Government is open to discuss all issues in Parliament: PM
Like the previous session, I urge the MPs to actively participate in all debates and discussions: PM

২০১৯ বৰ্ষৰ এয়া অন্তিমটো অধিৱেশন আৰু এই অধিৱেশন গুৰুত্বপূৰ্ণও৷ কিয়নো এয়া ৰাজ্যসভাৰ ২৫০তম অধিৱেশন৷ ৰাজ্যসভাৰ ২৫০তম অধিৱেশনৰ যাত্ৰা অতিশয় প্ৰেৰণাদায়ী স্মৃতিৰ সৈতে আৰম্ভ হৈছে৷ ঠিক সেইদৰে এই অধিৱেশনৰ মাজতে ২৬ তাৰিখে আমাৰ সংবিধান দিৱসো উদযাপিত হ’ব৷ আমাৰ সংবিধানৰ ৭০তম বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সংবিধানে দেশৰ ঐক্যতা, অখণ্ডতা, ভাৰতৰ বৈচিত্ৰতা, ভাৰতৰ সৌন্দৰ্যতা নিজৰ মাজতে সমাহিত কৰি দেশৰ চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে৷

 সংবিধানৰ ৭০তম বৰ্ষত এই সদনৰ মাধ্যমেৰে দেশবাসীৰ বাবেও এক জাগৃতিৰ অৱকাশ হিচাপে বিবেচিত হ’ব পাৰে৷ যোৱা কেইটামান দিনত প্ৰায় সকলো দলৰ নেতাসমূহৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছো আৰু এই অধিৱেশনো… যিদৰে যোৱা বাৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত সকলো দলৰ সহযোগিতাৰ বাবে, সকলো মাননীয় সাংসদৰ সহযোগিতাৰ বাবে, সকলোৰে সক্ৰিয় ভূমিকাৰ বাবে বিগত অধিৱেশনসমূহ সফল হৈছিল৷

আৰু মই সাৰ্বজনিকভাৱে সগৌৰৱে ক’ব পাৰো যে এই সফলতা চৰকাৰৰ নহয়, এই সফলতা ট্ৰেজাৰী বেঞ্চৰ নহয়৷ এই কৃতিত্বৰ অধিকাৰী হ’ল সকলো সাংসদ আৰু সেইবাবে পুনৰবাৰ ধনাত্মক সক্ৰিয় ভূমিকাৰ বাবে সকলো সাংসদকে ধন্যবাদ জনাইছো৷ আশা প্ৰকাশ কৰিছো যে এই অধিৱেশনেও যাতে দেশ বিকাশৰ যাত্ৰাক, দেশক গতি প্ৰদান কৰাত, বিশ্বই যি দ্ৰুত গতিত ধাৱমান হৈছে আৰু তাৰ সৈতে খোজত খোজ মিলোৱাৰ সামৰ্থ আমাৰ সংসদতো যাতে পৰিলক্ষিত হয়৷
আমি সকলো বিষয়ৰে ওপৰত মুকলিকৈ আলোচনা কৰাটো আৱশ্যক৷ বাদেই হওক অথবা বিবাদেই হওক অথবা সংবাদেই হওক, সকলোৱে নিজৰ বুদ্ধি শক্তি প্ৰচুৰ মাত্ৰাত ব্যৱহাৰ কৰক৷ আৰু সদনৰ আলোচনা সমৃদ্ধ কৰাত যোগদান দিয়ক আৰু তাৰ পৰা যি অমৃত নিৰ্গত হ’ব সি দেশৰ উজ্বল ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ সকলো সাংসদকে শুভকামনা প্ৰদান কৰি আপোনালোককো অশেষ ধন্যবাদ প্ৰদান কৰিছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India

Media Coverage

Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on unity and mutual harmony
June 26, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that one should always work together with unity and mutual harmony.

The Prime Minister shared a Sanskrit verse-

“सङ्गच्छध्वं संवदध्वं
सं वो मनांसि जानताम्।

देवा भागं यथा पूर्वे
सञ्जानाना उपासते॥

Shri Modi posted on X:

सङ्गच्छध्वं संवदध्वं
सं वो मनांसि जानताम्।

देवा भागं यथा पूर्वे
सञ्जानाना उपासते॥