ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰে আৰু ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্প উদ্বোধন কৰে
পাঁচটা ৰেল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে
১০,০০০ ৰো অধিক প্ৰদৰ্শনকাৰীৰ সৈতে মেগা বিহু নৃত্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰয়
"এয়া কল্পনাৰ বাহিৰত, এয়া অভূতপূৰ্ব, এয়া হৈছে অসম"
"অসম অৱশেষত এ-ৱান ৰাজ্য হৈ পৰিছে"
"প্ৰতিজন ভাৰতীয়ৰ চেতনা দেশৰ মাটি আৰু পৰম্পৰাৰ জৰিয়তে প্ৰস্তুত হয় আৰু ই বিকশিত ভাৰতৰ ভেটিও"
"ৰঙালী বিহু হৈছে অসমৰ জনসাধাৰণৰ বাবে হৃদয় আৰু আত্মাৰ উৎসৱ"
"বিকশিত ভাৰত আমাৰ আটাইতকৈ ডাঙৰ সপোন"
"আজি সংযোগ হৈছে এক চতুৰ্মুখী মহাযজ্ঞ, ভৌতিক সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ"
"উত্তৰ-পূবৰ পৰা অবিশ্বাসৰ পৰিৱেশ আঁতৰি গৈ আছে"

মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি টিভিৰ জৰিয়তে বা ইয়াত উপস্থিত থাকি প্ৰত্যক্ষ কৰা দৃশ্য জীৱনত কেতিয়াও পাহৰিব নোৱাৰি। এয়া অবিস্মৰণীয়, এয়া বিষ্ময়কৰ, এয়া অভূতপূৰ্ব, এয়াই অসম। আকাশে-বতাহে ঢোল, পেপা আৰু গগণাৰ শব্দ অনুৰণিত হৈছে। সমগ্ৰ ভাৰতে আজি ইয়াৰ শব্দ শুনিছে। আজি দেশ আৰু বিশ্বই অতিশয় গৌৰৱেৰে চাই আছে অসমৰ হাজাৰ-হাজাৰ নাচনী-ঢুলীয়াৰ এই কঠোৰ পৰিশ্ৰম, এই কষ্ট, এই সমন্বয়। প্ৰথমতে, অনুষ্ঠানটো ইমান বৃহৎ, উদযাপন ইমানেই বিশাল, দ্বিতীয়তে আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ উদ্দীপনা আশ্চৰ্য্যকৰ। মোৰ মনত পৰিছে, বিধান সভা নিৰ্বাচনৰ সময়ত ইয়ালৈ আহোতে মই কৈছিলো যে মানুহে এ মানে আছাম বুলি কোৱা দিনটোলৈ বেছি পৰ নাই। আজি অসম সঁচাকৈয়ে এখনি এ-ওৱান ৰাজ্যত পৰিণত হৈছে। অসমবাসী আৰু দেশবাসীলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

বৰ্তমান পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ বহু অঞ্চলত বৈশাখী উদযাপন কৰা হৈছে। বাঙালী ভ্ৰাতৃ-ভগ্নীসকলে পহেলা বৈশাখ উদযাপন কৰিছে, তাৰ লগে-লগে কেৰালাত বিষু উৎসৱ পালন কৰা হ'ব। এয়া বহু ৰাজ্যত নতুন বৰ্ষৰ আৰম্ভণিৰ সময়। আমি উদযাপন কৰা উৎসৱসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱৰ প্ৰতিফলন ঘটাইছে। এই উৎসৱসমূহে সকলোৰে প্ৰচেষ্টাৰে আমাৰ এখনি উন্নত ভাৰতৰ সংকল্প পৰিপূৰণত প্ৰেৰণা যোগাইছে।

বন্ধুসকল,

আজি এই মনোভাৱেৰে উত্তৰ-পূর্বাঞ্চল আৰু অসমৰ উন্নয়নৰে জড়িত একাধিক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আজি অসম, উত্তৰ-পূৰ্বাঞ্চলে এইমছ গুৱাহাটী আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল সংযোগেৰে জড়িত একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰা হৈছে। আজি ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে আন এখন দলঙৰ কাম আৰম্ভ হৈছে। এটা মিথানল প্ৰকল্প স্থাপনৰ লগে-লগে অসমে এতিয়া চুবুৰীয়া দেশসমূহলৈ মিথানলো ৰপ্তানি কৰিব পাৰিব। অসমীয়া কলা-সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতীক ৰংঘৰৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ কামো আজিৰেপৰা আৰম্ভ হৈছে। আমি সকলোৱে উদযাপন কৰা এই সংস্কৃতি আৰু দ্ৰুত বিকাশৰ উৎসৱৰ বাবে আপোনালোক সকলোকে অলেখ অভিনন্দন জনালোঁ।

 

ভ্ৰাতৃ-ভগ্নীসকল,

ক্ষন্তেক সময়ৰ পাছতে সমগ্ৰ দেশেই সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰিব আৰু মই আপোনালোকৰ মাজলৈ সোমাই আহোতে ময়ো আপোনালোকৰ ৰঙৰ উমান পাইছো। এয়া সকলোৰে প্ৰচেষ্টাৰ এক বিৰল নিদৰ্শন। আপোনালোক সকলো অসমীয়াই নিজৰ সংস্কৃতিক অতিশয় সাৱধানে সংৰক্ষণ কৰিছে। আৰু ইয়াৰ বাবেও মই আপোনালোকক অলেখ অভিনন্দন জনাইছো। এই সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰা সকলো সতীৰ্থক প্ৰশংসা কৰিবলৈ মোৰ ভাষা নাই। আমাৰ এই উৎসৱ কেৱল সংস্কৃতিৰ উদযাপনেই নহয়, বৰঞ্চ সকলোকে সংযোগেৰে একেলগে আগবাঢ়ি যোৱাৰ প্ৰেৰণাও। এয়াই ৰঙালী বিহু-বহাগ বিহুৰ চিৰন্তন উদ্দীপনা। অসমবাসীৰ বাবে এয়া হৃদয় আৰু আত্মাৰ উৎসৱ। ই সকলো ব্যৱধান দূৰ কৰে, প্ৰভেদ নোহোৱা কৰে। এয়া মানুহ আৰু প্ৰকৃতিৰ মাজত সম্প্ৰীতিৰ সৰ্বোত্তম প্ৰতীক। সেইবাবেই কোনেও বিহুক আক্ষৰিক অৰ্থত বুজিব নোৱাৰে। বৰঞ্চ ইয়াক বুজিবলৈ অনুভৱ, উপলব্ধিৰ প্ৰয়োজন। ভগ্নী-কন্যাসকলে চুলিত বন্ধা ‘কপৌফুল’, পৰিধান কৰা মুগাৰ সাজ, মেখেলা-চাদৰ আৰু ৰঙীণ ৰিহায়ো একেই কথা প্ৰকাশ কৰিছে। এই অনুভৱ আজি প্ৰতিখন ঘৰতে ৰন্ধা বিশেষ ব্যঞ্জন 'এশ-এবিধ শাক'তো অনুৰণিত হৈছে।

বন্ধুসকল,

ভাৰতৰ বিশেষত্ব এয়ে যে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাই হাজাৰ-হাজাৰ বছৰ ধৰি প্ৰতিজন ভাৰতীয়কে সংযোগ কৰি আহিছে। আমি একেলগে দাসত্বৰ সুদীৰ্ঘ সময়ৰ প্ৰতিটো আক্ৰমণ সহ্য কৰিছিলো। আমি একেলগে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ ওপৰত কঠোৰতম আক্ৰমণৰ সন্মুখীন হৈছো। বহু চৰকাৰ, শাসক আহিল আৰু গ’ল, কিন্তু ভাৰত অমৰ হৈয়ে থাকিল, দৃঢ় হৈয়ে থাকিল। আমাৰ প্ৰতিজন ভাৰতীয়ৰে মনৰ সৈতে আমাৰ মাটিৰ সংযোগ আছে, আমাৰ সংস্কৃতিৰ সংযোগ আছে। আৰু এয়াই হৈছে আজি এখনি উন্নত ভাৰত গঢ়াৰ মজবুত আধাৰশিলাও।

বন্ধুসকল,

এই মুহূৰ্তত মোৰ অসমৰ প্ৰখ্যাত শিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা এটি বিখ্যাত গীতৰ কথা মনত পৰিছে। এই গীতটি হ'ল - বিশ্ব বিজয়ী নৱ জোৱান, এই গীতটোৰ আন এক বিশেষত্ব আছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱে অতিশয় সৰু অৱস্থাতে এই গীতটি গাইছিল। আজিও এই গীতটি দেশৰ যুৱ প্ৰজন্ম, অসমৰ যুৱ প্ৰজন্মৰ বাবে অলেখ প্ৰেৰণাৰ উৎস। এই গীতটিৰ দুই-এটা শাৰী গাম, কিন্তু প্ৰথমে আপোনালোকৰপৰা এটা কথা জানিব বিচাৰিছো। মোৰ উচ্চাৰণৰ ভুলৰ বাবে ক্ষমা কৰিবনে? মই ভুল কৰিলে আপোনালোকে খং নকৰিব নহয়নে? সঁচাকৈয়ে, অসমৰ জনসাধাৰণৰ হৃদয় বৰ বিশাল।

 

বন্ধুসকল

মই গীতটি গাবলৈ চেষ্টা কৰিছো, “বিশ্ববিজয়ী নৱ জোৱান, বিশ্ববিজয়ী নৱ জোৱান, শক্তিশালিনী ভাৰতৰ, ওলাই আহাঁ, ওলাই আহাঁ !!!! সন্তান তুমি বিপ্লৱৰ, সমুখ সমৰ সমুখতে, মুক্তি যুঁজাৰু হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব, স্বাধীনতাৰ খুলি দুৱাৰ” !!!!

বন্ধুসকল,

আপোনালোক সকলো অসমবাসীয়ে ইয়াৰ অৰ্থ ভালদৰে বুজি পায়। কিন্তু, সমগ্ৰ দেশৰে যিসকলে এই অনুষ্ঠান চাই আছে; অসমৰ শিৰাত, অসমৰ বুকুত, অসমৰ নৱপ্ৰজন্মৰ মনৰ অৰ্থ তেওঁলোকক কোৱাটো প্ৰয়োজনীয়। এই গীতটিত ভাৰতৰ যুৱক-যুৱতীসকললৈ এক আহ্বান আছে। বিশ্ব বিজয়ী ভাৰতৰ যুৱক-যুৱতীসকল, আপোনালোকে শুনকচোন ভাৰত মাতৃৰ আহ্বান। এই গীতটোৱে যুৱক-যুৱতীসকলক পৰিৱৰ্তনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। এই গীতটোৱে আমি মৃত্যুকো জয় কৰি স্বাধীনতাৰ দুৱাৰ মুকলি কৰিবলৈ প্ৰেৰণা যোগাইছে।

বন্ধুসকল,

স্বাধীনতা আটাইতকৈ ডাঙৰ সপোন হৈ পৰা সময়তে এই গীতটি ৰচনা কৰা হৈছিল। ভাৰত আজি স্বাধীন আৰু এতিয়া এখনি উন্নত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ সপোন। আমি দেশৰ বাবে জীয়াই থকাৰ সৌভাগ্য লাভ কৰিছো। মই দেশৰ যুৱক-যুৱতী, অসমৰ যুৱক-যুৱতী - মোৰ ভাৰতৰ যুৱক-যুৱতীসকললৈ আহ্বান জনাইছোঁ, আপোনালোকৰ বিশ্ব জয়ৰ সম্ভাৱনা আছে। আপোনালোক আগবাঢ়ি যাওক, দ্ৰুত গতিৰে উন্নয়নৰ নেতৃত্ব গ্ৰহণ কৰক, এখনি উন্নত ভাৰতৰ দুৱাৰ মুকলি কৰক।

বন্ধুসকল,

বহু লোকে মোক সুধিছে, মই ইমান বৃহৎ লক্ষ্য কেনেকৈ পৰিপূৰণ কৰিম, কাৰ ওপৰত এখনি উন্নত ভাৰতৰ দায়িত্ব ন্যস্ত কৰিম? কিন্তু, উত্তৰটো অতি সহজ, মই অন্তৰৰপৰা কৈছো আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে, দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আছে, ১৪০ কোটি দেশবাসীৰ ওপৰত মোৰ বিশ্বাস আছে। আপোনালোকৰ যাত্ৰাপথত উদ্ভৱ হোৱা প্ৰতিটো বাধা অতি সোনকালে দূৰ কৰিবলৈ আমাৰ চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। আমি আপোনালোকৰ বাবে পূৰ্ণ আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰম কৰিছো। আজি ইয়াত যিসমূহ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, সেইসমূহে আমাৰ এই মনোভাৱৰে প্ৰতিফলন ঘটাইছে।

 

ভ্ৰাতৃ-ভগ্নীসকল,

দশক-দশক ধৰি আমাৰ দেশত যোগাযোগ ব্যৱস্থা অতিশয় সীমিত পৰিসৰত দেখা গৈছিল। এজন ব্যক্তিয়ে এঠাইৰপৰা আন ঠাইলৈ যোৱাকে একমাত্ৰ সংযোগ বুলি গণ্য কৰা হৈছিল। কিন্তু, যোৱা ৯ বছৰত আমি সংযোগ সন্দৰ্ভত সেই পুৰণি দৃষ্টিভংগী সলনি কৰিছো। আমাৰ বাবে আজি সংযোগ মানে হৈছে চাৰিও দিশত একেলগে কাম কৰা এক মহাযজ্ঞ। আজি দেশখনে কাম অব্যাহত ৰখা সংযোগৰ মাত্ৰা ৪ টা – ‘ফিজিকেল’ সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ।

বন্ধুসকল,

আজি ইয়াত এনে এক আশ্চৰ্য্যকৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সেইবাবেই মই প্ৰথমে সাংস্কৃতিক সংযোগৰ কথা কওঁ। বিগত বছৰকেইটাত ভাৰতত সাংস্কৃতিক সংযোগৰ অৰ্থে অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অলপতে অসমৰ মহান যোদ্ধা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীত দিল্লীত অনুষ্ঠিত হৈ যোৱা ইমান এক বিশাল অনুষ্ঠানৰ কথা পূৰ্বে কল্পনা কৰা নহৈছিল। তেতিয়া অসমৰপৰা হাজাৰ-হাজাৰ লোক তালৈ গৈছিল আৰু ময়ো তেওঁলোকৰ সৈতে মত-বিনিময়ৰ সুযোগ পাইছিলো।

বন্ধুসকল,

বীৰ লাচিত বৰফুকনেই হওক বা ৰাণী গাইডিনলিউয়েই হওক, কাশী-তামিল সংগমেই হওক বা সৌৰাষ্ট্ৰ-তামিল সংগমেই হওক, কেদাৰনাথেই হওক বা কামাখ্যাই হওক, দোছায়েই হওক বা দৈ-চিৰাই হওক, আজি ভাৰতৰ প্ৰতিটো পৰম্পৰা, প্ৰতিটো সংস্কৃতিৰ আনৰ সৈতে সংযোগ হৈছে। গুজৰাটৰ মাধৱপুৰৰ মেলাত অংশগ্ৰহণ কৰি আহিছে হিমন্ত জীয়ে। কৃষ্ণ-ৰুক্মিণীৰ বন্ধনেও পশ্চিম ভাৰতক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ কৰিছে। কেৱল এয়াই নহয়, মুগা ছিল্ক, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল, কাজি নেমুৰ দৰে বহু সামগ্ৰীৰ পিছত আমাৰ গামোচাখনে জিআই টেগ লাভ কৰিছে। এয়া অসমীয়া কলা আৰু আমাৰ ভগ্নীসকলৰ কুঁটিৰ-শিল্পক দেশখনৰ বাকী অংশলৈ নিয়াৰ এক প্ৰয়াসো।

ভ্ৰাতৃ-ভগ্নীসকল,

আজি পৰ্যটনৰ জৰিয়তে দেশৰ ভিন্ন সংস্কৃতি সম্পৰ্কে আলোচনা চলিছে। পৰ্যটকসকলে যিকোনো এটা স্থানলৈ যোৱা মাত্ৰেকে সেই ঠাইৰ সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰে। কিন্তু উত্তৰ-পূৰ্বাঞ্চললৈ ‘ফিজিকেল’ সংযোগৰ অভাৱত ভিন্ন সংস্কৃতি কেনেকৈ সংযুক্ত হ’লহেঁতেন? সেইবাবেই আমি ৰেল-পথ আৰু বিমান সংযোগতো গুৰুত্ব আৰোপ কৰিছো। যোৱা ৯ বছৰত আমি দীৰ্ঘদিনে সংযোগেৰে বিচ্ছিন্ন হৈ থকা লোকসকলৰ সৈতে ক্ষীপ্ৰতাৰে সংযোগৰ সম্প্ৰসাৰণ ঘটাইছো। আজি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ গাঁওক সকলো বতৰৰ বাবে উপযোগী পথেৰে সংযোগ কৰা হৈছে। যোৱা ৯ বছৰত উত্তৰ-পূৰ্বাঞ্চলত একাধিক নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে, প্ৰথমবাৰৰ বাবে বাণিজ্যিক বিমানে অৱতৰণ কৰিছে। যোৱা ৯ বছৰত মণিপুৰ আৰু ত্ৰিপুৰালৈ ব্ৰডগজেদি ৰেল চলিছে। আজি উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বতকৈ তিনিগুণ অধিক ক্ষীপ্ৰতাৰে নতুন ৰেল লাইন স্থাপন কৰা হৈছে। আজি উত্তৰ- পূৰ্বাঞ্চলত পূৰ্বতকৈ প্ৰায় ১০ গুণ অধিক ক্ষীপ্ৰতাৰে ৰেল লাইনৰ দ্বৈতকৰণ হৈছে। আজি ইয়াত ৫ টা ৰেল প্ৰকল্প উদ্বোধন কৰা হৈছে, উত্তৰ পূৰ্বাঞ্চলত একেলগে ৫ টা প্ৰকল্প। ইয়াত ৬ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। এইসমূহে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ অংশৰ উন্নয়ন ত্বৰান্বিত কৰিব। প্ৰথমবাৰৰ বাবে অসমৰ এক বৃহৎ অংশ ৰেলপথেৰে সংযুক্ত হৈছে। ৰেল লাইনৰ দ্বৈতকৰণে অসমৰ লগতে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ সৈতে সহজ সংযোগ প্ৰশস্ত কৰিব। ইয়াৰ লগে-লগে মালবাহী ৰেলসমূহো বহু নতুন অঞ্চলত উপস্থিত হ’ব।

ভ্ৰাতৃ-ভগ্নীসকল,

মোৰ এতিয়াও মনত আছে, ২০১৮ত বগীবিল দলং উদ্বোধনৰ বাবে মই ইয়ালৈ আহিছিলো। লগতে ঢলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু উদ্বোধনৰ সৌভাগ্য হৈছে। আমি কেৱল দশক-দশক ধৰি অসম্পৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণকৰণেই নহয়, বৰঞ্চ নতুন প্ৰকল্পসমূহো ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰি আছো। আজি অসমে বিগত ৯ বছৰত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত দলংৰ নেটৱৰ্কৰ সুফল লাভ কৰিছে। আজিও যিখন দলংৰ কাম আৰম্ভ হৈছে, সেয়া সম্পূৰ্ণ হৈ উঠিলে শুৱালকুছিৰ ৰেচম উদ্যোগে যথেষ্ট উদ্দীপনা লাভ কৰিব।

বন্ধুসকল,

আমাৰ ডাবল ইঞ্জিন চৰকাৰে যোৱা ৯ বছৰত সামাজিক সংযোগ সন্দৰ্ভত কৰা কামে কোটি-কোটি লোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিছে। স্বচ্ছ ভাৰত অভিযানৰ বাবে আজি লাখ-লাখ গাঁও মুকলিত মলত্যাগ মুক্ত হৈ উঠিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে কোটি-কোটি লোকে গৃহ লাভ কৰিছে। সৌভাগ্য যোজনাৰ জৰিয়তে কোটি-কোটি ঘৰ আলোকিত হৈছে। উজ্জ্বলা যোজনাই কোটি-কোটি মাতৃ-ভগ্নীক ধোঁৱাৰ সমস্যাৰপৰা মুক্ত কৰিছে। জল জীৱন অভিযানৰ বাবে কোটি-কোটি গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। ডিজিটেল ইণ্ডিয়া আৰু সুলভ ডাটাই ম’বাইলতে বহু সুবিধা প্ৰশস্তকৰণেৰে সকলো লোককে সংযোগ কৰিছে। এয়াই হৈছে ভাৰতৰ শক্তি, যিয়ে এখনি উন্নত ভাৰতৰ সপোনক বাস্তৱায়িত কৰিব।

 

ভ্ৰাতৃ-ভগ্নীসকল,

বিকাশৰ বাবে বিশ্বাসো সুদৃঢ় হোৱাটো সমানেই গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইতে স্থায়ী শান্তিয়ে বিৰাজ কৰিছে। বহু যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ অনাস্থাৰ পৰিবেশ দূৰ হৈছে, হৃদয়ৰ মাজৰ ব্যৱধান নাইকিয়া হৈছে। স্বাধীনতাৰ অমৃতকালত এখনি উন্নত ভাৰত গঢ়িবলৈ আমি এই পৰিবেশৰ অধিক বৰ্ধন ঘটাব লাগিব, ইয়াক বহু দূৰ আগুৱাই নিব লাগিব। সকলোৰে সমৰ্থন, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰচেষ্টাৰ মনোভাৱেৰে আমি একেলগে আগবাঢ়িব লাগিব। এই শুভেচ্ছাৰেই আজিৰ এই পৱিত্ৰ উৎসৱত দেশবাসী আৰু অসমবাসীক অভিনন্দন জনাইছো। আপোনালোক সকলোকে আৰু সমগ্ৰ দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বহুদিন ধৰি আপোনালোকে কৰা কষ্টৰ বাবে, সহস্ৰাধিক ঢুলীয়া-নাচনীৰ একেলগে বিহু নৃত্যৰ এই অনুষ্ঠানে অসমক বিশ্বৰ প্ৰেক্ষাপটত এক নতুন শিখৰত উপনীত কৰাব। ময়ো পৰৱৰ্তী অনুষ্ঠানটো চাবলৈ বৰ আগ্ৰহী হৈ উঠিছো। ময়ো এয়া উপভোগ কৰিম, দেশবাসীয়েও টিভিত উপভোগ কৰিব আৰু মই নিশ্চিত যে এতিয়া আপোনালোকে ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰচাৰ লাভ কৰিবলৈ ওলাইছে।

সমস্বৰে কওঁ আহক – ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম।

বহু-বহু ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.