৰূপে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোটি কোটি দৰিদ্ৰ-দলিত-দুখী-শোষিত-বঞ্চিত পৰিয়ালক পকী ঘৰৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য প্ৰতিজন দুখীয়া মানুহক তেওঁৰ পকী ঘৰ দিয়া। আৰু, এই ঘৰটো কেৱল ইটা-চিমেণ্টৰ গাঁথনি নহয়, ঘৰৰ ধাৰণাটো ইয়াত বাস্তৱায়িত হৈছে, ইয়াত প্ৰয়োজনীয় সকলো সা-সুবিধা আছে। চাৰিখন দেৱাল থকা অট্টালিকা আমি নিদিওঁ, সপোনক সংকল্পলৈ ৰূপান্তৰিত কৰা ঘৰ এটা দিওঁ।

সেইবাবেই পিএম আৱাস যোজনাৰ অধীনত ঘৰবোৰত গেছ, বিদ্যুৎ, শৌচাগাৰ আদি প্ৰতিটো সুবিধা নিশ্চিত কৰা হৈছে। জল জীৱন মিছনৰ অধীনত প্ৰতিটো ঘৰতে পানী যোগান ধৰা হৈছে। এনে জনজাতীয় অঞ্চলত, য’ত চৰকাৰে কেতিয়াও ঢুকি পোৱা নাছিল, আজি উন্নয়নৰ নিশ্চয়তা আছে। আমি আদিবাসীসকলৰ বাবে বিশেষকৈ অতি পিছপৰা আদিবাসীসকলৰ বাবে PM Janman Yojana আৰম্ভ কৰিছোঁ। ইয়াৰ বাবেই আজি বহু অঞ্চলৰ ছবি সলনি হৈছে। ইয়াৰ ফলত সমাজৰ অন্তিম পৰ্য্যায়ত থিয় হৈ থকা ব্যক্তিজনৰ মাজতো নতুন আশাৰ সৃষ্টি হৈছে। তেওঁ কেৱল নিজৰ জীৱন সলনি কৰাই নহয়, বৰং ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁৰ বলিষ্ঠ ভূমিকা দেখিবলৈ পাইছে।

 

বন্ধুসকল,

শ্ৰী নাৰায়ণ গুৰুৱে সদায় নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আমাৰ চৰকাৰেও মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰ লৈ আগবাঢ়িছে। আমাৰ দেশত স্বাধীনতাৰ ইমান বছৰৰ পাছতো এনে বহু অঞ্চল আছিল য’ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। আমি এই নিষেধাজ্ঞাবোৰ আঁতৰাই দিলোঁ, নতুন ক্ষেত্ৰত নাৰীয়ে অধিকাৰ পালে, আজি কন্যা সন্তানে ক্ৰীড়াৰ পৰা মহাকাশলৈকে প্ৰতিটো ক্ষেত্ৰতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি সমাজৰ প্ৰতিটো শ্ৰেণীয়ে আত্মবিশ্বাসেৰে এক উন্নত ভাৰতৰ সপোনত অৰিহণা যোগাইছে। স্বচ্ছ ভাৰত অভিযান, পৰিৱেশ সম্পৰ্কীয় অভিযান, অমৃত সৰোৱৰ নিৰ্মাণ, মিলেট সম্পৰ্কে সজাগতা অভিযান, জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱেৰে আমি আগবাঢ়িছোঁ, ১৪০ কোটি দেশবাসীৰ শক্তিৰে আগবাঢ়িছোঁ।

বন্ধুসকল,

শ্ৰী নাৰায়ণ গুৰুৱে কৈছিল - "বিদ্যা কোণ্ড প্ৰবুদ্ধৰ আৱুকা সঙ্গঠনা কোণ্ড শক্তৰ আৱুকা, প্ৰয়ত্নম কোণ্ড সম্পন্নাৰ আৱুকা"। অৰ্থাৎ, "শিক্ষাৰ জৰিয়তে জ্ঞান, সংগঠনৰ জৰিয়তে শক্তি, উদ্যোগৰ জৰিয়তে সমৃদ্ধি।" তেওঁ নিজেও এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ ভেটি স্থাপন কৰিছিল। গুৰুজীয়ে শিৱগিৰিতে শাৰদা মঠ প্ৰতিষ্ঠা কৰিছিল। মা সৰস্বতীৰ প্ৰতি উৎসৰ্গিত এই মঠ, ইয়াৰ বাৰ্তা যে শিক্ষাই বঞ্চিতসকলৰ বাবে উত্থান আৰু মুক্তিৰ মাধ্যম হৈ পৰিব। মই সুখী যে আজিও গুৰুদেৱৰ সেই প্ৰচেষ্টা ধাৰাবাহিকভাৱে সম্প্ৰসাৰিত হৈ আছে। দেশৰ বহু চহৰত গুৰুদেৱ কেন্দ্ৰ আৰু শ্ৰীনাৰায়ণ সাংস্কৃতিক মিছনে মানৱ কল্যাণৰ বাবে কাম কৰি আছে।

বন্ধুসকল,

আজি আমিও দেশৰ নীতি আৰু সিদ্ধান্তত শিক্ষা, সংগঠন আৰু ঔদ্যোগিক প্ৰগতিৰ জৰিয়তে সমাজ কল্যাণৰ এই দৃষ্টিভংগীৰ স্পষ্ট ছাপ দেখিবলৈ পাওঁ। ইমান দশকৰ পাছত আমি দেশত এক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰিছোঁ। নতুন শিক্ষা নীতিয়ে শিক্ষাক আধুনিক আৰু সৰ্বাংগীন কৰি তোলাই নহয়, বৰং মাতৃভাষাত শিক্ষাৰ প্ৰসাৰ ঘটায়। ইয়াৰ আটাইতকৈ ডাঙৰ লাভ পিছপৰা আৰু বঞ্চিত শ্ৰেণীৰ হৈ আছে।

 

বন্ধুসকল,

যোৱা দশকত আমি দেশত ইমান বৃহৎ সংখ্যক নতুন আইআইটি, আইআইএম, এইমছৰ দৰে প্ৰতিষ্ঠান খুলিছোঁ, যিমান স্বাধীনতাৰ পিছত ৬০ বছৰত খোলা নাছিল। ইয়াৰ বাবেই আজি দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকে উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিছে। বঞ্চিত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ মুকলি হৈছে। বিগত ১০ বছৰত জনজাতীয় অঞ্চলত ৪০০ৰো অধিক একলব্য আৱাসিক বিদ্যালয় মুকলি কৰা হৈছে। বহু প্ৰজন্ম ধৰি শিক্ষাৰ পৰা বঞ্চিত জনজাতীয় জনগোষ্ঠীৰ সন্তানসকল এতিয়া আগবাঢ়িছে।

ভাতৃ-ভগ্নীসকল,

আমি শিক্ষাক দক্ষতা আৰু সুযোগৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰিছোঁ। স্কিল ইণ্ডিয়াৰ দৰে মিছনে দেশৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ কৰি তুলিছে। দেশৰ ঔদ্যোগিক অগ্ৰগতি, ব্যক্তিগত খণ্ডৰ বৃহৎ সংস্কাৰ, মুদ্ৰা যোজনা, ষ্টেণ্ডাপ যোজনা, এই সকলোবোৰৰ আটাইতকৈ ডাঙৰ লাভ দলিত, পিছপৰা আৰু জনজাতীয় জনগোষ্ঠীলৈও গৈছে।

বন্ধুসকল,

শ্ৰী নাৰায়ণ গুৰুৱে এখন শক্তিশালী ভাৰত বিচাৰিছিল। ভাৰতৰ সৱলীকৰণৰ বাবে অৰ্থনৈতিক, সামাজিক আৰু সামৰিক প্ৰতিটো দিশতে আমি আগবাঢ়ি থাকিব লাগিব। আজি দেশ এই পথত আগবাঢ়িছে। ভাৰত দ্ৰুতগতিত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। শেহতীয়াকৈ বিশ্বইও দেখিছে ভাৰতৰ সম্ভাৱনা কি। অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ নীতিক বিশ্ববাসীৰ আগত অতি স্পষ্ট কৰি তুলিছে। আমি দেখুৱাই দিলোঁ যে ভাৰতীয়ৰ তেজ বোৱাই দিয়া সন্ত্ৰাসবাদীৰ বাবে কোনো লক্ষ্য সুৰক্ষিত নহয়।

 

বন্ধুসকল,

আজিৰ ভাৰতে যি উচিত আৰু দেশৰ স্বাৰ্থত কৰিব পৰা যায় সেই অনুযায়ী পদক্ষেপ গ্ৰহণ কৰে। আজি ভাৰতৰ সামৰিক প্ৰয়োজনীয়তাৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীলতাও ক্ৰমাগতভাৱে হ্ৰাস পাইছে। আমি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হৈ পৰিছোঁ। আৰু আমি ইয়াৰ প্ৰভাৱ অপাৰেচন সিন্দুৰৰ সময়তো দেখিছোঁ। আমাৰ বাহিনীয়ে ভাৰতত নিৰ্মিত অস্ত্ৰৰে শত্ৰুক ২২ মিনিটত আঁঠু ল’বলৈ বাধ্য কৰালে। মোৰ বিশ্বাস আগন্তুক সময়ত মেড ইন ইণ্ডিয়া অস্ত্ৰ সমগ্ৰ বিশ্বতে বিখ্যাত হ’ব।

বন্ধুসকল,

দেশৰ সংকল্প পূৰণ কৰিবলৈ আমি শ্ৰী নাৰায়ণ গুৰুৰ শিক্ষা ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব। আমাৰ চৰকাৰেও এই দিশত সক্ৰিয়ভাৱে কাম কৰি আছে। আমি শিৱগিৰি চাৰ্কিট নিৰ্মাণ কৰি শ্ৰী নাৰায়ণ গুৰুৰ জীৱনৰ সৈতে জড়িত তীৰ্থস্থানসমূহ সংযোগ কৰিছোঁ। মোৰ বিশ্বাস যে তেওঁৰ আশীৰ্বাদ, তেওঁৰ শিক্ষাই অমৃতকালৰ আমাৰ যাত্ৰাত দেশক বাট দেখুৱাই যাব। আমি সকলোৱে মিলি এখন উন্নত ভাৰতৰ সপোন পূৰণ কৰিম। শ্ৰী নাৰায়ণ গুৰুৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকক, এই কামনাৰে, মই শিৱগিৰি মঠৰ সকলো সন্তক পুনৰবাৰ নমন কৰিছোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! নমস্কাৰম্!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore

Media Coverage

‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”