মোৰ বন্ধু প্ৰধানমন্ত্ৰী, আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আৰু মোৰ প্ৰতিনিধিসকলক যিদৰে আদৰণি জনোৱা হ’ল, আৰু আপুনি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মালয়েছিয়াৰ জীৱনধাৰাক যিদৰে ইমান উজ্জ্বলভাৱে উপস্থাপন কৰিলে, আৰু আপুনি যিদৰে কামবোৰ ইমান ভালদৰে সংগঠিত কৰিলে, সেইবোৰ চিৰদিনৰ বাবে মনত ৰখা হ’ব, আৰু তাৰ বাবে মই মোৰ অন্তৰৰ পৰা মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বন্ধুত্ব কি, বন্ধুত্বৰ উচ্চতা আৰু গভীৰতা কি সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।

 

মহামহিম,

মোৰ সৌভাগ্য যে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে মই মালয়েছিয়া ভ্ৰমণৰ সুবিধা পাইছোঁ, আৰু আমাৰ বন্ধুত্ব এনেকুৱা যে আপোনাৰ কাৰ্যকালত আপোনালোকক চতুৰ্থবাৰৰ বাবে লগ পোৱাৰ সুযোগ পাইছোঁ। ইও আমাৰ গতি আৰু সক্ৰিয়তাক প্ৰতিফলিত কৰে। বছৰ বছৰ ধৰি আমাৰ দ্বিপাক্ষিক সম্পৰ্কই যি গতি আৰু গভীৰতা লাভ কৰিছে সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক। ইয়াৰ বাবে আপোনালোকৰ অমূল্য অৱদানৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আজি কৃষি আৰু উৎপাদনৰ পৰা আৰম্ভ কৰি স্বচ্ছ শক্তি আৰু অৰ্ধপৰিবাহীলৈকে প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতা গভীৰ হৈ আহিছে। দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰতো আমি গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাও ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে।

 

মহামহিম,

আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে আপোনাক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি নিশ্চিত যে মালয়েছিয়াৰ সহায়ত আছিয়ানৰ সৈতে আমাৰ সম্পৰ্ক অধিক গভীৰ আৰু সম্প্ৰসাৰিত হ’ব।

 

মহামহিম,

আমাৰ সম্পৰ্কৰ প্ৰকৃত শক্তি হৈছে জনসাধাৰণৰ বান্ধোন। মালয়েছিয়াত থকা ভাৰতীয় মূলৰ প্ৰায় ৩০ লাখ লোক আমাৰ দেশ দুখনৰ মাজত জীৱন্ত সেতু। কালি আপোনাৰ লগত ময়ো প্ৰব্ৰজনকাৰীসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ। মোৰ এটা অতি বিশেষ অভিজ্ঞতা হৈছিল,  প্ৰব্ৰজনকাৰীসকলৰ আপোনাৰ প্ৰতি যি ব্যক্তিগত সন্মান আৰু মৰম আছে সেয়া মই কালি দেখিলোঁ, অনুভৱ কৰিলোঁ, আৰু মই বৰ গৌৰৱবোধ কৰিছিলোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত বন্ধুত্বপূৰ্ণ দেশসমূহৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ। মহামহিম, আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰত আৰু মালয়েছিয়াৰ সমৃদ্ধি আন্তঃসংলগ্ন। বিশ্বজোৰা অস্থিৰতাৰ এই পৰিৱেশত সামুদ্ৰিক প্ৰতিবেশী দুখন দেশ ভাৰত আৰু মালয়েছিয়াৰ বাবে আমাৰ সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। আজি মোৰ ভ্ৰমণৰ মূল বাৰ্তাটো স্পষ্ট যে ভাৰতে মালয়েছিয়াৰ সৈতে আমাৰ সম্পৰ্কক এক নতুন স্তৰলৈ লৈ যাব বিচাৰে আৰু সহযোগিতাৰ প্ৰতিটো ক্ষেত্ৰ সম্প্ৰসাৰণ তথা গভীৰ কৰিব বিচাৰে। মোক আৰু মোৰ প্ৰতিনিধি দলটোক ইমান উষ্ম আৰু অসাধাৰণ আদৰণি জনোৱাৰ বাবে আকৌ এবাৰ আপোনাক আৰু আপোনাৰ সমগ্ৰ দলটোক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi