Prime Minister Harper and Members of Media,

I am delighted to visit this beautiful country and this charming city.

I attach the highest importance to India's relations with Canada.

This has been reinforced by my excellent experience with Canada as Chief Minister of Gujarat.

55 PM Modi with Canada PM Stephen Harper at Exchange of Agreements and Press Statements (8)

Our relationship had drifted in the past. In recent years, Prime Minister Harper's vision and leadership changed the course of our relations.

I am conscious of the significance of this visit in the history of our relations.

I have come at a time when the importance of this relationship for our two countries has never been stronger.

We are two major democracies with deeply shared values.

Few countries in the world can match Canada's potential to be a partner in India's economic transformation. And, it exists in a new environment in India, which is open, predictable, stable and easy to do business in.

Equally, the vast scale of India's transformation, and our rapid economic growth, offers immense opportunities for Canada.

I seek Canada's cooperation and investment in every area of India's national development priority,- Energy and Infrastructure, Manufacturing and Skills, Smart Cities and agro-industry, and Research and Education.

Prime Minister Harper and I are absolutely committed to establish a new framework for economic partnership. I am pleased that we have made rapid progress on long pending agreements.

55 PM Modi with Canada PM Stephen Harper at Exchange of Agreements and Press Statements (4)

I am confident that we can conclude the Bilateral Investment Promotion and Protection Agreement very soon. We will also implement the road map to conclude the Comprehensive Economic Co-operation Agreement by September 2015.

The thirteen agreements on skill development reflect my commitment to empower the youth of India with world class skills for India and the global economy.

The agreement on procurement of uranium from Canada for our civilian nuclear power plants launches a new era of bilateral nuclear cooperation.

It also reflects a new level of mutual trust and confidence. Further, it will contribute to India's efforts to power its growth with clean energy.

As the agreement today on Space highlights, we have strong synergy for cooperation in areas of advanced technologies.

To support greater engagement and people-to-people contacts, we have liberalised our visa policy for Canada. We will issue Electronic Visa Authorisation for tourist visa for Canadian nationals. They will also be eligible for ten-year visas now.

Prime Minister and I agree that a strong bilateral relationship will provide a solid foundation to pursue our common international interests.

We also agree that in the troubled world of today, our cooperation will help advance our shared values and peace in the world.

We in India felt Canada's pain when this city was struck by a senseless act of terrorism.

The threat of terrorism is growing; its shadow extends over cities and lives across the world.

55 PM Modi with Canada PM Stephen Harper at Exchange of Agreements and Press Statements (9)

We will deepen our cooperation to combat terrorism and extremism. We will also promote a comprehensive global strategy, and consistent policy and action against all sources of terrorism and its support.

We also agree on the need to enhance our defence and security cooperation. I welcome our recent agreement on cyber security.

We both recognise that peace and stability in West Asia will make us safer at home; so will Afghanistan's successful transition.

I believe that Canada is a major Asia Pacific power and should play a more active role, including in regional institutions, in promoting a stable and prosperous future for the region.

I look forward to our continued partnership in G 20.

In conclusion, let me say that ours is a natural partnership of shared values.

It is an economic partnership of immense mutual benefit.

It is a strategic partnership that can help address many of our shared global challenges.

55 PM Modi with Canada PM Stephen Harper at Exchange of Agreements and Press Statements (12)

And, it is a relationship nurtured by the emotional bonds of a vibrant Indian community of 1.2 million.

I am confident that this visit will be a springboard for a new strategic partnership between our two democracies.

Finally, Prime Minister has been most gracious and generous in choosing to go with me to Ottawa and Vancouver. I also thank him for returning to us a precious piece of our heritage.

There is no better evidence of his commitment to our relationship. There will be no better way for me to experience this country's huge diversity.

Thank you.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান’ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 02, 2026
I urge every citizen, especially our youth, to join this movement: PM
Today, as the nation has set the goal of a Viksit Bharat, it is imperative that the country's youth remain fit, brimming with self-confidence and permanently steer clear of drugs: PM
We must protect every youth from falling into the trap of addiction: PM
Society’ support, yoga and meditation give strength to our inner selves against addiction and today facilities like rehabilitation centers also help quit addiction: PM
Even if a youth has mistakenly fallen into the trap of addiction, it absolutely does not mean that all doors are closed for them: PM
We must always remember that if a child in the house falls victim to addiction, we must not hide it but seek medical help to free the child from addiction: PM
We should also create a culture of open communication with children in the family, so that you can hold their hand before they get caught in such a whirlpool: PM
I appeal to our professors to discuss the perils of drug abuse with their students and spearhead a movement against addiction on campuses to achieve significant results: PM

নমস্কাৰ!

আজি আমি সমগ্ৰ দেশবাসী এক মহান আৰু গুৰুত্বপূৰ্ণ সংকল্পৰ বাবে একত্ৰিত হৈছোঁ। এই সংকল্পক লৈ অনুষ্ঠিত এই কাৰ্যসূচীৰ সৈতে যুক্ত সকলো পূজ্য সন্ত-মহাত্মা, বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিত্ব কৰা ৰাজ্যপালসকল, মুখ্যমন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল আৰু ২৮ হাজাৰৰো অধিক স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰত যুক্ত হোৱা এক কোটিতকৈও অধিক যুৱ বন্ধু, আজি এই শুভ ক্ষণত, এই শুভ সংকল্পৰ বাবে মই কোটি কোটি নৱপ্ৰজন্মক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আজি আমি সকলো যি অভিযানৰ সাক্ষী হৈছোঁ, সেয়া কেৱল এজন ব্যক্তিৰ বাবেই নহয়, পৰিয়ালৰ বাবে, সমাজৰ বাবে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে সমগ্র ৰাষ্ট্ৰৰ বাবে।

বন্ধুসকল,

বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে ‘নিচামুক্ত যুৱ’—এই আন্দোলনৰ নামটোৱেই ইয়াৰ সংকল্পক স্পষ্ট কৰি তোলে। কাৰণ আজি যেতিয়া দেশে ‘বিকশিত ভাৰত’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেতিয়া তাৰ বাবে অপৰিহাৰ্য যে দেশৰ যুৱ প্ৰজন্ম শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব, মানসিকভাবে সুস্থ হ’ব লাগিব, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব লাগিব আৰু ড্ৰাগছৰ দৰে মাৰাত্মক অভ্যাসৰ পৰা চিৰদিনলৈ আঁতৰত থাকিব লাগিব। এয়াই এই অভিযানৰ মূল উদ্দেশ্য। সেয়েহে আমি সকলোৱে এই সংকল্প ল’ব লাগিব যাতে আমাৰ যুৱ শক্তিয়ে নিচা আৰু ড্ৰাগছৰ বিপদসমূহ অনুধাৱন কৰে, সকলো ফালৰ পৰা সচেতন হয় আৰু ইয়াৰ পৰা আঁতৰত থাকে। এই সংকল্পত এতিয়া ‘ৰাষ্ট্ৰীয় নিচামুক্ত যুৱ’ অভিযানে এক বৃহৎ ভূমিকা পালন কৰিব।

বন্ধুসকল,

কাশীৰ সাংসদ হিচাপে মই অতি আনন্দিত যে এই অভিযান যোৱা বছৰ পবিত্ৰ কাশীৰ ভূমিৰ পৰাই এক পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল। সেয়েহে বৈজ্ঞানিক স্পষ্টতাৰ লগতে ইয়াত আধ্যাত্মিক শক্তিও আছে, সন্তসকলৰ আশীৰ্বাদো আছে আৰু মহান সাংস্কৃতিক ঐতিহ্যও আছে। ইয়াত সেই সাংস্কৃতিক সমৰ্পণো আছে, যিয়ে শতিকা শতিকা ধৰি নিচাক প্ৰত্যাখ্যান কৰি আহিছে। এই কাৰণেই দেশৰ ১২৫তকৈও অধিক আধ্যাত্মিক সংগঠনে কোটি কোটি দেশবাসীৰ স্বাৰ্থত আজি আমাৰ সৈতে হাত মিলাইছে। সামাজিক সংগঠন আৰু বেচৰকাৰী সংস্থাসমূহে এই দিশত সংকল্প গ্ৰহণ কৰিছে। সকলোৱে মিলি ‘কাশী ঘোষণা’ৰ জৰিয়তে এটা ৰোডমেপ প্ৰস্তুত কৰিছে আৰু আজি আমি দেখিবলৈ পাইছোঁ যে কাশীৰ পৰা উদিত হোৱা সেই কল্যাণকামী চিন্তাধাৰা এতিয়া এক ৰাষ্ট্ৰীয় প্ৰকল্পত পৰিণত হৈছে। আজিৰ পৰা সমগ্ৰ দেশজুৰি ‘নিচামুক্ত যুৱ’ অভিযান শুভাৰম্ভ হৈছে।

বন্ধুসকল,

কিছুমান কাম এনেকুৱা থাকে, যিবোৰ ব্যক্তিগতভাৱে কৰিবলৈ গ’লে কেতিয়াবা হতাশ হ’বলগীয়া হয়, ভাগৰুৱা অনুভৱ হয়, দীঘলীয়া পথ অতিক্রম কৰিবলৈ মন সাজু নহয়। কিন্তু যেতিয়া ই এক সামূহিক অভিযান হৈ পৰে, কোটি কোটি মানুহে কান্ধত কান্ধ মিলাই খোজ লয়, তেতিয়া নিজাকৈ একো কৰিব নোৱাৰা লোকসকলেও এক নতুন শক্তি লাভ কৰে। একত্ৰিত হোৱাৰ বা সামূহিকতাৰ এক নিজস্ব শক্তি থাকে আৰু আজি সেই শক্তিক সাৰথি কৰি এই অভিযানে প্ৰতিজন যুৱক-যুৱতীৰ মন চুই যাব। অলপ সময়ৰ আগতে দেশৰ লাখ লাখ যুৱকে নিচামুক্তিৰ শপত গ্ৰহণ কৰিছে। আপোনালোকে নিজৰ জীৱনক নিচাৰ পৰা আঁতৰাই ৰখাৰ সংকল্প লৈছে। আপোনাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজত নিচামুক্তিৰ বাৰ্তা কঢ়িয়াই নিয়াৰ অংগীকাৰ কৰিছে।

বন্ধুসকল,

আজি গ্ৰহণ কৰা এই সংকল্প অহা ১০০ সপ্তাহলৈ একেৰাহে এনেদৰেই আগুৱাই যাব। প্ৰতিটো দেওবাৰে কলা, সংস্কৃতি, ক্ৰীড়া, ধ্যান, আধ্যাত্মিকতা আৰু সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। নিচামুক্তিৰ বাৰ্তা নতুন নতুন মানুহৰ ওচৰ পাবগৈ। আহিবলগীয়া ১০০ টা দেওবাৰ নিচামুক্ত ভাৰতৰ দিশত ১০০ টা শক্তিশালী পদক্ষেপ হৈ পৰিব—এশটা শক্তিশালী খোজ।

বন্ধুসকল,

আজি হাজাৰ হাজাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লাখ লাখ শিক্ষাৰ্থী এই কাৰ্যসূচীৰ সৈতে অনলাইনযোগে যুক্ত হৈছে। 'মাই ভাৰত'ৰ লাখ লাখ স্বেচ্ছাসেৱকো আজি ইয়াৰ সৈতে জড়িত হৈছে। মোৰ এনএছএছৰ যুৱক-যুৱতীসকল আজি আমাৰ সৈতে উপস্থিত আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন প্ৰতিষ্ঠানৰ পৰা, বেলেগ বেলেগ পটভূমিৰ এক কোটিতকৈও অধিক যুৱক-যুৱতী আজি একত্ৰিত হৈছে। মোৰ আপোনালোক সকলোলৈকে আহ্বান—আপোনালোক এই বৃহৎ আন্দোলনৰ চালিকা শক্তি বা নেতা। আপোনালোকে মোৰ এই বিশ্বাসক অধিক দৃঢ় কৰি তুলিছে যে ভাৰতৰ যুৱ প্ৰজন্ম কিমান সচেতন, কিমান বুধিয়ক আৰু নিজৰ দায়িত্বৰ প্ৰতি কিমান গম্ভীৰ। মই এই অভিযানৰ বাবে আপোনালোক সকলোকে অশেষ শুভকামনা জনাইছোঁ।

মোৰ যুৱ বন্ধুসকল,

আপোনালোক ভাৰতৰ 'অমৃত প্ৰজন্ম'। আপোনালোকে অহা ২০-২৫ বছৰত নিজৰ জীৱনকো এক দিশ প্ৰদান কৰিব আৰু আপোনালোকেই ২০৪৭ চনত দেশক বিকশিত ভাৰতৰ লক্ষ্যস্থানলৈ লৈ যাব। আৰু সেই শীৰ্ষস্থানত আপোনালোকেই বহিব, ইয়াৰ সমগ্ৰ সুফল উপভোগ কৰাৰ সুযোগ আপোনালোকেই পাব। দেশক আপোনালোকৰ শক্তি, কল্পনা শক্তি আৰু প্ৰতিভাৰ প্ৰয়োজন। সেয়েহে, দেশৰ বাবে আৰু নিজৰ জীৱনৰ বাবে নিজকে নিচামুক্ত কৰি ৰখাটো অতিকে প্ৰয়োজনীয়। নিচা বা আসক্তিয়ে মনোযোগ ভংগ কৰে আৰু লাহে লাহে যুৱক-যুৱতীক নিজৰ সপোনৰ পৰা আঁতৰাই লৈ যায়। অলপ সময়ৰ আগতে যিসকল যুৱকে এক নাটক প্ৰদৰ্শন কৰিলে—অতি কম সময়ৰ ভিতৰতে, ধুনীয়াকৈ নাট্য প্ৰদৰ্শনৰ মাধ্যমেৰে তেওঁলোকে সমস্যাটোও দাঙি ধৰিলে, সমস্যাৰ ফলত সৃষ্টি হোৱা সংকটৰ কথাও ক’লে আৰু ইয়াৰ পৰা ওলাই অহাৰ সামূহিক প্ৰচেষ্টাৰ পথো দেখুৱালে। নাট্য প্ৰদৰ্শনটো সৰু আছিল, কিন্তু তেওঁলোকে যিদৰে ক’লে—‘আহক আমি নাটক চাওঁ!’ সেয়া কেৱল এটা নাটক নাছিল, সেয়া আমাৰ সকলোৰে বাবে এক ডাঙৰ বাৰ্তা আছিল। সেইটোৱে আমাক জগাই তুলিলে, সংগ্ৰাম কৰিবলৈ প্ৰেৰণা যোগালে।

বন্ধুসকল,

আমি দেখিবলৈ পাওঁ—আজিকালিৰ যুৱ প্ৰজন্মই ষ্টাৰ্টআপৰ জগতখনত আকোঁৱালি লৈছে, এআইক নেতৃত্ব দিছে, ক্ৰীড়াত ত্ৰিৰংগা উৰুৱাইছে, মহাকাশৰ পৰা বিজ্ঞানলৈ নতুন নতুন অভিলেখ গঢ়িছে। কিন্তু বন্ধুসকল, যেতিয়া কোনো যুৱক ড্ৰাগছ আসক্ত হয়, তেতিয়া কেৱল এজন যুৱকৰেই পৰাজয় নহয়, এটা সপোনৰ ওৰ পৰে, এটা সপোনৰ অকাল মৃত্যু হয়, এটা পৰিয়ালৰ পৰাজয় হয়, সমগ্ৰ পৰিয়ালটো ভাঙি চুৰমাৰ হৈ পৰে আৰু সমাজতো ঘৃণাৰ পাত্ৰ হ’বলগীয়া হয়। নিচা বা ড্ৰাগছে কেৱল শৰীৰৰ ক্ষতি নকৰে, নিচা বা ড্ৰাগছে এগৰাকী মাতৃৰ হাঁহি কাঢ়ি নিয়ে। ড্ৰাগছে এজন পিতৃৰ সপোন ধূলিসাৎ কৰি পেলায়। এগৰাকী ভগ্নীৰ ৰাখীৰ আশাক দুৰ্বল কৰি পেলায়। এজন সৰু ভাইটিৰ আদৰ্শ হৰণ কৰে। ঘৰৰ বয়োবৃদ্ধসকলে প্ৰতিদিনে এই যন্ত্ৰণা সহ্য কৰিবলগীয়া হয় যে তেওঁলোকৰ আপোন সন্তানটোৱে লাহে লাহে নিজকে হেৰুৱাই পেলাইছে, নিজকে তিল তিলকৈ শেষ কৰি দিছে, চকুৰ আগতে ধ্বংস হৈ যোৱা দেখিছে। আৰু যেতিয়া পৰিয়ালত বা সমাজত এনে ঘটনা ঘটে, তেতিয়া ক’ৰবাত নহয় ক’ৰবাত ৰাষ্ট্ৰৰ শক্তিও দুৰ্বল হৈ পৰে। সেয়েহে শত্ৰু দেশসমূহেও ষড়যন্ত্ৰ কৰি আমাৰ দেশৰ যুৱ প্ৰজন্মক নিচাৰ চক্ৰবেহুত পেলাবলৈ কোনো চেষ্টা বাকী নাৰাখে। ড্ৰাগছ যোগান ধৰি পইচা উপাৰ্জন কৰা আৰু আমাৰ দৰে দেশখন ধ্বংস কৰা—এয়াও তেওঁলোকৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰেই এক অংশ। সেয়েহে আমি প্ৰতিজন যুৱক-যুৱতীক নিচাৰ ফান্দৰ পৰা ৰক্ষা কৰিব লাগিব।

বন্ধুসকল,

নিচামুক্ত হৈ থাকি আপোনালোকে নিজৰ সম্ভাৱনাক সুৰক্ষিত কৰিব লাগিব! আপোনালোকে মনত ৰখা প্ৰয়োজন ড্ৰাগছে কিছু সময়ৰ বাবে ‘High’ বা মিছা আনন্দ অনুভৱ কৰায়, কিন্তু ই আপোনালোকৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনক ‘Low’ বা ধ্বংসৰ গৰাহলৈ লৈ যায়। আমি নিচাক কোনো ধৰণৰ সামাজিক স্বীকৃতি দিয়া উচিত নহয়।

বন্ধুসকল,

আমাৰ সমাজতো সদায় নিচাক এক ব্যাধি বা অভিশাপ হিচাপে চোৱা হৈছে। আমাৰ সন্তসকল, গুৰুসকলে আমাক ইয়াৰ পৰা হাত সাৰি চলিবলৈ সতৰ্ক কৰি দিছিল। শ্রী গুৰু গ্ৰন্থ চাহেবতো কোৱা হৈছে—

"जितु पीतै मति दूरि होइ बरलु पवै विचि आइ।

आपणा पराइआ न पछाणई खसमहु धके खाइ॥"

অৰ্থাৎ, যি দ্ৰব্য সেৱন কৰিলে বুদ্ধি আৰু বিবেক নাইকিয়া হৈ পৰে, মানুহে আপোন-পৰৰ চিনাকি পাহৰি যায়, তেনে নিচা বা মদে মানুহক পতনৰ দিশে লৈ যায়।

বন্ধুসকল,

আমাৰ সংস্কৃতিত আত্মৰক্ষাৰ বাবে সতৰ্কবাণীও দিয়া হৈছে আৰু নিচাৰ অভ্যাসত পৰিলে ইয়াৰ পৰা মুক্ত হোৱাৰ পথো দেখুওৱা হৈছে। সমাজৰ সহযোগিতা, যোগ আৰু ধ্যানৰ শক্তি—এইবোৰে নিচাৰ বিৰুদ্ধে আমাৰ অন্তৰাত্মাক শক্তি প্ৰদান কৰে। আৰু আজি আমাৰ ওচৰত নিচামুক্তিৰ বাবে পুনৰ সংস্থাপন কেন্দ্ৰৰ দৰে সুবিধাও আছে। সেয়েহে, যদি কোনো যুৱক ভুলবশতঃ নিচাৰ ফান্দত পৰিও গৈছে, তাৰ মানে এইটো নহয় যে তেওঁলোকৰ বাবে সকলো পথ বন্ধ হৈ গৈছে। আমি সদায় এই কথা মনত ৰখা উচিত—ঘৰৰ কোনো সন্তান যদি নিচাৰ চিকাৰ হৈছে, তেন্তে ইয়াক সামাজিক মৰ্যাদা বা প্ৰতিষ্ঠাৰ আশংকাত লুকুৱাই নাৰাখিব। যাৰ প্ৰয়োজন তেওঁৰ সহায় লওক, মুকলিমূৰীয়াকৈ কথা পাতক, যিসকল বিশেষজ্ঞ তেওঁলোকৰ সহায় লওক। চিকিৎসাৰ সহায়ত আপোনাৰ সন্তানক নিচামুক্ত কৰিবলৈ চেষ্টা কৰক। পৰিয়ালত সন্তানৰ সৈতে খোলাখুলিকৈ কথা পতাৰ সংস্কৃতি গঢ়ি তোলা উচিত, যাতে এনে আৱৰ্তত পৰাৰ আগতেই আপুনি তেওঁলোকৰ হাত ধৰিব পাৰে। আপুনি আগতীয়াকৈ অনুমান কৰিব পাৰিব; অলপ মন কৰিলে গম পাব যে তেওঁৰ আচৰণত পৰিৱৰ্তন আহিছে, তেওঁ ধ্যা্নহীন হৈ পৰিছে, মুখ লুকুৱাইছে, কোঠাত বন্ধ হৈ থাকে, দেৰি নিশালৈ ঘৰলৈ আহে, অপ্ৰয়োজনীয় পইচা বিচাৰিছে—এইবোৰ কথাৰ পৰাই অনুমান কৰিব পাৰি যে কিবা খেলিমেলি হৈছে।

বন্ধুসকল,

মই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আমাৰ অধ্যাপক বন্ধুসকললৈও এক আহ্বান জনাব বিচাৰোঁ—আপোনালোকেও পাঠ্যক্ৰমৰ পাঠদানৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলৰ সৈতে ড্ৰাগছৰ বিপদ সম্পৰ্কে আলোচনা কৰক। নিচাৰ বিৰুদ্ধে নিজৰ চৌহদত এক আন্দোলন গঢ়ি তোলক। আপোনালোকৰ প্ৰচেষ্টাই ডাঙৰ পৰিণাম আনিব পাৰে। আৰু বন্ধুসকল, আমি আন এটা কথা মনত ৰখা উচিত—যিসকল যুৱকে নিচাৰ বিৰুদ্ধে যুঁজি ওলাই আহে, তেওঁলোক দুৰ্বল নহয়। যিয়ে নিচাক পৰাস্ত কৰি ওলাই আহিছে, তেওঁৱেই প্ৰকৃত যোদ্ধা। সমাজে তেওঁলোকক সন্মান কৰা উচিত, আপোন কৰি লোৱা উচিত, তেওঁলোকক দ্বিতীয়টো সুযোগ দিয়া উচিত। কাৰণ ড্ৰাগছৰ সৈতে জড়িত কাৰোবাৰ অতীত তেওঁৰ চিনাকি হ’ব নোৱাৰে, তেওঁৰ সাহসেহে তেওঁৰ আচল চিনাকি।

বন্ধুসকল,

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযানত আজি চৰকাৰো যুৱ প্ৰজন্মৰ সৈতে দৃঢ়ভাৱে থিয় দিছে। দেশত নিচাৰ ব্যৱসায়ী আৰু সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগৰ তুলনাত কেইবাগুণো অধিক গ্ৰেপ্তাৰ কৰা হৈছে। হাজাৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ পৰাই স্পষ্ট হয় যে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ চৰকাৰ কিমান কঠোৰ। মই নিশ্চিত যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ—সকলোৱে ইয়াৰ বাবে মিছন মোডত কাম কৰিব। মোৰ বিশ্বাস, আমাৰ দেশৰ যুৱ শক্তিয়ে নিচামুক্ত হৈ নিজৰ যুৱ শক্তিক কেৱল সুৰক্ষিত কৰাই নহয়, বিকশিত ভাৰতৰ সংকল্পসমূহকো আগুৱাই লৈ যাব। আৰু যেতিয়া মই আজি মোৰ সন্মুখত বহু মহান সন্তক দেখিবলৈ পাইছোঁ, মই দূৰৰ পৰাই তেওঁলোকক প্ৰণাম জনাইছোঁ। মই এই সকলো সামাজিক অনুষ্ঠান, আধ্যাত্মিক প্ৰতিষ্ঠান, আধ্যাত্মিক গুৰুসকল—আপোনালোকৰ দেশৰ প্ৰতিটো কোণত সংগঠন আছে, আপোনালোকৰ লাখ লাখ যুৱ সমৰ্থক আৰু ভক্ত আছে। আহিবলগীয়া ১০০টা সপ্তাহত প্ৰতিটো সংগঠনে একোটা সপ্তাহৰ দায়িত্ব ল’ব পাৰে। সমগ্ৰ সপ্তাহটো সমগ্ৰ দেশতে সেই সংগঠনে নেতৃত্ব দিব, বাকী সকলো শক্তিয়ে তেওঁলোকৰ সৈতে সহযোগ কৰিব আৰু দেওবাৰে এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰিব। দ্বিতীয় সপ্তাহত আন এটা সংগঠন, আন এটা শক্তিয়ে সমগ্ৰ সপ্তাহজুৰি কাৰ্যসূচী কৰিব আৰু দেওবাৰে ডাঙৰ অনুষ্ঠান পাতিব। যদি ১০০টা সপ্তাহ আমাৰ দেশৰ এনে আধ্যাত্মিক, সামাজিক আৰু যুৱ সংগঠনে একোটা সপ্তাহৰ দায়িত্ব লয় আৰু বাকী সকলো শক্তিয়ে সহযোগ কৰে, তেন্তে আপোনালোকে কল্পনা কৰিব পাৰে যে দেশত কিমান ডাঙৰ এক আন্দোলন গঢ়ি উঠিব!

মই পুনৰবাৰ আপোনালোক সকলোৱে সময় উলিয়াই এই পবিত্ৰ কামত আমাক আশীৰ্বাদ দিয়াৰ বাবে সন্তসকল, আচাৰ্যসকল আৰু সংগঠনৰ কৰ্ণধাৰসকলক আন্তৰিক ধন্যৱাদ জ্ঞাপন কৰিছোঁ। মই এই এক কোটিতকৈও অধিক একত্ৰিত হোৱা নৱপ্ৰজন্মক বিশেষভাৱে অভিনন্দন জনাইছোঁ, আপোনালোকে এক বৃহৎ কাম সম্পন্ন কৰিলে। মই 'মাই ভাৰত'ৰ স্বেচ্ছাসেৱকসকলক শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যি সংকল্প লয়, সেয়া আজিকালি কৰি দেখুৱায়। কিছুদিন আগতে মোৰ 'মাই ভাৰত'ৰ স্বেচ্ছাসেৱকসকলক লগ পোৱাৰ সুযোগ হৈছিল, তেওঁলোকে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহত গৈ একো একো সপ্তাহ কটাই আহিছে। যিবোৰক এসময়ত দেশৰ শেষ গাঁও বুলি কোৱা হৈছিল, যিবোৰক আজি আমি দেশৰ প্ৰথম গাঁও বুলি কওঁ—তালৈ গৈ তেওঁলোক আহিছে। তেওঁলোকৰ অভিজ্ঞতা অতি প্ৰেৰণাদায়ক আছিল। আৰু আজি ইমান ডাঙৰ এটা কাৰ্যসূচী 'মাই ভাৰত'ৰ স্বেচ্ছাসেৱকসকলে সম্পন্ন কৰিব পৰাটোৱেই ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ সচেতন আৰু সমৰ্পিত মনোভাৱৰ প্ৰতীক। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৰে সামূহিক প্ৰচেষ্টাৰে আমাৰ এই আন্দোলন ঘৰে ঘৰে পাবগৈ, প্ৰতিজন যুৱক-যুৱতীৰ হৃদয় পাবগৈ আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এক বৃহৎ আতংক হৈ পৰিব। আহক, আমি সকলোৱে একেলগে আগুৱাই যাওঁ। আপোনালোক সকলোকে বহুত বহুত শুভকামনা!

বহুত বহুত ধন্যবাদ!