QuoteGovernment is open to discuss all issues in Parliament: PM
QuoteLike the previous session, I urge the MPs to actively participate in all debates and discussions: PM

২০১৯ বৰ্ষৰ এয়া অন্তিমটো অধিৱেশন আৰু এই অধিৱেশন গুৰুত্বপূৰ্ণও৷ কিয়নো এয়া ৰাজ্যসভাৰ ২৫০তম অধিৱেশন৷ ৰাজ্যসভাৰ ২৫০তম অধিৱেশনৰ যাত্ৰা অতিশয় প্ৰেৰণাদায়ী স্মৃতিৰ সৈতে আৰম্ভ হৈছে৷ ঠিক সেইদৰে এই অধিৱেশনৰ মাজতে ২৬ তাৰিখে আমাৰ সংবিধান দিৱসো উদযাপিত হ’ব৷ আমাৰ সংবিধানৰ ৭০তম বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সংবিধানে দেশৰ ঐক্যতা, অখণ্ডতা, ভাৰতৰ বৈচিত্ৰতা, ভাৰতৰ সৌন্দৰ্যতা নিজৰ মাজতে সমাহিত কৰি দেশৰ চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে৷

|

 সংবিধানৰ ৭০তম বৰ্ষত এই সদনৰ মাধ্যমেৰে দেশবাসীৰ বাবেও এক জাগৃতিৰ অৱকাশ হিচাপে বিবেচিত হ’ব পাৰে৷ যোৱা কেইটামান দিনত প্ৰায় সকলো দলৰ নেতাসমূহৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছো আৰু এই অধিৱেশনো… যিদৰে যোৱা বাৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত সকলো দলৰ সহযোগিতাৰ বাবে, সকলো মাননীয় সাংসদৰ সহযোগিতাৰ বাবে, সকলোৰে সক্ৰিয় ভূমিকাৰ বাবে বিগত অধিৱেশনসমূহ সফল হৈছিল৷

|

আৰু মই সাৰ্বজনিকভাৱে সগৌৰৱে ক’ব পাৰো যে এই সফলতা চৰকাৰৰ নহয়, এই সফলতা ট্ৰেজাৰী বেঞ্চৰ নহয়৷ এই কৃতিত্বৰ অধিকাৰী হ’ল সকলো সাংসদ আৰু সেইবাবে পুনৰবাৰ ধনাত্মক সক্ৰিয় ভূমিকাৰ বাবে সকলো সাংসদকে ধন্যবাদ জনাইছো৷ আশা প্ৰকাশ কৰিছো যে এই অধিৱেশনেও যাতে দেশ বিকাশৰ যাত্ৰাক, দেশক গতি প্ৰদান কৰাত, বিশ্বই যি দ্ৰুত গতিত ধাৱমান হৈছে আৰু তাৰ সৈতে খোজত খোজ মিলোৱাৰ সামৰ্থ আমাৰ সংসদতো যাতে পৰিলক্ষিত হয়৷
আমি সকলো বিষয়ৰে ওপৰত মুকলিকৈ আলোচনা কৰাটো আৱশ্যক৷ বাদেই হওক অথবা বিবাদেই হওক অথবা সংবাদেই হওক, সকলোৱে নিজৰ বুদ্ধি শক্তি প্ৰচুৰ মাত্ৰাত ব্যৱহাৰ কৰক৷ আৰু সদনৰ আলোচনা সমৃদ্ধ কৰাত যোগদান দিয়ক আৰু তাৰ পৰা যি অমৃত নিৰ্গত হ’ব সি দেশৰ উজ্বল ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ সকলো সাংসদকে শুভকামনা প্ৰদান কৰি আপোনালোককো অশেষ ধন্যবাদ প্ৰদান কৰিছো৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders