মহামহিম ৰাষ্ট্ৰপতি

মহামহিমসকল,

আপোনালোকক শুভেচ্ছা জনালো !

ৰাষ্ট্ৰপতি মেক্ৰনে জি-৭ শীৰ্ষ সন্মিলনলৈ উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল,

আজিৰ পৃথিৱীখন পূৰ্বতকৈ অধিক আন্তঃসংযোগী আৰু আন্তঃনিৰ্ভৰশীল হৈ পৰিছে। এখন দেশৰ শক্তি সুৰক্ষা, খাদ্য সুৰক্ষা, স্বাস্থ্য সুৰক্ষা, চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি কেৱল ইয়াৰ সীমান্ততে সীমাবদ্ধথকা নাই। গতিশীলতা, তথ্য, মূলধন, আৰু প্ৰযুক্তিয়ে আমাক সংযোগ কৰিছে।

এনে সময়ত অংশীদাৰিত্বৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে । কিন্তু অংশীদাৰিত্ব তেতিয়াহে সফল হয় যেতিয়া বিশ্বাস ইয়াৰ মূলতে থাকে। আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত সম্পদ হৈছে  খনিজ, প্ৰযুক্তি বা বজাৰ নহয়, বৰঞ্চ পাৰস্পৰিক বিশ্বাস।

প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ  বিশ্বাস আছে।

বন্ধুসকল,

যোৱা শতিকাত মানৱ জাতিয়ে দুখনকৈ বিশ্বযুদ্ধৰ ধ্বংসলীলা সহ্য কৰিছে। বহু ত্যাগৰ অন্তত বিশ্ব সম্প্ৰদায়ে শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ দিশত আগবাঢ়ি যাবলৈ ব্যৱস্থা গঢ়ি তুলিলে। এই ব্যৱস্থাসমূহ আস্থাৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল।কিন্তু দশক দশক ধৰি, বহু প্ৰজন্মৰ অৱদানৰ জৰিয়তে গঢ় লৈ উঠা আস্থা আজি ক্ষয়িষ্ণু হৈ পৰিছে। আস্থা আৰু সংহতিৰ দাবী কিমান ফোপোলা আছিল ক’ভিডে আমাক দেখুৱাইছে।আজি বিশ্বই সম্পদৰ অভাৱত ভোগা নাই; ই আস্থাৰ অভাৱত ভুগিছে। আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যত নিৰ্ভৰ কৰে এই আস্থা গঢ়ি তোলাৰ ওপৰত।আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানে কৈছিল : বিশ্বাস কৰক , কিন্তু পৰীক্ষা কৰক। আজিও এই কথা প্ৰাসংগিক হৈ পৰিছে । নতুন যুগৰ লগত খাপ খোৱাকৈ এক বিশ্বাসযোগ্য, নিয়মভিত্তিক ব্যৱস্থা গঢ়ি তোলাৰ দায়িত্ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰত।

বন্ধুসকল,

ভাৰতে সদায় বিশ্বক এক পৰিয়াল হিচাপে গণ্য কৰি আহিছে। আমাৰ সকলো প্ৰচেষ্টা "সৰ্বজন হিতায়, সৰ্বজন সুখায়" অৰ্থাৎ সকলোৰে কল্যাণ আৰু সুখৰ মৌলিক নীতিৰ ওপৰত ভিত্তি কৰি চলি আহিছে।

ভাৰতৰ অভিজ্ঞতাই দেখুৱাইছে যে উন্নয়ন যেতিয়া জনসাধাৰণৰ আকাংক্ষাৰ সৈতে জড়িত হৈ থাকে তেতিয়াহে ই আটাইতকৈ ফলপ্ৰসূ হয়। এই নীতিয়েই হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰো আধাৰ। এই দৃষ্টিভংগীৰে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স, মিছন লাইফ, আৰু “এক পেড় মা কে নাম” আদিয়ে  বিশ্বব্যাপী এইক্ষেত্ৰত  পদক্ষেপক প্ৰসাৰিত কৰিছে।

সংকটৰ সময়ত ভাৰতে সকলো দেশক প্ৰথম সঁহাৰিদাতা হিচাপে সহায় কৰাটো নিজৰ দায়িত্ব বুলি গণ্য কৰি আহিছে। কোভিড মহামাৰীৰ সময়ত ভাৰতে ১৫০ খনতকৈও অধিক দেশক ঔষধ আৰু ভেকচিন যোগান ধৰিছিল।

শ্ৰীলংকাৰ ঘূৰ্ণীবতাহেই  হওক, আফগানিস্তানত হোৱা  ভূমিকম্পই  হওক, মোজাম্বিকৰ বানপানীয়েই হওক, কিউবা আৰু জামাইকাৰ হাৰিকেনেই হওক, ভাৰতে সদায় "মানৱতা প্ৰথম"ৰ নীতিৰ আধাৰত কাম কৰি আহিছে। আমাৰ উন্নয়নমূলক অংশীদাৰিত্বয়ো  এই মনোভাৱক প্ৰতিফলিত কৰে। আমাৰ প্ৰচেষ্টা অংশীদাৰ দেশসমূহত সামৰ্থ্য বিকাশ আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতে বিশ্বাস কৰে: অংশীদাৰিত্বৰ প্ৰকৃত পৰীক্ষা আমি আনৰ বাবে কি গঢ়ি তোলোঁ সেয়া নহয়, বৰঞ্চ আমি আনক নিজৰ বাবে কিদৰে  গঢ়ি তুলিবলৈ সক্ষম কৰোঁ।

বন্ধুসকল,

আজি বিশ্ব সমাজৰ পৰা গ্ল’বেল চাউথৰ পৰা বহুত আশা আছে। কিন্তু তেওঁলোকৰ এনে কেৱল আশা সমৰ্থনৰ বাবে নহয়, সমপৰ্পনৰ  বাবেহে। তেওঁলোকে বিশ্ব উন্নয়নৰ অংশীদাৰ হ’ব বিচাৰে, তেওঁলোক হিতাধিকাৰী নহয়।

আমি দাতা-গ্ৰাহকৰ  মানসিকতাৰ বাহিৰলৈ এইক্ষেত্ৰত  সমান অংশীদাৰ হিচাপে কাম কৰিব লাগিব। আমি হাতে হাত ধৰি  খোজ কাঢ়িব লাগিব,কেৱল  কাষে কাষে  থাকেলেই নহয়। অংশীদাৰিত্ব নিৰ্ভৰশীলতাৰ ওপৰত নহয়, মৰ্যাদাৰ ক্ষেত্ৰত  ভিত্তি কৰি হ’ব লাগিব। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে বহনক্ষম উন্নয়নৰ এক শক্তিশালী ভেটি স্থাপন কৰিম।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব আৰু বিশ্ব সংহতি তেতিয়াহে অৰ্থপূৰ্ণ হ’ব পাৰে যেতিয়া আমি যৌথভাৱে উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰো। ভাৰতৰ দৃঢ় বিশ্বাস যে সমগ্ৰ বিশ্বতে চলি থকা উত্তেজনা আৰু যুদ্ধৰ স্থায়ী সমাধান আলোচনা, কূটনীতি, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তেহে এয়া  সম্ভৱ।

পশ্চিম এছিয়াৰ শান্তিৰ প্ৰচেষ্টাত হোৱা অগ্ৰগতি আমি আদৰণি জনাইছো। এই সংঘাতৰ ফলত পশ্চিম এছিয়াৰ আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি হৈছে। হৰমুজ জলদ্বীপত সামুদ্ৰিক বাণিজ্য ব্যাহত হোৱাৰ ফলত বিশ্বৰ অৰ্থনীতিৰ ক্ষতি হৈছে, যাৰ ফলত বহু ভাৰতীয় অসামৰিক লোকৰ প্ৰাণ হেৰুৱাইছে। বিশ্ব সামুদ্ৰিক বাণিজ্যৰ জৰিয়তে সকলো দেশক সংযোগ কৰা নাৱিকসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। আমি নিশ্চিত কৰিব লাগিব যে সাগৰীয় পথসমূহ যাতে সুৰক্ষিত হৈ থাকে আৰু নাৱিকসকলে নিৰ্ভয়ে নিজৰ কাম-কাজ চলাব পাৰে।

এই বিষয়সমূহত সকলো অংশীদাৰৰ সৈতে কাম কৰিবলৈ ভাৰত সদায় সাজু।

আপোনালোকক  অশেষ ধন্যবাদ।

Thank you very much.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”